Class 12 Assamese Important Chapter 1 মোৰ মাতৃমুখ দৰ্শন Question Answer As Per AHSEC New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters ASSEB Class 12 Assamese Important Solutions and select need one. AHSEC Class 12 Assamese Additional Notes Download PDF. HS 2nd Year Assamese Important Solutions.
Class 12 Assamese Important Chapter 1 মোৰ মাতৃমুখ দৰ্শন
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. ASSEB Class 12 Assamese Additional Question Answer are part of All Subject Solutions. Here we have given HS 2nd Year Assamese Important Notes for All Chapters, You can practice these here.
মোৰ মাতৃমুখ দৰ্শন
Chapter: 1
| গোট – ১: গদ্য |
| IMPORTANT QUESTION AND ANSWER |
১। লক্ষ্মীনাথ বেজবৰুৱাক আধুনিক অসমীয়া সাহিত্যত কি বুলি কোৱা হয়?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাক আধুনিক অসমীয়া সাহিত্যৰ কাণ্ডাৰী বুলি কোৱা হয়।
২। বেজবৰুৱাই অসমীয়া সাহিত্যক কেনেদৰে সমৃদ্ধ কৰিছে?
উত্তৰঃ বেজবৰুৱাই কবিতা, নাটক, উপন্যাস, চুটিগল্প আৰু প্ৰবন্ধ আদিত উল্লেখযোগ্য অৱদান আগবঢ়াই অসমীয়া সাহিত্য সমৃদ্ধ কৰিছে।
৩। ‘সাহিত্যৰথী’ উপাধি কোনে লাভ কৰিছে?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই ‘সাহিত্যৰথী’ উপাধি লাভ কৰিছে।
৪। বেজবৰুৱাই আত্মজীৱনীৰ উপৰি আন কি ধৰণৰ গদ্য-ৰচনা লিখিছিল?
উত্তৰঃ বেজবৰুৱাই আলোচনীৰ পাতত কেইবাটাও আত্ম-জীৱনীমূলক প্রবন্ধ আৰু ভ্ৰমণ কাহিনী লিখিছিল।
৫। বেজবৰুৱাই আত্মজীৱন-কথা ‘মোৰ জীৱন সোঁৱৰণ’ত প্ৰকাশ কৰাৰ উপৰিও কি লিখিছিল?
উত্তৰঃ বেজবৰুৱাই আত্মজীৱন-কথা ‘মোৰ জীৱন সোঁৱৰণ’ত প্ৰকাশ কৰাৰ উপৰিও আলোচনীৰ পাতত কেইবাটাও আত্ম-জীৱনীমূলক প্রবন্ধ আৰু ভ্ৰমণ কাহিনী লিখিছিল।
৬। লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম ক’ত হৈছিল?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম অবিভক্ত নগাঁও জিলাৰ আঁহতগুৰিত হৈছিল।
৭। লক্ষ্মীনাথ বেজবৰুৱাই কোনবছৰত শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা এন্ট্রেন্স পৰীক্ষাত উত্তীর্ণ হৈছিল?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই ১৮৮৬ চনত শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা এন্ট্রেন্স উত্তীর্ণ হৈছিল।
৮। কলকাতাত থাকোঁতে বেজবৰুৱাই কোনটো সভা প্ৰতিষ্ঠা কৰিছিল?
উত্তৰঃ কলকাতাত থাকোঁতে বেজবৰুৱাই ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ প্ৰতিষ্ঠা কৰিছিল।
৯। লক্ষ্মীনাথ বেজবৰুৱাই কোন আলোচনী প্ৰকাশত আগভাগ লৈছিল?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই ‘জোনাকী’ আলোচনী প্ৰকাশত আগভাগ লৈছিল।
১০। লক্ষ্মীনাথ বেজবৰুৱাৰ পত্নীৰ নাম কি আছিল?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ পত্নীৰ নাম আছিল প্রজ্ঞা সুন্দৰী দেৱী।
১১। জোনাকীৰ জৰিয়তে অসমীয়া সাহিত্যলৈ কি প্রবাহিত হয়?
উত্তৰঃ জোনাকীৰ জৰিয়তে অসমীয়া সাহিত্যলৈ ৰমন্যাসৰ ধল প্রবাহিত হয়।
১২। ‘জোনাকী’ আলোচনীখনত বেজবৰুৱাই কি ধৰণৰ গল্প প্ৰকাশ কৰিছিল?
উত্তৰঃ ‘জোনাকী’ আলোচনীখনত বেজবৰুৱাই অসমীয়া চুটিগল্প প্ৰকাশ কৰিছিল।
১৩। বেজবৰুৱাৰ উল্লেখযোগ্য বুৰঞ্জীমূলক নাটক কোনবিলাক?
উত্তৰঃ বেজবৰুৱাৰ উল্লেখযোগ্য বুৰঞ্জীমূলক নাটক হ’ল- জয়মতী কুঁৱৰী, চক্ৰধ্বজ সিংহ, বেলিমাৰ।
১৪। বেজবৰুৱাৰ বিখ্যাত উপন্যাসটোৰ নাম কি?
উত্তৰঃ বেজবৰুৱাৰ বিখ্যাত উপন্যাসটোৰ নাম হ’ল- পদুম কুঁৱৰী।
১৫। বেজবৰুৱাৰ বিখ্যাত চুটিগল্পবোৰৰ নাম লিখা।
উত্তৰঃ বেজবৰুৱাৰ বিখ্যাত চুটিগল্পবোৰৰ নাম হ’ল- জোনবিৰি, সাধুকথাৰ কুঁকি, সুৰভি, কেহোকলি।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.

