Class 12 Swadesh Adhyayan Chapter 7 অসমৰ জনসংখ্যা বিস্ফোৰণ আৰু বিদেশী নাগৰিক প্ৰসংগ

Class 12 Swadesh Adhyayan Chapter 7 অসমৰ জনসংখ্যা বিস্ফোৰণ আৰু বিদেশী নাগৰিক প্ৰসংগ Solution, স্বদেশ অধ্যয়ন Class 12 Question Answer to each chapter is provided in the list of AHSEC so that you can easily browse through different chapters and select needs one. Class 12 Swadesh Adhyayan Chapter 7 অসমৰ জনসংখ্যা বিস্ফোৰণ আৰু বিদেশী নাগৰিক প্ৰসংগ Question Answer can be of great value to excel in the examination.

Join Telegram channel

Class 12 Swadesh Adhyayan Chapter 7 অসমৰ জনসংখ্যা বিস্ফোৰণ আৰু বিদেশী নাগৰিক প্ৰসংগ Notes covers all the exercise questions in HS 2nd Year Swadesh Adhyayan Textbooks. The Assam Board Class 12 Swadesh Adhyayan Chapter 7 অসমৰ জনসংখ্যা বিস্ফোৰণ আৰু বিদেশী নাগৰিক প্ৰসংগ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

অসমৰ জনসংখ্যা বিস্ফোৰণ আৰু বিদেশী নাগৰিক প্ৰসংগ

Chapter – 7

দ্বিতীয় ভাগ: বুৰঞ্জী

অনুশীলনী প্রশ্নোত্তৰ

১। তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া । 

( ক ) আভ্যন্তৰীণ প্ৰব্ৰজন আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজনৰ মাজত কি পার্থক্য আছে ? 

উত্তৰঃ প্ৰব্ৰজন মানে হল খাদ্য , বস্ত্র , বাসস্থান আৰু নিৰাপত্তাৰ সন্ধানত অথবা বানপানী , দুর্ভিক্ষ , মাৰিমৰক , ভূমিকম্প আদিৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ পৰা পৰিত্ৰাণ পাবলৈ নাইবা যুদ্ধ – বিগ্রহ , সাম্প্রদায়িক , ধর্মীয় সংঘৰ্ষৰ পৰা নিৰাপত্তা বিচাৰি তথা উন্নত জীৱন ধাৰণৰ সুবিধা বিচাৰি এখন ঠাইৰ পৰা আন এখন ঠাইলৈ হোৱা মানুহৰ আগমন বা নির্গমন । মানৱ সভ্যতাৰ বিকাশৰ লগত জন – প্ৰব্ৰজনৰ এৰাব নোৱাৰা সম্পর্ক আছে । আন কথাত মানৱ সভ্যতাৰ বিকাশ আৰু জন প্ৰব্ৰজন যেন একেটা মুদ্ৰাৰে ইপিঠি – সিপিঠ , প্ৰব্ৰজন দুই ধৰণৰ : আন্তঃৰাজ্যিক প্ৰব্ৰজন আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন। 

একেখন দেশৰ কোনো অঞ্চলৰ পৰা আন এক অঞ্চললৈ আহি বসবাস কৰিব লোৱা সকল হৈছে আন্তঃৰাজ্যিক বা আভ্যন্তৰীণ প্রব্রজক । আনহাতে কোনো এখন দেশৰ পৰা আহি আন এখন দেশত থিতাপি লয় , তেনে লোকক বৈধ প্ৰব্ৰজনকাৰী বোলা হয় । আনহাতে নিজ দেশৰ তীব্র অর্থনৈতিক সংকট , যুদ্ধ বিগ্রহ , সামাজিক ধর্মীয় , সাম্প্রদায়িক সংঘাত – সংঘৰ্ষৰ পৰা হাত সাৰিবলৈ বহুলোকে চুবুৰীয়া বা আন দেশলৈ প্ৰয়োজনীয় নথি – পত্ৰ নোহোৱাকৈয়ে বিভিন্ন চোৰাং পন্থা অৱলম্বন কৰি প্ৰব্ৰজন কৰে । তাকে অবৈধ প্ৰব্ৰজনকাৰী বুলি কোৱা হয় ।

( খ ) শৰণাৰ্থী আৰু অনুপ্ৰৱেশকাৰী কাক বোলে ? 

উত্তৰঃ যিবোৰ লোকে নিজৰ দেশৰ পৰা অন্য দেশলৈ স্বইচ্ছাই অথবা ধৰ্মীয় অসহনশীলতাৰ বলি হৈ আহে , তেওঁলোকক শৰণাৰ্থী বুলি কোৱা হয় । 

আনহাতে , নিজ দেশৰ তীব্ৰ অৰ্থনৈতিক সংকট , যুদ্ধ – বিগ্রহ , সামাজিক – ধর্মীয় , সাম্প্রদায়িক সংঘাত – সংঘৰ্ষৰ পৰা হাত সাৰিবলৈ বহুলোকে চুবুৰীয়া বা আন দেশলৈ প্ৰয়োজনীয় নথি পত্ৰ নোহোৱাকেৈয় বিভিন্ন চোৰাং পন্থা অৱলম্বন কৰি প্ৰব্ৰজন কৰে । এনে লোকক অনুপ্ৰৱেশকাৰী বোলে । 

( গ ) কোনখন আইনৰ যোগেদি কোনো বিদেশীয়ে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব পাৰে ? 

উত্তৰঃ ‘ ভাৰতীয় নাগৰিকত্ব আইন , ১৯৫৫ ’ আইনৰ যোগেদি কোনো বিদেশীয়ে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব পাৰে । 

( ঘ ) অসমৰ কোনজন ৰজাই উৰিষ্যাৰ কোন মন্দিৰৰ ব্যৱহাৰৰ বাবে পুখুৰী খন্দাই দিছিল ? 

উত্তৰঃ স্বৰ্গদেউ চুহুংমুঙে ( খ্রীঃ ১৪৯৭-১৫৯৩ ) উৰিষ্যাৰ জগন্নাথ মন্দিৰৰ ব্যৱহাৰৰ বাবে পুখুৰী খন্দাই দিছিল ।

( ঙ ) অসমত চাহ গছৰ আৱিষ্কাৰ কোন চনত , কোনে কৰিছিল ? 

উত্তৰঃ অসমত চাহ গছৰ আৱিস্কাৰ ১৯৩৭ চনত ৰবাৰ্ট ব্ৰুচে কৰিছিল। 

২। চাহ গছৰ আৱিষ্কাৰ আৰু চাহ বাগিচা স্থাপনৰ লগত অসমলৈ হোৱা জনপ্ৰব্ৰজনৰ এক চমু আলোচনা কৰা । 

উত্তৰঃ বহিৰাগত সকলৰ অসম আগমন চলি থকাৰ সময়তে ৰবাৰ্ট ব্ৰুচে অসমত চাহ গছৰ আৱিষ্কাৰ কৰে আৰু চি . এ ব্ৰুচে পৰিকল্পিতভাৱে চাহ খেতি প্ৰথমবাৰৰ বাবে আৰম্ভ কৰে । ইংৰাজ চৰকাৰে চাহ খেতিয়ক সকলৰ বাবে নামমাত্র খাজনাৰ বিনিময়ত হেজাৰ হেজাৰ বিঘা মাটি আবণ্টন দিবলৈ ধৰিলে । অতি কম সময়ৰ ভিতৰতে বহুতো চাহ – বাগিচা গঢ়ি উঠিল । এই চাহ বাগিচা বিলাক বণুৱাৰ প্ৰয়োজন পূৰাব পৰাকৈ অসমৰ থলুৱা জনসংখ্যা সৰহ নাছিল । তদুপৰি পূৰ্বৰ মোৱামৰীয়া বিদ্রোহ , মানৰ আক্ৰমণ , ইংৰাজ আৰু ব্ৰহ্মদেশৰ মাজত হোৱা যুদ্ধ – বিগ্রহ , কলেৰা – মহামাৰী আদি বিভিন্ন বেমাৰ – আজাৰত পৰি প্ৰায় উচন হোৱা অসমত যি কমসংখ্যক জনসংখ্যা আছিল তেওঁলোকেও চাহ – বাগিচা বিলাকত কাম কৰিবলৈ ইচ্ছুক নাছিল ।

আনফালে বিহাৰ , উৰিষ্যা , উত্তৰ প্ৰদেশ , হিমাচল প্রদেশ আৰু দক্ষিণ ভাৰতৰ অন্যান্য ৰাজ্যবোৰত কৃষি উপযোগী মাটি বৃদ্ধি কৰি ৰাজহ বঢ়োৱাৰ উদ্দেশ্যে সেই ৰাজ্যবোৰত বনাঞ্চলসমূহত বাস কৰা জনজাতিসকলৰ পৰম্পৰাগত অধিকাৰসমূহ কাঢ়ি ল’বলৈ ইংৰাজ চৰকাৰে বহুতো ব্যৱস্থা গ্ৰহণ কৰিছিল । সেয়ে উক্ত অঞ্চলসমূহৰ বাসিন্দা চাওতাল , কোল , মুণ্ডা , কুৰ্মী , ভূমিজ আদি জনগোষ্ঠীসমূহে ইংৰাজ প্রশাসনৰ বিৰুদ্ধে বিদ্রোহ কৰিছিল । চতুৰ ইংৰাজসকলে এই জনগোষ্ঠীসমূহৰ লোকসকলক উন্নত সংস্থাপন , আর্থিক লাভৰ লোভ দেখুৱাই অসমৰ চাহ – বাগিচাবোৰত কাম কৰিবলৈ দলে দলে অনাৰ ব্যৱস্থা কৰিলে , আনহাতে অসমৰ চাহ – বাগিচাৰ বণুৱাৰ প্ৰয়োজন পূৰণ কৰিলে । বহু সময়ত এই বৃহৎ সংখ্যক বণুৱা অসমলৈ আনিবলৈ নানা ধৰণৰ ফাঁকি দিছিল আৰু অত্যাচাৰো কৰিছিল । এনেদৰে লাঞ্চিত, শোষিত আৰু অত্যাচাৰৰ বলি হৈ অহা বণুৱা চামে ঝুমুৰ গীতৰ মাজেৰে আজিও তেওঁলোকৰ দুখ নিগৰায় এইদৰে— চৰ্দাৰ বলে কাম কাম , বাবু বলে ধৰে আন , চাহেব বলে নিব পিঠোৰ চাল , অ ‘ বিদেশী শ্যাম , ফাঁকি দিয়া অনিশ ’ আছাম । 

চি . এ . ব্রুচ চাহাবে অসমত উৎপাদিত চাহৰ প্ৰথম বাৰটা বাকচ ১৮৩৭ চনত লণ্ডনলৈ পঠিয়াইছিল । তাত কৰা পৰীক্ষাত দেখা গৈছিল যে অসমৰ চাহ চীনৰ চাহৰ সৈতে একে মানৰ । অসমত চাহ খেতিৰ উজ্জ্বল ভৱিষ্যতৰ উমান পাই এচাম ভাৰতীয় আৰু ইউৰোপীয় ব্যৱসায়ীয়ে লগ হৈ পাঁচ লাখ পাউণ্ড আৰম্ভণি মূলধনেৰে ‘ আসাম টি কোম্পানী ‘ গঠন কৰে । এই কোম্পানীৰ দৰে গঠিত আন আন কোম্পানীবোৰকো অসম পতিত মাটিসমূহ আবণ্টন দিয়াবলৈ ১৮৩৮ চনৰ অনাবাদী মাটি আবণ্টন নির্দেশনা অনুসৰি ( Waste Land Grant Rule , 1838 ) ভাৰত চৰকাৰে স্থানীয় প্রশাসনক নির্দেশ দিয়ে। 

আবণ্টন দিয়াৰ অন্যতম চৰ্ত আছিল যে কোম্পানীসমূহে অনাবাদী মাটিসমূহ কৃষি উপযোগী কৰি তুলিব লাগিব ; যাতে তাৰ পৰা পিছলৈ চৰকাৰে ৰাজহ সংগ্ৰহ কৰিব পাৰে । ১৮৫৮-৫৯ চনত এইদৰে চাহ কোম্পানীবোৰে আবণ্টন পোৱা মাটিৰ পৰিমাণ আছিল ৫৯৮৬০ একৰ। ইয়াৰ বিপৰীতে চাহ খেতি কৰা মাটিৰ পৰিমাণ আছিল মাত্র ৭৫৯৯ একৰহে । অর্থাৎ চৰকাৰে ভবামতে ভূমি ৰাজহ বৃদ্ধি নাপালে । তথাপিও অগ্ৰাধিকাৰ ভিত্তিত চাহ বাগিচাসমূহক মাটিৰ আবণ্টন দিয়াৰ প্রক্রিয়া চলি থাকিল । ১৯০০ চনত এনে মাটিৰ পৰিমাণ হ’লগৈ ৩,৩৭,৩২৭ একৰ । তাৰ পিছতো অসমত যথেষ্ট পৰিমাণৰ অনাবাদী মাটি অব্যৱহৃত হৈ ৰ’ল । ১৮৬৬ চনত অসমৰ চীফ কমিচনাৰ হেনৰী কটনে আক্ষেপ কৰিছিল যে অসমৰ লাখ লাখ বিঘা মাটি অব্যৱহৃত হৈ থকা মানে লাখ লাখ টকা মাটিত পুতি থোৱাৰ নিচিনা । সেয়ে এইবোৰ মাটি ব্যৱহাৰ কৰি খাজনা বৃদ্ধিৰ ব্যৱস্থা কৰিব লাগে বুলি তেখেতে উর্দ্ধতন কর্তৃপক্ষলৈ প্রতিবেদন পঠিয়াইছিল । এটা সমীক্ষা মতে ১৮৯৭-৯৮ চনত সেই সময়ৰ অসমৰ মুঠ কৃষিযোগ্য মাটিৰ ৮০ শতাংশ মাটিহে ব্যৱহৃত হৈছিল । 

অসমত চাহ বণুৱাৰ আগমন : পূর্বে উনুকিওৱা হৈছে যে অসমত চাহ খেতিৰ বিস্তাৰ কৰি তাৰ পৰা অর্জিত কৰেৰে ৰাজকোষ টনকিয়াল কৰিবলৈ ইংৰাজ চৰকাৰে সকলো ব্যৱস্থা হাতত লৈছিল । The Waste Land Grant Rule , 1838 ; The Old Assam Rules 1838 ; The Waste Land Grant Rule আৰু The Tea Simple Grant , 1861 আদি ভূমি আইন প্রণয়ন কৰি চাহ কোম্পানীসমূহক সাৰুৱা ওখ ভূমিসমূহ আবণ্টন দিছিল । 

কোনো এটা উদ্যোগ গঢ়ি উঠিবলৈ হ’লেও কমেও চাৰিটা চৰ্ত পূৰণ হ’বই লাগিব— 

( ক ) ভূমি ।

( খ ) মূলধন ।

( গ ) শ্রমিক । আৰু 

( ঘ ) সংগঠন । 

ভাৰতীয় আৰু ইউৰোপীয় চাহ খেতিয়ক সকলৰ মূলধনৰ অভাৱ নাছিল। ভূমিৰ সমস্যাও ঔপনিবেশিক চৰকাৰে সমাধান কৰাৰ বাবে ওপৰোক্ত ভূমি আইনসমূহ প্ৰণয়ন কৰিছে । ইউৰোপীয় আৰু ভাৰতীয় চাহ খেতিয়কসকলে আছাম টি কেম্পানীৰ দৰে সংগঠনসমূহ গঢ়ি তুলি চাহৰ খেতিৰ বাবে আগবাঢ়ি আহিছিল । এতিয়া সমস্যা হ’ল মাথোন চাহ বাগিচাসমূহৰ প্ৰতিকূল প্রাকৃতিক পৰিৱেশত থাকি দিনে নিশাই শ্ৰম কৰিব পৰা শ্ৰমিকৰ অভাৱ । এই অভাৱ পূৰণ কৰিবৰ বাবে চাহ খেতিয়কসকলে ঔপনিবেশিক চৰকাৰৰ সহায় লৈছিল । পূৰ্ব – বংগৰ চিতাগং , ঝাৰখণ্ড , উৰিষ্যা , বিহাৰ , উত্তৰ প্ৰদেশৰ বিভিন্ন অঞ্চলৰ পৰা মূলতঃ চাওতাল , কোল , মুণ্ডা , ভূমিজ , কূৰ্মি আদি সম্প্ৰদায়ৰ দুখীয়া লোকসকলক চাহ শ্রমিকৰূপে একাংশ দালালৰ সহায়ত অসমলৈ অনা হৈছিল । জিলা গেজেটিয়াৰৰ তথ্যমতে ১৯০৩ চনত চাহ খেতিৰ বাবে চাহ – বাগিচাসমূহক যোগান ধৰা মাটি আৰু চাহ বাগিচাসমূহলৈ প্ৰব্ৰজন ঘটা চাহ বনুৱাৰ সংখ্যা মন কৰিবলগীয়াকৈ বাঢ়ি গৈছিল । 

এই মতে সেই সময়লৈ কামৰূপ জিলাত মুঠতে ২০ খন চাহ বাগিচা গঢ়ি উঠিছিল । এই বাগিচাসমূহলৈ ১৮৬৪২ একৰ মাটি আবণ্টন দিয়া হৈছিল আৰু ৩৪৭২ গৰাকী বহিৰাগত চাহ শ্রমিকক নিয়োগ কৰা হৈছিল । সেইদৰে দৰং জিলাত গঢ়ি উঠা ৯৭ খন চাহ বাগিচালৈ ১,৩৭,৮২৯ একৰ মাটি আবণ্টন দিয়া হৈছিল আৰু তাত মুঠতে ৫৩,৫৬৩ গৰাকী চাহ শ্রমিক আছিল । নগাঁও জিলাত ৪৯ খন চাহ – বাগিচাই ৪৮,৭৭৫ একৰ ভূমি দখল কৰিছিল আৰু তালৈ ১৪,৪৩৫ গৰাকী শ্রমিক অনা হৈছিল । সেইদৰে শিৱসাগৰ আৰু লক্ষিমপুৰত ক্ৰমে ১৬৪ খন আৰু ১৫২ খন চাহ বাগিচা প্ৰতিষ্ঠা হৈছিল । শিৱসাগৰৰ চাহ – বাগিচা কেইখনত মুঠতে ২,৪৪,৬৫৩ একৰ মাটি আৰু লক্ষিমপুৰৰ বাগিচা কেইখনে ১,৯২,৪১৯ একর ভূমি সামৰি লৈছিল । 

শিৱসাগৰলৈ মুঠতে ৯৫,৯৫৪ গৰাকী আৰু লক্ষিমপুৰলৈ ১,৩৯,৯৯৬ গৰাকী চাহ শ্রমিক অসমৰ বাহিৰৰ পৰা আনি নিয়োগ কৰা হৈছিল । ১৯২১ চনলৈ চাহ – বাগিচা বিলাকৰ সম্প্ৰসাৰণ ঘটাত মুঠ চাহ – বাগিচাৰ বণুৱাৰ সংখ্যা হৈছিলগৈ ১.৫ নিযুত অর্থাৎ সেই সময়ৰ অসমৰ মুঠ জনসংখ্যাৰ ৩০ শতাংশ । প্রখ্যাত ইতিহাসবিদ হেৰম্বকান্ত বৰপূজাৰীয়ে তথ্য সহকাৰে প্ৰমাণ কৰি দেখুৱাইছে যে এই কালছোৱাত চাহ খেতিয়ক আৰু চাহ কোম্পানীসমূহে অধিক লাভৰ আশাত পাৰস্পৰিক প্ৰতিযোগিতাত নামিছিল । বিশেষ চুক্তিৰ অধীনত পূর্বে উল্লেখিত অঞ্চলবোৰৰ উপৰিও তামিলনাডু , কেৰালা আদি ৰাজ্যৰ পৰাও চাহ – শ্রমিক অনা হৈছিল । চুক্তিৰ ম্যাদ শেষ হ’লে শ্রমিক সকল পুনৰ গৃহভূমিলৈ উভতি যোৱাৰ বন্দোবস্ত আছিল । 

বিশেষ চুক্তি বা ‘ এগ্রিমেন্ট’ৰ অনুসৰি অহা এই শ্রমিকসকলক সাধাৰণতে‘ গিৰমিটিয়া ’ ( এগ্রিমেণ্টৰ পৰা উদ্ভুত স্থানীয় ৰূপ গিৰমিটিয়া ) বুলি জনা যায় । গিৰমিটিয়াসকলে চুক্তিৰ ম্যাদৰ শেষত নিজ গৃহভূমিলৈ যাব নোৱাৰি বা নগৈ চাহ – বাগিচা বিলাকৰ কাষৰে পাজৰে থকা অনাবাদী মাটিসমূহত খেতি – বাতি কৰি বসতি কৰিবলৈ ল’লে । ইয়াৰ উপৰি চাহ – বাগিচাবোৰত পাত তোলাৰ সময়ত স্থায়ী বণুৱাৰ উপৰিও অধিক বণুৱাৰ প্রয়োজন হয় । এই সময়ত বাগিচাবোৰত এইসকল নকৈ খেতি – বাতি কৰি বহা বহিৰাগতই সাময়িক নিযুক্তি লৈ আৰ্থিকভাৱে লাভৱান হৈছিল । এনেদৰে দুয়োফালে নিয়োজিত হোৱা পমুৱাৰ সংখ্যা ১৮৯১ চনত আছিল ৪,২৩,১৯৯ চনৰ ১৯০১ চনত ইয়াৰ সংখ্যা বাঢ়ি হৈছিলগৈ ৬,৫৪,০০০ জন । 

চাহ জনগোষ্ঠীৰ প্ৰব্ৰজন ক্ৰমে বাঢ়ি আহিবলৈ ল’লে আৰু ১৯৩১ চনত এওঁলোকৰ সংখ্যা ১৪ লাখ হোৱাৰ বিপৰীতে ১৯৭১ চনত হৈছিল ১৯ লাখ । স্মৰণযোগ্য যে অসমত চি . এ . ব্রুচে জয়পুৰ আৰু শদিয়াত প্ৰথম চাহ বাগিচা দুখন স্থাপন কৰিছিল আৰু ইয়াৰ বাবে বহিপ্ৰদেশৰ পৰা মাত্র ৪০০ জন শ্রমিক অনা হৈছিল । পিছলৈ ক্ৰমে চাহ বাগিচাৰ সংখ্যা বৃদ্ধিৰ বাবে চাহ শ্ৰমিকৰ সংখ্যাও বাঢ়িবলৈ ধৰে । ২০১১ চনৰ লোক পিয়লৰ তথ্য মতে ৮০০ ৰো অধিক চাহ বাগিচাত কৰ্মৰত শ্ৰমিকৰ লগত প্ৰাক্তন চাহ বণুৱাৰ সংখ্যা লগ লাগি সদ্যহতে এওঁলোকৰ সংখ্যা ৬৫ লাখলৈ বৃদ্ধি পাইছে । বৰ্তমান অসমৰ ৰাজনীতি , অর্থনীতি, সমাজ – সংস্কৃতিত এওঁলোকে স্থানীয় আৰু খিলঞ্জীয়া সকলৰ লগত মিলি গৈছে আৰু অসমীয়া জাতি সত্তাক অধিক গতিশীল আৰু শক্তিশালী কৰি গঢ়ি তুলিছে । 

৩। অসমলৈ পূর্ববঙ্গীয় কৃষকৰ প্ৰব্ৰজনৰ ঐতিহাসিক পটভূমি আলোচনা কৰা । 

উত্তৰঃ ডেভিদ স্কটৰ নেতৃত্বত ইংৰাজ প্ৰশাসনে ১৮২৭ চনত কেবাখনো আঁচনিৰ জৰিয়তে অসমৰ থলুৱা লোক সকলক মাটিৰ আবণ্টন দি কৰ সংগ্ৰহ বৃদ্ধিৰ চেষ্টা চলাইছিল , কিন্তু চৰকাৰৰ এই আঁচনি সফল নহ’ল । ইফালে সেই সময়ত অনাবাদী হৈ পৰি থকা লাখ লাখ বিঘা মাটিৰ পৰা কৰ আদায় কৰাৰ উপায় বিচাৰি ব্ৰিটিছ চৰকাৰ বিৰুধিত হৈ পৰিছিল । সেয়ে ইংৰাজ চৰকাৰে চুবুৰীয়া জনবহুল বঙ্গদেশৰ পৰিশ্ৰমী খেতিয়ক সকললৈ নানা ধৰণৰ সুবিধা প্ৰদান কৰি অসমলৈ অহাৰ বাবে উৎসাহিত কৰে । এগৰাকী ব্ৰিটিছ বিষয়াই এই সম্পর্কে উর্দ্ধতম কর্তৃপক্ষলৈ লিখিছিল যে যদিহে ভবামতে বঙ্গদেশৰ পৰিশ্ৰমী মুছলমান খেতিয়ক সকলক অসমলৈ আনি সংস্থাপিত কৰিব পৰা যায় , তেনেহ’লে অসম থলগিৰি সকলেও তেওঁলোকৰ ক্ষতি হোৱাৰ ভয়ত বহিৰাগত সকলৰ সৈতে প্রতিযোগিতাত নামিব । ইয়াৰ ফলত চৰকাৰ নিশ্চয়কৈ লাভবান হ’ব । 

ইংৰাজ শাসনৰ আৰম্ভণিতে নকৈ আত্মপ্ৰকাশ কৰা মধ্যবিত্তৰ চৰিত্ৰ অৰ্জনকাৰী কেইগৰাকীমান অসমীয়া লোকেও ইংৰাজ সাম্ৰাজ্যৰ স্বাৰ্থতে অসমলৈ বহিৰাগত আগমনক সমর্থন জনাইছিল । আনন্দৰাম ঢেকিয়াল ফুকনে ইংৰাজ চৰকাৰলৈ দিয়া এখন স্মাৰক পত্ৰত অনুৰোধ জনাইছিল যাতে খেতিবাতিৰ উৎকৃষ্ট জ্ঞান থকা ইউৰোপ মহাদেশৰ আৰু উত্তৰ ভাৰতৰ খেতিয়ক সকলক আনি অসমত প্ৰতিষ্ঠা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে । ইয়াৰ বাবে চৰকাৰে বঙ্গদেশৰ খেতিয়ক সকলকো উৎসাহিত কৰিবলৈ তেখেতে পৰামৰ্শ আগবঢ়াইছিল । ১৮৭৪ চনত গৱৰ্ণৰ জেনেৰেল নর্থ ব্রুকক গুৱাহাটীত আদৰণি জনাই এচাম শিক্ষিত লোকে প্রদান কৰা স্মাৰক পত্ৰতো উৰিষ্যা আৰু উত্তৰ বিহাৰৰ পৰা সবল আৰু সংস্কৃতিবান মানুহক আনি অসমত বহুৱাৰ বাবে অনুৰোধ জনাইছিল । 

গুণাভিৰাম বৰুৱা আছিল অসমলৈ বহিৰাজ্যৰ মানুহক আনি বহুওৱাৰ এগৰাকী উৎসাহী সমর্থক । সেই সময়ত অসমত গঢ়ি উঠিব ধৰা চাহ – বাগিচা , ৰেলপথ নিৰ্মাণ আদিৰ বাবে লগা কাৰিকৰী জ্ঞান সম্পন্ন শ্রমিক আদিৰ প্ৰয়োজন পূৰাব পৰাকৈ অসমীয়া মানুহৰ অভাৱ আছিল বাবে বাহিৰৰ পৰা মানুহ আনি অসমৰ উন্নতি সাধন কৰাৰ পক্ষে তেখেতে যুক্তি আগবঢ়াইছিল । শিক্ষা – দীক্ষাত আগবঢ়া বঙালী সকলক আনি অসমত প্ৰতিষ্ঠা কৰাৰ হকে বলি নাৰায়ণ বৰায়ো মাত মাতিছিল। 

সিফালে পশ্চিম অসমৰ গোৱালপাৰা , বিলাসীপাৰা , আদিৰ জমিদাৰ সকলে নিজৰ জমিদাৰীৰ ৰাজহ বৃদ্ধিৰ উদ্দেশ্যে পূর্ববঙ্গীয় মুছলমান কৃষক সকলক আনি সংস্থাপন কৰাৰ সকলো দিহা কৰিছিল । ইয়াৰ উপৰি ১৯২৯-৩০ চনত প্ৰকাশিত ‘ আচাম বেঙ্কিং এণ্ড কোৱেৰি ‘ কমিটিৰ প্রতিবেদনৰ পৰা জনা যায় যে বৰপেটা অঞ্চলৰ থলুৱা মহাজনসকলে আৰু সেই ঠাইত ইতিমধ্যে বসতি স্থাপন কৰি গজগজীয়া হৈ উঠা মাৰোৱাৰী ব্যৱসায়ীসকলে পূর্ববঙ্গৰ পৰা অহা বহিৰাগত সকলক পতিত মাটিসমূহত খেতি কৰিবলৈ আৰু সম্ভৱ হ’লে তেনে মাটি কিনি ল’বলৈ প্ৰয়োজনীয় ধন সুদৰ বিনিময়ত ঋণ দি এক ৰমৰমীয়া ব্যৱসায় চলাইছিল । অসমত যিমানে পূর্ববঙ্গীয় মুছলমান খেতিয়কসকলে বসতি কৰিবলৈ ধৰিলে সিমানেই পশ্চিমবংগত মৰাপাটৰ কলৰ সংখ্যা বাঢ়িবলৈ ধৰিলে । 

প্রখ্যাত অর্থনীতিবিদ ড° পি . চি . গোস্বামীয়ে তেখেতৰ “ দ্য ইকনমিক ডেভেলপমেন্ট অৱ আছাম ” ( ১৯৬৩ ) নামৰ গৱেষণা গ্ৰন্থত উল্লেখ কৰা মতে ১৯০১-০২ চনত অসমত মুঠতে ৫০০০ একৰ মাটিত মৰাপাটৰ খেতি কৰা হৈছিল । 

১৯৪১-৪২ চনত এনে মাটিৰ পৰিমাণ ২৭৭ হেজাৰ একৰলৈ বৃদ্ধি পাইছিল । ড° ৰমেশ চন্দ্ৰ কলিতাই তেখেতৰ ‘ প্ৰব্ৰজনকাৰীৰ সমস্যা আৰু অসম ‘ শীর্ষক গৱেষণা পত্ৰত কলিকতাত মৰাপাট উদ্যোগৰ সংখ্যা বৃদ্ধি সমান্তৰালকৈ অসমত পূর্ববঙ্গীয় কৃষকৰ প্ৰব্ৰজনৰ সংখ্যা বৃদ্ধিৰ লগত ওতঃপ্রোত সম্পৰ্ক লক্ষ্য কৰিছে । কলিকতাৰ আশে পাশে গঢ়ি উঠা মৰাপাট কলসমূহৰ বাবে প্ৰয়োজনীয় কেঁচামালসমূহৰ বুজন অংশ অসমৰ পৰা যোগান ধৰা হৈছিল । 

ড° কলিতাই সেয়েহে মন্তব্য কৰিছে , ‘ এই কলসমূহৰ চাহিদা পূৰণৰ উপৰি অভিবক্ত বঙ্গদেশৰ পৰা বিদেশলৈও মৰাপাট ৰপ্তানি কৰা হৈছিল। ফলত মৰাপাট উৎপাদন কৰিবলৈ পূর্ববঙ্গৰ পৰা অসমলৈ মুছলমান খেতিয়ক প্রব্রজন ঘটোৱাটো মৰাপাট ব্যৱসায়ৰ সমৃদ্ধিৰ বাবে অপৰিহাৰ্য হৈ পৰিছিল । 

পূর্ববঙ্গত তেতিয়া চিৰস্থায়ী বন্দোবস্তৰ অধীনত জমিদাৰী প্ৰথা চলি আছিল আৰু নব্বৈ শতাংশৰো অধিক কৃষকৰ নিজৰ মাটি নাছিল । জমিদাৰ সকলে কৃষকসকলৰ পৰা খাজনা আদায়ৰ বাবে নানা ধৰণৰ অত্যাচাৰ কৰিছিল । তাৰ বিপৰীতে অসমত ৰায়তৱাৰী ব্যৱস্থা প্রচলিত আছিল বাবে খেতিৰ মাটিত কৃষকসকলে পোনপটীয়াকৈ চৰকাৰক খাজনা আদায় দিব পাৰিছিল । সেয়ে ইয়াত কৃষকসকলৰ ওপৰত অত্যাচাৰৰ সুযোগ নাছিল । পূর্ববঙ্গৰ জমিদাৰসকলৰ অত্যাচাৰৰ পৰা হাত সাৰিবলৈও কৃষকসকলে অসমলৈ প্ৰব্ৰজন কৰিবলৈ আগ্রহান্বিত হৈছিল । পূর্ববঙ্গৰ দাঁতি কাষৰীয়া গোৱালপাৰা আৰু কামৰূপ জিলালৈ অহা প্ৰব্ৰজনকাৰী সকলে ঘাইকৈ নদী পথৰ ব্যৱহাৰ কৰিছিল । এইদৰে অসমলৈ আহি বসতি স্থাপন কৰা প্ৰথম চাম প্ৰব্ৰজকাৰীৰ সহায়ত দ্বিতীয় চাম প্ৰব্ৰজনকাৰী আহি তেওঁলোকৰ লগ লাগিব ধৰিলে । 

৪। অসমত হোৱা জন প্ৰব্ৰজনৰ বিৰুদ্ধে কোনে কেতিয়া কেনেকৈ প্রথমে দাবী উত্থাপন কৰিছিল ? 

উত্তৰঃ ১৯২৪ চনত অম্বিকাগিৰি ৰায় চৌধুৰীয়ে ‘ অসম সংৰক্ষিণী সভা’ গঠন কৰিছিল । ১৯২৬ চনৰ পাণ্ডু কংগ্ৰেছৰ পূৰ্বে অসম ভ্ৰমণলৈ আহি কংগ্ৰেছ নেতা ড° ৰাজেন্দ্ৰ প্ৰসাদে অসমত মুছলমান প্ৰব্ৰজনৰ ভয়াবহতা দেখি অধিক জনবসতিৰে পূৰ্ণ বিহাৰৰ চাপ্ৰা জিলাৰ পৰা হিন্দুধৰ্মী লোক আনি অসমত প্ৰতিষ্ঠা কৰাৰ প্ৰস্তাৱ দাঙি ধৰিছিল । মহাদেৱ শৰ্মাই ১৯২৭ চনৰ জুলাই মাহত অসম বিধান পৰিষদও প্ৰব্ৰজনৰ বিৰুদ্ধে প্ৰস্তাৱ উত্থাপন কৰিছিল । বসন্ত কুমাৰ দাস আৰু নবীন চন্দ্ৰ বৰদলৈয়ে এই প্রস্তাৱৰ বিতৰ্কত ভাগ লৈ থলুৱাৰ স্বাৰ্থ ৰক্ষা কৰিব পৰা উপায় উদ্ভাৱনৰ ক্ষেত্ৰত গুৰুত্ব দিছিল । ১৯২৮ চনত এই সমস্যা সমাধান উলিয়াবৰ বাবে চৰকাৰে এ.ডব্লিউ . ব’থামৰ নেতৃত্বত পাঁচজনীয়া সর্বদলীয় সমিতি গঠন কৰি দিছিল । তাত নবীন চন্দ্ৰ বৰদলৈ আৰু মহম্মদ ছাদুল্লাও সদস্য আছিল। 

বৰদলৈয়ে সমিতিৰ সদস্য হিচাপে দৃঢ় মত প্ৰকাশ কৰিছিল যাতে লাইন প্রথা অনুসৰি নিৰ্দ্দিষ্ট কৰা এলেকাৰ পৰা কোনো নতুন ঠাইলৈ পমুৱাৰ বসতি বিস্তাবিত হ’ব নোৱাৰে । লাইন প্ৰথাৰ অধীনত পমুৱাসকলক পুনৰবাসন দিয়াৰ বাবে ১৯৩০ ৰ পৰা ১৯৩৬ চনলৈ এই ছয় বছৰ কালত কেৱল নগাওঁ জিলাতে ৫৯ খন গো – চৰণীয়া পথাৰ পমুৱা সকলৰ বাবে চৰকাৰে মুকলি কৰি দিছিল । এই আঁচনি দৰং জিলাৰ মঙ্গলদৈ আৰু কামৰূপ জিলাৰ বৰপেটা মহকুমাতো একেদৰে প্ৰয়োগ কৰা হৈছিল । এটা সমীক্ষা মতে ১৯২০-২১ চনত হিন্দু পমুৱাৰ বাবে ৩,২৯৯ হেজাৰ মাটি আবন্টন দিয়াৰ বিপৰীতে মুছলমান পমুৱাৰ বাবে ৩০,১০৬ হেজাৰ বিঘা মাটি আবন্টন দিয়া হৈছিল । ইয়াৰ পৰিমাণ বাঢ়ি ১৯২৯ চনত হৈছিলগৈ হিন্দু পমুৱাৰ বাবে ১৩,২৮৫ হেজাৰ বিঘা আৰু মুছলমান পমুৱাৰ বাবে ৮৯,০৭৮ হেজাৰ বিঘা মাটি । ১৯৩৫ চনত ‘ ভাৰত শাসন আইন ‘ মতে গঠিত অসমৰ বৰদলৈ মন্ত্ৰীসভাই পমুৱা সকলৰ এই অবাধ আগমনত বাধা দিবৰ চেষ্টা কৰিছিল যদিও তিনিবাৰকৈ চৰকাৰ গঠন কৰা ছাদুল্লাই বঙ্গদেশীয় মুছলমান পমুৱাসকল সকলো প্ৰকাৰে সুবিধা আৰু উৎসাহ প্রদান কৰিছিল । 

তাৰবাবে ছাদুল্লাই Regularization Settlement নীতিৰে থলুৱা কৃষক সকলক বলেৰে খেদি পঠিয়াই বঙালী মুছলমান পমুৱা সকলে মাটি বেদখল কৰা কাৰ্যক বৈধতা প্ৰদান কৰাৰ ব্যৱস্থা কৰে । ইতিমধ্যে ১৯৩৯ চনত দ্বিতীয় বিশ্ব যুদ্ধ আৰম্ভ হ’ল । এই যুদ্ধত নিয়োজিত মিত্ৰ শক্তিৰ সৈন্য বাহিনীৰ প্ৰয়োজনীয় খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰীসমূহ জোৰ জুলুমকৈ হ’লেও সংগ্ৰহ কৰাৰ ব্যৱস্থা ইংৰাজ চৰকাৰে হাতত ল’লে। এই কথাত ক্ষুব্ধ হৈ গোপীনাথ বৰদলৈৰ নেতৃত্বত গঠিত কোৱালিচন মন্ত্ৰীসভাই পদত্যাগ কৰিছিল । অসমৰ গৱৰ্ণৰে তেতিয়াৰ বিধয়িনী কাউন্সিল নিলম্বিত কৰি ৰাখি সৈন্য বাহিনীৰ প্ৰয়োজন পূৰ কৰিবলৈ অধিক খাদ্য উৎপাদন কৰাৰ উদ্দেশ্যে অধিক শস্য উৎপাদন নীতি গ্রহণ কৰে । 

৫। চমুটোকা লিখা : 

( ক ) অধিক শস্য উৎপাদন নীতি ।

উত্তৰঃ ১৯২৮ চনত প্ৰব্ৰজন সমস্যা সমাধান উলিয়াবৰ বাবে চৰকাৰে এ.ডব্লিউ . ব’থামৰ নেতৃত্বত পাঁচজনীয়া সর্বদলীয় সমিতি গঠন কৰি দিছিল । তাত নবীন চন্দ্ৰ বৰদলৈ আৰু মহম্মদ ছাদুল্লাও সদস্য আছিল । বৰদলৈয়ে সমিতিৰ সদস্য হিচাপে দৃঢ় মত প্ৰকাশ কৰিছিল যাতে লাইন প্রথা অনুসৰি নিৰ্দিষ্ট কৰা এলেকাৰ পৰা কোনো নতুন ঠাইলৈ পমুৱাৰ বসতি বিস্তাৰিত হ’ব নোৱাৰে । লাইন প্ৰথাৰ অধীনত পমুৱাসকলক পুনৰবাসন দিয়াৰ বাবে ১৯৩০ ৰ পৰা ১৯৩৬ চনলৈ এই ছয় বছৰ কালত কেৱল নগাওঁ জিলাতে ৫৯ খন গো – চৰণীয়া পথাৰ পমুৱাসকলৰ বাবে চৰকাৰে মুকলি কৰি দিছিল । 

এই আঁচনি দৰং জিলাৰ মঙ্গলদৈ আৰু কামৰূপ জিলাৰ বৰপেটা মহকুমাতো একেদৰে প্ৰয়োগ কৰা হৈছিল । এটা সমীক্ষা মতে ১৯২০-২১ চনত হিন্দু পমুৱাৰ বাবে ৩,২৯৯ হেজাৰ মাটি আবন্টন দিয়াৰ বিপৰীতে মুছলমান পমুৱাৰ বাবে ৩০,১০৬ হেজাৰ বিঘা মাটি আবন্টন দিয়া হৈছিল । ইয়াৰ পৰিমাণ বাঢ়ি ১৯২৯-৩০ চনত হৈছিলগৈ হিন্দু পমুৱাৰ বাবে ১৩,২৮৫ হেজাৰ বিঘা আৰু মুছলমান পমুৱাৰ বাবে ৮৯,০৭৮ হেজাৰ বিঘা মাটি । ১৯৩৫ চনত ‘ ভাৰত শাসন আইন ’ মতে গঠিত অসমৰ বৰদলৈ মন্ত্ৰীসভাই পমুৱা সকলৰ এই অবাধ আগমনত বাধা দিবৰ চেষ্টা কৰিছিল যদিও তিনিবাৰকৈ চৰকাৰ গঠন কৰা ছাদুল্লাই বঙ্গদেশীয় মুছলমান পমুৱাসকল সকলো প্ৰকাৰে সুবিধা আৰু উৎসাহ প্রদান কৰিছিল । তাৰবাবে ছাদুল্লাই Regularization Settlement নীতিৰে থলুৱা কৃষক সকলক বলেৰে খেদি পঠিয়াই বঙালী মুছলমান পমুৱাসকলে মাটি বেদখল কৰা কাৰ্যক বৈধতা প্ৰদান কৰাৰ ব্যৱস্থা কৰে । 

ইতিমধ্যে ১৯৩৯ চনত দ্বিতীয় বিশ্ব যুদ্ধ আৰম্ভ হ’ল । এই যুদ্ধত নিয়োজিত মিত্র শক্তিৰ সৈন্য বাহিনীৰ প্ৰয়োজনীয় খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰীসমূহ জোৰ জুলুমকৈ হ’লেও সংগ্ৰহ কৰাৰ ব্যৱস্থা ইংৰাজ চৰকাৰে হাতত ল’লে । এই কথাত ক্ষুদ্ধ হৈ গোপীনাথ বৰদলৈৰ নেতৃত্বত গঠিত কোৱালিচন মন্ত্রীসভাই পদত্যাগ কৰিছিল । অসমৰ গৱৰ্ণৰে তেতিয়াৰ বিধায়িনী কাউন্সিল নিলম্বিত কৰি ৰাখি সৈন্য বাহিনীৰ প্ৰয়োজন পূৰ কৰিবলৈ অধিক খাদ্যৰ উৎপাদন কৰাৰ উদ্দেশ্যে‘ অধিক শস্য উৎপাদন নীতি ’ গ্ৰহণ কৰে । ইফালে ১৯৪৩ চনত বঙ্গদেশত প্ৰৱল আকাল দেখা দিছিল । অসমৰ তেতিয়াৰ গৱৰ্ণৰ ৱাভেলে এই পৰিস্থিতিৰ সুযোগ লৈ বঙ্গদেশৰ পৰা খেতিয়ক সকলক আনি অসমৰ মাটিত বহুৱাৰ সকলো ব্যৱস্থা হাতত লৈছিল আৰু বিধায়িনী কাউন্সিলত আৱশ্যকীয় বহুমত নথকাকৈয়ে চৈয়দ ছাদুল্লাক মন্ত্রীসভা গঠন কৰিবলৈ আমন্ত্রণ জনাইছিল । ছাদুল্লাৰ বাবে এই পৰিৱেশ গাখীৰতে মহৰ খুটি যেন হ’ল । ছাদুল্লাই হাতে কামে ৰূপায়ন কৰিবলৈ জোৰ দিয়া ‘ গ্ৰ ’ ম’ৰ ফুডৰ ফল আন একো নহ’লেও ‘ গ্ৰম’ৰ মুছলমান হে হৈছিল বুলি তেতিয়াৰ গৱৰ্ণৰ ৱাভেলেই পিছলৈ কিন্তু মন্তব্য কৰিছিল । 

( খ ) লাইন প্রথা ।

উত্তৰঃ অসমলৈ অহা পূর্ববঙ্গীয় এই প্ৰব্ৰজনকাৰী সকলৰ ৮৫ শতাংশ লোকেই আছিল মুছলমান ধৰ্মী । এওঁলোকৰ সংখ্যা ক্রমাৎ বাঢ়ি অহা দেখি থলুৱা জনজাতি আৰু হিন্দুধৰ্মীয় লোকসকলে নিজৰ ভাষা সংস্কৃতি আদিৰ প্ৰতি বিপদৰ আগজাননী দেখিবলৈ পালে । অসম চৰকাৰে নিজৰ অৰ্থনৈতিক লাভৰ বাবে প্ৰব্ৰজন বৃদ্ধি পোৱাতো বিচাৰিছিল আৰু একে সময়তে খিলঞ্জীয়া থলুৱা অধিবাসী সকল যাতে বিতুষ্ট নহয় তাৰ বাবে এক মধ্যবর্তী পন্থা গ্ৰহণ কৰিছে , এইমতে ১৯২০ চনত ‘ লাইন প্রথা’ৰ প্ৰৱৰ্তন কৰি আবাসযোগ্য ভূমি ভাগক তিনিটা শ্ৰেণীত ভাগ কৰে ; 

( ক ) পমুৱা সকলৰ বাবে সুকীয়া বাসযোগ্য ভূমি। 

( খ ) পমুৱা সকলে বাস কৰিব নোৱাৰা ভূমি। আৰু 

( গ ) একেটা অঞ্চলৰ এফালে পমুৱাসকলে আৰু আনফালে থলুৱাসকলে বাস কৰিব পৰা ভূমিছ । 

পূর্ববঙ্গীয় মুছলমান পমুৱাসকলক এটা নিৰ্দিষ্ট অঞ্চলত বসবাসৰ সুবিধা দিয়া আৰু থলুৱা সকলৰ ভূমিৰ অধিকাৰ ৰক্ষা কৰাৰ এই দুইমুখীয়া ব্যৱস্থাটো পিছে সফল নহ’ল । থলুৱা সকলে অধিক দাম পাই নিজৰ মাটি পমুৱা সকলক বিকিবলৈ ল’লে ৷ তদুপৰি দুৰ্নীতি পৰায়ণ ৰাজহ বিষয়াসকলেও ক’লাধনৰ লোভত উৎকোচ লৈ লাইন প্রথা উলংঘা কৰি পমুৱা মুছলমানসকলক মাটি নামজাৰী কৰি দিয়াত আগভাগ ল’লে । 

( গ ) জনজাতীয় বেল্ট আৰু ব্লক ।

উত্তৰঃ ১৯৪২ চনত ভাৰতৰ স্বাধীনতাৰ দাবী তুংগত উঠা ভাৰতীয় গণ বিপ্লৱৰ সময়ত প্ৰায়ভাগ কংগ্ৰেছী নেতাক জেলত ভৰাই থোৱা হৈছিল । ১৯৪৫ চনত এওঁলোকৰ সৰহভাগ জেলৰ পৰা মুক্ত হয় আৰু ১৯৪৬ চনৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছে একক সংখ্যা গৰিষ্ঠতা লাভ কৰি গোপীনাথ বৰদলৈৰ নেতৃত্বত চৰকাৰ গঠন কৰে । এই চৰকাৰে অসমৰ খিলঞ্জীয়া জনজাতি সকলৰ স্বাৰ্থ সুৰক্ষাৰ অৰ্থে ‘ অসম ভূমি ৰাজহ নিয়ামক ১৮৮৬ চন ’ সংশোধন কৰি ২৭৯৫ খন গাঁৱৰ ১৫০০ বর্গ কিলোমিটাৰ এলেকা সামৰি ৩৬৮ টা জনজাতীয় গোট আৰু ব্লক গঠন কৰিছিল । 

আনফালে ইংৰাজ চৰকাৰে ভাৰতক হিন্দু আৰু মুছলমান এই দুই ধৰ্মৰ ভিত্তিত ভাগ কৰি হিন্দুস্থান আৰু পাকিস্তান নামেৰে দুখন সুকীয়া ৰাষ্ট্ৰ সৃষ্টি কৰি স্বাধীনতা প্ৰদান কৰাৰ প্ৰস্তাৱৰ ওপৰত গুণা – গঁথা কৰি আছিল । এই প্ৰস্তাৱতে ভাৰতৰ প্ৰদেশ সমূহক এ . বি . চি . এই তিনিটা সংহতিত বিভক্ত কৰিবলৈ ব্যৱস্থা কৰে । এইমতে অসমক বঙ্গদেশৰ সৈতে একেটা সংহতি বা গ্ৰুপত অন্তর্ভূক্ত কৰাৰ প্ৰস্তাৱ কৰা হৈছিল । গোপীনাথ বৰদলৈ , ৰূপনাথ ব্ৰহ্ম , ভীমবৰ দেউৰীৰ দৰে অসমৰ থলুৱা জাতি – জনজাতি নেতা সকলে একমুখে এই প্ৰস্তাৱৰ বিৰোধিতা কৰি অসমক পাকিস্তান অন্তর্ভূক্ত কৰাৰ ষড়যন্ত্ৰৰ পৰা ৰক্ষা কৰিলে । 

( ঘ ) অসমৰ সমাজ – সংস্কৃতি আৰু অৰ্থনীতিত প্ৰব্ৰজনৰ প্ৰভাৱ।

উত্তৰঃ দেশীয় আৰু আন্তদেশীয় বহিৰাগতৰ সংখ্যা কিমান ভয়াবহ ৰূপত বাঢ়ি গৈছিল । তাৰ ওপৰত আলোচনা কৰা হৈছে । প্ৰথম অৱস্থাত অর্থনৈতিক উন্নয়নৰ স্বাৰ্থত চৰকাৰী পৃষ্ঠপোষকতাত , দ্বিতীয় পর্যায়ত বিভিন্ন ৰাজনৈতিক আৰু প্ৰাকৃতিক কাৰণত অসমলৈ হৈ থকা এই জনপ্ৰব্ৰজনৰ বহুমুখী প্রভাৱ অসমৰ সামগ্রিক জনজীৱন , অর্থনীতি আৰু সাংস্কৃতিক দিশত পৰিছে । 

সেইবোৰ সংক্ষেপে তলত দিয়া ধৰণে আলোচনা কৰা হ’ল ―

( ১ ) অসমৰ জনসংখ্যা বৃদ্ধি : অসমলৈ অবাধে হৈ থকা আন্তঃৰাজ্যিক আৰু আভ্যন্তৰীণ প্ৰব্ৰজন আৰু পূর্ব – পাকিস্তান তথা সাম্প্রতিক বাংলাদেশ , নেপাল আদিৰ পৰা হৈ থকা অবাধ আন্তঃৰাষ্ট্ৰীয় জনপ্ৰব্ৰজনৰ ফলত অসমৰ জনসংখ্যা বৃদ্ধি পাই সদ্যহতে এই সংখ্যা তিনিকোটিৰো অধিক হৈছেগৈ । এই ভয়াৱহ জনবিস্ফোৰণৰ ফলত খাদ্য – বস্তু বাসস্থানৰ সমস্যাই দেখা দিছে । শিক্ষা দীক্ষা আৰু নিয়োগৰ ক্ষেত্ৰত অসম ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ তুলনাত পিছ পৰি আছে । 

( ২ ) প্রাকৃতিক ভাৰসাম্য ধ্বংস : বৰ্দ্ধিত জনসংখ্যাৰ বাবে বসোপযোগী ভূমি কমি আহিছে । সেয়ে মানুহ বিশেষকৈ বিদেশী অনুপ্ৰৱেশকাৰী সকলে সংৰক্ষিত বনাঞ্চল , অভয়াৰণ্য , নৈৰ চৰ – চাপৰি আদি বেদখল কৰি অৰণ্য ভূমিৰ আৰু প্ৰাকৃতিক জলাশয়ৰ পৰিসৰ হ্ৰাস কৰি আনিছে । ফলত বনৰীয়া জীৱ – জন্তুৰ বাবে খাদ্য আৰু বাসস্থানৰ সংকট দেখা দিছে । বহু বন্যপ্রাণী ইতিমধ্যে লোপ পালে। আৰু বহুবোৰ দুষ্প্ৰাপ্য হৈ পৰিছে । সদ্যহতে জনবসতি অঞ্চলত সঘনাই সংঘটিত বাঘ – মানুহ আৰু হাতী – মানুহৰ সংঘাতৰ খবৰ বাতৰি কাকত , দূৰদৰ্শন আদি সংবাদ মাধ্যমত সঘনাই প্ৰচাৰ হ’ব ধৰিছে । জলাশয়বোৰ পুতি জনবসতি স্থাপন কৰা হেতুকে সৰহ সংখ্যক জলজ উদ্ভিদ আৰু প্ৰাণী বিপদগ্রস্ত হৈছে । ইয়াৰোপৰি বিশেষকৈ বাৰিষাকালত অতিৰিক্ত পানীভাগ ধৰি ৰখাৰ ব্যৱস্থা কমি যোৱা হেতুকে বানপানী আৰু গৰাখহনীয়াই বিভীষিকাৰ সৃষ্টি কৰি আহিছে । 

এই ক্ষেত্ৰত ১৯৫৪ চনৰ পৰা ১৯৬০ চনৰ ভিতৰত পলাশবাৰী চহৰ আৰু যোৱা শতিকাৰ নব্বৈ দশকত মৰিয়াহোলা অঞ্চল গৰা খহনীয়াত সম্পূর্ণ জাহ যোৱাৰ কথা উনুকিয়াব পাৰি । পৃথিৱী বিখ্যাত এশিঙীয়া গড়ৰ বাসস্থান কাজিৰঙা অভয়াৰণ্য ও গৰাখহনীয়াত পৰিছে । বৈষ্ণৱ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ নদীদ্বীপ মাজুলীৰো আধাতকৈ বেছি অংশ গৰাখহনীয়াত পৰি ইতিমধ্যে জাহ গৈছে । উত্তৰ লক্ষীমপুৰৰ , ধেমাজী , গোৱালপাৰা , ধুবুৰী আদি অঞ্চলত প্রায় প্রতি বছৰে হেজাৰ হেজাৰ বিঘা মাটিৰ খেতি বানপানীত নষ্ট হয় আৰু বহুতো পশুধন তথা মানুহৰ মৃত্যু হয় । 

( ৩ ) গোষ্ঠীগত আৰু সাম্প্ৰদায়িক সংঘাত : ইংৰাজ চৰকাৰৰ দিনৰে পৰা হোৱা জনপ্ৰব্ৰজন আৰু অনুপ্ৰৱেশৰ সমস্যাই যাতে সামাজিক আৰু সাংস্কৃতিক দিশত অসমৰ থলুৱা জনগণৰ স্বাৰ্থত অনিষ্টকৰ প্ৰভাৱ পেলাব নোৱাৰে তাৰবাবে নানা ব্যৱস্থা হাতত লোৱা হৈছিল । ১৯২০ চনত প্ৰৱৰ্তন হোৱা লাইন প্ৰথাৰ প্ৰচলন , ১৯৪৬ চনত জনজাতীয় বেল্ট আৰু ব্লক গঠন । ১৯৬২ চনত প্ৰৱৰ্তন কৰা পাকিস্তানী অনুপ্ৰৱেশৰ বন্ধকৰণ নীতি আদি এনেধৰণৰ ব্যৱস্থাৰ কেইটামান উদাহৰণ । কিন্তু প্রশাসনিক দুর্বলতা , কৃষিভূমি অন্বেষী , পূর্ববঙ্গীয় খেতিয়কৰ অগ্রাসী ৰূপ , এচাম থলুৱা লোকৰ বিনা পৰিশ্ৰমত অৰ্থ ঘটাৰ হাবিয়াস আৰু অসমীয়া মানুহৰ দূৰদৰ্শিতাৰ ফলত এইবোৰ ব্যৱস্থা বহু পৰিমাণে অকার্যকাৰী হৈছিল ৷ তদুপৰি ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে চলা বিদেশী বহিষ্কাৰ আন্দোলনৰ পৰিসমাপ্তি ঘটাবলৈ ভাৰত চৰকাৰ আৰু আন্দোলনকাৰী সদৌ অসম ছাত্ৰসন্থা আৰু সদৌ অসম গণ সংগ্রাম পৰিষদৰ মাজত যিখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছিল সেইখনো আশা কৰা মতে কাৰ্যকৰী হোৱা নাই ।

এনেবোৰ কাৰণৰ বাবে অসমৰ বিভিন্ন থলুৱা জনগোষ্ঠীৰ লোকসকলে তেওঁলোকৰ ভাষা – সংস্কৃতি আৰু অৰ্থনীতি ভেটিতো নিৰাপত্তাৰ সংকটত পতিত হ’ব পাৰে বুলি সন্দেহ কৰে । ফলত ৰাভা , তিৱা , বড়ো , সোণোৱাল , মিচিং কাৰ্বি আদি প্ৰায়বোৰ জনগোষ্ঠীয়ে তেওঁলোকৰ বাবে সংৰক্ষিত মাটি আৰু অৰ্থনৈতিক সা – সুবিধা বিচাৰি পৃথকে পৃথকে দাবী উত্থাপন কৰিছে । আৰু তাৰেই ফলত সামগ্রিকভাৱে অসম আৰু অসমীয়াৰ স্বাৰ্থও বিঘ্নিত হৈছে । কাৰণ , এনে দাবীৰ পৰিপ্ৰেক্ষিতত কেতিয়াবা কেতিয়াবা কোনো কোনো জনগোষ্ঠী বা সম্প্ৰদায়ৰ মাজত সংঘৰ্ষৰ সৃষ্টি হোৱাও দেখা গৈছে । 

( ৪ ) পাৰস্পৰিক সন্দেহ আৰু শংকাৰ সৃষ্টি : পুৰণি আৰু নতুন আবাসী সকলৰ ভাষা সাহিত্য সংস্কৃতিৰ উমৈহতীয়া উপাদানেৰে শক্তিশালী হোৱা অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া অসমৰ বৈধ – অবৈধ প্ৰব্ৰজনকাৰী সকলৰ একাংশৰ বাবে বাধাগ্রস্ত হৈছে । ১৯৫১ চনৰ লোকপিয়লত পূৰ্ববঙ্গীয় মূলৰ প্ৰব্ৰজনকাৰী সকলেও নিজৰ মাতৃভাষা অসমীয়া বুলি লিখাইছিল ফলত অসমীয়া ভাষীৰ সংখ্যা ৭৩ শতাংতকৈও অধিক হৈছিল । কিন্তু পিছৰ ফালে হোৱা বিশেষকৈ ১৯৭৯ চনৰ পিছত একাংশ ভাষিক অনুপ্ৰৱেশকাৰীৰ ফলত আৰু একাংশ উগ্র জাতীয়তাবাদীৰ যুক্তিহীন আস্ফালনৰ বাবে বিশেষকৈ বাংলাদেশৰ প্ৰব্ৰজনকাৰী সকলৰ পৰিচয় ক্ষেত্ৰত বহুতো ভুল ধাৰণা গঢ়ি উঠে । 

ফলত প্ৰাক্ স্বাধীনতা কালৰ পৰা ইন্দিৰা মুজিব চুক্তি ( ১৯ মার্চ , ১৯৭২ চন ) অনুসৰি ১৯৭১ চনৰ ২৫ মাৰ্চৰ আগলৈ অহা প্ৰব্ৰজনকাৰী সকলে বিভিন্ন ন্যায়িক প্ৰক্ৰিয়াৰে ভাৰতীয় নাগৰিকত্ব পোৱাৰ পিছতো এচাম লোকে এওঁলোকক সন্দেহৰ চকুৰে চাবলৈ ধৰিলে । ১৯৮৫ চনৰ বুজাবুজিৰ চুক্তিৰ আধাৰত বিদেশী বুলি গণ্য কৰা ১৯৭১ চনৰ পিছত অহা বাংলাদেশী সকলৰ সৈতে আগৰখিনিৰ পৰিচয়কো এচাম ন্যস্ত স্বাৰ্থৰ মানুহে সনা পোটকা কৰিবলৈ চেষ্টা কৰি অবৈধ প্ৰব্ৰজনকাৰী তথা বিদেশী প্ৰব্ৰজনকাৰীৰ সমস্যাটো ধুৱঁলী – কুঁৱলী কৰি তুলিবৰ যত্ন কৰি আছে । এনে দোদুল্যমান মানসিকতাৰ সুযোগ লৈ ভাৰতৰ অখণ্ডতা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতিও ভাবুকি দিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে । 

ইয়াৰোপৰি মন কৰিবলগীয়া যে সুদীর্ঘকাল অসমত হৈ থকা অবাধ প্ৰব্ৰজন আৰু অনুপ্ৰৱেশৰ ফলত ইতিমধ্যে কেবাখনো জিলাত থলুৱা জাতি – জনগোষ্ঠীবোৰ সংখ্যা লঘুত পৰিণত হোৱাৰ উপক্ৰম হৈছে । পোনতে অনুপ্ৰৱেশকাৰী আৰু পিছলৈ আইনী প্ৰক্ৰিয়াৰে ভাৰতীয় হোৱাসকলৰ যহতে এতিয়াও তেওঁলোকৰ নাগৰিকত্বৰ প্ৰশ্নত সন্দেহ , শংকা আৰু মানসিক চাপৰ পৰা সম্পূৰ্ণ মুক্ত হ’ব পৰা নাই । 

( ৫ ) বৈধ অবৈধ প্ৰব্ৰজনকাৰী : বৈধ হওক বা অবৈধই হওক অসমত থকা বর্তমানৰ বৃহৎ সংখ্যক প্ৰব্ৰজনকাৰীৰ সৰহ সংখ্যকেই দৰিদ্ৰতাৰ সীমাৰ তলত বৰ অস্বাস্থ্যকৰ পৰিৱেশত বাস কৰে । এওঁলোক শিক্ষাৰ ক্ষেত্ৰতো অতিশয় পিছপৰা । বাল্যবিবাহ আৰু বহুবিবাহ আজিও তেওঁলোকৰ মাজত প্ৰচলিত । এনে নেতিবাচক পৰিৱেশৰ সুযোগ লৈ এচাম ধৰ্মান্ধ কু – বুদ্ধিৰ লোকে এওঁলোকৰ মাজত বহুবোৰ অন্ধবিশ্বাস আৰু কু – সংস্কাৰৰ পৃষ্ঠপোষকতা কৰি আধুনিক জীৱন আৰু সভ্যতাৰ পৰা এওঁলোকক আতঁৰাই ৰাখিছে । এইবোৰৰ বাবে সেই সমাজত জন্মৰ হাৰ বহুত বেছি । অসমৰ জনসংখ্যা বিস্ফোৰণৰ ই এক অন্যতম কাৰণ । জনসংখ্যা বৃদ্ধি মানেই পৰিৱেশ ধ্বংস । পৰিৱেশ ধ্বংস মানেই মানৱ সভ্যতাৰ প্ৰতি তীব্ৰ প্ৰত্যাহ্বান । 

( ঘ ) অসমত হোৱা জন প্ৰব্ৰজনৰ লগত মৰাপাট কলৰ সম্পৰ্ক।

উত্তৰঃ অসমৰ দ আৰু বিস্তৃত সাৰুৱা ভূমি বিভিন্ন শাক – পাচলি , মাহ , আহুধান , আদিৰ উপৰি বিশেষকৈ মৰাপাটৰ খেতিৰ বাবে উপযোগী । অসমত যিমানে পূর্ববঙ্গীয় মুছলমান খেতিয়কসকলে বসতি কৰিবলৈ ধৰিলে সিমানেই পশ্চিমবঙ্গত মৰাপাটৰ কলৰ সংখ্যা বাঢ়িবলৈ ধৰিলে । প্রখ্যাত অর্থনীতিবিদ ড° পি . চি . গোস্বামীয়ে তেখেতৰ ‘ দ্য ইকনমিক ডেভেলপমেন্ট অৱ আছাম ‘ ( ১৯৬৩ ) নামৰ গৱেষণা গ্ৰন্থত উল্লেখ কৰা মতে ১৯০১-০২ চনত অসমত মুঠতে ৫০০০ একৰ মাটিত মৰাপাট খেতি কৰা হৈছিল । ১৯৪১-৪২ চনত এনে মাটিৰ পৰিমাণ ২৭৭ হেজাৰ একৰলৈ বৃদ্ধি পাইছিল । 

ড° ৰমেশ চন্দ্ৰ কলিতাই তেখেতৰ ‘ প্ৰব্ৰজনকাৰীৰ সমস্যা আৰু অসম ‘ শীর্ষক গৱেষণা পত্ৰত কলিকতাত মৰাপাট উদ্যোগৰ সংখ্যা বৃদ্ধিৰ সমান্তৰালকৈ অসমত পূৰ্ববঙ্গীয় কৃষকৰ প্ৰব্ৰজনৰ সংখ্যা বৃদ্ধিৰ লগত ওতঃপ্ৰোতঃ সম্পৰ্ক লক্ষ্য কৰিছে । কলিকতাৰ আশে – পাশে গঢ়ি উঠা মৰাপাট কলসমূহৰ বাবে প্ৰয়োজনীয় কেঁচামালসমূহৰ বুজন অংশ অসমৰ পৰা যোগান ধৰা হৈছিল । ড° কলিতাই সেয়েহে মন্তব্য কৰিছে ,‘ এই কলসমূহৰ চাহিদা পূৰণৰ উপৰি অবিভক্ত বঙ্গদেশৰ পৰা বিদেশলৈও মৰাপাট ৰপ্তানী কৰা হৈছিল । ফলত মৰাপাট উৎপাদন কৰিবলৈ পূর্ববঙ্গৰ পৰা অসমলৈ মুছলমান খেতিয়ক প্ৰব্ৰজন ঘটোৱাটো মৰাপাট ব্যৱসায়ৰ সমৃদ্ধিৰ বাবে অপৰিহাৰ্য হৈ পৰিছিল । 

এনে পৰিৱেশত অধিক লাভৰ আশাত বৰপেটা অঞ্চলৰ এচাম ব্যৱসায়ীয়ে বহু সময়ত নিজৰ একচনা পট্টাৰ মাটিবিলাক ইতিমধ্যে আহি বসতি কৰা আৰু নতুনকৈ আহি থকা পূর্ববঙ্গীয় বহিৰাগতসকলক অধিক দামত বিক্ৰী কৰিবলৈ ধৰিলে । আনকি কোনো কোনো ক্ষেত্ৰত এই সকল সুবিধাবাদীয়ে কিছুমান চৰকাৰী আৰু সংৰক্ষিত বনাঞ্চলৰ মাটিও নিজৰ বুলি দেখুৱাই নানা ফন্দীৰে বিক্ৰী কৰি এই সকল বহিৰাগত বসতি কৰাৰ সুযোগ উলিয়াই দিছিল । ইতিমধ্যে কোৱা হৈছে যে ইংৰাজ চৰকাৰে ১৯০৫ চনত ৰাজনৈতিক আৰু অৰ্থনৈতিক কাৰণত পূর্ববঙ্গ আৰু অসমক লগ লগাই ‘ পূর্ববঙ্গ আৰু অসম ’ নামেৰে এখন প্ৰদেশ গঠন কৰিছিল । ফলত পূর্ববঙ্গীয় কৃষকৰ অসমলৈ অহাৰ পথত বিশেষ বাধা নাথাকিল । ইতিমধ্যে ১৮৯১-৯২ চনত অসম আৰু বঙ্গদেশৰ মাজত ৰে’ল পৰিৱহন ব্যৱস্থা গঢ়ি উঠিছিল । পৰিবহণৰ এই সুবিধা লৈ অসমত থকা ৰে’ল ষ্টেচনবোৰক কেন্দ্ৰ কৰিও পূর্ববঙ্গীয় সকলৰ বসতি বাঢ়ি আহিছিল । 

অতিৰিক্ত প্রশ্নোত্তৰ

১। অসমৰ জনসংখ্যা বিস্ফাৰণৰ লগত কিহৰ এৰাব নোৱাৰা সম্পর্ক আছে ? 

উত্তৰঃ অসমৰ জনসংখ্যা বিস্ফোৰণৰ সৈতে অসমত বিদেশী নাগৰিকৰ প্ৰব্ৰজনৰ সমস্যা এৰাব নোৱাৰাকৈ জড়িত ।

২। জন প্ৰব্ৰজনৰ লগত এটা মুদ্ৰাৰ ইপিঠি – সিপিঠি বুলি কাক কোৱা হয় ? 

উত্তৰঃ মানৱ সভ্যতাৰ বিকাশ আৰু জনপ্ৰব্ৰজন যেন একেটা মুদ্ৰাৰে ইপিঠি – সিপিঠি । 

৩। কোন ঠাইৰ পৰা অসমলৈ আৰু অসমৰ পৰা অন্য ঠাইলৈ জন – প্ৰব্ৰজনত কঠোৰ নিষেধাজ্ঞা দিছিল ? 

উত্তৰঃ পূর্ববঙ্গকে ধৰি ভাৰতবৰ্ষৰ আন আন প্ৰান্তৰ পৰা অসমলৈ আৰু অসমৰ পৰা সেইবোৰ অঞ্চললৈ জন প্ৰব্ৰজনত কঠোৰ নিষেধাজ্ঞা আছিল।

৪। ‘ থলগিৰি ‘ বুলি কাক সম্বোধন কৰিছিল ? 

উত্তৰঃ মৰাণ , বৰাহী , চুটীয়া আদি জনগোষ্ঠীয় সকলক স্বৰ্গদেউ চুকাফাই ‘ থলগিৰি ’ বুলি সম্বোধন কৰিছিল ।

৫। বংগদেশ ব্রিটিছে কেতিয়া দখল কৰিছিল ? বঙ্গদেশ দখল কৰিছিল । 

উত্তৰঃ অসমতকৈ ৬৯ বছৰ আগেয়ে ১৭৫৭ চনত পলাশী যুদ্ধত জয়লাভ কৰি ব্ৰিটিছে বঙ্গদেশ দখল কৰিছিল

৬। অসমৰ চাহ কোন ঠাইৰ লগত মিল আছে ? 

উত্তৰঃ অসম আৰু চীনৰ চাহৰ মিল আছে ।

৭। ‘ আসাম টি কোম্পানী ’ কিমান লাখ পাউণ্ডেৰে গঠন কৰা হয় ? 

উত্তৰঃ অসমত চাহ খেতিৰ উজ্জ্বল ভৱিষ্যতৰ উমান পাই এচাম ভাৰতীয় আৰু ইউৰোপীয় ব্যৱসায়ীয়ে লগ হৈ পাঁচ লাখ পাউণ্ড আৰম্ভণি মূলধনেৰে ‘ আসাম টি কোম্পানী ‘ গঠন কৰে ।

৮। মাটি আবণ্টন নিদের্শনা কেতিয়া দিয়া হয় ? 

উত্তৰঃ ১৮৩৮ চনত অনাবাদী মাটি আবণ্টন নির্দেশনা অনুসৰি ভাৰত চৰকাৰে স্থানীয় প্রশাসনক নির্দেশ দিয়ে । 

৯। ১৮৫৮-৫৯ চনত চাহ কোম্পানীৰ বাবে আবণ্টন পোৱা মাটিৰ পৰিমাণ কিমান আছিল ? 

উত্তৰঃ ১৮৫৮-৫৯ চনত চাহ কোম্পানীৰ বাবে আবণ্টন পোৱা মাটিৰ পৰিমাণ ৫৯৮৬০ একৰ আছিল । 

১০। এটা উদ্যোগ গঢ়িবলৈ কি কি চৰ্ত পূৰণ হ’ব লাগে ? 

উত্তৰঃ কোনো এটা উদ্যোগ গঢ়িবলৈ হ’লে কমেও চাৰিটা চৰ্ত পূৰণ হ’বই লাগিব । সেইকেইটা হ’ল – ভূমি , মূলধন , শ্রমিক আৰু সংগঠন । 

১১। ‘ লাইন প্ৰথাৰ ’ প্ৰবৰ্তন কেতিয়া কৰা হৈছিল ? 

উত্তৰঃ ১৯২০ চনত ‘ লাইন প্ৰথাৰ ‘ প্ৰবৰ্তন কৰা হৈছিল । 

১২। বঙ্গদেশত কেতিয়া আকালে দেখা দিছিল ? 

উত্তৰঃ ১৯৪৩ চনত বঙ্গদেশত আকালে দেখা দিছিল । 

১৩। ইংৰাজসকলে কিমান চনত গণ আন্দোলনত স্বীকাৰ কৰি ভাৰত ত্যাগ কৰে ? 

উত্তৰঃ ১৯৪৭ চনত ইংৰাজ সকলে ভাৰতীয়সকলৰ গন আন্দোলনৰ সমুখত নতি স্বীকাৰ কৰি ভাৰত ত্যাগ কৰে ।

১৪। পূব পাকিস্তানে সম্পূর্ণভাৱে কেতিয়া স্বাধীনতা লাভ কৰে ? 

উত্তৰঃ পশ্চিম পাকিস্তানৰ সৈন্যবাহিনী ভাৰত আৰু পূৱ পাকিস্তানৰ যুটীয়া সামৰিক বাহিনীৰ হাতত পৰাজিত হয় আৰু ১৯৭১ চনৰ ২৪ মাৰ্চত পূৱ পাকিস্তানে সম্পূর্ণ স্বাধীনতা লাভ কৰে ।

১৫। কোনখন চৰকাৰে বাংলাদেশক ধৰ্মনিৰপেক্ষ দেশ বুলি ঘোষণা কৰে ? 

উত্তৰঃ শ্বেখ মজিবুৰৰ নেতৃত্বত গঠন কৰা স্বাধীন বাংলাদেশৰ প্ৰথম চৰকাৰে বাংলাদেশক ধৰ্ম নিৰপেক্ষ দেশ হিচাপে ঘোষণা কৰিছিল । 

১৬। দৈনিক অসম’ৰ হিচাপ মতে ১৯০১ চনৰ পৰা ১৯৭১ চনলৈ জনসংখ্যা কিমান বৃদ্ধি হৈছে ? 

উত্তৰঃ ‘ দৈনিক অসম ‘ নামৰ বাতৰি কাকতখনৰ হিচাপ মতে ১৯০১ চনৰ পৰা ১৯৭১ চনৰ সময়ছোৱাত অসমৰ জনসংখ্যা ৩২.৯ লাখৰ পৰা ১৪৬.৩ লাখলৈ বৃদ্ধি পাইছিল বুলিব পাৰি । 

১৭। ১৯৭১-১৯৯১ চনৰ ভিতৰত হিন্দু আৰু মুছলমানৰ জনসংখ্যা কিমান আছিল ? 

উত্তৰঃ ১৯৭১-১৯৯১ চনৰ ভিতৰত হিন্দুৰ জনসংখ্যা বৃদ্ধি পাইছিল ১.৫ নিযুত । তাৰ বিপৰীতে দেশখনত মুছলমানৰ জনসংখ্যা বাঢ়িছিল ৬১ নিযুত । 

১৮। আধুনিক অসমত কিহৰ বাবে জনবিস্ফোৰণ ঘটিছে ? 

উত্তৰঃ ঊনবিংশ শতিকাৰ পৰা সন্মুখীন হোৱা অসমৰ ৰাজনৈতিক ঘটনাসমূহ আৰু জীৱন ধাৰণৰ স্বাভাৱিক অর্থনৈতিক তাড়নাৰ ফলত অতীতৰ পূৰ্ব বঙ্গ আৰু পৰৱৰ্তী কালৰ চুবুৰীয়া ৰাষ্ট্র পাকিস্তান তথা সাম্প্ৰতিক বাংলাদেশৰ পৰা হোৱা বিস্তৰ জনপ্ৰব্ৰজনৰ ফলত আধুনিক অসমত জনবিস্ফোৰণ ঘটিছে । 

১৯। প্রব্রজন কেইধৰণৰ আৰু কি কি ? 

উত্তৰঃ প্রব্রজন দুই ধৰণৰ । সেইকেইটা হ’ল— 

( ক ) আন্তঃৰাজ্যিক প্ৰব্ৰজন । আৰু 

( খ ) আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন । 

২০। আন্তঃৰাজ্যিক প্রব্রজন কাক বোলে ? 

উত্তৰঃ একেখন দেশৰ কোনো অঞ্চলৰ পৰা আন এক অঞ্চললৈ আহি বসবাস কৰিব লোৱাসকলক আন্তৰাজ্যিক বা আভ্যন্তৰীণ প্ৰব্ৰজন বোলে।

২১। আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন কাক বোলে ? 

উত্তৰঃ কোনো এখন ৰাষ্ট্ৰৰ পৰা আন এখন ৰাষ্ট্ৰলৈ হোৱা প্ৰব্ৰজনক আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন বোলে । 

২২। আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন কেইধৰণৰ আৰু কি কি ? 

উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন দুই ধৰণৰ— বৈধ আৰু অবৈধ । 

২৩। বৈধ প্ৰব্ৰজন কি ? 

উত্তৰঃ যিসকল প্ৰব্ৰজনকাৰীয়ে প্রয়োজনীয় নথি – পত্ৰ লৈ এখন দেশৰ পৰা আহি আন এখন দেশত থিতাপি লয় , তেনে প্ৰব্ৰজনকাৰীক বৈধ প্ৰব্ৰজনকাৰী বোলে । 

২৪। অবৈধ প্রব্রজন কি ? 

উত্তৰঃ নিজৰ দেশৰ তীব্র অর্থনৈতিক সংকট , যুদ্ধ – বিগ্রহ , সামাজিক , ধর্মীয় , সাম্প্রদায়িক সংঘাত – সংঘৰ্ষৰ পৰা হাত সাৰিবলৈ বহুলোকে চুবুৰীয়া বা আনদেশলৈ প্ৰয়োজনীয় নথি – পত্ৰ নোহোৱাকৈ বিভিন্ন চোৰাং পন্থা অৱলম্বন কৰি প্ৰব্ৰজন কৰে । তাকে অবৈধ প্রব্রজন বোলে । 

২৫। কোনখন আইন অনুসৰি হিন্দু মুছলমানকে ধৰি যিকোনো ধৰ্মৰ প্ৰব্ৰজনকাৰীয়ে ভাৰতীয় সংবিধানৰ নিৰ্দিষ্ট স্বৰ্ত পূৰণ কৰিব পাৰিলে আইনসংগত প্ৰক্ৰিয়াৰে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব পাৰিব ? 

উত্তৰঃ ভাৰতীয় নাগৰিকত্ব আইন ১৯৫৫ অনুসৰি হিন্দু – মুছলমানকে ধৰি যিকোনো ধৰ্মৰ প্ৰব্ৰজনকাৰীয়ে ভাৰতীয় সংবিধানৰ নিৰ্দিষ্ট স্বৰ্ত্ত পূৰণ কৰিব পাৰিলে আইনসংগত প্ৰক্ৰিয়াৰে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব পাৰিব । 

২৬। স্বৰ্গদেউ চুহুংমুঙে জগন্নাথ ক্ষেত্রলৈ এদল তীর্থযাত্রী পঠিয়াই জগন্নাথ মন্দিৰৰ ব্যৱহাৰৰ বাবে কি কৰিছিল ? 

উত্তৰঃ স্বৰ্গদেউ চুহুংমুঙে জগন্নাথ ক্ষেত্রলৈ এদল তীর্থযাত্রী পঠিয়াই জগন্নাথ মন্দিৰৰ ব্যৱহাৰৰ বাবে এটা পুখুৰী খন্দাই দিছিল আৰু ৪০ টা সোণৰ মোহৰেৰে পূজা আগবঢ়াইছিল । 

২৭। মহাৰাজ নৰনাৰায়ণ আৰু তেওঁৰ ভাতৃ চিলাৰায়ে ক’ত শিক্ষাগ্ৰহণ কৰিছিল ? 

উত্তৰঃ মহাৰাজ নৰনাৰায়ণ আৰু তেওঁৰ ভাতৃ চিলাৰায়ে বাৰাণসীত শিক্ষা গ্ৰহণ কৰিছিল । 

২৮। আহোম প্রশাসনে কিমানবাৰ মোগলৰ বিৰুদ্ধে যুঁজ দিছিল ? 

উত্তৰঃ আহোম প্রশাসনে ১৭ বাৰ মোগলৰ বিৰুদ্ধে যুঁজ দিছিল । 

২৯। থলগিৰিসকলে আহোমসকলক কি বুলি সম্মান কৰিছিল ? 

উত্তৰঃ থলগিৰিসকলে আহোমসকলক অ – সম বুলি সন্মান কৰিছিল ।

৩০। কি কাৰণে থলগিৰিসকলে আহোমসকলক সন্মান কৰিছিল ? 

উত্তৰঃ থলগিৰিসকলে আহোমসকলক সন্মান কৰাৰ কাৰণ হ’ল— সেই সময়ত অসমলৈ আহি বসবাস কৰিবলৈ লোৱা সকলো বহিৰাগতই অসমৰ থলগিৰিসকলৰ সমাজ – সংস্কৃতি , ভাষা , আচাৰ – ব্যৱহাৰ আদিৰ লগত কোনো বিৰোধ নোহোৱাকৈ গ্ৰহণ – বৰ্জনৰ জৰিয়তে এটা উমৈহতীয়া অসমীয়া জাতি গঠনত বৰঙণি আগবঢ়াইছিল । তেওঁলোকৰ প্ৰত্যেকেই নিজকে অসম মাতৃৰ সন্তান বুলি গৌৰৱ বোধ কৰিছিল আৰু অসমৰ লগতে জীৱন – মৰণৰ সম্পৰ্ক স্থাপন কৰিছিল । 

৩১। শৰাইঘাটৰ ৰণ কিমান খ্ৰীষ্টাব্দত হৈছিল ? 

উত্তৰঃ শৰাইঘাটৰ ৰণ ১৬৭১ খ্ৰীষ্টাব্দত হৈছিল । 

৩২। ছিহাবুদ্দিন তালিছে তেওঁৰ তাৰিখ – ই – আচাম ’ গ্ৰন্থত কি বুলি উল্লেখ কৰিছিল ? 

উত্তৰঃ ছিহাবুদ্দিন তালিছে তেওঁৰ ‘ তাৰিখ – ই – আচাম ’ গ্ৰন্থত অসমৰ মুছলমানসকলক কেৱল নামটোৰ বাহিৰে আন একোতে অসমীয়াসকলৰ পৰা পৃথক কৰিব নোৱাৰি বুলি উল্লেখ কৰিছে । 

৩৩। মীৰজুমলা কোন আছিল ? 

উত্তৰঃ মীৰজুমলা মোগল সেনাপতি আছিল । 

৩৪। ‘ চামুৰাই ’ কি ? 

উত্তৰঃ ‘ চামুৰাই ’ হ’ল অসমৰ অসমীয়া শিখসকল । 

৩৫। পলাশী যুদ্ধ কেতিয়া হৈছিল ? 

উত্তৰঃ পলাশী যুদ্ধ ১৭৫৭ চনত হৈছিল । 

৩৬। অসমত চাহ গছৰ আৱিষ্কাৰ কোনে কৰে ? 

উত্তৰঃ ৰবাৰ্ট ব্ৰুছে অসমত চাহ গছৰ আৱিষ্কাৰ কৰে । 

৩৭ । অসমত কোনে প্রথমবাৰৰ বাবে চাহখেতি কৰে ? 

উত্তৰঃ অসমত চি . এ ব্রুচে প্ৰথমবাৰৰ বাবে চাহখেতি কৰে । 

৩৮। কোনে অসমত উৎপাদিত বাৰ্টা বাকচ কিমান চনত লণ্ডনলৈ পঠিয়াইছিল ? 

উত্তৰঃ চি . এ . ব্রুচ চাহাবে অসমত উৎপাদিত বাৰটা বাকচ ১৮৩৭ চনত লণ্ডনলৈ পঠিয়াইছিল । 

৩৯। ‘ আসাম টি কোম্পানী ’ কোনে গঠন কৰে ? 

উত্তৰঃ ‘ আসাম টি কোম্পানী ’ এচাম ভাৰতীয় আৰু ইউৰোপীয় ব্যৱসায়ীয়ে লগ হৈ গঠন কৰিছিল ।

৪০। ১৮৫৮-৫৯ চনত চাহ কোম্পানীবোৰে আবণ্টন পোৱা মাটিৰ পৰিমাণ কিমান আছিল ? 

উত্তৰঃ ১৮৫৮-৫৯ চনত চাহ কোম্পানীবোৰে আবণ্টন পোৱা মাটিৰ পৰিমাণ আছিল ৫৯৮৬০ একৰ । 

৪১। ১৮৫৮-৫৯ চনত চাহ খেতি কৰাৰ মাটিৰ পৰিমাণ কিমান আছিল ? 

উত্তৰঃ ১৮৫৮-৫৯ চনত চাহ খেতি কৰাৰ মাটিৰ পৰিমাণ আছিল ৭৫৯৯ একৰ । 

৪২। ১৮৩৮ চনত ইংৰাজে পুৰন্দৰ সিংহক পদচ্যুত কৰাৰ মূল স্বাৰ্থ কি আছিল ? 

উত্তৰঃ ১৮৩৮ চনত ইংৰাজে পুৰন্দৰ সিংহক পদচ্যুত কৰাৰ মূল স্বাৰ্থ হ’ল— চাহ খেতিৰ স্বার্থ । 

৪৩। কিমান চনত কোনে আৰু কি কাৰণত স্থানীয় বাসিন্দাসকলক মাটি আবণ্টন দিয়াৰ বিভিন্ন আঁচনি গ্ৰহণ কৰিছিল ? 

উত্তৰঃ ১৮২৭ চনত ডেভিদ স্কটে ভূমি ৰাজহ বৃদ্ধি পোৱাৰ বাবে স্থানীয় বাসিন্দা সকলক মাটি আবণ্টন দিয়াৰ বিভিন্ন আঁচনি গ্ৰহণ কৰিছিল । 

৪৪। ইংৰাজ চৰকাৰে কি কি ভূমি আইন প্রণয়ন কৰিছিল ? 

উত্তৰঃ ইংৰাজ চৰকাৰে The Waste Land Grant Rule , 1838 ; The Old Assam Rules , 1838 ; The Waste Land Grant Rule , 1854 আৰু The Fee Simple Grant , 1861 আদি ভূমি আইন প্রণয়ন কৰিছিল । 

৪৫। কোনো এটা উদ্যোগ গঢ়ি উঠিবলৈ হ’লে কেইটা কি কি স্বৰ্ত্ত পূৰণ হ’ব লাগিব ? 

উত্তৰঃ কোনো এটা উদ্যোগ গঢ়ি উঠিবলৈ হ’লে চাৰি ( ৪ ) টা স্বৰ্ত্ত পূৰণ হ’ব লাগিব । সেই স্বৰ্ত্তকেইটা হ’ল— 

( ক ) ভূমি ।

( খ ) মূলধন ।

( গ ) শ্রমিক । আৰু 

( ঘ ) সংগঠন । 

৪৬। কোন কোন ঠাইৰ পৰা চাহ খেতিয়কবোৰক অসমলৈ অনা হৈছিল ? 

উত্তৰঃ পূর্ব – বঙ্গৰ চিতাগং , ঝাৰখণ্ড , উৰিষ্যা , বিহাৰ , উত্তৰ প্ৰদেশৰ বিভিন্ন অঞ্চলৰ পৰা মূলতঃ চাওতাল , কোল , মুণ্ডা , ভূমিজ , কুর্মি আদি দুখীয়া সম্প্ৰদায়ৰ দুখীয়া সম্প্ৰদায়ৰ খেতিয়কবোৰক অসমলৈ অনা হৈছিল । 

৪৭। ১৯০৩ চনত কামৰূপ জিলাত কেইখন চাহ বাগিচা গঢ়ি উঠিছিল ? 

উত্তৰঃ ১৯০৩ চনত কামৰূপ জিলাত ২৩ খন চাহ বাগিচা গঢ়ি উঠিছিল। 

৪৮। ১৯০৩ চনত অসমৰ জিলাবোৰত কিমানখন চাহ বাগিচা গঢ়ি উঠিছিল , কিমান মাটি আবণ্টন দিয়া হৈছিল আৰু কিমান শ্রমিক নিয়োগ কৰা হৈছিল ?

উত্তৰঃ ১৯০৩ চনত অসমৰ কামৰূপ জিলাত ২৩ খন চাহ বাগিচা , ১৮৬৪২ একৰ মাটি আবণ্টন আৰু ৩৪৭২ গৰাকী বহিৰাগত চাহ শ্রমিক নিয়োগ কৰা হৈছিল । দৰং জিলাত ৯৭ খন চাহ বাগিচালৈ ১,৩৭,৮২৯ একৰ মাটি আবণ্টন আৰু ৫৩,৫৩৬ গৰাকী শ্রমিক নিয়োগ কৰা হৈছিল। নগাঁও জিলাত ৪৯ খন বাগিচা ৪৮,৭৭৫ একৰ মাটিৰ আবণ্টন আৰু ১৪,৪৩৫ গৰাকী শ্রমিক নিয়োগ কৰিছিল । শিৱসাগৰত ১৬৪ খন বাগিচা ২,৪৪,৬৫৩ মাটিৰ আবণ্টন আৰু ৯৫,৯৫৪ গৰাকী শ্রমিক নিয়োগ কৰিছিল । সেইদৰে লক্ষীমপুৰ জিলাত ১৫২ খন বাগিচা ১,৯২,৪১৯ একৰ মাটিৰ আবণ্টন আৰু ১,৩৯,৯৯৬ গৰাকী শ্রমিক নিয়োগ কৰা হৈছিল । 

৪৯। ১৯২১ চনত চাহ – বাগিচাবোৰৰ সম্প্ৰসাৰণ ঘটাত মুঠ চাহ বাগিচাৰ বনুৱাৰ সংখ্যা কিমান হৈছিল ? 

উত্তৰঃ ১৯২১ চনত চাহ – বাগিচাবোৰৰ সম্প্ৰসাৰণ ঘটাত মুঠ চাহ বনুৱাৰ সংখ্যা ১.৫ নিযুত হৈছিল । 

৫০। ১৯২১ চনত অসমৰ জনসংখ্যা কিমান আছিল ? 

উত্তৰঃ ১৯২১ চনত অসমৰ মুঠ জনসংখ্যা ৩০ শতাংশ আছিল । 

৫১। ‘ গিৰমিটিয়া ’ কি ? 

উত্তৰঃ যিসকল বহিৰাগত চাহ শ্রমিক বিশেষ চুক্তি বা ‘ এগ্রিমেণ্ট’ৰ অনুসৰি চাহ খেতিৰ বাবে অসমলৈ আহিছিল সেই শ্রমিকসকলক সাধাৰণতে ‘ গিৰিমিটিয়া ’ বোলে । 

৫২। কাৰ নেতৃত্বত আৰু কিমান চনত ইংৰাজ প্রশাসনে কেইবাখনো আঁচনিৰ জৰিয়তে অসমৰ থলুৱা লোকসকলক মাটিৰ আবণ্টন দি কৰ সংগ্ৰহ বৃদ্ধিৰ চেষ্টা চলাইছিল ? 

উত্তৰঃ ডেভিদ স্কটৰ নেতৃত্বত ১৮২৭ চনত ইংৰাজ প্ৰশাসনে কেইবাখনো আঁচনিৰ জৰিয়তে অসমৰ থলুৱা লোকসকলক মাটিৰ আবণ্টন দি কৰ সংগ্ৰহ বৃদ্ধিৰ চেষ্টা চলাইছিল । 

৫৩। ১৮৭৪ চনত কোনজন গৱৰ্ণৰ জেনেৰেলক গুৱাহাটীত আদৰণি জনোৱা হৈছিল ? 

উত্তৰঃ ১৯৭৪ চনত গৱৰ্ণৰ জেনেৰেল নৰ্থ ব্রুকক গুৱাহাটীত আদৰণি জনোৱা হৈছিল । 

৫৪। ‘ দ্য ইকনমিক ডেভেলপমেন্ট ‘ নামৰ গ্ৰন্থখনৰ ৰচক কোন ? 

উত্তৰঃ ‘ দ্য ইকনমিক ডেভেলপমেণ্ট ’ নামৰ গ্ৰন্থখনৰ ৰচক হ’ল ড° পি . চি . গোস্বামী । 

৫৫। ১৯০১-০২ চনত অসমত কিমান একৰ মাটিত মৰাপাটৰ খেতি কৰা হৈছিল ? 

উত্তৰঃ ১৯০১-০২ চনত অসমত ৫০০ একৰ মাটিত মৰাপাটৰ খেতি কৰা হৈছিল ।

৫৬। ড° ৰমেশ চন্দ্ৰ কলিতাৰ গৱেষণা পত্ৰখনৰ নাম কি ? 

উত্তৰঃ ড° ৰমেশ চন্দ্ৰ কলিতাৰ গৱেষণা পত্ৰখনৰ নাম হ’ল— ‘ প্ৰব্ৰজনকাৰীৰ সমস্যা আৰু অসম ‘ । 

৫৭। ‘ পূর্ববঙ্গ আৰু অসম ‘ নামেৰে প্ৰদেশখন কিমান চনত আৰু কি কাৰণত গঠন কৰা হৈছিল ? 

উত্তৰঃ ‘ পূর্ববঙ্গ আৰু অসম ‘ নামেৰে প্ৰদেশখন ১৯০৫ চনত ৰাজনৈতিক আৰু অৰ্থনৈতিক কাৰণত গঠন কৰা হৈছিল । 

৫৮। কিমান চনত অসম আৰু বঙ্গদেশৰ মাজত ৰে’ল পৰিবহন ব্যৱস্থা গঢ়ি উঠিছিল ? 

উত্তৰঃ ১৮৯১-৯২ চনত অসম আৰু বঙ্গদেশৰ মাজত ৰে’ল পৰিবহন ব্যৱস্থা গঢ়ি উঠিছিল । 

৫৯। পূর্ববঙ্গৰ লোকসকল অসমলৈ প্ৰব্ৰজন হোৱাৰ মূল কাৰণ আছিল ? 

উত্তৰঃ পূর্ববঙ্গৰ লোকসকল অসমলৈ প্ৰব্ৰজন হোৱাৰ মূল কাৰণ আছিল পূর্ববঙ্গত ১৮৯৩ , ১৮৯৭ আৰু ১৮৯৮ চনত হোৱা দুৰ্ভিক্ষ কেইটা । 

৬০। অসমলৈ অহা পূর্ববঙ্গীয় প্ৰব্ৰজনকাৰীসকলৰ কিমান শতাংশ মুছলমানধর্মী ? 

উত্তৰঃ অসমলৈ অহা পূর্ববঙ্গীয় প্ৰব্ৰজনকাৰীসকলৰ ৮৫ শতাংশ মুছলমানধর্মী আছিল । 

৬১। ‘ লাইন প্রথা ‘ কিমান চনত প্ৰৱৰ্তন কৰা হৈছিল ? 

উত্তৰঃ ‘ লাইন প্রথা ’ ১৯২০ চনত প্ৰৱৰ্তন কৰা হৈছিল । 

৬২। আবাস যোগ্য ভূমি কেইটা ভাগত ভাগ কৰা হৈছিল আৰু কি কি ? 

উত্তৰঃ আবাস যোগ্য ভূমি তিনিটা ভাগত ভাগ কৰা হৈছিল । সেই ভাগকেইটা হ’ল— 

( ক ) পমুৱাসকলৰ বাবে সুকীয়া বাসযোগ্য ভূমি । 

( খ ) পমুৱাসকলে বাস কৰিব নোৱাৰা ভূমি । আৰু 

( গ ) একেটা অঞ্চলৰ এফালে পমুৱাসকলে আৰু আনফালে থলুৱাসকলে বাস কৰিব পৰা ভূমি । ‘ 

৬৩। ‘ অসম সংৰক্ষিণী সভা ‘ কোনে কিমান চনত গঠন কৰিছিল ? 

উত্তৰঃ ‘ অসম সংৰক্ষিণী সভা ’ অম্বিকাগিৰি ৰায় চৌধুৰীয়ে ১৯২৪ চনত গঠন কৰিছিল । 

৬৪। কোনে কিমান চনত কি কাৰণত হিন্দু ধৰ্মী লোক আনি অসমত প্ৰতিষ্ঠা কৰাৰ প্ৰস্তাৱ দাঙি ধৰিছিল ? 

উত্তৰঃ কংগ্ৰেছ নেতা ড° ৰাজেন্দ্ৰ প্ৰসাদে ১৯২৬ চনত অসমত মুছলমান প্ৰব্ৰজনৰ ভয়াৱহতা দেখি অধিক জনবসতিৰে পূৰ্ণ বিহাৰৰ চাপ্ৰা জিলাৰ পৰা হিন্দু ধৰ্মী লোক আনি অসমত প্রতিষ্ঠা কৰাৰ প্ৰস্তাৱ দাঙি ধৰিছিল। 

৬৫। প্ৰব্ৰজনৰ বিৰুদ্ধে কোনে কিমান চনত প্রস্তাব উত্থাপন কৰিছিল ? 

উত্তৰঃ প্ৰব্ৰজনৰ বিৰুদ্ধে ১৮২৭ চনত মহাদেৱ শৰ্মাই অসম বিধানসভাত প্ৰস্তাৱ উত্থাপন কৰিছিল । 

৬৬। প্ৰব্ৰজন সমস্যাৰ সমাধান উলিয়াবৰ বাবে চৰকাৰে কাৰ নেতৃত্বত কিমান চনত পাঁচজনীয়া সর্বদলীয় সমিতি গঠন কৰি দিছিল ? 

উত্তৰঃ প্ৰব্ৰজন সমস্যাৰ সমাধান উলিয়াবৰ বাবে চৰকাৰে এ . ডব্লিউ . ব’থামৰ নেতৃত্বত ১৯২৮ চনত পাঁচজনীয়া সর্বদলীয় সমিতি গঠন কৰি দিছিল । 

৬৭। ভাৰত শাসন আইন ‘ কিমান চনত গঠন কৰা হৈছিল ? 

উত্তৰঃ ‘ ভাৰত শাসন আইন ‘ ১৯৩৫ চনত গঠন কৰা হৈছিল । 

৬৮। দ্বিতীয় বিশ্বযুদ্ধ কিমান চনত আৰম্ভ হৈছিল ? 

উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধ ১৯৩৯ চনত আৰম্ভ হৈছিল । 

৬৯। কিমান চনত চীনে ভাৰত আক্ৰমণ কৰিছিল ? 

উত্তৰঃ ১৯৬২ চনত চীনে ভাৰত আক্ৰমণ কৰিছিল । 

৭০। পূর্ব পাকিস্তানৰ মানুহৰ ভাষা কি ? 

উত্তৰঃ পূর্ব পাকিস্তানৰ মানুহৰ ভাষা হ’ল বাংলা । 

৭১। কাৰ নেতৃত্বত পূব পাকিস্তানে পশ্চিম পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ ঘোষমা কৰে ? 

উত্তৰঃ শ্বেখ মজিবুৰ ৰহমানৰ নেতৃত্বত পূৱ পাকিস্তানে পশ্চিম পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে । 

৭২। পূর্ব পাকিস্তানে কেতিয়া সম্পূর্ণভাৱে স্বাধীনতা লাভ কৰে ? 

উত্তৰঃ পূৱ পাকিস্তানে ১৯৭১ চনৰ ২৪ মাৰ্চত সম্পূর্ণভাৱে স্বাধীনতা লাভ কৰে । 

৭৩। স্বাধীনতা লাভ কৰাৰ পিছত পূৱ পাকিস্তান কি নামেৰে জনাজাত হ’ল ? 

উত্তৰঃ স্বাধীনতা লাভ কৰাৰ পিছত পূৱ পাকিস্তান বাংলাদেশ নামেৰে জনজাত হ’ল । 

৭৪। কাক শৰণাৰ্থী বুলি কোৱা হৈছিল ? 

উত্তৰঃ ১৯৪৭ চনৰ স্বাধীনতাৰ পিছৰ পৰৱৰ্তী পাঁচ বছৰ কাল দেশ বিভাজনৰ ফলত সৃষ্ট ৰাজনৈতিক আৰু সামাজিক বিশৃঙ্খলতাসমূহ আঁতৰ কৰাৰ প্ৰয়োজন হৈছিল । সেইবাবে এই সময়খিনিত যিসকলে পূৱ পাকিস্তানৰ পৰা অসমত প্ৰৱেশ কৰিছিল সেই লোকসকলক শৰণাৰ্থী বুলি কোৱা হৈছিল । 

৭৫। কোনসকল লোকক অনুপ্ৰৱেশকাৰী বুলি কোৱা হয় ? 

উত্তৰঃ ১৯৫৩ চনৰ ২৬ জানুৱাৰীৰ পিছত পূৱ পাকিস্তানৰ যিসকল লোক অসমত প্ৰৱেশ কৰিছিল তেওঁলোকক অনুপ্ৰৱেশকাৰী বুলি কোৱা হয় । 

৭৬। ‘ মেম’ৰেণ্ডাম অফ চেটেলমেণ্ট ‘ বুলি কোনখন চুক্তিক কোৱা হয় ? 

উত্তৰঃ সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ পৰিষদৰ নেতৃত্বত ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ চলা বিদেশী বস্কিাৰ আন্দোলনৰ পৰিসমাপ্তি ঘটাবলৈ ভাৰত চৰকাৰৰ সৈতে আন্দোলনকাৰীসকলৰ এখন চুক্তি সম্পাদিত হয় । এই চুক্তিখনকে ইংৰাজীত ‘ মেম’ৰেণ্ডাম অফ চেটেলমেণ্ট ’ বুলি কোৱা হয় । 

৭৭। বেল্ট আৰু ব্লক কিমান চনত গঠন হয় ? 

উত্তৰঃ বেল্ট আৰু ব্লক ১৯৪৬ চনত গঠন হয় । 

৭৮। ১৯৬২ চনত কি নীতি প্ৰৱৰ্তন কৰা হয় ? 

উত্তৰঃ ১৯৬২ চনত পাকিস্তানী অনুপ্ৰৱেশৰ বন্ধকৰণ নীতি প্ৰৱৰ্তন কৰা হয় । 

৭৯। ইন্দিৰা – মুজিব চুক্তি কিমান চনত প্ৰৱৰ্তন কৰা হয় ? 

উত্তৰ : ইন্দিৰা – মুজিৰ চুক্তি ১৯৭২ চনৰ ১৯ মাৰ্চত প্ৰৱৰ্তন কৰা হয় ।

Leave a Reply

error: Content is protected !!
Scroll to Top
Scroll to Top
adplus-dvertising