Class 12 Political Science Chapter – 14 কংগ্রেছ ব্যৱস্থাৰ প্রতি অহা প্ৰত্যাহ্বান আৰু ইয়াৰ পুনঃপ্রতিষ্ঠা

Join Telegram channel

Class 12 Political Science Chapter – 14 কংগ্রেছ ব্যৱস্থাৰ প্রতি অহা প্ৰত্যাহ্বান আৰু ইয়াৰ পুনঃপ্রতিষ্ঠা The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Political Science Chapter – 14 কংগ্রেছ ব্যৱস্থাৰ প্রতি অহা প্ৰত্যাহ্বান আৰু ইয়াৰ পুনঃপ্রতিষ্ঠা and select needs one.

Class 12 Political Science Chapter – 14 কংগ্রেছ ব্যৱস্থাৰ প্রতি অহা প্ৰত্যাহ্বান আৰু ইয়াৰ পুনঃপ্রতিষ্ঠা

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Political Science Chapter – 14 কংগ্রেছ ব্যৱস্থাৰ প্রতি অহা প্ৰত্যাহ্বান আৰু ইয়াৰ পুনঃপ্রতিষ্ঠা Solutions for All Subject, You can practice these here…

কংগ্রেছ ব্যৱস্থাৰ প্রতি অহা প্ৰত্যাহ্বান আৰু ইয়াৰ পুনঃপ্রতিষ্ঠা

পাঠ: ৫

দ্বিতীয় খণ্ড

অতি চমু প্রশ্নোত্তৰ ( মূল্যাংক ১ )

প্রশ্ন ১। ভাৰতৰ , কোন বছৰক ‘বিপজ্জনক দশক’ হিচাপে আখ্যা দিয়া হৈছিল ? 

উত্তৰঃ  ১৯৬০ ৰ দশকক । 

প্রশ্ন ২। লালবাহাদুৰ শাস্ত্রী কোন ৰাজ্যৰ লােক আছিল ? 

উত্তৰঃ উত্তৰপ্ৰদেশৰ । 

প্রশ্ন ৩। ভাৰতৰ প্ৰধানমন্ত্রী হিচাপে লালবাহাদুশাস্ত্ৰীৰ পিছত কোন অধিষ্ঠিত হৈছিল ? 

উত্তৰঃ ইন্দিৰা গান্ধী । 

প্রশ্ন ৪। DMK ৰ পূৰ্ণ ৰূপটো লিখা । 

উত্তৰঃ Dravida Munnetra Kazhagam . 

প্রশ্ন ৫। ভাৰতৰ ৰাজনৈতিক আৰু নির্বাচন সম্পর্কীয় ইতিহাসত কোনটো বছৰক স্মৰণীয় বর্য হিচাপে বিবেচনা কৰা হয় ? 

উত্তৰঃ ১৯৬৭ চন ।

প্রশ্ন ৬। ভাৰতত মৰ্চা ব্যৱস্থা কেতিয়া আৰম্ভ হৈছিল ? 

উত্তৰঃ ১৯৬৭ চনত । 

প্রশ্ন ৭। আয়া ৰাম গয়া’ৰাম ’ খণ্ডবাক্যটি কোনগৰাকী বিধায়কৰ আছিল ? 

উত্তৰঃ ৰাও বিৰেন্দ্ৰ সিঙৰ ।

প্রশ্ন ৮। চতুর্থ সাধাৰণ নিৰ্বাচনত ভাৰতৰ জাতীয় কংগ্ৰেছে লােকসভাত কিমান আসন লাভ কৰিছিল ? 

উত্তৰঃ ২৮৩ খন । 

প্রশ্ন ৯। দলত্যাগৰ অর্থ কি ? 

উত্তৰঃ দলত্যাগৰ অৰ্থ হ’ল যেতিয়া এজন নির্বাচিত সদস্যই নিজে জয়ী হােৱা ৰাজনৈতিক দল ত্যাগ কৰি অন্য এক দলত যােগদান কৰে । 

প্রশ্ন ১০। ছিণ্ডিকেট বুলিলে কি বুজা ? 

উত্তৰঃ কংগ্ৰেছ দলৰ সাংগঠনিক দিশটো নিয়ন্ত্রণ কৰা এমুঠিমান অতি শক্তিমন্ত শীর্ষনেতাৰ গােটক বুজাবলৈ ‘ ছিণ্ডিকেট ’ শব্দটো ব্যৱহাৰ কৰা হৈছিল । 

প্রশ্ন ১১। SVD ৰ পূৰ্ণ ৰূপটো লিখা ।

উত্তৰঃ Sanyukt Vidhayak Dal . 

প্রশ্ন ১২। পণ্ডিত জৱাহৰলাল নেহৰুৰ মৃত্যু কেতিয়া হৈছিল ? 

উত্তৰঃ ১৯৬৪ চনত । 

প্রশ্ন ১৩। ১৯৬৭ চনত লােকসভাত প্রধান বিৰােধী দল কোনটো আছিল ? 

উত্তৰঃ সংযুক্ত বিধায়ক দল । 

প্রশ্ন ১৪। শুদ্ধ শব্দটো লিখা : 

( ক ) লালবাহাদুৰ শাস্ত্রী আছিল ভাৰতৰ ( প্রথম / দ্বিতীয় / তৃতীয় ) গৰাকী প্রধানমন্ত্রী । 

উত্তৰঃ দ্বিতীয় । 

( খ ) বিখ্যাত শ্লোগান ‘ জয় জোৱান , জয় কিষাণ’ৰ স্রষ্টা আছিল ( ইন্দিৰা গান্ধী / মােৰাজী দেশাই / লালবাহাদুৰ শাস্ত্রী ) ।

উত্তৰঃ লালবাহাদুৰ শাস্ত্রী । 

( গ ) কংগ্ৰেছ ছিণ্ডিকেটৰ নেতৃত্ব লৈছিল ( কপুৰী ঠাকুৰ / কে , কামৰাজ / এছ নিজামিনগাপ্লাই ) । 

উত্তৰঃ কে , কামৰাজ ।

( ঘ ) ভাৰতত নির্বাচন অনুষ্ঠিত হৈছিল ( ১৯৬৭/১৯৭৭/১৯৮২ ) চনত । 

উত্তৰঃ ১৯৬৭ চনত । 

( ঙ ) দ্রাবিড়া মুন্ট্রো কাজহাগাম ( ডি , এম , কে . ) দলটো ( উত্তৰপ্ৰদেশ / তামিলনাড়ু / মধ্যপ্রদেশ ) । 

উত্তৰঃ তামিলনাডুৰ ।

( চ ) মৰ্চা চৰকাৰৰ যুগ আৰম্ভ হৈছিল ( ১৯৭১/১৯৮৯/১৯৬৯/১৯৬৭) চনত । 

উত্তৰঃ ১৯৬৭ চনত । 

( ছ ) ছিণ্ডিকেটৰ নেতা কোন আছিল ? ( কে কামৰাজ / এছ কে পবিল / এন সঞ্জীৱা ৰেড্ডী / আটাইকেইজনে ) । 

উত্তৰঃ কে কামৰাজ । 

( জ ) ইন্দিৰা হটাও ‘ শ্লোগান কোনে দিছিল ? 

উত্তৰঃ বৃহৎ মিত্রতাই ।

প্রশ্ন ১৫। মৰ্চা চৰকাৰৰ যুগ কেতিয়া আৰম্ভ হৈছিল ? 

উত্তৰঃ ১৯৬৭ চনত । 

প্রশ্ন ১৬। কংগ্ৰেছ ছ’চিয়েলিষ্ট পার্টীৰ প্ৰতিষ্ঠাপক কোন আছিল ? 

উত্তৰঃ জয় প্রকাশ নাৰায়ণ । 

প্রশ্ন ১৭। পণ্ডিত জৱাহৰলাল নেহৰুৰ পিছত ভাৰতৰ প্ৰধানমন্ত্রী কোন হৈছিল ? 

উত্তৰঃ লালবাহাদুৰ শাস্ত্রী । 

প্রশ্ন ১৮। ১৯৭০ চনত ইন্দিৰা গান্ধী চৰকাৰলৈ জনপ্রিয়তা আনি দিয়া এটা কাৰক লিখা । 

উত্তৰঃ দৰিদ্রতা দূৰীকৰণ কাৰ্যসূচী । 

প্রশ্ন ১৯। ১৯৬৭ চনত কোনটো দল লােকসভাৰ মুখ্য বিৰােধী দল আছিল ? 

উত্তৰঃ সংযুক্ত বিধায়ক দল । 

প্রশ্ন ২০। লালবাহদুৰ শাস্ত্ৰীৰ ৰাজনৈতিক উত্তৰাধিকাৰী কোন আছিল ? 

উত্তৰঃ ইন্দিৰা গান্ধী । 

প্রশ্ন ২১। ১৯৭১ চনৰ মহামর্চা সন্দৰ্ভত তলত দিয়া কোনটো তথ্য শুদ্ধ ? 

( ক ) অনা কমিউনিষ্ট , অনাকংগ্ৰেছ দলৰদ্বাৰা গঠিত হৈছিল । 

( খ ) এটা স্পষ্ট ৰাজনৈতিক আৰু আদৰ্শমূলক কার্যসূচী আছিল । 

( গ ) সকলােবােৰ অনা কংগ্ৰেছী দলে মিলি গঠন কৰিছিল । 

উত্তৰঃ ( ক ) অনা – কমিউনিষ্ট , অনা – কংগ্ৰেছ দলৰদ্বাৰা গঠিত হৈছিল । 

প্রশ্ন ২২। ভাৰতত সংযুক্ত প্রথা কেতিয়া আৰম্ভ কৰা হৈছিল ? 

উত্তৰঃ ১৯৬৭ চনত । 

প্রশ্ন ২৩। কংগ্ৰেছ সমাজবাদী দলৰ প্ৰতিষ্ঠাপক কোন আছিল ? 

উত্তৰঃ জয়প্রকাশ নাৰায়ণ । 

প্রশ্ন ২৪। ‘গৰীবী হটাও’ শ্লোগানটোৰ কৃতিত্ব কাৰ ? 

উত্তৰঃ ইন্দিৰা গান্ধীৰ ।

প্রশ্ন ২৫। ১৯৬৭ চনৰ নিৰ্বাচনৰ বিষয়ে কোনটো উক্তি সত্য ? 

( ক ) কংগ্ৰেছে লােকসভা নির্বাচনত জয়লাভ কৰিছিল । কিন্তু বহুতাে ৰাজ্যত বিধানসভা নির্বাচনত পৰাজয় বৰণ কৰিছিল । 

( খ ) কংগ্ৰেছে লােকসভা আৰু বিধানসভা দুয়ােটা নিৰ্বাচনত হাৰিছিল । 

( গ ) কংগ্ৰেছে লােকসভাত সংখ্যা গৰিষ্ঠতা হেৰুৱাইছিল কিন্তু সন্মিলিত চৰকাৰ গঠন কৰিছিল । 

( ঘ ) কংগ্ৰেছে কেন্দ্ৰৰ ক্ষমতা ধৰি ৰাখিছিল । 

উত্তৰঃ ( ক ) কংগ্ৰেছে লােকসভা নির্বাচনত জয়লাভ কৰিছিল । কিন্তু বহুতাে ৰাজ্যত বিধানসভা নির্বাচনত পৰাজয় বৰণ কৰিছিল । 

প্রশ্ন ২৬। ১৯৭১ চনৰ মহাজোট সন্দৰ্ভত তলত দিয়া তথ্যবােৰৰ কোনটো শুদ্ধ ।

( ক ) অনাকমিউনিষ্ট , অনাকংগ্ৰেছ দলৰ দ্বাৰা গঠিত । 

( খ ) এক স্পষ্ট ৰাজনৈতিক আৰু আদৰ্শগত কাৰ্যসূচী আছিল । 

( গ ) আটাইবােৰ অনা কংগ্ৰেছ দলৰ দ্বাৰা গঠিত হৈছিল । 

উত্তৰঃ ( ক ) অনাকৃমিউনিষ্ট , অনাকংগ্ৰেছ দলৰ দ্বাৰা গঠিত ।

See Next Page…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top