Class 12 Political Science Chapter – 10 জাতি গঠনৰ প্ৰত্যাহ্বান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Political Science Chapter – 10 জাতি গঠনৰ প্ৰত্যাহ্বান and select needs one.
Class 12 Political Science Chapter – 10 জাতি গঠনৰ প্ৰত্যাহ্বান
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Political Science Chapter – 10 জাতি গঠনৰ প্ৰত্যাহ্বান Solutions for All Subject, You can practice these here…
জাতি গঠনৰ প্ৰত্যাহ্বান
পাঠ: ১
দ্বিতীয় খণ্ড
অতি চমু প্রশ্নোত্তৰ ( মূল্যাংক ১ )
প্রশ্ন ১। ভাৰতৰ প্রথমগৰাকী প্রধানমন্ত্রী কোন আছিল ?
উত্তৰঃ পণ্ডিত জৱাহৰলাল নেহৰু ।
প্রশ্ন ২। স্বাধীন ভাৰতে কিমান ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল ?
উত্তৰঃ তিনি ধৰণৰ ।
প্রশ্ন ৩। ১৯৪৭ চনৰ ১৪-১৫ আগষ্টত দুখন ৰাষ্ট্ৰৰ জন্ম হৈছিল — এখন ভাৰত , আনখন কি আছিল ?
উত্তৰঃ পাকিস্তান ।
প্রশ্ন ৪। দেশ বিভাজনৰ সময়ত বিভিন্ন সাম্প্রদায়িক মণ্ডলত বিভাজিত হৈ পৰা দুখন মহানগৰৰ নাম লিখা ।
উত্তৰঃ পঞ্জাৱ আৰু বংগ প্রদেশ ।
প্রশ্ন ৫। ৰাজকীয় ৰাষ্ট্র কি ?
উত্তৰঃ ৰজাৰ শাসনাধীন ৰাষ্ট্র ।
প্রশ্ন ৬। ছৰ্দাৰ বল্লভাই পেটেল কোন আছিল ?
উত্তৰঃ স্বাধীন ভাৰতৰ প্রথম গৃহমন্ত্রী ।
প্রশ্ন ৭। স্বাধীনতাৰ সময়ত মণিপুৰৰ মহাৰজা কোন আছিল ?
উত্তৰঃ মহাৰজা বােধচন্দ্র ।
প্রশ্ন ৮। কোন বছৰত নাগপুৰ অধিৱেশন বহিছিল ?
উত্তৰঃ ১৯২০ চনত ।
প্রশ্ন ৯। দেশ বিভাজনৰ দ্বাৰা কোন দুখন ৰাজ্য ক্ষতিগ্রস্ত হৈছিল ?
উত্তৰঃ পঞ্জাব আৰু বংগ প্রদেশ ।
প্রশ্ন ১০। শুদ্ধ নে অশুদ্ধ কোৱা :
( ক ) ব্যাপকভাবে স্বাধীন ভাৰতে তিনি ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল ।
উত্তৰঃ শুদ্ধ ।
( খ ) ১৯৪৭ চনৰ বছৰটো আছিল ব্যাপক , অতি আকস্মিক অপৰিকল্পিত আৰু শােকাৱহ ঘটনাৱলীৰ বছৰ ।
উত্তৰঃ শুদ্ধ ।
( গ ) ৰাষ্ট্ৰ গঠনৰ প্ৰক্ৰিয়াটো পাকিস্তান সৃষ্টি আৰু ৰাজকীয় ৰাজ্যসমূহৰ একত্ৰ কৰণেৰে ইতি পৰিছিল ।
উত্তৰঃ অশুদ্ধ ।
( ঘ ) স্ট্রাগল ফৰ ছাৰ্ভাইভেল ’ ( অস্তিত্বৰ সংগ্রাম ) প্রকাশিত হৈছিল ( ১৯৫২ / ১৯৫৩ / ১৯৫৫ ) চনত ।
উত্তৰঃ ১৯৫২ চনত ।
প্রশ্ন ১১। ভাৰতে কেতিয়া স্বাধীনতা লাভ কৰিছিল ?
উত্তৰঃ ১৯৪৭ চনৰ ১৫ আগষ্টত ।
প্রশ্ন ১২। ব্রিটিছ মহাসাম্রাজ্য বুলিলে কি বুজা ?
উত্তৰঃ যেতিয়া ভাৰতবৰ্ষখন সম্পূর্ণ ব্রিটিছৰ নিয়ন্ত্ৰণত আছিল আৰু দেশখন শাসন কৰিছিল তাকে ব্রিটিছ মহাসাম্রাজ্য বােলে ।
প্রশ্ন ১৩। দ্বিৰাষ্ট্ৰ সূত্ৰৰ ধাৰণাটো উল্লেখ কৰা ।
উত্তৰঃ ভাৰতবৰ্ষক ধৰ্মৰ ভিত্তিত বিভাজন কৰি দুখন পৃথক ৰাষ্ট্র গঠনৰ দাবীক বুজায় ।
প্রশ্ন ১৪। পণ্ডিত নেহৰুৰ লক্ষ্য কি আছিল ?
উত্তৰঃ সমাজবাদী , ধর্মনিৰপেক্ষ গণতন্ত্র প্রতিষ্ঠা কৰা ।
প্রশ্ন ১৫। ভাৰতীয় সংবিধানখন কেতিয়া বলবৎ কৰা হৈছিল ?
উত্তৰঃ ১৯৫০ চনৰ ২৬ জানুৱাৰীত ।
প্রশ্ন ১৬। হায়দৰাবাদৰ জনসাধাৰণে নিজামৰ শাসনৰ কিয় বিৰােধিতা কৰিছিল ?
উত্তৰঃ হায়দৰাবাদ শাসকৰ গােড়ামী আৰু স্বেচ্ছা চাৰিতাৰ বাবে বিৰােধিতা কৰিছিল ।
প্রশ্ন ১৭। নিজামৰ অত্যাচাৰী শাসনৰ বলি কোন হৈছিল ?
উত্তৰঃ মুছলিম ব্রাডাৰ্ছ ।
প্রশ্ন ১৮। সার্বজনীন প্রাপ্তবয়স্ক ভােটাধিকাৰৰ ভিত্তিত কোনখন ৰাজকীয় ৰাজ্যই প্রথমতে নির্বাচন অনুষ্ঠিত কৰিছিল ?
উত্তৰঃ মণিপুৰ ।
প্রশ্ন ১৯। ভাৰত অংগৰাজ্য হােৱাৰ ক্ষেত্ৰত কোনখন ৰাজকীয় ৰাজ্যই কিছুমান সমস্যাৰ সৃষ্টি কৰিছিল ?
উত্তৰঃ জাম্বু আৰু কাশ্মীৰ ।
প্রশ্ন ২০। ‘চামিলকৰণৰ দলিল ’ চুক্তিখনৰ মূল বিধানসমূহ কি আছিল ?
উত্তৰঃ ভাৰত ৰাষ্ট্ৰৰ সৈতে চামিলৰ সন্মতি প্রদান ।
প্রশ্ন ২১। কোন তাৰিখে জম্মু আৰু কাশ্মীৰৰ মহাৰজাই ভাৰতত চামিলকৰণৰ দলিলত স্বাক্ষৰ কৰিছিল ?
উত্তৰঃ১৯৪৭ চনৰ ২৬ অক্টোবৰ ।
প্রশ্ন ২২। খালী ঠাই পূৰণ কৰা :
( ক ) ১৯৭২ চনত মেঘালয়াক ………….. ৰ পৰা পৃথক কৰা হৈছিল ।
উত্তৰঃ অসমৰ ।
( খ ) পণ্ডিত নেহৰুৱে কোনাে ……………..সৃষ্টি কৰিব পৰা নাছিল , যাৰ মাজত তেওঁ ভাৰতৰ জনসাধাৰণক একত্রিত কৰিব পাৰিছিল ।
উত্তৰঃ আদর্শ ।
প্রশ্ন ২৩। বৃটিছ শাসনৰ সর্বোচ্চ কর্তৃত্ব মানে কি বুজা ।
উত্তৰঃ পৰাধীন ভাৰতবৰ্ষত এনে কিছুসংখ্যক সৰু – বৰ ৰাজ্যৰ ৰজা আছিল যি বৃটিছৰ সর্বোচ্চ কর্তৃত্বৰ অধীনত স্বাধীনতা লাভ কৰিছিল আৰু লগতে বহিৰাগত আক্ৰমণৰ পৰা ৰক্ষণাবেক্ষণ দিছিল ।
প্রশ্ন ২৪। কোনকেইখন ৰাজশাসিত ৰাজ্যই ভাৰতৰ অংশ হওঁতে কিছু সমস্যাৰ সৃষ্টি কৰিছিল ?
উত্তৰঃ জুনাগড় , মণিপুৰ , হায়দৰাবাদ ।
প্রশ্ন ২৫। কোন দুখন কেন্দ্রীয় শাসিত অঞ্চলক ১৯৭২ চনত পূর্ণাংগ ৰাজ্যৰ মর্যাদা দিয়া হৈছিল ?
উত্তৰঃ মেঘালয় , মণিপুৰ আৰু ত্ৰিপুৰা ৰাজ্যক ।
চমু উত্তৰ ( মূল্যাংক -২ )
প্রশ্ন ১। ভাৰতে গ্ৰহণ কৰিবলগীয়া হােৱা প্ৰথমটো প্রত্যাহ্বান উল্লেখ কৰা ।
উত্তৰঃ স্বাধীনতা লাভ কৰাৰ পিছত ভাৰতবৰ্ষই সম্মুখীন হােৱা প্ৰথমটো প্রত্যাহ্বান হ’ল জাতি গঠন প্রক্রিয়া । ভাৰতৰ দৰে এখন বিশাল বাদ্ভুত ঐক্য আৰু সংহতি প্রতিষ্ঠা কৰাটো এটা কঠিন প্রত্যাহান আছিল ।
প্রশ্ন ২। ‘আমাৰ মুছলমান সংখ্যালঘু আছে , যিসকল সংখ্যাত ইমান বেছি যে তেওঁলােকে যাওঁ বুলিলেও অন্য কোনাে ঠাইলৈ যাব নােৱাৰে ।’— কোনে আৰু কেতিয়া কৈছিল ?
উত্তৰঃ পণ্ডিত জৱাহৰলাল নেহৰুৱে ১৯৪৭ চনৰ ১৫ অক্টোবৰ তাৰিখে কৈছিল ।
প্রশ্ন ৩। স্বাধীনতাৰ পূর্বে মুছলিম লীগে দ্বিৰাষ্ট্ৰৰ সূত্ৰ আগবঢ়াইছিল । এই সূত্রত অন্তর্ভুক্ত ৰাষ্ট্ৰ দূখন কি কি ?
উত্তৰঃ ভাৰত আৰু পাকিস্তান ।
প্রশ্ন ৪। কেতিয়া মহাত্মা গান্ধীক হত্যা কৰা হৈছিল আৰু কোনে কৰিছিল ?
উত্তৰঃ ১৯৪৮ চনত নাথুৰাম গড়ছে মহাত্মা গান্ধীক হত্যা কৰিছিল ।
প্রশ্ন ৫। বৃটিছ ভাৰতক দুটা অঞ্চলত ভাগ কৰা হৈছিল , সেই অঞ্চল দুটা কি কি আছিল ?
উত্তৰঃ বৃটিছ ভাৰতৰ প্ৰদেশ আৰু দেশীয় ৰাজ্য ।
প্রশ্ন ৬। নিজাম ‘ অর্থ কি ?
উত্তৰঃ প্রাচীন হায়দৰাবাদৰ শাসকজনক নিজাম নামেৰে জনা গৈছিল ।
প্রশ্ন ৭। এসময়ত কেন্দ্রীয় শাসিত অঞ্চল হৈ থকা বৰ্তমানৰ দুখন ৰাজ্যৰ নাম লিখা ।
উত্তৰঃ মণিপুৰ আৰু হিমাচল প্রদেশ ।
প্রশ্ন ৮। ৰাজ্য পুনৰ গঠন আইন কেতিয়া গৃহীত হৈছিল ? এই আইনৰ অধীনত গঠন হােৱা যিকোনাে এখন ৰাজ্যৰ নাম লিখা ।
উত্তৰঃ ১৯৫৬ চনত ৰাজ্য পুনৰ গঠন আইন গৃহীত হৈছিল । এই আইনৰ অধীনত গঠন হােৱা এখন ৰাজ্য হ’ল অন্ধ্রপ্রদেশ ।
প্রশ্ন ৯। স্বাধীন ভাৰতে সন্মুখীন হােৱা প্রত্যাহ্বান তিনিটা কি কি আছিল ?
উত্তৰঃ ( ক ) স্বাধীন ভাৰতে সন্মুখীন হােৱা প্ৰথমটো প্রত্যাহ্বান হ’ল জাতিগঠন প্রক্রিয়া । ভাৰতবর্ষ এখন এনেকুৱা ৰাষ্ট্র য’ত বিভিন্ন ধর্ম , জাতি , ভাষা – ভাষীৰ লােক আৰু সংস্কৃতি আছে । এনে এক অৱস্থাত ভাৰতবর্য এখন ৰাষ্ট্ৰ হিচাপে সঠিক ৰূপত গঢ় দিয়াটো বহুতে সন্দেহৰ দৃষ্টিৰে চাইছিল ।
( খ ) দ্বিতীয় প্রত্যাহ্বান আছিল সংসদীয় শাসন ব্যৱস্থাৰ ওপৰত ভিত্তি কৰি ভাৰতত প্রতিনিধিত্বমূলক গণতান্ত্রিক ব্যবস্থা প্রতিষ্ঠা কৰাটো ।
( গ ) তৃতীয় প্রত্যাহ্বান আছিল চৰকাৰে সমাজৰ সকলাে শ্ৰেণীৰ লােকৰে কল্যাণৰ হকে তথা সকলাে অঞ্চলৰ সমবিকাশৰ বাবে কাম কৰাটো ।
প্রশ্ন ১০। দ্বিৰাষ্ট্ৰ সূত্ৰৰ তাৎক্ষণিক ফল কি আছিল ?
উত্তৰঃ ভাৰত আৰু পাকিস্তান দুখন ৰাষ্ট্ৰৰ সৃষ্টি হৈছিল ।
প্রশ্ন ১১। বৃটিছ গৱৰ্ণৰ জেনেৰেল মাউন্টবেটেনে ১৯৪৭ চনৰ ৩ জুনত কি ঘােষণা কৰিছিল ?
উত্তৰঃ ভাৰতবৰ্ষক বিভাজন কৰি দুখন পৃথক ৰাষ্ট্র গঠন কৰা । এখন হ’ল ভাৰতবৰ্ষ আৰু আনখন পাকিস্তান ।
প্রশ্ন ১২। জম্মু আৰু কাশ্মীৰক বিশেষ মর্যাদা প্রদান কৰা যিকোনাে দুটা ব্যৱস্থাৰ উলেখ কৰা ।
উত্তৰঃ ( ক ) জম্মু আৰু কাশ্মীৰৰ বাবে পৃথক সংবিধান ব্যৱস্থা ।
( খ ) ভাৰতীয় সংসদে প্রণয়ন কৰা আইন জম্মু আৰু কাশ্মীৰত প্রযােজ্য হ’বলৈ হ’লে ৰাজ্যিক বিধানসভাৰ অনুমােদন প্রয়ােজন ।
প্রশ্ন ১৩। নেহৰুৰ দুটা নেতিবাচক লক্ষণ লিখা ।
উত্তৰঃ ( i ) নেহৰুৱে ভাৰতীয় জনগণে নিৰ্ভৰ কৰিব পৰা কোনাে আদর্শ গঢ় দিব পৰা নাছিল ।
( ii ) নেহৰুৰ বৈদেশিক নীতিৰ সংকীর্ণ প্রেক্ষাপট ।
প্রশ্ন ১৪। ৰাজ্য পুনগঠন আইনৰ অধীনত কিমানখন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চল গঠন কৰা হৈছিল ?
উত্তৰঃ ১৪ খন ৰাজ্য আৰু ৬ খন কেন্দ্রীয় শাসিত অঞ্চল গঠন কৰা হৈছিল ।
প্রশ্ন ১৫। জাতীয় আন্দোলনৰ নেতৃবর্গই কিয় ধর্মনিৰপেক্ষ ৰাষ্ট্ৰৰ ধাৰণাক পােষণ কৰিছিল ? কাৰণ দর্শোৱা ।
উত্তৰঃ পৰাধীন ভাৰতবৰ্ষত মুছলমানসকলৰ কল্যাণ তথা স্বার্থৰক্ষাৰ উদ্দেশ্য মুছলিম লীগৰ জন্ম হৈছিল । এই মুছলিম লীগেই আছিল মুছলমানৰ বাবে পৃথক ৰাষ্ট্ৰৰ দাবীৰ গুৰি ধৰোতা । ভাৰতবৰ্ষত সেই সময়ত বহুতাে এনে সংগঠন আছিল যিবােৰে হিন্দুসকলক একত্রিত কৰি ভাৰতক এখন হিন্দু বা হিচাপে প্রতিষ্ঠা কৰিব বিচাৰিছিল । কিন্তু গৰিষ্ঠসংখ্যক স্বাধীনতা সংগ্রামীয়েই ভাৰতক এনে এখন ৰাষ্ট্ৰ হিচাপে গঢ়িব বিচাৰিছিল য’ত জাতি , ধর্ম , বর্ণ , ভাষা নির্বিশেষে সকলাে ব্যক্তিয়েই সমমর্যাদা লাভ কৰে । ধৰ্মৰ নামত যাতে ব্যক্তিক বিভাজন কৰা নহয় তাৰ বাবে কোনাে ধৰ্মক বিশেষ মর্যাদা নিদি তথা সকলাে ধৰ্ম আৰু ধৰ্মাৱলম্বী লোকক সমদৃষ্টিৰে চোৱাৰ বাবে জাতীয় আন্দোলনৰ নেতৃবই ধর্মনিৰপেক্ষ ৰাষ্ট্ৰৰ ধাৰণাক পােষণ ।
প্রশ্ন ১৬। ৰাজ্য পুনৰ গঠন আয়ােগৰ অতি গুৰুত্বপূৰ্ণ পৰামৰ্শটো কি আছিল ?
উত্তৰঃ ভাষাৰ ভিত্তিত ৰাজ্যসমূহৰ পুনৰ গঠন কৰাটো ৰাজ্য পুনৰ গঠন আয়ােগৰ অতি গুৰুত্বপূৰ্ণ পৰামৰ্শ আছিল ।
প্রশ্ন ১৭। দেশ বিভাজন সন্দৰ্ভত তলত দিয়া ভাষবােৰৰ কোনটো অশুদ্ধ ।
( ক ) ভাৰত বিভাজন ‘ দ্বিৰাষ্ট্ৰ সূত্ৰৰ ফল ।
( খ ) ধৰ্মৰ ভিত্তিত বিভাজন করা প্রদেশ দুখন আছিল পঞ্জাব আৰু বংগ ।
( গ ) পূর্ব পাকিস্তান আৰু পশ্চিম লগালগিকৈ নাছিল ।
( ঘ ) দেশ বিভাজনৰ আঁচনিয়ে সীমান্তৰ দুয়াে ফাললৈ জনসংখ্যা হস্তান্তৰণৰ এক পৰিকল্পনা সামৰি লৈছিল ।
উত্তৰঃ অশুদ্ধ ।
প্রশ্ন ১৯। শ্বিলং কোন ৰাজ্যৰ ৰাজধানী আছিল ? সেই ৰাজ্যখনৰপৰা ইয়াক কেতিয়া আঁতৰাই নিয়া হয় ?
উত্তৰঃ ১৮৭৪ চনলৈ শ্বিলং অসমৰ ৰাজধানী আছিল । ১৯৭২ চনত শ্বিলং মেঘালয়ৰ ৰাজধানী হৈছিল ।
See Next Page…

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Thank you so much ❤️
wlcm
Thank you
Very Nice ??
Important question answer aiburei nki okol ….aru ase nki baru
Hii I am using a crome. Class 12 all chapter notes