Class 12 History Important Chapter 8 এখন সাম্ৰাজ্যৰ ৰাজধানী বিজয় নগৰ খৃঃ ১৪শ – ১৬শ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Elective History Important Solutions and select need one. Class 12 History Important Notes Assamese Medium Download PDF. Important Solutions For Class 12 Elective History.
Class 12 History Important Chapter 8 এখন সাম্ৰাজ্যৰ ৰাজধানী বিজয় নগৰ খৃঃ ১৪শ – ১৬শ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Elective History Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Elective History Important Question Answer Assamese Medium for All Chapters, You can practice these here.
এখন সাম্ৰাজ্যৰ ৰাজধানী বিজয় নগৰ খৃঃ ১৪শ – ১৬শ
Chapter: 8
| খ অংশ: মধ্য যুগৰ বুৰঞ্জী |
| IMPORTANT QUESTION AND ANSWER |
অতি চমু প্ৰশ্ন উত্তৰ:
১। গজপতিৰ শব্দগত অর্থ কি?
উত্তৰঃ গজপতিৰ শব্দগত অর্থ হ’ল হাতীৰ স্বামী।
২। ১৫শ শতিকাৰ উৰিষ্যাৰ এটা শক্তিশালী ৰাজবংশৰ নাম কি আছিল?
উত্তৰঃ ১৫শ শতিকাৰ উৰিষ্যাৰ এটা শক্তিশালী ৰাজবংশৰ নাম গজপতি আছিল।
৩। ‘যৱন’ শব্দটো কোন ভাষাৰ শব্দ?
উত্তৰঃ ‘যৱন’ শব্দটো সংস্কৃত ভাষাৰ শব্দ।
৪। উপমহাদেশখনলৈ অহা গ্ৰীকসকলক কি নামেৰে কোৱা হৈছিল?
উত্তৰঃ উপমহাদেশখনলৈ অহা গ্ৰীকসকলক যৱন নামেৰে কোৱা হৈছিল।
৫। কৃষ্ণদেৱ ৰায়ে নিৰ্মাণ কৰোৱা জলাশয়খনত পানী কিমান দূৰৰ পৰা অনা হৈছিল?
উত্তৰঃ কৃষ্ণদেৱ ৰায়ে নিৰ্মাণ কৰোৱা জলাশয়খনত পানী প্ৰায় ৩ লীগ (১৬ কি.মি.) দূৰৰ পৰা অনা হৈছিল।
৬। জলাশয়খনৰ পানী মূলত কিহত ব্যৱহাৰ কৰা হৈছিল?
উত্তৰঃ জলাশয়খনৰ পানী মূলত উদ্যান আৰু খেতিপথাৰত পানী যোগান ধৰিবলৈ ব্যৱহাৰ কৰা হৈছিল।
৭। জলাশয়খনত কেইটা কাৰুকার্য্য খচিত স্তম্ভ আছিল?
উত্তৰঃ জলাশয়খনত তিনিটা কাৰুকার্য্য খচিত স্তম্ভ আছিল।
৮। গোপুৰমে শাসকসকলৰ কোন কথাবোৰ প্ৰকাশ কৰে?
উত্তৰঃ গোপুৰমে শাসকসকলৰ কৃতিত্ব, প্ৰতিপত্তি, সম্পদ আৰু নির্মাণ কৌশল কথাবোৰ প্ৰকাশ কৰে।
৯। বিজয়নগৰৰ বজাৰত কি কি ধৰণৰ মূল্যৱান বস্তু পোৱা গৈছিল?
উত্তৰঃ বিজয়নগৰৰ বজাৰত মণি-মুক্তা, হীৰা, পান্না, মূল্যৱান বস্ত্ৰ আদি মূল্যৱান বস্তু পোৱা গৈছিল।
১০। কৃষ্ণদেৱ ৰায়ৰ মূৰ্ত্তি কোনটো মন্দিৰৰ গোপুৰমত ৰখা আছে?
উত্তৰঃ কৃষ্ণদেৱ ৰায়ৰ মূৰ্ত্তি তামিলনাডুৰ চিদাম্বৰম মন্দিৰত মন্দিৰৰ গোপুৰমত ৰখা আছে।
দীঘলীয়া প্ৰশ্ন উত্তৰ:
১। প্বিজয়নগৰ সাম্ৰাজ্যৰ দুৰ্গ আৰু ৰাস্তাসমূহৰ নিৰ্মাণৰ বৈশিষ্ট্য আৰু প্ৰয়োজনীয়তা বিৱৰণ দিয়া।
উত্তৰঃ বিজয়নগৰ সাম্ৰাজ্যত দুৰ্গ আৰু ৰাস্তাসমূহৰ নিৰ্মাণ তৎকালীন সময়ত ৰাজনৈতিক আৰু সামৰিক দৃষ্টিৰে অত্যন্ত গুৰুত্বপূৰ্ণ আছিল। ১৫শ শতিকাত পাৰস্যৰ বাষ্ট্রদূত আব্দুৰ ৰাজ্জাকে উল্লেখ কৰা মতে বিজয়নগৰ এখন বিশ্বৰ অন্যতম সুৰক্ষিত নগৰ আছিল, যিটো সাতখন প্ৰচীৰেৰে ঘেৰি ৰখা হৈছিল। এই প্ৰচীৰসমূহৰ বিশেষ বৈশিষ্ট্য আছিল যে ই কেৱল নগৰখনক নহয়, বৰঞ্চ কৃষিভূমি, উদ্যান আৰু ৰাজগৃহ সমূহকো আৱৰি ৰাখিছিল। আটাইতকৈ বাহিৰৰ প্ৰচীৰখন পাহাৰলৈকে বিস্তৃত আছিল আৰু শিলৰ খাজ কটা টুকুৰাবোৰেৰে কোনো মছলা বা চিমেণ্ট নোহোৱাকৈ গাঁথি নিৰ্মাণ কৰা হৈছিল।
এই দুৰ্গবেষ্টনীৰ প্ৰধান উদ্দেশ্য আছিল আক্রমণকাৰী সৈন্যসকলৰ লগত দীঘলীয়া যুদ্ধৰ সময়ত খাদ্য-সামগ্ৰীৰ জোগান নিশ্চিত কৰা। মধ্যযুগৰ যুঁজত আক্রমণকাৰীসকলে শত্রুপক্ষৰ খাদ্য সামগ্ৰী ধ্বংস কৰি আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰাতেই দুৰ্গৰ ভিতৰত কৃষিভূমি আৰু খাদ্য ভঁৰাল গঢ়ি তোলা হৈছিল। তুংগভদ্ৰা নদীৰ পৰা সুপৰিকল্পিত জলসিঞ্চন ব্যৱস্থাৰে পানী আনি কৃষি উৎপাদন বজাই ৰখা হৈছিল।
প্ৰচীৰবোৰত কিছুমান শক্তিশালী প্ৰৱেশদ্বাৰ আছিল যিবোৰ মুখ্য ৰাস্তাৰ লগত সংলগ্ন আছিল। এই প্ৰৱেশদ্বাৰসমূহৰ ওপৰত নিৰ্মাণ কৰা ধেনুভিৰীয়া ভাজ আৰু গম্বুজ তুৰ্কী চুলতানসকলৰ স্থাপত্য শৈলীৰ প্ৰভাৱত গঢ়ি উঠিছিল, যাক ইন্দো-ইছলামিক শৈলী বুলি কোৱা হয়। দুৰ্গৰ ভিতৰৰ পথসমূহ সাধাৰণতে সমতল ভূমিত নিৰ্মাণ কৰা হৈছিল আৰু মন্দিৰৰ প্ৰৱেশদ্বাৰৰ পৰা আগবঢ়ি যোৱা ৰাস্তাৰ দুয়োপাৰে বজাৰ থাকিছিল, যাৰ ফলত বাণিজ্যিক গতিশীলতা বৃদ্ধি পাইছিল।
২। বিজয়নগৰৰ সুৰক্ষিত ভৱনসমূহৰ ভগ্নাৱশেষ অধ্যয়ন কৰি কি কি তথ্য জানিব পাৰি আৰু কি কি প্ৰশ্নৰ উত্তৰ পোৱা নাযায়?
উত্তৰঃ বিজয়নগৰৰ ভগ্নাৱশেষসমূহ অধ্যয়ন কৰি তৎকালীন সময়ত ভৱনসমূহ কেনে ধৰণেৰে, কি উদ্দেশ্যে আৰু কি সামগ্ৰী ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছিল সেই বিষয়ে প্ৰচুৰ তথ্য লাভ কৰা যায়। উদাহৰণস্বৰূপে দুৰ্গসমূহৰ গাঁথনি আৰু স্থাপত্য বৈশিষ্ট্যৰ পৰা স্পষ্ট হয় যে এগৰাকী শাসকে নিজৰ ৰাজধানী সুৰক্ষিত ৰাখিবলৈ আৰু সামৰিক প্ৰস্তুতি মজবুত কৰিবলৈ এইবোৰ নিৰ্মাণ কৰিছিল। ভৱনসমূহ আন অঞ্চলৰ স্থাপত্য শৈলীৰ সৈতে তুলনা কৰি আমি তৎকালীন সংস্কৃতিৰ প্ৰসাৰ আৰু ভাবধাৰাৰ প্ৰভাৱ বুজিব পাৰো। লগতে ভৱন নিৰ্মাণৰ পৃষ্ঠপোষকতা কৰা শাসকসকলৰ কৃতিত্ব আৰু সাংস্কৃতিক দৃষ্টিভংগীৰ বিষয়ে তথ্য লাভ হয়। সাহিত্য, লিপি আৰু স্থানীয় পৰম্পৰাৰ সৈতে মিলাই এই ভগ্নাৱশেষসমূহে অধিক ঐতিহাসিক তথ্য প্ৰদান কৰে।
কিন্তু এই স্থাপত্য আৰু ভাস্কৰ্য বৈশিষ্ট্যৰ পৰা কিছু প্ৰশ্নৰ উত্তৰ লাভ নোহোৱাকৈ থাকে। উদাহৰণস্বৰূপে তৎকালীন সাধাৰণ লোকে, ল’ৰা-ছোৱালী আৰু মহিলাসকলৰ এই প্ৰভাৱশালী ভৱনসমূহৰ বিষয়ে কি ধাৰণা আছিল, তেওঁলোকৰ প্ৰৱেশাধিকাৰ আছিল নে নাই বা মূৰ্তিৰ জটিল প্রতীকবোৰ বুজিছিল নে নাই – এইবোৰ জানিবলৈ উপযুক্ত প্ৰমাণ নাই। লগতে এই বিশাল প্ৰকল্পৰ বাবে কাক শ্ৰমিক হিচাপে নিয়োগ কৰা হৈছিল, তেওঁলোকে যুদ্ধবন্দী আছিল নে মুক্ত শ্রমিক, কিমান মজুৰি পোৱা হৈছিল, আৰ্হি কোনে প্ৰস্তুত কৰিছিল, কেঁচা সামগ্ৰী কেনেকৈ সংগ্ৰহ কৰা হৈছিল আৰু কাৰ তত্ত্বাৱধানত নিৰ্মাণ সম্পন্ন হৈছিল – এইবোৰ প্ৰশ্নৰ সঠিক উত্তৰ ভগ্নাৱশেষসমূহৰ পৰা পোৱা নাযায়।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


