Class 12 History Important Chapter 9 কৃষক, জমিদাৰ আৰু ৰাজ্য (কৃষক সমাজ আৰু মোগল সাম্রাজ্য খৃঃ ১৬-১৭শ শতিকা) Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Elective History Important Solutions and select need one. Class 12 History Important Notes Assamese Medium Download PDF. Important Solutions For Class 12 Elective History.
Class 12 History Important Chapter 9 কৃষক, জমিদাৰ আৰু ৰাজ্য (কৃষক সমাজ আৰু মোগল সাম্রাজ্য খৃঃ ১৬-১৭শ শতিকা)
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Elective History Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Elective History Important Question Answer Assamese Medium for All Chapters, You can practice these here.
কৃষক, জমিদাৰ আৰু ৰাজ্য (কৃষক সমাজ আৰু মোগল সাম্রাজ্য খৃঃ ১৬-১৭শ শতিকা)
Chapter: 9
| খ অংশ: মধ্য যুগৰ বুৰঞ্জী |
| IMPORTANT QUESTION AND ANSWER |
অতি চমু প্ৰশ্ন উত্তৰ:
১। ১৬-১৭শ শতিকাত ভাৰতৰ প্রায় কিমান শতাংশ লোকেই গাঁৱত বাস কৰিছিল?
উত্তৰঃ ১৬-১৭শ শতিকাত ভাৰতৰ প্রায় ৮৫ শতাংশ লোকেই গাঁৱত বাস কৰিছিল।
২। আইন-ই-আকবৰী গ্ৰন্থখন কোনে ৰচনা কৰিছিল?
উত্তৰঃ আইন-ই-আকবৰী গ্ৰন্থখন আবুল ফজলে ৰচনা কৰিছিল।
৩। ১০ একৰ ভূমি থকা কৃষকসকলক কি আখ্যা দিয়া হৈছিল?
উত্তৰঃ ১০ একৰ ভূমি থকা কৃষকসকলক ধনী আখ্যা দিয়া হৈছিল।
৪। কম বৰষুণ হোৱা অঞ্চলত কি কি শস্যৰ খেতি কৰা হৈছিল?
উত্তৰঃ কম বৰষুণ হোৱা অঞ্চলত ঘেঁহু আৰু মাহ শস্যৰ খেতি কৰা হৈছিল।
৫। ছাহ নাহাৰৰ দৈৰ্ঘ্য কিমান মাইল আছিল?
উত্তৰঃ ছাহ নাহাৰৰ দৈৰ্ঘ্য ৭৮ মাইল আছিল।
৬। পার্টীয়ান চকা কোনবোৰ বস্তুৰে তৈয়াৰ কৰা হৈছিল?
উত্তৰঃ পার্টীয়ান চকা কাঠ, বচী আৰু মাটিৰ কলহেৰে তৈয়াৰ কৰা হৈছিল।
৭। পার্টীয়ান চকাত পানী তোলাৰ বাবে কোন প্ৰাণীক ব্যৱহাৰ কৰা হৈছিল?
উত্তৰঃ পার্টীয়ান চকাত পানী তোলাৰ বাবে ষাঁড়গৰুক ব্যৱহাৰ কৰা হৈছিল।
৮। শস্যক ঋতুৰ ভিত্তিত কেইটা ভাগত ভাগ কৰা হৈছিল?
উত্তৰঃ শস্যক ঋতুৰ ভিত্তিত দুটা ভাগত ভাগ কৰা হৈছিল।
৯। আইন-ই-আকবৰী মতে আগ্ৰাত কেইবিধ শস্য উৎপন্ন হৈছিল?
উত্তৰঃ আইন-ই-আকবৰী মতে আগ্ৰাত ৩৯ বিধ শস্য উৎপন্ন হৈছিল।
১০। ভেলাসকলে বৰ্ষাকালত কি কৰিছিল?
উত্তৰঃ ভেলাসকলে বৰ্ষাকালত খেতি কৰিছিল।
১১। কিমান খ্ৰীষ্টাব্দত আইন-ই-আকবৰী গ্ৰন্থখন সম্পূর্ণ কৰা হৈছিল?
উত্তৰঃ ১৫৯৮ খ্ৰীষ্টাব্দত আইন-ই-আকবৰী গ্ৰন্থখন সম্পূর্ণ কৰা হৈছিল।
১২। আকবৰ নামা গ্ৰন্থখন মুঠ কেইটা খণ্ডত বিভক্ত?
উত্তৰঃ আকবৰ নামা গ্ৰন্থখন মুঠ তিনিটা খণ্ডত বিভক্ত।
১৩। আকবৰ নামাৰ তৃতীয় খণ্ডৰ নাম কি?
উত্তৰঃ আকবৰ নামাৰ তৃতীয় খণ্ডৰ নাম হ’ল- আইন-ই-আকবৰী।
১৪। ‘মুল্ক আবাদী’ত কেইখন প্ৰদেশৰ বিৱৰণ আছে?
উত্তৰঃ ‘মুল্ক আবাদী’ত বাৰখন প্ৰদেশৰ বিৱৰণ আছে।
১৫। আইন-ই-আকবৰী গ্ৰন্থখন কেইবাৰ সংশোধন কৰা হৈছিল?
উত্তৰঃ আইন-ই-আকবৰী গ্ৰন্থখন পাঁচবাৰ সংশোধন কৰা হৈছিল।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


