Class 12 Swadesh Adhyayan Chapter 8 প্ৰাক্‌-ব্ৰিটিছ যুগৰ অসমৰ শিল্প-উদ্যোগ

Class 12 Swadesh Adhyayan Chapter 8 প্ৰাক্‌-ব্ৰিটিছ যুগৰ অসমৰ শিল্প-উদ্যোগ Question Answer to each chapter is provided in the list of AHSEC so that you can easily browse through different chapters and select needs one. Class 12 Swadesh Adhyayan Chapter 8 প্ৰাক্‌-ব্ৰিটিছ যুগৰ অসমৰ শিল্প-উদ্যোগ Solutions can be of great value to excel in the examination.

Class 12 Swadesh Adhyayan Chapter 8 প্ৰাক্‌-ব্ৰিটিছ যুগৰ অসমৰ শিল্প-উদ্যোগ

Join Telegram channel

Class 12 Swadesh Adhyayan Chapter 8 প্ৰাক্‌-ব্ৰিটিছ যুগৰ অসমৰ শিল্প-উদ্যোগ Notes covers all the exercise questions in HS 2nd Year Swadesh Adhyayan Textbooks Solutions. Assam Board Class 12 Swadesh Adhyayan Chapter 8 প্ৰাক্‌-ব্ৰিটিছ যুগৰ অসমৰ শিল্প-উদ্যোগ Notes provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

প্ৰাক্‌-ব্ৰিটিছ যুগৰ অসমৰ শিল্প-উদ্যোগ, ব্ৰিটিছ যুগৰ অসমৰ শিল্প-উদ্যোগ

Chapter – 8

দ্বিতীয় ভাগ: বুৰঞ্জী
অনুশীলনী

১। তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা-

(ক) অসমক “পলু পোহাৰ দেশ” বুলি কোন গ্ৰন্থত কোৱা হৈছে?

উত্তৰঃ অসমক “পলু পোহাৰ দেশ” বুলি মহাকাব্য ‘ৰামায়ণ’ গ্ৰন্থত কোৱা হৈছে।

(খ) ‘থুপৰী’ মানে কি?

উত্তৰঃ বোৱা-কটা নজনা ছোৱালীক অসমীয়া সমাজত ‘থুপৰী’ বুলি কোৱা হয়।

(গ) ‘জোৰা’ নামৰ খেলটো আহোমৰ ৰাজত্বকালত কোনটো বৃত্তিৰ সৈতে জড়িত আছিল? 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ ‘জোৰা’ নামৰ খেলটো আহোমৰ ৰাজত্বকালত তাঁত শিল্পৰ সৈতে জড়িত আছিল। 

(ঘ) আহোমৰ ৰাজত্ব কালত পত্নীয়ে যুদ্ধলৈ যাবৰ বাবে ৰাতিটোৰ ভিতৰতে সুতা কাটি বৈ দিয়া কাপোৰখনৰ নাম কি? 

উত্তৰঃ আহোমৰ ৰাজত্ব কালত পত্নীয়ে যুদ্ধলৈ যাবৰ বাবে ৰাতিটোৰ ভিতৰতে সুতা কাটি বৈ দিয়া কাপোৰখনৰ নাম হ’ল— ‘কৱচ কাপোৰ’।

(ঙ) ‘সোণ খপা’ মানে কি?

উত্তৰঃ নৈৰ বালিৰ পৰা সোণ-ৰূপ উৎপাদন কৰা পদ্ধতিটোক ‘সোণ খপা’ বুলি কোৱা হয়।

(চ) ‘গুণাকটীয়া’ কি?

উত্তৰঃ ‘গুণাকটীয়া’ হ’ল এবিধ খেল।

(ছ) ‘লোৱা মাটি’ কি? 

উত্তৰঃ বাৰিষা নৈত ঢল উঠিলে পানীৰ সোঁতে পৰ্বতৰ পৰা ‘লোৱা মাটি’ বা লোৰ আকৰ মিহলি মাটি আনি নৈৰ ঠায়ে ঠায়ে চট পেলায়হি। এই চটৰ ওপৰতে পলসো পৰি খৰালিমহীয়া লোৱা মাটি বা লোৰ আকৰ মিহলি মাটিবোৰ টান হয়। ইয়াকে ‘লোৱা মাটি’ বোলে।

(জ) ‘ঢেকৰ’ কি?

উত্তৰঃ লোৰে নিৰ্মিত কিছুমান বস্তুৰ ওপৰৰ আৰু তলৰ দুয়োটা ভাগক যেতিয়া যোৰা লগোৱা হয় তাকে ‘ঢেকৰ’ বোলে। 

(ঝ) ‘খাটাং’ কি?

উত্তৰঃ বেতেৰে তৈয়াৰী শকত বাঙাক ‘খাটাং’ বোলে। যেনে— ৰাইদাং, খালৈ, বিচনী আদি।

২। চমুটোকা লিখা:

(ক) কাঁহশিল্প।

উত্তৰঃ পুৰণি অসমৰ কাঁহ শিল্পৰ বিষয়ে বৰ বেছিসমল পোৱা নাযায়। প্রাক্-আহোম যুগৰ সংগীতৰ বাদ্যযন্ত্ৰ যেনে— বৰকাহ, কাঁহ, নানাবিধ তাল, ঘণ্টা, নূপূৰ, কিংকণী আদিৰ নাম পোৱা যায়। প্রাচীন চৰ্যাপদসমূহৰ লগতে প্রাচীন গ্রন্থ কালিকা পুৰাণ, যোগিনীতন্ত্র, মাধৱ কন্দলিৰ ‘ৰামায়ণ’ লগতে চৰিত পুথিসমূহতো কাঁহৰ বিভিন্ন সামগ্ৰীৰ উল্লেখ আছে।

কাঁহৰ সামগ্ৰী নিৰ্মাণ কৰিবলৈ কঁহাৰ এজনে প্রথমে ভঙা কাঁহৰ টুকুৰাবোৰ জুইশালত গলাই লপথপীয়া কৰি লয়। তাৰ পাছত সেইবোৰ লোৰ সৰাহেৰে উলিয়াই আনি নিয়াৰিত থৈ বিভিন্ন আকাৰৰ হাতুৰি, মাঠনী আদিৰে খুন্দি প্রয়োজনীয় আকাৰ দিয়ে। আকাৰটো সম্পূৰ্ণ হৈ মনঃপুত হলে তাক কুন্দশালৰ ধুৰাত লাৰে লগাই লৈ চাঁচনিৰে চাঁচি মিহি কৰে। শেষত ছেনি আদি যতনেৰে সামগ্ৰীটোত ফুল-জালি কাটি পৰিষ্কাৰকৈ ধুই পেলায়। প্রাক্-ব্রিটিছ যুগত অসমৰ কঁহাৰসকলে তৈয়াৰ কৰা সামগ্রীসমূহ আছিল কাঁহী, বান কাঁহী, বৰকাঁহী, বেৰাকাঁহী, পানধোৱা, সৰুকাঁহী, মাইহাং, বৰবাটি, সৰুবাটি, বানবাটি, টো, থালি, চৰিয়া, লোটা, কলহ, ভোগজৰা, বটা ইত্যাদি।

(খ) তাম শিল্প।

উত্তৰঃ অসমৰ তাম শিল্প প্ৰাচীনকালৰ অন্যতম গুৰুত্বপূর্ণ শিল্প আছিল। প্রাক-ব্ৰিটিছ যুগত তামৰ ফলি, কলহ, শৰাই, সঁফুৰা, টেমা আদি বিভিন্ন সামগ্ৰী ব্যাপকভাৱে ব্যৱহৃত হৈছিল। শদিয়াৰ তাম্ৰেশ্বৰী মন্দিৰৰ চাল তামেৰে নিৰ্মিত বুলি কোৱা হয়। শিল্পীসকলে তামৰ সামগ্ৰীত সোণ-ৰূপ খটোৱা আৰু বিশেষ পাট মেৰিয়াই নতুন ৰূপ দিছিল, যি এই শিল্পৰ এক বিশেষত্ব আছিল। মধ্যযুগৰ অসমত তাম প্রধানকৈ সমীপৱৰ্তী পাহাৰীয়া জনজাতিসকলৰ পৰা সংগ্ৰহ কৰা হৈছিল। চীনদেশৰ পৰাও আনিছিল বুলি কোৱা হয়। কঁহাৰ, কমাৰ, মৰীয়া আদি বৃত্তিমূলক খেলসমূহৰ দক্ষ লোকসকল তাম শিল্পৰ সৈতে জড়িত আছিল।

মধ্যযুগৰ অসমত তাম প্রধানকৈ সমীপবর্তী পাহাৰীয়া জনজাতিসকলৰ পৰা সংগ্ৰহ কৰা হৈছিল। চীনদেশৰ পৰাও আনিছিল বুলি কোৱা হয়। কঁহাৰ, কমাৰ, মৰীয়া আদি বৃত্তিমূলক খেলসমূহৰ দক্ষ লোকসকল তাম শিল্পৰ সৈতে জড়িত আছিল।

(গ) পিতল শিল্প।

উত্তৰঃ প্রাচীন কালৰে পৰা অসমত পিতল ধাতুৰ ব্যৱহাৰ আছিল বুলি অনুমান কৰা হয়। পিতল শিল্পটো আহোম যুগত এটা গুৰুত্বপূৰ্ণ শিল্প আছিল। আহোম ৰাজত্বত পিতল শিল্প মৰীয়া খেলৰ শিল্পীসকলৰ দ্বাৰা বিকশিত হৈছিল। তাম আৰু দস্তা মিহলাই পিতল তৈয়াৰ কৰা হৈছিল। শিল্পীসকলে কাটি, জোৰা লগাই, গলাই, পিটি-খুন্দি বিভিন্ন সামগ্ৰী তৈয়াৰ কৰিছিল। মাটিৰ সাঁচত গলিত পিতল ঢালি শৰাই, কলহ, সঁফুৰা আদি সামগ্ৰী নিৰ্মাণ কৰা হৈছিল। সেই সময়ত নামঘৰ, দ’ল-দেৱালয়ৰ ডবাও পিতলৰে তৈয়াৰ কৰা হৈছিল।

তামৰ সৈতে দস্তা মিহলি কৰি মিশ্র ধাতু পিতল তৈয়াৰ কৰা হৈছিল। পিতল-শিল্পীসকলে পিতল কাটি, জোৰা লগাই, ভাতীত গলাই, নিয়াৰিত পিটি-খুন্দি বিভিন্ন সামগ্রী তৈয়াৰ কৰিছিল। মাটিৰ নির্দিষ্ট সাঁচ তৈয়াৰ কৰি সেই সাঁচত গলিত পিতল ঢালিও বিভিন্ন সামগ্রী তৈয়াৰ কৰা হৈছিল। কমাৰ শালত ব্যৱহৃত প্ৰায়বোৰ সঁজুলিয়েই পিতলৰ শালতো ব্যৱহৃত হৈছিল।

(ঘ) লা তৈয়াৰ কৰা শিল্প।

উত্তৰঃ লা তৈয়াৰ কৰা শিল্পও প্রাচীন অসমৰ এক গুৰুত্বপূর্ণ শিল্প আছিল। কাষৰীয়া পাহাৰীয়া লোকসকলৰ পৰা লা সংগ্ৰহ কৰাৰ উপৰিও আহোমৰ ৰাজত্ব কালত লা গছত ‘লা পৰুৱা’ পুহিও লাৰ খেতি কৰা হৈছিল। বিভিন্ন প্ৰকাৰৰ ৰং দীর্ঘস্থায়ী কৰিবৰ বাবে লা ব্যৱহাৰ কৰাৰ উপৰি মোহৰ, চাব আদি ৰাজকীয় ঘোষণা পত্ৰত মাৰিবৰ বাবেও লা ব্যৱহাৰ কৰা হৈছিল। সেইদৰে বিভিন্ন ধাতুৰ বাচন-বৰ্তনৰ সাঁচ আদি তৈয়াৰ কৰিবৰ বাবেও লাৰ প্ৰয়োজন হৈছিল।

(ঙ) ৰহ তৈয়াৰ কৰা শিল্প।

উত্তৰঃ আহোমৰ ৰাজত্ব কালত সৰু-বৰ পুখুৰীবোৰৰ পানী ফটফটীয়া কৰি বাখিবৰ বাবে ‘ৰহ’ (পাৰদ বা পাৰা) নামৰ এবিধ পদার্থ তৈয়াৰ কৰা হৈছিল। সাধাৰণতে বেল গছৰ আঠাৰ পৰা বিশেষ পদ্ধতিৰে এই ‘ৰহ’ তৈয়াৰ কৰা হৈছিল বুলি পোৱা যায়। ‘ৰহ’ তৈয়াৰ কৰা লোকসকল আহোম ৰাজত্বত ‘ৰসেন্দ্র বৰুৱা’ নামৰ বিষয়াজনৰ তত্বাবধানত আছিল।

৩। বোৱা কটা শিল্পৰ বিষয়ে এটি আলোচনা কৰা। 

উত্তৰঃ সূতা বৈ কাপোৰ তৈয়াৰ কৰিবৰ বাবে সাজি উলিওৱা তাঁতশালখন অসমীয়া শিপিনীৰ এক অসাধাৰণ শিল্প কর্ম। অসমীয়া তাঁতশালখনৰ লগত জড়িত বাঁহ বা কাঠেৰে তৈয়াৰ কৰা বিভিন্ন সঁজুলিবোৰৰ নামবোৰো আকর্ষণীয়- তাঁতৰ খুঁটা, টোলোঠা, ৰা‍ঁচ, দোপতি, চালি-মাৰি, বান্দৰী, নাচনী, গৰকা, মাকো, মহুৰা, চিৰি, শলি, চিপকাঠী, গেৰেলী-কাঠী আদি অনেক সঁজুলিৰে অসমীয়া তাঁতশাল সাজি উলিওৱা হয়। তাঁত বোৱা আৰু সূতা কটা কাম দুটাক একেলগে বোৱা-কটা বুলি কোৱা হয়।

অসমীয়া নাৰীৰ বাবে বোৱা-কটা কেৱল জীৱিকা নহৈ প্ৰতিভা প্ৰদৰ্শনৰ কাম আছিল। ছোৱালীয়ে ঘৰত মাক-বুঢ়ীমাকৰ পৰা এই কৌশল শিকিছিল। ৰজা ফুলেশ্বৰী কুঁৱৰী আৰু সৰ্বেশ্বৰী কুঁৱৰীয়ে ৰাজধানী ৰংপুৰত ছোৱালীৰ বাবে বোৱা-কটা শিক্ষাৰ ব্যৱস্থা কৰিছিল। বোৱা-কটা নজনাকৈ থাকিলে ছোৱালীৰে ‘থুপৰী’ বুলি হঁহা কৰা হৈছিল। যদিও সমাজত সকলো নাৰীয়ে এই কাম কৰিছিল, তথাপি তাঁতী আৰু জোলা নামে দুটা বৃত্তিজীৱী খেল আছিল। মহিলাসকলে কপাহ, এৰী, মুগা আৰু পাট কাপোৰ বৈছিল, য’ত পাট-মেজাংকৰী কাপোৰ মিহি, পাতল আৰু টেকসই আছিল। উচ্চবৰ্গীয় লোকে পাট কাপোৰ, আৰু সাধাৰণ লোকে কপাহী আৰু এৰী কাপোৰ ব্যৱহাৰ কৰিছিল। নাৰীয়ে স্বামীক যুদ্ধলৈ পঠাবলৈ ৰাতিটোৰ ভিতৰত কপাহ নেওঠি, সূতা কাটি, তাঁত লগাই মন্ত্ৰপূত কৱচ কাপোৰ বৈ দিয়াৰ কথাও বুৰঞ্জীত উল্লেখ আছে।

৪। প্রাচীন অসমত সোণ কমোৱা পদ্ধতিৰ বিষয়ে এটি আলোচনা কৰা।

উত্তৰঃ পুৰণি অসমত ব্রহ্মাপুত্র, সোৱণশিৰি, দিক্রং, দিহিং, দিবাং, দিগাক, দিচাং, ডিবুক, জাঁজী, বৰগাং, ভবলী, বুঢ়ীগাং, দিচৈ, জগলু, মানাহ আদি নৈশ বালিত সোণ কমোৱা হৈছিল। সোণ কমাবৰ বাবে নিৰ্বাচন কৰি লোৱা বালি চটটোত এডাল বাঁহৰ জোঙা মাৰিৰে তললৈ খুঁচি চায় আৰু তলত পোৱা টান বালিৰ চপৰা এচলা বাঁহত তুলি ওপৰলৈ আনি বালিচপৰাত সোণৰ ঢেঁকুৰা থকা যেন দেখিলে চটৰ কাষত বাহৰ সাজি পলস নকৰাকৈ সোণ কমাবলৈ আৰম্ভ কৰে। প্রথমে সোণোৱালসকলে সুঁতিৰ দ ঠাই ডোখৰত ভেটা মাৰে। সৰু সুঁতি হ’লে বালিৰে আৰু ডাঙৰ সুঁতি হ’লে জেং- জাবৰেৰে ভেটে। এইদৰে ভেটা মাৰিলে সোণ কমাব খোজা বালিৰ চটৰ ওপৰেদি পানীৰ সোঁতে পাক্ লৈ ওপৰৰ তৰপটো ধুই সোণ ঢেঁকুৰা মিহলি হৈ থকা বালিৰ তৰপটো উলিয়াই দিয়ে। সোণখনন প্ৰক্ৰিয়াত সোণোৱালসকলে ফুটা কলহৰ পানীৰে বালি ধুই মেৰ-ফুটা আঁতৰাই তলত সোণ মিহলি বালি সংগ্ৰহ কৰিছিল। এই সংগ্ৰহক “শিয়া” বুলি জনা যায়। কৌপাতত সোণৰ গুৰি আটকাই, লাহে লাহে একত্ৰিত কৰা হৈছিল। তাৰ পিছত পাৰদ মিহলাই পানী বাকি দিলে সোণ গাঠি বাধে। এই গাঠি শামুকৰ খোলাত নাহৰ কাঠৰ জুইত তপতাই পাৰদ উৰুৱাই বিশুদ্ধ সোণ আহৰণ কৰা হৈছিল। মাঘ, ফাগুণ, চ’ত -বছৰৰ এই খৰালি তিনিমাহেই সাধাৰণতে সোণ কমোৱা হৈছিল। অৱশ্যে কোনো কোনো ঠাইত আহিন, কাতি বা আন মাহতো সোণ কমোৱা হৈছিল। কোচ ৰজা নৰনাৰায়নে সোণৰ ‘নাৰায়ণী মুদ্রা’ প্রচলন কৰিছিল। আহোম স্বৰ্গদেউসকলেও সোণৰ মুদ্রা উলিয়াইছিল। সেইদৰে পাহাৰীয়া জনজাতিসকলেও সোণ উৎপাদন কৰিছিল। এওঁলোকৰ লগতে নৰা ৰাজ্যৰ পৰাও সোণ অসমলৈ আমদানি হৈছিল।

৫। প্রাচীন অসমৰ ৰূপ শিল্পৰ বিষয়ে এটি আলোচনা কৰা।

উত্তৰঃ প্রাচীন কামৰূপ ৰাজ্যৰ তামৰ ফলি, সংস্কৃত আৰু পুৰণি অসমীয়া সাহিত্য, বুৰঞ্জী, চৰিত পুথি আদিত ৰূপৰ ব্যৱহাৰৰ কথা উল্লেখ আছে। পুৰণি অসমত ধনশিৰি, দৈগ্ৰোং, দিয়াং, দিচৈ আদি নৈসমূহ ‘ৰূপ খপা’ বা ‘ৰূপ কমোৱা’ৰ বাবে প্ৰখ্যাত আছিল। এই নদীসমূহৰ বালিৰ পৰা ৰূপৰ ঢেঁকুৰা সংগ্ৰহ কৰি বা ৰূপ কমাই ৰূপ উৎপাদন কার্যত ৰূপোৱাল বা ঠেঙাল খেলৰ লোকসকল নিয়োজিত আছিল। ‘ৰূপ কমোৱা’ বা ‘ৰূপ খপা’ পদ্ধতিটো সোণ কমোৱা পদ্ধতিৰ সৈতে প্রায় একে আছিল। ৰূপোৱাল পাইসকল পাঁচ-ছজনীয়া দলৰ একোটা গোট হৈ নৈৰ বালি পৰীক্ষা কৰি ৰূপৰ ঢেঁকুৰা পালে সেই ঠাইতে ৰূপ খপিবলৈ আয়োজন কৰিছিল। এওঁলোকৰ দলৰ নেতাজনক ‘দলৈ’ আৰু বাকীসকলক ‘পালি’ বুলি জনা গৈছিল। সোণৰ দৰে ৰূপ কমোৱাৰো দুৰুণী-লেহেতী, চৰিয়া আদি সঁজুলিৰ প্ৰয়োজন হৈছিল। পালিসকলে বালি ধুই ৰূপৰ ঢেঁকুৰা পৃথক কৰি ৰূপ উৎপাদন কৰিছিল। অসমত বৰখামতি অঞ্চল, চীন আৰু পাহাৰীয়া জনজাতিসকলে ৰূপ যোগান ধৰিছিল।

অসমীয়া শিল্পীয়ে ৰূপৰ পৰা অলংকাৰ, ভোগজৰা, শৰাই, সঁফুৰা, মূৰ্তি আদি সামগ্রী তৈয়াৰ কৰিছিল। আহোমসকলে টকাশালত ৰূপৰ মোহৰ মৰাইছিল, আৰু কোঁচ ৰাজ্যতো নাৰায়ণী মোহৰ প্রচলিত আছিল। তদুপৰি, ৰূপৰ কাৰুকাৰ্য খচিত সামগ্রী আৰু কাপোৰত ৰূপৰ গুণা ব্যৱহাৰ কৰা হৈছিল। ৰূপৰ কামকৰা শিল্পীসকলৰ শাল সোণাৰীৰ শালৰ দৰে আছিল, মাত্ৰ বাৰ্গী, কুশাল আদি সঁজুলি বেছি ব্যৱহৃত হৈছিল।

৬। প্রাচীন অসমৰ লো শিল্পৰ বিষয়ে এটি আলোচনা কৰা।

উত্তৰঃ প্রাচীন অসমৰ এটা অন্যতম প্রধান শিল্প হ’ল ‘লো’ বা লোহা উৎপাদনৰ শিল্প। তিৰোৱাল বা লোশলীয়া খেলৰ লোকসকল প্রাচীন অসমৰ ‘লো’ উৎপাদনৰ সৈতে জড়িত হৈ আছিল। উজনি অসমৰ জয়পুৰৰ পৰা তিৰুপাহাৰ, বচা-দৈয়াঙলৈকে নগা পাহাৰৰ নামনিত অবিভক্ত শিৱসাগৰ জিলা অর্থাৎ আহোম যুগৰ ৰংপুৰ নগৰৰ দক্ষিণে লো-শালবোৰ আছিল। 

বাৰিষা নৈত ঢল উঠিলে পৰ্বতৰ পৰা লোৱা মাটি বা লোৰ আকৰ মিহলি মাটি নৈত পৰি খৰালিমহীয়া চট গঠিত হয়। লো-শলীয়া পাইকে এই মাটি চিনাকি কৰি খান্দি উলিয়াই গাতত দম কৰি ৰাখে। পাঁচজন পালি আৰু এজন ওজা মিলি কাম কৰে। লোৱা মাটিবোৰত পানী ঢালি ভৰিৰে খচকি লোৰ আকৰ পৃথক কৰা হয়। তাৰ পিছত জালীগাঁতত ৰাখি, ইকৰা খৰিৰে জুই জ্বলাই লো গলোৱা হয়। তাপৰ প্ৰভাৱত গলা লোৰ ওপৰত উঠা ডেবেৰ আঁতৰাই লো লেতুসেতু কৰা হয়। তাৰ পিছত লৰণীৰে লৰাই, কাঢ়নীৰে কাঢ়ি লো গোটা বা চেপেটা আকৃতি দিয়া হয়। ঘনাই খুন্দিলে নিকা লোডোখৰ ওলাই পৰে, যাক গোটা লো বা চিৰি লো বুলি জনা যায়।

৭। প্রাচীন অসমৰ মৃৎ শিল্পৰ বিষয়ে কি জানা লিখা।

উত্তৰঃ অসমৰ এটি প্রাচীন শিল্পৰ নাম হৈছে মৃৎ শিল্প। পুৰণি অসমত ‘কুম্ভকাৰ’ নামৰ বৃত্তিজীৱীসকল মৃৎ শিল্পৰ সৈতে জড়িত আছিল। আহোম আৰু কোচ, কছাৰী, চুতীয়া ৰাজত্বত স্বৰ্গদেউসকলৰ পৃষ্ঠপোষকতাত মৃৎ শিল্প বিকশিত হৈছিল। কুমাৰ, হীৰা, খনিকৰ আদিয়ে এই শিল্পত অৱদান ৰাখিছিল। ‘কুমাৰ মাটি’ নামেৰে জনাজাত বিশেষ মাটি নৈৰ মোহনাৰ পৰা সংগ্ৰহ কৰি সাঁচত বা জুমুঠিৰ ওপৰত লিপি বিভিন্ন পাত্ৰ তৈয়াৰ কৰা হৈছিল। শুকুৱাই পাগ্‌শালিৰ জুইত পুৰি শক্তিশালী কৰা হৈছিল।

পাত্ৰবোৰ ‘ৰাংগন মাটি’ৰে সজ্জিত কৰি মহিলাসকলে সুন্দৰ নক্সা আঁকিছিল। হীৰাসকলে পাগ্‌শালি আৰু চাক ব্যৱহাৰ নকৰাকৈ নিজস্ব কৌশলেৰে সামগ্ৰী তৈয়াৰ কৰিছিল। ‘খনিকৰ’ নামেৰে জানাজাত শিল্পীসকলে মৃন্ময় মূৰ্ত্তি, পুতলা আদিও গঢ়িছিল। ঘট, টেকেলি, কলহ, মলা, চৰু, মঠীয়া, ধুনাদানি আদি মাটিৰ সামগ্ৰী জনপ্ৰিয় আছিল। ইটা নিৰ্মাণো মৃৎ শিল্পৰ অংশ আছিল। আহোম ৰাজত্বত ‘ইটাসজীয়া’ পাইকসকলে ইটা তৈয়াৰ কৰি দৌল দেৱালয়, কাৰেং, নলা আদিৰ নিৰ্মাণত ব্যৱহাৰ কৰিছিল। ইটাবোৰ ‘কৰাল’ নামৰ বিশেষ সামগ্ৰীৰে গাঁথা হৈছিল।

৮। প্রাচীন অসমৰ অন্যান্য শিল্পসমূহৰ বিষয়ে পাঠ্যপুথিৰ সহায়ত এটি আলোচনা কৰা।

উত্তৰঃ প্রাক্-ব্ৰিটিছ যুগৰ অসমত ধুনা গছৰ পৰা সুগন্ধি ধূনা, কস্তুৰী মৃগৰ পৰা গান্ধ কলাই, সাঁচি গছৰ পৰা সুগন্ধি অগৰু আতৰ, বিভিন্ন গছ, ফুলৰ পৰা বিভিন্ন সুগন্ধি দ্ৰব্য তৈয়াৰ কৰা হৈছিল। আঠা উৎপাদক বিভিন্ন গছৰ পৰা আঠা; মিচিমি পাহাৰ; ভূটান, তিব্বত, আদিৰ পৰা বিভিন্ন প্ৰকাৰৰ ‘বিহ’ যেনে— বৰ বিহ, কণী বিহ ইত্যাদি সংগ্ৰহ কৰা হৈছিল। সেইদৰে ফেটী সাপৰ গাত কেতেকী ফুলৰ পাত বান্ধি ‘বিহ’ বা ‘বিষ’ সংগ্ৰহ কৰাৰ কথাও শুনা যায়। এনেবোৰ বিহ ঔষধি তৈয়াৰ কৰা বা অস্ত্র-শস্ত্ৰত প্ৰয়োগ কৰা আদি কামত ব্যৱহৃত হৈছিল। প্ৰাক-ব্ৰিটিছ যুগত অসমত বহুতো ঐতিহ্যবাহী শিল্প-উদ্যোগ আছিল। ‘বিহিয়া’ খেলৰ লোকসকল বিহ সংগ্ৰহৰ কাম কৰিছিল। আঁহযুক্ত গছ-বনৰ পৰা আঁহ, গড়ৰ ছালেৰে বাৰা, জন্তুৰ ছালৰ পৰা চামৰা, কুহিলা-মাদুৰি বনৰে ঢাৰি-পাটী আৰু টকৌপাতেৰে ঘৰৰ ছাল তৈয়াৰ কৰা হৈছিল। সৰিয়হৰ তেল উৎপাদন, কুঁহিয়াৰৰ গুৰ তৈয়াৰ, তাঁতশাল, কৃষি সঁজুলি আৰু নোম শিল্পো উল্লেখযোগ্য আছিল। এইবোৰৰ বহুতো শিল্প আজিও অব্যাহত থাকিলেও কিছুমান সম্পূৰ্ণৰূপে লুপ্ত হৈ গৈছে।

৯। ‘জিওগ্রাফিকেল স্কেটছ অব আসাম’ৰ লেখক কোন?

উত্তৰঃ ‘জিওগ্রাফিকেল স্কেটছ্ অব আসাম’ৰ লেখক হ’ল— জন পিটাৰ ৱেড।

১০। অসমত কেতিয়াৰ পৰা ব্ৰিটিছ শাসন আৰম্ভ হয়? 

উত্তৰঃ অসমত ১৮৩৮ চনৰ পৰা ব্ৰিটিছ শাসন আৰম্ভ হয়।

১১। অসমৰ প্ৰথম চাহ কোম্পানীটোৰ নাম কি?

উত্তৰঃ অসমৰ প্ৰথম চাহ কোম্পানীটোৰ নাম হ’ল ‘আসাম টি কোম্পানী’।

১২। টি কমিটি কোনজন গৱৰ্ণৰ জেনেৰেলৰ দিনত গঠিত হৈছিল? 

উত্তৰঃ টি কমিটি গৱৰ্ণৰ জেনেৰেল লর্ড উইলিয়াম বেণ্টিংকৰ দিনত গঠিত হৈছিল।

১৩। অসমত কেতিয়াৰ পৰা খনিজ তেলৰ প্ৰণালীবদ্ধ ব’ৰিঙ আৰম্ভ হয়?

উত্তৰঃ অসমত ১৮৬৬ চনত প্ৰথমবাৰৰ বাবে খনিজ তেলৰ প্ৰণালীবদ্ধ ব’ৰিঙ আৰম্ভ হয়।

১৪। অসমৰ চাহ গছৰ বৈজ্ঞানিকৰ নাম কি?

উত্তৰঃ অসমৰ চাহ গছৰ বৈজ্ঞানিকৰ নাম হ’ল – Camellia sinensis var assamica.

১৫। অসমৰ প্ৰথম পেট্রলিয়াম কোম্পানীটোৰ নাম কি?

উত্তৰঃ অসমৰ প্ৰথম পেট্রলিয়াম কোম্পানীটোৰ নাম হ’ল― এ. ও. চি।

১৬। ১৮৫৩ চনত লৰ্ড ডেলহাউচিয়ে কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিল?

উত্তৰঃ ১৮৩৫ চনত লৰ্ড ডেলহাউচিয়ে ভাৰতৰ ৰে’ল যাতায়াতৰ ৰাজনৈতিক, সামাজিক আৰু বাণিজ্যিক গুৰুত্বৰ কথা প্ৰকাশ কৰাৰ সিদ্ধান্ত লৈছিল।

১৭ । অসমত প্ৰথম ৰে’ল পথ কেতিয়া মুকলি কৰা হৈছিল?

উত্তৰঃ অসমত প্ৰথম ৰে’লপথ ১৮৮২ চনত মুকলি কৰা হৈছিল।

১৮। ‘অৰুণোদয়’ ক’ৰ পৰা প্ৰকাশ পাইছিল?

উত্তৰঃ ‘অৰুণোদয়’ শিৱসাগৰৰ প্ৰেছৰ পৰা প্ৰকাশ পাইছিল।

১৯। চমু টোকা লিখা:

(ক) চাহ উদ্যোগ।

উত্তৰঃ চাহগছ আৱিষ্কাৰ হোৱাৰ পাছত অসমৰ অৰ্থনীতিত অতি গুৰুত্বপূর্ণ চাহ উদ্যোগৰ বিষয়ে চিন্তা-চর্চা আৰম্ভ হৈছিল ১৮৩৪ চনত। লর্ড আর্মহার্স্টৰ সময়তে হিমালয় অঞ্চলত চাহ খেতিৰ সম্ভাৱনা পৰীক্ষা কৰিবলৈ কেবাটাও মিছন প্রেৰণ কৰা হৈছিল। বিষয়টোৱে অধিক গুৰুত্ব লাভ কৰে বেন্টিংকৰ দিনত। চাহখেতিৰ বিশদ পৰিকল্পনা প্রস্তুতকৰণৰ বাবে জি. আই গর্ডনক সচিব হিচাবে লৈ চাহ কমিটি গঠন কৰা হৈছিল। এই কমিটিয়ে অতি সোনকালে উত্তৰ-পূব সীমান্ত, নীলগিৰি আৰু হিমালয়ৰ পাদদেশত অনুসন্ধান আৰম্ভ কৰে। চাহ কমিটিৰ সচিব গর্ডন চাহপুলি আৰু শ্রমিক সংগ্ৰহৰ বাবে চীনদেশলৈ গৈছিল। অসমৰ কমিছনাৰ জেনকিন্সেও লেফটেনেন্ট চার্লটনৰ সৈতে শদিয়াত চাহ গছৰ অনুসন্ধান কৰিছিল। তেওঁলোকে শদিয়া আৰু বিচাত বনৰীয়া চাহ গছ প্রত্যক্ষ কৰি উৎসাহী হৈ পৰিছিল আৰু লগে লগে এটা বিৱৰণ প্ৰস্তুত কৰি চাহ কমিটিক জনাইছিল। শদিয়াত চাহ গছৰ আৱিষ্কাৰে স্বাভাৱিকতে কোম্পানী চৰকাৰক উজনি অসমৰ প্ৰতি আকৰ্ষিত কৰিছিল।

(খ) পেট্রলিয়াম উদ্যোগ।

উত্তৰঃ অসমৰ অৰ্থনীতিত তেল উদ্যোগৰো বিশেষ ভূমিকা আছে। ১৮২৬ চনতে কেপ্তেইন উইলকক্সে শিৱসাগৰ জিলাৰ দক্ষিণ-পশ্চিমে খনিজ তেল আৰু কয়লক্ষেত্র প্রত্যক্ষ কৰিছিল। খনিজ তেল শোধন কৰিবলৈ বৰ্তমান অসমত ডিগবৈ, নুনমাটি, বঙাইগাঁও আৰু নুমলীগড়ত চাৰিটা শোধনাগাৰ আছে। ইয়াৰ ভিতৰত একমাত্র ডিগবৈ শোধনাগাৰ স্বাধীনতাৰ পূৰ্বে স্থাপন কৰা হৈছিল। অসমত খনিজ তেলৰ প্ৰথম প্ৰণালীবদ্ধ খনন ১৮৬৬ চনত আৰম্ভ হৈছিল, কিন্তু যাতায়াতৰ অভাৱত সফল নহ’ল। ১৮৮২ চনত আসাম ৰে’লৱে এণ্ড ট্রেডিং কোম্পানীক তেল আহৰণৰ অনুমতি দিয়া হয়। ১৮৮৮ চনত আৰ. এইচ. টাউনচেণ্ডে মাকুম তৈলক্ষেত্ৰ জৰীপ কৰি ডিগবৈত সফল ব’ৰিং সম্পন্ন কৰে। ১৮৯৮ চনলৈ এ. আৰ. টি. চিয়ে তেল খাদত কাম চলাই মাৰ্ঘেৰিটাত ৰিফাইনেৰী স্থাপন কৰে। ১৯০১ চনত লণ্ডনত ৩১০,০০০ পাউণ্ড বিনিয়োগেৰে ‘আসাম অইল কোম্পানী’ গঠন হয়। নতুন কোম্পানীয়ে ডিগবৈত তেল শোধনাগাৰ স্থাপন কৰি ১৯১১ চনত ৩.৫৬ মিলিয়ন গেলন পেট্ৰ’ল উৎপাদন কৰে, যিয়ে অসমৰ অর্থনৈতিক ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰে।

(ঘ) এইচ. বি মেডলিকট।

উত্তৰঃ এইচ. বি. মেডলিকট (H. B. Medlicott) এজন ইংৰাজ ইতিহাসবিদ আছিল। তেওঁ “অর্থনৈতিক ইতিহাস” (Economic History) ৰ পিতৃ হিচাপে জনাজাত। মেডলিকট ভাৰতৰ ইতিহাসত বিশেষকৈ ১৮৫৭ চনৰ মহাবিদ্ৰোহ (Sepoy Mutiny) ক প্ৰথম স্বাধীনতা সংগ্ৰাম হিচাপে বিবেচনা কৰিছিল। এই মতবাদত তেওঁ ক’লে যে এই বিদ্ৰোহ কেৱল সৈনিক বিদ্ৰোহ নহয়, ই আছিল এক বিস্তৃত গণআন্দোলন। মেডলিকটে বিশ্বাস কৰিছিল যে ইংৰাজ শাসনৰ অধীনত হোৱা সামাজিক, ধৰ্মীয় আৰু অৰ্থনৈতিক শোষণই এই বিদ্ৰোহৰ মূল কাৰণ আছিল। তেওঁ ভাৰতীয় ইতিহাস অধ্যয়ন কৰোঁতে অৰ্থনৈতিক দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল, যাৰ জৰিয়তে তেওঁ “Economic Interpretation of Indian History” মতবাদ আগবঢ়ায়। ইতিহাসৰ ক্ষেত্ৰত তেওঁৰ এই অৱদান বিশেষকৈ ভাৰতীয় বিদ্ৰোহৰ ব্যাখ্যাত এক নতুন পৰিপ্ৰেক্ষিত আগবঢ়োৱা বাবে জনাজাত।

২০। অসমত পেট্ৰ’লিয়াম উদ্যোগৰ আৰম্ভণি সম্পর্কে এটি টোকা প্রস্তুত কৰা।

উত্তৰঃ অসমৰ অৰ্থনীতিত তেল উদ্যোগৰ বিশেষ ভূমিকা আছে। ১৮২৬ চনত কেপ্তেইন উইলকক্সে শিৱসাগৰত খনিজ তেল আৰু কয়লাক্ষেত্ৰৰ সন্ধান পায়। ১৮৬৬ চনত প্ৰথম প্ৰণালীবদ্ধ তেল খনন আৰম্ভ হলেও সফল হোৱা নাছিল। ১৮৮২ চনত আসাম ৰে’লৱে এণ্ড ট্রেডিং কোম্পানীয়ে তেল আহৰণৰ অনুমতি লাভ কৰে, আৰু ১৮৮৮ চনত আৰ. এইচ. টাউনচেণ্ডে ডিগবৈত সফল ব’ৰিং কৰে। ১৯০১ চনত ‘আসাম অইল কোম্পানী’ গঠন হয় আৰু ডিগবৈত তেল শোধনাগাৰ স্থাপন কৰে। বৰ্তমান অসমত ডিগবৈ, নুনমাটি, বঙাইগাঁও আৰু নুমলীগড়ত চাৰিটা তেল শোধনাগাৰ আছে।

১৮৯৮ চনলৈকে এ. আৰ. টি. চিয়ে বিভিন্ন গভীৰতাৰ দহটা তৈল খাদত কাম কৰি আছিল যদিও তেল আহৰণৰ পৰিমাণ যথেষ্ট কম আছিল। এ. আৰ.টি.চিয়ে মাৰ্ঘেৰিটাত এটা সৰু ৰিফাইনেৰী খুলি লৈছিল। লণ্ডনত ৩১০,০০ পাউণ্ড ষ্টালিঙৰ এটা পুঁজিৰ বিনিয়োগত আসাম অইল কোম্পানী খোলা হৈছিল। নতুনকৈ গঠন কৰা এ.ও.চিয়ে এ. আৰ. টি. চি আৰু তেল চিণ্ডিকেটৰ পৰা সমূহ তৈলক্ষেত্ৰৰ দায়িত্ব লৈ উৎপাদন কাৰ্য আৰম্ভ কৰিবলৈ আগবাঢ়িছিল। মাকুম আৰু ডিগবৈৰ তৈলক্ষেত্ৰসমূহ এইদৰে ‘আসাম অইল কোম্পানী লৈ হস্তান্তৰ হৈছিল। এ. ও. চি অসমৰ প্ৰথমটো পেট্ৰ’লিয়াম কোম্পানী হিচাবে অর্থনৈতিক ক্ষেত্ৰত যথেষ্ট গুৰুত্ব লাভ কৰিছিল। এ. আৰ. টি. চিৰ চেয়াৰমেন লৰ্ড ৰিবলছডেল ‘আসাম অইল কোম্পানী’ৰ চেয়াৰমেন নিযুক্ত হৈছিল। ডিগবৈত সদৰ কাৰ্যালয় আৰু এটা ডাঙৰ শোধনাগাৰ স্থাপন কৰাৰ পিছত কোচিন তেল, মম, লুব্রিকেণ্টছ আদি পেট্ৰ’লজাত সামগ্ৰীৰ উৎপাদন আৰম্ভ হৈছিল। ১৯১১ ৩,৫৬৫,১৬৩ গেলন পেট্ৰ’ল উৎপাদিত কৰিছিল।

২১। অসমীয়া ভাষা সাহিত্যলৈ ব্যাপ্তিষ্ট মিচনেৰীসকলৰ অৱদানৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ ঔপনিৱেশিক শাসনকালত মিছনেৰীসকলৰ আগমনে অসমত শিক্ষাৰ প্ৰসাৰ, খ্ৰীষ্টধৰ্মৰ প্ৰচাৰ, আৰু ভাষাগত উন্নতি সাধন কৰে। ১৮২৯ চনত গুৱাহাটীত শ্ৰীৰামপুৰ মিছনৰ শাখা স্থাপিত হয়। ১৮৩৬ চনত নাথান ব্রাউন আৰু অলিভাৰ কট্টাৰ শদিয়াত উপস্থিত হয়, আৰু ১৮৪৫ চনত গুৱাহাটীত প্রথম ব্যাপ্টিষ্ট চাৰ্চ স্থাপিত হয়। মিছনেৰীসকলে শিক্ষা, চিকিৎসা, আৰু সমাজসেৱাৰ জৰিয়তে প্ৰভাৱ বিস্তাৰ কৰে। অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠা আৰু খ্ৰীষ্টান অসমীয়া সাহিত্যৰ বিকাশত ব্ৰাউন, ব্ৰনছন, আৰু ফাৰৱেল গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰে। ১৮৪৬ চনত প্ৰকাশিত ‘অৰুণোদয়’ প্ৰথমখন অসমীয়া মাহেকীয়া আলোচনী আছিল। ‘অৰুণোদয়’ৰ প্ৰকাশক আছিল অলিভাব থমাছ কৰ্টাৰ। মিছনেৰীসকল অহাৰ পিছত অসমত নতুন ধ্যান-ধাৰণাৰ প্ৰসাৰ, অর্থনৈতিক ক্ষেত্ৰসমূহৰ সম্প্ৰসাৰণে লাহে লাহে অসমৰ সামাজিক ব্যৱধান কিছু হ’লেও শিথিল কৰিছিল। পুৰণি পৰম্পৰা, অন্ধবিশ্বাসৰ কুঁৱলীবোৰ লাহে লাহে আঁতৰ হৈছিল।

২২। ব্রিটিছ শাসনে অসমলৈ কেনেধৰণৰ পৰিৱৰ্তন আনিছিল আলোচনা কৰা।

উত্তৰঃ অসমত আধুনিক যুগৰ আঁচনি আৰম্ভ হয় ঔপনিৱেশিক কালছোৱাত। আহোমৰ শাসন কালছোৱাত নানান ধৰণৰ গ্ৰাম্য-শিল্পৰ কর্ম চলিছিল যদিও সেইবোৰ চলিছিল কেৱল ৰাজাখনৰ লোসকলৰ চাহিদা পূৰণৰ অর্থেহে, তাত ব্যৱসায় আৰু বাণিজ্যিক লাভালাভৰ দিশটোৱে মুঠেও স্থান পোৱা নাছিল। কিন্তু ব্রিটিছৰ শাসন কালত ইয়াত কিছুমান বৃহৎ উদ্যোগ গঢ় লৈ উঠে আৰু সেইবোৰে ব্রিটিছৰ অর্থনৈতিক লাভালাভত বিশেষ বৰঙণি আগবঢ়োৱাৰ উপৰি পৰিৱৰ্তী কালৰ অসমৰ অর্থনৈতিক জীৱনলৈও গুৰুত্বপূর্ণ অৱদান আগবঢ়ায়। ব্রিটিছ শাসনত গঢ়ি উঠা অসমৰ প্রধান প্রধান উদ্যোগসমূহ তলত উল্লেখ কৰা হ’ল।

(ক) চাহ উদ্যোগ: চাহগছ আৱিষ্কাৰ হোৱাৰ পাছত অসমৰ অর্থনীতিত অতি গুৰুত্বপূর্ণ চাহ উদ্যোগৰ বিষয়ে চিন্তা-চৰ্চা আৰম্ভ হৈছিল ১৮৩৪ চনত। তদানীন্তন গৱর্ণৰ জেনেৰেল (লর্ড উইলিয়াম বেন্টিংক) পৰিষদে চাহ খেতিৰ পৰিকল্পনা যুগুত কৰিবলৈ এখন চাহ কমিটি (Tea Committee) নিয়োগ কৰিছিল ১৮৩৪ চনত। সেই সময়ত চাহ ব্যৱসায় নিয়ন্ত্রণ কৰিছিল চীনাসকলে। ব্ৰিটিছসকলৰ চীন চৰকাৰৰ সৈতে সম্পৰ্ক সিমান সৌহাদ্যপূর্ণ নাছিল। তেনে পৰিস্থতিত কোম্পানী চৰকাৰে চাহৰ বিকল্প উৎসৰ সন্ধান কৰিছিল যাতে চাহপাতৰ যোগান নিয়মীয়া কৰিব পৰা যায়। ইতিমধ্যে চাহ বৃটিছসকলৰ প্রিয় পানীয় হৈ পৰিছিল। লর্ড আমহার্স্টৰ সময়তে হিমালয় অঞ্চলত চাহ খেতিৰ সম্ভাৱনা পৰীক্ষা কৰিবলৈ কেবাটাও মিছন প্ৰেৰণ কৰা হৈছিল।

(খ) খনিজ তেল উদ্যোগ: অসমৰ অৰ্থনীতিত তেল উদ্যোগৰো বিশেষ ভূমিকা আছে। ১৮২৬ চনতে কেপ্তেইন উইলকক্সে শিৱসাগৰ জিলাৰ দক্ষিণ-পশ্চিমে খনিজ তেল আৰু কয়লাক্ষেত্র প্রত্যক্ষ কৰিছিল। কোম্পানীৰ শাসনকালত তেল উদ্যোগৰ সূচনা হৈছিল। আহৰণ কৰা খনিজ তেল শোধন কৰিবলৈ বর্তমান অসমত ডিগবৈ, নুনমাটি, বঙাইগাঁও আৰু নুমলীগড়ত চাৰিটা শোধনাগাৰ আছে। ইয়াৰ ভিতৰত একমাত্র ডিগবৈ শোধনাগাৰ (এচিয়াৰ প্ৰথম শোধনাগাৰ) স্বাধীনতাৰ পূৰ্বে স্থাপন কৰা হৈছিল।

কমিছনাৰ জেনকিঞ্চে উজনি অসম ভ্রমণ কালত ১৮৩৮ চনত বৰহাটৰ ওচৰত কেবাটাও তেলৰ ফোঁৱাৰা (Oil spring) প্রত্যক্ষ কৰিছিল।

(গ) ৰে’ল যাতায়াত: ভাৰতবৰ্ষত ৰাজনৈতিক ক্ষমতা অধিকাৰ আৰু আধিভৌমিক সম্প্রসাৰণৰ লগে লগে ব্রিটিছ প্রশাসনে যাতায়াত ব্যৱস্থা উন্নীতকৰণৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিছিল। ইয়াৰ ভিতৰত ৰে’ল যাতায়াত ব্যৱস্থাই সর্বাধিক গুৰুত্ব লাভ কৰিছিল। ১৮৩১-৩২ চন মানৰ পৰাই দক্ষিণ ভাৰতত ৰে’ল যাতায়াত ব্যৱস্থা প্ৰৱৰ্তনৰ প্ৰস্তাৱ বিবেচনা কৰা হৈছিল। এইক্ষেত্রত আটাইতকৈ গুৰুত্বপূর্ণ সিদ্ধান্তটো লৈছিল গৱৰ্ণৰ জেনেৰেল ডেলহাউছিয়ে ১৮৫৩ চনৰ লিখিত কার্য-বিৱৰণী (Minute) ৰ জৰিয়তে।

১৮২৬ চনত অসম কোম্পানী শাসনাধীন হোৱাৰ পিছত ৰাজনৈতিক আৰু আর্থ-সামাজিক ক্ষেত্রত পৰিৱৰ্তনৰ এটা ধাৰা আৰম্ভ হৈছিল। ইষ্ট-ইন্ডিয়া কোম্পানীয়ে ব্যৱসায়িক স্বার্থত অসমৰ সম্পদসমূহ ব্যৱহাৰৰ বাবে বিভিন্ন পদক্ষেপ লৈছিল।

(ঘ) ইনাৰ লাইন: ব্রিটিছ শাসনকালত সীমান্তৱর্তী পাহাৰীয়া অঞ্চলসমূহৰ লগত ৰাজনৈতিক সম্পর্ক ৰক্ষা কৰাৰ বাবে গ্রহণ কৰা ব্যৱস্থা। এই ব্যৱস্থা অনুসৰি ইনাৰ লাইন নামে এক সীমা নিৰ্দ্ধাৰণ কৰা হয় পাহাৰ আৰু ভৈয়ামৰ মাজত। ভৈয়ামৰ মানুহে সেই সীমা অতিক্রম কৰি পাহাৰীয়া অঞ্চলসমূহত প্রৱেশ কৰিবলৈ চৰকাৰী অনুমতি ল’ব লাগিছিল।

1 thought on “Class 12 Swadesh Adhyayan Chapter 8 প্ৰাক্‌-ব্ৰিটিছ যুগৰ অসমৰ শিল্প-উদ্যোগ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top