Class 12 Political Science Chapter – 15 গণতন্ত্রৰ সংকট

Join Telegram channel

Class 12 Political Science Chapter – 15 গণতন্ত্রৰ সংকট The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Political Science Chapter – 15 গণতন্ত্রৰ সংকট and select needs one.

Class 12 Political Science Chapter – 15 গণতন্ত্রৰ সংকট

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Political Science Chapter – 15 গণতন্ত্রৰ সংকট Solutions for All Subject, You can practice these here…

গণতন্ত্রৰ সংকট

পাঠ: ৬

দ্বিতীয় খণ্ড

অতি চমু প্রশ্নোত্তৰ ( মূল্যাংক ১ )

প্রশ্ন ১। জয়প্রকাশ নাৰায়ণ কোন ৰাজ্যৰ লােক আছিল ? 

উত্তৰঃ বিহাৰ ৰাজ্যৰ । 

প্রশ্ন ২। কমিউনিষ্ট পার্টী অৱ ইণ্ডিয়া ( মার্ক্সবাদী – লেনিনবাদী ) ৰ প্রতিষ্ঠা কোনে কৰিছিল ? 

উত্তৰঃ চাৰু মজুমদাৰ । 

প্রশ্ন ৩। ভাৰতত প্ৰথমবাৰৰ বাবে জৰুৰীকালীন অৱস্থা কেতিয়া ঘােষণা কৰা হৈছিল ? 

উত্তৰঃ ১৯৭৫ চনত । 

প্রশ্ন ৪। শ্বাহ আয়ােগৰ নেতৃত্ব কোনে দিছিল ? 

উত্তৰঃ ন্যায়ধীশ জে , টি , শাহ ।

প্রশ্ন ৫। গুজৰাট আৰু বিহাৰত ছাত্র আন্দোলনৰ নেতৃত্ব কোনে দিছিল ? 

উত্তৰঃ জয় প্রকাশ নাৰায়ণে । 

প্রশ্ন ৬। ইন্দিৰা গান্ধীৰ দ্বাৰা কুৰি দফীয়া কাৰ্যসূচীৰ অন্তর্ভুক্ত যিকোনাে এটা বিষয় উল্লেখ কৰা । 

উত্তৰঃ দৰিদ্ৰতা দূৰীকৰণ । 

প্রশ্ন ৭। জনতা চৰকাৰ কেতিয়া ক্ষমতালৈ আহিছিল । 

উত্তৰঃ ১৯৭৭ চনত । 

প্রশ্ন ৮। কোন চৰকাৰৰ দিনত মণ্ডল আয়ােগক নিযুক্তি দিয়া হৈছিল ? 

উত্তৰঃ জনতা দলৰ চৰকাৰৰ দিনত ।

প্রশ্ন ৯। ১৯৭৭ চনৰ সাধাৰণ নিৰ্বাচনত কোন দল জয়ী হৈছিল ? 

উত্তৰঃ জনতা দলে । 

প্রশ্ন ১০। ভাৰতত ‘দায়বদ্ধ আমােলাতন্ত্ৰ আৰু ন্যায়পালিকা’ৰ ধাৰণাটো কোনে উলিয়াইছিল ? 

উত্তৰঃ ইন্দিৰা গান্ধীয়ে । 

প্রশ্ন ১১। ১৯৭৫ চনত জৰুৰীকালীন অৱস্থা ঘােষণা কৰা ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীৰ নাম কি ? 

উত্তৰঃ ফকৰুদ্দিন আলী আহমেদ । 

প্রশ্ন ১২। চাৰু মজুমদাৰ কোন আছিল ? 

উত্তৰঃ চাৰু মজুমদাৰ এজন সমাজবাদী বিপ্লৱী আৰু নাবাদী আন্দোলনৰ নেতা আছিল । 

প্রশ্ন ১৩। ভাৰতৰ কোনটো অঞ্চলত মার্ক্সবাদী – লেনিনবাদী গােট শক্তিশালী আছিল ? 

উত্তৰঃ পশ্চিমবংগত । 

প্রশ্ন ১৪। শুদ্ধ শব্দটো বাছি উলিওৱা : 

( ক ) ১৯৭১ চনৰ নিৰ্বাচনত ( কংগ্ৰেছ / জনতা ) ই ‘ গৰিবী হটাও ‘ শ্লোগান দিছিল । 

উত্তৰঃ কংগ্রেছ । 

( খ ) ( ১৯৬৬/১৯৬৭ ) ত দার্জিলিং পাহাৰৰ নক্সালবাদী আৰক্ষী থানা এলেকাত কৃষক অভ্যুত্থান হৈছিল । 

উত্তৰঃ ১৯৬৭ চনত । 

( গ ) অনুচ্ছেদ নম্বৰ ( ৩৫২/৩৫৬ ) অনুসৰি ১৯৭৫ চনত ভাৰতত জৰুৰীকালীন অৱস্থা ঘােষণা কৰা হৈছিল । 

উত্তৰঃ ৩৫২ ।

( ঘ ) ১৯৭৭ চনৰ নিৰ্বাচনৰ পিছত ( মােৰাৰজী দেশাই / চৰণ সিং ) জনতা পাৰ্টী চৰকাৰৰ প্রধানমন্ত্রী হৈছিল । 

উত্তৰঃ মােৰাৰজী দেশাই । 

( ঙ ) ১৯৭৪ চনত ৰেলৱে ধর্মঘট ( জয় প্রকাশ নাৰায়ণ / জর্জ ফার্ণাণ্ডেজে ) নেতৃত্ব দিছিল । 

উত্তৰঃ জর্জ ফার্ণাণ্ডেজে ।

( চ ) শাহ আয়ােগ ( ১৯৭৫/১৯৭৭/১৯৮০ ) চনত নিযুক্ত হৈছিল । 

উত্তৰঃ ১৯৭৭ চনত । 

( ছ ) নক্সালবাদী আন্দোলন ( ১৯৬৭/১৯৬৯/১৯৭৪ ) চনত আৰম্ভ হৈছিল । 

উত্তৰঃ ১৯৬৭ চনত ।

( জ ) ইন্দিৰা ইজ ইণ্ডিয়া , ইণ্ডিয়া ইজ ইন্দিৰা ‘ শ্লোগানটো ( চৰণ সিং / জগজীৱন ৰাম / দেৱকান্ত বৰুৱা ) ই দিছিল । 

উত্তৰঃ দেৱকান্ত বৰুৱাই দিছিল । 

( ঝ ) সর্বাত্মক বিপ্লৱৰ আহ্বান জনাইছিল ( মােৰাৰজী দেশাই / জর্জ ফার্ণাণ্ডেজ / জয় প্রকাশ নাৰায়নে ) । 

উত্তৰঃ জয় প্রকাশ নাৰায়ণে । 

প্রশ্ন ১৫। নৱ – নির্মাণ আন্দোলন কোন ৰাজ্যত আৰম্ভ হৈছিল ? 

উত্তৰঃ গুজৰাটত । 

প্রশ্ন ১৬। যিকোনাে এটা সামাজিক স্বতন্ত্র সংগঠনৰ নাম লিখা । 

উত্তৰঃ পৌৰ স্বাধীনতা সম্পর্কীয় সংগঠন । 

প্রশ্ন ১৭। মহা মৰ্চা ’ কেতিয়া গঠিত হৈছিল ? 

উত্তৰঃ ১৯৭১ চনত । 

প্রশ্ন ১৮। জনতা পাৰ্টী কেতিয়া গঠিত হৈছিল ? 

উত্তৰঃ ১৯৭৭ চনত । 

প্রশ্ন ১৯। জনতা পাৰ্টীৰ প্রথম সভাপতিগৰাকী কোন আছিল ? 

উত্তৰঃ জয় প্রকাশ নাৰায়ণ । 

প্রশ্ন ২০। দায়বদ্ধ আমালাতন্ত্র’ৰ এটা বৈশিষ্ট্য লিখা । 

উত্তৰঃ শাসক শ্রেণীৰ ভাৱাদৰ্শৰ ওচৰত দায়বদ্ধ । 

প্রশ্ন ২১। ১৯৭৫ চনত জৰুৰীকালীন অবস্থা ঘােষণা কৰা ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীৰ নাম লিখা । 

উত্তৰঃ ফকৰুদ্দিন আলী আহমেদ । 

প্রশ্ন ২২। ১৯৭৪ চনত ৰেলৱে ধর্মঘটৰ নেতৃত্ব কোনে দিছিল ? 

উত্তৰঃ জর্জ ফার্ণাণ্ডেজে । 

প্রশ্ন ২৩। জয় প্রকাশ নাৰায়ণ কোন আছিল ? 

উত্তৰঃ জয় প্রকাশ নাৰায়ণ মার্ক্সবাদী , সমাজবাদী দল আৰু কংগ্ৰেছ সমাজবাদী দলৰ প্রতিষ্ঠাপক সাধাৰণ সম্পাদক আছিল । ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ নায়ক আছিল । 

প্রশ্ন ২৪। খালী ঠাই পূৰণ কৰা : 

( ক ) মােৰাৰজী দেশাই ……… দলৰ প্ৰথমগৰাকী প্রধানমন্ত্রী আছিল । 

উত্তৰঃ জনতা দলৰ । 

( খ ) ১৯৭৭ চনৰ মে’মাহত জনতা পাৰ্টী চৰকাৰে ……… নেতৃত্বত এখন তদন্ত আয়ােগৰ নিযুক্তি দিছিল । 

উত্তৰঃ জে . টি . শ্বাহৰ ।

( গ ) ……….. নেতৃত্বত বিৰােধী ৰাজনৈতিক দলসমূহে শ্ৰীমতী ইন্দিৰা গান্ধীক পদত্যাগৰ বাবে হেঁচা দিছিল । 

উত্তৰঃ জয় প্রকাশ নাৰায়ণৰ নেতৃত্বত । 

প্রশ্ন ২৫। ভাৰতৰ সাম্যবাদী ( মার্ক্সবাদী – লেনিনবাদী ) দল কোনে প্রতিষ্ঠা কৰিছিল ? 

উত্তৰঃ চাৰু মজুমদাৰে । 

প্রশ্ন ২৬। ১৯৭৭ চনৰ নিৰ্বাচনৰ পাচত ভাৰতৰ প্ৰধানমন্ত্রী কোন হৈছিল ? 

উত্তৰঃ মােৰাৰজী দেশাই । 

প্রশ্ন ২৭৷ সম্পূর্ণ বিপ্লৱৰ আহ্বান কোনে দিছিল ? 

উত্তৰঃ জয় প্রকাশ নাৰায়ণে ।

প্রশ্ন ২৮। যিকোনাে এটা নাগৰিক ( অসামৰিক ) স্বাধীনতা সংস্থাৰ নাম লিখা । 

উত্তৰঃ পৌৰ স্বাধীনতা সম্পর্কীয় সংগঠন । 

প্রশ্ন ২৯। তলত দিয়া জৰুৰীকালীন অৱস্থা সম্পর্কীয় তথ্যবােৰ শুদ্ধ নে অশুদ্ধ লিখা । 

( ক ) ১৯৭৫ চনত ইন্দিৰা গান্ধীয়ে এই ঘােষণা কৰিছিল । 

উত্তৰঃ শুদ্ধ ।

( খ ) ইয়াৰ ফলত সকলােবােৰ মৌলিক অধিকাৰ খর্ব হৈছিল । 

উত্তৰঃ শুদ্ধ ।

( গ ) অর্থনৈতিক অৱস্থাৰ অৱনতিৰ বাবে এই ঘােষণা কৰা হৈছিল । 

উত্তৰঃ অশুদ্ধ ।

( ঘ ) জৰুৰীকালীন অৱস্থাত বিৰােধীপক্ষৰ অনেক নেতাক গ্রেপ্তাৰ কৰা হৈছিল । 

উত্তৰঃ শুদ্ধ ।

( ঙ ) জৰুৰীকালীন অবস্থা বলৱকৰণত সমর্থন দিছিল চি . পি . আই . য়ে । 

উত্তৰঃ অশুদ্ধ ।

প্রশ্ন ৩০। জৰুৰীকালীন অৱস্থা বলৱকৰণ সন্দৰ্ভত নিমিলা কথাটো বাছি উলিওৱা— 

( ক ) সর্বাত্মক বিপ্লৱৰ আহ্বান । 

( খ ) ১৯৭৪ চনৰ ৰেলৱে ধৰ্মঘট । 

( গ ) নক্সালবাদী আন্দোলন ।

( ঘ ) এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায় । 

( ঙ ) শ্বাহ কমিছনৰ প্রতিবেদন প্রাপ্তিসমূহ । 

উত্তৰঃ ( গ ) নক্সালবাদী আন্দোলন ।

See Next Page…

2 thoughts on “Class 12 Political Science Chapter – 15 গণতন্ত্রৰ সংকট”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top