Class 12 Political Science Chapter – 18 ভাৰতীয় ৰাজনীতিত সাম্প্রতিক বিকাশ

Join Telegram channel

Class 12 Political Science Chapter – 18 ভাৰতীয় ৰাজনীতিত সাম্প্রতিক বিকাশ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Political Science Chapter – 18 ভাৰতীয় ৰাজনীতিত সাম্প্রতিক বিকাশ and select needs one.

Class 12 Political Science Chapter – 18 ভাৰতীয় ৰাজনীতিত সাম্প্রতিক বিকাশ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Political Science Chapter – 18 ভাৰতীয় ৰাজনীতিত সাম্প্রতিক বিকাশ Solutions for All Subject, You can practice these here…

ভাৰতীয় ৰাজনীতিত সাম্প্রতিক বিকাশ 

পাঠ: ৯

দ্বিতীয় খণ্ড

অতি চমু প্রশ্নোত্তৰ ( মূল্যাংক ১ )

প্রশ্ন ১। “ কংগ্ৰেছী পদ্ধতি ” বুলিলে কি বুজা ? 

উত্তৰঃ ‘কংগ্ৰেছী পদ্ধতি’ বুলিলে কংগ্ৰেছ দলৰ আধিপত্যক বুজায় । 

প্রশ্ন ২। ‘কৰ সেৱা’ কি ? 

উত্তৰঃ ১৯৯২ চনত অযােধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে যি অনুদান বিচৰা হৈছিল । তাকে কৰ সেৱা বুলি জনা যায় ।

প্রশ্ন ৩। ১৯৮৯ চনত মৰ্চা চৰকাৰখনৰ মুৰব্বী কোন আছিল ? 

উত্তৰঃ ভি , পি , সিং । 

প্রশ্ন ৪। ১৯৮৯ চনত কোনে চৰকাৰ গঠন কৰিছিল ? 

উত্তৰঃ ৰাষ্ট্ৰীয় গণতান্ত্রিক মৰ্চাই । 

প্রশ্ন ৫। ‘হিন্দুভাই’ কি বুজায় ? 

উত্তৰঃ ‘হিন্দু ভাই’য়ে সকলাে হিন্দু ভাই ভাই বুজায় । ইয়াত হিন্দু শব্দটোৱে প্রতিজন ভাৰতীয় নাগৰিকক বুজাইছে । 

প্রশ্ন ৬। ৰাজীৱ গান্ধীৰ মৃত্যুৰ পিছত ভাৰতৰ প্ৰধানমন্ত্রী কোন হৈছিল ? 

উত্তৰঃ নৰসিংহ ৰাও । 

প্রশ্ন ৭। ৰাষ্ট্ৰীয় গণতান্ত্রিক মৰ্চাৰ নেতৃত্ব কোন দলে দিছিল ? 

উত্তৰঃ ভাৰতীয় জনতা পাৰ্টীয়ে । 

প্রশ্ন ৮। আদৱানিৰ পিছত বিজেপিৰ সভাপতি কোন হৈছিল ? 

উত্তৰঃ ৰাজনাথ সিং । 

প্রশ্ন ৯। কিমানটা দলে মিলি NDA গঠন কৰিছিল ? 

উত্তৰঃ ১৩ টা দলে মিলি । 

প্রশ্ন ১০। ১৯৯৬ চনৰ সংসদীয় নির্বাচনত কোনটো ৰাজনৈতিক একক সংখ্যাগৰিষ্ঠ দল হিচাপে জিলিকি উঠিছিল ? 

উত্তৰঃ ভাৰতীয় জনতা পাটি । 

প্রশ্ন ১১। মণ্ডল আয়ােগ কি ? 

উত্তৰঃ ১৯৭৮ চনত কেন্দ্রীয় চৰকাৰে পিছপৰা শ্ৰেণীৰ জনসাধাৰণৰ আৰ্থ – সামাজিক উন্নয়নৰ বাবে পৰামর্শ দিবলৈ বি . পি . মণ্ডলৰ নেতৃত্বত গঠন কৰা আয়ােগক মণ্ডল আয়ােগ বােলা হয় । 

প্রশ্ন ১২। মণ্ডল আয়ােগৰ যিকোনাে এটা অনুমােদন উল্লেখ কৰা । 

উত্তৰঃ মণ্ডল আয়ােগৰ অন্যতম অনুমােদন হ’ল কেন্দ্রীয় চৰকাৰৰ বিভাগসমূহত ২৭ শতাংশ চাকৰিৰ আসন অন্যান্য পিছপৰা শ্রেণীসমূহৰ বাবে সংৰক্ষণ কৰা । 

প্রশ্ন ১৩। NDA ৰ সম্পূৰ্ণ ৰূপটো কি ? 

উত্তৰঃ NDA- National Democratic Allience . শতাংশ চাকৰিৰ আসন অন্যান্য পিচপৰা শ্রেণীসমূহৰ বাবে সংৰক্ষণ কৰা ।

প্রশ্ন ১৪। সংযুক্ত চৰকাৰ বুলিলে কি বুজা ? 

উত্তৰঃ যেতিয়া দুটা বা তাতকৈ অধিক দলে লগ লাগি চৰকাৰ গঠন কৰে তাকে সংযুক্ত চৰকাৰ বােলে । 

চমু প্রশ্নোত্তৰ ( মূল্যাংক -২ ) 

প্রশ্ন ১। আঞ্চলিকতাবাদী দলসমূহ প্রয়ােজনীয় নে ? তােমাৰ উত্তৰৰ সমৰ্থনত মত আগবঢ়োৱা । 

উত্তৰঃ হয় । কাৰণ , ভাৰতবর্ষ এখন বিশাল আৰু বৈচিত্র্যৰে ভৰা আঞ্চলিক ভিন্নতাৰে ভৰপূৰ দেশ । 

প্রশ্ন ২। NDA ৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ National Democratic Allience – ৰাষ্ট্ৰীয় গণতান্ত্রিক মৰ্চা ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত গঠন হৈছিল । ১৯৯৮ চনৰ নিৰ্বাচনত এই মৰ্চাই জয়লাভ কৰি চৰকাৰ গঠন কৰিছিল । 

প্রশ্ন ৩। নতুন অর্থনৈতিক সংস্কাৰবােৰ কি কি ? এই নতুন অর্থনৈতিক সংস্কাৰসমূহ কেতিয়া ঘােষণা কৰা হৈছে ? 

উত্তৰঃ নতুন অর্থনৈতিক সংস্কাৰবােৰ হ’ল উদাৰীকৰণ , ব্যাক্তিগতকৰণ আৰু বিশ্বায়ন । নতুন অর্থনৈতিক সংস্কাৰবােৰ ১৯৯১ চনত ঘােষণা কৰা হৈছিল । 

প্রশ্ন ৪। মৰ্চা চৰকাৰ বুলিলে কি বুজা ? কেন্দ্ৰত প্ৰথমবাৰৰ বাবে কেতিয়া মৰ্চা চৰকাৰ গঠন হৈছিল ? 

উত্তৰঃ মৰ্চা চৰকাৰ বুলিলে কেইবাটাও ৰাজনৈতিক দল একেলগ হৈ চৰকাৰ গঠন হােৱা বুজায় । ১৯৮৯ চনত প্রথম মৰ্চা চৰকাৰ গঠিত হৈছিল । 

প্রশ্ন ৫। সংযুক্ত চৰকাৰৰ দুটা দোষ আঙুলিয়াই দিয়া । 

উত্তৰঃ ১। সংযুক্ত চৰকাৰৰ কার্যকলাপৰ কোনাে স্থায়িত্ব নাই , যিকোনাে সময়ত ইয়াৰ পতন ঘটিব পাৰে । 

২। সংযুক্ত চৰকাৰে দেশৰ ৰাজনৈতিক শক্তিক বহুতাে ভাগত ভাগ কৰি দুর্বল কৰে । সংযুক্ত চৰকাৰ দুৱল চৰকাৰ , ইয়াত বলিষ্ঠ সিদ্ধান্ত লৈ কামত আগবাঢ়িব নােৱাৰে । 

প্রশ্ন ৬। ভাৰতবৰ্ষত সাম্প্রদায়িকতাবাদ ৰােধৰ বাবে দুটা পৰামর্শ দিয়া । 

উত্তৰঃ ভাৰতবৰ্ষত সাম্প্রদায়িকতাক ৰােধ কৰিবলৈ বা বাধা দিবলৈ পৰামৰ্শ দুটা হ’ল–

( ক ) ধৰ্মৰ ওপৰত নিৰ্ভৰ কৰি প্রতিষ্ঠিত আৰু গঠন হােৱা ৰাজনৈতিক দলসমূহক আইন মতে অবৈধ কৰিব লাগে । 

( খ ) ধর্মীয় মতভেদ থকা তীর্থস্থানবােৰ ভাৰতৰ জাতীয় স্থান হিচাপে ঘােষণা কৰিব লাগে । 

প্রশ্ন ৭। কেতিয়া আৰু কিয় মণ্ডল বিষয়টো ভাৰতীয় ৰাজনীতিত উত্থাপন কৰিছিল ? 

উত্তৰঃ ১৯৭৯ চনত ভাৰত চৰকাৰে দেশৰ অন্যান্য পিছপৰা জাতিসমূহক চিনাক্ত কৰি তেওঁলােকৰ কল্যাণ আৰু উন্নয়নৰ পৰামৰ্শ আগবঢ়াবলৈ বি.পি মণ্ডলৰ নেতৃত্বত এখন আয়ােগ গঠন কৰি দিছিল । ১৯৮০ চনত এই আয়ােগে প্রতিবেদন দাখিল কৰে । ১৯৯০ চনত চৰকাৰে এই প্রতিবেদন গ্রহণ কৰি কার্য কৰিবলৈ আগবাঢ়ে । ১৯৯২ চনত এই সিদ্ধান্ত সর্বোচ্ছ ন্যায়ালয়ে মানি লয় । 

প্রশ্ন ৮। ভাৰতত আঞ্চলিকতাবাদ উত্থানৰ দুটা কাৰণ লিখা । 

উত্তৰঃ ভাৰতৰ আঞ্চলিকতাবাদৰ উত্থানৰ দুটা কাৰণ হ’ল – 

( ক ) আঞ্চলিক ভিন্নতা । আৰু 

( খ ) অসমান উন্নয়ন । 

প্রশ্ন ৯। কোন কোন ৰাজনৈতিক দলে ৰাষ্ট্ৰীয় গণতান্ত্রিক মৰ্চা ( NDA ) গঠন কৰিছিল ? 

উত্তৰঃ মৰ্চা চৰকাৰৰ অংশীদাৰী দলসমূহ শিৱসেনা , শিৰােমনি আকালী দল , ৰাষ্ট্ৰীয় লােক দল , অসম গণ পৰিষদ , এ আই ডি এম কে , তৃণমূল কংগ্ৰেছ আৰু ভাৰতীয় জনতা পার্টি ( N.D.A ) ৰাষ্ট্ৰীয় গণতান্ত্রিক মৰ্চাত আছিল । 

প্রশ্ন ১০। আঞ্চলিক দলৰ বিকাশৰ এটা কাৰণ লিখা ।

উত্তৰঃ ভাৰতৰ বিভিন্ন ৰাজ্যত বৈষম্যমূলক উন্নয়নৰ কাৰণতে বিভিন্ন আঞ্চলিক ৰাজনৈতিক দল বিকাশ সাধন হৈছে । অনুন্নত , পিছপৰা ৰাজ্য আৰু জাতিসমূহ ৰাজনৈতিকভাৱে সজাগ সচেতন হৈ নিজৰ অস্তিত্ব ৰখাৰ বাবে ৰাজনৈতিকভাৱে আঞ্চলিক দলৰ জড়িয়তে ভােট যুদ্ধত নামিব বিচাৰে । 

প্রশ্ন ১১। বি এছ পিৰ মর্যাদা বিচাৰ কৰা । 

উত্তৰঃ বহুজন সমাজবাদী দল , চমুকৈ বি . এছ , পি – য়ে দলিত নেতা কাশীৰামৰ নেতৃত্বত পিছপৰা শ্ৰেণীৰ আঞ্চলিক দল হিচাপে আত্মপ্রকাশ কৰে । তেওঁৰ পাচত নেত্রী মায়াৱতীয়ে এই দলক এটা ৰাষ্ট্ৰীয় দল হিচাপে প্রতিষ্ঠা কৰে । ই উত্তৰ প্ৰদেশৰ এটা শক্তিশালী দল ।

See Next Page…

1 thought on “Class 12 Political Science Chapter – 18 ভাৰতীয় ৰাজনীতিত সাম্প্রতিক বিকাশ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top