Class 12 Logic And Philosophy Chapter – 4 মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি

Class 12 Logic And Philosophy Chapter – 4 মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Logic And Philosophy Chapter – 4 মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি and select needs one.

Class 12 Logic And Philosophy Chapter – 4 মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given Assam Board Class 12 Logic And Philosophy Chapter – 4 মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি Solutions for All Subject, You can practice these here.

মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি

পাঠ: ৪ 

চমু প্রশ্নোত্তৰ ( মূল্যাংক -১ ) 

প্রশ্ন ১। কিমানটা পৰীক্ষণমূলক পদ্ধতিক মিলে স্বীকৃতি দিছিল ? 

উত্তৰঃ মিলৰ মতে পৰীক্ষণমূলক পদ্ধতি পাঁচ প্রকাৰৰ । 

প্রশ্ন ২। মিলৰ আগমন পদ্ধতিৰ উদ্দেশ্য কি ? 

উত্তৰঃ মিলৰ আগমন পদ্ধতিৰ উদ্দেশ্য হল— কার্য – কাৰণ সম্বন্ধ নির্ণয় । 

প্রশ্ন ৩। অপসৰণ পদ্ধতি বুলিলে কি বুজা ? 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ অন্বেষণীয় ঘটনাৰ লগত যি যি ঘটনাৰ কোনাে সম্বন্ধ নাই বা আকস্মিক সম্বন্ধ অর্থাৎ অপ্রাসংগিক সেইবােৰক এটা এটাকৈ বর্জন কৰাই অপসৰণ পদ্ধতি । 

প্রশ্ন ৪। অন্বয়ী পদ্ধতি প্রয়ােগ কৰিবলৈ কিমানটা দৃষ্টান্তৰ প্রয়ােজন ? 

উত্তৰঃ অন্বয়ী পদ্ধতি প্রয়ােগ কৰিবলৈ দুটা বা ততােধিক দৃষ্টান্তৰ প্রয়ােজন । 

প্রশ্ন ৫। ব্যতিৰেকী পদ্ধতি প্রয়ােগ কৰিবলৈ কিমানটা দৃষ্টান্তৰ প্ৰয়ােজন ? 

উত্তৰঃ ব্যতিৰেকী পদ্ধতি প্রয়ােগ কৰিবলৈ দুটা দৃষ্টান্তৰ প্রয়ােজন । এটাত ঘটনাটো উপস্থিত থাকিব লাগিব আৰু আনটোত ঘটনাটো অনুপস্থিত থাকিব লাগিব ।

প্রশ্ন ৬। কাকতালীয় দোষৰ অর্থ কি ? 

উত্তৰঃ যিকোনাে পূর্বৱর্তী ঘটনাক কাৰণ বুলি ধৰিলে কাকতালীয় দোষৰ সৃষ্টি হয় । 

প্রশ্ন ৭। অন্বয়ী পদ্ধতিৰ সিদ্ধান্ত নিশ্চিত’— শুদ্ধনে ? 

উত্তৰঃ অন্বয়ী পদ্ধতিৰ সিদ্ধান্ত নিশ্চত নহয় । 

প্রশ্ন ৮। ব্যতিৰেকী পদ্ধতিৰ সিদ্ধান্ত নিশ্চিত । তুমি কথাটো মানি লােৱানে ? 

উত্তৰঃ ‘ব্যতিৰেকী পদ্ধতিৰ সিদ্ধান্ত নিশ্চিত’ মই কথাষাৰ মানাে । 

প্রশ্ন ৯। সহ পৰিৱৰ্তন পদ্ধতিটো বিশেষকৈ স্থায়ী কাৰণ নে অস্থায়ী কাৰণত প্রযােজ্য ? 

উত্তৰঃ সহ পৰিৱৰ্তন প্রণালীটো স্থায়ী কাৰণত প্রযােজ্য । 

প্রশ্ন ১০। অন্বয়ী ব্যতিৰেকী পদ্ধতিৰ বাবে …….. দৃষ্টান্তৰ প্রয়ােজন । 

উত্তৰঃ অন্বয়ী ব্যতিৰেকী পদ্ধতিৰ বাবে দুটা দৃষ্টান্তৰ প্রয়ােজন । 

প্রশ্ন ১১। ……….. পদ্ধতিত অসাৱধানৰ বাবে কাকতালীয় দোষৰ সৃষ্টি হয় । 

উত্তৰঃ অন্বয়ী পদ্ধতিত অসাৱধানতাৰ বাবে কাকতালীয়া দোষৰ সৃষ্টি হয় । 

প্রশ্ন ১২। অন্বয়ী পদ্ধতিটো …….. সম্ভাৱনাই নিষ্ফল কৰি তুলিব পাৰে ? 

উত্তৰঃ অন্বয়ী পদ্ধতিটো নানা কাৰণবাদৰ সম্ভাৱনাই নিষ্ফল কৰি তুলিব পাৰে ।

প্রশ্ন ১৩। নিৰীক্ষণ পদ্ধতি হিচাপে ব্যতিৰেকী পদ্ধতিৰ মাজে – সময়ে উদ্ভৱ হােৱা দোষটোৰ নাম কি ? 

উত্তৰঃ নিৰীক্ষণ পদ্ধতি হিচাপে ব্যতিৰেকী পদ্ধতিৰ মাজে – সময়ে উদ্ভৱ হােৱা দোষটোৰ নাম হ’ল- কাকতালীয় দোষ । 

প্রশ্ন ১৪। অন্বয়ী পদ্ধতিটো হ’ল–বিশেষভাৱে এক নিৰীক্ষণৰ পদ্ধতি শুদ্ধনে ? 

উত্তৰঃ অন্বয়ী পদ্ধতিটো হ’ল–বিশেষভাৱে এক নিৰীক্ষণৰ পদ্ধতি শুদ্ধ ।

প্রশ্ন ১৫। ব্যতিৰেকী পদ্ধতিটো বিশেষভাৱে এক …….. ৰ পদ্ধতি । 

উত্তৰঃ ব্যতিৰেকী পদ্ধতিটো বিশেষভাৱে এক পৰীক্ষণ ৰ পদ্ধতি । 

প্রশ্ন ১৬। অন্বয়ী পদ্ধতিটো সহঅৱস্থানৰ পৰা কাৰ্য কাৰণ সম্বন্ধক পৃথক কৰি দেখুৱাবলৈ সক্ষম / সক্ষম নহয় । 

উত্তৰঃ অন্বয়ী পদ্ধতিটো সহাৱস্থানৰ পৰা কার্যকাৰণ সম্বন্ধক পৃথক কৰি দেখুৱাবলৈ সক্ষম নহয় । 

প্রশ্ন ১৭। উষ্ণতা বঢ়াৰ লগে লগে থার্মমিটাৰৰ পাৰাৰ পৰিমাণ বাঢ়ি যায় । সেইবাবে পাৰাৰ বিস্তৃতিৰকাৰণ হ’ল উষ্ণতা — ওপৰৰ সিদ্ধান্তত উপনীত হ’ব পৰা পৰীক্ষণ পদ্ধতিটোৰ নাম লিখা । 

উত্তৰঃ উষ্ণতা বঢ়াৰ লগে লগে থার্মমিটাৰৰ পাৰাৰ পৰিমাণ বাঢ়ি যায় । সেইবাবে পাৰাৰ বিস্তৃতিৰকাৰণ হ’ল উষ্ণতা — ওপৰৰ সিদ্ধান্তত উপনীত হ’ব পৰা পৰীক্ষণ পদ্ধতিটোৰ নাম হ’ল- সহপৰিৱৰ্তন প্রণালী ।

চমু প্রশ্নোত্তৰ ( মূল্যাংক -২ ) 

প্রশ্ন ১। মিলৰ মতে বিভিন্ন প্ৰকাৰৰ আগমনাত্মক পদ্ধতিবােৰ কিকি ? এই পদ্ধতিবােৰৰ নাম লিখা ।

উত্তৰঃ মিলৰ মতে অগমনাত্মক পদ্ধতিবােৰ হ’ল— 

( ক ) অন্বয়ী পদ্ধতি ।

( খ ) ব্যতিৰেকী পদ্ধতি ।

( গ ) মিশ্র পদ্ধতি বা অন্বয়ী ব্যতেৰিকী পদ্ধতি । 

( ঘ ) সহপৰিৱৰ্তন পদ্ধতি । আৰু 

( ঙ ) পৰিশেষ পদ্ধতি । 

প্রশ্ন ২। অন্বয়ী পদ্ধতিৰ অপসৰণ সূত্ৰটো লিখা । 

উত্তৰঃ অন্বয়ী পদ্ধতিৰ অপসৰণ সূত্ৰটো হ’ল- কি নিয়ম অনুসৰি অপসৰণ কৰা হ’ব এই প্রশ্নৰ উত্তৰত তর্কশাস্ত্রবিদসকলে কেইটামান নিয়মৰ কথা উল্লেখ কৰে । এই নিয়মবােৰকেই অপসৰণৰ মূল সূত্ৰাৱলী বােলা হয় । 

প্রশ্ন ৩। অপসৰণৰ কি মৌলিক নীতিৰ ভিত্তিত ব্যতিৰেকী পদ্ধতিটো গঠন কৰা হৈছে ? 

উত্তৰঃ অপসৰণৰ মূল সূত্ৰটোৰ ভিত্তিত ব্যতিৰেকী পদ্ধতিটো গঠন কৰা হৈছে । কার্যৰ কোনাে ক্ষতি নকৰাকৈ অগ্রৱর্তী ঘটনাৰ যি অংশ বাদ দিব নােৱাৰি সেই অংশ কাৰ্যটোৰ কাৰণ বা কাৰণৰ অংশ হ’বই লাগিব । 

প্রশ্ন ৪। ব্যতিরেকী পদ্ধতিটো প্রয়ােগ কৰিবলৈ কিমানটা দৃষ্টান্তৰ প্রয়ােজন ?

উত্তৰঃ ব্যতিৰেকী পদ্ধতিটো প্রয়ােগ কৰিবলৈ এটা ঘটনাতো উপস্থিত থকা আৰু এটা ঘটনাতাে অনুপস্থিত থকা দুটা দৃষ্টান্তৰ প্রয়ােজন । 

প্রশ্ন ৫। সহ পৰিবর্তন পদ্ধতিৰ বিশেষ বৈশিষ্ট্যটো কি ? 

উত্তৰঃ সহ পৰিবর্তন পদ্ধতিৰ বিশেষ বৈশিষ্ট্যটো হ’ল যে সহ পৰিৱৰ্তন প্রণালী বা পদ্ধতি অন্বয়ী আৰু ব্যতিৰেকী প্রণালীৰ প্ৰকাৰভেদ মাত্র । গতিকেই আৱিষ্কাৰ আৰু প্রমাণ — উভয়ৰেই প্রণালী । 

প্রশ্ন ৬। অন্বয়ী পদ্ধতিৰ সিদ্ধান্ত কিয় নিশ্চিত নহয় ? 

উত্তৰঃ অন্বয়ী পদ্ধতিয়ে কার্য-কাৰণ সম্বন্ধত সহায় কৰিব পাৰে । কাৰণ ই নিৰীক্ষণ প্রণালী । কিন্তু নিশ্চিতভাৱে কার্যকাৰণ সম্বন্ধ প্রতিষ্ঠা কৰিব নােৱাৰে । গতিকে ইয়াৰ সিদ্ধান্ত নিশ্চিত নহয় । 

প্রশ্ন ৭। অপসৰণৰ কোনটো সূত্রৰ ওপৰত পৰিশেষ পদ্ধতিৰ ভিত্তি কৰা হয় ? 

উত্তৰঃ অপসৰণৰ নিন্মলিখিত সূত্ৰটোৰ ওপৰত পৰিশেষ পদ্ধতিৰ ভিত্তি কৰা হয় । “ যি ঘটনা কোনাে এটা কাৰ্যৰ কাৰণ , সি আন কোনাে বেলেগ কার্যৰ কাৰণ হ’ব নােৱাৰে । ” 

প্রশ্ন ৮। অন্বয়ী পদ্ধতিটো মূলতঃ এটা নিৰীক্ষণৰ পদ্ধতি কিয় ? 

উত্তৰঃ অন্বয়ী পদ্ধতিটো মূলতঃ এটা নিৰীক্ষণৰ পদ্ধতি । কাৰণ নিৰীক্ষণৰ জৰিয়তেই এই প্রণালীত দৃষ্টান্ত সংগ্রহ কৰা হয় । নিৰীক্ষণৰ সহায়তেই দৃষ্টান্তবােৰ বিশ্লেষণ কৰি মিল থকা বিষয়টো নিৰ্ধাৰণ কৰা হয় । অৱশ্যে পৰীক্ষণৰ দ্বাৰা সংগ্ৰহ কৰা দৃষ্টান্তবােৰৰ ক্ষেত্ৰত অন্বয়ী প্রণালী প্রয়ােগ কৰিব নােৱাৰি কথাটো তেনে নহয় । অন্বয়ী পদ্ধতি বা প্রণালী নিৰীক্ষণ পৰীক্ষণ উভয় প্রক্রিয়াতেই ব্যৱহাৰ কৰিব পাৰি । কাৰণ যিবােৰ ক্ষেত্ৰত পৰীক্ষণ সম্ভৱ তাত নিশ্চয় নিৰীক্ষণ সম্ভব । কিন্তু ইয়াৰ ওলােটা নহ’বও পাৰে । যিবােৰ ক্ষেত্ৰত পৰীক্ষণ একেবাৰেই অসম্ভৱ বা প্রাকৃতিক ঘটনা আৰু পৰিৱেশ আমাৰ নিয়ন্ত্ৰণত নাথাকে তাত কার্য – কাৰণ সম্বন্ধ নির্ণয় কৰিবলৈ অন্বয়ী প্রণালীৰ ওপৰতেই নিৰ্ভৰ কৰিব লাগে । গতিকে অন্বয়ী পদ্ধতিটো মূলতঃ এটা নিৰীক্ষণৰ পদ্ধতি । 

প্রশ্ন ৯। সহ পৰিৱৰ্তন পদ্ধতিৰ এটা উদাহৰণ দিয়া । 

উত্তৰঃ সহ পৰিৱৰ্তন পদ্ধতিৰ এটা উদাহৰণ হ’ল- “ শিক্ষাৰ প্ৰসাৰ বাঢ়িলে কুসংস্কাৰ কমে । শিক্ষাৰ প্ৰসাৰ কমিলে কুসংস্কাৰ বাঢ়ে । গতিকে শিক্ষাই কুসংস্কাৰ নাশ কৰে । ” 

প্রশ্ন ১০। অন্বয়ী ব্যতিৰেকী পদ্ধতিৰ সিদ্ধান্ত বেছি সম্ভাৱনামূলক কিয় ? 

উত্তৰঃ অন্বয়ী ব্যতিৰেকী পদ্ধতি নিৰীক্ষণৰ প্ৰণালী হিচাপে কার্য – কাৰণ সম্বন্ধ নিশ্চিতভাৱে প্রতিষ্ঠা কৰিব নােৱাৰে । এই প্রণালী নানা কাৰণবাদৰ পৰাও সম্পূর্ণভাৱে মুক্ত হ’ব নােৱাৰে । ইয়াতাে অপর্যৱেক্ষণ দোষ ঘটিব পাৰে । ই কার্যকাৰণ সম্বন্ধ আৰু সহ – উপজাত সম্বন্ধৰ মাজত পার্থক্য নির্ণয় কৰিব নােৱাৰে । গতিকে অন্বয়ী ব্যতিৰেকী পদ্ধতিৰ সিদ্ধান্ত বেছি সম্ভাৱনামূলক । 

প্রশ্ন ১১। অপসৰণৰ কোনটো নীতিৰ ওপৰত অন্বয়ী পদ্ধতি প্রতিষ্ঠিত । 

উত্তৰঃ অন্বয়ী পদ্ধতি অপসৰণৰ নিম্নলিখিত নীতিৰ ওপৰত প্রতিষ্ঠিত । “ কার্যৰ কোনাে ক্ষতি নকৰাকৈ অগ্রৱর্তী ঘটনাৰ যি অংশ বাদ দিব পাৰি সেই অংশটো কাৰ্যটোৰ কাৰণ বা কাৰণৰ অংশ হ’ব নােৱাৰে । অর্থাৎ কাৰণৰ অনুপস্থিতিত কোনাে কার্য ঘটিব নােৱাৰে । 

প্রশ্ন ১২। অপসৰণৰ পদ্ধতিৰ সংজ্ঞা দিয়া । 

উত্তৰঃ অপসাৰণ পদ্ধতিৰ সংজ্ঞাটো হ’ল—  ‘অন্বেষণীয় ঘটনাৰ লগত যি যি ঘটনাৰ কোনাে সম্বন্ধ নাই বা সম্বন্ধ আকস্মিক বা অপ্রাসংগিক সেইবােৰ এটা এটাকৈ বৰ্জন কৰাই অপসৰণ পদ্ধতি ।

প্রশ্ন ১৩। আগমনাত্মক পদ্ধতিক কিয় অপসৰণ পদ্ধতি বুলি কোৱা হয় ? 

উত্তৰঃ অপসৰণ পদ্ধতিত কাৰণৰ অনুপস্থিতিত কোনাে কার্য ঘটিব নােৱাৰে । অন্বয়ী বা আগমনাত্মক পদ্ধতিটো অনিয়ত বিষয় বর্জন কৰি মিল থকা বা নিয়তভাৱে উপস্থিত থকা । বিষয়টোক কাৰণ বুলি ধৰিব লাগে । সেয়েহে আগমনাত্মক অন্বয়ী পদ্ধতিক অপসৰণ পদ্ধতি বুলি কোৱা হয় । 

চমু প্রশ্নোত্তৰ ( মূল্যাংক -৩ / ৪ )

প্রশ্ন ১। অন্বয়ী পদ্ধতিৰ তিনিটা অসুবিধা লিখা । 

উত্তৰঃ অন্বয়ী পদ্ধতিৰ তিনিটা অসুবিধা হ’ল–

( ক ) অন্বয়ী পদ্ধতি বা প্রণালীৰ প্ৰয়ােগক্ষেত্র অতি ব্যাপক । 

( খ ) অন্বয়ী প্রণালীত কাৰণৰ পৰা কাৰ্য আৰু কাৰ্যৰ পৰা কাৰণ নির্ণয় কৰিব পাৰি । 

( গ ) অন্বয়ী পদ্ধতিয়ে কাৰণ সম্পর্কে প্রকল্প গঠন কৰাত আৰু কাৰণ আৱিষ্কাৰ কৰাত সহায় কৰে । 

প্রশ্ন ২। ব্যতিৰেকী পদ্ধতিৰ তিনিটা সুবিধা লিখা । 

উত্তৰঃ ব্যতিৰেকী পদ্ধতিৰ তিনিটা সুবিধা হল— 

( ক ) ব্যতিৰেকী প্রণালীত মাত্র দুটা দৃষ্টান্তৰ প্ৰয়ােজন আৰু এই দুটা দৃষ্টান্তৰ ওপৰত নিৰ্ভৰ কৰিয়েই কার্য – কাৰণ সম্বন্ধ নির্ণয় কৰা হয় । 

( খ ) পৰীক্ষাৰ দ্বাৰা দৃষ্টান্ত দুটা সংগ্রহ কৰি সঠিকভাৱে এই প্রণালী প্রয়ােগ কৰিব পাৰিলে সুনিশ্চিতভাৱে কার্যকাৰণ সম্বন্ধ নির্ণয় কৰিব পাৰি । সেয়েহে এই পদ্ধতিক আগমন পদ্ধতিবােৰৰ ভিতৰত উৎকৃষ্ট প্রমাণৰ পদ্ধতি বােলা হয় । 

( গ ) প্রয়ােগৰ সুবিধা থাকিলে আন আন প্রণালীয়ে কার্যকাৰণ সম্বন্ধৰ বিষয়ে কি সন্ধান । দিয়ে তাক ব্যতিৰেকী পদ্ধতিৰ দ্বাৰা নিশ্চিতভাৱে প্ৰমাণ কৰিব পাৰি । 

প্রশ্ন ৩। “ ব্যতিৰেকী পদ্ধতিয়ে প্ৰমাণ কৰিব পাৰে এটা কাৰণ , কিন্তু কাৰণবােৰ নহয় । ” — ব্যাখ্যা কৰা । 

উত্তৰঃ ব্যতিৰেকী প্রণালীয়ে কোনাে এটা ঘটনা বিশেষৰ কাৰণ নিশ্চতভাৱে প্ৰমাণ কৰিব পাৰে । কিন্তু এই কাৰণেই যে সকলাে ক্ষেত্রতে এই ঘটনাৰ কাৰণ । এনে সার্বিক সিদ্ধান্ত প্রতিষ্ঠা কৰিব নােৱাৰে । একে ঘটনা বিভিন্ন সময়ত কাৰণৰ দ্বাৰা ঘটিব পাৰে । গতিকে ব্যতিৰেকী পদ্ধতি নানাকাৰণ সম্ভাৱনাৰ পৰা মুক্ত নহয় । 

প্রশ্ন ৪। অন্বয়ী পদ্ধতিয়ে কাৰণ আৰু সহকাৰ্যৰ মাজত পার্থক্য নিৰূপণ কৰিব নােৱাৰে । ” — ব্যাখ্যা কৰা । 

উত্তৰঃ অন্বয়ী পদ্ধতি মতে দুটা ঘটনা একেলগে উপস্থিত থাকিলে বা দুটা ঘটনা অগা পিছাকৈ ঘটিলেই ঘটনা দুটাৰ মাজৰ কার্য – কাৰণ সম্বন্ধ থকা বুলি ধৰি লােৱা হয় । কিন্তু একেলগে দুটা ঘটনা নিয়তভাৱে ঘটিলে বা অগা – পিছাকৈ ঘটিলেই এটা আনটোৰ কাৰণ বা কার্য হ’ব নােৱাৰে বা নহ’বও পাৰে । হয়তাে ইয়াৰ প্রকৃত কাৰণ বেলেগ ; দুয়ােটাই সহ অৱস্থানহে কৰিছে  মাত্র । গতিকে অন্বয়ী পদ্ধতিয়ে কার্য – কাৰণ সম্বন্ধক সহ – অবস্থান সম্বন্ধ আৰু সহ কার্য সম্বন্ধৰ পৰা পৃথক কৰিব নােৱাৰে । কার্য – কাৰণ সম্বন্ধৰ ইংগিতহে দিব পাৰে । 

প্রশ্ন ৫। অন্বয়ী ব্যতিৰেকী পদ্ধতি নিশ্চিতভাৱে অন্বয়ী পদ্ধতিৰ উন্নতি । ” — ব্যাখ্যা কৰা । 

উত্তৰঃ অন্বয়ী ব্যতিৰেকী পদ্ধতি প্ৰকৃততে অন্বয়ী পদ্ধতিৰ প্ৰকাৰভেদ মাত্র । ইয়াত উন্নত প্ৰকাৰৰ অন্বয়ী পদ্ধতি প্রয়ােগ কৰা হয় । সদর্থক দৃষ্টান্তৰ শাৰীত উপস্থিতিৰ অন্বয় বা মিল আৰু নঞর্থক দৃষ্টান্তৰ শাৰীত অনুপস্থিতৰ অন্বয় ‘ বা মিলৰ ওপৰত নিৰ্ভৰ কৰি ইয়াত কার্য-কাৰণ সম্বন্ধ নির্ণয়ৰ প্ৰচেষ্টা কৰা হয় । গতিকে মিলৰ মতেও এই পদ্ধতি অন্বয়ী পদ্ধতিৰেই পৰিবর্ধিত ৰূপ । অন্বয়ী পদ্ধতিৰ কাৰ্য – কাৰণ সম্পর্কীয় ধাৰণা এই প্রণালীয়ে দৃঢ়ভাৱে সমর্থন কৰে । 

প্রশ্ন ৬। সহ পৰিৱৰ্তন পদ্ধতিৰ তিনিটা সুবিধা উল্লেখ কৰা । 

উত্তৰঃ সহপৰিবর্তন পদ্ধতিৰ তিনিটা সুবিধা হল— 

( ক ) সহ পৰিৱৰ্তন পদ্ধতিৰ ডাঙৰ সুবিধাটো হ’ল যে উত্তাপ , মাধ্যাকর্ষণ শক্তি , বায়ুমণ্ডলৰ চাপ , আদি কিছুমান স্থায়ী উপাদানৰ ক্ষেত্ৰত এই প্রণালী প্রয়ােগ কৰিয়েই কার্য – কাৰণ সম্বন্ধ নির্ণয় কৰা হয় । 

( খ ) এই প্রণালীৰ দ্বাৰা অকল কার্য – কাৰণ সম্বন্ধই নহয় কার্য – কাৰণৰ পৰিমাণগত হ্রাস বৃদ্ধিৰ সঠিক অনুপাত নির্ণয় কৰে । যেনে — উত্তাপ কিমান বৃদ্ধি হলে বস্তুৰ আয়তন কিমান  বৃদ্ধি হ’ব তাকো সহপৰিৱৰ্তন প্রণালীয়ে নিৰ্দ্ধাৰণ কৰে ৷ 

প্রশ্ন ৭৷ পৰিশেষ পদ্ধতিৰ সুবিধাৰােৰ উল্লেখ কৰা । 

উত্তৰঃ পৰিশেষ পদ্ধতিৰ সুবিধাবােৰ হ’ল— 

( ক ) বৈজ্ঞানিক আৱিষ্কাৰৰ ক্ষেত্ৰত এই প্রণালীৰ অৱদান লেখত ল’বলগীয়া । এই প্রণালীৰ সার্থক প্রয়ােগত জ্যোতির্বিজ্ঞান , ৰসায়ন বিজ্ঞানৰ ক্ষেত্ৰত নতুন নতুন তথ্যৰ আৱিষ্কাৰ হৈছে । 

( খ ) জটিল ঘটনা আৱিষ্কাৰৰ ক্ষেত্ৰত এই প্রণালীয়ে সহায় কৰে । 

( গ ) এই পদ্ধতিৰ সহায়ত কাৰ্যৰ পৰা কাৰণ আৰু কাৰণৰ পৰা কাৰ্য অন্বেষণ কৰিব পাৰি ।

( ঘ ) একমাত্র পৰিশেষ প্রণালীয়ে মিশ্ৰকাৰ্যৰ কাৰণ অনুসন্ধান কৰিব পাৰে । 

( ঙ ) প্রত্যেক আগমন প্রণালীয়েই পৰিশেষ পদ্ধতিৰ সহায় লয় । 

প্রশ্ন ৮। ব্যতিৰেকী পদ্ধতিয়ে কাৰণ আৰু উপকাৰণৰ মাজৰ পার্থক্য নিৰূপণ কৰিব নােৱাৰে । উদাহৰণসহ ব্যাখ্যা কৰা । 

উত্তৰঃ ব্যতিৰেকী পদ্ধতিয়ে কাৰণ আৰু উপকাৰণৰ মাজৰ কার্য – নিৰূপণ কৰিব নােৱাৰি । উদাহৰণস্বৰূপে বায়ুপূর্ণ কাচৰ পাত্ৰত বিদ্যুৎচালিত ঘণ্টা বজালে শব্দ শুনা যায় । গতিকে এই প্রণালী অনুসৰি সিদ্ধান্ত কৰা হ’ল যে বায়ুৱেই শব্দ শুনাৰ কাৰণ । কিন্তু প্রকৃততে বতাহ এটা উপকাৰণহে , কাৰণ হ’ব নােৱাৰে । অন্যান্য উপকাৰণ নাথাকিলে কেৱল বতাহে শব্দ উৎপাদন কৰিব নােৱাৰে । 

প্রশ্ন ৯। অন্বয়ী পদ্ধতিৰ অসুবিধাবােৰ কিদৰে কিছুপৰিমাণে আঁতৰাব পাৰি ? 

উত্তৰঃ ( ক ) অন্বয়ী পদ্ধতিৰ নানা কাৰণবাদৰ দোষটো কিছু পৰিমাণে দৃষ্টান্তৰ সংখ্যা বৃদ্ধি কৰি দূৰ কৰিব পাৰি । 

কিন্তু কার্য-কাৰণ সম্বন্ধ নিশ্চিত ৰূপত প্রতিষ্ঠা কৰিব নােৱাৰি । নানা কাৰণবাদৰ দোষটো । সম্পূৰ্ণৰূপে দূৰীভূত নহয় । 

( খ ) মিশ্র অন্বয়ী ব্যতিৰেকী পদ্ধতি প্রয়ােগ কৰিও নানা কাৰণৰ সম্ভাৱনা বহু পৰিমাণে নােহােৱা কৰিব পাৰি । কিন্তু অন্বয়ী প্রণালীৰ দৰে অন্বয়ী ব্যতিৰেকী পদ্ধতিও নিৰীক্ষণৰ ওপৰত নিৰ্ভৰশীল ।

( গ ) প্রয়ােজনীয় দৃষ্টান্তৰ সংখ্যা বৃদ্ধি কৰাও সমস্যা । 

এই অসুবিধা দূৰ কৰা আমাৰ পক্ষে নিয়ন্ত্ৰণৰ বাহিৰত । কিন্তু অপর্যবেক্ষণ বা অনিৰীক্ষণৰ দোষটো দৃষ্টান্ত নির্বাচনৰ জৰিয়তে কিছু পৰিমাণে কমাব পাৰি । 

তথাপি নিৰীক্ষণৰ প্রণালী হােৱা বাবে অন্বয়ী প্রণালীক দোষবােৰৰ পৰা সম্পূর্ণ মুক্ত কৰিব নােৱাৰি । 

প্রশ্ন ১০। কাকতালীয় দোষ সম্পর্কে চমুটোকা লিখা । 

উত্তৰঃ কাৰণ কাৰ্যৰ নিয়ত পূর্বৱর্তী ঘটনা । যিকোনাে পূর্বৱর্তী ঘটনাই কাৰণ হ’ব নােৱাৰে । পূর্বৱর্তী ঘটনা দুই প্রকাৰৰ— 

( ক ) নিয়ত আৰু 

( খ ) অনিয়ত । 

যি ঘটনা কাৰ্যৰ পূর্বে কেতিয়াবা উপস্থিত থাকে তাক অনিয়ত পূর্ববর্তী ঘটনা বােলে ।

আনহাতে যি ঘটনা ব্যতিক্রমহীনভাৱে সদায় উপস্থিত থাকে তাক নিয়ত পূর্বৱর্তী ঘটনা বােলে । কোনাে এটা কার্যৰ আগত অসংখ্য ঘটনা ঘটে । যি ঘটনা নিয়তভাৱে কাৰ্যৰ আগত ঘটে সেই নিয়ত পূর্বৱর্তী ঘটনাকে কাৰণ বােলে । অভিজ্ঞতাবাদী দার্শনিক ডেভিদ হিউমৰ মতে কাৰণ কাৰ্যৰ নিয়ত পূর্বৱর্তী ঘটনা । যিকোনাে পূর্বৱর্তী ঘটনাক কাৰণ বুলি ক’লে এটা দোষৰ উদ্ভৱ হয় । ইয়াকেই কাকতালীয় দোষ বােলে । 

Sl. No.Contents
Chapter 1আগমন
Chapter 2আগমনৰ ভিত্তি
Chapter 3প্ৰকল্প
Chapter 4মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি
Chapter 5বাস্তৱবাদ: সৰল আৰু বৈজ্ঞানিক
Chapter 6ভাববাদ: আত্মগত আৰু বস্তুগত
Chapter 7নীতিশাস্ত্র
Chapter 8ধর্ম

প্রশ্ন ১১। পৰীক্ষণমূলক পদ্ধতিয়ে কি বুজায় ? মিলে কিমানটা পৰীক্ষণ পদ্ধতিৰ স্বীকৃতি দিছে । এই পদ্ধতিবােৰৰ নাম লিখা । 

উত্তৰঃ কার্যকাৰণ সম্বন্ধ নির্ণয়ৰ বাবে বা কোনাে ঘটনাৰ প্রকৃত কাৰণ নির্ণয়ৰ উদ্দেশ্যে তর্কশাস্ত্ৰসকলে কেইটামান উপায় বা প্রণালী বা পদ্ধতিৰ আৱিষ্কাৰ কৰিছে । এই পদ্ধতি বা প্রণালীবােৰকেই পৰীক্ষণ পদ্ধতি বা আগমন পদ্ধতি বােলা হয় । 

মিলে পাঁচটা পৰীক্ষণ পদ্ধতিৰ স্বীকৃতি দিছে । এই পদ্ধতিবােৰৰ নাম হৈছে – 

( ক ) অন্বয়ী পদ্ধতি ।

( খ ) ব্যতিৰেকী পদ্ধতি ।

( গ ) মিশ্র পদ্ধতি বা অন্বয়ী ব্যতিৰেকী পদ্ধতি । 

( ঘ ) সহ – পৰিৱৰ্তন পদ্ধতি । আৰু

( ঙ ) পৰিশেষ পদ্ধতি । 

প্রশ্ন ১২। “ অন্বয়ী পদ্ধতি হ’ল এটা নিৰীক্ষণৰ পদ্ধতি । ” — ব্যাখ্যা কৰা । 

উত্তৰঃ অন্বয়ী পদ্ধতিত নিৰীক্ষণৰ জৰিয়তেই দৃষ্টান্ত সংগ্রহ কৰা হয় । নিৰীক্ষণৰ জৰিয়তেই এই দৃষ্টান্তবােৰক বিশ্লেষণ কৰি পৰস্পৰৰ লগত তুলনা কৰি অন্বয় অর্থাৎ মিল থকা বিষয়টো নির্ধাৰণ কৰা হয় । অৱশ্যে পৰীক্ষণৰ দ্বাৰাও দৃষ্টান্ত সংগ্রহ কৰিব পাৰি । কাৰণ যি ক্ষেত্ৰত পৰীক্ষণ সম্ভৱ তাত নিৰীক্ষণ সম্ভৱ । কিন্তু ইয়াৰ ওলােটাটো হ’ব নােৱাৰে । কিছুমান প্রাকৃতিক ঘটনাৰ ক্ষেত্ৰত ঘটনা আৰু পৰিৱেশ আমাৰ নিয়ন্ত্ৰণত নাথাকে । তেতিয়া পৰীক্ষণ পদ্ধতি প্রয়ােগ কৰিব নােৱাৰি । এনে ক্ষেত্ৰত নিৰীক্ষণৰ দ্বাৰা দৃষ্টান্ত সংগ্রহ কৰি অন্বয়ী প্রণালী প্রয়ােগ কৰাৰ বাহিৰে আন উপায় নাই । 

প্রশ্ন ১৩। ব্যতিৰেকী পদ্ধতিক কিয় পৰীক্ষণ পদ্ধতি বুলি কোৱা হয় ? 

উত্তৰঃ ব্যতিৰেকী পদ্ধতি প্রয়ােগ কৰিবলৈ মাত্র দুটা দৃষ্টান্ত লাগে । দৃষ্টান্ত দুটাৰ এটাত ঘটনাটো উপস্থিত থাকিব লাগে আনটো দৃষ্টান্তত ঘটনাটো অনুপস্থিত থাকিব লাগে । অর্থাৎ দুটাৰ এটা সদর্থক আৰু আনটো নঞর্থক হ’ব লাগে । 

দৃষ্টান্ত দুটাৰ মাজত কেৱল এটা বিষয়ৰ বাহিৰে আন সকলাে বিষয়ত হুবহু মিল থাকিব লাগিব । অমিল থকা বিষয়টো সদর্থক দৃষ্টান্তৰ উপস্থিত থাকিব লাগিব আৰু নঞর্থক দৃষ্টান্তত সম্পূর্ণভাৱে অনুপস্থিত থাকিব লাগিব । 

এনে বৈশিষ্ট্যপূর্ণ দৃষ্টান্ত যদিও সংখ্যাত দুটা মাত্র , নিৰীক্ষণৰ দ্বাৰা তাক সংগ্রহ কৰিব নােৱাৰি । এনে বৈশিষ্ট্যপূর্ণ দৃষ্টান্ত গৱেষণাগাৰত পৰীক্ষণৰ দ্বাৰাহে সম্ভৱ । 

ব্যতিৰেকী প্রণালী বা পদ্ধতি প্রয়ােগৰ বাবে প্রয়ােজনীয় দৃষ্টান্ত দুটাৰ মাজত একমাত্র অমিল থকা বিষয়টো সম্পূর্ণকৈ অপসৰণ কৰা হয় আৰু বিষয়টো অপসৰণৰ লগে লগে কার্য কাৰণ সম্বন্ধেৰে সম্বন্ধিত বিষয়টোও অপসাৰিত হৈ যায় । এই সম্পূর্ণ অপসৰণ ক্রিয়া গৱেষণাগাৰত সকলাে পাৰিপাৰ্শ্বিক অৱস্থা নিয়ন্ত্ৰণত ৰাখি কৃত্রিমভাৱেহে সন্তোষজনক কৰিব পৰা আৰু তাৰ ফলাফল অধ্যয়ন বা পৰীক্ষণ কৰিব পাৰি । সেয়েহে ব্যতিৰেকী পদ্ধতিক ‘ পৰীক্ষণ পদ্ধতি ’ বােলা হয় । 

প্রশ্ন ১৪। পার্থক্য পদ্ধতিৰ বিধানটো লিখা । এই পদ্ধতিত প্রয়ােগ কৰিব লগীয়া বস্তুবােৰ কি কি ? 

উত্তৰঃ অন্বেষণীয় ঘটনাটো উপস্থিত থকা এটা দৃষ্টান্ত আৰু ঘটনাটো অনুপস্থিত থকা আন এটা দৃষ্টান্তৰ মাজত যদি মাত্ৰ এটা বিষয়ৰ বাহিৰে আন সকলাে বিষয়তে সম্পূর্ণভাৱে মিল থকা দেখা যায় , যদি মিল নথকা বিষয়টো প্রথম দৃষ্টান্ততেই থাকে তেতিয়া দৃষ্টান্ত দুটাৰ মাজত মিল নথকা সেই একমাত্র বিষয়টোৱেই অন্বেষণীয় ঘটনাৰ কার্য বা কাৰণ বা কাৰণৰ অপৰিহার্য অংশ হ’ব । 

এই পদ্ধতিক প্রয়ােগ কৰিবলৈ হ’লে প্রথমে দুটা দৃষ্টান্ত সংগ্ৰহ কৰিব লাগিব । এটা সদর্থক আৰু আনটো নঞর্থক দৃষ্টান্ত হ’ব লাগিব । মাত্র এটা বিষয়ৰ বাহিৰে দুটাৰ মাজত সকলাে বিষয়তে মিল থাকিব লাগিব । সদর্থক দৃষ্টান্তত অমিল থকা বিষয়ৰ উপস্থিতি আৰু নঞর্থক দৃষ্টান্তত অনুপস্থিতি লক্ষ্য কৰিব লাগিব । অৱশেষত মিল নথকা বিষয়টোৱেই ঘটনাৰ কাৰণ বা কার্য বুলি পৰিগণিত হ’ব । এই পদ্ধতিত এটা ক্ষেত্ৰত পার্থক্য আছে । 

ৰচনাধর্মী প্রশ্নোত্তৰ ( মূল্যাংক ৬ ) 

প্রশ্ন ১। অন্বয়ী পদ্ধতিৰ উদাহৰণসহ ব্যাখ্যা কৰা । 

উত্তৰঃ মিলৰ মতে অন্বয়ী প্রণালী বা পদ্ধতি হ’ল অন্বেষণীয় ঘটনাটো উপস্থিত থকা দুই বা ততােধিক দৃষ্টান্তৰ মাজত যদি এটা মাত্র সামান্য সংস্থিতি থাকে , আৰু যদি আটাইকেইটা দৃষ্টান্তৰ এই সামান্য সংস্থিতিটোৱেই মাত্র মিল থাকে , তেনেহ’লে ইয়েই অন্বেষণীয় ঘটনাৰ কাৰণ বা কার্য হ’ব । 

ইয়াত দুটাতকৈ কম দৃষ্টান্ত হলে এই পদ্ধতি প্রয়ােগ কৰিব নােৱাৰি । তাৰােপৰি দৃষ্টান্তবিলাকক নিৰীক্ষণৰ দ্বাৰা বিভিন্ন সংস্থিতি বা বিষয়ক বিশ্লেষণ কৰি পৰস্পৰৰ লগত তুলনা কৰিব লাগিব । 

যি যি সংস্থিতি বা বিষয়ত এই দৃষ্টান্তবােৰৰ মিল নাই বা যিবােৰ সংস্থিতি অনিয়তভাৱে আছে সেইবােৰক বর্জন কৰিব লাগিব । সেইবােৰৰ কোনােটোইে কাৰণ নহয় । 

অৱশেষত যি সংস্থিতি নিয়তভাৱে আটাইকেইটা দৃষ্টান্তত উপস্থিত আছে বা যিটো বিষয়ত আটাইকেইটা বিষয়ৰ দৃষ্টান্তৰ মিল আছে সেই মিল থকা সংস্থিতিটোৱেই অন্বেষণীয় ঘটনাৰ কাৰণ বা কার্য বুলি নির্ণিত হ’ব । 

সাংকেতিক – উদাহৰণঃ

পূর্বৱর্তী ঘটনাঅন্বেষণীয় ঘটনা 
১.   ABCabc
২.   ACDacd
৩.   ADEade 

এতেকে ‘A’  ‘a’ ৰকাৰণ । ইয়াত ‘a’ ৰ কাৰণ অনুসন্ধানৰ বাবে তিনিটা উদাহৰণ লােৱা হৈছে । ইয়াত দেখা গৈছে যে ‘ ‘BCDE অনিয়তভাৱে আছে । তথাপি ‘a’ কাৰ্যটো ঘটিছে । ‘A’ ৰ ক্ষেত্ৰতহে অকল আটাইকেইটা দৃষ্টান্তৰ মিল আছে । গতিকে সিদ্ধান্ত কৰা হ’ল যে  ‘A’ হৈছে ‘a’ ৰ কাৰণ । 

বাস্তব উদাহৰণ :-  ধৰি লােৱা হ’ল মেলেৰিয়া জ্বৰ অন্বেষণীয় ঘটনা । ইয়াৰ কাৰণ নির্ণয় কৰিবলৈ কেইজনমান মেলেৰিয়া ৰােগীৰ দৃষ্টান্ত লৈ অনুসন্ধান কৰা হ’ল । ভালদৰে ৰােগী কেইজনক নিৰীক্ষণ কৰি প্রশ্ন সুধি জনা গ’ল যে বাসস্থান , খাদ্য , শাৰীৰিক অৱস্থা , বয়স আদিৰ ক্ষেত্ৰত তেওঁলােকৰ কোনাে মিল নাই । তেওঁলােকক প্রত্যেককে এন’ফিলিছ ’ মহে কামুৰিছে । এই ‘ এন’ফিলিছ মহে কামােৰাটোৱেই আটাইকেইজন ৰোগীৰ মাজত মিল থকা সংস্থিতি । গতিকে সিদ্ধান্ত কৰা হ’ল যে— ‘ এন’ফিলিছ ’ মহে কামােৰাই মেলেৰিয়াৰ কাৰণ । 

প্রশ্ন ২। ব্যতিৰেকী পদ্ধতিৰ ব্যাখ্যা কৰা আৰু উদাহৰণ দিয়া । 

উত্তৰঃ অন্বেষণীয় ঘটনাটো উপস্থিত থকা এটা দৃষ্টান্ত আৰু ঘটনাটো উপস্থিত নথকা আন এটা দৃষ্টান্তৰ কেৱল এটা সংস্থিতি বা বিষয়ৰ বাহিৰে আন সকলাে বিষয়ত মিল থাকে আৰু মিল নথকা বিষয়টো যদি প্রথম দৃষ্টান্ততেই থাকে তেনেহ’লে দৃষ্টান্ত দুটাৰ মাজত মিল নথকা বা পার্থক্য থকা সেই একমাত্র বিষয়টোৱেই অন্বেষণীয় ঘটনাৰ কার্য বা কাৰণ হ’ব । 

উদাহৰণ স্বৰূপে , বায়ুপূর্ণ কাচৰ পাত্ৰৰ ভিতৰত বৈদ্যুতিক ঘণ্টা এটা বজালে শব্দ শুনা যায় । কিন্তু বায়ুশূন্য কৰি পাত্ৰটোত ঘণ্টা বজালে শব্দ শুনা নাযায় । গতিকে বায়ুৰ উপস্থিতিয়েই শব্দ শুনাৰ কাৰণ 

বায়ুপূর্ণ কাঁচৰ পাত্র + ঘণ্টা বজোৱা হ’ল– শব্দ শুনা গ’ল । 

বায়ুশূন্য কাঁচৰ পাত্র + ঘণ্টা বজোৱা হল– শব্দ শুনা নগ’ল ।

এতেকে বায়ুৰ উপস্থিতিয়েই শব্দ শুনাৰ কাৰণ । 

ইয়াত ব্যতিৰেক বা পার্থক্যৰ ওপৰত নিৰ্ভৰ কৰি কার্য – কাৰণ সম্বন্ধ নির্ণয় কৰাৰ চেষ্টা কৰা হয় বাবে ইয়াক ব্যতিৰেকী পদ্ধতি বােলা হয় । 

প্রশ্ন ৩। ব্যতিৰেকী পদ্ধতিৰ তিনিটা সুবিধা আৰু দুটা অসুবিধা লিখা । 

উত্তৰঃ ব্যতিৰেকী পদ্ধতিৰ তিনিটা সুবিধা হল– 

( ক ) ব্যতিৰেকী প্রণালী মূলতঃ পৰীক্ষণ প্রণালী , গতিকে পৰীক্ষণ প্রণালীৰ সুবিধাবােৰ , যেনে – সঠিক বিশ্লেষণ , অপ্রাসংগিক ঘটনাৰ সম্পূর্ণ অপসৰণ আদি এই পদ্ধতিতাে আছে । 

( খ ) এই পদ্ধতিত মাত্র দুটা দৃষ্টান্তৰ প্রয়ােজন । গতিকে ই অতি সৰল প্রণালী । 

( গ ) প্রয়ােগৰ সুবিধা আন আন প্রণালীয়ে কার্য – কাৰণ সম্বন্ধৰ বিষয়ে যি যি সন্ধান দিয়ে তাক ব্যতিৰেকী প্রণালীৰদ্বাৰা নিশ্চিতভাৱে প্ৰমাণ কৰিব পাৰি । 

ব্যতিৰেকী প্রণালীৰ দুটা অসুবিধা হল –

( ক ) পৰীক্ষণৰ প্ৰয়ােগক্ষেত্র অতি সংকীর্ণ । ব্যতিৰেকী প্রণালীবা পদ্ধতি পৰীক্ষণৰ ওপৰত নিৰ্ভৰশীল । গতিকে ইয়াৰ প্ৰয়ােগক্ষেত্র অতি সংকীর্ণ ।

( খ ) পৰীক্ষণৰ দ্বাৰা কাৰণৰ পৰা কার্য নির্ণয় কৰিব পাৰি । কিন্তু কার্যৰ পৰা কাৰণ নির্ণয় কৰিব নােৱাৰি । ব্যতিৰেকী পদ্ধতি পৰীক্ষণ ভিত্তিক হলেও ইয়াৰ দ্বাৰা কাৰ্যৰ পৰা কাৰণ নির্ণয় কৰিব নােৱাৰি । 

প্রশ্ন ৪। পৰিশেষ পদ্ধতিৰ উদাহৰণসহ ব্যাখ্যা কৰা । এই পদ্ধতিটো ব্যতিৰেকী পদ্ধতিৰ বিশেষ শুধৰণি নে ? 

উত্তৰঃ পৰিশেষ পদ্ধতিৰ সুত্র দি মিলে কৈছে যে— “ কোনাে ঘটনাৰ যি অংশক পূর্বজ্ঞাত আগমনৰ পৰা কোনাে বিশেষ পূর্বৱর্তী অংশৰ কার্য বুলি জনা গৈছে –সেই অংশবােৰক সমগ্র ঘটনাটোৰ পৰা বাদ দিলে যি অংশ অৱশিষ্ট থাকে , সেই অংশ পূর্বৱর্তী অৱশিষ্ট অংশৰ  কাৰ্য্য হ’ব ।

উদাহৰণস্বৰূপে – তেলেৰে সৈতে টিনৰ ওজন ২০ কিলােগ্রাম । আগৰে পৰা জনা আছে যে টিনৰ ওজন ২ কিলােগ্রাম । গতিকে তেলৰ ওজন ১৮ কিলােগ্রাম । 

পৰিশেষ পদ্ধতি আৰু ব্যতিৰেকী পদ্ধতিৰ মাজত কিছুমান মৌলিক বিষয় সাদৃশ্য আছে । যেনে –

( ক ) দুয়ােটা পদ্ধতিত মাত্র দুটা দৃষ্টান্তৰ প্রয়ােজন । এই দৃষ্টান্ত দুটাৰ এটা সদর্থক আৰু আনটো নঞর্থক । 

( খ ) দুয়ােটা পদ্ধতিতে দৃষ্টান্ত দুটাৰ মাজত মাত্র এটা বিষয়ত ব্যতিৰেক অর্থাৎ পার্থক্য থকাৰ বাহিৰে আন বিষয়ত হুবহু মিল থাকে । 

( গ ) দৃষ্টান্ত দুটাৰ মাজত থকা এই পার্থক্য বা ব্যতিৰেক থকাৰ ভিত্তিতেই দুয়ােটা প্রণালীয়ে কার্যকাৰণ সম্বন্ধ প্রতিষ্ঠা কৰে । গতিকে দুয়ােটা প্রণালী বা পদ্ধতি একে নীতিৰ ওপৰত প্রতিষ্ঠিত । 

এনে গুৰুত্বপূর্ণ বিষয়ত সাদৃশ্য থকাৰ বাবে পৰিশেষ পদ্ধতিক ব্যতিৰেকী পদ্ধতিৰ বিশেষ শুধৰণি বােলা হয় । কিন্তু সতর্কতাৰে লক্ষ্য কৰিলে কেতবােৰ গুৰুত্বপূর্ণ বিষয়ত পদ্ধতি দুটাৰ মাজত পার্থক্য দেখা যায় । 

( ক ) ব্যতিৰেকী প্রণালীত নঞর্থক দৃষ্টান্তটো পৰীক্ষাৰ দ্বাৰা আৰু পৰিশেষ প্রণালীত পূর্ব অভিজ্ঞতাৰ ভিত্তিত আগমন অনুমানৰ পৰা নিগমন প্রক্রিয়াৰে পােৱা যায় । 

( খ ) ব্যতিৰেকী প্রণালীত যিটো ঘটনা উপস্থিত থাকিলে কাৰ্যটো ঘটে আৰু নাথাকিলে , নঘটে একমাত্র সেই ঘটনাটোৰ লগতেই কাৰ্যটোৰ কার্য – কাৰণ সম্বন্ধ স্থাপন কৰা হয় । আনুসংগিক পৰিবৰ্তিত ঘটনাবােৰৰ কার্য কাৰণ সম্বন্ধ বিচাৰ কৰা নহয় । 

কিন্তু পৰিশেষ প্রণালীত আনুসংগিক ঘটনাবােৰৰ কার্য – কাৰণ সম্বন্ধৰ জ্ঞানৰ সহায়তেই আলােচ্য বিষয়ৰ কার্যকাৰণ সম্বন্ধৰ অনুসন্ধান কৰা হয় । 

( গ ) ব্যতিৰেকী প্রণালী প্রয়ােগ কৰিবলৈ হ’লে আনুসংগিক ঘটনাবােৰৰ কার্য – কাৰণ সম্বন্ধৰ জ্ঞান আগতেই থাকিব লাগিব । 

( ঘ ) ব্যতিৰেকী প্রণালী পৰীক্ষণ প্রণালী । কিন্তু পৰিশেষ প্রণালী নিৰীক্ষণ আৰু পৰীক্ষণ প্রণালীৰ উভয়েই । ইয়াত দুয়ােটা প্রক্রিয়াৰে প্রয়ােগ হয় । 

( ঙ ) ব্যতিৰেকী প্রণালী গুণগত । কিন্তু পৰিশেষ প্রণালী মূলতঃ পৰিমাণগত । 

( চ ) ব্যতিৰেকী পদ্ধতি বা প্রণালী মূলতঃ আগমনাত্মক । কিন্তু পৰিশেষ প্রণালী কিছুপৰিমাণে নিগমনাত্মক । 

( ছ ) ব্যতিৰেকী পদ্ধতি বিজাতীয় কার্য সংমিশ্ৰণৰ ক্ষেত্ৰত প্রযােজ্য নহয় । কিন্তু পৰিশেষ পদ্ধতি সমজাতীয় কার্য সংমিশ্ৰণৰ ক্ষেত্ৰত বিশেষভাৱে প্রযােজ্য । 

( জ ) যথাযথভাৱে প্ৰয়ােগ কৰিলে ব্যতিৰেকী পদ্ধতিৰ দ্বাৰা সুনিশ্চিত কার্যকাৰণ সম্বন্ধ প্রতিষ্ঠা কৰিব পাৰি । কিন্তু পৰিশেষ প্রণালীয়ে আৱিষ্কাৰৰ প্রণালী হিচাপে অজ্ঞাত কাৰণ সম্বন্ধে এটা সংকেতহে দিব পাৰে । 

গতিকে দেখা যায় যে দুয়ােটা প্রণালী একে নীতিৰ ভিত্তিত প্রতিষ্ঠিত যদিও পৰিশেষ পদ্ধতি এটা স্বতন্ত্র পদ্ধতি । ই ব্যতিৰেকী প্রণালীৰ বিশেষ শুধৰণি নহয় ।

প্রশ্ন ৫। অন্বয়ী প্রণালীৰ দুটা সুবিধা আৰু দুটা অসুবিধা উল্লেখ কৰা । এই অসুবিধাবােক কিদৰে আঁতৰাব পাৰি ? 

উত্তৰঃ অন্বয়ী প্রণালী বা পদ্ধতিৰ দুটা সুবিধা হল–

( ক ) অন্বয়ী পদ্ধতি প্রয়ােগক্ষেত্র অতি ব্যাপক । 

( খ ) অন্বয়ী প্রণালীৰ দ্বাৰা কাৰণৰ পৰা কাৰ্য আৰু কাৰ্যৰ পৰা কাৰণ নির্ণয় কৰিব পাৰি । 

অন্বয়ী প্রণালীৰ দুটা অসুবিধা হ’ল– 

( ক ) প্রয়ােজনীয় দৃষ্টান্ত সংগ্ৰহৰ অসুবিধা । 

( খ ) দৃষ্টান্তবােৰৰ সঠিক বিশ্লেষণৰ অসুবিধা । 

অন্বয়ী প্রণালীৰ প্রধান দোষবােৰ প্রকৃতিগত যদিও দৃষ্টান্তৰ সংখ্যা বৃদ্ধি কৰি , অন্বয়ী ব্যতিৰেকী পদ্ধতি প্রয়ােগ কৰি এই অসুবিধাবােৰ আঁতৰাব পাৰি । 

প্রশ্ন ৬। পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি মানে কি বুজা ? এই পদ্ধতিত জড়িত অপসৰণৰ তিনিটা সূত্র উল্লেখ কৰা । 

উত্তৰঃ আগমনৰ পদ্ধতিবােৰক পৰীক্ষণমূলক পদ্ধতি বােলা হয় । মিলৰ মতে এই পদ্ধতি পাঁচ প্ৰকাৰৰ –

( ক ) অন্বয়ী পদ্ধতি ।

( খ ) ব্যতিৰেকী পদ্ধতি ।

( গ ) মিশ্র পদ্ধতি বা অন্বয়ী ব্যতিৰেকী পদ্ধতি ।

( ঘ ) সহ – পৰিৱৰ্তন পদ্ধতি । আৰু 

( ঙ ) পৰিশেষ পদ্ধতি । 

যিবােৰ ক্ষেত্ৰত পৰীক্ষণ সম্ভৱ সেইবােৰ ক্ষেত্ৰতহে পৰীক্ষণ পদ্ধতি প্রয়ােগ কৰিব পাৰি । কিন্তু ইয়াত পৰীক্ষণ ’ শব্দটো সাধাৰণ অৰ্থত ব্যৱহাৰ হােৱা নাই । ই ‘অভিজ্ঞতা’ৰ অর্থতহে ব্যৱহৃত হৈছে । অভিজ্ঞতা নিৰীক্ষণ আৰু পৰীক্ষণ উভয় প্রকাৰৰ হ’ব পাৰে । গতিকে এই পদ্ধতিবােৰ পৰীক্ষণ আৰু নিৰীক্ষণ কৰিব পৰা উভয় ক্ষেত্ৰতেই প্রযােজ্য হ’ব পাৰে । 

এই পদ্ধতিৰ লগত জড়িত তিনিটা অপসৰণৰ সূত্ৰ হ’ল— 

( ক ) কার্যৰ কোনাে ক্ষতি নকৰাকৈ অগ্রৱর্তী ঘটনাৰ যি অংশ বাদ দিব পাৰি সেই অংশ । কার্যটোৰ কাৰণ বা কাৰণৰ অংশ হ’ব নােৱাৰে ।

( খ ) কার্যৰ কোনাে ক্ষতি নকৰাকৈ অগ্রৱর্তী ঘটনাৰ যি অংশ বাদ দিব নােৱাৰি সেই অংশ কাৰ্যটোৰ কাৰণ বা কাৰণৰ অংশ হ’বই লাগিব । কিয়নাে কাৰ্যটো কাৰণ নাথাকিলে নঘটে । 

( গ ) এটা পূর্বৱর্তী ঘটনাৰ হ্রাস-বৃদ্ধিৰ লগত যদি অনুৱর্তী ঘটনাৰ হ্রাস – বৃদ্ধি হয় , তেনেহ’লে ঘটনা দুটা কার্যকাৰণ সম্বন্ধেৰে সম্বন্ধিত হব । 

প্রশ্ন ৭। অন্বয়ী ব্যতিৰেকী পদ্ধতিৰ এটা স্থায়ী উদাহৰণ দিয়া । এই পদ্ধতিক কিয় দ্বৈত অম্বয়ী পদ্ধতি বুলি কোৱা হয় ? 

উত্তৰঃ অন্বয়ী ব্যতিৰেকী প্রণালী বা পদ্ধতিৰ এটা স্থায়ী উদাহৰণ হ’ল — ফৰাচী সৈন্যৰ জয়লাভৰ কাৰণ অন্বেষণ কৰিব লাগে । প্রথমতে ফৰাচী সৈন্যই জয়লাভ কৰা কেইখনমান যুদ্ধৰ দৃষ্টান্ত সংগ্রহ কৰা হ’ল । বিশ্লেষণ কৰি দেখা গ’ল যে প্রত্যেকখনেই নেপলিয়নে নিজে উপস্থিত থাকি সৈন্য আৰু যুদ্ধ পৰিচালনা কৰিছিল । ইয়াৰ পিছত ফৰাচী সৈন্যই পৰাজয়বৰণ কৰা কেইখনমান যুদ্ধৰ দৃষ্টান্ত সংগ্রহ কৰা হ’ল । বিশ্লেষণ কৰি দেখা গ’ল যে প্রত্যেকখনতেই নেপলিয়ন অনুপস্থিত আছিল । গতিকে সিদ্ধান্ত কৰা হ’ল যে নেপলিয়নৰ নিপুণ সৈন্য পৰিচালনাই ফৰাচী সৈন্যৰ জয়লাভৰ কাৰণ । 

এই প্রণালীক অন্বয়ী ব্যতিৰেকী পদ্ধতি বুলি অভিহিত কৰা হয় । কাৰণ ইয়াত সদর্থক আৰু নঞর্থক দুই ধৰণৰ দৃষ্টান্ত লাগে । এই দুই শ্ৰেণীৰ দৃষ্টান্ত পার্থক্যটোৱেই কার্য – কাৰণ সম্বন্ধৰ মূল বিষয় । মিলে এই প্রণালীক পৰােক্ষ ব্যতিৰেক প্ৰণালী বুলিও অভিহিত কৰে । 

কিন্তু উদাহৰণৰ সৈতে এই প্রণালীৰ প্রকৃত আলােচনাৰ পৰা দেখা যায় যে এই পদ্ধতি প্রকৃততে অন্বয়ী পদ্ধতিৰে প্ৰকাৰভেদ মাত্র । সদর্থক দৃষ্টান্তত উপস্থিতিৰ অন্বয় আৰু নঞর্থক দৃষ্টান্তত অনুপস্থিতিৰ অন্বয় বা মিলৰ ওপৰত নিৰ্ভৰ কৰি ইয়াত কার্যকাৰণ সম্বন্ধ নির্ণয়ৰ প্রচেষ্টা কৰা হয় । গতিকে ইয়াত অন্বয়ী প্রণালীৰ দ্বৈত প্রয়ােগ কৰা হয় । 

প্রশ্ন ৮। পৰিশেষ প্রণালী বুলিলে কি বুজা ? পৰিশেষ পদ্ধতিটো অনুমিত নে ? 

উত্তৰঃ পৰিশেষ পদ্ধতি বা প্রণালী অপসৰণৰ নিম্ন লিখিত সূত্রৰ ওপৰত প্রতিষ্ঠিত । “ যি ঘটনা কোনাে এটা কার্যৰ কাৰণ , সি আন কোনাে বেলেগ কার্যৰ কাৰণ হ’ব নােৱাৰে । ” পৰিশিষ্ট অংশৰ বা অৱশিষ্ট অংশৰ ভিত্তিত কার্যকাৰণ সম্বন্ধ প্রতিষ্ঠা কৰা হয় বাবে এই পদ্ধতিক পৰিশেষ প্রণালী বােলে । জটিল ঘটনাবােৰৰ কোন কোন অংশ পূর্বৱর্তী ঘটনাৰ কোন কোন অংশৰ কার্য যদি তাক জনা থাকে তেনেহ’লে পৰিশেষ প্রণালী প্রয়ােগ কৰি জটিল ঘটনাৰ অৱশিষ্টাংশৰ কাৰণ নির্ণয় কৰিব পাৰি । মেলােনে ইয়াক অজ্ঞাত কাৰণ আৱিষ্কাৰৰ সংকেত বুলি অভিহিত কৰে । 

পৰিশেষ প্রণালীত নিগমনাত্মক প্রক্রিয়াৰ মাত্রা আন প্রণালীবােৰতকৈ কিছু বেছি যদিও ই সম্পূর্ণৰূপে নিগমনাত্মক নহয় । ই প্ৰকৃততে আন প্রণালীবােৰৰ দৰে আগমনাত্মক । এই প্রণালী প্রয়ােগৰ বাবে পূর্ব জ্ঞানৰ দৰকাৰ হয় । যেতিয়া জটিল ঘটনাৰ বেছি অংশ জ্ঞাত কাৰণৰ দ্বাৰা তেতিয়া বাকী থকা অংশটোৰ কাৰণ নির্ণয় কৰিবলৈ একমাত্র পৰিশেষ প্রণালীৰ ওপৰতেই নিৰ্ভৰ কৰিবলগীয়া হয় । ইয়াৰ সঠিক প্রয়ােগৰ ফলত বৈজ্ঞানিক ক্ষেত্ৰত নতুন নতুন তথ্যৰ আৱিষ্কাৰ হৈছে । এই প্রণালীৰ দ্বাৰা কাৰণৰ পৰা কাৰ্য আৰু কাৰ্যৰ পৰা কাৰণ উভয় দিশতে অনুসন্ধান চলাব পাৰি । জটিল আৱিষ্কাৰৰ ক্ষেত্ৰত এই প্রণালীয়ে সহায় কৰে । এই প্রণালী প্রমাণৰ প্রণালী হােৱাৰ লগতে আৱিষ্কাৰৰ প্ৰণালী হােৱাও দেখা যায় । যিহেতু এই প্রণালী বা পদ্ধতি আগমন পদ্ধতি এটা স্বতন্ত্র পদ্ধতি আৰু আগমন অনুমানৰেই এটা প্ৰকাৰ গতিকে পৰিশেষ পদ্ধতি অনুমিত ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top