Class 12 Political Science Chapter – 17 আঞ্চলিক আকাংক্ষাবোৰ

Join Telegram channel

Class 12 Political Science Chapter – 17 আঞ্চলিক আকাংক্ষাবোৰ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Political Science Chapter – 17 আঞ্চলিক আকাংক্ষাবোৰ and select needs one.

Class 12 Political Science Chapter – 17 আঞ্চলিক আকাংক্ষাবোৰ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Political Science Chapter – 17 আঞ্চলিক আকাংক্ষাবোৰ Solutions for All Subject, You can practice these here…

আঞ্চলিক আকাংক্ষাবোৰ

পাঠ: ৮

দ্বিতীয় খণ্ড

অতি চমু প্রশ্নোত্তৰ ( মূল্যাংক ১ )

প্রশ্ন ১। ভাৰত আৰু পাকিস্তানৰ মাজৰ কোনটো বিষয়ক সদায় প্রধান বিষয় হিচাপে বােধ হয় ? 

উত্তৰঃ জম্মু আৰু কাশ্মীৰৰ বিষয়টো । 

প্রশ্ন ২। হৰি সিং কোন আছিল ? 

উত্তৰঃ হৰি সিং আছিল দেশ বিভাজনৰ সময়ত কাশ্মীৰৰ মহাৰজা । 

প্রশ্ন ৩। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে জম্মু আৰু কাশ্মীৰক বিস্তৰ স্বায়ত্ততা প্রদান কৰে । 

উত্তৰঃ ৩৭০ নং অনুচ্ছেদে । 

প্রশ্ন ৪। তাৰা সিং কোন আছিল ? 

উত্তৰঃ পঞ্জাবৰ এজন শিখ ধর্মীয় বাজনৈতিক নেতা ।

প্রশ্ন ৫। পঞ্জাবত আকালি দল কোন চনত গঠন কৰা হৈছিল ? 

উত্তৰঃ ১৯২০ চনত । 

প্রশ্ন ৬। MNF ৰ পূৰ্ণ ৰূপটো লিখা । 

উত্তৰঃ Mizo National Front . 

প্রশ্ন ৭। লালডেংগা কোন আছিল ? 

উত্তৰঃ লালডেংগা আছিল মিজো ৰাষ্ট্ৰীয়তাবাদী ফ্রণ্টৰ নেতা । 

প্রশ্ন ৮। বিদেশী বিষয়ক লৈ অসমত আন্দোলন কেতিয়া আৰম্ভ হৈছিল ? 

উত্তৰঃ ১৯৭৯ চনত । 

প্রশ্ন ৯। AGP কোন ৰাজ্যৰ ? 

উত্তৰঃ অসমৰ ।

প্রশ্ন ১০। কোন চনত , গােৱ ভাৰতৰ এখন ৰাজ্য হিচাপে চামিল হৈছিল ? 

উত্তৰঃ ১৯৮৭ চনত । 

প্রশ্ন ১১। প্রধানমন্ত্রী ইন্দিৰা গান্ধীক কেতিয়া হত্যা কৰা হৈছিল ? 

উত্তৰঃ ১৯৮৪ চনত । 

প্রশ্ন ১২। নগা নেচনেল কাউন্সিলৰ নায়ক কোন আছিল ? 

উত্তৰঃ এ . জে . ফিজো । 

প্রশ্ন ১৩। আনন্দপুৰ চাহিব প্ৰস্তাৱ কেতিয়া গৃহীত হৈছিল ? 

উত্তৰঃ ১৯৭৩ চনত । 

প্রশ্ন ১৪। ভাৰত চৰকাৰে কেতিয়া অপাৰেচন ব্লু ষ্টাৰ চলাইছিল ? 

উত্তৰঃ ১৯৮৪ চনত । 

প্রশ্ন ১৫। ছিকিমত প্রথম বিধানসভা নির্বাচন কেতিয়া হৈছিল ? 

উত্তৰঃ ১৯৭৪ চনত । 

প্রশ্ন ১৬। MG ৰ পূৰ্ণ ৰূপটো কি ? 

উত্তৰঃ Maharastrabadi Gomontak Party . 

প্রশ্ন ১৭। ছিকিম কেতিয়া ভাৰতৰ সৈতে চামিল হৈছিল ? 

উত্তৰঃ ১৯৭৫ চনত । 

প্রশ্ন ১৮। AASU পূর্ণ ৰূপটো লিখা । 

উত্তৰঃ All Assam Student Union . 

প্রশ্ন ১৯। নেচনেল কনফাৰেন্স কেতিয়া গঠিত হৈছিল ? 

উত্তৰঃ ১৯৩৯ চনত ।

প্রশ্ন ২০। কোনখন ৰাজ্যত অসম গণ পৰিষদ সক্রিয় ? 

উত্তৰঃ অসমত । 

প্রশ্ন ২১। তেলুগু দেশমৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল ? 

উত্তৰঃ এন , টি , ৰামাৰাও । 

প্রশ্ন ২২। কোনটো বছৰত নগালেণ্ড ৰাজ্য গঠন কৰা হৈছিল ? 

উত্তৰঃ ১৯৬৩ চনত । 

প্রশ্ন ২৩। সাতভনী বুলিলে কি বুজা ? 

উত্তৰঃ ভাৰতবৰ্ষৰ উত্তৰ – পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যক একেলগে সাতভনী বুলি কোৱা হয় । 

প্রশ্ন ২৪। আঞ্চলিকতাবাদৰ সৃষ্টি কৰা যিকোনাে এটা কাৰক উল্লেখ কৰা ।

উত্তৰঃ ( ক ) কেন্দ্রীয় চৰকাৰৰ ৰাজ্যবিলাকলৈ গ্ৰহণ কৰা বৈষম্যমূলক নীতি । 

প্রশ্ন ২৫। খালী ঠাই পূৰণ কৰা –

( ক ) ছিকিম ভাৰতৰ …………ৰাজ্য হৈছিল । 

উত্তৰঃ ২২ তম্ ৰাজ্য । 

( খ ) উত্তৰ – পূৰ্বাঞ্চলৰ পুনৰ গঠন সম্পূর্ণ হৈছিল………….চনত । 

উত্তৰঃ ১৯৭২ চনত । 

( গ ) অনুচ্ছেদ …………এ জম্মু আৰু কাশ্মীৰক বিশেষ মর্যাদা দিছে । 

উত্তৰঃ ৩৭০ নং অনুচ্ছেদ । 

চমু প্রশ্নোত্তৰ ( মূল্যাংক -২ ) 

প্রশ্ন ১। আঞ্চলিকতাবাদ বুলিলে কি বুজা ? 

উত্তৰঃ আঞ্চলিকতাবাদ হ’ল কোনাে এটা নির্দিষ্ট অঞ্চলত বসবাস কৰা জনসাধাৰণৰ মনােভাৱ যিটোৱে তেওঁলােকক অর্থনৈতিক , সামাজিক আৰু ৰাজনৈতিক ক্ষমতা বৃদ্ধিৰ বাবে উৎসাহিত কৰে । এই উৎসাহ আৰু উদ্দীপনা জাগৰিত কৰে অঞ্চলটোৰ ভৌগােলিক পৰিবেশ , সামাজিক আৰু অর্থনৈতিক কাৰকতাই ।

প্রশ্ন ২। আঞ্চলিকতাবাদ গঢ়ি উঠাৰ তিনিটা উপাদান ( কাৰক ) উল্লেখ কৰা । 

উত্তৰঃ উপাদান তিনিটা –

( ক ) ভৌগােলিক নিৰৱচ্ছিন্নতা ।

( খ ) উমৈহতীয়া সংস্কৃতি ।

( গ ) উমৈহতীয়া ভাষা । 

প্রশ্ন ৩। উত্তৰ – পূবৰ সাতখন ৰাজ্যৰ নাম লিখা । 

উত্তৰঃ ১। অসম , ২। মেঘালয় , ৩। অৰুণাচল প্রদেশ , ৪। নগালেণ্ড , ৫। মণিপুৰ , ৬ । মিজোৰাম , ৭। ত্রিপুৰা ।

প্রশ্ন ৪। সীমান্ত – অতিক্রমি সন্ত্রাসবাদ কি ? 

উত্তৰঃ যেতিয়া এখন দেশৰ সন্ত্রাসবাদীয়ে আন এখন দেশৰ সীমা পাৰ হৈ গৈ অপৰাধ কার্যকৰী কৰে তাকে সীমান্ত অতিক্রমি সন্ত্রাসবাদ বােলে । 

প্রশ্ন ৫। লালডেংগা কোন ? 

উত্তৰঃ লালডেংগা আছিল মিজোৰাম ৰাষ্ট্ৰীয় ফ্ৰণ্টৰ প্ৰতিষ্ঠাপক নেতা । ১৯৫৭ চনত এজন বিপ্লবী নেতা হিচাপে পৰিগণিত হয় । তেওঁ প্রায় দুটা দশক ভাৰত চৰকাৰৰ লগত সংঘর্ষত লিপ্ত থাকে । পিছত প্রধান মন্ত্রী ৰাজীৱ গান্ধীৰ লগত চুক্তি কৰি মিজোৰাম ৰাজ্য গঠন হােৱাত তেওঁ মিজোৰামৰ মুখ্যমন্ত্ৰী হৈছিল । তেওঁৰ ১৯৯০ চনত মৃত্যু হৈছে । 

প্রশ্ন ৬। অপাৰেচন ব্লু ষ্টাৰ কি ? 

উত্তৰঃ পঞ্জাৱৰ আকালি দলৰ কিছুমান সন্ত্রাসবাদীয়ে বিচ্ছিন্নতাবাদী মনােভাৱেৰে সুকীয়া ৰাজ্যৰ দাবী কৰি অমৃতসৰৰ স্বর্ণ মন্দিৰ দখল কৰি লৈ তাকে মুখ্য কার্যালয় কৰি সংঘৰ্য আৰম্ভ কৰিছিল । তেতিয়া ভাৰত চৰকাৰে ১৯৮৪ চনত এই সন্ত্রাসবাদী দলটোৰ বিৰুদ্ধে সামৰিক অভিযান এটা চলাব লগা হৈছিল । এই অভিযানকে অপাৰেচনৰু ষ্টাৰ বােলে । এই অভিযানে । সন্ত্রাসবাদীসকলক মন্দিৰৰ পৰা বিতাৰিত কৰি ইয়াক মুক্ত কৰে । 

Sl. No.সূচী-পত্ৰ
Unit 1 প্ৰথম খণ্ড
Chapter 1শীতল যুদ্ধৰ যুগ
Chapter 2দ্বি ৰাষ্ট্ৰবাদৰ অৱসান
Chapter 3 আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যুক্তৰাষ্ট্রৰ আধিপত্য
Chapter 4ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ
Chapter 5সাম্প্রতিক দক্ষিণ এছিয়া
Chapter 6আন্তর্জাতিক সংগঠন
Chapter 7সাম্প্রতিক বিশ্বত নিৰাপত্তা
Chapter 8পাৰিপাৰ্শ্বিকতা আৰু প্রাকৃতিক সম্পদ
Chapter 9বিশ্বায়ন
Unit 2দ্বিতীয় খণ্ড
Chapter 1জাতি গঠনৰ প্ৰত্যাহ্বান
Chapter 2এক দলীয় প্রাধান্যৰ যুগ
Chapter 3পৰিকল্পিত বিকাশৰ ৰাজনীতি
Chapter 4ভাৰতৰ বৈদেশিক সম্বন্ধ
Chapter 5কংগ্রেছ ব্যৱস্থাৰ প্রতি অহা প্ৰত্যাহ্বান আৰু ইয়াৰ পুনঃপ্রতিষ্ঠা
Chapter 6গণতন্ত্রৰ সংকট
Chapter 7গণ আন্দোলনৰ অভ্যুত্থান
Chapter 8আঞ্চলিক আকাংক্ষাবোৰ
Chapter 9ভাৰতীয় ৰাজনীতিত সাম্প্রতিক বিকাশ

প্রশ্ন ৭।ভাৰতৰ চাৰিটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা । 

উত্তৰঃ ১। আকালি দল ।

২। তেলেগু দেশম ।

৩। অসম গণ পৰিষদ ।

৪। ডি , এম , কে , 

প্রশ্ন ৮। ভাৰতত আঞ্চলিকতাবাদৰ গুৰুত্ব আৰু উৎপত্তিৰ দুটা কাৰণ লিখা । 

উত্তৰঃ ( ১ ) কেন্দ্রীয় চৰকাৰৰ বৈষম্যমূলকনীতিৰ বাবে । 

( ২ ) অনুন্নত পিচপৰা অঞ্চলক চৰকাৰে গুৰুত্ব নিদিয়া বাবে । 

প্রশ্ন ৯। আঞ্চলিকতাবাদী আন্দোলন নিৰাময় কৰাৰ বাবে তিনিটা পৰামর্শ দিয়া । 

উত্তৰঃ আঞ্চলিকতাবাদী আন্দোলন ভাৰতৰ সংহতিৰ বাবে এক সাংঘাতিক সমস্যা । ইয়াক নিৰাময় কৰাৰ বাবে তলত দুটা পৰামৰ্শ আগবঢ়োৱা হ’ল— 

১। সকলাে অঞ্চলতে সমভাবে অর্থনৈতিক উন্নতি কৰা উচিত । 

২। ভাষা আৰু সংস্কৃতিৰ সকলাে সমস্যাত অধিক গুৰুত্ব দিব লাগে । ইয়াক কাৰৰ ওপৰত জাপি দিব নালাগে । 

৩। সকলাে সমস্যা আলােচনাৰ মাধ্যমেৰে মীমাংসা কৰিব লাগে । এৰাধৰা সমস্যা সমাধানৰ মূল উপায় । 

প্রশ্ন ১০। স্বাধীনতাৰ পূর্বে মুছলীম লীগে দ্বি – জাতি তত্ত্বৰ পােষকতা কৰিছিল । এই তত্ত্বত অন্তর্ভুক্ত কৰা ৰাষ্ট্ৰ দুখন কি আছিল ? 

উত্তৰঃ ( ১ ) পাকিস্তান । আৰু 

( ২ ) ভাৰতবর্ষ ( হিন্দুস্তান ) ।

প্রশ্ন ১১। হৰি সিং কোন আছিল ? 

উত্তৰঃ হৰি সিং জম্মু – কাশ্মীৰৰ ৰজা আছিল । তেওঁ মুছলিম প্রধান জম্মু – কাশ্মীৰ ৰাজ্যখনৰ হিন্দু ৰজা । বংশানুক্রমে হিন্দু ৰাজপৰিয়ালটোৱে ৰাজ্যখন শাসন কৰি আহিছে । তেওঁ ভাৰত বা পাকিস্তান কোনাে এখন ৰাজ্যতে অন্তর্ভুক্ত নহৈ স্বাধীন ৰাজ্য হিচাপে চলিব খুজিছিল । কিন্তু পাকিস্তানে আক্রমণ কৰাত তেওঁ ভাৰতৰ সহায় বিচাৰি ভাৰতত অন্তর্ভুক্তি চুক্তিত স্বাক্ষৰ কৰিছিল । 

প্রশ্ন ১২। জম্মু কাশ্মীৰৰ বিশেষ সম্মানৰ যিকোনাে দুটা ব্যবস্থা উল্লেখ কৰা ।

উত্তৰঃ জম্মু – কাশ্মীৰক প্ৰদান কৰা বিশেষ সংবিধানিক মর্যাদাটি হ’ল— 

( ১ ) সংবিধানৰ ৩৭০ অনুচ্ছেদ মতে ৰাজ্যখনৰ নিজা সংবিধান থাকিব । 

( ২ ) ভাৰতৰ আন সংযুক্ত ৰাজ্যৰ শাৰীত নাথাকে । ই ভাৰতৰ একত্রিত ৰাজ্য নহয় ।

See Next Page…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top