Class 12 Assamese Important Chapter 3 আনন্দৰাম বৰুৱা Question Answer As Per AHSEC New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters ASSEB Class 12 Assamese Important Solutions and select need one. AHSEC Class 12 Assamese Additional Notes Download PDF. HS 2nd Year Assamese Important Solutions.
Class 12 Assamese Important Chapter 3 আনন্দৰাম বৰুৱা
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. ASSEB Class 12 Assamese Additional Question Answer are part of All Subject Solutions. Here we have given HS 2nd Year Assamese Important Notes for All Chapters, You can practice these here.
আনন্দৰাম বৰুৱা
Chapter: 3
| গোট – ১: গদ্য |
| IMPORTANT QUESTION AND ANSWER |
১। আনন্দৰাম বৰুৱাই কোন পৰীক্ষাত উত্তীৰ্ণ হৈছিল?
উত্তৰঃ আনন্দৰাম বৰুৱাই ভাৰতীয় প্রশাসনিক সেৱাৰ প্ৰতিযোগিতাত উত্তীৰ্ণ হৈছিল।
২। আনন্দৰাম বৰুৱাই ভাৰতত কোন স্থানত উত্তীৰ্ণ হৈছিল?
উত্তৰঃ আনন্দৰাম বৰুৱা প্ৰথমজন অসমীয়া আৰু পঞ্চমজন ভাৰতীয় হিচাপে উত্তীৰ্ণ হৈছিল।
৩। আনন্দৰাম বৰুৱা পাঠৰ অধ্যয়নে ছাত্র-ছাত্রীক কিহত সহায় কৰে?
উত্তৰঃ আনন্দৰাম বৰুৱা পাঠৰ অধ্যয়নে ছাত্র-ছাত্রীক এই গুণৰাজিৰ প্ৰতি আকৰ্ষিত কৰে আৰু মানসিক বিকাশ সাধন কৰে।
৪। উপেন্দ্র চন্দ্র লেখাৰুৰ জন্ম কেতিয়া হৈছিল?
উত্তৰঃ উপেন্দ্র চন্দ্র লেখাৰুৰ ১৯০৫ চনত জন্ম হৈছিল।
৫। উপেন্দ্র চন্দ্র লেখাৰুৰ মৃত্যু কেতিয়া হৈছিল?
উত্তৰঃ উপেন্দ্র চন্দ্র লেখাৰুৰ মৃত্যু ১৯৭৯ চনত হৈছিল।
৬। উপেন্দ্র চন্দ্র লেখাৰু কোন সাহিত্যৰ গৱেষক পণ্ডিত?
উত্তৰঃ উপেন্দ্র চন্দ্র লেখাৰু অসমীয়া বৈষ্ণৱ সাহিত্যৰ অন্যতম গৱেষক পণ্ডিত।
৭। উপেন্দ্র চন্দ্র লেখাৰুৱে কোন দুটা বিষয়ত এম.এ. ডিগ্ৰী লাভ কৰিছিল?
উত্তৰঃ উপেন্দ্র চন্দ্র লেখাৰুৱে ডিগ্ৰী লাভ কৰা দুটা বিষয় হ’ল- অসমীয়া আৰু বাংলা বিষয়ত।
৮। উপেন্দ্র চন্দ্র লেখাৰুৱে প্ৰথম শিক্ষকতা ক’ত আৰম্ভ কৰিছিল?
উত্তৰঃ উপেন্দ্র চন্দ্র লেখাৰুৱে প্ৰথম শিক্ষকতা উত্তৰ গুৱাহাটীৰ কমলদেৱ হাইস্কুলত আৰম্ভ কৰিছিল।
৯। উপেন্দ্র চন্দ্র লেখাৰু কটন কলেজত কি পদত আছিল?
উত্তৰঃ উপেন্দ্র চন্দ্র লেখাৰু কটন কলেজত অসমীয়া বিভাগৰ বিভাগীয় মুৰব্বী (অধ্যাপক) হিচাপে আছিল।
১০। উপেন্দ্র চন্দ্র লেখাৰু সম্পাদনা কৰা বৃহৎ গ্ৰন্থখনৰ নাম কি?
উত্তৰঃ উপেন্দ্র চন্দ্র লেখাৰু সম্পাদনা কৰা বৃহৎ গ্ৰন্থখনৰ নাম হ’ল – ‘কথা-গুৰু-চৰিত’।
১১। উপেন্দ্র চন্দ্র লেখাৰু উল্লেখযোগ্য গ্ৰন্থ সমূহৰ নাম লিখা।
উত্তৰঃ উপেন্দ্র চন্দ্র লেখাৰু উল্লেখযোগ্য গ্ৰন্থ সমূহৰ নাম হ’ল- ‘অসমীয়া ৰামায়ণ সাহিত্য’, ‘অসমীয়া সাহিত্যৰ সেৱক ৰজনীকান্ত বৰদলৈ’, ‘লক্ষ্মীনাথ বেজবৰুৱা’।
১২। উপেন্দ্র চন্দ্র লেখাৰু অনুবাদমূলক গ্ৰন্থকেইখনৰ নাম লিখা।
উত্তৰঃ উপেন্দ্র চন্দ্র লেখাৰু অনুবাদমূলক গ্ৰন্থকেইখনৰ নাম হ’ল- ‘শ্রীশ্রী ৰামকৃষ্ণৰ উপদেশ’, ‘ধম্মপদ’, ‘এনক আর্ডেন’।
১৩। ১৯৭০ চনত ধিঙত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ কি দায়িত্ব পালন কৰিছিল?
উত্তৰঃ ১৯৭০ চনত ধিঙত অনুষ্ঠিত অসম সাহিত্য সভাৰ সপ্তত্রিংশ অধিৱেশনত তেওঁ সভাপতিত্ব কৰে।
১৪। ক্ষণজন্মা শব্দৰ অৰ্থ লিখা।
উত্তৰঃ ক্ষণজন্মা শব্দৰ অৰ্থ হ’ল- অতি শুভ সময়ত জন্ম হোৱা, ভাগ্যৱান।
১৫। উপৰিস্থসকল শব্দৰ অৰ্থ লিখা।
উত্তৰঃ উপৰিস্থসকল শব্দৰ অৰ্থ হ’ল- জ্যেষ্ঠসকল।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

