Class 12 Assamese Important Chapter 2 মগনিয়াৰ

Class 12 Assamese Important Chapter 2 মগনিয়াৰ Question Answer As Per AHSEC New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters ASSEB Class 12 Assamese Important Solutions and select need one. AHSEC Class 12 Assamese Additional Notes Download PDF. HS 2nd Year Assamese Important Solutions.

Class 12 Assamese Important Chapter 2 মগনিয়াৰ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. ASSEB Class 12 Assamese Additional Question Answer are part of All Subject Solutions. Here we have given HS 2nd Year Assamese Important Notes for All Chapters, You can practice these here.

Chapter: 2

গোট – ১: গদ্য
IMPORTANT QUESTION AND ANSWER

১। কথা-কবিতা’ কোন শতিকাৰ উল্লেখযোগ্য সৃষ্টি?

উত্তৰঃ ‘কথা-কবিতা’ ঊনৈশ শতিকাৰ উল্লেখযোগ্য সৃষ্টি।

২। ৰুছ সাহিত্যিক আইভান টুর্গেনিভক কথা-কবিতাৰ ক্ষেত্ৰত কি বুলি কোৱা হয়?

উত্তৰঃ ৰুছ সাহিত্যিক আইভান টুর্গেনিভক কথা-কবিতাৰ জনক বুলি কোৱা হয়।

৩। অসমীয়া ভাষাত প্ৰথম কথা-কবিতা কোনে ৰচনা কৰিছিল?

উত্তৰঃ অসমীয়া ভাষাত প্ৰথম কথা-কবিতা যতীন্দ্ৰ নাথ দুৱৰাই ৰচনা কৰিছিল।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। যতীন্দ্ৰ নাথ দুৱৰাৰ কথা-কবিতাৰ পুথিখনৰ নাম কি?

উত্তৰঃ কথা-কবিতাৰ পুথিখনৰ নাম হৈছে ‘কথা-কবিতা’।

৫। মগনিয়াৰ পাঠটো অধ্যয়ন কৰাৰ মূল উদ্দেশ্য কি?

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে কবিতা আৰু কথা-কবিতাৰ মাজৰ পাৰ্থক্য বুজিব পাৰিব বুলি এই পাঠটো অধ্যয়ন কৰাৰ মূল উদ্দেশ্য।

৬। যতীন্দ্ৰ নাথ দুৱৰাৰ জন্ম কেতিয়া আৰু ক’ত হৈছিল?

উত্তৰঃ যতীন্দ্ৰ নাথ দুৱৰাৰ জন্ম ১৮৯২ চনত শিৱসাগৰৰ আমোলাপট্টিত হৈছিল।

৭। যতীন্দ্ৰ নাথ দুৱৰাৰ কোন বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল?

উত্তৰঃ যতীন্দ্ৰ নাথ দুৱৰাৰ শিৱসাগৰ চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল।

৮। যতীন্দ্ৰ নাথ দুৱৰাই কোন কলেজৰ পৰা বি.এ. পাছ কৰিছিল?

উত্তৰঃ যতীন্দ্ৰ নাথ দুৱৰাই কলকাতাৰ স্কটিছ চাৰ্চ কলেজৰ পৰা বি.এ. পাছ কৰিছিল।

৯। যতীন্দ্ৰ নাথ দুৱৰাই ক’ত প্ৰথম শিক্ষকতা আৰম্ভ কৰিছিল?

উত্তৰঃ যতীন্দ্ৰ নাথ দুৱৰাই ডিব্ৰুগড়ৰ জৰ্জ ইন্ ষ্টিটিউছনত প্ৰথম শিক্ষকতা আৰম্ভ কৰিছিল।

১০। যতীন্দ্ৰ নাথ দুৱৰাই ডিব্ৰুগড়ত কোন কলেজৰ মুখ্য অধ্যাপক হিচাপে নিযুক্ত হৈছিল?

উত্তৰঃ যতীন্দ্ৰ নাথ দুৱৰাই ডিব্ৰুগড়ত হনুমানবক্স সূৰ্যমল কানৈ কলেজত অসমীয়া বিভাগৰ মুখ্য অধ্যাপক হিচাপে নিযুক্ত হৈছিল।

১১। যতীন্দ্ৰ নাথ দুৱৰাৰ কবিতাৰ পুথিকেইখনৰ নাম লিখা।

উত্তৰঃ যতীন্দ্ৰ নাথ দুৱৰাৰ কবিতাৰ পুথিকেইখনৰ নাম হ’ল- ওমৰ তীৰ্থ, আপোন সুৰ, বনফুল, মিলনৰ সুৰ, মৰমৰ সুৰ।

১২। ‘কথা কবিতা’ কি ধৰণৰ পুথি?

উত্তৰঃ ‘কথা কবিতা’ কথা-কবিতাৰ একমাত্র পুথি।

১৩। যতীন্দ্ৰ নাথ দুৱৰাই কোন বিদেশী কবিৰ ৰুবায়তৰ অসমীয়ালৈ অনুবাদ কৰিছিল?

উত্তৰঃ যতীন্দ্ৰ নাথ দুৱৰাই ফার্চী ছুফী কবি ওমৰ খায়ামৰ বিদেশী কবিৰ ৰুবায়তৰ অসমীয়ালৈ অনুবাদ কৰিছিল।

১৪। যতীন্দ্ৰ নাথ দুৱৰাই কোন পুথিৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল?

উত্তৰঃ যতীন্দ্ৰ নাথ দুৱৰাই বনফুল কবিতাপুথিৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল।

১৫। যতীন্দ্ৰ নাথ দুৱৰাৰ মৃত্যু কেতিয়া আৰু ক’ত হৈছিল?

উত্তৰঃ যতীন্দ্ৰ নাথ দুৱৰাৰ মৃত্যু ১৯৬৪ চনত শিৱসাগৰত হৈছিল।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top