Class 12 Swadesh Adhyayan Chapter 6 অসমৰ ৰাজনৈতিক বিকাশ (১৮২৬-১৯৮৫)

Class 12 Swadesh Adhyayan Chapter 6 অসমৰ ৰাজনৈতিক বিকাশ (১৮২৬-১৯৮৫) Solution, স্বদেশ অধ্যয়ন Class 12 Question Answer to each chapter is provided in the list of AHSEC so that you can easily browse through different chapters and select needs one. Class 12 Swadesh Adhyayan Chapter 6 অসমৰ ৰাজনৈতিক বিকাশ Question Answer can be of great value to excel in the examination.

Join Telegram channel

Class 12 Swadesh Adhyayan Chapter 6 অসমৰ ৰাজনৈতিক বিকাশ Notes covers all the exercise questions in HS 2nd Year Swadesh Adhyayan Textbooks. The Assam Board Class 12 Swadesh Adhyayan Chapter 6 অসমৰ ৰাজনৈতিক বিকাশ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

অসমৰ ৰাজনৈতিক বিকাশ (১৮২৬-১৯৮৫)

Chapter – 6

দ্বিতীয় ভাগ: বুৰঞ্জী

অনুশীলনী প্রশ্নোত্তৰ

তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া । 

১। ” ( ক ) ইয়াণ্ডাবু সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল ? 

উত্তৰঃ ১৮২৬ চনত । 

( খ ) ইয়াণ্ডাবু সন্ধিৰ যিকোনো এটা চৰ্ত লিখা । 

উত্তৰঃ ব্ৰহ্মদেশ আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত স্থায়ী শান্তি আৰু বন্ধুত্বপূর্ণ সম্পর্ক ৰক্ষা কৰা হ’ব । 

( গ ) প্রথম ইংগ – বার্মা যুদ্ধ কিমান চনত সংঘটিত হৈছিল ? 

উত্তৰঃ ১৮২৪ চনত ।

( ঘ ) গোমধৰ কোঁৱৰ কোন আছিল ? 

উত্তৰঃ গোমধৰ কোঁৱৰ অসম তথা ভাৰতৰ এজন স্বাধীনতা সংগ্রামী আছিল । 

( ঙ ) মিলচ্ প্রতিবেদন কিমান চনত দাখিল কৰা হৈছিল ? 

উত্তৰঃ ১৮৫৩ চনত । 

২। চমুটোকা লিখা : 

( ক ) ইয়াণ্ডাবু সন্ধি ।

উত্তৰঃ ১৮২৩ চনৰ নৱেম্বৰ মাহত ৰংপুৰৰ কমিছনাৰৰ দায়িত্বৰ লগতে ডেভিদ স্কটক উত্তৰ – পূৱ সীমান্তৰ গৱৰ্ণৰ জেনেৰেলৰ এজেন্ট হিচাপে নিযুক্তি প্রদান কৰে । ডেভিদ স্কটে পঠোৱা কেইবাখনো প্রতিবেদন চালি জাৰি চাই , ইষ্ট – ইণ্ডিয়া কোম্পানীৰ গভৰ্ণৰ জেনেৰেল পৰিষদে মানক কঠোৰ শাস্তি প্ৰদান কৰা আৰু অসমৰ পৰা খেদি পঠিওৱাৰ বাবে নীতি নিৰ্ধাৰণ কৰে । আৰকান , অসম আৰু কাছাৰত মানে কৰা অনুপ্ৰেৱশৰ ঘটনাক ইষ্ট – ইণ্ডিয়া কোম্পানী আৰু ব্ৰহ্মদেশৰ মাজৰ যুদ্ধ সদৃশ বাতাবৰণ বুলি বিবেচনা কৰা হয় আৰু ১৮২৪ চনত ব্ৰহ্মদেশৰ বিৰুদ্ধে ইষ্ট – ইণ্ডিয়া কোম্পানীয়ে যুদ্ধ ঘোষণা কৰে। 

লেফটেনেন্ট ক’ল’নেল ৰিচাৰ্ডৰ নেতৃত্বত এটা ব্ৰিটিছ সেনাবাহিনী ব্রহ্মপুত্র উপত্যকালৈ অগ্ৰসৰ হয় আৰু ৰংপুৰ অধিকাৰ কৰে । কাছাৰ আৰু মণিপুৰৰ পৰাও মানসকলক খেদি পঠিওৱা হয় । একে সময়তে আৰকান , টেনাচেৰিম , পেগু আৰু উজনি ব্ৰহ্মদেশত ইংৰাজ সেনাই মানৰ বিৰুদ্ধে সামৰিক অভিযান চলায় আৰু ইয়াৰ ফলত ব্ৰহ্মদেশৰ বৃহৎ ক্ষতি হয় । ইতিমধ্যে ১৮২৫ চনৰ এপ্ৰিল মাহত মিঙ্গিমাহা বন্দুলাৰ মৃত্যু হয় আৰু ১৮২৬ চনত মানে ব্ৰিটিছ সেনাৰ বিৰুদ্ধে প্রয়োজনীয় প্ৰতিৰোধ গঢ়ি তোলাত বিফল হয় । জেনেৰেল আৰ্চিবল কেম্বেলৰ নেতৃত্বত মূল ব্ৰিটিছ সেনাবাহিনীয়ে ব্রহ্মদেশৰ ৰাজধানী আভাৰ ওচৰত অৱস্থিত ইয়াণ্ডাবু নামৰ এখন গাঁৱত উপস্থিত হয় । 

এনে পৰিস্থিতিত বাধ্য হৈ মান বজা বা – গী দাওয়ে ইংৰাজক সন্ধিৰ প্ৰস্তাৱ আগবঢ়ায় । মান ৰজা বা – গী – দাও আৰু জেনেৰেল আৰ্চিবৰ কেম্বেলৰ মাজত ১৮২৩ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে ঐতিহাসিক ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হয় । ইয়াণ্ডাবু সন্ধিৰও ভালেমান গুৰুত্বপূর্ণ চর্ত সন্নিবিষ্ট কৰা হয় আৰু অসম তথা দাঁতিকাষৰীয়া ৰাজ্যসমূহৰ ওচৰত ইয়াৰ প্ৰভাৱ পৰাতো বাৰুকৈয়ে পৰিলক্ষিত হয় । 

ইংগ – বাৰ্মাৰ যুদ্ধৰ আৰম্ভণিতে ইষ্ট – ইণ্ডিয়া কোম্পানীয়ে অসম ভূমিক মানৰ কবলৰ পৰা উদ্ধাৰ কৰি উভতি যোৱাৰ ইচ্ছা ব্যক্ত কৰিছিল যদিও দক্ষিণ পূৱ এছিযাত ব্ৰিটিছ সাম্রাজ্যবাদী আকাংক্ষা পূৰণৰ লক্ষ্য আহোম ৰাজবংশৰ প্রতিনিধি সকলৰ মাজত সিংহাসনক লৈ হোৱা 

প্ৰতিযোগিতা আৰু অসমৰ প্ৰাকৃতিক সম্পদাজিক উপনিবেশিক শোষণৰ আওতালৈ অনাৰ বাবে ইষ্ট – ইণ্ডিয়া কোম্পানীয়ে আহোম ৰাজবংশৰ প্রতিনিধিৰ সৈতে কোনো আলাপ আলোচনা নকৰাকৈ ব্ৰহ্মদেশৰ ৰজাৰ সৈতে সন্ধিত মিলিত হৈ অসমৰ ভৱিষ্যত নির্ণয় কৰিছিল । 

এই সন্ধিৰ চৰ্তাৱলী তলত উল্লেখ কৰা হ’ল ―

( ১ ) ব্ৰহ্মদেশ আৰু ইষ্ট – ইণ্ডিয়া কোম্পানীৰ মাজত স্থায়ী শান্তি আৰু বন্ধুত্বপূর্ণ সম্পর্ক ৰক্ষা কৰা হ’ব । 

( ২ ) অসম , মণিপুৰ আৰু আৰকান অঞ্চলবোৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ অধীনলৈ যায় ; লগতে আভাৰ ৰজাই কছাৰী ৰাজ্য আৰু জয়ন্তীয়া ৰাজ্যৰ বিৰুদ্ধে কৰা আচৰণ বন্ধ কৰিবলৈ সন্মতি প্ৰদান কৰে। 

( ৩ ) যুদ্ধৰ ক্ষতি পূৰণ হিচাপে মান বজাই ইষ্ট – ইণ্ডিয়া কোম্পানীক এক নিযুত পাউণ্ড আদায় দিবলৈ মান্তি হয় । 

( 8 ) ব্ৰহ্মদেশৰ ৰাজধানী আভাত ইষ্ট – ইণ্ডিয়া কোম্পানীৰ কূটনৈতিক প্রতিনিধি ৰখাৰ অনুমতি প্রদান কৰা হয় ।

এই সন্ধিৰ দুই নম্বৰ চৰ্ত অনুসৰি অসমখন ইষ্ট – ইণ্ডিয়া কোম্পানীক এৰি দিয়া বুলি উল্লেখ কৰিলেও বিষয়টোৰ সন্দৰ্ভত ইয়াণ্ডাবু সন্ধিত সুস্পষ্টভাৱে উল্লেখ কৰা নাই । সন্ধিৰ দুই নম্বৰ দফাটোত এইদৰে উল্লেখ আছে— ‘ আভাৰ ৰজাই অসম ৰাজ্যৰ ওপৰত থকা তেওঁৰ দাবী উঠাই লয় আৰু এই ৰাজ্য তথা ইয়াৰ তলতীয়া ৰাজ্যসমূহৰ লগতে চুবুৰীয়া ক্ষুদ্ৰ ৰাজ্য কাছাৰ আৰু জয়ন্তীয়াৰ ক্ষেত্ৰত ভৱিষ্যতে হস্তক্ষেপ নকৰে । ” 

সন্ধিত উল্লেখ কৰে যে মণিপুৰৰ ৰজা গম্ভীৰ সিঙে নিজ ৰাজ্যলৈ উভতি যোৱাৰ ইচ্ছা প্ৰকাশ কৰিলে , ব্ৰহ্মদেশৰ ৰজাই তেওঁক মণিপুৰৰ ৰজা হিচাপে স্বীকৃতি দিব লাগিব । এই কথাখিনিৰ বাবে অসম , কাছাৰ , জয়ন্তীয়া আৰু মণিপুৰৰ বিষয়ে চুক্তিৰ আন কোনো চৰ্তত একো কথা উল্লেখ কৰা নাই । সন্ধিৰ দুই নম্বৰ দফাটোৱে অসম , কাছাৰ আৰু জয়ন্তীয়াক সমান মর্যাদা প্রদান কৰিছে আৰু অসমৰ ক্ষেত্ৰত কোনো ধৰণৰ কথা বিশেষভাৱে সন্নিৱিষ্ট কৰা হোৱা নাই । 

ইয়াণ্ডাবু সন্ধিৰ ফলাফল : এই সন্ধিৰ ফলস্বৰূপে ইষ্ট – ইণ্ডিয়া কোম্পানীয়ে কাছাৰ , জয়ন্তীয়া , মণিপুৰ আৰু অসমৰ ক্ষেত্ৰত গ্ৰহণ কৰা ৰাজনৈতিক সিদ্ধান্তবোৰ লক্ষ্য কৰিবলগীয়া । কোম্পানীয়ে ৰজা গোবিন্দ চন্দ্ৰ আৰু ৰজা ৰামসিংহক কাছাৰ আৰু জয়ন্তীয়া ৰাজ্য দুখন

শাসন কৰাৰ কৰ্তৃত্ব প্রদান কৰে যদিও আহোম ৰাজ প্রতিনিধি সকলৰ ক্ষেত্ৰত এনে অধিকাৰ প্ৰদান কৰাৰ পৰা বিৰত থাকে । 

কাছাৰ : কাছাৰৰ ৰজা গোবিন্দ চন্দ্ৰই কোম্পানীক ১০,০০০ টকা বছৰেকীয়া বৰঙণি দিয়াৰ লগতে কাছাৰৰ আভ্যন্তৰীণ প্ৰশানত ব্ৰিটিছৰ হস্তক্ষেপ মানি লৈছিল । 

জয়ন্তীয়া : জয়ন্তীয়া ৰজা ৰাম সিংহই কাছাৰৰ দৰে বছৰেকীয়া বৰঙণি দিবলগীয়া নহ’লেও তেওঁ ব্ৰিটিছ চৰকাৰৰ সামৰিক অভিযানবোৰত সহায় কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল আৰু ৰাজ্যখনৰ আভ্যন্তৰীণ প্রশাসন পৰিচালনাৰ ক্ষেত্ৰত গৱৰ্ণৰ জেনেৰেল কাউন্সিলৰ পৰামৰ্শ মানি চলিবলগীয়া হৈছিল । 

মণিপুৰ : মণিপুৰৰ বেলিকা ব্ৰিটিছৰ নীতি কিছু সুকীয়া আছিল । ইংগ – বার্মা যুদ্ধ কালত ব্ৰিটিছে মণিপুৰৰ ৰজা গম্ভীৰ সিং ৰ আনুগত্যক লৈ সন্দেহ প্ৰকাশ কৰিছিল যদিও মানক কাছাৰ আৰু মণিপুৰৰ পৰা বিতাৰণ কৰাৰ ক্ষেত্ৰত তেওঁ লোৱা ভূমিকা আছিল প্রশংসনীয় । আভাত থকা ব্ৰিটিছ প্ৰতিনিধি মেজৰ বাৰ্ণিয়ে প্ৰেৰণ কৰা প্ৰতিবেদনত উল্লেখ কৰা মতে , ভৱিষ্যতে ব্রহ্মদেশে মণিপুৰৰ ওপৰত অধিকাৰ সাব্যস্ত কৰাৰ দাবী উত্থাপন নকৰে । যদিও যুদ্ধৰ সময়ত ব্ৰহ্মদেশৰ পৰা গম্ভীৰ সিঙে দখল কৰা ‘ কাব ’ উপত্যকা ঘূৰাই বিচাৰে । 

অসম : অসমৰ ক্ষেত্ৰত ইয়াণ্ডাবু সন্ধিৰ প্ৰভাৱ আছিল সম্পূর্ণ সুকীয়া । অসমক কাছাৰ আৰু জয়ন্তীয়াৰ সৈতে সন্ধিৰ দুই নম্বৰ দফাত অন্তৰ্ভূক্ত কৰিলেও , ব্ৰিটিছে অসম অধিকাৰ কৰাৰ কোনো বাধাৰ সন্মুখীন হোৱা নাছিল । ১৮২৩ চনতে ডেভিদ স্কটে আহোম ৰাজ পৰিয়ালৰ উপযুক্ত প্রতিনিধি এগৰাকীক অসম শাসনৰ দায়িত্ব দিয়াৰ প্ৰস্তাৱ আগবঢ়াইছিল। ইংগ – বার্মা যুদ্ধৰ প্ৰাক্‌ মুহূৰ্তত অসম অধিগ্ৰহণ নকৰে বুলি কৰা ঘোষণা , ইয়াণ্ডাবু সন্ধিৰ পিছত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে দুটা যুক্তিৰ বিনিময়ত সলনি কৰা বুলি নিজৰ গোপন সাম্রাজ্যবাদী আকাংক্ষা প্রতিপন্ন কৰিবলৈ বিচাৰিছিল । 

যুক্তি দুটা হ’ল— ভৱিষ্যতে ব্ৰহ্মদেশৰ পৰা হ’ব পৰা আক্ৰমণ প্রতিহত কৰা আৰু অসমৰ অৰাজক অৱস্থাই ব্ৰিটিছ ৰাজ্যৰ সীমামূৰীয়া অঞ্চলত অস্থিৰতা সৃষ্টিৰ সুযোগ নাইকিয়া কৰা । দ্বিতীয়তে অঞ্চলটোত নতুনকৈ আৱিষ্কাৰ হোৱা অর্থনৈতিক সম্পদ লুণ্ঠনৰ সম্ভাৱনাই ইষ্ট – ইণ্ডিয়া কোম্পানীক অসমখনক নিগাজিকৈ দখল কৰাৰ বাবে উৎসাহিত কৰিছিল । কিয়নো ইষ্ট – ইণ্ডিয়া মুখ্যত আছিল এটা ব্যৱসায়িক প্রতিষ্ঠান আৰু কোম্পানীটোয়ে অর্থনৈতিক স্বাৰ্থৰ দ্বাৰা পৰিচালিত হৈছিল । এইবোৰ কাৰণতে সাম্রাজ্যবাদী ইষ্ট ইণ্ডিয়া কোম্পানীটোৱে অৰ্থনৈতিক স্বাৰ্থৰ দ্বাৰা পৰিচালিত হৈছিল । এইবোৰ কাৰণতে সাম্ৰাজ্যবাদী ইষ্ট – ইণ্ডিয়া কোম্পানীয়ে অসমৰ ৰাজনৈতিক কৰ্তৃত্ব নিজৰ অধীনলৈ নিছিল । 

( খ ) ডেভিদ স্কট ।

উত্তৰঃ মানক অসমৰ পৰা বিতাড়ন কৰাৰ সময়ত ব্ৰহ্মপুত্ৰ উপত্যকাৰ অৱস্থা শোচনীয় হৈ পৰিছিল । মানে অসমৰ পৰ হাজাৰ মানুহক দাসৰূপে ব্ৰহ্মদেশলৈ বলপূর্বকভাৱে লৈ গৈছিল । অসমত থকা বাকী লোকসকলৰ অৱস্থা মানৰ লুণ্ঠন , উপদ্ৰৱে ভয়াবহ কৰি তুলিছিল । মানৰ জ্বাৰা নিষ্পেষিত এই মানুহখিনি আভ্যন্তৰীণ অৰিয়া – অৰি আৰু অৰাজকতাৰ মাজত দিন কটাইছিল । এঠাইত নিগাজিকৈ থকাৰ সলনি হাবিয়ে বননিয়ে আশ্রয় ল’বলগীয়া হোৱাৰ বাবে তেওঁলোকে দুর্ভিক্ষ আৰু মহামাৰীৰ কবলত পৰিছিল । এনে পৰিৱেশত ব্ৰিটিছক অসমৰ প্রজাই ত্রাণকর্তা ৰূপত বিবেচনা কৰিছিল । অসমৰ সাধাৰণ মানুহে সকাহ পোৱা দেখি ব্ৰিটিছে কিছুদিনৰ কাৰণে সামৰিক কৰ্তৃপক্ষৰ দ্বাৰা অসমখন শাসন কৰাৰ সিদ্ধান্ত লয় আৰু ডেভিদ স্কটৰ হাতত সামগ্রিকভাবে প্রশাসনিক দায়িত্ব অর্পণ কৰে । 

উত্তৰ – পূৱৰ গৱৰ্ণৰ জেনেৰেলৰ এজেন্ট হিচাপে নিয়োজিত ডেভিদ স্কটে অসমৰ প্ৰশাসনিক ব্যৱস্থাটোক পুনৰ গঠন কৰিব পাৰিব বুলি কোম্পানীৰ চৰকাৰে বিশ্বাস কৰিছিল । 

ডেভিদ স্কটৰ বাবে প্রয়োজনীয় বিষয়টো আছিল মান আঁতৰি যোৱাৰ পিছত খালী হৈ পৰা অসমৰ সিংহাসনত এগৰাকী আহোম ৰাজবংশৰ প্রতিনিধিক মনোনীত কৰা । অসমৰ পৰা পলাই গৈ যোগীঘোপাত আশ্ৰয় লৈ থকা আহোম ৰাজবংশৰ প্রতিনিধিক মনোনীত কৰা । অসমৰ পৰা পলাই গৈ যোগীঘোপাত আশ্রয় লৈ থকা আহোম ৰজা যোগেশ্বৰ সিংহৰ ১৮২৫ চনত মৃত্যু হয় । কোম্পানী প্রশাসনে চন্দ্রকান্ত সিংহক কলিয়াবৰলৈ নিৰ্বাসিত কৰি পুৰন্দৰ সিংহক গুৱাহাটীলৈ উভতি অহাৰ বাবে অনুমতি প্রদান কৰে । কোম্পানী চৰকাৰে কোনো এগৰাকী প্রতিনিধিকে আহোম সিংহাসনত সংস্থাপন কৰাৰ বাবে দায়ৱদ্ধ নাছিল । ১৮২৪ চনৰ ফেব্ৰুৱাৰীলৈকে কোম্পানীৰ গৱৰ্ণৰ জেনেৰেল কাউন্সিলে অসমখন স্থায়ীভাৱে ব্ৰিটিছ শাসনৰ অধীন কৰিবলৈও বিচৰা নাছিল । ডেভিদ স্কটে অসমৰ ৰাজনৈতিক সংকট সমাধানৰ বাবে দুটা পৰামৰ্শ আগবঢ়াইছিল । 

এক , কোম্পানী চৰকাৰৰ সুৰক্ষাৰ মাজত ৰাখি আহোম ৰাজতন্ত্ৰৰ প্ৰতিনিধিক কতলীয়া ৰজা হিচাপে পুনৰ সংস্থাপন কৰিব লাগে । এনে পদক্ষেপৰ ফলত যিকোনো মুহূর্ততে আহোম শাসনত কোম্পানী চৰকাৰে হস্তক্ষেপ কৰাৰ সুযোগ পাব । দুই , প্রথমটোৰ বিকল্প হিচাপে ব্ৰিটিছে বিশ্বনাথলৈকে নামনি অসমখন নিজৰ হাতত ৰাখিব লাগে আৰু মোৱামৰীয়া , খামতি তথা চিংফৌ সকলৰ অধিকৃত অঞ্চলবোৰ বাদ দি, উজনি অসমত আহোম প্রতিনিধি এজনক শাসনৰ দায়িত্বভাৰ অৰ্পন কৰিব পাৰে । কিন্তু কোম্পানীৰ চৰকাৰে ডেভিদ স্কটৰ প্ৰস্তাৱ গ্ৰহণ নকৰি পুনৰ বিবেচনাৰ বাবে নিৰ্দেশ দিয়ে । প্রশাসনিক সুবিধাৰ বাবে ব্ৰিটিছে অসমখনক দুভাগত বিভক্ত কৰে— পশ্চিম বা নামনি অসম আৰু পূৱ বা উজনি অসম । ডেভিদ স্কটক নামনি অসমৰ জেষ্ঠ্য কমিছনাৰ পাতি গুৱাহাটীত মুখ্য কাৰ্যালয় স্থাপন কৰে আৰু উজনি অসম শাসনৰ বাবে ৰংপুৰক মূখ্য কাৰ্যালয় কৰি ক’লনেল ৰিছাৰ্ডচক কনিষ্ঠ কমিছনাৰ হিচাপে নিযুক্তি দিয়ে। 

ডেভিদ স্কটে অসমৰ ৰাজহ ব্যৱস্থাটোক আহোমে পূৰ্বতে প্রতিষ্ঠা কৰা খেল প্ৰথাৰ ওপৰত ভিত্তি কৰি গঢ়ি তুলিছিল । তেওঁ অসমত নতুন ৰাজহ নীতি নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত বিস্তৰ পৰিৱৰ্তন সাধন কৰিবলৈ বিচৰা নাছিল । ডেভিদ স্কটৰ ৰাজহ সংস্কাৰৰ বিধিমতে উজনি অসমত আহোমৰ খেল ব্যৱস্থাটো বাহাল ৰখা হয় যদিও ব্যক্তিগত সেৱাৰ সলনি প্ৰতিগৰাকী পাইকে বছৰি তিনিটাকৈ নগদ কৰ দিবলগীয়া হয় । আহোম অভিজাত শ্ৰেণীৰ পূৰ্বৰ বিষয়া জনার্দন বৰবৰুৱাক ৰাজহ বিভাগৰ তত্ত্বাৱধানৰ দায়িত্ব দিয়া হৈছিল । তেওঁক ৰাজহ সংগ্ৰহত সহায় কৰাৰ বাবে কেইগৰাকীমান খেলদাৰক নিযুক্তি দিয়া হৈছিল । বংগদেশৰ আৰ্হিত ডেভিদ স্কটে নামনি অসমৰ ৰাজহ ব্যৱস্থাটো গঢ়ি তোলে । ৰাজহ বিভাগটো বৰফুকনৰ পৰিৱৰ্তে চিৰস্তাদাৰ এগৰাকীক পৰিচালনাৰ দায়িত্ব অর্পন কৰা হয় । এই দায়িত্ব দুৱৰীয়া পৰিয়ালৰ এগৰাকী সদস্য হলিৰাম ঢেকিয়াল ফুকনৰ হাতত ন্যস্ত কৰা হৈছিল । 

ডেভিদ স্কটে প্রতিজন পাইকক তিনি পুৰকৈ মাটি দিয়াৰ বাবদ দুটকাকৈ গা – ধন ন্যস্ত কৰে । খৰিকটনা নামৰ আন এবিধ কৰ বিভিন্ন ঠাইত বহুৱায় । দৰঙত এই কৰ বিধক চৰুকৰ নামেৰে জনা গৈছিল । কামৰূপত প্ৰতিখন হালৰ বাবদ এটকাকৈ কৰ লগোৱা হৈছিল । 

ডেভিদ স্কটে জনসাধাৰণৰ বাবে সহজলভ্য ন্যায়িক ব্যৱস্থা এটা স্থাপন কৰিবলৈ বিচাৰিছিল । এই ব্যৱস্থাটোৰ এক উল্লেখযোগ্য দিশ আছিল কাছাৰীত একোটাকৈ বৃহৎ বাকচ ৰখা হৈছিল । আৰু সেই বাকচত গোচৰ দিওঁতাসকলে ন্যায়ৰ বাবে আবেদন জনাব পাৰিছিল । উজনি অসমত চন্দ্ৰকান্ত সিংহৰ সম্পৰ্কীয় লম্বোধৰ বৰফুকন আৰু জনার্দন বৰবৰুৱাক গোচৰসমূহ বিচাৰৰ দায়িত্ব দিছিল । অপৰাধমূলক গোচৰসমূহ কণিষ্ঠ কমিছনাৰে নিষ্পত্তি কৰিছিল । 

নামনি অসমত জ্যেষ্ঠ কমিছনাৰে মৃত্যুদণ্ডৰ বাদে সকলো ধৰণৰ গোচৰৰ ৰায়দান কৰিছিল । গুৰুত্বপূৰ্ণ গোচৰসমূহৰ ন্যায়িক বিচাৰৰ বাবে ক’লনীয়েল ৰিচাৰ্ডচৰ নেতৃত্বত এখন ট্রাইবুলেন গঠন কৰা হৈছিল। বিচাৰ ব্যৱস্থাটোক অধিক সূচল কৰাৰ বাবে নগাওঁ , কলিয়াবৰ আৰু চাৰি দুৱাৰত ডেভিদ স্কটে মফছল পঞ্চায়ত গঠন কৰে । অসমৰ বিশেষ পৰিস্থিতিৰ বাবে কলিকতাত থকা ইংৰাজ চৰকাৰৰ ঊর্ধ্বতন কর্তৃপক্ষই নামনি অসমত নিজামত আদালত প্ৰৱৰ্তন কৰিব বিচৰা নাছিল । 

এনেকৈয়ে ডেভিদ স্কটে অসম মুলুকত ৰাজহ , কৰ – কাটল আৰু ন্যায়িক ব্যৱস্থাৰ প্ৰৱৰ্তনৰ যোগেদি ব্ৰিটিছ শাসনৰ পাতনি মেলিছিল ।

( গ ) মিলচৰ প্ৰতিবেদন ।

উত্তৰঃ ১৮৫৩ চনত বংগদেশৰ লেফটেনেন্ট গৱৰ্ণৰে অসম ভ্ৰমণৰ ইচ্ছা প্রকাশ কৰে আৰু এইবাবে অঞ্চলটোৰ বিষয়ে অনুসন্ধান চলাই এখন প্রতিবেদন দাখিল কৰাৰ বাবে নির্দেশ দিয়ে । সদৰ দেৱানী আদালতৰ বিচাৰপতি এ . জে ম’ফট্ মিলক এই দায়িত্ব দিয়া হয় । মিলচে সেই বছৰতে আহি শিৱসাগৰত উপস্থিত হয় আৰু অঞ্চলটো ভ্ৰমণ কৰি বিভিন্ন জিলাত সমীক্ষা চলাই যুগুত কৰা প্রতিবেদনখন ১৮৫৩ চনৰ শেষৰ পিনে দাখিল কৰে । গুৰুত্বপূর্ণ এই প্রতিবেদনখনক ‘ মিলক প্রতিবেদন ‘ নামেৰে যায় । এই প্রতিবেদনত গোৱালপাৰা , কামৰূপ , দৰং , নগাওঁ , শিৱসাগৰ আৰু লক্ষীমপুৰৰ ভূমি বন্দোবস্ত , ৰাজহ ব্যৱস্থা , কৰ নিৰ্ধাৰণৰ মাপ কাঠি , ন্যায়িক ব্যৱস্থা , জনসংখ্যাৰ আৰ্হি, যোগাযোগৰ উপায় । 

শিক্ষাৰ সা – সুবিধা , কল – কাৰখানাত উৎপাদিত সামগ্ৰী আদিৰ তথ্য সম্বলিত বিতং বিৱৰণ দাঙি ধৰা হয় । মিলচক ভালেমান লোকে বিভিন্ন ধৰণৰ ওজব – আপত্তি দর্শাই আবেদন দিছিল আৰু এই সকলৰ ভিতৰত বেছি সংখ্যকেই আছিল আহোম ডা – ডাঙৰীয়া । আনন্দৰাম ঢেকিয়াল ফুকনে ব্যক্তিগত জ্ঞান আৰু অভিজ্ঞতাৰে সেই সময়ৰ ব্ৰিটিছ শাসনৰ সংস্কাৰৰ উদ্দেশ্য মিলক কেইটামান পৰামৰ্শ আগবঢ়াইছিল । এই পৰামৰ্শসমূহ হ’ল কৰ – কাটল হ্ৰাস কৰা , মফচল বিচৰালয়ৰ সংখ্যা বৃদ্ধি কৰি তাত স্থানীয় লোকক বিচাৰক হিচাপে নিযুক্তি দিয়া , কৃষিৰ বিকাশ সাধন কৰা ; অসমত কাৰিকৰী আৰু ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপন কৰা , ধৰ্মীয় আৰু স্বেচ্ছামূলক অনুষ্ঠানসমূহ পৰিদৰ্শন কৰা আৰু অসমত অসমীয়া ভাষা পুনৰ প্ৰৱৰ্তন কৰা । 

মণিৰাম দেৱানেও মিলৰ ওচৰত দুখন আবেদন দাখি কৰিছিল । প্রথম আবেদনখনত তেওঁ ব্যক্তিগত সুযোগ সুবিধা লাভব বিষয়ে উল্লেখ কৰিছিল আৰু দ্বিতীয় খন আবেদনত অসমত ইংৰাজ শাসনৰ বিষয়ে ভালেমান তথ্য দাঙি ধৰিছিল । এই আবেদনখনত মণিৰামে সমত কানিৰ আবকাৰী ব্যৱসায়ে সাধন কৰা অন্যায়ৰ বিষয়ে উল্লেখ কৰি স্থানীয় শিল্পৰ ধ্বংস সাধন , সত্ৰৰ প্ৰতি অৱহেলা আৰু বঙালী তথা মাৰোৱাৰী লোকক মৌজাদাৰ হিচাপে নিয়োগ কৰা কাৰ্যৰ বিৰুদ্ধে ক্ষোভ প্রকাশ কৰিছিল । শেষত , চন্দ্ৰকান্ত সিংহৰ পুত্ৰ ঘনকান্ত সিংহ নতুবা পুৰন্দৰ সিংহৰ নাতিয়েক কন্দৰ্পেশ্বৰ সিংহক অসমৰ ৰজা ঘোষণা কৰি , আহোম ৰজাতন্ত্র পুনৰ প্ৰতিষ্ঠাৰ দাবী জনাইছিল । কিন্তু মিলচে মণিৰামৰ আবেদনৰ প্ৰতি সহানুভূতিশীল হোৱাৰ বিপৰীতে বিৰূপ মন্তব্যহে কৰিছিল । 

( ঘ ) যোৰহাটৰ সাৰ্বজনিক সভা ।

উত্তৰঃ যোৰহাট নগৰখন সামজিক ৰাজনৈতিক কর্মকাণ্ডৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল । জগন্নাথ বৰুৱাৰ তৎপৰতাত ১৮৮৪ চনত যোৰহাট সার্বজনিক সভাই প্রতিষ্ঠা লাভ কৰে । জগন্নাথ বৰুৱা আছিল চাহ খেতিয়কৰ সন্তান আৰু কলিকতাৰ প্ৰেচিডেন্সি কলেজত তেওঁ উচ্চ শিক্ষা গ্ৰহণ কৰিছিল । কলিকতাত সক্ৰিয় হৈ থকা আত্মীয় সভা , বেংগল ব্ৰিটিছ ইণ্ডিয়ান ছোচাইটি , প্রেট্রিয়টচ্ এছ ‘ চিয়েচন , ইণ্ডিয়ান এছ’চিয়েচন আদি অনুষ্ঠানৰ দ্বাৰা তেওঁ অনুপ্রাণিত হৈছিল । তেওঁ অসমৰ জনসাধাৰণৰ আশা – আকাংক্ষা আৰু ক্ষোভ প্রকাশ কৰাৰ লগতে চৰকাৰৰ আৰ্থ – সামাজিক নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছিল । যোৰহাট সার্বজনিক সভাৰ মূখ্য উদ্দেশ্য তিনিটা আছিল— 

( ১ ) মানুহৰ ইচ্ছা আকাংক্ষাবোৰক চৰকাৰৰ ওচৰত প্ৰতিনিধিত্ব কৰা। 

( ২ ) চৰকাৰী নীতিসমূহ জনসাধাৰণৰ মাজত ব্যাখ্যা কৰা । 

( ৩ ) জনসাধাৰণৰ সামাজিক অৱস্থাৰ উন্নতি সাধন কৰা । 

এই সভাৰ প্ৰতিষ্ঠাপক সভাপতিগৰাকী হ’ল ৰাজা নাৰায়ণ সিং আৰু সম্পাদক জগন্নাথ বৰুৱা । ১৮৮৬ চনত ব্ৰিটিছে প্ৰৱৰ্তন কৰা অসম ভূমি আৰু ৰাজহ নীতিৰ সাৰ্বজনিক সভাই বিৰোধিতা কৰিছিল । ১৮৯২-৯৩ চনত কৃষকসকলে গঢ়ি তোলা বিদ্ৰোহৰ প্ৰতি এই সভাই সহমত প্ৰকাশ কৰি চৰকাৰৰ আৰ্থিক নীতিক গৰিহণা দিছিল । সভা দীর্ঘস্থায়ী ভূমি বন্দোৱস্তৰ দাবী জনোৱাৰ লগতে ৰাজহ বৃদ্ধি নকৰাকৈ আধিয়াৰক নিজ ভূমি প্রদান কৰাৰ অধিকাৰ বিচাৰিছিল । ১৮৯৩ চনত সার্বজনিক সভাই ৰয়েল কমিছন অন অপিয়ামৰ ওচৰত এখন স্মাৰ্কপত্ৰ প্ৰদান কৰে । শিক্ষানীতিৰ সংস্কাৰ সাধন আৰু পৰ্যাপ্ত নিয়োগৰ সুযোগ সৃষ্টি কৰাৰ বাবেও সভাই চৰকাৰৰ ওচৰত আবেদন জনাইছিল। 

যোৰহাট সাৰ্বজনিক সভাই প্ৰকৃতাৰ্থত অসমত ভাৰতীয় জাতীয় কংগ্ৰেছ গঠনত প্রধান ভূমিকা লৈছিল আৰু ১৯০৫ চনৰ বংগ বিভাজনৰ তীব্ৰ বিৰোধিতা কৰিছিল । ব্ৰিটিছ চৰকাৰে অসমক পূৰ্ববংগৰ সৈতে একত্ৰিত কৰাৰ পৰিকল্পনাক বিৰোধিতা কৰি জগন্নাথ বৰুৱাই অসমীয়া মানুহৰ স্বাৰ্থ সুৰক্ষা কৰা আৰু থলুৱা লোকৰ কৰ্মসংস্থাপন দিয়াৰ বাবে দাবী জনাইছিল । এনেকৈয়ে অসমত সামাজিক আৰু ৰাজনৈতিক সজাগতা বৃদ্ধিৰ বাবে যোৰহাট সাৰ্বজনিক সভাই বিশেষ পদক্ষেপ লৈছিল । এই সভাৰ সদস্য দেৱীচৰণ বৰুৱা আৰু লক্ষ্মীনাথ বেজবৰুৱাই ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিনিধি ৰূপে বার্ষিক অধিবেশনত অংশগ্ৰহণ কৰিছিল । ১৯০৭ চনত জগন্নাথ বৰুৱাৰ মৃত্যুৰ পিছত সভাৰ সদস্যসকলৰ মাজত বিভিন্ন বিষয়ত মতৰ অমিল ঘটে আৰু তেওঁৰ মৃত্যুৰ পিছত সভাৰ কাম – কাজ বন্ধ হৈ যায় । 

( ঙ ) স্বদেশী আন্দোলন ।

উত্তৰঃ ব্ৰহ্মপুত্ৰ উপত্যকাত বংগ বিভাজনক কেন্দ্ৰ কৰি গঢ়ি উঠা আন্দোলনটো মূলতঃ নগৰ আৰু মফছল অঞ্চলতহে সীমাবদ্ধ আছিল । আন্দোলনকাৰীসকলে বিদেশী সামগ্রী বৰ্জন কৰি স্বদেশী সামগ্রী গ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছিল । অসমৰ নগৰবোৰত মানুহে ইংলেণ্ডৰ লিভাৰপুলত তৈয়াৰী নিমখ বৰ্জন কৰি খাৰ ব্যৱহাৰ কৰিবলৈ লৈছিল ; বিদেশত তৈয়াৰী চেনীৰ সলনি বাৰানসীত উৎপাদিত চেনীহে ব্যৱহাৰ কৰিছিল । ইউৰোপৰ বস্ত্ৰশিল্প তৈয়াৰী কাপোৰৰ সলনি ঘৰতে বোৱা – কটা কৰা কাপোৰ ব্যৱহাৰ কৰিব লৈছিল । কামাখ্যা মন্দিৰৰ প্ৰধান পুৰোহিতে পাণ্ডা আৰু দোকানবোৰত বিদেশী সা – সামগ্ৰী ব্যৱহাৰ নকৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল। 

এনে পৰিবেশত ৰাজ্যখনত খিলঞ্জীয়া লোকৰ দোকানবোৰত বিদেশী সা- সামগ্ৰী ব্যৱহাৰ নকৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল । এনে পৰিৱেশত ৰাজ্যখনত খিলঞ্জীয়া লোকৰ দোকান পোহাৰ গঢ়ি উঠিছিল আৰু স্বদেশী বয়বস্তু কিনা – বেচা কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল । অম্বিকাগিৰি ৰায়চৌধুৰীয়ে গোবিন্দ লাহিড়ীৰ সৈতে লগ লাগি ছাত্ৰ সমাজৰ মাজত স্বদেশী ধাৰণাটো জনপ্ৰিয় কৰিবলৈ চেষ্টা চলাইছিল । বংগদেশৰ বিখ্যাত নাট্যকাৰ মুকুন্দ দাসে ১৯০৫ চনত দেশ প্রেমমূলক গীত মাত আৰু নাটক পৰিৱেশন কৰি গুৱাহাটীৰ দৰ্শক শ্ৰোতাৰ মাজত স্বদেশী আন্দোলনৰ বাৰ্তা বিলাবলৈ সক্ষম হৈছিল । 

ব্ৰিটিছ চৰকাৰে স্বদেশী আন্দোলন দমন কৰাৰ বাবে কঠোৰ নীতি অৱলম্বন কৰিছিল । কার্লাইল আৰু ৰিছলে চার্কুলাৰ জৰিয়তে শিক্ষানুষ্ঠানত পাঠৰত ছাত্ৰ – ছাত্ৰীসকলে যাতে স্বদেশী আন্দোলনৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ নকৰে , স্কুল কর্তৃপক্ষই তাৰ নিশ্চয়তা প্রদান কৰিব লাগিছিল । স্বদেশী আন্দোলনত অংশ লোৱা শিক্ষক আৰু ছাত্ৰ – ছাত্ৰীসকলৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছিল । সভা আৰু সমদল নিষিদ্ধ ঘোষণা কৰি ৰাজনৈতিক নেতাবোৰক জেললৈ প্ৰেৰণ কৰিছিল । সংবাদ মাধ্যমৰ ওপৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছিল । আন্দোলনকাৰীৰ বিৰুদ্ধে জৰিমনা বিহাৰ উপৰি কাৰাবাসত আবদ্ধ কৰাৰ লগতে নির্বাসনো দিয়া হৈছিল । 

ব্ৰিটিছৰ বংগ বিভাজন নীতিৰ বিৰুদ্ধে প্রতিবাদ কৰাৰ বাবে আচাম এছ’ছিয়েশ্বনৰ সভাপতি ৰাজা প্রভাত চন্দ্ৰ বৰুৱাই ১৯০৭ চনত ব্ৰিটিছ ৰাষ্ট্ৰসচিবক স্মাৰকপত্ৰ এখন প্ৰদান কৰে । এই স্মাৰকপত্ৰখনে ব্ৰিটিছে বিকাশৰ নীতি লোৱাৰ পৰিৱৰ্তে বিভাজনৰ নীতি গ্ৰহণ কৰাৰ কাৰ্যক সমালোচনা কৰিছিল । 

ইতিমধ্যে ইংলেণ্ডৰ শাসন ব্যৱস্থাত উদাৰপন্থী সকলৰ আগমন ঘটে । লর্ড কার্জনৰ পৰৱৰ্তী গভৰ্ণৰ জেনেৰেল লর্ড মিন্টোৱে ভাৰতত কেৱল নিৰ্যাতনমূলক নীতিৰে সমস্যাৰ সমাধান কৰিব নোৱাৰি বুলি অনুভৱ কৰিছিল । ১৯০৯ চনৰ ভাৰত চৰকাৰ আইন বা মর্লে – মিন্টো সংস্কাৰে মুছলমানক পৃথক প্রতিনিধিত্ব আগবঢ়োৱাৰ উপৰি সংখ্যা লঘু মুছলমানক বিধানমণ্ডলত অতিৰিক্ত সদস্য পদ লাভৰ সুযোগ দিছিল । কিন্তু এই আইনখনে দেশৰ ৰাজনৈতিক সমস্যাসমূহ সমাধান কৰাত ব্যৰ্থ হৈছিল । চৰমপন্থীসকলে এই আইনখনৰ বিৰোধিতা কৰিছিল আৰু নৰমপন্থীসকলে চৰকাৰৰ ‘ পৃথক কৰি শাসন কৰা ’ নীতিৰ বিপদজনক পৰিণতিক লৈ চিন্তিত হৈ পৰিছিল । ভাইচৰয় লর্ড হার্ডিঞ্জে ব্ৰিটিছ ৰাষ্ট্র সচিবক বংগ বিভাজনে সৃষ্টি কৰা ৰাজনৈতিক অস্থিৰতাৰ কথা অৱগত কৰে আৰু ১৯১১ ডিচেম্বৰত অনুষ্ঠিত দিল্লী দৰবাৰত বংগ বিভাজন বাতিল কৰা হয় । ইয়াৰ ফলত অসমে পূৰ্বৰ স্থিতিলৈ উভতি যোৱাৰ সুযোগ পায় । প্রদেশখনত এজন মুখ্য কমিছনাৰ নিযুক্তি দিয়াৰ লগতে শ্বিলঙত নতুন বিধান সভাৰ স্থান নিৰ্ধাৰণ কৰা হয়। 

( চ ) অসহযোগ আন্দোলন ।

উত্তৰঃ কুৰি শতিকাৰ দ্বিতীয় দশকৰ শেষৰফালে ভাৰতবৰ্ষৰ ৰাজনৈতিক অৱস্থা জটিল হৈ পৰিছিল । প্রথম মহাযুদ্ধৰ ফলত সৃষ্টি হোৱা অৰ্থনৈতিক সংকট আৰু জনসাধাৰণে ইয়াৰ বাবে দিবলৈ বাধ্য হোৱা গধূৰ কৰ – কাটলে দেশৰ মানুহৰ মনত ক্ষোভৰ জন্ম দিছিল আৰু এনে পৰিবেশতে ভাৰতবৰ্ষত অসহযোগ আন্দোলনৰ পটভূমি ৰচনা হৈছিল । 

অসহযোগ আন্দোলনৰ কাৰণসমূহ তলত উল্লেখ কৰা হ’ল ―

( ১ ) মন্টেগু ছেমচ্‌ফোর্ড সংস্কাৰে দেশৰ জনসাধাৰণক সন্তুষ্ট কৰিব পৰা নাছিল ; কিয়নো এই সংস্কাৰে ভাৰতীয় লোকৰ স্বশাসনৰ অধিকাৰ মানি লোৱা নাছিল । 

( ২ ) ভাৰতীয় মুছলমানসকলে প্রথম বিশ্বযুদ্ধৰ অন্তত তুৰস্কৰ সাম্ৰাজ্যখন বিভাজন কৰাৰ পকিল্পনাৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰিছিল । তুৰস্কৰ অটমান সাম্ৰাজ্যৰ সুৰক্ষাৰ বাবে ব্ৰিটিছৰ পৰা নিশ্চয়তা লাভ কৰিবলৈ ভাৰতীয় মুছলমান সকলে খিলাফৎ আন্দোলন আৰম্ভ কৰিছিল। 

( ৩ ) ১৯১৯ চনৰ ৰাওলাট্‌ আইনখনে সন্ত্রাসবাদী কার্যত জড়িত থকা বুলি সন্দেহ কৰি যিকোনো লোককে বিচাৰবিহীনভাৱে দুবছৰ কাৰাদণ্ড বিহাৰ কথাটোক ভাৰতীয়সকলে সহজভাৱে লোৱা নাছিল । এই আইনখনৰ বিৰুদ্ধে দেশত ব্যাপক প্রতিবাদ সংগঠিত হৈছিল আৰু মহাত্মা গান্ধীকে ধৰি কংগ্ৰেছৰ নেতৃত্বই এই আইনখনৰ বিৰোধিতা কৰিছিল । 

( ৪ ) অমৃতসৰৰ জালিৱানৱালাবাগত আইনখনৰ প্ৰতিবাদ কৰাৰ বাবে সমবেত হোৱা লোকৰ ওপৰত জেনেৰেল ডায়াৰে নিৰ্মমভাৱে কৰা গুলীবৰ্ষণৰ ফলত বহুলোকৰ মৃত্যু হৈছিল আৰু এই নিষ্ঠুৰ ঘটনাক জালিয়ানৱালাবাগৰ হত্যাকাণ্ড বুলি জনা যায় । 

এনেবোৰ ঘটনাই ভাৰতীয় লোকৰ মনত ব্ৰিটিছ শাসনৰ প্ৰতি বিদ্বেষৰ জন্ম দিছিল । সাংবিধানিক উপায়েৰে দাবীসমূহ ব্ৰিটিছ চৰকাৰে পূৰণ নকৰাৰ বাবে ১৯২০ চনত কলিকতাত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনে মহাত্মা গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলন গঢ়ি তোলাৰ সিদ্ধান্ত লৈছিল । 

মহাত্মা গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলনৰ আহ্বান দিয়াৰ পিছত গংগা গোবিন্দ বৰুৱা , তাৰাপ্ৰসাদ চলিহা , ঘনশ্যাম বৰুৱা আৰু চন্দ্ৰধৰ বৰুৱাই স্থানীয় সমস্যাসমূহ ব্ৰিটিছৰ সৈতে আলাপ – আলোচনা কৰি সমাধান কৰাৰ বাবে অসম এছ’ছিয়েশ্বনে অসহযোগ আন্দোলনৰ পৰা আঁতৰি থকাটো বিচাৰিছিল , কিন্তু এছ’ছিয়েশ্বনৰ গৰিষ্ঠসংখ্যক সদস্যই অসহযোগ আন্দোলনত যোগদান কৰাৰ পক্ষত থিয় হৈছিল । ১৯২০ চনৰ ডিচেম্বৰ মাহত তেজপুৰত অনুষ্ঠিত অসম এছ’ছিয়েশ্বনৰ সপ্তদশ সন্মিলনত স্বৰাজৰ সপক্ষে অসহযোগ আন্দোলনত জাতীয় কংগ্ৰেছে প্ৰদান কৰা নিৰ্দেশাৱলী মানি চলাৰ বাবে সিদ্ধান্ত লৈছিল। 

এনেকৈয়ে মূল সুঁতিৰ ব্ৰিটিছ বিৰোধী ৰাজনৈতিক আন্দোলনত অংশ গ্ৰহণ কৰাৰ মাজেদি অসম এছ’ছিয়েশ্বনে । নিজৰ সুকীয়া পৰিচয় ত্যাগ কৰিবলগীয়া হয় । ১৯২১ চনৰ জুন মাহত অসম প্রাদেশিক কংগ্ৰেছ কমিটি গঠন হয় আৰু এই কমিটিৰ কৰ্মক্ষেত্ৰৰ পৰিসৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ জিলাবোৰৰ মাজতহে সীমাবদ্ধ আছিল । অসম প্রাদেশিক কংগ্ৰেছ কমিটীৰ সভাপতি ৰূপে কুলধৰ চলিহা আৰু সম্পাদকৰ দায়িত্ব নবীন চন্দ্ৰ বৰদলৈৰ ওপৰত ন্যস্ত কৰা হৈছিল । 

অসম মুলুকত অসহযোগ আন্দোলনৰ ব্যাপক প্ৰভাৱ পৰা পৰিলক্ষিত হয়। জনসাধাৰণৰ মাজত ব্ৰিটিছ বিৰোধী ৰাজনৈতিক সচেতনতা বৃদ্ধি কৰাৰ বাবে ১৯২১ চনৰ আগষ্ট মাহত গান্ধীজীয়ে অসম ভ্ৰমণ কৰে । চন্দ্ৰধৰ শৰ্মা , হেমচন্দ্ৰ বৰুৱা , অমিয় কুমাৰ দাস , মুহিবুদ্দিন আহমেদ আদিৰ দৰে আগশাৰীৰ নেতাসকলে ডেকাচামক সংগঠিত কৰি চৰকাৰী শিক্ষানুষ্ঠান সফলভাৱে বৰ্জন কৰিছিল । গুৱাহাটী , নলবাৰী , যোৰহাট, তেজপুৰ , শিৱসাগৰ , নগাওঁ আদি ঠাইত জাতীয় শিক্ষানুষ্ঠান প্রতিষ্ঠা কৰা হৈছিল । অসমত অসহযোগ আন্দোলনৰ ফলত খাদী বস্ত্ৰৰ প্ৰতি মানুহৰ আগ্ৰহ বৃদ্ধি পায় । 

আনহাতে আন্দোলনৰ ফলত নিমখৰ ব্যৱসায় সম্পূৰ্ণ ৰূপে বন্ধ হৈ যোৱা বুলি চৰকাৰী নথিত উল্লেখ আছে । মহাত্মা গান্ধীয়ে কংগ্ৰেছ কৰ্মীসকলক কানিৰ বিৰুদ্ধে ভালেমান পদক্ষেপ গ্ৰহণ কৰে আৰু ইয়াৰ পৰিণতিস্বৰূপে কানিৰ ব্যৱসায় হ্রাস পায় আৰু মানুহৰ মাজত কানিৰ বিৰুদ্ধে সচেতনতা বৃদ্ধি পায় । ১৯২১ চনৰ মে মাহত কংগ্ৰেছে কৰিমগঞ্জৰ চাগোলা আৰু লংগাই বাগিচাৰ ৮০০০ চাহ শ্রমিকক লৈ হৰতাল আৰম্ভ কৰে । এই হৰতালৰ মুখ্য দাবী আছিল চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা । মহাত্মা গান্ধীয়ে অসম ভ্রমন কালত মহিলাসকলক অসহযোগ আন্দোলনত অংশ লোৱাৰ বাবে দিয়া আহ্বানৰ প্ৰতি সহাঁৰি জনাই হাজাৰ – বিজাৰ অসমীয়া মহিলাই ‘ গান্ধী মহাৰাজৰ জয় ’ , ‘ বন্দে মাতৰম ‘ আদি ধ্বনিৰে আকাশ বতাহ মুখৰিত কৰিছিল । 

গান্ধীয়ে নাৰী সমাজক সাহস , বুদ্ধিমত্তা আৰু অদম্য শক্তিৰ প্ৰতীকৰূপে বিবেচনা কৰিছিল । মহিলাসকলে পুৰুষ সমাজৰ লগত সমানে সমানে প্রতিবাদ কাৰ্যসূচীত অংশগ্ৰহণ কৰি স্বাধীনতা সংগ্ৰামৰ সেনানীত পৰিণত হৈছিল । অৱশ্যে , আৰম্ভণিতে সামাজিক ৰক্ষণশীলতাৰ বাবে কমসংখ্যক মহিলাই অসহযোগ আন্দোলনত অংশ লৈছিল । এই সকলৰ ভিতৰত অন্যতম বিদ্যুৎপ্রভা দেৱী , গিৰিজা দেৱী , হেমন্ত কুমাৰী দেৱী, নলিনী বালা দেৱী , পুষ্পলতা দাস , গুণেশ্বৰী নাথ , চন্দ্ৰপ্ৰভা শইকীয়ানী আদি । এই মহিলা নেত্ৰীসকলে গাঁৱে – ভূঞে গৈ সাধাৰণ মহিলাক ব্ৰিটিছ বিৰোধী আন্দোলনত যোগদান কৰাৰ বাবে সংগঠিত কৰিছিল । গান্ধীৰ আহ্বানে আঢ্যৱন্ত মহিলাসকলৰ উপৰিও সমাজৰ সাধাৰণ শ্ৰেণীৰ মহিলাকো চুই গৈছিল । দৃষ্টান্ত স্বৰূপে দৰঙৰ লালমাটি চাহ বাগিচাৰ মহিলা শ্রমিক মাংৰী মেম বা মালতীৰ কথা উল্লেখ কৰিব পাৰি । এই সাধাৰণ মহিলা শ্রমিকগৰাকীয়ে চাহ বাগানত সুৰা নিষিদ্ধ কৰাৰ বাবে পিকেটিং কৰাৰ অপৰাধত চাহ মালিকৰ হাতত মৃত্যুবৰণ কৰিবলগীয়া হয় । 

মাংৰী মেময়েই আছিল অসহযোগ আন্দোলনৰ প্ৰথম অস্বীকৃত ছহিদ । কামৰূপ জিলাৰ গৰৈমাৰী গাঁৱৰ ভানুমতী তালুকদাৰে নিজৰ ঘৰ – বাৰী এৰি কংগ্ৰেছ দলৰ সৰ্বক্ষণ কৰ্মীৰ দায়িত্ব লোৱাৰ বাবে ‘ ভলুন্টিয়াৰণী বাই ’ নামেৰে জনাজাত হৈ পৰিছিল আৰু মহাত্মা গান্ধীয়ে তেওঁক ‘ অসমৰ সৰোজনী ’ আখ্যা দিছিল । প্রমিলা মেদক নামৰ গোলাঘাটৰ মিচিং মহিলা এগৰাকীয়ে স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে মিচিং সমাজে এঘৰীয়া কৰাৰ পিছতো অসহযোগ আন্দোলনৰ পৰা আঁতৰি যোৱা নাছিল । 

অসহযোগ আন্দোলনৰ সময়ছোৱাত প্রিন্স অব্ ৱেলছৰ ভাৰত ভ্ৰমণৰ বিৰুদ্ধে দেশৰ লগতে অসমতো ১৯২১ চনৰ ১৭ নৱেম্বৰ তাৰিখে হৰতাল কাৰ্যসূচী পালন কৰা হয় । ব্ৰিটিছ চৰকাৰে এই হতালক বাধা দিয়াৰ বাবে তিনিটা পন্থা অৱলম্বন কৰিছিল। 

( ১ ) প্রভাৱশালী নেতা কিছুমানক বিশেষ সা – সুবিধা তথা সন্মান প্রদান কৰিছিল । 

( ২ ) দমনমূলক ব্যৱস্থাৰে আন্দোলনটোক প্রতিহত কৰিবলৈ চেষ্টা কৰিছিল । 

( ৩ ) দেশবাসীৰ মাজত সাম্প্রদায়িকতাৰ বিষবাষ্প বিয়পাই হিন্দু – মুছলমানৰ মাজত বিভাজন সৃষ্টি কৰিছিল । 

( জ ) ঘূৰণীয়া মেজমেল ।

উত্তৰঃ ১৯৩০ চনত চাইমন আয়োগৰ প্ৰতিবেদন প্রকাশ হয় । এই প্রতিবেদনত ভাৰতক পূৰ্ণ স্বৰাজ দিয়াৰ কথা উল্লেখ নথকাত পৰিস্থিতি উত্তপ্ত হৈ পৰে । ভাইছৰয় আৰউইনে পূৰ্ণ স্বৰাজৰ প্ৰসঙ্গটো আলোচনা কৰাৰ বাবে এখন ঘূৰণীয়া মেজমেলৰ পোষকতা কৰে । ১৯৩০ চনৰ নৱেম্বৰ মাহত লণ্ডনত প্ৰথম ঘূৰণীয়া মেজমেল অনুষ্ঠিত হয় আৰু কম সংখ্যক ভাৰতীয় প্রতিনিধিয়ে ইয়াত অংশগ্ৰহণ কৰে । এইটো কথা স্পষ্ট হৈ পৰিছিল যে কংগ্ৰেছক বাদ দি ইংৰাজে ভাৰতক সাংবিধানিক অধিকাৰ দিয়াৰ বিষয়ে কথা পতাতো তেনেই অর্থহীন । এইবাবেই গান্ধীজী আন আন কংগ্ৰেছ নেতাসকলক জেলৰ পৰা মুকলি কৰি দিবলৈ ভাইছৰয়ে নির্দেশ দিছিল । 

১৯৩১ চনৰ মে’ত গান্ধী আৰউইন চুক্তি সম্পাদিত হৈছিল আৰু কংগ্ৰেছে পৰৱৰ্তী ঘূৰণীয়া মেজমেলত অংশ ল’ব বুলি প্ৰতিশ্ৰুতি দিছিল । আইন অমান্য আন্দোলনৰ সময়ত হিংসাত্মক কার্যত লিপ্ত নথকা জেলবন্দীসকলক মুক্তি দিয়া হৈছিল । বিক্ৰী নোহোৱা বাজেয়াপ্ত ভূমি ঘুৰাই দিয়াৰ ব্যৱস্থা কৰাৰ লগতে সংগ্রহ নকৰা জৰিমনাৰ পৰাও স্বাধীনতা সংগ্রামীসকলক ৰেহাই দিয়া হৈছিল । 

অসমত গান্ধী আৰউইন চুক্তিয়ে বিশেষ প্ৰভাৱ পেলোৱা নাছিল । 

ব্ৰিটিছ চৰকাৰে ১৯৩২ চনত ভাৰতীয় লোকক পৃথক পৃথককৈ ভাগ কৰাৰ অভিপ্রায়েৰে কেন্দ্ৰ আৰু প্ৰদেশৰ বিধানমণ্ডলীত সাম্প্রদায়িক প্রতিনিধিত্বৰ কথা ঘোষণা কৰে । হিন্দু সমাজৰ দলিত শ্রেণীক সুকীয়া প্রতিনিধিত্বৰ সুযোগ দিয়াৰ দাবীত গান্ধীজীয়ে জেলৰ ভিতৰত অনশনত বহে । ইয়াৰ পৰিণতি স্বৰূপে সেই বছৰতে গান্ধী আৰু আম্বেদকাৰৰ মাজত পুণা চুক্তি স্বাক্ষৰিত হয় । এই চুক্তিৰ পৰৱৰ্তী দুবছৰ কাল বাপুজীয়ে দেশৰ পৰা অস্পৃশ্যতা দূৰ কৰাৰ বাবে জীৱনপাত কৰিছিল আৰু একেটা উদ্দেশ্য লৈ ১৯৩৪ চনত তেওঁ অসমলৈ আহিছিল । 

( ঞ ) ভৈয়ামৰ জনজাতীয় ৰাজনীতি ।

উত্তৰঃ কুৰি শতিকাৰ ষাঠি দশকৰ পৰাই ভৈয়ামৰ জনজাতি , বিশেষকৈ বড়ো জনগোষ্ঠীৰ মাজত আন্দোলনমুখী প্ৰৱণতাই গা কৰি উঠিছিল । ১৯৪৬ চনতেই গঠন হৈছিল ‘ সদৌ অসম ভৈয়াম ট্রাইবেল লীগ ‘ । স্বাধীনতা প্ৰাপ্তিৰ পিছত ভৈয়ামৰ জনগোষ্ঠীসকলেও তেওঁলোকৰ আশা – আকাংক্ষা পূৰণৰ বাবে সংগঠিত হ’বলৈ যত্ন কৰিছিল । ভৈয়ামৰ জনজাতি সকলেও সংবিধানে প্রদান কৰা গণতান্ত্রিক অধিকাৰ আৰু ষষ্ঠ অনুসূচীৰ সুযোগ – সুবিধাসমূহ লাভ কৰাৰ বাবে আগ্ৰহী হৈ উঠিছিল কিন্তু চৰকাৰে তেওঁলোকৰ আশা – আকাংক্ষা পূৰণৰ ক্ষেত্ৰত অৱহেলাৰ মনোভাৱ লোৱা বুলি তেওঁলোকে ভাবিছিল । স্বাধীনতাৰ পিছত অনুষ্ঠিত হোৱা তিনিটা বিধানসভাৰ নিৰ্বাচনৰ পিছত উচ্চবৰ্ণৰ প্রতিনিধিয়ে মন্ত্রীসভাত প্রভাবশালী ভূমিকা লোৱা কথাটোৱে ভৈয়ামৰ জনগোষ্ঠীসমূহৰ মাজত এনে ভাৱৰ জন্ম দিছিল । প্ৰকৃততে চৰকাৰে শিক্ষা প্ৰসাৰৰ বাবে কাম কৰিলেও , জনগোষ্ঠীসমূহৰ মূল জীৱিকা কৃষি বা গ্রাম্য অৰ্থনীতিৰ বিকাশত অধিক গুৰুত্ব আৰোপ কৰা নাছিল । 

তেওঁলোকৰ মতে , ভৈয়ামৰ জনজাতিসকলে বসবাস কৰা এলেকাসমূহত নিৰ্বাচনৰ সময়ত ভোট লাভৰ বাবেহে ৰাজনৈতিক দলবোৰে অধিক তৎপৰ আছিল । কিন্তু জনগোষ্ঠীসমূহৰ জন কল্যানমূলক আঁচনিৰ বিকাশৰ প্ৰতি চৰকাৰৰ নিষ্ক্রিয় আছিল । দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাত মৃতপ্রায় সমবায়সমূহক পুনৰ উজ্জীৱিত কৰিলেও , এই সমবায়সমূহৰ পৰিচালনা আৰু কাম – কাজে ভৈয়ামৰ জনগোষ্ঠীৰ জীৱন ধাৰণৰ মান উন্নয়ত বিশেষভাৱে প্ৰভাৱ পেলাব পৰা নাছিল । জলসিঞ্চন ব্যৱস্থাৰ অভাৱ আৰু সংৰক্ষিত ভূমিত শৰণাৰ্থীসকলৰ সংস্থাপন তথা খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে ভৈয়ামৰ জনজাতি সকলকো চুই গৈছিল । ভৈয়ামৰ জনগোষ্ঠীসমূহৰ ওজৰ – আপত্তিসমূহ চৰকাৰৰ দৃষ্টিগোচৰ কৰাৰ বাবে এই সময়ছোৱাত কেইবাটাও সংগঠনৰ জন্ম হৈছিল । শিক্ষানুষ্ঠানসমূহত অসমীয়া ভাষাক মাধ্যম হিচাপে স্বীকৃতি দিয়াৰ প্ৰশ্নটোৱেও ৰাজনৈতিক দৃশ্যপটত নতুন সংকটৰ সৃষ্টি কৰিছিল । ট্ৰাইবেল লীগে উত্থাপন কৰা পৃথক ৰাজ্য উদয়াচলৰ দাবীক বিচাৰ বিবেচনা কৰাৰ বাবে চৰকাৰে এখন ভাষিক সংখ্যালঘু সমিতি গঠন কৰি দিছিল আৰু এই সমিতিখনে ভৈয়াম জনজাতি পৰিষদৰ সৈতে মিলিত হৈ বিষয়টোৰ মীমাংসা সূত্ৰ উদ্ভাৱনৰ চেষ্টা চলাইছিল । 

( ট ) ভাষা আন্দোলন ।

উত্তৰঃ অসমত অসমীয়া ভাষাৰ অস্তিত্বক কেন্দ্ৰ কৰি ১৯৬০ চনত পৰিস্থিতি উত্তেজনাপূর্ণ হৈ পৰে । ১৯৫১ চনৰ লোকপিয়ল অনুসৰি অসমীয়া ভাষী লোকৰ সংখ্যা ৭৫ % হ’লেও অসম সাহিত্য সভা আৰু অসমীয়া মধ্যবিত্ত শ্রেণীৰ লোকে ভাষাগত পৰিচয়ৰ প্ৰতি অনা অসমীয়াৰ পৰা প্ৰত্যাহ্বান আহিব পাৰে বুলি সংশয় প্রকাশ কৰাৰ ফলত জাতিগত সংঘাতৰ বাতাবৰণ সৃষ্টি হয় । ভাষাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা আন্দোলনত ছাত্র সমাজে সক্রিয় ভূমিকা লৈছিল । শেষত ব্ৰহ্মপুত্ৰ উপত্যকাৰ ৬ খন জিলাত অসমীয়া ভাষাক মাধ্যম হিচাপে স্বীকৃতি প্ৰদান কৰাৰ পিছতহে মাধ্যম আন্দোলনটোৰ শাম কাটে । ১৯৭২ চনত অসমীয়া ভাষাটো প্রাক্ – স্নাতক আৰু স্নাতক পর্যায়ত মাধ্যম হিচাপে প্ৰয়োগ কৰা বিষয়টোক লৈ পুনৰ বৃহৎ আন্দোলন এটা আৰম্ভ হয় । 

( ঠ ) পথৰুঘাটৰ ৰণ ।

উত্তৰঃ ইংৰাজ শাসনত কৰ বৃদ্ধিক কেন্দ্ৰ কৰি কৃষকসকলৰ মাজত ব্যাপক অসন্তোষৰ সৃষ্টি হৈছিল । দৰং আৰু কামৰূপৰ জিলাৰ কৃষকসকলে ব্ৰিটিছৰ কৰ্নীতিৰ বিৰুদ্ধে ৰাইজমেল পাতি প্রতিবাদ সাব্যস্ত কৰিছিল । ১৮৯৩ চনত অসমৰ চীফ কমিছনাৰ ছাৰ উলিইয়াম ৱার্ডে ৭০/৮০ শতাংশ কৰ বৃদ্ধি কৰাত কৃষকসকলে ঐক্যবদ্ধভাৱে এনে নীতিৰ বিৰোধিতা কৰাৰ বাবে সাজু হৈছিল । দৰং জিলাৰ পথৰুঘাট অঞ্চলৰ কৃষকসকলে ৰাইজমেল পতাৰ বাবে যো – জা কৰিছিল । এই কথাৰ উমান পাই ১৮৯৪ চনৰ ( ২৮ ) জানুৱাৰী নিশা উপায়ুক্ত জে.ডি.এণ্ডাৰচন আৰু পুলিচ চুপাৰিটেণ্ডেণ্ট বেৰিংটনে সশস্ত্র বাহিনী এটা লৈ পথৰুঘাটত উপস্থিত হৈছিল ।

২৮ জানুৱাৰীৰ দিনা উপায়ুক্ত অহাৰ খবৰ পাই ৰাইজমেললৈ অহা কৃষকৰ সংখ্যা বৃদ্ধি পাইছিল । ৰাইজে আশা কৰিছিল যে জিলা উপাযুক্তই খাজনা কিছু লাঘৱ কৰি কৃষক সকলক সকাহ দিব । কিন্তু উপায়ুক্তই সমবেত ৰাইজক ঘৰাঘৰি যোৱাৰ বাবে আদেশ দিয়াত কৃষকসকল ক্ষুব্ধ হৈ পৰে আৰু উপায়ুক্তৰ নিৰ্দেশ মানিবলৈ অস্বীকাৰ কৰাত পুলিচ বাহিনীয়ে কৃষকসকলক বেয়নেটেৰে আক্ৰমণ কৰিবলৈ উদ্যত হয় । ৰাইজ উত্তেজিত হৈ পৰে । উত্তেজিত কৃষক সকলে পুলিচৰ গা লৈ মাটিৰ চপৰা দলিয়াবলৈ ধৰে আৰু কিছুমানে লাঠিৰে পুলিচৰ আক্ৰমণক বাধা দিয়াৰ চেষ্টা কৰে । পুলিচৰ গুলী চালনাত ভালে সংখ্যক কৃষকৰ মৃত্যু হয় । ‘ দলি পুৰাণ ‘ নামৰ পুথিখনত পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ বিষয়ে নানা তথ্য পোৱা যায় । 

( ড ) লোণ আইন ভংগ ।

উত্তৰঃ দণ্ডী যাত্ৰা যাক লোন যাত্রা বা দণ্ডী সত্যাগ্রহৰ নামেৰে জনা যায়। ১৯৩০ চনত মহাত্মা গান্ধীৰ দ্বাৰা ব্ৰিটিছ চৰকাৰে নিমখত কৰ লগোৱা কাৰণে ইয়াৰ বিৰোধ কৰা হৈছিল । যাক আইনখন ভংগ কৰাৰ কাৰ্যক্ৰম বুলিও ক’ব পাৰি । এই ঐতিহাসিক সত্যাগ্রহ কার্যক্রম গান্ধীজীৰ লগতে ৭৮ লোকৰ দ্বাৰা আহমদাবাদ সাবমতী আশ্ৰমৰ সমুদ্রতীৰ গাঁৱৰ পৰা দণ্ডী লৈকে খোজকাঢ়ি ১২ মার্চ ১৯৩০ ৰ দিনা নিমখ হাতত লৈ নিমখ বিৰোধী আইনখন ভংগ কৰিছিল । ইয়াকে লোণ আইন ভংগ বুলি জনা যায় । ব্ৰিটিছৰ শাসনকালত ভাৰতত নিমখ উৎপাদন আৰু বিক্ৰীৰ ওপৰত অধিক মাত্ৰাত কৰ লগায় দিয়া হয় আৰু নিমখ জীৱনৰ কাৰণে অপৰিহাৰ্য বুলি জানিও ভাৰতবাসীক এই আইনখনৰ পৰা মুক্ত কৰাৰ আৰু নিজৰ অধিকাৰ সকলোকে দিয়াৰ বাবে সকলোকে নিমখ এৰিবৰ কাৰণে এটা কার্যক্রম আয়োজন কৰিছিল। আইনখন ভংগ কৰাৰ পিছত সত্যগ্ৰাহী সকলে ব্ৰিটিছৰ লাঠি চালনাৰ সন্মুখীন হয় । 

কিন্তু তথাপিও তেওঁলোক পিছুৱাই অহা নাছিল । ১৯৩০ চনত মহাত্মা গান্ধীয়ে এই আন্দোলনৰ আৰম্ভ কৰিছিল । এই আন্দোলনখনত লোকে মহাত্মা গান্ধীৰ লগত খোজকাঢ়ি যাত্ৰা আৰম্ভ কৰিছিল। এই আন্দোলনখনত কেইবাজনো নেতা জেললৈ যায় । তেওঁলোক হ’ল— ৰাজগোপালচাৰী , পণ্ডিত নেহক আদি । এই আন্দোলনখন সম্পূর্ণ এবছৰ লৈকে চলিছিল আৰু ১৯৩১ ত গান্ধী আৰু ইবিন ৰ মাজত হোৱা চুক্তি খন শেষ হৈছিল । এই আন্দোলনখনৰ পৰাই সকলোৱে অৱজ্ঞা আন্দোলনৰ আৰম্ভণি হৈছিল । এই আন্দোলনখনে সম্পূর্ণ দেশত ব্ৰিটিছৰ বিৰুদ্ধে ব্যাপক জনসংঘৰ্ষৰ জন্ম দিছিল ।

( ধ ) গোপীনাথ বৰদলৈ ।

উত্তৰঃ গোপীনাথ বৰদলৈ স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সক্রিয় কর্মী আছিল । তেখেতৰ জন্ম ৬ জুন আৰু মৃত্যু ৫ আগষ্ট ১৯৫০ চনত হৈছিল । ৰাজনীতিৰ ক্ষেত্ৰত মহাত্মা গান্ধী অহিংসা নীতিৰ সমৰ্থক আছিল । অসম আৰু অসমীয়াৰ প্ৰতি তেখেতৰ অৱদানৰ বাবে তেতিয়াৰ অসমৰ ৰাজ্যপাল জয়ৰাম দাস দৌলতৰামে তেখেতক ‘ লোকপ্রিয় ’ উপাধিৰে বিভূষিত কৰিছিল । দেশে স্বাধীনতা লাভ কৰাৰ পাছত ধৰ্মৰ ভিত্তিত ভাৰত বিভাজনৰ সময়ত মুছলিম লীগে সেই সময়ৰ প্ৰধানমন্ত্রী জৱাহৰলাল নেহৰুৰ সৈতে আলোচনা কৰি অসমখন সেই সময়ৰ পূৱ পাকিস্তান আৰু বৰ্তমানৰ বাংলাদেশৰ অংশ কৰিব বিচাৰিছিল যদিও বৰদলৈৰ প্ৰবল বিৰোধিতাৰ বাবে অসম বাংলাদেশৰ অংশ হোৱাৰ পৰা ৰক্ষা পৰে । 

সেই সময়ৰ অসমৰ একমাত্ৰ ৰাজনৈতিক অনুষ্ঠান আছিল ‘ অসম এছছিয়েচন ‘ । ১৯২২ চনতহে ভাৰতীয় জাতীয় কংগ্ৰেছৰ শাখা হিচাপে অসম কংগ্ৰেছৰ কাম – কাজ আৰম্ভ হয় । সেই বছৰত গোপীনাথ বৰদলৈয়ে কংগ্ৰেছত স্বেচ্ছাসেৱী হিচাপে যোগ দিয়ে আৰু ৰাজনৈতিক জীৱনৰ পাতনি মেলে । ভাৰতৰ স্বাধীনতা সংগ্ৰামত তেখেতে সক্রিয়ভাৱে অংশগ্রহণ কৰে । ১৯২২ চনৰ অসহযোগ আন্দোলনৰ সময়ত তেখেতক গ্ৰেপ্তাৰ কৰি এবছৰ কাৰাবাস দিয়া হয় । চৌৰিচৌৰাৰ ঘটনাৰ পিছত অসহযোগ আন্দোলন বাতিল কৰা হয় আৰু বৰদলৈয়ে পুনৰ ওকালতি আৰম্ভ কৰে । ১৯৩০ ৰ পৰা ১৯৩৩ চনত পর্যন্ত তেখেতে ৰাজনৈতিক কার্যকলাপৰ পৰা নিজকে আঁতৰাই ৰাখি সমাজসেৱাত মনোনিৱেশ কৰে । তেখেতে গুৱাহাটী পৌৰসভাৰ সদস্যও নির্বাচিত হয় । তাৰোপৰি তেখেতে অসমৰ বাবে সুকীয়া বিশ্ববিদ্যালয় আৰু উচ্চ ন্যায়ালয়ৰ দাবী জোৰদাৰ কৰি তোলে । 

১৯৩৫ চনত ব্ৰিটিছ ভাৰত গঠন কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰ আইন ৰচনা কৰা হয় । সেইবাবে অসম কংগ্ৰেছে ১৯৩৬ চনৰ বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্ধন্দিতা কৰাৰ সিদ্ধান্ত লয় । তেওঁলোকে ৩৮ খন আসনত জয়লাভ কৰি সংখ্যা গৰিষ্ঠতা লাভ কৰে যদিও মন্ত্ৰী আৰু মন্ত্ৰীসভাৰ শক্তি কৰ্তন কৰাৰ এক হঠকাৰী নিয়মৰ বিৰোধিতা কৰি তেওঁলোকে বিৰোধী দল হিচাপেই থকাৰ মন মেলে । গোপীনাথ বৰদলৈ এই বিৰোধী দলৰ দলপতি হিচাপে নিৰ্বাচিত হয় । কংগ্ৰেছৰ বাহিৰে আন আন দলৰ সমৰ্থনত মহম্মদ ছাদুল্লাই মন্ত্রীসভা গঠন কৰে । কিন্তু ৰাইজৰ মৌলিক সমস্যাবোৰৰ সমাধানত চৰকাৰৰ আওকনীয়া মনোভাৱৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছৰ শক্তি লাহে লাহে বাঢ়ি আহে । ১৯৩৮ চনত মঃ ছাদুল্লা মন্ত্রীসভাই পদত্যাগ কৰে । তেতিয়া ৰাজ্যপালে গোপীনাথ বৰদলৈক মন্ত্ৰীসভাৰ গঠন কৰিবলৈ আহ্বান জনায় আৰু সেই বছৰৰ ২১ ছেপ্তেম্বৰত তেখেতে মুখ্যমন্ত্রী হিচাপে শপত গ্ৰহণ কৰে ।

গোপীনাথ বৰদলৈ মুখ্যমন্ত্ৰী নিৰ্বাচিত হোৱাৰ মূল কাৰণসমূহ আছিল তেখেতৰ ৰাজনৈতিক বিচক্ষণতা মনোমোহা ব্যক্তিত্ব , সত্যবাদীতা আৰু আচৰণ যাৰ বাবে তেখেতৰ সহকৰ্মীসকলৰ উপৰিও বিভিন্ন সম্প্ৰদায়ৰ লোক আকৃষ্ট হৈ পৰিছিল । তেখেতৰ কৰ্মপন্থা আৰু বিচক্ষণতাৰ ফলতে কংগ্ৰেছ এক শক্তিশালী ৰাজনৈতিক দল হৈ পৰে । মুখ্যমন্ত্রী হিচাপে তেখেতৰ উল্লেখযোগ্য সফলতাসমূহ আছিল মাটিৰ খাজনা বন্ধ কৰা , কানি নিবাৰণী আইন গঠন থলুৱা লোকৰ অধিকাৰ সুৰক্ষিত কৰি ৰাখিবলৈ পমুৱা মুছলমানক মাটিৰ পট্টা দিয়া বন্ধ কৰা আদি । 

১৯৯৯ চনত লোকপ্ৰিয় গোপীনাথ বৰদলৈক সেই সময়ৰ অটল বিহাৰী বাজপেয়ী নেতৃত্বাধীন ভাৰত চৰকাৰে মৰণোত্তৰ ভাবে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন উপাধি প্রদান কৰে । গোপীনাথ বৰদলৈ আছিল উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত এই সন্মান লাভ কৰা সৰ্বপ্ৰথম ব্যক্তি । 

অসম আন্দোলন : অসম আন্দোলন হৈছে ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে অবৈধ অনুপ্ৰৱেশকাৰীসকলৰ বিৰুদ্ধে কৰা অসমীয়া মানুহৰ আন্দোলন । ইয়াক স্বাধীন ভাৰতৰ অন্যতম শক্তিশালী আন্দোলন হিচাপে গণ্য কৰা হয় । ‘ সদৌ অসম ছাত্ৰ সন্থা ‘ আৰু ‘ সদৌ অসম গণ সংগ্রাম পৰিষদ ’ এ অসম আন্দোলনৰ নেতৃত্ব বহন কৰিছিল । অহিংস হিচাপেই আৰম্ভ হোৱা এই আন্দোলন পিছলৈ নেলীৰ হত্যাকাণ্ডকে ধৰি কিছু পৰিমাণে হিংসাত্মক হৈ পৰিছিল । ১৯৮৫ চনত আন্দোলনৰ নেতাসমূহ আৰু ভাৰত চৰকাৰৰ মাজত হোৱা অসম চুক্তি মতে অসম আন্দোলনৰ অন্ত পৰে । 

ইয়াৰ পিছতেই আন্দোলনৰ নেতৃবৃন্দই অসম গণ পৰিষদ নামৰ এটা ৰাজনৈতিক দল গঠন কৰে । ১৯৮৫ আৰু ১৯৯৬ চনত এই দলে বিধানসভা নিৰ্বাচনত জয়ী হৈ চৰকাৰ গঠন কৰে । ১৯৭১ চনৰ বাংলাদেশেৰে স্বাধীনতাৰ যুদ্ধৰ সময়ছোৱাত পূব পাকিস্তানৰ পৰা বহুসংখ্যক লোকে ভাৰত তথা অসমলৈ প্ৰব্ৰজন কৰে । বাংলাদেশৰ সৃষ্টিৰ পিছত ইয়াৰে বহুতো ঘূৰি যায় যদিও কিছু অসমতে থাকি যায় । ১৯৭৮ চনত পোন প্ৰথমবাৰৰ বাবে অনুপ্ৰৱেশকাৰী সমস্যাই অসমীয়া ৰাইজৰ দৃষ্টি আকর্ষণ কৰে । ১৯৭৮ চনৰ ২৪ মাৰ্চত লোকসভাৰ সদস্য হীৰালাল পাটোৱাৰীৰ মৃত্যু হোৱাৰ ফলত মঙ্গলদৈ লোকসভা সমষ্টিত উপ – নিৰ্বাচনৰ প্ৰয়োজন হয় । ২৭ এপ্রিলত ভোটাৰ তালিকা সংশোধনৰ জাননী জাৰি কৰা হয় । তেতিয়া এই কথা ধৰা পৰে যে কেৱল মঙ্গলদৈত প্রায় ৪৫০০০ সন্দেহজনক বিদেশী নাগৰিকৰ নাম ভোটাৰ তালিকাত আছে ।

১৯৭৯ চনৰ মাৰ্চ মাহত সদৌ অসম ছাত্ৰ সন্থাৰ এখন সভাত প্ৰফুল্ল কুমাৰ মহন্ত আৰু ভৃণ্ড কুমাৰ ফুকন ক্রমে সভাপতি আৰু সম্পাদক নির্বাচিত হয় । ২৭ জুনত ‘ আছু’ৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত বহিৰাগত সমস্যাক লৈ অনুষ্ঠিত এখন সভাত জাতীয়তাবাদীৰ দৰে এই সমস্যাৰ সমাধান নোহোৱা পর্যন্ত অসমত নির্বাচন আৰু লোকপিয়ল বন্ধ ৰাখিবলৈ চৰকাৰক অনুৰোধ জনায় । আছুৱে ‘ বিদেশী বহিষ্কাৰ’ক মূল দাবী হিচাপে লৈ আন্দোলন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে । ১৯৭৯ চনৰ চেপ্তেম্বৰত শ্ৰেণী বৰ্জন আৰু ধৰ্ণা কাৰ্যসূচী পালন কৰা হয় । 

ইফালে মুখ্য নির্বাচন আয়ুক্তই ১৯৭৮ চনৰ ভোটাৰ তালিকা অনুসৰি নিৰ্বাচন পাতিবলৈ নির্দেশ দিয়ে । তেতিয়া বিদেশী ভোটাৰৰ নাম থকা ভোটাৰ তালিকাৰে অসমত নির্বাচন অনুষ্ঠিত হ’ব নিদিবলৈ গণ আন্দোলনে গা কৰি উঠে । নিৰ্বাচনত মনোনয়ন পত্র দিবলৈ যোৱা প্ৰাৰ্থীক বাধা প্রদান কৰিবলৈ গৈ ১৯৮০ চনৰ ১০ ডিচেম্বৰত ভৱানীপুৰত খৰ্গেশ্বৰ তালুকদাৰ অসম আন্দোলনৰ প্ৰথম ছহীদ হয় । 

অসম আন্দোলনৰ প্ৰধান উদ্দেশ্যসমূহ আছিল পূর্ব পাকিস্তান বা বাংলাদেশৰ পৰা অহা অবৈধ অনুপ্ৰৱেশকাৰীসকলক চিনাক্ত কৰা , ভোটাৰ তালিকাৰ পৰা তেওঁলোকৰ নাম আঁতৰোৱা আৰু তেওঁলোকক অসমৰ পৰা বহিষ্কাৰ কৰা । অসমৰ জনসাধাৰণেও এই বিক্ষোভৰ প্ৰতি অভূতপূর্ব সঁহাৰি আগবঢ়ায় । আন্দোলনৰ নেতৃবৃন্দ আৰু ভাৰতৰ সেই সময়ৰ প্ৰধানমন্ত্ৰী ইণ্ডিৰা গান্ধীৰ মাজত কেইবাটাও আলোচনা হয় । ছাত্রসন্থাই ১৯৫১ চনক অবৈধ অনুপ্ৰৱেশকাৰী বহিষ্কৰণৰ ভিত্তিবৰ্ষ হিচাপে ধৰিবলৈ দাবী জনাই কিন্তু চৰকাৰে ১৯৬৬ চনহে প্ৰস্তাৱ কৰে । ফলত আলোচনাখিনি বিফল হয় । 

১৯৮০ চনৰ শেষৰে পৰা কেন্দ্ৰীয় চৰকাৰে আন্দোলনটোৰ প্ৰতি কঠোৰ দৃষ্টিভংগী গ্রহণ কৰিবলৈ ধৰে । লাহে লাহে জনসমর্থনো কমি আহে আৰু ১৯৮২ ৰ পৰা ১৯৫২ চনলৈকে আন্দোলনৰ গতি ঘটনাবলী সংঘটিত হ’বলৈ ধৰে । ১৯৮৩ চনত ৰাইজৰ প্ৰৱল বিৰোধিতা আৰু বৰ্জন সত্ত্বেও অসমত ৰক্তক্ষয়ী নির্বাচন অনুষ্ঠিত হয় আৰু হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী হয় । ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰীত নগাঁৱৰ নেলীত হোৱা হত্যাকাণ্ডত এদিনতে প্রায় ১৮০০ লোকৰ মৃত্যু হয় । আন্দোলনৰ সময়ছোৱাত ৮৪৪ জন ছাত্র সদস্যৰো মৃত্যু হয় । ১৯৮৪ চনত ইন্দিৰা গান্ধীৰ মৃত্যুৰ পিছত তৎকালীন প্রধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে আন্দোলনকাৰীসকলৰ লগত এলানি আলোচনাত মিলিত হয় । অৱশেষত ১৯৮৫ চনৰ ১৫ আগষ্টত ছাত্ৰসস্থাৰ নেতৃবৃন্দ আৰু ৰাজীৱ গান্ধী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ মাজত নতুন দিল্লীত ‘ অসম চুক্তি ’ সাক্ষৰিত হয় আৰু ৬ বছৰীয়া অসম আন্দোলনৰ সামৰণি পৰে । ১৯৮৫ চনৰ সাধাৰণ নিৰ্বাচনত অসম গণ পৰিষদ নামৰ আঞ্চলিক ৰাজনৈতিক দলৰ নেতা প্ৰফুল্ল কুমাৰ মহন্তই সংখ্যাগৰিষ্ঠতা কৰি মুখ্যমন্ত্ৰী ৰূপে নির্বাচিত হয় । 

৩। ইয়াণ্ডাবু সন্ধিৰ চৰ্তাৱলী আৰু ফলাফল আলোচনা কৰা । 

উত্তৰঃ ইয়াণ্ডাবু সন্ধিত ভালেমান গুৰুত্বপূর্ণ চৰ্ত সন্নিৱিষ্ট কৰা হয় আৰু অসম তথা দাঁতিকাষৰীয়া ৰাজ্যসমূহৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰাতো বাৰুকৈয়ে পৰিলক্ষিত হয় । 

ইংগ – বাৰ্মা যুদ্ধৰ আৰম্ভণিতে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসম ভূমিক মানৰ কবলৰ পৰা উদ্ধাৰ কৰি উভতি যোৱাৰ ইচ্ছা ব্যক্ত কৰিছিল যদিও দক্ষিণ পূব এছিয়াত ব্ৰিটিছ সাম্রাজ্যবাদী আকাংক্ষা পূৰণৰ লক্ষ্য আহোম ৰাজবংশৰ প্ৰতিনিধিসকলৰ মাজত সিংহাসনক লৈ হোৱা প্রতিযোগিতা আৰু অসমৰ প্ৰাকৃতিক সম্পদাজিক উপনিৱেশিক শোষণৰ আওতালৈ অনাৰ বাবে ইষ্ট – ইণ্ডিয়া কোম্পানীয়ে আহোম ৰাজবংশৰ প্ৰতিনিধিৰ সৈতে কোনো আলাপ – আলোচনা নকৰাকৈ ব্ৰহ্মদেশৰ ৰজাৰ সৈতে সন্ধিত মিলিত হৈ অসমৰ ভৱিষ্যত নিৰ্ণয় কৰিছিল । 

এই সন্ধিৰ চৰ্তাৱলী তলত উল্লেখ কৰা হ’ল ― 

( ক ) ব্ৰহ্মদেশ আৰু ইষ্ট – ইণ্ডিয়া কোম্পানীৰ মাজত স্থায়ী শান্তি আৰু বন্ধুত্বপূর্ণ সম্পর্ক ৰক্ষা কৰা হ’ব । 

( খ ) অসম , মণিপুৰ আৰু আৰকান অঞ্চলবোৰ ইষ্ট – ইণ্ডিয়া কোম্পানীৰ শাসনৰ অধীনলৈ যায় , লগতে আভাৰ ৰজাই কছাৰী ৰাজ্য আৰু জয়ন্তীয়া ৰাজ্যৰ বিৰুদ্ধে কৰা আচৰণ বন্ধ কৰিবলৈ সন্মতি প্রদান কৰে । 

( গ ) যুদ্ধৰ ক্ষতিপূৰণ হিচাপে মান ৰজাই ইষ্ট – ইণ্ডিয়া কোম্পানীক এক নিযুত পাউণ্ড আদায় দিবলৈ মান্তি হয় ।

( ঘ ) ব্ৰহ্মদেশৰ ৰাজধানী আভাত ইষ্ট – ইণ্ডিয়া কোম্পানীৰ কূটনৈতিক প্রতিনিধি ৰখাৰ অনুমতি প্ৰদান কৰা হয় । 

এই সন্ধিৰ দুই নম্বৰ চৰ্ত অনুসৰি অসমখন ইষ্ট – ইণ্ডিয়া কোম্পানীক এৰি দিয়া বুলি উল্লেখ কৰিলেও বিষয়টো সন্দৰ্ভত ইয়াণ্ডাবু সন্ধিত সুস্পষ্টভাৱে উল্লেখ কৰা নাই । সন্ধিৰ দুই নম্বৰ দফাটোত এইদৰে উল্লেখ আছে- ‘ আভাৰ বজাই অসম ৰাজ্যৰ ওপৰত থকা তেওঁৰ দাবী উঠাই লয় আৰু এই ৰাজ্য তথা ইয়াৰ তলতীয়া ৰাজ্যসমূহৰ লগতে চুবুৰীয়া ক্ষুদ্ৰ ৰাজ্য কাছাৰ আৰু জয়ন্তীয়াৰ ক্ষেত্ৰত ভৱিষ্যতে হস্তক্ষেপ নকৰে । ‘ 

সন্ধিত উল্লেখ কৰে যে মণিপুৰৰ ৰজা গম্ভীৰ সিঙে নিজ ৰাজ্যলৈ উভতি যোৱাৰ ইচ্ছা প্রকাশ কৰিলে , ব্ৰহ্মদেশৰ ৰজাই তেওঁক মণিপুৰৰ ৰজা হিচাপে স্বীকৃতি দিব লাগিব । এই কথাখিনিৰ বাদে অসম , কাছাৰ , জয়ন্তীয়া আৰু মণিপুৰৰ বিষয়ে চুক্তিৰ আন কোনো চৰ্তত একো কথা উল্লেখ কৰা নাই । 

সন্ধিৰ দুই নম্বৰ দফাটোৱে অসম , কাছাৰ আৰু জয়ন্তীয়াক সমান মর্যাদা প্ৰদান কৰিছে আৰু অসমৰ ক্ষেত্ৰত কোনো ধৰণৰ কথা বিশেষবাৱে সন্নিৱিষ্ট কৰা হোৱা নাই । 

ইয়াণ্ডাবু সন্ধিৰ ফলাফল : এই সন্ধিৰ ফলস্বৰূপে ইষ্ট – ইণ্ডিয়া কোম্পানীয়ে কাছাৰ , জয়ন্তীয়া , মণিপুৰ আৰু অসমৰ ক্ষেত্ৰত গ্ৰহণ কৰা ৰাজনৈতিক সিদ্ধান্তবোৰ লক্ষ্য কৰিবলগীয়া । কোম্পানীয়ে ৰজা গোবিন্দ চন্দ্ৰ আৰু ৰজা ৰাম সিংহক কাছাৰ আৰু জয়ন্তীয়া ৰাজ্য দুখন শাসন কৰাৰ কৰ্তৃত্ব প্রদান কৰে যদিও আহোম ৰাজ প্রতিনিধিসকলৰ ক্ষেত্ৰত এনে অধিকাৰ প্ৰদান কৰাৰ পৰা বিৰত থাকে । 

কাছাৰ : কাছাৰৰ ৰজা গোবিন্দ চন্দ্ৰই কোম্পানীক ১০,০০০ টকা বছৰেকীয়া বৰঙণি দিয়াৰ লগতে কাছাৰৰ আভ্যন্তৰীণ প্ৰশাসনত ব্ৰিটিছৰ হস্তক্ষেপ মানি লৈছিল । 

জয়ন্তীয়া : জয়ন্তীয়া ৰজা ৰাম সিংহই কাছাৰৰ দৰে বছৰেকীয়া বৰঙণি দিবলগীয়া নহ’লেও তেওঁ ব্ৰিটিছ চৰকাৰৰ সামৰিক অভিযানবোৰত সহায় কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল আৰু ৰাজ্যখনৰ আভ্যন্তৰীণ প্রশাসন পৰিচালনাৰ ক্ষেত্ৰত গৱৰ্ণৰ জেনেৰেল কাউন্সিলৰ পৰামৰ্শ মানি চলিবলগীয়া হৈছিল । 

মণিপুৰ : মণিপুৰৰ বেলিকা ব্ৰিটিছৰ নীতি কিছু সুকীয়া আছিল । ইংগ – বার্মা যুদ্ধকালত ব্ৰিটিছে মণিপুৰৰ ৰজা গম্ভীৰ সিঙৰ আনুগত্যক লৈ সন্দেহ প্ৰকাশ কৰিছিল যদিও মানক কাছাৰ আৰু মণিপুৰৰ পৰা বিতাড়ন কৰাৰ ক্ষেত্ৰত তেওঁ লোৱা ভূমিকা আছিল প্রশংসনীয় । এইবাবেই হয়তো ইংৰাজে ইয়াণ্ডাবু সন্ধিৰ দ্বাৰা গম্ভীৰ সিংহক মণিপুৰৰ ৰজাৰূপে স্বীকৃতি প্ৰদান কৰিলেও , এই সন্ধিয়ে গম্ভীৰ সিঙৰ সৈতে ব্ৰহ্মদেশৰ সম্পৰ্ক ভৱিষ্যতে কি ধৰণৰ হ’ব , তাক স্পষ্ট কৰা নাছিল। 

আভাত থকা ব্ৰিটিছ প্ৰতিনিধি মেজৰ বাৰ্ণিয়ে প্ৰেৰণ কৰা প্ৰতিবেদনত উল্লেখ কৰা মতে , ভৱিষ্যতে ব্রহ্মদেশে মণিপুৰৰ ওপৰত অধিকাৰ সাব্যস্ত কৰাৰ দাবী উত্থাপন নকৰে । যদিও যুদ্ধৰ সময়ত ব্ৰহ্মদেশৰ পৰা গম্ভীৰ সিঙে দখল কৰা কাব উপত্যকা ঘূৰাই বিচাৰে । এই কথাত ব্ৰিটিছ সন্মত হয় , কিয়নো ব্ৰিটিছ চৰকাৰে বিষয়টো নিষ্পত্তি কৰাৰ ক্ষেত্ৰত গম্ভীৰ সিঙক সৈমান কৰিব পাৰিব বুলি ভাবিছিল । 

অসম : অসমৰ ক্ষেত্ৰত ইয়াণ্ডাবু সন্ধিৰ প্ৰভাৱ আছিল সম্পূর্ণ সুকীয়া । অসমক কাছাৰ আৰু জয়ন্তীয়াৰ সৈতে সন্ধিৰ দুই নম্বৰ দফাত অন্তৰ্ভুক্ত কৰিলেও , ব্ৰিটিছে অসমৰ প্ৰতিনিধিক সন্ধিৰ সৈতে যুক্ত কৰা নাছিল । সেয়েহে , ব্ৰহ্মদেশে অসম এৰি যোৱাৰ পিছত ব্ৰিটিছে অসম অধিকাৰ কৰাত কোনো বাধাৰ সন্মুখীন হোৱা নাছিল । ১৮২৩ চনতে ডেভিদ স্কটে আহোম ৰাজ পৰিয়ালৰ উপযুক্ত প্রতিনিধি এগৰাকীক অসম শাসনৰ দায়িত্ব দিয়াৰ প্ৰস্তাৱ আগবঢ়াইছিল । তেওঁ এই কথাটোও ভাবিছিল যে অসমখন যদি পুনৰ আহোম ৰাজপ্ৰতিনিধিক শাসন কৰিবলৈ দিয়া হয় , তেতিয়াও ব্ৰিটিছ চৰকাৰে অসমৰ আভ্যন্তৰীণ প্ৰশাসনত হস্তক্ষেপ কৰাৰ অধিকাৰ নিজ হাতত ৰাখিব লাগে । কিন্তু ইষ্ট – ইণ্ডিয়া কোম্পানীয়ে ডেভিদ স্কটৰ পৰামৰ্শক নামানি ওলোটাই তেওঁক জনালে যে ইংৰাজ চৰকাৰে পৰৱৰ্তী পৰ্যায়ত আহোম প্রতিনিধিক অসম শাসনৰ দায়িত্ব অর্পণ কৰাৰ কথাটোহে বিবেচনা কৰিব । 

ইংগ – বাৰ্মা – যুদ্ধৰ প্ৰাক্‌মুহূৰ্তত অসম অধিগ্ৰহণ নকৰে বুলি কৰা ঘোষণা , ইয়াণ্ডাবু সন্ধিৰ পিছত ইষ্ট – ইণ্ডিয়া কোম্পানীয়ে দুটা যুক্তিৰ বিনিময়ত সলনি কৰা বুলি নিজৰ গোপন সাম্রাজ্যবাদী আকাংক্ষা প্রতিপন্ন কৰিবলৈ বিচাৰিছিল । যুক্তি দুটা হ’ল— ভৱিষ্যতে ব্রহ্মদেশত হ’ব পৰা আক্ৰমণ প্রতিহত কৰা আৰু অসমৰ অৰাজক অৱস্থাই ব্ৰিটিছ ৰাজ্য সীমায়ূৰীয়া অঞ্চলত অস্থিৰতা সৃষ্টিৰ সুযোগ নাইকিয়া কৰা । দ্বিতীয়তে , অঞ্চলটোত নতুনকৈ আৱিষ্কাৰ হোৱা অৰ্থনৈতিক সম্পদ লুণ্ঠনৰ সম্ভাৱনাই ইষ্ট – ইণ্ডিয়া কোম্পানীক অসমখন নিগাজিকৈ দখল কৰাৰ বাবে উৎসাহিত কৰিছিল । 

কিয়নো , ইষ্ট – ইণ্ডিয়া কোম্পানী মুখ্যত আছিল এটা ব্যৱসায়িক প্রতিষ্ঠান আৰু কোম্পানীটোৱে অর্থনৈতিক স্বার্থৰ দ্বাৰা পৰিচালিত হৈছিল । এইবোৰ কাৰণতে সাম্রাজ্যবাদী ইষ্ট – ইণ্ডিয়া কোম্পানীয়ে অসমৰ ৰাজনৈতিক কৰ্তৃত্ব নিজৰ অধীনলৈ নিছিল । 

৪। ইংগ – বাৰ্মা যুদ্ধৰ কাৰণবোৰ চমুকৈ লিখা । 

উত্তৰঃ ১৮২৩ চনৰ নৱেম্বৰ মাহত ৰংপুৰৰ কমিছনাৰৰ দায়িত্বৰ লগতে ডেভিদ স্কটক উত্তৰ পূৱ সীমান্তৰ গৱৰ্ণৰ জেনেৰেলৰ এজেন্ট হিচাপে নিযুক্তি প্ৰদান কৰে । ডেভিদ স্কটে পঠোৱা কইেবাখনো প্রতিবেদন চালি জাৰি চাই , ইষ্ট – ইণ্ডিয়া কোম্পানীৰ গভৰ্ণৰ জেনেৰেল পৰিষদে মানক কঠোৰ শাস্তি প্ৰদান কৰা আৰু অসমৰ পৰা খেদি পঠিওৱাৰ বাবে নীতি – নিৰ্ধাৰণ কৰে । আৰকান , অসম আৰু কাছাৰত মানে কৰা অনুপ্ৰৱেশৰ ঘটনাক ইষ্ট – ইণ্ডিয়া কোম্পানী আৰু ব্ৰহ্মদেশৰ মাজৰ যুদ্ধ সদৃশ বাতাবৰণ বুলি বিবেচনা কৰা হয় আৰু ১৮২৪ চনত ব্ৰহ্মদেশৰ বিৰুদ্ধে ইষ্ট – ইণ্ডিয়া কোম্পানীয়ে যুদ্ধ ঘোষণা কৰে। 

লেফটেনেণ্ট ক’ল’নেল ৰিচাৰ্ডৰ নেতৃত্বত এটা ব্ৰিটিছ সেনাবাহিনী ব্রহ্মপুত্র উপত্যকালৈ অগ্ৰসৰ হয় আৰু ৰংপুৰ অধিকাৰ কৰে । কাছাৰ আৰু মণিপুৰৰ পৰাও মানসকলক খেদি পঠিওৱা হয় । একে সময়তে আৰকান , টেনাচেৰিম , পেণ্ড আৰু উজনি ব্ৰহ্মদেশত ইংৰাজ সেনাই মানৰ বিৰুদ্ধে সামৰিক অভিযান চলায় আৰু ইয়াৰ ফলত ব্ৰহ্মদেশৰ বৃহৎ ক্ষতি হয় । ইতিমধ্যে ১৮২৫ চনৰ এপ্ৰিল মাহত সিঙ্গিমাহা বন্দুলাৰ মৃত্যু হয় আৰু ১৮২৬ চনত মানে ব্ৰিটিছ সেনাৰ বিৰুদ্ধে প্রয়োজনীয় প্ৰতিৰোধ গঢ়ি তোলাত বিফল হয় । জেনেৰেল আৰ্চিবল কেম্বেলৰ নেতৃত্বত মূল ব্ৰিটিছ সেনাবাহিনীয়ে ব্ৰহ্মদেশৰ ৰাজধানী আভাৰ ওচৰত অৱস্থিত ইয়াণ্ডাবু নামৰ গাঁও এখনত উপস্থিত হয় । এনে পৰিস্থিতিত বাধ্য হৈ মান ৰজা বা – গী – দাওয়ে ইংৰাজক সনিধৰ প্ৰস্তাৱ আগবঢ়ায়। মানৰজা বা – গী – দাও আৰু জেনেৰেল আৰ্চিবল কেম্বেলৰ মাজত ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে ঐতিহাসিক ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হয় ।

৫। পুৰন্দৰ সিংহ কোন ? পুৰন্দৰ সিংহৰ শাসনৰ বিষয়ে টোকা প্রস্তুত কৰা । 

উত্তৰঃ পুৰন্দৰ সিংহ আহোম শাসনৰ অন্তিমজন ৰজা আছিল । পুৰন্দৰ সিংহক দুবাৰকৈ ৰজা পাতিছিল । প্ৰথমবাৰ ১৮১৮ চনত চন্দ্ৰকান্ত সিংহক পদচ্যুত কৰাৰ পাছত ৰুচিনাথ বুঢ়াগোহায়ে তেওঁক ৰজা পাতিছিল । ১৮১৯ চনত মানে দ্বিতীয়বাৰ অসম আক্ৰমণ কৰি আহোম সেনাক পৰাস্ত কৰে আৰু চন্দ্ৰকান্ত সিংহক পুনৰ সিংহাসনত বহুৱায় । পুনৰন্দৰ সিংহই ব্ৰিটিছৰ সহায় লৈ ৰুচিনাথ বুঢ়াগোঁহাইৰ লগত মানক আঁতৰাবলৈ চেষ্টা অব্যাহত ৰাখে । প্রথম ইংগ – বাৰ্মা যুদ্ধৰ পাছত ব্ৰিটিছ ইষ্ট – ইণ্ডিয়া কোম্পানীয়ে মানৰ হাতৰ পৰা অসম উদ্ধাৰ কৰে । 

অচিনাকী ঠাইত শাসন কৰিবলৈ অসুবিধা পাই আৰু বিদেশী আগ্ৰাসৰ প্ৰতি স্থানীয় লোকৰ অসন্তোষ দেখি ব্ৰিটিছ প্রশাসনে উজনি অসম অংশ আহোম কোঁৱৰ এজনক গতাই দিবলৈ সিদ্ধান্ত লয় । পুৰন্দৰ সিংহ বাছনিত উঠাত ১৮৩৩ চনৰ এপ্ৰিলত শদিয়া আৰু মটক অঞ্চলৰ বাহিৰে গোটেই উজনি অসম আনুষ্ঠানিকভাৱে তেওঁক গতাই দিয়া হয় । বিনিময়ত পুৰন্দৰ সিংহই বছৰি ৫০,০০০ টকা কৰ দিবলৈ গাত লয় । ১৮৩৩ চনত নিয়মিতভাৱে কৰ নোশোধোৱা পুৰন্দৰ সিংহক অনুপযুক্ত যেন দেখি ব্রিটিছে তেওঁৰ ৰাজ্য অধিকাৰ কৰে আৰু ফলত আহোম বংশৰ ৬০০ বছৰীয়া শাসনৰ অন্ত পৰে । 

৬। ফুলগুৰি কৃষক বিদ্ৰোহৰ কাৰণবোৰ লিখা । 

উত্তৰঃ ১৮৬১ চনত নগাঁও জিলাৰ ফুলগুৰি অঞ্চলৰ কৃষক ৰাইজে ব্ৰিটিছৰ খাজনা নীতিৰ বিৰুদ্ধে ৰাইজৰ মেল পাতি বিদ্ৰোহৰ সূচনা কৰিছিল । ১৮৬০ চনত ব্ৰিটিছ চৰকাৰে কানিৰ খেতিৰ নিষিদ্ধ কৰে আৰু চৰকাৰৰ এনে সিদ্ধান্তই অসমৰ আন ঠাইৰ লগতে ফুলগুৰি অঞ্চল বিশেষকৈ জনগোষ্ঠীয় লোকসকলৰ ঘৰুৱা অর্থনীতি ভাঙি পেলায় । এই অঞ্চলটোত প্ৰদেশখনৰ ভিতৰতে কাণি খোৱা লোকৰ সংখ্যা অধিক । কাণি খেতি নিষিদ্ধ কৰা কথাটোক কৃষকসকলে জনসাধাৰণৰ সামাজিক ৰীতি আৰু অভ্যাসৰ ওপৰত ব্ৰিটিছৰ অহেতুক হস্তক্ষেপ বুলি ক্ষোভ প্ৰকাশ কৰিছিল । এই সময়তে ব্ৰিটিছ চৰকাৰে অনুজ্ঞাপত্ৰৰ ওপৰত কৰ লগোৱাৰ বাবে প্রস্তুতি চলোৱাৰ সংবাদে কৃষকসকলক সতর্ক কৰি তোলে । ফুলগুৰি অঞ্চলৰ তিৱা আৰু কছাৰী জনগোষ্ঠীৰ কৃষকসকলে ঘৰ – বাৰী আৰু তামোল – পানৰ ওপৰত ব্ৰিটিছে সুকীয়া কৰ আৰোপ কৰিব বুলি ওলোৱা উৰা বাতৰিত পতিয়ন গৈ বিদ্ৰোহৰ পথ লয় । ১৮৬১ চনৰ ১৭ চেপ্তেম্বৰত নগাঁৱৰ সদৰত প্ৰায় এহেজাৰ কৃষকে ব্ৰিটিছৰ কৰ নীতিৰ বিৰুদ্ধে প্রতিবাদ জনায় । 

ডেপুটি কমিছনাৰ স্কন’চে কৃষকসকলক শান্ত কৰাত ব্যর্থ হয় আৰু এদল বায়তে বলপূৰ্বকভাৱে তেওঁৰ কাৰ্যালয়ত প্ৰৱেশ কৰে । এনে তথাকথিত আইন বিৰোধী কাৰ্যৰ বাবে ডেপুটি কমিছনাৰে তেওঁৰ কাৰ্যালয়ত প্ৰৱেশ কৰা কৃষকসকলক গ্ৰেপ্তাৰ কৰে আৰু জৰিমনা বিহে । এই ঘটনাৰ চাৰি সপ্তাহ পিছত কৃষকসকলে কাণি খেতি নিষিদ্ধ কৰা আৰু অন্যান্য কৰৰ বিৰুদ্ধে আন এটি প্রতিবাদী কাৰ্যসূচী হাতত লয় । চৰকাৰৰ পৰা কোনো ধৰণৰ সুদত্ত লাভ নকৰাত কৃষকসকলে কৰ নিদিয়াৰ সিদ্ধান্ত লয় আৰু ভৱিষ্যত কাৰ্যপন্থা নিৰ্ধাৰণৰ বাবে এখন ৰাইজমেলৰ আহ্বান কৰে । দূৰ – দূৰণিৰ কৃষকসকলে যাতে ৰাইজমেলত অংশ ল’ব পাৰে , সেয়েহে পাঁচ দিনীয়াকৈ ৰাইজমেল পতাৰ সিদ্ধান্ত লোৱা হৈছিল । 

ৰাইজমেলৰ প্ৰথম দিনা ডেপুটি কমিছনাৰে এটা পুলিচবাহিনী পঠিয়াই কৃষক নেতাসকলক গ্ৰেপ্তাৰ কৰে আৰু সমবেত ১০০০ কৃষকক খেদি পঠিওৱাৰ ব্যৱস্থা হাতত লয় । ৰায়ত সকলে চৰকাৰী নিৰ্দেশক অগ্রাহ্য কৰে আৰু দাৰোগাই পুলিচ বাহিনীক উভতাই নিবলৈ বাধ্য হয় । যাৰ ফলত পৰিৱেশ উত্তেজনাময় হৈ পৰে আৰু ডেপুটি কমিছনাৰে লেফটেনেণ্ট চিংগাৰক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে পুলিচ বাহিনীৰ সৈতে ফুলগুৰিলৈ পঠিয়ায় । ইতিমধ্যে যাঠি – জোং লৈ ৩০০০ তকৈ অধিক কৃষকে ফুলগুৰিত সমবেত হৈছিল । চিংগাৰে কৃষকসকলক আঁতৰি যাবলৈ নিৰ্দেশ জাৰি কৰে । উত্তেজিত কৃষকসকলে চিংগাৰক হত্যা কৰি কলং নদীত উটুৱাই দিয়ে । শেষত ডেপুটি কমিছনাৰে নিজে আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । 

ফুলগুৰি কৃষক বিদ্ৰোহ পূর্বপৰিকল্পিত নাছিল । এই বিদ্ৰোহত তিৱা আৰু কছাৰী কৃষকসকলৰ লগতে আন সম্প্ৰদায়ৰ কৃষকসকলেও অংশগ্ৰহণ কৰিছিল । ডেপুটি কমিছনাৰৰ অনাহক হস্তক্ষেপমূলক কার্যই কৃষক সকলৰ মাজত দকৈ শিপাই থকা ক্ষোভৰহে উদ্‌গীৰণ ঘটাইছিল । ফুলগুৰিৰ কৃষক বিদ্রোহে অসমত এলানি কৃষক বিদ্ৰোহৰ বাট মোকোলাই দিছিল । 

৭। অসমত মণ্টেণ্ড -চেমচফোর্ড সংস্কাৰৰ প্ৰভাৱ কিদৰে পৰিছিল ?

উত্তৰঃ প্রথম বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ ফলত সাংবিধানিক সংস্কাৰ প্ৰক্ৰিয়াটো ব্যাহত হয় । খাদ্য সামগ্ৰীৰ নাটনি , মূল্যবৃদ্ধি , মহামাৰী আদিয়ে প্রদেশখনৰ অৱস্থা ভয়াবহ কৰি তোলে । ভাৰতবৰ্ষত সাংবিধানিক অধিকাৰৰ দাবী পূৰ্বতকৈ শক্তিশালী ৰূপত উত্থাপিত হয় । এনে পৰিস্থিতিত ব্ৰিটিছ ৰাষ্ট্ৰৰ সচিব ই , এচ . মণ্টেগুৱে দেশৰ ৰাজনৈতিক পৰিস্থিতি ব্যক্তিগতভাৱে চালি – জাৰি চোৱাৰ বাবে ভাৰত ভ্ৰমণৰ সিদ্ধান্ত লয় । ভাইচৰয় লৰ্ড চেমচ্‌ফোৰ্ডৰ সৈতে মণ্টেগুৱে ভাৰত ভ্ৰমণ কৰাৰ সময়ত সমাজৰ বিভিন্ন প্রতিনিধিক সাক্ষাৎ কৰে । মণ্টেণ্ড চেমচ্‌ফোর্ড সংস্কাৰে মূলতঃ ভাৰতত স্ব – শাসিত অনুষ্ঠানসমূহ পর্যায়ক্রমে প্ৰৱৰ্তন কৰাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে । কংগ্ৰেছ দলৰ এচামে এই সংস্কারক আদৰণি জনালেও , আন এচামে শীঘ্ৰে স্বশাসনৰ বিষয়টো প্ৰৱৰ্তন কৰাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিছিল । 

মণ্টেণ্ড চেমচফোৰ্ড সংস্কাৰ আঁচনিত অসমক অন্তর্ভুক্ত কৰা হ’বনে নাই , এই কথাটো স্পষ্টকৈ কোৱা হোৱা নাছিল । এই বিষয়টোক কেন্দ্ৰ কৰি চীফ কমিছনাৰ বিটচন বেল , অসমত থকা ইউৰোপীয় সম্প্ৰদায় আৰু অন্যান্য সামাজিক ৰাজনৈতিক সংগঠনবোৰৰ মাজত তীব্র মতবিৰোধৰ সৃষ্টি হৈছিল । অসম এছ’ছিয়েশ্বনে অসমক সংস্কাৰ আঁচনিত অন্তৰ্ভুক্ত কৰাৰ বাবে নবীন চন্দ্ৰ বৰদলৈ আৰু প্ৰসন্ন কুমাৰ বৰুৱাই অসমক প্রতিনিধিত্ব কৰিছিল । ভাৰতীয় প্রতিনিধি দলৰ স্বায়ত্ব শাসনৰ দাবীক ব্ৰিটিছ সংসদে অনুমোদন নজনালেও অসম এছ’ছিয়েশ্বনে প্ৰেৰণ কৰা প্ৰতিনিধি দুজনৰ তৎপৰতাৰ বাবে শেষত সংস্কাৰ আঁচনিত অসমক অন্তর্ভুক্ত কৰা হৈছিল । 

দেশত গঢ়ি উঠা স্বদেশী আৰু হোমৰুল আন্দোলন , বিপ্লৱী কর্মকাণ্ড , সমসাময়িক বিশ্বৰ ঘটনাপ্ৰৱাহ আৰু গোখলে , তিলক , বিপিন চন্দ্ৰ পাল আদিৰ তেজোদীপ্ত ভাষণে তৰুণ চামৰ মাজত ৰাজনৈতিক চেতনাৰ উন্মেষ ঘটায় । এনে সচেতনতাৰ ফলস্বৰূপে ১৯১৬ চনত আসাম ষ্টুডেণ্টচ্ কনফাৰেন্স নামৰ ছাত্ৰ সংগঠন এটিয়ে প্রতিষ্ঠা লাভ কৰে । পৰৱৰ্তী কালত এই সংগঠনটোৰ নাম ৰখা হয় অসম ছাত্র সন্মিলন । নতুনকৈ প্ৰতিষ্ঠা লাভ কৰা ছাত্ৰ সংগঠনটো অৰাজনৈতিক হ’লেও এই সংগঠনটোৰ পৰাই চন্দ্ৰনাথ শৰ্মা , অমিয় কুমাৰ দাস , হেমচন্দ্ৰ বৰুৱা , পদ্মধৰ চলিহা আদি নেতাৰ জন্ম হয় আৰু পৰৱৰ্তী কালত এওঁলোকে ব্ৰিটিছ বিৰোধী সংগ্ৰামৰ নেতৃত্ব প্ৰদান কৰে । 

৮। জালিয়ানৱালাবাগ হত্যাকাণ্ড বুলিলে কি বুজা ? 

উত্তৰঃ ভাৰতৰ পঞ্জাৱ প্ৰান্তৰ অমৃতসৰৰ স্বর্ণ মন্দিৰৰ ওচৰৰ জালিয়ানৱালাবাগত ১৩ এপ্রিল ১৯১৯ চনত বৈশাখীৰ দিনটোত এক নৃশংস হত্যাকাণ্ড সংঘটিত হৈছিল । ৰোলেট এক্টৰ বিৰোধিতা কৰিবৰ কাৰণে এখন সভাৰ আয়োজন কৰা হৈছিল , য’ত জেনেৰেল ডায়ৰ নামৰ এজন ব্ৰিটিছ অফিচাৰে অকাৰণত সেই সভাত থকা লোকসকলক গুলিয়াবলৈ নিৰ্দেশ দিয়ে । য’ত ৪০০ জন ব্যক্তি মৃত্যুবৰণ কৰিছিল আৰু ২০০০ তকৈও অধিক আহত হৈছিল । অমৃতসৰৰ ডেপুটী কমিছনাৰৰ কাৰ্যালয়ত ৪৮৪ ছহিদৰ সূচী আছে , কিন্তু জালিয়ানৱালাবাগত মুঠ ৩৮৮ ছহিদৰ সূচী আছে । ব্ৰিটিছ ৰাজৰ অভিলেখ এই ঘটনাত ২০০ জন লোকৰ আহত হোৱাৰ আৰু ৩৭৯ জন ছহিদ হোৱাৰ কথা স্বীকাৰ কৰিছিল , য’ত ৩৩৭ জন পুৰুষ আৰু ৪১ নাবালক ল’ৰা আৰু ৬ সপ্তাহৰ এটা কেঁচুৱা আছিল । অনাধিকাৰিক সংখ্যা অনুসৰি ১০০০ তকৈও অধিক লোক মৰিছিল আৰু ২০০০ তকৈও অধিক আহত হৈছিল । 

যদি স্বাধীনতা আন্দোলনত কিবা ঘটনাই প্রভাৱ পেলাইছিল , তেনেহ’লে এইটো সবাতোকৈ জঘন্য ঘটনাত পৰিগণিত হৈছিল । ইয়াৰ পাছৰ পৰাই ব্ৰিটিছ শাসনৰ প্ৰভাৱ কমি আহিব ধৰে বুলি বিশ্বাস কৰা যায় । 

১৯১৩ চনত মহাৰাণী এলিজাবেথে এই স্মাৰকত মৃতকক শ্রদ্ধাঞ্জলি দিছিল । ২০১৩ চনত ব্ৰিটিছৰ প্ৰধানমন্ত্রী ডেভিদ কেমৰেণেও স্মাৰকটোত আহিছিল আৰু কৈছিল যে “ ব্ৰিটিছৰ ইতিহাসত এইটো এটা লজ্জাজনক ঘটনা আছিল । ” 

৯। আইন অমান্য আন্দোলনত ছাত্ৰ – ছাত্ৰীৰ ভূমিকা সম্পর্কে লিখা । 

উত্তৰঃ অসমৰ জনসাধাৰণে গান্ধীজীৰ আহ্বানৰ প্ৰতি পূৰ্ণ সঁহাৰি জনালেও অসম প্রাদেশিক কংগ্ৰেছ নেতৃত্বই আইন অমান্য আন্দোলন গঢ়ি তোলাৰ বাবে অসম সাজু নহয় বুলি মত আগবঢ়াইছিল । তৰুণৰাম ফুকনে আইন অমান্য আন্দোলনৰ বিৰোধিতা কৰাৰ লগতে ৰোহিণী কুমাৰ চৌধুৰী আৰু নবীন চন্দ্ৰ বৰদলৈয়ে আন্দোলনটোৰ প্ৰতি উৎসাহ প্রদান কৰা নাছিল । কিন্তু বিষ্ণুৰাম মেধি , হেমচন্দ্ৰ বৰুৱা , সিদ্ধিনাথ শৰ্মা , অম্বিকাগিৰি ৰায়চৌধুৰী আদিয়ে আন্দোলনটোৰ প্ৰতি সমর্থন ব্যক্ত কৰিছিল যদিও আর্থিক অভাৱৰ বাবেই তেওঁলোকে কংগ্ৰেছ স্বেচ্ছাসেৱকসকলক আইন অমান্য আন্দোলনৰ বাবে সাজু কৰি তোলাত অসুবিধাৰ সন্মুখীন হৈছিল । অসমত লোণৰ খনি নথকাৰ বাবে ৰাজ্যখনত লোণ আইন ভংগ কৰাটোও সম্ভব হোৱা নাছিল । 

ছাত্ৰ – সমাজৰ ওপৰত আইন অমান্য আন্দোলনে বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰা নাছিল । কিন্তু ১৯৩০ চনৰ মে ’ মাহত শিক্ষা সঞ্চালক জে . আৰ . কানিংহামে ঘোষণা কৰা চার্কুলাৰখনে ছাত্ৰ – সমাজক সচকিত কৰি তোলে । কানিংহাম চার্কুলাৰ মৰ্মে , পাঠৰত ছাত্ৰসকলে শিক্ষানুষ্ঠানত কোনো ধৰণৰ ৰাজনৈতিক কর্মকাণ্ডত অংশগ্ৰহণ নকৰে বুলি তেওঁলোকৰ পিতৃ – মাতৃ তথা অভিভাৱকে চৰকাৰক লিখিতভাৱে জনাব লাগিব । কোনোবা ছাত্রই ধৰ্ণা , হৰতাল আৰু আন ৰাজনৈতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে অথবা স্কুল কর্তৃপক্ষক অমান্য কৰিলে তেনে ছাত্ৰৰ ওপৰত জৰিমনা বিহাৰ লগতে জলপানি আৰু ছাত্ৰ নিবাসৰ আসন বাতিল কৰি দিয়া হ’ব । 

ইয়াতকৈও অধিক অপৰাধত লিপ্ত ছাত্ৰ – ছাত্ৰীক স্কুলৰ পৰা বহিষ্কাৰ কৰা হ’ব । কানিংহাম ছার্কুলাৰৰ বিৰুদ্ধে ৰাজপথত নামিবলৈ সাজু হয় । ছার্কুলাৰখনৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী লোৱাৰ বাবে গুৱাহাটীত অসম ছাত্ৰ – সন্মিলনৰ বিশেষ অধিৱেশন অনুষ্ঠিত হয় । ছাত্র সন্মিলনে চৰকাৰী শিক্ষানুষ্ঠান অৱৰোধ কৰাৰ সিদ্ধান্ত গ্রহণ কৰে । চৰকাৰী তথ্যমতে ১৯৩০ চনৰ জুলাইৰ পৰা আগষ্ট মাহছোৱাত ১৫,১৮৬ গৰাকী ছাত্ৰ – ছাত্ৰীয়ে স্কুল ত্যাগ কৰিছিল । ছাত্ৰসকলে সুৰা – বিপণি আৰু কাণিৰ দোকানো অৱৰোধ কৰিছিল । ছাত্ৰ – সমাজৰ আন্দোলনৰ প্ৰতি সঁহাৰি জনাই কৃষকসকলেও মাটিৰ খাজনা ৫০ % হ্রাস কৰাৰ দাবী উত্থাপন কৰে । বিভিন্ন ঠাইত বনাঞ্চল আইন ভংগ কৰা হয় চৰকাৰী স্কুল জ্বলাই দিয়ে আৰু চৌকীদাৰী বৰ নিদিয়াৰ বাবে আহ্বান জনায় । 

১০। অসমৰ স্বাধীনতা আন্দোলনত নাৰীৰ অৱদান ব্যাখ্যা কৰা । 

উত্তৰঃ মহাত্মা গান্ধীয়ে অসম ভ্রমণকালত মহিলাসকলক অসহযোগ আন্দোলনত অংশ লোৱাৰ বাবে দিয়া আহ্বানৰ প্ৰতি সঁহাৰি জনাই হাজাৰ বিজাৰ অসমীয়া মহিলাই ‘ গান্ধীৰ মহাৰাজৰ জয় ’ , ‘ বন্দে মাতম ‘ আদি ধ্বনিৰে আকাশ – বতাহ মুখৰিত কৰিছিল । গান্ধীয়ে নাৰী সমাজক সাহস , বুদ্ধিমত্তা আৰু অদম্য শক্তিৰ প্ৰতীক ৰূপে বিবেচনা কৰিছিল । মহিলাসকলে পুৰুষ সমাজৰ লগত সমানে সমানে প্রতিবাদ কাৰ্যসূচীত অংশগ্ৰহণ কৰি স্বাধীনতা সংগ্ৰামৰ সেনানী পৰিণত হৈছিল । অৱশ্যে , আৰম্ভণিতে সামাজিক বক্ষণশীলতাৰ বাবে কমসংখ্যক মহিলাই অসহযোগ আন্দোলনত অংশ লৈছিল । এই সকলৰ ভিতৰত অন্যতম আছিল বিদ্যুৎপ্রভা দেবী , গিরিজা দেৱী , হেমন্ত কুমাৰী দেৱী , নলিনীবালা দেৱী , পুষ্পলতা দাস , গুণেশ্বৰী নাথ , চন্দ্ৰপ্ৰভা শ‍ইকীয়ানী আদি । 

এই মহিলা নেত্ৰীসকলে গাঁৱে – ভূঞে গৈ সাধাৰণ মহিলাক ব্ৰিটিছ বিৰোধী আন্দোলনত যোগদান কৰাৰ বাবে সংগঠিত কৰিছিল । গান্ধীৰ আহ্বানে আঢ্যবন্ত মহিলাসকলৰ উপৰিও সমাজৰ সাধাৰণ শ্ৰেণীৰ মহিলাকো চুই গৈছিল । দৃষ্টান্ত স্বৰূপে দৰঙৰ লালমাটি চাহ বাগিচাৰ মহিলা শ্রমিক মাত্ৰী নেম বা মালতীৰ কথা উল্লেখ কৰিব পাৰি । এই সাধাৰণ মহিলা শ্রমিক গৰাকীয়ে চাহ বাগানত সুৰা নিষিদ্ধ কৰাৰ বাবে পিকেটিং কৰাৰ অপৰাধত চাহ মালিকৰ হাতত মৃত্যুবৰণ কৰিবলগীয়া হয় । মাত্ৰী মেময়েই আছিল অসহযোগ আন্দোলনৰ প্রথম অস্বীকৃত ছহিদ । কামৰূপ জিলাৰ গৰৈমাৰী গাঁৱৰ ভানুমতী তালুকদাৰে নিজৰ ঘৰ – বাৰী এৰি কংগ্ৰেছ দলৰ সৰ্বক্ষণ কৰ্মীৰ দায়িত্ব লোৱাৰ বাবে , ‘ ভলুণ্টিয়াৰণী বাই ’ নামেৰে জনাজাত হৈ পৰিছিল আৰু মহাত্মা গান্ধীয়ে তেওঁক ‘ অসমৰ সৰোজনী ’ আখ্যা দিছিল । প্রমিলা মেদক নামৰ গোলাঘাটৰ মিচিং মহিলা এগৰাকীয়ে স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে মিচিং সমাজে এঘৰীয়া কৰাৰ পিছতো অসহযোগ আন্দোলনৰ পৰা আঁতৰি যোৱা নাছিল । 

অসহযোগ আন্দোলনৰ সময়ছোৱাত প্রিন্স অব ৱেলছৰ ভাৰত ভ্ৰমণৰ বিৰুদ্ধে দেশৰ লগতে অসমতো ১৯২১ চনৰ ১৭ নৱেম্বৰ তাৰিখে হৰতাল কাৰ্যসূচী পালন কৰা হয় । ব্ৰিটিছ চৰকাৰে এই হৰতালক বাধা দিয়াৰ বাবে তিনিটা পন্থা অৱলম্বন কৰিছিল— 

( ক ) প্ৰভাৱশালী নেতা কিছুমানক বিশেষ সা – সুবিধা তথা সন্মান প্রদান কৰিছিল । 

( খ ) দমনমূলক ব্যৱস্থাৰে আন্দোলনটোক প্রতিহত কৰিবলৈ চেষ্টা কৰিছিল । 

( গ ) দেশবাসীৰ মাজত সাম্প্রদায়িক বিষবাষ্প বিয়পাই হিন্দু – মুছলমানৰ মাজত বিভাজন সৃষ্টি কৰিছিল ।

১১। অসম কেবিনেট মিচনৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰা । 

উত্তৰঃ ভাৰতৰ পৰা আঁতৰি যোৱাৰ মানসেৰে ব্ৰিটিছে ভাৰতবৰ্ষত এখন দেশীয় চৰকাৰ গঠন আৰু সংবিধান প্রণয়ন কৰাৰ পৰিকল্পনা লৈ ১৯৪৫ চনৰ মাৰ্চ মাহত ভাৰতলৈ কেবিনেট মিছন প্ৰেৰণ কৰে । এই মিছনৰ সদস্য তিনিগৰাকী আছিল স্বৰাষ্ট্র সচিব পেথিক লৰেন্স , বোর্ড অব ট্রেডৰ সভাপতি ষ্টাফোর্ড ক্রিপছ আৰু ফ্ৰাষ্ট লর্ড অব এডমিৰেলিটি , এ . ভি আলেকজেণ্ডাৰ । কেবিনেট মিছনে পৃথক পাকিস্তানৰ দাবীক অগ্রাহ্য কৰি ঐক্যবদ্ধ ভাৰতবৰ্ষৰ বাবে তিনিটা গ্রুপিঙৰ ( Grouping) ৰ প্ৰস্তাৱ আগবঢ়ায় । 

গ্রুপিং তিনিটা হ’ল— 

( ক ) মাদ্ৰাছ , বোম্বাই , উত্তৰ প্ৰদেশ , বিহাৰ , কেন্দ্রীয় প্রদেশ আৰু উৰিষ্যা । 

( খ ) পঞ্জাৱ , উত্তৰ – পশ্চিম সীমান্ত প্রদেশ আৰু সিন্ধু প্রদেশ । 

( গ ) বংগদেশ আৰু অসম । 

প্ৰতিটো গ্ৰুপিঙে সুকীয়া সুকীয়া সংবিধানৰ প্ৰণয়নৰ বাবে পৃথক পৃথককৈ মিলিত হ’ব । তিনিওটা গ্ৰুপিঙৰ বাবে প্ৰতিৰক্ষা , বৈদেশিক আৰু সংযোগ দপ্তৰ সমন্ধিতে এটা উমৈহতীয়া কেন্দ্ৰত থাকিব । প্রথম সাধাৰণ নিৰ্বাচনৰ পিছত ইচ্ছা কৰিলে প্ৰদেশ এখনে নিজক অন্তর্ভুক্ত কৰা গ্ৰুপিঙৰ পৰা ওলাই আহিব পাৰিব আৰু দহ বছৰৰ অন্তত প্ৰতিটো ক্ষেত্ৰ আৰু কেন্দ্ৰীয় সংবিধানৰ পৰিৱৰ্তনৰ বাবে দাবী উত্থাপন কৰিব পাৰিব । গ্রুপ বা গ্রুপিঙক কেন্দ্ৰ কৰি কংগ্ৰেছ আৰু লীগৰ মাজত মতানৈক্যৰ সৃষ্টি হৈছিল । কংগ্ৰেছ আৰু লীগে নিজ নিজ স্থিতিত থাকি কেবিনেট মিছনৰ ব্যাখ্যা আগবঢ়াইছিল । আনহাতে কেবিনেট মিছনৰ প্ৰস্তাৱক গ্রুপিং ব্যৱস্থাটো বাধ্যতামূলক হয় নে নহয় , এই বিষয়টো স্পষ্ট কৰি দিয়া হোৱা নাছিল । 

অসম প্রদেশ কংগ্ৰেছে কেবিনেট মিছনৰ গ্ৰুপিং ব্যৱস্থাৰ প্ৰতিবাদ কৰিছিল । অসমক বঙ্গদেশৰ লগত সাঙুৰি দিলে । ৰাজ্যখনৰ স্বকীয় পৰিচয় বিলুপ্ত হ’ব আৰু মুছলিম লীগৰ ৰাজনৈতিক ডবাখেলৰ গুটিত পৰিণত হ’বগৈ । সমগ্ৰ বিষয়টো অৱগত কৰাৰ বাবে গোপীনাথ বৰদলৈয়ে তেওঁৰ দুই সতীৰ্থ বিজয় চন্দ্ৰ ভাগৱতী আৰু মহেন্দ্ৰ মোহন চৌধুৰীক গান্ধীজীক সাক্ষাৎ কৰিবলৈ শ্ৰীৰামপুৰলৈ পঠিয়ায় । অসমক বংগ দেশৰ লগত চামিল কৰিব খোজা গ্রুপিং ব্যৱস্থাৰ বিৰুদ্ধে হৰেশ্বৰ গোস্বামী , দেৱকান্ত বৰুৱা , হৰেশ্বৰ নাথ বৰুৱা , পুষ্পলতা দাস আদি আন কেইগৰাকীমান কংগ্ৰেছ নেতা – নেত্রীয়ে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নেতৃত্বক লগ কৰাৰ বাবে পাটনা , কলিকতা আৰু দিল্লীলৈ যাবলগীয়া হৈছিল । গোপীনাথ বৰদলৈয়ে অসম বিধানসভাত কেবিনেট মিছনৰ গ্রুপিং ব্যৱস্থাৰ বিৰোধিতা কৰি এটা প্ৰস্তাৱ গ্ৰহণ কৰিছিল । 

ইফালে ব্ৰিটিছে ১৯৪৬ চনৰ ২ চেপ্তেম্বৰত নেহেৰুৰ নেতৃত্বত এখন অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ আহ্বান জনালে । মহম্মদ আলী জিন্নাই এই প্রস্তাৱৰ বিৰুদ্ধাচৰণ কৰাৰ বাবে প্রত্যক্ষ সংগ্ৰামৰ হুংকাৰ দি ‘ লড়কে লেংগে পাকিস্তান ‘ শ্লোগান দিবলৈ আৰম্ভ কৰিলে । জিন্নাৰ এনে উচটনিমূলক আহ্বানে দেশত সাম্প্রদায়িক উত্তেজনাৰ সৃষ্টি কৰিলে । কলিকতা , পাঞ্জাব , নোৱাখলি আদিত সংঘটিত হ’ল ব্যাপক সাম্প্রদায়িক সংঘর্ষ । লীগে অন্তৰ্ৱৰ্তীকালীন চৰকাৰত অংশ লৈ প্ৰত্যক্ষ সংগ্ৰামৰ কাৰ্যসূচী অব্যাহত ৰাখিলে । কংগ্ৰেছে দাবী জনালে যে মুছলিম লীগে প্রত্যক্ষ সংগ্রামৰ কাৰ্যসূচী অব্যাহত ৰাখিলে । কংগ্ৰেছে দাবী জনালে যে মুছলিম লীগে প্রত্যক্ষ সংগ্ৰামৰ কাৰ্যসূচী বন্ধ কৰক , নহ’লে অন্তৱৰ্তী চৰকাৰৰ পৰা আঁতৰি যাওঁক । লীগে ওলোটাই বিধানসভা ভংগ কৰাৰ দাবী জনালে । এনে সময়তে এটলিয়ে ঘোষণা কৰিলে যে ১৯৪৮ চনৰ ৩০ জুনৰ দিনা ব্ৰিটিছে ভাৰতক ক্ষমতা হস্তান্তৰ কৰিব আৰু এই উদ্দেশ্যে লৰ্ড ৱাভেলৰ সলনি লর্ড মাউণ্টবেটেনক ভাইছৰয় ৰূপে নিযুক্তি দিয়া হয় । 

মাউণ্টবেটেন ভাৰতলৈ অহাৰ সময়ত ক্ষমতা হস্তান্তৰৰ বাবে পৰিৱেশ অনুকূল হৈ থকা নাছিল । মুছলিম লীগে পাকিস্তানৰ দাবী অটল স্থিতি গ্ৰহণ কৰিছিল । মাউণ্টবেটেনে আগবঢ়োৱা প্ৰস্তাৱ মৰ্মে ভাৰতক দ্বিখণ্ডিত কৰা হৈছিল আৰু এই কাম কংগ্ৰেছ তথা লীগক সন্তুষ্ট কৰাৰ বাবে পঞ্জাৱ আৰু বংগদেশক ভাগ কৰাৰ আঁচনি লৈছিল আৰু ছিলেটে অসমৰ সৈতে থকা নথকা কথাটো গণভোটৰ দ্বাৰা নিৰ্ধাৰণ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল । এনেকৈয়ে মাউণ্টবেটেনৰ প্ৰস্তাৱে পাকিস্তান সৃষ্টিৰ সম্ভাৱনাক প্ৰকট কৰি তোলে । ৩ জুনত প্ৰস্তুত কৰা মাউণ্টবেটেনৰ ভাৰত বিভাজনৰ প্ৰস্তাৱ মৰ্মে ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰতবৰ্ষক স্বাধীনতা প্রদান কৰা হ’ব বুলি উল্লেখ কৰা হয় । 

১৯৪৭ চনৰ ১৮ জুলাই তাৰিখে মহাৰাণীয়ে স্বাধীন ভাৰত বিলখনত স্বাক্ষৰ প্ৰদান কৰে । মাউণ্টবেটেনৰ প্ৰস্তাৱৰ ফলস্বৰূপে অসমত গ্রুপিং বিৰোধী আন্দোলনৰো সমাপ্তি ঘটে । ১৯৪৭ চনৰ ৬ আৰু ৭ জুলাই তাৰিখে ছিলেটত গণভোটৰ আয়োজন কৰা হয় আৰু ফলাফল ঘোষণা কৰাৰ পিছত ৫৬ % লোকে পাকিস্তানৰ লগত আৰু ৪৩.৪ % লোকে অবিভক্ত অসমৰ সৈতে ভাৰতবৰ্ষত চামিল হোৱাৰ বাবে ভোটদান কৰে। এনেকৈয়ে ছিলেট জিলাখনে পূৱ – পাকিস্তানৰ অন্তৰ্ভুক্ত হয় । চিৰিল ৰেডক্লিফক পূৱ পাকিস্তান আৰু অসমৰ সীমা নিৰ্ধাৰণ কৰাৰ দায়িত্ব অর্পণ কৰা হয় । 

১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰতবৰ্ষই পূৰ্ণ স্বৰাজ অৰ্জন কৰাৰ মাজেদি সুদীৰ্ঘ স্বাধীনতা সংগ্ৰামৰ সামৰণি পৰে । অসম ভাৰতীয় যুক্তৰাষ্ট্ৰ কাঠামোৰ অন্তৰ্ভুক্ত হয় । স্বাধীন ভাৰতত অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী ৰূপে গোপীনাথ বৰদলৈয়ে দায়িত্ব গ্ৰহণ কৰে ।

১২। ভাৰত – চীনৰ যুদ্ধৰ পটভূমি বর্ণনা কৰা । 

উত্তৰঃ ১৯৬২ চনত চীন আৰু ভাৰতৰ মাজত সীমাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা যুদ্ধত অসম প্রত্যক্ষ্যভাৱে সাঙোৰ খাই পৰে । চীন সৈন্যই বোমডিলা দখল কৰি পুৰণি দৰং জিলাত প্ৰৱেশ কৰাৰ সময়ত জিলা প্ৰশাসনৰ উচ্চ বিষয়াসকলে যুদ্ধ সন্ত্রস্ত সাধাৰণ মানুহক এৰি থৈ নগাঁও , গুৱাহাটী আদিলৈ পলাই আহিছিল । প্ৰশাসনৰ এনে অবাঞ্চিত আচৰণক জনসাধাৰণে সমালোচনা কৰিছিল । চীন – ভাৰত যুদ্ধৰ পিছত খাদ্য সামগ্ৰীৰ অভূতপূৰ্ব মূল্য বৃদ্ধিয়ে ছাত্র সমাজক সজাগ কৰি তোলে আৰু ১৯৬৪ চনত মূল্য বৃদ্ধিৰ বিৰুদ্ধে ছাত্ৰ – ছাত্ৰীসকলে এটা বৃহৎ আন্দোলন গঢ়ি তুলিছিল । চীন – ভাৰত যুদ্ধই কেন্দ্ৰীয় চৰকাৰক উত্তৰ – পূৰ্বাঞ্চলৰ সামৰিক গুৰুত্বৰ বিষয়ে চিন্তা কৰিবলৈ তৎপৰ কৰি তুলিছিল । এইবাবেই তৃতীয় পঞ্চবার্ষিক পৰিকল্পনাত উত্তৰ – পূৰ্বাঞ্চলত যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ বিকাশৰ ওপৰত মনোযোগ দিয়া হৈছিল । ভালেমান নতুন বাট – পথ আৰু দলং নিৰ্মাণ কৰাৰ উপৰি ৰেল বিভাগে নেফাৰ মুর্কংচেলেঙলৈকে নতুনকৈ ৰেলপথ নিৰ্মাণ কৰিছিল । চীন – ভাৰতৰ এদিনীয়া যুদ্ধ কৰাৰ অন্ত চীনা সৈন্য উভতি যোৱাৰ লগে লগে চীন ভাৰতৰ যুদ্ধৰো অন্ত পৰে । 

Leave a Reply

error: Content is protected !!
Scroll to Top
Scroll to Top
adplus-dvertising