Class 7 Social Chapter 11 গুপ্ত সাম্ৰাজ্যৰ উখান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 7 Social Chapter – 11 গুপ্ত সাম্ৰাজ্যৰ উখান and select needs one.
SEBA Class 7 Social Chapter – 11 গুপ্ত সাম্ৰাজ্যৰ উখান
Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Solutions for All Subject, You can practice these here…
গুপ্ত সাম্ৰাজ্যৰ উখান
ইতিহাস খণ্ড
১) উত্তৰ লিখা ।
ক) কোনে গুপ্তবংশ প্ৰতিষ্ঠা কৰিছিল ।
উত্তৰঃ আনুমানিক খ্ৰীষ্টীয় তৃতীয় শতিকাৰ আৰম্ভণিতে শ্ৰী গুপ্তই মগধত গুপ্ৰ বংশ প্ৰতিষ্ঠা কৰিছিল ।
খ) কোনজন গুপ্ত সম্ৰাটে প্ৰথম মহাৰাজাদিৰাজ উপাধি লৈছিল ।
উত্তৰঃ প্রথম চন্দ্রগুপ্তই ৰজাই প্রথম মহাৰাজাধিৰাজ উপাধি লৈছিল ।
গ) এলাহাবাদ প্ৰশস্তিৰ লেখকগৰাকীৰ নাম কি ।
উত্তৰঃ এলাহাবাদ প্ৰশস্তিৰ লেখকগৰাকীৰ নাম হল – হৰিসেন ।
ঘ) গংগা – উপত্য়কাত থকা বন্দৰটোৰ নাম কি ।
উত্তৰঃ গংগা- উপত্য়কাত থকা বন্দৰটোৰ নাম হল – তাম্ৰলিপ্তি ।
ঙ) সমুদ্ৰগুপ্তৰ সমসাময়িক কামৰূপৰ ৰজাজনৰ নাম কি ।
উত্তৰঃ সমুদ্ৰগুপ্তৰ সমসাময়িক কামৰূপৰ ৰজাজনৰ নাম হল – পুষ্য়বৰ্মণ ।
২) ক্ৰম অনুসৰি লিখা ।
ফাহিয়ান | শ্ৰীগুপ্ত | হৰিসেন | পুষ্য়বৰ্মণ | স্কন্দগুপ্ত |
উত্তৰঃ
শ্ৰী গুপ্ত | স্কন্দগুপ্ত | পুষ্য়বমৰ্ণ | হৰিসেন | ফাহিয়ান । |
৩) শুদ্ধ – অশুদ্ধ নিৰ্ণয় কৰা ।
ক) প্ৰথম চন্দ্ৰগুপ্তই কামৰূপ, ডবাক জয় কৰিছিল ।
উত্তৰঃ অগুদ্ধ ।
খ) গুপ্ত যুগত ভূমিসমূহক তিনিটা ভাগত ভাগ কৰা হৈছিল ।
উত্তৰঃ গুদ্ধ ।
গ) গুপ্তযুগত নাৰীৰ স্থান পুৰুষতকৈ উচ্চ আছিল।
উত্তৰঃ অশুদ্ধ ।
ঘ) পৃথিৱীৰয়ে সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰে – , এই ধাৰণাতো বৰাহিমিৰে উদ্ভাৱন কৰিছিল ।
উত্তৰঃ গুদ্ধ ।
ঙ) কালিদাসে নাট্যশাস্ত্ৰ ৰচনা কৰিছিল।
উত্তৰঃ অগুদ্ধ ।
৪) ক অংশৰ লগত খ অংশ মিলোৱা।
ক অংশ | খ অংশ |
ক) চপৰা | ক) এলাহাবাদ প্ৰশস্তি । |
খ) হৰিসেন | খ) বৃহত সংহিতা । |
গ) ভৰত | গ) চিকিতসা শাস্ত্ৰবিদ । |
ঘ) বৰাহমিহিৰ | ঘ) বন্দৰ । |
ঙ) সুশ্ৰুত | ঙ) নাট্য় শাস্ত্ৰ । |
উত্তৰঃ
ক অংশ | খ অংশ |
ক) চপৰা | ঘ) বন্দৰ । |
খ) হৰিসেন | ক) এলাহাবাদ প্ৰশস্তি । |
গ) ভৰত | ঙ) নাট্য় শাস্ত্ৰ । |
ঘ) বৰাহমিহিৰ | খ) বৃহত সংহিতা । |
ঙ) সুশ্ৰুত | গ) চিকিতসা শাস্ত্ৰবিদ । |
Sl.No | Contents |
ভূগোল খণ্ড | |
পাঠ-1 | ভূ- পৃষ্ঠত সময় গণনা |
পাঠ-2 | পৃথিৱীৰ অভ্যন্তৰ ভাগ |
পাঠ-3 | পৃথিৱীৰ উপৰিভাগৰ আৰু ইয়াৰ |
পাঠ-4 | আমাৰ পৰিৱেশ |
পাঠ-5 | মানৱ সৃষ্ট পৰিৱেশ |
পাঠ-6 | সম্পদ |
পাঠ-7 | অসমৰ সম্পদ |
পাঠ-8 | উত্তৰ পূব ভাৰত |
পাঠ-9 | ভাৰতৰ জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, কৃষি আৰু জনসংখ্যা |
ইতিহাস খণ্ড | |
পাঠ-10 | মৌৰ্য যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
পাঠ-11 | গুপ্ত সাম্ৰাজ্যৰ উখান |
পাঠ-12 | গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
পাঠ-13 | প্রাক ঐতিহাসিক অসম |
পাঠ-14 | মধ্য যুগত ভাৰতবর্ষ |
পাঠ-15 | দিল্লীৰ চুলতানসকল |
পাঠ-16 | মােগল ৰাজত্ব কালত ভাৰতবর্ষ |
পাঠ-17 | ভাৰতবৰ্ষৰ সাংস্কৃতিক দিশত |
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড | |
পাঠ-18 | আমাৰ চৌপাশৰ বজাৰ |
পাঠ-19 | পৰিকল্পনা বাজেট আৰু উন্নয়ন |
পাঠ-20 | অর্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা |
পাঠ-21 | শ্ৰমৰ সমমর্যাদা আৰু সমমূল্য |
পাঠ-22 | গণতন্ত্র নাগৰিক আৰু নাগৰিকত্ব |
পাঠ-23 | নির্বাচন আৰু নির্বাচনী প্রক্রিয়া |
পাঠ-24 | গণতন্ত্র আৰু প্ৰচাৰ মাধ্যম |
পাঠ-25 | প্রান্তীয় গােট আৰু গণতান্তিক অধিকাৰ |
৫। চমুকৈ লিখা—
( ক ) গুপ্ত ৰাজত্বকালত কি কি ধাতুৰ মুদ্ৰাৰ প্ৰচলন আছিল ?
উত্তৰঃ গুপ্ত যুগত স্বর্ণ , ৰূপৰ মুদ্ৰাৰ আগতে কড়িৰ প্ৰচলন আছিল ।
( খ ) গুপ্তসকলে ৰপ্তানি কৰা সামগ্রীবােৰৰ এখন তালিকা কৰা ।
উত্তৰঃ গুপ্ত যুগত ভাৰতৰ পৰা ৰােমলৈ মচলা , চন্দন কাঠ , হাতী দাঁতেৰে তৈয়াৰী বস্তু , মণি – মুকুতা , ঔষধি গছ , সুগন্ধি দ্ৰব্যৰ লগতে কিছুমান জীৱ – জন্তুও ৰপ্তানি কৰা হৈছিল ।
( গ ) গুপ্ত ৰাজত্ব কালত কি কি বৃত্তিধাৰীৰ লােকে বাস কৰিছিল ?
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে পাঠ্যপুথিত চাই নিজেই চেষ্টা কৰিবা ।
( ঘ ) গুপ্ত ৰাজত্ব কালৰ পাঁচবিধ স্থাপত্য কলাৰ নিদর্শন উল্লেখ কৰা ।
উত্তৰঃ গুপ্ত ৰাজত্ব কালৰ পাঁচবিধ উল্লেখযােগ্য স্থাপত্যকলা হ’ল — সাঁচিৰ বিষ্ণু মন্দিৰ , দেওগড়ৰ দশাৱতাৰ মন্দিৰ , আইহােলৰ দুর্গা মন্দিৰ , সাৰনাথৰ ধ্যানমগ্ন বুদ্ধ , মথুৰাৰ থিয় দি থকা বুদ্ধমূর্তি আদি ।
( ঙ ) অজন্তা-ইলােৰাৰ চিত্রাংকনসমূহৰ বৈশিষ্ট্য কি ?
উত্তৰঃ অজন্তা – ইলােৰাৰ চিত্রাংকনসংমূহে গুপ্তযুগৰ গৰিমা সোঁৱৰাই দিয়ে ।
( চ ) অসমৰ ক’ত ক’ত গুপ্ত স্থাপত্য – ভাস্কৰ্যৰ প্ৰভাৱ পৰিলক্ষিত হয় ?
উত্তৰঃ তেজপুৰৰ দপৰ্বতীয়ানগাঁৱৰ মিকিৰআটী , নগাঁৱৰ বৰগংগা , গুৱাহাটীৰ কামাখ্যা আৰু দুধনৈৰ বৰ মেধিপাৰাত থকা ভাস্কর্যবােৰত গুপ্ত যুগৰ প্ৰভাৱ পৰিলক্ষিত হয় ।
প্ৰশ্ন ৬। সাহিত্য – সংস্কৃতি আৰু বিজ্ঞানলৈ গুপ্তযুগৰ অৱদানৰ বিষয়ে এটি টোকা লিখা ।
উত্তৰঃ সাহিত্য – সংস্কৃতি আৰু বিজ্ঞানলৈ গুপ্তযুগৰ ৰজাসকলৰ অৱদান অপৰিসীম । গুপ্ত ৰজাসকলৰ পৃষ্ঠপােষকতা লাভ কৰা ভাষা – সংস্কৃতিয়ে সেই সময়ত জাতীয়তাবােধ বিকাশত সহায় কৰিছিল । সংস্কৃত ভাষাই উচ্চ শ্রেণীৰ ভাষাৰ মর্যাদা লাভ কৰিছিল । মহাকবি কালিদাস , ভৰত , শূদ্ৰক আৰু বিশাখা দত্তই বিভিন্ন ৰচনাৰে গুপ্তযুগৰ সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে । এই যুগতেই হৰিসেনৰ এলাহাবাদ প্রশস্তি লিখা হৈছিল । পুৰাণ , ৰামায়ণ আৰু মহাভাৰতৰ দৰে বিখ্যাত গ্রন্থসমূহ এই যুগত পুনৰ মুদ্রিত হৈছিল ।
দ্বিতীয় চন্দ্রগুপ্তৰ দিনত ন – গৰাকী সাহিত্যিকে সাহিত্যৰ সমাহাৰ ঘটাইছিল । সাহিত্য – সংস্কৃতিৰ নিচিনাকৈ বিজ্ঞান , জ্যোর্তিবিদ্যা আৰু গণিত শাস্ত্রই গুপ্ত যুগত প্ৰসাৰতা লাভ কৰিছিল । আর্যভট্টই ‘ আর্যভট্টীয় ’ নামৰ পুথি ৰচনা কৰিছিল । পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰে আৰু পৃথিৱীৰ ছাঁটো চন্দ্ৰৰ গাত পৰাৰ ফলত চন্দ্র গ্রহণ হয় । এই দুটা বৈজ্ঞানিক ব্যাখ্যা আর্যভট্টই গুপ্তযুগতেই উদ্ভাৱন কৰিছিল । এই যুগতেই বৈজ্ঞানিকসকলে গণিতত দশমিক পদ্ধতি , শূন্যৰ ব্যৱহাৰ আৰু স্থানীয় মানৰ ধাৰণা আদি তত্ত্বসমূহ উদ্ভাৱন কৰিছিল । জ্যোতিশাস্ত্রবিদ বৰাহমিহিৰে বৃহৎসংহিতা ’ নামৰ পুথি ৰচনা কৰিছিল । চৰক ’ আৰু সুশ্রুত ’ — এই যুগৰ দুজন উল্লেখযােগ্য চিকিৎসা শাস্ত্রবিদ আছিল ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.