Class 12 Political Science Chapter – 12 পৰিকল্পিত বিকাশৰ ৰাজনীতি

Join Telegram channel

Class 12 Political Science Chapter – 12 পৰিকল্পিত বিকাশৰ ৰাজনীতি The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Political Science Chapter – 12 পৰিকল্পিত বিকাশৰ ৰাজনীতি and select needs one.

Class 12 Political Science Chapter – 12 পৰিকল্পিত বিকাশৰ ৰাজনীতি

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Political Science Chapter – 12 পৰিকল্পিত বিকাশৰ ৰাজনীতি Solutions for All Subject, You can practice these here…

পৰিকল্পিত বিকাশৰ ৰাজনীতি

পাঠ: ৩

দ্বিতীয় খণ্ড

অতি চমু প্রশ্নোত্তৰ ( মূল্যাংক ১ ) 

প্রশ্ন ১। POSCO ৰ সম্পূৰ্ণ ৰূপটো কি ? 

উত্তৰঃ Pohang Iron and Steel Company . 

প্রশ্ন ২। উন্নয়নৰ দুটা আদর্শ আছেঃ এটা হ’ল পুঁজিবাদী আদর্শ , আনটো কি ? 

উত্তৰঃ সমাজবাদী ৰক্ষণশীল আদর্শ । 

প্রশ্ন ৩। পৰিকল্পনা আয়ােগ কেতিয়া গঠিত হৈছিল ?

উত্তৰঃ ১৯৫০ চনত ।

প্রশ্ন ৪। FYP কি ? 

উত্তৰঃ Five Year Plan .

প্রশ্ন ৫। প্রথম পঞ্চবার্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ হৈছিল ? 

উত্তৰঃ ১৯৫১ চনত ।

প্রশ্ন ৬। প্রথম পঞ্চবার্ষিক পৰিকল্পনাত অন্তর্ভুক্ত এটা বৃহৎ প্রকল্পৰ নাম লিখা । 

উত্তৰঃ ভাক্ৰা নাঙ্গল বান্ধ । 

প্রশ্ন ৭। ভাৰতীয় পৰিসংখ্যা প্রতিষ্ঠান প্রতিষ্ঠাপক কোন আছিল ? 

উত্তৰঃ পি . চি . মহলানবীশ । 

প্রশ্ন ৮। খাদ্য সংকটৰ বাবে ভাৰতে কোনখন দেশৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল ? 

উত্তৰঃ আমেৰিকা । 

প্রশ্ন ৯। AMUL ৰ সম্পূৰ্ণ ৰূপটো কি ?

উত্তৰঃ Anand Milk Union Limited .

প্রশ্ন ১০। ‘ভাৰতৰ গােৱাল ‘ বুলি কাক কোৱা হৈছিল ? 

উত্তৰঃ ভার্গিছ কুৰেনেক । 

প্রশ্ন ১১। পৰিকল্পিত উন্নয়ন বুলিলে কি বুজা ? 

উত্তৰঃ পৰিকল্পিত উন্নয়ন হ’ল বিকাশৰ এটা আহি অথবা পৰিকল্পনাৰ জৰিয়তে সাধন কৰ বিকাশ । অর্থাৎ কি ধৰণে আৰু কেনেদৰে বিকাশ সাধন কৰা হ’ব ইয়াৰ এক পৰিকল্পিত অথবা আহি প্রস্তুত কৰাকে পৰিকল্পিত উন্নয়ন বােলা হয় । 

প্রশ্ন ১২। ভাৰতত পৰিকল্পনাৰ ধাৰণাটো ক’ৰ পৰা লােৱা হৈছিল ? 

উত্তৰঃ ছােভিয়েট আৰ্হিৰ পৰা । 

প্রশ্ন ১৩। দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাৰ মূল উদ্দেশ্যটো উল্লেখ কৰা । 

উত্তৰঃ সমাজৰ সামগ্রিক বিকাশ সাধন । 

প্রশ্ন ১৪। এই পর্যন্ত কিমানটা পঞ্চবার্ষিক পৰিকল্পনা সম্পূর্ণ হৈছে ? 

উত্তৰঃ ১২ খন ।

প্রশ্ন ১৫। ভাৰতৰ সেউজ বিপ্লৱৰ নায়ক বুলি কাক সন্মান কৰা হয় ? 

উত্তৰঃ ড° নর্মান বৰলাউক । 

প্রশ্ন ১৬। ভাৰতে পৰিকল্পনা কিয় গ্রহণ কৰিছিল ? 

উত্তৰঃ ভাৰতবৰ্ষই ৰাষ্টখনৰ সর্বাধিক বিকাশৰ হাৰ অৰ্জন কৰাৰ উদ্দেশ্যে পৰিকল্পনা গ্রহণ কৰিছিল । 

প্রশ্ন ১৭। পৰিকল্পনা আয়ােগৰ গাঁথনিটো লিখা । 

উত্তৰঃ পৰিকল্পনা আয়ােগ প্রধানমন্ত্রীক অধ্যক্ষ হিচাপে , পৰিকল্পনা মন্ত্রী বা উপাধ্যক্ষ আৰু গৃহমন্ত্রী , প্রতিৰক্ষা মন্ত্রী , বিত্তমন্ত্রীক সদস্য হিচাপে লৈ গঠন কৰা হয় ।

প্রশ্ন ১৮। পি চি মহলানবীশ কোন আছিল ? 

উত্তৰঃ পি চি মহলানবীশ আছিল দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাৰ স্রষ্টা আৰু ভাৰতৰ পৰিসংখ্যা প্রতিষ্ঠান প্রতিস্থাপক । 

প্রশ্ন ১৯। কেৰালাৰ আৰ্হি কি ? 

উত্তৰঃ ভাৰতৰ কেৰালা চৰকাৰে বিকাশৰ বাবে গ্ৰহণ কৰা এটা আহি হ’ল কেৰালা আৰ্হি । ইয়াৰত ৰাজহুৱা খণ্ডৰ ওপৰত গুৰুত্ব দিয়া হৈছিল । 

প্রশ্ন ২০। ‘বম্বে আঁচনি’ কি ? 

উত্তৰঃ ১৯৪৪ চনত ভাৰতবৰ্ষৰ একাংশ উদ্যোগপতিয়ে ভাৰতবৰ্ষৰ উন্নয়নৰ বাবে যি আঁচনি প্রস্তুত কৰি উলিয়াইছিল , তাকে বম্বে আঁচনি বােলা হয় । 

প্রশ্ন ২১। খালী ঠাই পূৰণ কৰা :

( ক ) পৰিকল্পনা আয়ােগ স্থাপিত হৈছিল …………. চনৰ মাৰ্চত ।

উত্তৰঃ ১৯৫০ 

( খ ) ভাৰতৰ পৰিকল্পনা আয়ােগে ………..বার্ষিক পৰিকল্পনাৰ দিহা দিছিল । 

উত্তৰঃ পঞ্চবার্ষিক । 

( গ ) দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাত গুৰু …………ৰ ওপৰত জোৰ দিছিল । 

উত্তৰঃ উদ্যোগৰ ওপৰত । 

( ঘ ) ভাৰতীয় পৰিকল্পনা কাৰীসকলে উদ্যোগৰ সলন সৃষ্টি কৰিছিল আৰু জটিলতাসমূহ ………….।

উত্তৰঃ নাইকিয়া কৰিছিল । 

( ঙ ) সপ্তম পঞ্চবার্ষিক পৰিকল্পনা আৰম্ভ হৈছিল ………….চনৰ এপ্ৰিলত । 

উত্তৰঃ ১৯৮৫ । 

( চ ) একাদশ পঞ্চবার্ষিক পৰিকল্পনা আৰম্ভ হৈছিল …………ত । 

উত্তৰঃ ২০০৭ চনত । 

চমু প্রশ্নোত্তৰ ( মূল্যাংক -২ ) 

প্রশ্ন ১। উৰিষ্যাৰ গঞাই POSCO পৰিকল্পনাৰ বিৰুদ্ধে কিয় প্রতিবাদ কৰিছিল ? 

উত্তৰঃ উৰিষ্যাৰ গাঁওবাসীসকলে পস্ক’ ভাৰত তীখা উদ্যোগৰ বিৰােধিতা কৰিছিল । এই উদ্যোগ স্থাপনৰ ফলত বহু হেজাৰ গাঁওবাসীয়ে নিজৰ বাসগৃহ আৰু খেতিপথাৰৰ অধিকাৰৰ পৰা উচ্ছেদিত হ’ব লগা হৈছিল । 

প্রশ্ন ২। পৰিকল্পনাৰ অৱকাশ দিন কি ? কোন কোন বছৰক কিয় পৰিকল্পনাৰ অৱকাশ দিন বুলি কোৱা হয় ?

উত্তৰঃ ভাৰতত ১৯৫১ চনৰ পৰা প্রতি পাঁচ বছৰৰ মূৰে মূৰে একোটা পঞ্চবার্ষিক পরিকল্পনা গ্রহণ কৰাৰ ব্যৱস্থা আৰম্ভ হৈছিল যদিও তৃতীয় পঞ্চবার্ষিক পৰিকল্পনাৰ অন্তত পঞ্চবার্ষিক পৰিকল্পনা সাময়িকভাৱে স্থগিত ৰখা হৈছিল । ইয়াকে পৰিকল্পনাৰ অৱকাশ বােলা হয় । 

১৯৬৬ চনত চতুর্থ পৰিকল্পনা আৰম্ভ হৈছিল । সেই সময়ত পৰিকল্পনাৰ অভিনৱত্বৰ প্রতি থকা উৎসাহ কমি আহিছিল আৰু ভাৰতবর্ষ তীব্র অর্থনৈতিক সংকটৰে সন্মুখীন হৈছিল । সেইবাবে সেই বছৰক পৰিকল্পনাৰ অৱকাশ দিন বুলি কোৱা হয় । 

প্রশ্ন ৩। বাওঁপন্থী আৰু সৌঁপন্থী দল বুলিলে কি বুজা ? 

উত্তৰঃ বাওঁপন্থী দলবােৰ হ’ল — ৰক্ষণশীল আৰু দুখীয়া , নিপিড়িত শ্রেণীৰ জনসাধাৰণৰ স্বার্থ সুৰক্ষিত কৰাৰ ওপৰত গুৰুত্ব আৰােপ কৰে । ‘আনহাতে, সোঁপন্থী দলবােৰ হ’ল উদাৰতাবাদী আৰু পুঁজিপতি ধনী শ্রেণীৰ জনসাধাৰণৰ স্বার্থ সুৰক্ষিত কৰাৰ ওপৰত মনােযােগ দিয়ে । 

প্রশ্ন ৪। উন্নয়ন বুলিলে কি বুজা ? 

উত্তৰঃ ‘উন্নয়ন’ শব্দটো মূলতঃ অর্থনৈতিক দিশৰ লগত জড়িত । ইয়ে জনমূৰি আয়ৰ বৃদ্ধিৰ লগতে উদ্যোগী , নগৰীকৰণ , শ্রমবিভাজন আৰু বিনিয়ােগ বৃদ্ধিক বুজায় । 

প্রশ্ন ৫। আধুনিকীকৰণ কিহৰ সৈতে সংযুক্ত ? 

উত্তৰঃ ( ক ) আধুনিকীকৰণৰ উদ্দেশ্য হৈছে ৰাষ্ট্ৰীয় সম্পদৰ সদ্ব্যৱহাৰ কৰি এখন আধুনিক সমাজ প্রতিষ্ঠা কৰা । 

( খ ) কোনাে এখন সমাজ কিমান পৰিৱৰ্তন হৈছে সেই বিষয়েও আধুনিকীকৰণৰ পৰা জানিব পাৰি । 

( গ ) আধুনিকীকৰণৰ নির্ধাবিত পৰিৱৰ্তন কিমান দূৰ অগ্ৰসৰ হৈছে আৰু কেতিয়া সমাজত সেই পৰিৱৰ্তন হ’ব তাৰ ভৱিষ্যদ্বাণী কৰিব পাৰি । এনেদৰে আধুনিকীকৰণ বিভিন্ন উদ্দেশ্যৰ সৈতে সংযুক্ত । 

প্রশ্ন ৬। বােম্বাই পৰিকল্পনা কি আছিল ? 

উত্তৰঃ ১৯৪৪ চনত ভাৰতবৰ্ষৰ এক পৰিকল্পিত অর্থনীতি প্রতিষ্ঠাৰ বাবে এক খচৰা প্রস্তাৱ প্রস্তুত কৰা হৈছিল । ইয়াকে বােম্বাই পৰিকল্পনা বােলা হয় । 

প্রশ্ন ৭। চৰকাৰী বাজেট দুভাগত বিভক্ত এই দুই ধৰণৰ বাজেটৰ নাম লিখা । 

উত্তৰঃ ( ক ) পৰিকল্পনামূলক বাজেট । আৰু 

( খ ) অপৰিকল্পিতমূলক বাজেট । 

প্রশ্ন ৮। কোন বছৰত প্রথম পঞ্চবার্ষিক পৰিকল্পনা আৰম্ভ হৈছিল আৰু ভাৰতৰ হেষ্টেন ষ্টোনলি বুলি কোৱা অর্থনীতিবিদ গৰাকীৰ নাম লিখা । 

উত্তৰঃ ১৯৫১ চনত প্রথম পঞ্চবার্ষিক পৰিকল্পনা আৰম্ভ হৈছিল আৰু ভাৰতৰ হেষ্টেন ষ্টোনলি বুলি কোৱা অর্থনীতিবিদ গৰাকী হৈছে কে , এন, ৰাজ ।

প্রশ্ন ৯। কেৰালা আৰ্হিৰ জৰিয়তে কি বিশেষ বিষয়ৰ ওপৰত আলােকপাত কৰা হৈছিল ? 

উত্তৰঃ কেৰালা ৰাজ্যৰ দ্বাৰা ধার্য কৰা পৰিকল্পনা আৰু উন্নয়নৰ যি পথ গ্ৰহণ কৰা হৈছিল তাকে কেৰালা আৰ্হি নামেৰে নামকৰণ কৰা হয় । এই কেৰালা আৰ্হি বিকেন্দ্রীভূত পৰিকল্পনাৰ ভিত্তিত প্রতিষ্ঠিত । কেৰালাৰ উন্নয়নৰ এই আৰ্হিত শিক্ষা , স্বাস্থ্য , ভূমি – সংস্কাৰ আৰু দৰিদ্ৰতা দূৰীকৰণৰ ওপৰত যথােচিত গুৰুত্ব আৰােপ কৰা হয় । 

প্রশ্ন ১০। ‘মিশ্র অর্থনীতি’ বুলিলে কি বুজা ? 

উত্তৰঃ ‘মিশ্র অর্থনীতি’ হ’ল সমাজবাদ আৰু পুঁজিবাদৰ মিশ্রণ । ভাৰতীয় অর্থনীতি হ’ল মিশ্র অর্থনীতি । 

প্রশ্ন ১১। খাদ্যৰ পর্যাপ্ততা নিশ্চিত কৰিবলৈ ভাৰতে কি ধৰণৰ নীতি গ্রহণ কৰিছিল ? 

উত্তৰঃ ভাৰতবৰ্ষই খাদ্য – ভঁৰাল টনকিয়াল কৰাৰ বাবে আমেৰিকাৰ পৰা সাহায্য গ্রহণ কৰিছিল । ভাৰতে গম আমদানি কৰিছিল । ভাৰত চৰকাৰে খাদ্যৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হ’বলৈ পৰিকল্পনা গ্রহণ কৰিছিল । 

প্রশ্ন ১২। পৰিকল্পনাৰ দুটা উদ্দেশ্য উল্লেখ কৰা । 

উত্তৰঃ পৰিকল্পনাৰ দুটা উদ্দেশ্য হল— অর্থনৈতিক পুনৰ গঠন আৰু সম উন্নয়ন । 

প্রশ্ন ১৩। পৰিকল্পনাৰ যিকোনাে দুটা সুবিধা উল্লেখ কৰা ।

উত্তৰঃ উন্নয়নৰ সম সুযোগ আৰু ন্যায় । 

প্রশ্ন ১৪। কোন বছৰত পৰিকল্পনা আয়ােগ গঠন কৰা হৈছিল আৰু পৰিকল্পনা আয়ােগৰ প্রথমগৰাকী অধ্যক্ষ কোন আছিল ? 

উত্তৰঃ ১৯৫০ চনত পৰিকল্পনা আয়ােগ গঠন কৰা হৈছিল । পণ্ডিত জৱাহৰলাল নেহৰু পৰিকল্পনা আয়ােগৰ প্ৰথমগৰাকী অধ্যক্ষ আছিল । 

প্রশ্ন ১৫। ভাৰতৰ নতুন অর্থনৈতিক নীতি কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল আৰু ইয়াৰ মুখ্য স্থপতিগৰাকী কোন আছিল ? 

উত্তৰঃ ভাৰতৰ নতুন অর্থনৈতিক নীতি ১৯৯১ চনত প্ৰৱৰ্তন কৰা হৈছিল আৰু ড ° মনমােহন সিং আছিল ইয়াৰ মুখ্য স্থপতিগৰাকী । 

প্রশ্ন ১৬। পৰিকল্পিত অর্থনীতিৰ গুৰুত্বপূৰ্ণ ফলাফলবােৰ কি কি ? 

উত্তৰঃ পৰিকল্পিত অর্থনীতিয়ে সময়ৰ অপচয় ৰোধ আৰু সম্পদৰ উপযুক্ত ব্যৱহাৰ নিশ্চিত কৰে । পৰিকল্পিত অর্থনৈতিক ব্যৱস্থাই জনসাধাৰণৰ জনমূৰি আয় বৃদ্ধিত সহায় কৰে । 

প্রশ্ন ১৭।কোনগৰাকী ভাৰতীয় চিন্তাবিদে ভাৰতত পৰিকল্পনাৰ ওপৰত জোৰ দিছিল আৰু কেতিয়া দিছিল ? 

উত্তৰঃ ১৯২০ চনত জৱাহৰলাল নেহৰুৱে ভাৰতত পােন প্রথমে পৰিকল্পনাৰ প্রয়ােজনীয়তাৰ ওপৰত গুৰুত্ব দিছিল ।

প্রশ্ন ১৮। পৰিকল্পনা আয়ােগক কিয় সংবিধান বহির্ভূত নিকায় বুলি কোৱা হয় ? 

উত্তৰঃ পৰিকল্পনা আয়ােগক সংবিধানৰ বহির্ভূত নিকায় বুলি কোৱা হয় কাৰণ সংবিধানত এই অনুষ্ঠানৰ গঠনৰ বিষয়ে উল্লেখ নাই । 

প্রশ্ন ১৯। দহ বছৰীয়া পৰিকল্পনা কোনে আৰু কিয় যুগুত কৰিছিল ? 

উত্তৰঃ স্বাধীন ভাৰতৰ পৰিকল্পনাৰ আৰ্হি মতে মানৱেন্দ্র নাথ বয়ে দহ বছৰীয়া পৰিকল্পনা যুগুত কৰিছিল । 

প্রশ্ন ২০। পৰিকল্পনা বাজেট কি ? 

উত্তৰঃ পৰিকল্পনা বাজেট হ’ল পাঁচ বছৰীয়া পৰিকল্পনা । এই বাজেটত অগ্রাধিকাৰ ভিত্তিত খৰচৰ ব্যৱস্থা কৰা হয় । 

প্রশ্ন ২১। বিতৰণাত্মক ন্যায় কি ? 

উত্তৰঃ বিতৰণাত্মক’ন্যায় হৈছে এনে প্ৰকাৰ ন্যায় যি ন্যায়ে সম – ন্যায় আৰু সম – সুযােগ প্রদানত গুৰুত্ব দিয়ে । 

প্রশ্ন ২২। বিকাশ বুলিলে কি বুজা ? 

উত্তৰঃ ‘বিকাশ’ হ’ল এক প্ৰকাৰ ‘উন্নয়ন’ যি জনমূৰি আয়ৰ বৃদ্ধিৰ লগতে উদ্যোগীকৰণ , নগৰীকৰণ , শ্রম বিভাজন আৰু বিনিয়ােগ বৃদ্ধিক বুজায় আৰু ইয়াৰ লক্ষ্য হ’ল জনসাধাৰণৰ জীবন নির্বাহৰ মানদণ্ডৰ উৎকর্ষ সাধন কৰা । 

প্রশ্ন ২৩। পৰিকল্পনাৰ দুটা সুফল জনোৱা । 

উত্তৰঃ ( ক ) পৰিকল্পনাৰ জৰিয়তে দেশৰ সম্পদৰ উচিৎ ব্যৱহাৰ আৰু সম – উন্নয়ন সম্ভৱ হয় ।

( খ ) পৰিকল্পনাৰ জৰিয়তে সামাজিক ন্যায় প্রদান কৰিব পাৰি । 

প্রশ্ন ২৪। পৰিকল্পনাৰ সংজ্ঞা দিয়া । 

উত্তৰঃ পৰিকল্পনা হ’ল বিকাশৰ এটা আৰ্হি অথবা পৰিকল্পনাৰ জৰিয়তে সাধন কৰা বিকাশ । অর্থাৎ কি ধৰণে আৰু কেনেদৰে বিকাশ সাধন কৰা হ’ব ইয়াৰ এক পৰিকল্পনা অথবা আৰ্হি প্ৰস্তুত কৰাকে পৰিকল্পনা বােলা হয় । 

See Next Page…

4 thoughts on “Class 12 Political Science Chapter – 12 পৰিকল্পিত বিকাশৰ ৰাজনীতি”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top