Class 12 Logic And Philosophy Chapter – 3 প্ৰকল্প

Class 12 Logic And Philosophy Chapter – 3 প্ৰকল্প Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Logic And Philosophy Chapter – 3 প্ৰকল্প and select needs one.

Class 12 Logic And Philosophy Chapter – 3 প্ৰকল্প

Join Telegram channel

Also, you can read AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given Assam Board Class 12 Logic And Philosophy Chapter – 3 প্ৰকল্প Solutions for All Subject, You can practice these here.

প্ৰকল্প

পাঠ: ৩

অতি চমু প্রশ্নোত্তৰ ( মূল্যাংক -১ ) 

প্রশ্ন ১। প্রকল্পৰ স্তৰ কেইটা ? 

উত্তৰঃ প্ৰকল্পৰ স্তৰ চাৰিটা । 

প্রশ্ন ২। বিভিন্ন প্রকাৰৰ প্ৰকল্পৰােৰ কি কি ? 

উত্তৰঃ বিভিন্ন প্রকাৰৰ প্রকল্পবােৰ হ’ল–

( ক ) কর্তা সম্পর্কীয় প্রকল্প ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

( খ ) নিয়ম সম্পর্কীয় প্রকল্প । আৰু 

( গ ) পাৰিপাৰ্শ্বিক সংস্থিতি সম্পর্কীয় প্রকল্প । 

প্রশ্ন ৩। প্রকল্পৰ বিষয়বস্তু প্রকৃত কাৰণ বা …… ।

উত্তৰঃ প্ৰকল্পৰ বিষয়বস্তু প্রকৃত কাৰণ বা আনুমানিক ধাৰণা ।

প্রশ্ন ৪। ষ্টেবিঙৰ মতে প্রকল্পৰ বিভিন্ন প্রকাৰবােৰ কি কি ? 

উত্তৰঃ ষ্টেবিঙৰ মতে প্রকল্প তিনি প্রকাৰৰ – 

( ক ) ব্যাখ্যামূলক ।

( খ ) বর্ণনামূলক । আৰু

( গ ) সাদৃশ্যমূলক । 

প্রশ্ন ৫। প্রকল্প হ’ল এক দক্ষতাপূর্ণ কার্য ।’ তুমি একমত নে ? 

উত্তৰঃ প্রকল্প হ’ল এক দক্ষতাপূর্ণ কার্য হয় ।’ মই একমত । 

প্রশ্ন ৬। “ বিদ্যুৎ এবিধ জুলীয়া বস্তু । ” ই কোন প্রকাৰ প্ৰকল্পৰ উদাহৰণ ? 

উত্তৰঃ “ বিদ্যুৎ এবিধ জুলীয়া বস্তু ” —ই কার্যকৰী বিষয়ক প্রকল্প । 

প্রশ্ন ৭। প্রকল্প সদায় সাময়িক চৰিত্ৰৰ – শুদ্ধনে ?

উত্তৰঃ প্রকল্প সদায় সাময়িক চৰিত্ৰৰ – শুদ্ধ ।

প্রশ্ন ৮। অস্তিত্বশীল কাৰণৰ অর্থ কি ? 

উত্তৰঃ কোনাে এটা ঘটনা কিভাৱে ঘটিলে তাক জনা থাকিব পাৰে , কিন্তু কোনে বা কিহে ঘটালে তাক জনা নাথাকিলে ঘটনাৰ কাৰণ সম্পর্কে যি প্রকল্প গঠন কৰা হয় তাক অস্তিত্বশীল কাৰণ বােলা হয় । 

প্রশ্ন ৯। ভৱিষ্যত্বাণী কৰাৰ শক্তিটো হ’ল যথার্থ প্রকল্পৰ এটা ……… ।  

উত্তৰঃ ভৱিষ্যত্বাণী কৰাৰ শক্তিটো হ’ল যথার্থ প্রকল্পৰ এটা চর্ত । 

প্রশ্ন ১০। বর্তমান সময়ত কাৰ মতে প্রকল্প তিনি প্রকাৰৰ ? 

উত্তৰঃ বর্তমান সময়ত ষ্টেবিঙৰ মতে প্রকল্প তিনি প্রকাৰৰ । 

প্রশ্ন ১১। মিলৰ প্রকল্প সংজ্ঞাই দেখুওৱা প্ৰকল্পৰ প্রথম স্তৰটো কি ? 

উত্তৰঃ মিলৰ প্রকল্প সংজ্ঞাই দেখুওৱা প্ৰকল্পৰ প্রথম স্তৰটো হ’ল— প্রাকৃতিক ঘটনাৱলীৰ নিৰীক্ষণ । 

প্রশ্ন ১২। তলত দিয়া উক্তিবােৰ কোনটো শুদ্ধ ? 

( ক ) প্রকল্প হ’ল বৈজ্ঞানিক অনুসন্ধানৰ শেষ স্তৰ । 

( খ ) প্রকল্পই নিৰীক্ষণ আৰু পৰীক্ষণক অসম্ভৱ কৰি তােলে । 

( গ ) প্রকল্প ঘটনা ব্যাখ্যাৰ সহায়ক । 

উত্তৰঃ ( গ ) প্রকল্প ঘটনাৰ ব্যাখ্যাৰ সহায়ক’— কথাষাৰ শুদ্ধ । 

প্রশ্ন ১৩। যথার্থ প্ৰকল্পৰ এটা চর্ত উল্লেখ কৰা । 

উত্তৰঃ যথার্থ প্রকল্পৰ এটা চর্ত হ’ল – প্রাসংগিকতা । 

চমু প্রশ্নোত্তৰ ( মূল্যাংক -২ ) 

প্রশ্ন ১। প্রকল্পৰ সংজ্ঞা দিয়া । 

উত্তৰঃ কোনাে ঘটনা ব্যাখ্য কৰিবলৈ গঠন কৰা প্রয়ােজনীয় সাময়িক আৰু প্ৰাৰম্ভিক অনুমানিক ধাৰণাই প্রকল্প ।

প্রশ্ন ২। কর্তা সম্পর্কীয় প্রকল্পৰ এটা উদাহৰণ দিয়া ।

উত্তৰঃ কৰ্তা সম্পর্কীয় প্রকল্পৰ এটা উদাহৰণ হ’ল- মাধ্যাকর্ষণ শক্তিৰ নিয়মৰ কথা জনা আছে । এই নিয়ম অনুসৰি ইউৰেনাছ গ্রহ কোন পথত গতি কৰিব লাগে তাকো জনা আছে । কিন্তু দেখা গ’ল ইউৰেনাছ গ্রহ নির্দিষ্ট কক্ষপথৰ পৰা বিচ্যুত হ’ল । তেতিয়া জ্যোতির্বিদসকলে ধাৰণা কৰিছিল যে নিশ্চয় নভােমণ্ডলত অন্য কোনাে গ্রহ আছে — যাৰ আকৰ্ষণৰ ফলত ইউৰেনাছ নিজ নিজ কক্ষপথৰ পৰা বিচ্যুত হৈছে । জ্যোতির্বিদসকলৰ এই প্রকল্প কর্তা সম্পর্কীয় প্রকল্প আৰু এটা প্রকল্পৰ ওপৰত ভিত্তি কৰি নেপচুন গ্রহ আৱিষ্কাৰ কৰিলে । 

প্রশ্ন ৩। প্রকল্পৰ স্তৰ চাৰিটা কি কি ? 

উত্তৰঃ প্ৰকল্পৰ স্তৰ চাৰিটা হল— 

( ক ) প্রাকৃতিক ঘটনাৱলীৰ নিৰীক্ষণ ।

( খ ) ঘটনাৰ সাম্ভাৱ্য কাৰণ সম্পর্কে মনত উদয় হােৱা ধাৰণা । 

( গ ) এনে আনুমানিক ধাৰণাৰ পৰা কিছুমান সিদ্ধান্ত অনুমান কৰি উলিওৱা । 

( ঘ ) এই আনুমানিক সিদ্ধান্তসমূহক বাস্তৱ জ্ঞাত ঘটনাৰ লগত তুলনা কৰি মিল আছে নে নাই তাক লক্ষ্য কৰা । 

প্রশ্ন ৪। কার্যকৰী প্রকল্প বলিলে কি বুজা ? 

উত্তৰঃ অধিক নির্ভৰযােগ্য প্রকল্পৰ অভাৱত অসম্পূর্ণ স্বভাৱৰ নাইবা সন্তোষজনক নহয় বুলি জানিও কেৱল অনুসন্ধান কার্য আৰম্ভ কৰাৰ উদ্দেশ্যে যি প্ৰকাৰৰ আশ্রয় লােৱা হয় তাকেই কার্যকৰী প্রকল্প বােলা হয় । 

প্রশ্ন ৫। বর্ণনামূলক প্রকল্পৰ সংজ্ঞা দিয়া । 

উত্তৰঃ বর্ণনামূলক প্রকল্পৰ মুখ্য উদ্দেশ্য হল— ঘটনা বা তথ্যসমূহৰ সুশৃংখলিত সম্বন্ধ নির্ণয় কৰিবলৈ সংকেত প্রদান কৰা । যি ঘটনা সম্পর্কে বিজ্ঞানীসকলে অনুসন্ধান চলায় , সেই সম্পর্কীয় ঘটনাসমূহৰ মাজত যথার্থ সম্বন্ধৰ আৰ্হি বা নমুনাভিত্তিক বর্ণনাৰে অগ্ৰসৰ হােৱাত সহায় কৰিবলৈ বর্ণনামূলক প্রকল্প গঠন কৰা হয় । 

প্রশ্ন ৬। ব্যাখ্যামূলক প্রকল্প কি ? 

উত্তৰঃ কোনাে এটা ঘটনা ঘটিলে , আন ঘটনাৰ জৰিয়তে অন্বেষণীয় ঘটনাটো ব্যাখ্যা কৰাৰ বাবে এনে প্রকল্প গঠন কৰা হয় । পূর্ব অভিজ্ঞতা আৰু সংগৃহীত জ্ঞানৰ ভিত্তিত কোনাে ঘটনা বুজিব নােৱাৰিলেই সমস্যাৰ সৃষ্টি হয় । এই সমস্যা সমাধানৰ বাবে মনত ধাৰণাৰ সৃষ্টি হয় আৰু এই ধাৰণাই ব্যাখ্যামূলক প্রকল্প বোলে । 

প্রশ্ন ৭। পর্যবেক্ষণক কিয় প্রকল্পৰ প্রথম স্তৰ বােলা হয় ? 

উত্তৰঃ প্রকল্প হ’ল জ্ঞাত বাস্তৱ তথ্য অনুসৰি কিছুমান সিদ্ধান্তত উপনীত হােৱাৰ প্রচেষ্টাৰে কোনাে প্রকৃত প্রমাণ অবিহনে অপর্যাপ্ত প্রমাণৰ ওপৰত ভিত্তি কৰি গঠন কৰা এটা আনুমানিক ধাৰণা । যদি দেখা যায় যে সিদ্ধান্তসমূহৰ লগত জ্ঞাত সত্যৰ মিল আছে , তেনেহ’লে এই ধাৰণা সত্য হ’ব বা সত্য হােৱাৰ সম্ভাৱনা থাকিব । গতিকে প্ৰকল্পৰ প্রথম স্তৰ হৈছে প্রাকৃতিক ঘটনাৰ নিৰীক্ষণ বা পর্যবেক্ষণ । 

প্রশ্ন ৮। প্রকল্প প্রতিষ্ঠিত সত্যৰ বিৰােধী হ’ব নালাগে ৷ 

উত্তৰঃ বৈধ প্রকল্প স্ববিৰােধমুক্ত আৰু অন্যান্য সুপ্রতিষ্ঠিত প্ৰকল্পৰ সৈতে সংগতিপূর্ণ হ’ব লাগে । এটা স্ববিৰােধযুক্ত প্রকল্পৰ বৈজ্ঞানিক মূল নাথাকে । যদি কোৱা হয় যে— স্বাস্থ্যকৰ আহাৰ খােৱাই তেওঁৰ স্বাস্থ্যৰ অৱনতিৰ কাৰণ ” তেনেহ’লে প্রকল্পটো স্ববিৰােধী হ’ব । যদি এটা নতুন প্রকল্প সুপ্রতিষ্ঠিত প্রকল্প বা নিয়মৰ বিপৰীতে যায় , তেনেহ’লে জ্ঞান প্রক্রিয়া সংগতিহীন হােৱাৰ সম্ভাৱনা থাকে । কাৰণ এই জ্ঞান প্রক্রিয়াত দুটা বিৰােধী বচন অন্তর্ভুক্ত হ’ব নােৱাৰে । 

প্রশ্ন ৯। চৰম দৃষ্টান্ত বুলিলে কি বুজা ? 

উত্তৰঃ প্রকল্পৰ ক্ষেত্ৰত প্রাকৃতিক ঘটনাক নিৰীক্ষণ কৰা হয় । ঘটনাৰ সাম্ভাৱ্য কাৰণ সম্পর্কে মনত ধাৰণা কৰা হয় । আনুমানিক ধাৰণাৰ পৰা কিছুমান সিদ্ধান্ত নিঃসৃত কৰা হয় , এই সিদ্ধান্তবােৰৰ বাস্তৱ জগতৰ জ্ঞাত ঘটনাৰ লগত তুলনা কৰি মিল আছে নে নাই তাক লক্ষ্য কৰা হয় । মিল থাকিলে ধাৰণা সত্য হ’ব অমিল থাকিলে অসত্য হ’ব । ঘটনা নিৰীক্ষণ কৰোঁতে অপ্রয়ােজনীয় অংশ বাদ দিব লাগিব । ঘটনাৰ কাৰণ ব্যাখ্যাৰ বাবে প্রয়ােজনীয় , চৰম দৃষ্টান্ত নিৰীক্ষণ কৰিলেহে অন্বেষণীয় ঘটনাৰ কাৰণ সত্য হ’ব । এনে ধৰণৰ দৃষ্টান্তকে চম দৃষ্টান্ত বুলিব পাৰি । 

প্রশ্ন ১০। প্রকল্পৰ বিভিন্ন প্ৰকাৰবােৰ কি কি ? 

উত্তৰঃ প্রকল্পৰ বিভিন্ন প্রকাৰবােৰ হ’ল— 

( ক ) কর্তা সম্পর্কীয় প্রকল্প ।

( খ ) নিয়ম সম্পর্কীয় প্রকল্প । আৰু

( গ ) পাৰিপাৰ্শ্বিক সংস্থিতি সম্পর্কীয় প্রকল্প । 

প্রশ্ন ১১। বিষবস্তু অনুসৰি প্রকল্প কেই প্রকাৰৰ ? সেইবােৰ কি কি ? 

উত্তৰঃ বিষয়বস্তু অনুসৰি প্রকল্প তিনিটা ভাগত ভাগ কৰা হৈছে । সেইবােৰ হ’ল— 

( ক ) কর্তা বা কাৰণ সম্পর্কীয় প্রকল্প ।

( খ ) নিয়ম সম্পর্কীয় প্রকল্প । আৰু

( গ ) পাৰিপাৰ্শ্বিক সংস্থিতি সম্পর্কীয় প্রকল্প । 

চমু প্রশ্নোত্তৰ ( মূল্যাংক -৩ / ৪ ) 

প্রশ্ন ১। নিয়ম সম্পর্কীয় প্রকল্পৰ উদাহৰণ দিয়া । 

উত্তৰঃ কোনাে এটা ঘটনাৰ কর্তা বা কাৰণ সম্বন্ধে যেতিয়া জনা থাকে কিন্তু কি নিয়ম বা প্রণালীৰ দ্বাৰা ঘটনাটো ঘটালে তাক জনা নাথাকিলে , অজ্ঞাত এই নিয়ম সম্পর্কে প্রকল্প গঠন কৰা হয় । তাক নিয়ম সম্পর্কীয় প্রকল্প বােলে । উদাহৰণস্বৰূপে নিউটনে পৃথিৱী , পৃথিৱীৰ পৰা পতিত বস্তু , সূর্য , চন্দ্র , পৃথিৱীৰ দৰে আন গ্রহ আদি কর্তা সম্পর্কে জানিছিল । কিন্তু কি নিয়ম অনুসৰি এই কৰ্ত্তাই ক্রিয়া কৰে , তাক তেওঁ জনা নাছিল।গতিকে তেওঁ ধাৰণা কৰে যে এই কর্তাবােৰে পৰস্পৰে পৰস্পৰক আকৰ্ষণৰ বাবেহে এই গতি বা ক্রিয়াৰ সম্ভৱ হৈছে । নিউটনে এই নিয়ম সম্বন্ধীয় প্রকল্প গঠন কৰি ইয়াৰ আলমত ‘ মাধ্যাকর্ষণ শক্তি নিয়ম ’ প্রতিষ্ঠা কৰিছিল । 

প্রশ্ন ২। সাদৃশ্যমূলক প্রকল্প কি ?

উত্তৰঃ সাদৃশ্যমূলক প্রকল্প বর্ণনামূলক প্রকল্পৰ এটা পৰিবর্ধিত এক পৰৱৰ্তী স্তৰহে । কোনাে এক ঘটনা শ্রেণীৰ ক্ষেত্ৰত যি সত্য হয় , আন এক ঘটনা শ্রেণীতে সেইটো সত্য হ’ব , যদিহে দুয়ােটা শ্ৰেণীৰ কিছুমান নির্দিষ্ট সাধাৰণ আকাৰগত ধর্ম থাকে । সাদৃস্যমূলক প্রকল্প বুলিলে এনে প্রকল্পকেই বুজায় । মেক্সৱেল আদি বহুত বিজ্ঞানীয়ে সাদৃশ্যমূলক প্রকল্পৰ সহায়ত ‘ বিদ্যুৎ চুম্বকীয় সূত্র ’ পােহৰ সম্পৰ্কীয় সিদ্ধান্ত আদি নানা তথ্য আৱিষ্কাৰ কৰে । 

প্রশ্ন ৩। প্রকল্পৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা । 

উত্তৰঃ প্ৰকল্পৰ তিনিটা বৈশিষ্ট্য হল— 

( ক ) প্রকল্প এটা কাৰণ সম্পর্কীয় আনুমানিক ঘটনা । 

( খ ) এই ধাৰণা গঠন কৰোঁতে তাৰ সমৰ্থনত প্রকৃত প্রমাণ পােৱা নাই আৰু কিবা পালেও পর্যাপ্ত নহয় বা সম্পূর্ণ নির্ভৰযােগ্য নহয় । তথাপি এনে ধাৰণা কৰা হয় । 

( গ ) প্রকল্প গঠন কৰাৰ উদ্দেশ্য হৈছে এই ধাৰণাৰ পৰা জ্ঞাত বাস্তৱ তথ্য অনুসৰি কিছুমান সিদ্ধান্তত উপনীত হােৱা ।

প্রশ্ন ৪। অস্তিত্বশীল কাৰণৰ বিষয়ে চমুটোকা লিখা । 

উত্তৰঃ বহু সময়ত বিষয় বা ঘটনাৰ কাৰণ বা সঠিক নিয়ম নির্ণয় কৰিব নােৱাৰি । তেতিয়া পৰিচিত বস্তুৰ লগত তুলনা কৰি মনত এটা ধাৰণা বা চিত্র জন্মােৱাৰ চেষ্টা কৰা হয় । অতি সূক্ষ্ম বস্তুৰ প্রকল্প গঠন কৰিবলৈ হ’লে এনে কৰাৰ প্রয়ােজন হয় । এনে ধাৰণা বা চিত্রক তর্কবিজ্ঞানী বেইনে মানস চিত্র বা প্রতিৰূপ কল্পনা বুলি অভিহিত কৰে । যেনে— বিদ্যুৎ শক্তিৰ যথাযথ স্বভাৱ নিৰূপণ কৰিব নােৱাৰি । ইয়াৰ ক্রিয়াশীল স্বভাৱ বুজাবলৈ যদি কোৱা হয় যে— ‘ ই একপ্ৰকাৰ সঞ্চাৰনশীল পদার্থ ’ তেনেহ’লে এই কথাই মনত একোখন চিত্র বা ছবি ৰূপায়িত কৰিব । এই প্রতিৰূপ কল্পনা অস্তিত্বশীল কাৰণ বােলা হয় । 

প্রশ্ন ৫। বৈধ প্রকল্পৰ তিনিটা চৰ্ত লিখা । 

উত্তৰঃ বৈধৰ প্ৰকল্পৰ তিনিটা চর্ত হৈছে –

( ক ) বৈধ প্রকল্পৰ প্ৰাসংগিকতা আছে । কাৰণ , প্রকল্পৰ উদ্দেশ্য হৈছে কোনাে ঘটনাৰ যথাযথ ব্যাখ্যা আগবঢ়োৱা । গতিকে ঘটনা ব্যাখ্যাৰ লগত সম্পর্ক থকা হ’ব লাগিব । আই এম কপি ( I . M. Copi ) ৰ মতে সুপ্রকল্প প্রাসংগিক হ’বই লাগিব ।

প্রশ্ন ৬। কর্তা সম্পর্কীয় প্রকল্পৰ উদাহৰণসহ সংজ্ঞা দিয়া । 

উত্তৰঃ নিয়ম বা প্রণালী জনা থাকিলে অজ্ঞাত কর্তা সম্পর্কে গঠন কৰা প্রকল্পই কর্তা বিষয়ক প্রকল্প । 

উদাহৰণস্বৰূপে , মাধ্যাকর্ষণ শক্তিৰ বিষয়ে জনা আছে আৰু এই নিয়ম অনুসৰি ইউৰেনাছ গ্রহ কোন পথত গতি কৰিব লাগে তাকো জনা আছে । কিন্তু বাস্তৱ ক্ষেত্ৰত দেখা গ’ল যে— ইউৰেনাছ গ্রহ যি কক্ষপথত গতি কৰিব লাগে সেই পথেৰে গতি নকৰি বিচ্যুত হৈছে । তেতিয়া জ্যোতির্বিদসকলে প্রকল্প গঠন কৰিলে যে নিশ্চয় আন কোনাে গ্রহৰ আকৰ্ষণৰ ফলত ইউৰেনাছ গ্রহৰ গতিপথ সলনি হৈছে । এই প্রকল্প কর্তা সম্পর্কীয় প্রকল্প । 

Sl. No.Contents
Chapter 1আগমন
Chapter 2আগমনৰ ভিত্তি
Chapter 3প্ৰকল্প
Chapter 4মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি
Chapter 5বাস্তৱবাদ: সৰল আৰু বৈজ্ঞানিক
Chapter 6ভাববাদ: আত্মগত আৰু বস্তুগত
Chapter 7নীতিশাস্ত্র
Chapter 8ধর্ম

প্রশ্ন ৭৷ সাদৃশ্যমূলক প্রকল্প কি ? উদাহৰণ দিয়া । 

উত্তৰঃ সাদৃস্যমূলক প্রকল্প হ’ল বর্ণনামূলক প্রকল্পৰ এটা পৰিবৰ্ধিত ৰূপ আৰু এক পৰৱর্তী স্থৰ । কোনাে এক ঘটনা শ্ৰেণীৰ ক্ষেত্ৰত যি সত্য হয় ; আন এক ঘটনা শ্রেণীৰ ক্ষেত্ৰতো সেইটো সত্য হ’ব ; যদিহে দুয়ােটা শ্ৰেণীৰ কিছুমান নির্দিষ্ট সাধাৰণ – আকাৰগত ধর্ম থাকে । যেনে – মেক্সৱেলকে আদি কৰি বহু বিজ্ঞানীয়ে সাদৃশ্যমূলক প্রকল্পৰ ভিত্তিত বিদ্যুৎ চুম্বকীয় সূত্র ’ , ‘ পােহৰ সম্পৰ্কীয় সিদ্ধান্ত , বৈদ্যুতিক স্থিতি – বিজ্ঞানভিত্তিক আদি নানা তথ্যৰ আৱিষ্কাৰ কৰে।ইয়াক পৰিবর্ধিত কৰি পৰৱৰ্তী স্তৰত তথাকথিত সাংগঠনিক প্রকল্পত উপনীত হৈ বিজ্ঞানীসকলে অনুসন্ধান অব্যাহত ৰাখে । 

প্রশ্ন ৮। প্ৰকল্পৰ চাৰিটা স্তৰ কি কি ? চমুকৈ ব্যাখ্যা কৰা । 

উত্তৰঃ প্রকল্পৰ স্তৰ চাৰিটা – 

১/ প্রাকৃতিক ঘটনাৰ নিৰীক্ষণ । 

২/ ঘটনাৰ সাম্ভাৱ্য কাৰণ সম্পর্কে মনত উদয় হােৱা ধাৰণা । 

৩/ এনে আনুমানিক ধাৰণাৰ পৰা কিছুমান সিদ্ধান্ত অনুমান কৰি উলিওৱা । 

৪/ এই সিদ্ধান্তসমূহক বাস্তৱ জ্ঞাত ঘটনাৰ লগত তুলনা কৰি মিল আছে নে নাই তাক লক্ষ্য কৰা । 

প্রশ্ন ৯। ব্যাখ্যামূলক প্রকল্প আৰু বৰ্ণনামূলক প্রকল্পৰ মাজৰ পার্থক্য নিৰূপণ কৰা । 

উত্তৰঃ পূর্ব অভিজ্ঞতা আৰু সংগৃহীত জ্ঞানৰ ভিত্তিত কোনাে ঘটনা বুজিব নােৱাৰিলে সমস্যাৰ সৃষ্টি হয় । এই সমস্যা সমাধানৰ বাবে মনত নানা ধাৰণাৰ সৃষ্টি হয় । এনেদৰেই এই প্ৰকাৰ প্রকল্প গঠন কৰা হয় । এই প্রকল্পই সংঘটিত ঘটনাৰ সমুচিত ব্যাখ্যা দিব বিচাৰে । এই প্রকল্পই ব্যাখ্যামূলক প্রকল্প । 

উদাহৰণ স্বৰূপে সােণৰ অলংকাৰ এপদ অন্তর্ধান হােৱাৰ ঘটনাটো ব্যাখ্যা কৰিবলৈ চুৰিৰ ধাৰণাটো ধৰি লােৱা হয় । 

আনহাতে বর্ণনামূলক প্রকল্পৰ মুখ্য উদ্দেশ্য হল— ঘটনা বা তথ্যসমূহৰ সুশৃংখলিত সম্বন্ধ নির্ণয় কৰিবলৈ সংকেত প্রদান কৰা । যি ঘটনা সম্পর্কে বিজ্ঞানীসকলে অনুসন্ধান চলায় , সেই সম্পর্কীয় ঘটনাবােৰৰ মাজত যথার্থ সম্পৰ্কৰ আৰ্হি বা নমুনাভিত্তিক বর্ণনাৰে অগ্ৰসৰ হােৱাত সহায় কৰিবলৈ বর্ণনামূলক প্রকল্প গঠন কৰা হয় । 

প্রশ্ন ১০। বৈধ প্রকল্পৰ চাৰিটা চর্ত উল্লেখ কৰা । 

উত্তৰঃ বৈধ প্রকল্পৰ চাৰিটা চর্ত হ’ল— 

( ক ) প্রাসংগিকতা ।

( খ ) সত্যাপনীয়তা । 

( গ ) সুপ্রতিস্থিতি পূর্ব প্রকল্পৰ সৈতে সংগতিপূর্ণতা আৰু আত্মসংগতিপূর্ণ । 

( ঘ ) ভৱিষ্যৎবাণী কৰাৰ শক্তি । 

ঘটনা ব্যাখ্যাৰ বাবে প্ৰকল্পটোৰ প্ৰাংসগিকতা থাকিব লাগিব । সত্যাপনীয়তাই এটা বৈজ্ঞানিক প্রকল্পক অন্যান্য অবৈজ্ঞানিক প্রকল্পৰ পৰা পৃথক কৰে । বৈধ প্রকল্প স্ব – বিৰােধমুক্ত আৰু অন্যান্য সুপ্রতিষ্ঠিত সূত্ৰৰ সৈতে সংগতি পূর্ণ হ’ব লাগিব । প্রকল্পৰ পৰা যিমানেই বেছি সিদ্ধান্ত নিঃসৃত কৰিব পৰা যায় , সিমানেই প্রকল্পটোৰ ভৱিষ্যবাণী কৰিব পৰা শক্তি বাঢ়ে আৰু যিমানেহে ভৱিষ্যৎবাণী কৰিব পৰা শক্তি বাটে প্রকল্পটোৰ ব্যাখ্যা কৰিব পৰা শক্তিও সিমানেই বেছি হয় । 

প্রশ্ন ১১। কার্যকৰী প্ৰকল্পৰ বিষয়ে এটা চমুটোকা লিখা ।

উত্তৰঃ অধিক নির্ভযােগ্য প্রকল্পৰ অভাৱত অসম্পূর্ণ স্বভাৱৰ বুলি জানিও কেৱল অনুসন্ধান কাৰ্য আৰম্ভ কৰিবৰ বাবে যদি কোনাে প্রকল্প গঠন কৰা হয় তেনেহ’লে তাক কার্যকৰী প্রকল্প বােলে ৷ এনে প্রকল্পক সাময়িকভাৱে গ্ৰহণ কৰা হয় । উদাহৰণ স্বৰূপে , “ বিদ্যুৎ তৰল পদার্থ ধাৰণাটো এক কার্যকৰী প্রকল্প । বিজ্ঞানীসকলেও এনে প্রকল্প সাময়িকভাৱে গ্ৰহণ কৰি অনুসন্ধান কার্যত আগবাঢ়িছিল । ঘটনাৰ লক্ষণ ভালদৰে উপলব্ধি কৰিব পাৰিলে কাৰ্যকৰী প্রকল্প ত্যাগ কৰি ব্যাখ্যামূলক প্রকল্প কৰিব পৰা যায় । 

প্রশ্ন ১২। প্রকল্পৰ চাৰিটা প্রয়ােজনীয়তা লিখা । 

উত্তৰঃ প্রকল্পৰ চাৰিটা প্রয়ােজনীয়তা হ’ল– 

( ক ) প্রকল্প বৈজ্ঞানিক অনুসন্ধানৰ প্রথম স্তৰ । 

( খ ) প্রকল্প বৈজ্ঞানিক আগমনৰাে প্রথম স্তৰ । 

( গ ) প্রকল্পই নিৰীক্ষণ আৰু পৰীক্ষণক সম্ভৱ কৰি তােলে । 

( ঘ ) প্রকল্প ঘটনাৰ ব্যাখ্যাৰ সহায়ক । 

ৰচনাধর্মী প্রশ্নোত্তৰ ( মূল্যাংক -৬ ) 

প্রশ্ন ১। প্রকল্প কি ? প্রকল্পৰ প্রকৃতি ব্যাখ্যা কৰা । 

উত্তৰঃ প্রকল্প হৈছে জ্ঞাত বাস্তৱ তথ্য অনুসাৰে কিছুমান সিদ্ধান্তত উপনীত হােৱাৰ প্রচেষ্টাৰে কোনাে প্রকৃত প্রমাণ অবিহনে অথবা অপর্যাপ্ত প্রমাণৰ ওপৰত ভিত্তি কৰি গঠন কৰা এটা আনুমানিক ধাৰণা । যদি দেখা যায় যে সিদ্ধান্তৰ লগত জ্ঞাত সত্যৰ মিল আছে , তেনেহ’লে এই ধাৰণা সত্য হ’ব বা সত্য হােৱাৰ সম্ভাৱনা থাকিব ।

প্রকল্প এটা আনুমানিক ধাৰণা । এই ধাৰণা গঠন কৰোঁতে তাৰ সমৰ্থনত প্রকৃত প্রমাণ পােৱা নাই বা কিবা পালেও পর্যাপ্ত নহয় অর্থাৎ সম্পূর্ণ নির্ভৰযােগ্য নহয় । তথাপি প্রকৃত কাৰণ নিৰূপণৰ বাবে এনে ধাৰণা কৰা হয় । এই ধাৰণা গঠন কৰাৰ উদ্দেশ্য হৈছে — এই ধাৰণাৰ পৰা জ্ঞাত বাস্তৱ তথ্য অনুসৰি কিছুমান সিদ্ধান্তত উপনীত হােৱা । এই সিদ্ধান্তবােৰৰ লগত জ্ঞাত সত্য বা বাস্তৱ ঘটনাৰ মিল থাকিলে ধাৰণাটো সত্য হয় বা সত্য হােৱাৰ সম্ভাৱনা থাকে । 

প্রশ্ন ২। প্রকল্প কি ? প্রকল্পৰ প্রয়ােজনীয়তাবােৰ কি কি ? 

উত্তৰঃ কোনাে এটা ঘটনা ব্যাখ্যা কৰিবলৈ বা সম্যকভাৱে বুজিবলৈ প্রকল্প গঠন কৰা হয় । প্রকল্প ঘটনা ব্যাখ্যাৰ প্ৰাৰম্ভিক ধাৰণা । কিছুমান চৰ্ত মানি প্রকল্প বৈধ হ’ব লাগিব । কাৰণ বৈধ প্রকল্পৰ ভূমিকা বিজ্ঞানৰ ক্ষেত্ৰতাে গুৰুত্বপূর্ণ । প্রকল্পৰ প্রয়ােজনীয়তা আছে । 

( ক ) প্রকল্প বৈজ্ঞানিক অনুসন্ধানৰ প্রথম স্তৰ । 

( খ ) প্রকল্প বৈজ্ঞানিক আগমনৰাে প্রথম স্তৰ । 

( গ ) প্রকল্পই নিৰীক্ষণ আৰু পৰীক্ষণক সম্ভৱ কৰি তােলে । 

( ঘ ) প্রকল্পই নিগমনাে সম্ভৱ কৰি তােলে । 

( ঙ ) প্রকল্প ঘটনা ব্যাখ্যাৰ সহায়ক । 

ইয়াৰ দ্বাৰা বুজা যায় যে— যিকোনাে প্রকাৰৰ অনুসন্ধানৰ ক্ষেত্ৰত প্রকল্প অতি প্রয়ােজনীয় । অকল বিজ্ঞানৰ ক্ষেত্ৰতেই নহয় , দৈনন্দিন জীৱনতাে প্রকল্পৰ প্রয়ােজনীতা স্বীকাৰ কৰিবই লাগিব ।

প্রশ্ন ৩। প্রকল্প কি ? বৈধ প্রকল্পৰ চৰ্তবােৰ কি কি ? 

উত্তৰঃ কোনাে এটা ঘটনা ব্যাখ্যাৰ বাবে প্রকল্প হ’ল এটা প্ৰাৰম্ভিক ধাৰণা । নির্দিষ্ট কিছুমান চর্ত মানি প্রকল্প গঠন কৰিলে ই বৈধ প্রকল্প হ’ব । বৈজ্ঞানিক দিশতাে বৈধ প্রকল্পৰ ভূমিকা গুৰুত্বপূর্ণ । বৈধ প্রকল্পৰ চৰ্তবােৰ হ’ল— 

( ক ) প্রাসংগকিতা ।

( খ ) সত্যাপনীয়তা ।

( গ ) সুপ্রতিষ্ঠিত পূর্ব প্রকল্পৰ সৈতে সংগতিপূর্ণতা আৰু আত্মসংগতিপূর্ণতা । 

( ঘ ) ভৱিষ্যতবাণী বা ব্যাখ্যা কৰাৰ শক্তি ।

( ঙ ) সৰলতা । 

যিবােৰ প্ৰকল্পৰ অধিক তথ্যমূলক স্থিতি থাকে সেইবােৰ প্ৰকল্পৰ ব্যাখ্যা শক্তি বেছি । I.M. Copi ৰ মতে যিবােৰ প্ৰকল্পত অস্পষ্ট শব্দৰ ব্যৱহাৰ কম আৰু যিবােৰ প্ৰকল্পৰ ব্যাখ্যামূলক শক্তি বেছি সেইবােৰ প্ৰকল্পৰ গুৰুত্ব বেছি । 

প্রশ্ন ৪। ষ্টেবিঙৰ মতে বিভিন্ন প্রকাৰৰ প্ৰকল্পবােৰ কি কি ? উদাহৰণসহ প্রত্যেকৰে ব্যাখ্যা কৰা । 

উত্তৰঃ ষ্টেবিঙৰ মতে বিভিন্ন প্রকাৰৰ প্রকল্পবােৰ হ’ল— 

( ক ) ব্যাখ্যামূলক প্রকল্প ।

( খ ) বর্ণনামূলক প্রকল্প । 

( গ ) সাদৃশ্যমূলক প্রকল্প ।

ব্যাখ্যামূলক প্রকল্প আটাইতকৈ সৰল । কোনাে এটা ঘটনা ঘটিলে , আন ঘটনাৰ জৰিয়তে অন্বেষণীয় ঘটনাটো ব্যাখ্যা কৰাৰ বাবে এনে প্রকল্প গঠন কৰা হয় । পূর্ব অভিজ্ঞতা আৰু সংগৃহীত জ্ঞানৰ ভিত্তিত কোনাে ঘটনা বুজিব নােৱাৰিলে সমস্যাৰ সৃষ্টি হয় । এনে সমস্যা সমাধান কৰিবলৈ মনত ধাৰণাৰ সৃষ্টি হয় । এই ধাৰণাই ব্যাখ্যামূলক প্রকল্প । 

উদাহৰণস্বৰূপে – নিউটনৰ মাধ্যাকর্ষণ শক্তি সম্পর্কীয় সিদ্ধান্তত ঘটনা বা পৰিস্থিতিৰ অন্তর্ভুক্ত বহু ঘটনা বা তথ্য সাধাৰণ পর্যবেক্ষণৰ অন্তৰ্গত নাছিল । তেতিয়া এনেধৰণৰ প্রকল্প গঠন কৰা হৈছিল — যাক ব্যাখ্যামূলক প্রকল্প বােলে । 

আনহাতে বর্ণনামূলক প্রকল্প হ’ল উদ্দেশ্যমূলক । উদ্দেশ্যটো হ’ল ঘটনা বা তথ্যসমূহৰ সুশৃংখলিত সম্বন্ধ নির্ণয় সংকেত প্রদান কৰা । 

উদাহৰণ স্বৰূপে বিদ্যুৎ চুম্বকীয় সিদ্ধান্ত পৰীক্ষা – নিৰীক্ষাত মেক্সৱেলৰ গৱেষণাত বর্ণনামূলক প্রকল্পকে প্ৰাৰম্ভিক বা সাময়িক স্তৰ হিচাপে গ্ৰহণ কৰা হৈছিল । 

( গ ) সাদৃশ্যমূলক প্রকল্প আচলতে বর্ণনামূলক প্রকল্পৰেই পৰিবর্ধিত আৰু এক পৰৱর্তী স্তৰ । কোনাে এক ঘটনা শ্রেণীৰ ক্ষেত্ৰত যি সত্য , আন এক ঘটনা শ্ৰেণীৰ ক্ষেত্ৰতো সেইটো সত্য হব , যদিহে দয়ােটা শ্ৰেণীৰ কিছুমান নির্দিষ্ট সাধাৰণ আকাৰগত ধর্ম থাকে । 

উদাহৰণস্বৰূপে মেক্সৱেলকে আদি কৰি বহু বিজ্ঞানীয়ে সাদৃশ্যমূলক প্রকল্পৰ সহায়ত বিদ্যুৎ – চুম্বকীয় সূত্র , পোহৰ সম্পৰ্কীয় সিদ্ধান্ত , বৈদ্যুতিক স্থিতিবিজ্ঞান ভিত্তিক নানা তথ্য আৱিষ্কাৰ কৰে । 

প্রশ্ন ৫। প্রকল্প কি ? ইয়াৰ বিভিন্ন প্ৰকাৰবােৰ কি কি ? উদাহৰণসহ ব্যাখ্যা কৰা । 

উত্তৰঃ অন্বেষণীয় ঘটনাৰ কিছুমান দৃষ্টান্ত সতর্কতাৰে নিৰীক্ষণ কৰিলে , সেই ঘটনাৰ সাম্ভাৱ্য কাৰণ সম্পর্কে মনত ধাৰণাৰ উদয় হয় । কাৰণ সম্পর্কীয় প্রাৰম্ভিক আনুমানিক কাৰণকেই প্রকল্প বােলে । 

প্রকল্প তিনি প্রকাৰৰ হ’ব পাৰে– 

( ক ) কর্তা সম্পর্কীয় প্রকল্প ।

( খ ) নিয়ম সম্পর্কীয় প্ৰকল্প ।

( গ ) পাৰিপাৰ্শ্বিক সংস্থিতি সম্পৰ্কীয় প্রকল্প ।

( ক ) কর্তা সম্পর্কীয় প্রকল্প :- কোনাে এটা ঘটনা কিভাৱে ঘটিল বা কি নিয়ম অনুসৰি ঘটে সেইটো জনা থাকিব পাৰে । কিন্তু কোনে বা কিহে ঘটনাটো ঘটালে তাক জনা নাথাকিলে ঘটনাৰ কর্তা সম্পর্কে যি প্রকল্প গঠন কৰা হয় তাক কর্তাসম্পর্কীয় প্রকল্প বােলে ।

উদাহৰণস্বৰূপে কোনাে এঘৰত চোৰে চুৰ কৰি বস্তু লৈ গ’ল । কিন্তু চোৰ কোন ধৰিব পৰা নাই । তেনে ক্ষেত্রত চোৰ কোন সেই সম্পর্কে প্রকল্প গঠন কৰা হয় । এনে প্রকল্পই কর্তা সম্পর্কীয় প্রকল্প ।

( খ ) নিয়ম সম্পর্কীয় প্ৰকল্প :- নিয়ম বিষয়ক প্রকল্প হ’ল— যদি কর্তা সম্পর্কে জনা থাকে , কিন্তু কর্তাই কি নিয়মেৰে ঘটনাটো ঘটালে তাক নাজানিলে প্রকল্প গঠন কৰা হয় । তেনে ধৰণৰ প্রকল্পক নিয়ম সম্পর্কীয় প্রকল্প বােলে । 

উদাহৰণস্বৰূপে কোনাে এজন মানুহৰ ঘৰত চুৰি হৈছে , তাক আমি জাননা । কিন্তু কি পদ্ধতি অৱলম্বন কৰি চোৰ কৰিলে তাক নাজানিলে প্রকল্প গঠন কৰা হয় । এনে ধৰণৰ প্ৰকল্পক নিয়ম সম্পর্কীয় প্রকল্প বােলে । 

( গ ) পাৰিপাৰ্শ্বিক সংস্থিতি সম্পৰ্কীয় প্রকল্প :- পাৰিপাৰ্শ্বিক সংস্থিতি সম্পৰ্কীয় প্রকল্প হ’ল — যদি কর্তা আৰু নিয়ম সম্পর্কে আমাৰ জনা থাকে , কিন্তু কর্তা বা কাৰণে কি পৰিৱেশত বা সংস্থিতিত ঘটনাটো ঘটালে তাক জনা নাথাকে তেতিয়া যি প্রকল্প গঠন কৰা হয় তাক পাৰিপাৰ্শ্বিক সংস্থিতি সম্পর্কীয় প্রকল্প বােলে । 

উদাহৰণস্বৰূপে কোনাে বক্তাৰ উত্তেজিত ভাষণে জনতাক উত্তেজিত কৰিলে । ফলত জনতাই আন্দোলন কৰিলে । জনতা আগৰে পৰা নানা কাৰণত উত্তেজিত হৈ আছিল । ভিতৰি ভিতৰি বিক্ষুব্ধ হৈ আছিল । ” — এই ধৰণৰ প্রকল্পই পাৰিপাৰ্শ্বিক সংস্থিতি সম্পৰ্কীয় প্রকল্পৰ উদাহৰণ ।

2 thoughts on “Class 12 Logic And Philosophy Chapter – 3 প্ৰকল্প”

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top