Class 12 Assamese Important Chapter 16 কৰুণতম Question Answer As Per AHSEC New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters ASSEB Class 12 Assamese Important Solutions and select need one. AHSEC Class 12 Assamese Additional Notes Download PDF. HS 2nd Year Assamese Important Solutions.
Class 12 Assamese Important Chapter 16 কৰুণতম
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. ASSEB Class 12 Assamese Additional Question Answer are part of All Subject Solutions. Here we have given HS 2nd Year Assamese Important Notes for All Chapters, You can practice these here.
কৰুণতম
Chapter: 16
| গোট – ২: পদ্য |
| IMPORTANT QUESTION AND ANSWER |
১। ড° নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতাপুথিখনৰ নাম কি?
উত্তৰঃ ড° নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতাপুথিখনৰ নাম হ’ল- ‘বনফৰিঙৰ ৰং’।
২। ড° নিৰ্মল প্ৰভা বৰদলৈয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কোনখন আসনৰ অধ্যাপিকা হিচাপে অৱসৰ গ্ৰহণ কৰে?
উত্তৰঃ ড° নিৰ্মল প্ৰভা বৰদলৈয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ জৱাহৰলাল নেহৰু আসনৰ অধ্যাপিকা হিচাপে অৱসৰ গ্ৰহণ কৰে।
৩। কোনখন গ্ৰন্থৰ বাবে ড° নিৰ্মলপ্ৰভা বৰদলৈয়ে সাহিত্য অকাডেমী বঁটা লাভ কৰে?
উত্তৰঃ সুদীর্ঘ দিন আৰু ঋতু’ৰ গ্ৰন্থৰ বাবে ড° নিৰ্মলপ্ৰভা বৰদলৈয়ে সাহিত্য অকাডেমী বঁটা লাভ কৰে।
৪। ‘কৰুণতম’ নামক কবিতাটি কোনখন কবিতা পুথিৰ পৰা লোৱা হৈছে?
উত্তৰঃ ‘কৰুণতম’ নামক কবিতাটি বৰদলৈৰ ‘দিনৰ পাছত দিন’ নামৰ কাব্য কবিতা পুথিৰ পৰা লোৱা হৈছে।
৫। নিৰ্মলপ্ৰভা বৰদলৈৰ দুখন গৱেষণামূলক গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ নিৰ্মলপ্ৰভা বৰদলৈৰ দুখন গৱেষণামূলক গ্ৰন্থৰ নাম হ’ল- ‘শিৱ’ আৰু ‘সূৰ্য্য’।
৬। ‘কৰুণতম’ কবিতাটিৰ আধাৰ লোকজীৱন- কথাষাৰ শুদ্ধনে?
উত্তৰঃ ‘কৰুণতম’ কবিতাটিৰ আধাৰ লোকজীৱন- কথাষাৰ শুদ্ধ।
৭। ‘কৰুণতম’ কবিতাটিত কবিয়ে মাতৃৰ স্মৃতি কেনেকৈ জাগ্রত হয় বুলি উল্লেখ কৰিছে?
উত্তৰঃ ‘কৰুণতম’ কবিতাত কবিয়ে মাতৃৰ স্মৃতিৰ জাগৰণ এক বিশেষভাৱে প্ৰকাশ কৰিছে। কবিয়ে কৈছে যে দোকানৰ জাপ-ভঙা গামোচাৰ সুবাস নাকত আহি লাগিলেই তেওঁৰ মাতৃৰ স্মৃতি জাগি উঠে। এই গন্ধে তেওঁক মুহূৰ্ততে অতীতলৈ লৈ যায়, য’ত মাতৃৰ স্নেহ, মমতা আৰু সংসাৰৰ স্পৰ্শেৰে ভৰা জীৱনৰ ছবি স্পষ্ট হৈ উঠে। গোন্ধৰ এই অনুভৱই যেন তেওঁৰ হৃদয়ত মাতৃৰ উপস্থিতি পুনৰ জীৱন্ত কৰি তোলে।
৮। ‘কৰুণতম’ কবিতাত কবিয়ে মাকক ক’ত হেৰাই পায়?
উত্তৰঃ ‘কৰুণতম’ কবিতাত কবিয়ে মাতৃক দোকানৰ জাপ-ভঙা গামোচাৰ সুবাসত হেৰা পায়।
৯। ‘কৰুণতম’ কবিতাটোত কবি গৰাকী কোন?
উত্তৰঃ ‘কৰুণতম’ কবিতাটোত কবি গৰাকী ড° নিৰ্মল প্ৰভা বৰদলৈ।
১০। ড° নিৰ্মলপ্ৰভা বৰদলৈৰ ক’ত কেতিয়া জন্ম হৈছিল?
উত্তৰঃ ড° নিৰ্মলপ্ৰভা বৰদলৈৰ শিৱসাগৰত ১৯৩৩ চনত জন্ম হৈছিল।
১১। ড° বৰদলৈয়ে ক’ৰপৰা অৱসৰ গ্ৰহণ কৰিছিল?
উত্তৰঃ ড° বৰদলৈয়ে গুৱাহাটীৰ বিশ্ববিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।
১২। ড° নিৰ্মলপ্ৰভা বৰদলৈ অসম সাহিত্য সভাৰ কোন অধিৱেশনৰ সভানেত্রী আছিল?
উত্তৰঃ ড° নিৰ্মলপ্ৰভা বৰদলৈ অসম সাহিত্য সভাৰ দুধনৈ অধিৱেশনৰ সভানেত্রী আছিল।
১৩। ‘কৰুণতম’ কবিতাটো কবিৰ কোনখন কাব্যগ্ৰন্থৰ অন্তৰ্গত?
উত্তৰঃ ‘কৰুণতম’ কবিতাটো কবিৰ বৰদলৈৰ ‘দিনৰ পাছত দিন’ নামৰ কাব্যগ্ৰন্থৰ অন্তৰ্গত।
১৪। ড° নিৰ্মলপ্ৰভা বৰদলৈৰ ৰচিত প্রথম কবিতাপুথিখন কি?
উত্তৰঃ ড° নিৰ্মলপ্ৰভা বৰদলৈৰ ৰচিত প্রথম কবিতাপুথিখন হ’ল- ‘বনফৰিঙৰ ৰং’।
১৫। ড° নিৰ্মলপ্ৰভা বৰদলৈয়ে কেতিয়া সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?
উত্তৰঃ ড° নিৰ্মলপ্ৰভা বৰদলৈয়ে ১৯৮৩ চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.

