Class 12 Political Science Chapter – 16 গণ আন্দোলনৰ অভ্যুত্থান

Join Telegram channel

Class 12 Political Science Chapter – 16 গণ আন্দোলনৰ অভ্যুত্থান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Political Science Chapter – 16 গণ আন্দোলনৰ অভ্যুত্থান and select needs one.

Class 12 Political Science Chapter – 16 গণ আন্দোলনৰ অভ্যুত্থান

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Political Science Chapter – 16 গণ আন্দোলনৰ অভ্যুত্থান Solutions for All Subject, You can practice these here…

গণ আন্দোলনৰ অভ্যুত্থান

পাঠ: ৭

দ্বিতীয় খণ্ড

অতি চমু প্রশ্নোত্তৰ ( মূল্যাংক ১ )

প্রশ্ন ১। কোন ৰাজ্যত চিপকো আন্দোলনৰ আৰম্ভণি হৈছিল ? 

উত্তৰঃ উত্তৰাখণ্ডত । 

প্রশ্ন ২। নামদেও দেশাই কোন আছিল ? 

উত্তৰঃ দলিত পেস্থাৰৰ নেতা । 

প্রশ্ন ৩। কৃষকসকলৰ যিকোনাে এটা সংগঠনৰ নাম লিখা । 

উত্তৰঃ ভাৰতীয় কিষাণ ইউনিয়ন । 

প্রশ্ন ৪। NFF ৰ পূৰ্ণ ৰূপটো লিখা । 

উত্তৰঃ National Fish Worker’s Forum . 

প্রশ্ন ৫। সুৰা বিৰােধী আন্দোলন কোন জিলাত আৰম্ভ হৈছিল ? 

উত্তৰঃ অন্ধ্রপ্রদেশৰ নেল্লোৰ জিলাত । 

প্রশ্ন ৬। নর্মদা বচাও আন্দোলনৰ নেত্রীগৰাকীৰ নাম লিখা । 

উত্তৰঃ মেধা পাটেকাৰ । 

প্রশ্ন ৭। MKSS ৰ সম্পূৰ্ণ ৰূপটো লিখা । 

উত্তৰঃ Mazdur Kishan Sakti Sangathan . 

প্রশ্ন ৮। তথ্য জনাৰ অধিকাৰ আন্দোলনৰ আৰম্ভ কেতিয়া হৈছিল ? 

উত্তৰঃ ২০০৫ চনত । 

প্রশ্ন ৯। দলিত পেস্থাৰৰ আদর্শ কি আছিল ? 

উত্তৰঃ নিম্ন শ্রেণী ( দলিত ) নেতাসকলক সুৰক্ষা দিয়া । 

প্রশ্ন ১০। ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা কোন আছিল ? 

উত্তৰঃ মহেন্দ্র সিং টিকাট । 

প্রশ্ন ১১। ভাৰতৰ দুগ্ধমানৱ ‘ কাক কোৱা হয় । 

উত্তৰঃ ভার্গিছ কুৰিয়েনক । 

প্রশ্ন ১২। আৰাক বিৰােধী আন্দোলনটোক নাৰী আন্দোলন হিচাপে গণ্য কৰা হয় ।( শুদ্ধ নে অশুদ্ধ )

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ১৩। চিপকো আন্দোলনৰ অভিনৱ দিশটো কি আছিল ? 

উত্তৰঃ মহিলাসকলৰ সক্রিয় অংশগ্রহণ । 

চমু প্রশ্নোত্তৰ ( মূল্যাংক -২ ) 

প্রশ্ন ১। নর্মদা বাচাও আন্দোলনৰ নেতাগৰাকীৰ নাম লিখা । 

উত্তৰঃ মেধা পাটেকাৰ । এই আন্দোলন ১৯৮০ চনৰ পৰা প্রায় ২০ বছৰ চলিছিল । 

প্রশ্ন ২। নর্মদা বচোৱা আন্দোলন কি ?

উত্তৰঃ নর্মদা বাচাও আন্দোলনে নর্মদা নদীক বচাবলৈ কৰা আন্দোলনক বুজাইছে । নর্মদা নদীৰ উপত্যকাত এটা উচ্চাকাংক্ষী প্রকল্প নির্মাণৰ পৰিকল্পনা কৰা হৈছিল । নর্মদা বাচাও আন্দোলনে এই বান্ধবােৰ নিৰ্মাণৰ বিৰােধিতা কৰিছিল । এইবান্ধক চৰ্দাৰ সৰােবৰৰ বান্ধ প্রকল্প , বুলিও জনা যায় ।

প্রশ্ন ৩। চিপকো আন্দোলন কি ?

উত্তৰঃ উত্তৰাখণ্ডৰ তিনিখন মান গাঁৱত হােৱা এই আন্দোলনক চিপকো আন্দোলন বুলি জনা গৈছিল । ইয়াৰ মানে হ’ল গছবােৰক কাটিব নােৱাৰাকৈ আঁকোৱালি ধৰি থকা আন্দোলন । গছ কটাৰ বিৰুদ্ধে গঢ়ি উঠা এক আন্দোলনকে চিপকো আন্দোলন বােলে । ইয়াকে পৃথিৱী বিখ্যাত পৰিবেশ আন্দোলন বুলিও জনা যায় । 

প্রশ্ন ৪। শ্রমিক আৰু কৃষকসকলৰ মূল দাবী কি আছিল ? 

উত্তৰঃ শ্ৰমিক আৰু কৃষকসকলৰ মূল দাবী আছিল— আর্থিক অন্যায় আৰু অসমতা আঁতৰ কৰাৰ ওপৰত আলােকপাত কৰা । 

প্রশ ৫। দলিত পেন্থাৰ কোন ? 

উত্তৰঃ মহাৰাষ্ট্ৰত ১৯৭২ চনত শিক্ষিত দলিত যুৱকসকলে সংগঠিত কৰা এটা সামৰিক সংগঠন । তেওঁলােকে সংবিধানে প্রৱৰ্তন কৰা সামাজিক ন্যায় আৰু সমতা ভাৰতত প্রতিষ্ঠা কৰা সত্ত্বেও সমাজত প্ৰচলিত হৈ থকা অন্যায় আৰু অসমতাৰ বিৰুদ্ধে আৰু ইয়াক নির্মূল কৰাৰ বাবে দাবী কৰি আহিছে । 

প্রশ্ন ৬। অৰাজনৈতিক সংগঠন মানে কি ? 

উত্তৰঃ যিসকল লােকে দলীয় ৰাজনীতিৰ বাহিৰত থাকি স্বেচ্ছামূলকভাৱে সংগঠন গঢ়ি তােলে তাকে অৰাজনৈতিক সংগঠন বােলে । তেওঁলােকে অনুভৱ কৰে যে নির্দলীয় প্রত্যক্ষ যােগদানে স্থানীয় সমস্যাবােৰ বেছি কার্যকৰীভাৱে সমাধান কৰিব পাৰে আৰু গণতান্ত্রিক চৰকাৰৰো প্রকৃতি সমাধান কৰিব পাৰে ।

প্রশ্ন ৭। চৰ্দাৰ সৰােবৰ প্রকল্প কি ? 

উত্তৰঃ চৰ্দাৰ সৰবৰ প্রকল্প নর্মদা নদী আৰু ইয়াৰ উপনৈবােৰৰ ওপৰত নিৰ্মাণ কৰিব বিচৰা এটা উচ্চাকাংক্ষী বহুমুখী বৃহৎ নদীবান্ধ প্রকল্প । নর্মদানদী আৰু ইয়াৰ উপনৈবােৰ তিনিখন ৰাজ্যত — মধ্যপ্রদেশ , গুজৰাট আৰু মহাৰাষ্ট্ৰত প্রবাহিত হৈ আছে । 

প্রশ্ন ৮। আৰক ( সুৰা ) বিৰােধী আন্দোলন কি ? 

উত্তৰঃ আৰক বিৰােধী আন্দোলন হ’ল — অন্ধ্রপ্রদেশৰ মহিলাসকলে তেওঁলােকৰ চুবুৰিত সুৰা বিক্ৰী কৰা নিষিদ্ধ কৰিবলৈ দাবী কৰা আন্দোলন । এই আন্দোলন আৰম্ভ কৰিছিল চিতােৰ জিলাৰ কালিকাৰী মণ্ডলৰ গুলুৰ গাঁৱৰ মহিলাসকলে । এই আন্দোলন আছিল অন্ধ্রপ্রদেশৰ অতি ভিতৰুৱা গাঁৱৰ নিৰক্ষৰ মহিলাসকলৰ মদ বাসুৰাৰ বিৰুদ্ধে কৰা এক যুদ্ধ । এই আন্দোলনটো মহিলাসকলে গঢ়ি তােলা আন্দোলন হােৱা বাবে ইয়াক আমি মহিলা আন্দোলন বুলিও কওঁ । 

প্রশ্ন ৯। মণ্ডল আয়ােগ কি ? নাইবা , মণ্ডল আয়ােগ প্রধান অনুমােদন কি ? 

উত্তৰঃ ১৯৭৯ চনত ভাৰত চৰকাৰে মণ্ডল আয়ােগ প্রতিষ্ঠা কৰিছিল অন্যান্য পিছপৰা শ্ৰেণীৰ লােকক চিনাক্ত কৰাৰ উদ্দেশ্যে আৰু তেওঁলােকৰ কল্যাণ আৰু উন্নয়নৰ কাৰণে । 

এই আয়ােগৰ সভাপতি আছিল বি পি মণ্ডল , সেই কাৰণে এই আয়ােগক মণ্ডল আয়ােগ বােলে । এই আয়ােগে পিছপৰা শ্ৰেণীৰ লােকক জীৱনৰ সংস্থাপন দিব বিচাৰে আৰু উন্নয়ন বিচাৰে । 

প্রশ্ন ১০। গণ আন্দোলনবোৰে কি কৰে দুটা উদাহৰণ দিয়া । 

উত্তৰঃ ১। গণ আন্দোলনে জনসাধাৰণৰ বৈধ দাবীসমূহ দাঙি ধৰে । 

২। নাগৰিকৰ এটা বৃহৎ অংশ জড়িত কৰে । 

প্রশ্ন ১১। নামদেও ধাগাল কোন ? 

উত্তৰঃ নামদেও ধাগাল এজন মাৰাঠী কবি । তেওঁ কৃষকসকলৰ বাবে শাসক গােষ্ঠীক অন্যায় অবিচাৰৰ বিৰুদ্ধে কবিতাৰ মাজেৰে উপদেশ দিছে ।

প্রশ্ন ১২। দলিত পেস্থাৰৰ আদৰ্শ কি ? 

উত্তৰঃ দলিত স্নাতকসকলে , স্বাধীনতাৰ তেতিয়া প্রায় ২০/২৫ বছৰ পাছতে , ভাৰতৰ সংবিধানে সমতা আৰু ন্যায় নিশ্চিয়তা প্রদান কৰা সত্ত্বেও দলিত সকল অসমতা আৰু অন্যায় বলি হৈ আছে । সেয়ে তেওঁলােকে সংবিধানৰ সংৰক্ষণ আৰু সামাজিক ন্যায় প্রতিষ্ঠা হােৱাটো বিচাৰে ।

প্রশ্ন ১৩। চিপকো আন্দোলনৰ এটা বৈশিষ্ট্য উল্লেখ কৰা । 

উত্তৰঃ চিপকো আন্দোলন হ’ল গছক সাবটি ধৰি অৰণ্য আৰু গছ ৰক্ষাৰ বাবে অহিংস পদ্ধতিৰে গঢ়ি তােলা এক অভিনব আন্দোলন । এই আন্দোলনৰ বিশেষ বৈশিষ্ট্য এটা হ’ল— মহিলাসকলে এই আন্দোলনৰ নেতৃত্ব দিছিল — ইয়াক পৰিবেশ নাৰীবাদ বুলিও জনা যায় ।

প্রশ্ন ১৪। কোন সংগঠনে তথ্য জনাৰ অধিকাৰ আন্দোলন আৰম্ভ কৰিছিল ? 

উত্তৰঃ মজদুৰ – কিষাণ শক্তি সংগ্রাম নামৰ সংগঠনটোৱে ৷

প্রশ্ন ১৫। ৰাজনৈতিক ক্ষেত্ৰত কোন সংবিধান সংশােধনীৰে মহিলাসকলৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে ? 

উত্তৰঃ সংবিধানৰ ৭৩ নং আৰু ৭৪ নং সংশােধনীৰে মহিলাৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে । 

প্রশ্ন ১৬। অসম চুক্তিৰ ১৯৮৫ ৰ ফলাফল কি ? 

উত্তৰঃ অসম চুক্তি ১৯৮৫ স্বাক্ষৰিত হৈছিল প্রয়াত প্রধান মন্ত্রী ৰাজীৱ গান্ধী আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত । এই চুক্তিৰ ফলশ্রুতি হ’ল — যিসকল বিদেশী ( বাংলাদেশী ) বাংলাদেশ যুদ্ধৰ সময়ত আৰু তাৰ পাচতাে অসমলৈ আহি আছে বা প্রব্রজিত হৈ আছে সেই সকলক চিনাক্তকৰণ বা বহিষ্কৰণ কৰা হােৱা নাই । 

See Next Page…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top