Class 12 Political Science Chapter – 9 বিশ্বায়ন The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Political Science Chapter – 9 বিশ্বায়ন and select needs one.
Class 12 Political Science Chapter – 9 বিশ্বায়ন
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Political Science Chapter – 9 বিশ্বায়ন Solutions for All Subject, You can practice these here…
বিশ্বায়ন
পাঠ: ৯
প্ৰথম খণ্ড
অতি চমু প্রশ্নোত্তৰ ( মূল্যাংক -১ )
প্রশ্ন ১। গােলকীকৰণ বুলিলে কি বুজা ?
উত্তৰঃ গােলকীকৰণ সম্পূৰ্ণৰূপে এটা অর্থনৈতিক ধাৰণা বুলি গণ্য কৰা দেখা যায় । তৎসত্ত্বেও ইয়াৰ ৰাজনৈতিক , অর্থনৈতিক , সামাজিক , সাংস্কৃতিক পৃথিৱীৰ অন্যবােৰ দেশৰ সৈতে সংযুক্ত আৰু সেই দেশসমূহৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে — এই গােটেই পৰিস্থিতি আৰু প্ৰক্ৰিয়াটো ‘ গােলকীকৰণ ’ বোলা হয় ।
প্রশ্ন ২। ৰাষ্ট্রৰ সমৰ্থনত গােলকীকৰণৰ ইতিবাচক পৰিণতি এটা উল্লেখ কৰা ।
উত্তৰঃ প্রযুক্তি ব্যৱহাৰ কৰি ৰাষ্ট্ৰই নাগৰিকসকলক প্রয়ােজনীয় তথ্য – পাতি প্ৰদান কৰিব পাৰে ।
প্রশ্ন ৩। হয় নে নহয় লিখা ।
গােলকীকৰণৰ ক্ষেত্ৰত প্রযুক্তি হ’ল গুৰুত্বপূৰ্ণ কাৰকসমূহৰ ভিতৰত এটা ।
উত্তৰঃ হয় ।
প্রশ্ন ৪। অর্থনৈতিক গােলকীকৰণে কি বুজায় ?
উত্তৰঃ বিশ্বায়ন হৈছে এক বহুমুখী প্রক্রিয়া , এক অবিৰত প্রবাহক বুজায় । গতিকে ই পৃথিৱীৰ বিভিন্ন দেশসমূহৰ মাজত অর্থনৈতিক আদান – প্রদানৰ ক্ষেত্ৰত ওতঃপ্রােতভাৱে জড়িত ।
প্রশ্ন ৫। সাংস্কৃতিক একীভূতকৰণ মানে কি ?
উত্তৰঃ বিশ্বায়নৰ ফলত সাংস্কৃতিক আদান – প্রদানৰ জৰিয়তে সাংস্কৃতিক সমৰূপতা সৃষ্টি হয় ।
প্রশ্ন ৬। খালী ঠাই পূৰ কৰা :
সাংস্কৃতিক একত্রীকৰণৰ …………… এটা ৰূপ ।
উত্তৰঃ সাংস্কৃতিক একত্ৰীকৰণ বিশ্বায়নৰ এটা ৰূপ ।
প্রশ্ন ৭৷ ভাৰতে ইয়াৰ অর্থনৈতিক সংস্কাৰ কেতিয়া আৰম্ভ কৰিছিল ?
উত্তৰঃ ১৯৯১ চনত ।
প্রশ্ন ৮। বিশ্ব সামাজিক মঞ্চ কি ?
উত্তৰঃ উদাৰনৈতিক বিশ্বায়নৰ বিৰােধিতা কৰা এখন বিশ্ব মঞ্চ ।
প্রশ্ন ৯। বিশ্ব সামাজিক মঞ্চৰ প্ৰথমখন বৈঠকৰ আয়ােজন কেতিয়া কৰা হৈছিল ?
উত্তৰঃ ২০০১ চনত ব্রাজিলৰ পাের্লো এলেগ্রেত ।
প্রশ্ন ১০। গােলকীকৰণৰ এটা বৈশিষ্ট্য লিখা ।
উত্তৰঃ প্রযুক্তি বিদ্যা গােলকীকৰণৰ এক গুৰুত্বপূর্ণ উপাদান । গােলকীকৰণে “ প্রযুক্তি বিদ্যা ” ৰ ওপৰত নিৰ্ভৰশীল হৈ গতি কৰে ।
চমু প্রশ্নোত্তৰ ( মূল্যাংক -২ )
প্রশ্ন ১। গােলকীকৰণৰ কাৰণবােৰ কি কি ?
উত্তৰঃ ( ক ) টেলিগ্রাফ , টেলিফোন আৰু মাইক্র’ছফটৰ নবীনতম আবিষ্কাৰে পৃথিৱীৰ বিভিন্ন দেশৰ যাতায়াত আৰু যােগাযােগ ব্যৱস্থাৰ ক্ষেত্ৰত এক বৈপ্লবিক পৰিৱর্তন সাধন কৰে আৰু বিশ্বায়নৰ প্ৰবাহক তৰান্বিত কৰে ।
( খ ) পৃথিবীৰ এখন দেশৰ পৰা আন এখন দেশলৈ পুঁজি , বস্তু – বাহানি আৰু মানুহৰ প্রৱাহ তৰান্বিত হােৱা বিশ্বায়নৰ আন এটা কাৰণ ।
প্রশ্ন ২। গােলকীকৰণৰ বিভিন্ন দিশবােৰ কি কি ?
উত্তৰঃ অর্থনৈতিক , ৰাজনৈতিক আৰু সাংস্কৃতিক ।
প্রশ্ন ৩। অর্থনৈতিক গােলকীকৰণৰ সৈতে জড়িত দুটা কাৰক উল্লেখ কৰা ।
উত্তৰঃ অর্থনৈতিক গােলকীকৰণৰ সৈতে জড়িত দুটা কাৰক হ’ল—
( ক ) বিশ্ব বাণিজ্য সংস্থা । আৰু
( খ ) আন্তর্জাতিক মুদ্রা নিধি ।
প্রশ্ন ৪। ৰাষ্ট্রৰ সার্বভৌমত্বক গােলকীকৰণে কিদৰে প্ৰভাৱিত – কৰে ?
উত্তৰঃ ৰাষ্ট্ৰীয় সার্বভৌমত্বৰ পৰম্পৰাগত ধাৰণাৰ ওপৰত প্ৰভাৱ পেলায় । ইয়াৰ তিনিটা দিশ আছে । ৰাষ্ট্ৰীয় সামর্থ্য কমি যায় । আগৰ জনকল্যাণৰ ঠাইত এতিয়া বজাৰসমূহে অর্থনৈতিক আৰু সামাজিক তাগ্রাধিকাৰসমূহ নির্ণয় কৰে। বহু জাতিক নিগমৰ বৰ্দ্ধিত ভূমিকাই চৰকাৰসমূহৰ সিদ্ধান্ত গ্রহণৰ সামর্থ্য কমাই পেলাইছে ।
প্রশ্ন ৫। সাংস্কৃতিক একীভূতকৰণে কি সূচায় ?
উত্তৰঃ সাংস্কৃতিক একীভূতকৰণে মিশ্রিত সংস্কৃতিৰ সৃষ্টি কৰে । মুঠতে বিশ্বায়ণে একো একোটা সংমিশ্রিত সংস্কৃতি সৃষ্টি কৰা দেখা যায় ।
প্রশ্ন ৬। গােলকীকৰণত প্রযুক্তিয়ে কিদৰে বৰঙণি যােগায় ?
উত্তৰঃ প্রযুক্তি বিদ্যা বিশ্বায়নৰ এটা গুৰুত্বপূর্ণ উপাদান তাত কোনাে সন্দেহনাই। বিশেষকৈ যােগাযােগৰ বৰ্তমানৰ মাধ্যমবােৰে বিশ্বায়নৰ সকলাে কাম – কাজ , লেন – দেন , আদান – প্রদান ; দেশ – বিদেশৰ দূৰত্ব সংকোচন কৰি আনিছে ।
প্রশ্ন ৭। গােলকীকৰণৰ ফলত অনিষ্ট হােৱা দুটা ক্ষেত্র কি কি ?
উত্তৰঃ ( ক ) কৃষিকার্যত বিফলতাৰ বাবে কৃষকৰ আত্ম হত্যা ।
( খ ) বাণিজ্যৰ ক্ষেত্ৰত খুচৰা ব্যবসায়ীৰ আন্দোলনৰ পৰা হােৱা অনিষ্টকাৰী ফলাফল ।
প্রশ্ন ৮। টিকি থকা অসম ( অসমান ) বিশ্ব দুখন কি কি ?
উত্তৰঃ উত্তৰ আৰু দক্ষিণ গােলার্ধৰ ৰাষ্ট্ৰসমূহৰ মাজত দৃষ্টিভংগীৰ পার্থক্য আছে । বিশ্ব পাৰিপাৰ্শ্বিকতাৰ অৱক্ষয়ৰ বাবে উত্তৰ গােলাৰ্দ্ধৰ উন্নত ৰাষ্ট্ৰবােৰ উদ্যোগীকৰণৰ অনিষ্টকাৰী ফলাফলৰ বাবে জগৰীয়া , কিন্তু দক্ষিণৰ উন্নয়নশীল ৰাষ্ট্ৰবােৰ অৱক্ষয়ৰ বাবে কোনাে প্রকাৰে জগৰীয়া নহয় । উত্তৰ গােলাৰ্ধৰ ৰাষ্ট্ৰবােৰ উন্নত ধনী আনহাতে দক্ষিণ গােলাৰ্দ্ধৰ ৰাষ্ট্ৰবােৰ উন্নয়নশীল দুখীয়া । এই দুখনকে অসমান বিশ্ব বুলি ক’ব পাৰি ।
প্রশ্ন ৯। অর্থনীতি আৰু সামাজিক অগ্রাধিকাৰৰ মুখ্য নির্ণায়ক কি ?
উত্তৰঃ আধুনিক কল্যাণকামী ৰাষ্ট্ৰত বজাৰে ( Market ) ই হ’ল অর্থনীতি আৰু সামাজিক অগ্রাধিকাৰৰ মুখ্য নির্ণায়ক ।
প্রশ্ন ১০। বাণিজ্যিক উদাৰীকৰণ কি কি ?
উত্তৰঃ উদাৰীকৰণ মানে উদ্যোগৰ বাবে উদাৰ নীতি গ্রহণ কৰা । এই ব্যৱস্থাই দূটা কথাক ” বুজায় ।
প্রথমতে — যিবােৰ ঔদ্যোগিক কার্য আগেয়ে ৰাজহুৱা খণ্ডৰ দ্বাৰা কৰা হৈছিল সেইবােৰ বেচৰকাৰী বা ব্যক্তিগত খণ্ডৰ দ্বাৰা কৰা হয় ।
দ্বিতীয়তে , উদ্যোগ নীতিৰ সকলাে নীতি নিয়ম শিথিল কৰি আগেয়ে আৰোপ কৰা বাধানিষেধ ব্যক্তিগত খণ্ডৰ প্রতি শিথিল কৰা হয় । বাণিজ্যিক কৰ আদিও হ্রাস কৰা হয় ।
প্রশ্ন ১১। ৰাষ্ট্ৰীয় পৰ্যায়ত গােলকীকৰণৰ এটা ইতিবাচক পৰিণাম উল্লেখ কৰা ।
উত্তৰঃ এটা ইতিবাচক পৰিণাম হ’ল অসমতা , বিশেষকৈ আর্থিক অসমতাৰ ক্ষেত্ৰত দেখা যায় বিভিন্ন দেশৰ মাজত থকা অসমতা গােলকীকৰণৰ দ্বাৰা সমাধান কৰিব পৰা যায় ।
See Next Page…

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
All question answer are there
yes