Class 12 History Important Chapter 7 ভক্তি আৰু চুফী পৰম্পৰা, ধাৰ্মিক বিশ্বাসৰ পৰিৱৰ্তন আৰু ধর্মীয় গ্রন্থ, খৃঃ ৮ ম শতিকাৰ পৰা ১৮শ শতিকালৈ

Class 12 History Important Chapter 7 ভক্তি আৰু চুফী পৰম্পৰা, ধাৰ্মিক বিশ্বাসৰ পৰিৱৰ্তন আৰু ধর্মীয় গ্রন্থ, খৃঃ ৮ ম শতিকাৰ পৰা ১৮শ শতিকালৈ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Elective History Important Solutions and select need one. Class 12 History Important Notes Assamese Medium Download PDF. Important Solutions For Class 12 Elective History.

Class 12 History Important Chapter 7 ভক্তি আৰু চুফী পৰম্পৰা, ধাৰ্মিক বিশ্বাসৰ পৰিৱৰ্তন আৰু ধর্মীয় গ্রন্থ, খৃঃ ৮ ম শতিকাৰ পৰা ১৮শ শতিকালৈ

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Elective History Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Elective History Important Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 7

খ অংশ: মধ্য যুগৰ বুৰঞ্জী
IMPORTANT QUESTION AND ANSWER

অতি চমু প্ৰশ্ন উত্তৰ:

১। ‘মহান’ আৰু ‘লঘু’ পৰম্পৰা ধাৰণাটোৰ প্ৰৱর্তক কোন আছিল?

উত্তৰঃ ‘মহান’ আৰু ‘লঘু’ পৰম্পৰা ধাৰণাটোৰ প্ৰৱর্তক ৰবার্ট ৰেডক্লিফ আছিল।

২। কৃষকসকলে পুৰোহিত আৰু শাসকসকলৰ অনুসৰণ কৰা কর্মকাণ্ডক কি বুলি কোৱা হয়?

উত্তৰঃ কৃষকসকলে পুৰোহিত আৰু শাসকসকলৰ অনুসৰণ কৰা কর্মকাণ্ডক ‘মহান’ পৰম্পৰা বুলি কোৱা হয়।

৩। ‘মহান’ আৰু ‘লঘু’ পৰম্পৰাৰ মাজত পাৰস্পৰিক কি ঘটে?

উত্তৰঃ ‘মহান’ আৰু ‘লঘু’ পৰম্পৰাৰ মাজত পাৰস্পৰিক আদান-প্ৰদান আৰু পৰিৱৰ্তন ঘটে।

৪। ৭১১ খ্ৰীষ্টাব্দত কোনজন আৰব সেনাপতিয়ে সিন্ধু দেশ জয় কৰিছিল?

উত্তৰঃ ৭১১ খ্ৰীষ্টাব্দত মহম্মদ বিন কাছিম আৰব সেনাপতিয়ে সিন্ধু দেশ জয় কৰিছিল।

৫। চুলতানী সাম্ৰাজ্যৰ স্বীকৃত ধৰ্ম কি আছিল?

উত্তৰঃ চুলতানী সাম্ৰাজ্যৰ স্বীকৃত ধৰ্ম ইছলাম আছিল।

৬। চুফীবাদ কোনটো যুগত এক গুৰুত্বপূর্ণ ধৰ্মীয় শক্তি আছিল?

উত্তৰঃ চুফীবাদ মধ্য যুগত এক গুৰুত্বপূর্ণ ধৰ্মীয় শক্তি আছিল।

৭। ‘চুফ’ শব্দৰ অৰ্থ কি?

উত্তৰঃ ‘চুফ’ শব্দৰ অৰ্থ হ’ল- ঊণ।

৮। চুফীসকলে নিজৰ সংগঠিত সম্প্ৰদায়ক কি নাম দিছিল?

উত্তৰঃ চুফীসকলে নিজৰ সংগঠিত সম্প্ৰদায়ক খান কাহ নাম দিছিল।

৯। শিষ্যসকলক কি নামেৰে জনা হৈছিল?

উত্তৰ: খুৰীদ।

১০। পীৰৰ মৃত্যু বার্ষিকীত হোৱা তীৰ্থযাত্ৰাক কি কোৱা হয়?

উত্তৰঃ পীৰৰ মৃত্যু বার্ষিকীত হোৱা তীৰ্থযাত্ৰাক উৰচ কোৱা হয়।

১১। ‘ৱলী’ শব্দৰ অৰ্থ কি?

উত্তৰঃ ‘ৱলী’ শব্দৰ অৰ্থ হ’ল- ঈশ্বৰৰ মিত্ৰ।

১২। চিষ্টিসকলে কোন ক্ষেত্ৰত স্থানীয় ভাষাৰ প্ৰয়োগ কৰিছিল?

উত্তৰঃ চিষ্টিসকলে ছামাৰ ক্ষেত্ৰত স্থানীয় ভাষাৰ প্ৰয়োগ কৰিছিল।

১৩। দিল্লীৰ চিষ্টি ছিলছিলাত কি ভাষাত ধৰ্ম-নীতি ব্যাখ্যা কৰিছিল?

উত্তৰঃ দিল্লীৰ চিষ্টি ছিলছিলাত হিন্দী ভাষাত ধৰ্ম-নীতি ব্যাখ্যা কৰিছিল।

দীঘলীয়া প্ৰশ্ন উত্তৰ:

১। চুফী পৰম্পৰাৰ ইতিহাস পুনঃর্নিমাণৰ বিভিন্ন সমলসমূহ উল্লেখ কৰা।

উত্তৰঃ চুফী পৰম্পৰাৰ ইতিহাস পুনঃর্নিমাণৰ বিভিন্ন সমলসমূহ হ’ল –

(i) চুফী পৰম্পৰাৰ আচৰণ পদ্ধতিৰ হাতপুথি: কশফ-উল-মহজুৰ এই সম্পৰ্কীয় এখন উল্লেখযোগ্য পুথি। পৃথিখনৰ লিখক আলী বিন ওচমান হুজৰিব (খৃঃ ১০৭১)। এই পুথিখনে ভাৰতীয় চুফী পৰম্পৰাৰ ওপৰত আন দেশৰ প্রভাৱ সম্পর্কে বর্ণনা কৰিছে।

(ii) মূল ফুজাট (চুফী সন্তসকলৰ আলোচনা): এই সম্পর্কীয় এখন প্ৰাৰম্ভিক গ্রন্থ হ’ল ফবাইদ-অল-ফৌদ। প্রসিদ্ধ পাচী কবি অমীৰ হাছান সির্জী দেহলবীয়ে শেইখ নিজামুদ্দিন আউলীয়াব আলোচনাসূহ ইয়াত সংকলন কৰিছে। বিভিন্ন চুফী ছিলছিলাৰ শেইখসকলৰ অনুমতি লৈ এই মূল ফুজাটসমূহ সংকলন কৰা হৈছিল। ইয়াৰ উদ্দেশ্য মূলতঃ উপদেশমূলক। দক্ষিণ ভাৰতকে ধৰি উপমহাদেশখনৰ বিভিন্ন প্রান্তৰত এনে ধৰণৰ অলেখ উদাহৰণ আছে আৰু শতিকা জুৰি এইসমূহ সংকলন কৰি অহা হৈছে।

(iii) মুক্তবাট (চিঠিৰ সংকলন): চুফী সকলে শিষ্য-প্রশিষ্যসকলৰ প্রতি লিখা চিঠিসমূহ ইয়াত সংকলন কৰা হৈছে। এই পত্রসমূহত ধর্মতত্ত্বৰ ওপৰত শ্বেইখসকলৰ অনুভৱ আৰু ব্যাখ্যা পোৱা যায়। তেওঁলোকে এই পত্রসমূহৰ যোগেদি ভক্তসকলৰ লৌকিক, আধ্যাত্মিক জীৱন তথা আশা-আকাংখা আৰু বিভিন্ন সমস্যাসমূহৰ ওপৰত টিপ্পন্নী আগবঢ়াইছে। ১৭শ শতিকাৰ বিদ্বান নন্ধবন্দী ছিলছিলাৰ শেইখ আহমদ সিৰহিন্দ (খৃঃ ১৬২৪) য়ে লিখা মুক্তবাট-এ-ইমাম-বব্বানী নামগ্রন্থখন পণ্ডিত সকলৰ দ্বাৰা আলোচনা কৰা হৈছে। তেওঁৰ বিচাৰধাৰাৰ তুলনাত্মক অধ্যয়ন বাদশাহ আকবৰৰ উদাৰ পন্থী আৰু ধর্ম নিৰপেক্ষ বিচাৰধাৰাৰ সৈতে কৰা হৈছে।

(iv) তাজকিৰা (চুফী সন্তসকলৰ জীৱনী): ভাৰতত লিখা চুফী তাজকিৰা আছিল মীৰ- খুদ ফিৰমানীৰ চিয়াৰ-উল-আউলীয়া। এই তাজকিৰা মূলতঃ চিষ্টি সন্তসকলৰ ওপৰত আছিল। সকলোতকৈ প্রসিদ্ধ তাজকিৰাখন হ’ল আব্দুল হক মুহাদ্দিৰ ডেহলাভীৰ (খৃঃ ১৬৪২) আখবাৰ-উল-আখিয়াৰ। তাজকিৰাৰ লিখকসকলৰ মুখ্য উদ্দেশ্য হ’ল নিজ নিজ ছিলছিলাৰ প্ৰতিষ্ঠা কৰাৰ লগতে আধ্যাত্মিক বংশাৱলীৰ মহিমা প্ৰচাৰ কৰাটো। তাজকিৰাৰ বহুত বর্ণনাই অদ্ভুত আৰু অবিশ্বাস্য যেন লাগিলেও চুফী পৰম্পৰাৰ মহত্ব আৰু স্বৰূপ বুজাত ইতিহাসবিদসকলক যথেষ্ট সহায় কৰে।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top