Class 12 Political Science Chapter – 11 এক দলীয় প্রাধান্যৰ যুগ

Join Telegram channel

Class 12 Political Science Chapter – 11 এক দলীয় প্রাধান্যৰ যুগ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Political Science Chapter – 11 এক দলীয় প্রাধান্যৰ যুগ and select needs one.

Class 12 Political Science Chapter – 11 এক দলীয় প্রাধান্যৰ যুগ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Political Science Chapter – 11 এক দলীয় প্রাধান্যৰ যুগ Solutions for All Subject, You can practice these here…

এক দলীয় প্রাধান্যৰ যুগ

পাঠ: ২

দ্বিতীয় খণ্ড

অতি চমু প্রশ্নোত্তৰ ( মূল্যাংক ১ ) 

প্রশ্ন ১। ভাৰতীয় সংবিধানখন কেতিয়া বলৱৎ কৰা হৈছিল ? 

উত্তৰঃ ১৯৫০ চনৰ ২৬ জানুৱাৰীত ।

প্রশ্ন ২। অন্যান্য বহু দেশৰ নেতৃবৃন্দই কিয় সিদ্ধান্ত লৈছিল যে ভাৰতে গণতন্ত্রক বাহাল ৰাখিব নােৱাৰিব ? 

উত্তৰঃ ভাৰতবর্য এখন বৈচিত্র্য আৰু বৈসাদৃশ্যৰে পৰিপূৰ্ণ দেশ । সেইবাবে , অন্যান্য বহু দেশৰ নেতৃবৃন্দই সিদ্ধান্ত লৈছিল যে ভাৰতে গণন্ত্রক বাহাল ৰাখিব নােৱাৰিব । 

প্রশ্ন ৩। ভাৰতত নির্বাচন আয়ােগ কেতিয়া গঠন হৈছিল ? 

উত্তৰঃ ১৯৫০ চনৰ জানুৱাৰী মাহত । 

প্রশ্ন ৪। প্রথমগৰাকী মুখ্য নির্বাচন আয়ুক্ত কোন আছিল ? 

উত্তৰঃ সুকুমাৰ সেন ।

প্রশ্ন ৬। E.V.M. ৰ পূৰ্ণ ৰূপটো কি ? 

উত্তৰঃ Electronic Voting Machine ( দ্যুৈতিক ভােটাৰ যন্ত্র ) । 

প্রশ্ন ৭। প্রথমটো সাধাৰণ নির্বাচন কোনটো বছৰত অনুষ্ঠিত হৈছিল ? 

উত্তৰঃ ১৯৫২ চনত । 

প্রশ্ন ৮। চৰকাৰ গঠন কৰিবৰ বাবে কংগ্ৰেছে কিমানটা কার্যকাল সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল ? 

উত্তৰঃ তিনিটা কার্যকাল । 

প্রশ্ন ৯। ১৯৫২ চনৰ লােকসভা নির্বাচনত কংগ্ৰেছে কিমান শতাংশ ভােট লাভ কৰিছিল ? 

উত্তৰঃ ৪৫ শতাংশ ভােট । 

প্রশ্ন ১০। কংগ্ৰেছ ছ’চিয়েলিষ্ট পার্টী কেতিয়া গঠিত হৈছিল ? 

উত্তৰঃ ১৯৩৪ চনত । 

প্রশ্ন ১১। পি . আৰ . আইৰ প্ৰতিষ্ঠাপক কোন আছিল ? 

উত্তৰঃ প্লোটাৰ ’ ইলিয়াচ কলচ ( Plutareo Elias Calles ) । 

প্রশ্ন ১২। দুখন দেশৰ নাম উল্লেখ কৰা যাৰ সংবিধানে কেৱল এটা দলকহে অনুমতি দিয়ে ? 

উত্তৰঃ চীন আৰু ছিৰিয়া । 

প্রশ্ন ১৩। সংবিধান পৰিষদৰ খচৰা প্রস্তুতি সমিতিৰ অধ্যক্ষ কোন আছিল ? 

উত্তৰঃ ড° ভীমৰাও ৰামজি আম্বেদকাৰ । 

প্রশ্ন ১৪। কোন দেশত বলছেভিক বিপ্লৱ হৈছিল ? 

উত্তৰঃ বাছিয়াত । 

প্রশ্ন ১৫। প্রথমটো সাধাৰণ নিৰ্বাচনৰ সময়ত কিমানটা ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক দল আছিল ? 

উত্তৰঃ প্রথমটো সাধাৰণ নিৰ্বাচনত ১৪ টা ৰাষ্ট্ৰীয় দল আছিল আৰু ৩৯ টা ৰাজ্যিক দল আছিল । 

প্রশ্ন ১৬। ভাৰতীয় জনসংঘ কেতিয়া গঠিত হৈছিল ?

উত্তৰঃ ১৯৫১ চনত । 

প্রশ্ন ১৭। ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল ? 

উত্তৰঃ শ্যামাপ্রসাদ মুখার্জী । 

প্রশ্ন ১৮। স্বতন্ত্র পার্টী কেতিয়া গঠিত হৈছিল ? 

উত্তৰঃ ১৯৫৯ চনত ।

প্রশ্ন ১৯। দুই ম’হৰ যুঁজত বিৰিণাৰ কি গতি হয় ? 

উত্তৰঃ মৰণ হয় ।

প্রশ্ন ২০। খালী ঠাই পূৰণ কৰিবলৈ বন্ধনীত থকা শব্দৰ পৰা সঠিক উত্তৰ বাছনি কৰা : 

( ক ) ১৯৫২ চনৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত একে সময়তে লােকসভা আৰু ………… ( ভাৰতৰ ৰাষ্ট্ৰপতি / ৰাজ্যিক বিধানসভাসমূহ / ৰাজ্যসভা / প্রধানমন্ত্রী ) ৰ নির্বাচন অনুষ্ঠিত হৈছিল । 

উত্তৰঃ ৰাজ্যিক বিধানসভাসমূহৰ । 

( খ ) …………..( ১৯৮৫ / ১৯৯০ / ১৯৯৫ / ২০০৪ ) ৰ শেষৰফালে নির্বাচন আয়ােগে বৈদ্যুতিন ভােটগ্রহণ যন্ত্রৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল । 

উত্তৰঃ ১৯৯০ চনৰ শেষৰফালে । 

( গ ) অধিক কঠোৰপন্থী আৰু সমতাবাদী কংগ্ৰেছে বিচৰা এদল যুৱনেতাৰ দ্বাৰা ( ১৯৩৪ / ১৯৪৮ / ১৯৫২ ) চনত কংগ্ৰেছৰ ভিতৰতে কংগ্ৰেছ ছ’চিয়েলিষ্ট পার্টী গঠিত হৈছিল । 

উত্তৰঃ ১৯৩৪ চনত । 

প্রশ্ন ২১। শুদ্ধ নে অশুদ্ধ লিখা । 

( a ) ড° আম্বেদকাৰে ১৯৫৬ চনত বৌদ্ধ ধর্ম গ্রহণ কৰে । 

উত্তৰঃ শুদ্ধ ।

( b ) শ্যামা প্রসাদ মুখার্জী ভাৰতৰ কমিউনিষ্ট দলৰ প্ৰতিষ্ঠাপক সভাপতি আছিল । 

উত্তৰঃ অশুদ্ধ ।

( c ) প্রথম সাধাৰণ নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্ব দিছিল লাল বাহাদুৰ শাস্ত্ৰীয়ে । 

উত্তৰঃ অশুদ্ধ । 

প্রশ্ন ২২। সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি কোন আছিল ? 

উত্তৰঃ ড° আম্বেদকাৰ । 

প্রশ্ন ২৩। প্রথম নির্বাচনত দ্বিতীয় বৃহৎসংখ্যক লােকসভাৰ আসন লাভ কৰিছিল ( প্রজা ছ’চিয়েলিষ্ট দল / ভাৰতীয় জনসংঘ / ভাৰতৰ সাম্যবাদী দল / ভাৰতীয় জনতা পাটী ) । 

উত্তৰঃ ভাৰতৰ সাম্যবাদী দল । 

প্রশ্ন ২৪। কেতিয়া আৰু কাৰ দ্বাৰা ভাৰতত কংগ্ৰেছ পাটী গঠিত হৈছিল ? 

উত্তৰঃ ১৮৮৫ চনত ইংৰাজ বিষয়া আলান – অক্টোভিয়ান হিউমৰ দ্বাৰা ভাৰতত কংগ্ৰেছ  পাটী গঠিত হৈছিল । 

প্রশ্ন ২৫। প্ৰথমটো সাধাৰণ নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্ব কোনে দিছিল ? 

উত্তৰঃ পণ্ডিত জৱাহৰলাল নেহৰুৱে । 

প্রশ্ন ২৬। ভাৰতৰ দলীয় ব্যৱস্থাৰ এটা বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰঃ ভাৰতৰ দলীয় ব্যৱস্থাৰ এটা বৈশিষ্ট্য হৈছে – ভাৰতত বহুদলীয় ব্যৱস্থা বিৰাজমান । সৰ্বভাৰতীয় দলবােৰৰ উপৰি আঞ্চলিক ভিত্তিত বহুতাে স্থানীয় দলৰ উৎপত্তি ভাৰতত হৈছে ।

প্রশ্ন ২৭৷ ১৯৫৭ চনত কেৰালাত কোন দলে চৰকাৰ গঠন কৰিছিল ? 

উত্তৰঃ সাম্যবাদী দলে । 

প্রশ্ন ২৮। কোন চনত ছ’চিয়েলিষ্ট পার্টী গঠিত হৈছিল ? 

উত্তৰঃ ১৯৩৪ চনত । 

প্রশ্ন ২৯। ভাৰতীয় জনতা পাৰ্টীৰ গঠন কোন দলৰপৰা হৈছিল ? 

উত্তৰঃ ভাৰতীয় জনসংঘ দলৰপৰা । 

প্রশ্ন ৩০। কোন বছৰত একদলীয় শাসন ব্যৱস্থাৰ যুগ আৰম্ভ হৈছিল ? 

উত্তৰঃ ১৯৫২ চনত । 

প্রশ্ন ৩১। কোনটো ভাৰতীয় দল এছিয়াৰ ভিতৰতে আটাইতকৈ পুৰণি দল ? 

উত্তৰঃ ভাৰতীয় জাতীয় কংগ্রেছ । 

প্রশ্ন ৩২। দীনদয়াল উপাধ্যায় কোন আছিল ? 

উত্তৰঃ দীনদয়াল উপাধ্যায় ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সদস্য আছিল । তেখেতে অখণ্ড মানৱতাবােধৰ ধাৰণা আৰম্ভ কৰিছিল । 

প্রশ্ন ৩৩। ভাৰতত ইণ্ডিপেণ্ডেন্ট লেবাৰ পাৰ্টীৰ প্রতিষ্ঠাতা কোন আছিল ? 

উত্তৰঃ বাবা চাহেব ভিমৰাও ৰামজি আম্বেদকাৰ । 

প্রশ্ন ৩৪। কংগ্ৰেছক কোনে ছত্র সংগঠন বুলিছিল ? 

উত্তৰঃ পালমাৰে । 

প্রশ্ন ৩৫। কোন বছৰত নাগপুৰ অধিৱেশন বহিছিল ? 

উত্তৰঃ ১৯২০ চনত । 

প্রশ্ন ৩৬। খালী ঠাই পূৰণ কৰা : 

( ক ) স্বতন্ত্র পাৰ্টীৰ আদৰ্শৰ মার্গদর্শক নীতিসমূহৰ এটা হল ………….। 

উত্তৰঃ ৰাজ্যৰ অর্থনৈতিক নিয়ন্ত্ৰণৰপৰা মুক্ত । 

( খ ) প্রথমটো নিৰ্বাচনত লােকসভাৰ দ্বিতীয় বৃহৎসংখ্যক আসনত জয়লাভ কৰা দলটো আছিল …………।

উত্তৰঃ সাম্যবাদী দল । 

প্রশ্ন ৩৭। কেৱল এটা দলৰ সাংবিধানিক ব্যৱস্থা থকা দুখন দেশৰ নাম উল্লেখ কৰা । 

উত্তৰঃ চীন আৰু ছিৰিয়া ।

প্রশ্ন ৩৮। ভাৰতীয় গণতান্ত্রিক পদ্ধতিত সন্মিলিত যুগৰ আৰম্ভণিৰ চাৰিটা কাৰণ লিখাঃ 

উত্তৰঃ ( ক ) কংগ্ৰেছ দলৰ আধিপত্যৰ অৱসান । 

( খ ) আঞ্চলিক প্রত্যাশাৰ উত্থান । 

( গ ) সাম্প্রদায়িক ৰাজনীতি । 

( ঘ ) দলিত আৰু পিছপৰা শ্ৰেণীৰ ৰাজনৈতিক দলবােৰৰ ক্রমবর্ধমান শক্তি । 

প্রশ্ন ৩৯। শুদ্ধ নে অশুদ্ধ কোৱা –

১৯৫২ চনৰ প্ৰথম সাধাৰণ নিৰ্বাচনত ১৪ টা ৰাষ্ট্ৰীয় দল আছিল । 

উত্তৰঃ শুদ্ধ । 

প্রশ্ন ৪০। শুদ্ধ নে অশুদ্ধ লিখা :

( ক ) ভাৰতত বহুদলীয় ব্যৱস্থা আছে । 

উত্তৰঃ শুদ্ধ ।

( খ ) শ্যামাপ্রসাদ মুখার্জী আছিল ভাৰতীয় কমিউনিষ্ট পার্টীৰ প্ৰতিষ্ঠাপক সভাপতি । 

( গ ) ১৯৫৫ চনত স্বতন্ত্র পার্টী গঠিত হৈছিল । 

উত্তৰঃ অশুদ্ধ ।

প্রশ্ন ৪১। প্রথম সাধাৰণ নির্বাচনব সময়ত কেইটা ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক দল আছিল ? 

উত্তৰঃ প্রথম সাধাৰণ নিৰ্বাচনৰ সময়ত ১৪ টা ৰাষ্ট্ৰীয় আৰু ৩৯ টা ৰাজ্যিক দল আছিল ৷

See Next Page…

2 thoughts on “Class 12 Political Science Chapter – 11 এক দলীয় প্রাধান্যৰ যুগ”

  1. Dada aogotke aji kali bohut boring lage website tuu lagatke besi advertise ahe…
    Eneke viewers komi jabo apunar…. Add tu kom ke solaok dada

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top