Class 12 Political Science Chapter – 8 পাৰিপাৰ্শ্বিকতা আৰু প্রাকৃতিক সম্পদ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Political Science Chapter – 8 পাৰিপাৰ্শ্বিকতা আৰু প্রাকৃতিক সম্পদ and select needs one.
Class 12 Political Science Chapter – 8 পাৰিপাৰ্শ্বিকতা আৰু প্রাকৃতিক সম্পদ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Political Science Chapter – 8 পাৰিপাৰ্শ্বিকতা আৰু প্রাকৃতিক সম্পদ Solutions for All Subject, You can practice these here…
পাৰিপাৰ্শ্বিকতা আৰু প্রাকৃতিক সম্পদ
পাঠ: ৮
প্ৰথম খণ্ড
অতি চমু প্রশ্নোত্তৰ ( মূল্যাংক -১ )
প্রশ্ন ১। UNEP ৰ পূৰ্ণ ৰূপটো লিখা ।
উত্তৰঃ United Nations Environment Programme .
প্রশ্ন ২। ধৰিত্ৰী শীর্ষ সন্মিলন কি ?
উত্তৰঃ ধৰিত্ৰী শীর্ষ সন্মিলন হ’ল ১৯৯২ চনৰ জুনত ব্রাজিলৰ ৰিঅ ‘ ডি জেনেৰিঅ’ত ৰাষ্ট্ৰসংঘই অনুষ্ঠিত কৰা পৰিৱেশ আৰু উন্নয়ন সম্পর্কীয় সন্মিলন ।
প্রশ্ন ৩। খালী ঠাই পূৰ কৰা :
প্রথম বিশ্বক সাধাৰণতে ………..হিচাপে সূচোৱা হয় ।
উত্তৰঃ প্রথম বিশ্বক সাধাৰণতে উত্তৰ বিশ্বায়ন হিচাপে সূচোৱা হয় ।
প্রশ্ন ৪। কিয়ট’প্রটকলত ভাৰতে কেতিয়া স্বাক্ষৰ আৰু সমর্থন কৰিছিল ?
উত্তৰঃ ২০০২ চনত ।
প্রশ্ন ৫। হয় নে নহয় লিখা ।
‘ ৰিঅ ‘ সন্মিলনে এজেণ্ডা -২১ ‘ নামৰ উন্নয়নমূলক প্রকৰণৰ এক তালিকাত অনুমােদন জনহিছিল ।
উত্তৰঃ হয় ।
প্রশ্ন ৬। সেউজ গৃহৰ গেছ নির্গমণে কি সূচায় ?
উত্তৰঃ পৃথিৱীয়ে এৰি দিয়া গেছসমূহ বাহিৰলৈ যাব নােৱাৰি বায়ুমণ্ডলত থাকি যায় । এই গেছকে সেউজ গৃহ গেছ বােলে ।
প্রশ্ন ৭। UNFCCC ৰ সম্পূৰ্ণ ৰূপটো কি ?
উত্তৰঃ United Nations Framework Comention on Climate Change .
প্রশ্ন ৮। খিলঞ্জীয়া লােকৰ বিশ্ব পৰিষদ কোন চনত গঠিত হৈছিল ?
উত্তৰঃ ১৯৭৫ চনত ।
প্রশ্ন ৯। পৰিৱেশ সচেতনতা দিৱস কোন দিনা উদ্যাপন কৰা হয় ?
উত্তৰঃ ৫ জুন ।
প্রশ্ন ১০। এজেণ্ডা -২১ কি ?
উত্তৰঃ ১৯৯২ চনত অনুষ্ঠিত ৰিঅ ‘ শীর্য সন্মিলনৰ অধিৱেশনত বিশেষকৈ আলােচনা কৰা হৈছিল জলবায়ুৰ পৰিৱৰ্তন , জৈৱ বিভিন্নতা , বনাঞ্চল আৰু উন্নয়নৰ অনুশীলনৰ বাবে এখন তালিকা অনুমােদিত কৰা হৈছিল । এই তালিকাখনকে ‘ এজেণ্ডা – ২১’বুলি জনা যায় ।
প্রশ্ন ১১। পৰিৱেশ সম্পর্কীয় আইন প্রণয়নৰ প্রয়ােজনীয়তা কি ?
উত্তৰঃ পৰিৱেশ সংৰক্ষণৰ স্বাৰ্থত ।
প্রশ্ন ১২। কি কাৰণে ভাৰতবৰ্ষক আৱশ্যকীয়তাসমূহ পূৰণ কৰাৰ পৰা ৰেহাই দিয়া হৈছিল ?
উত্তৰঃ উন্নয়নশীল ৰাষ্ট্র হােৱা বাবে ভাৰতক ৰেহাই দিয়া হৈছিল ।
প্রশ্ন ১৩। গােলকীয় উষ্ণতা বৃদ্ধিৰ বাবে দায়ী বুলি ভবা দুবিধ গেছৰ নাম লিখা ।
উত্তৰঃ গােলকীয় উষ্ণতা বৃদ্ধি কৰা গেছ দুবিধ হৈছে–
( ১ ) কার্বন – ডাই – অক্সাইড । আৰু
( ২ ) হাইড্রোক্লৰাইড ।
প্রশ্ন ১৪। বিশ্বৰ সামূহিক সম্পদ দুটাৰ উদাহৰণ দিয়া ।
উত্তৰঃ বিশ্বৰ সামূহিক সম্পদ দুটা হ’ল–
( ১ ) নদী । আৰু
( ২ ) পৃথিৱীৰ জলবায়ু ।
অতি চমু প্রশ্নোত্তৰ ( মূল্যাংক -২ )
প্রশ্ন ১। কিয়ট’প্ৰট’কলৰ বাধ্যবাধকতাৰ পৰা ভাৰতক কিয় ৰেহাই দিয়া হৈছিল ?
উত্তৰঃ ভাৰত , চীনৰ দৰে অন্যান্য উন্নয়নশীল ৰাষ্ট্রসমূহক উদ্যোগীকৰণৰ সময়ছােৱাত নির্গত কৰা সেউজ গৃহ গেছৰ পৰিমাণ নগণ্য হােৱাৰ বাবে কিয়ট ’ চুক্তিৰ বাধ্যবাধকতা সমূহ পূৰণৰ পৰা ৰেহাই দিয়া হৈছিল ।
প্রশ্ন ২। উমৈহতীয়া সম্পদৰ দুটা উদাহৰণ দিয়া ।
উত্তৰঃ উমৈহতীয়া সম্পদৰ দুটা উদাহৰণ হ’ল— পৃথিৱীৰ বায়ুমণ্ডল , সাগৰপৃষ্ঠ আৰু মহাকাশ ।
প্রশ্ন ৩। উমৈহতীয়া সম্পদৰ ওপৰত সহযােগিতা সহজ নহয় বুলি ভাবানে ? কিয় ?
উত্তৰঃ কিয়নাে প্রত্যেক ৰাষ্ট্ৰই উমৈহতীয়া সম্পদসমুহ ৰক্ষণাবেক্ষণৰ বাবে সমভাৱে দায়ৱদ্ধতা অনুভৱ নকৰে ।
প্রশ্ন ৪। গােলকীয় উষ্ণতা বৃদ্ধিৰ বাবে দায়ী বুলি বিবেচিত গেছ দুটাৰ নাম লিখা ।
উত্তৰঃ কার্বন – ডাই অক্সাইড ( CO , ) আৰু মিথেন ।
প্রশ্ন ৫। খিলঞ্জীয়া লােক সম্পর্কে ৰাষ্ট্ৰসংঘৰ সূত্ৰটো লিখা ।
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ সংজ্ঞা অনুসৰি পৃথিৱীৰ বিভিন্ন অঞ্চলৰ বিভিন্ন সংস্কৃতি তথা নৃগােষ্ঠীয় মূলৰ লােকসকলৰ প্ৰব্ৰজন ঘটাৰ সময়ত কোনাে এক অঞ্চলত বসতি স্থাপন কৰি থকা জনগােষ্ঠীৰ উত্তৰপুৰুষসকলক সেই অঞ্চলৰ থলুৱা অধিবাসী বুলি জনা যায় ।
প্রশ্ন ৬। খ্রীন হাউছ গেছ কি ? ইয়াৰ ফলাফল কি ?
উত্তৰঃ কিছুমান গেছ যেনে— কার্বন – ডাই – অক্সাইড , মিথেন , হাইড্রোক্ল’ৰাইড , কার্বন , আদিক গ্রীন হাউচ গেছ বােলা হয় । এই গেছবােৰ আংশিকভাবে হলেও গােলকীয় উষ্ণতা বৃদ্ধিৰ বাবে দায়ী বুলি বিবেচনা না হয় । গােলকীয় উষ্ণতাই পৃথিৱীৰ তাপমাত্রা বৃদ্ধি কৰে , যিয়ে পৃথিৱীৰ জীৱ জগতত এক অনিষ্টকাৰী পৰিণামৰ সৃষ্টি কৰে ।
প্রশ্ন ৭। এজেন্দা ২১’ কি ?
উত্তৰঃ ১৯৯২ চনত অনুষ্ঠিত ৰিঅ ’ শীর্ষ সন্মিলনৰ অধিৱেশনত জলবায়ুৰ পৰিবর্তন , জৈৱ বিভিন্নতা , বনাঞ্চল আৰু উন্নয়নৰ অনুশীলনৰ বাবে এখন তালিকা অনুমােদিত কৰা হৈছিল । এই তালিকা খনকে এজেন্দা ২১’বুলি জনা যায় । কিন্তু সমালােচকসকলে আঙুলিয়াইছে যে এই এজেন্দাখন আর্থিক বৃদ্ধিৰ ক্ষেত্ৰত একপক্ষীয় পৰিৱেশ ভাৰসাম্যতাৰ বিৰােধী ।
প্রশ্ন ৮। গােলকীয় জনসাধাৰণৰ দুটা উদাহৰণ দিয়া ।
উত্তৰঃ ( ক ) উত্তৰ গােলার্ধ গােলকীয় জনসাধাৰণ । আৰু
( খ ) দক্ষিণ গােলার্ধৰ গােলকীয় জনসাধাৰণ ।
প্রশ্ন ৯। সাগৰীয় আৰু উপকূলীয় অৱনতি কি ?
উত্তৰঃ সাগৰীয় আৰু উপকূলীয় অৱনতি হ’ল — সাগৰ – মহাসাগৰৰ উপকূলীয় অঞ্চলত প্রদূষণ বৃদ্ধি পাইছে । উপকূলীয় অঞ্চলৰ জনবসতিয়ে এই অঞ্চলবােৰ প্ৰদূষিত কৰিছে আৰু অৱনতিও হৈছে । নিয়ন্ত্রণ নকৰিলে আৰু বেছি দূষিত হ’ব ।
প্রশ্ন ১০। কিয়টো প্রটকলৰ পৰা ভাৰত আৰু চীনদেশক কিয় আঁতৰত ৰখা হৈছিল ?
উত্তৰঃ ভাৰত আৰু চীন আদি উন্নয়নশীল ৰাষ্ট্রসমূহে জনমূৰি নির্গমন কৰা সেউজ গৃহ গেছৰ পৰিমাণ উন্নত দেশৰ জনমূৰি নির্গমনৰ তুলনাতকৈ যথেষ্ট কম সেইবাবে উক্ত দুয়ােখন ৰাষ্ট্রকে আঁতৰাই ৰখা হৈছিল ।
প্রশ্ন ১১। পাৰিপাৰ্শ্বিক অবনতিৰ সৈতে সম্পর্কিত দুটা বিষয় লিখা ।
উত্তৰঃ পাৰিপাৰ্শ্বিকতা অৱনতিৰ কাৰণত বিশেষকৈ –
( ক ) পানীৰ নাটনিয়ে পাৰিপাৰ্শ্বিকতা বা অৱনতি ঘটায় ।
( খ ) দ্বিতীয়তে অৰণ্য ভূমিৰ ক্রমান্বয়ে বিলুপ্তি সাধন হােৱা বাবেও পাৰিপাৰ্শ্বিকতাৰ অৱনতি হৈ আছে ।
See Next Page…

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.