Class 12 Assamese Important Chapter 15 উভতি নহাৰ কবিতা

Class 12 Assamese Important Chapter 15 উভতি নহাৰ কবিতা Question Answer As Per AHSEC New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters ASSEB Class 12 Assamese Important Solutions and select need one. AHSEC Class 12 Assamese Additional Notes Download PDF. HS 2nd Year Assamese Important Solutions.

Class 12 Assamese Important Chapter 15 উভতি নহাৰ কবিতা

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. ASSEB Class 12 Assamese Additional Question Answer are part of All Subject Solutions. Here we have given HS 2nd Year Assamese Important Notes for All Chapters, You can practice these here.

Chapter: 15

গোট – ২: পদ্য
IMPORTANT QUESTION AND ANSWER

১। ‘উভতি নহাৰ কবিতা’ কবিতাটি কোনখন কাব্য-সংকলনৰ পৰা লোৱা হৈছে?

উত্তৰঃ ‘উভতি নহাৰ কবিতা’ কবিতাটি ‘দলঙত তামীঘৰা’ নামৰ কাব্য সংকলনৰ পৰা লোৱা হৈছে।

২। নৱকান্ত বৰুৱাই ৰচনা কৰা যিকোনো এখন কাব্যগ্ৰন্থৰ নাম লিখাঁ।

উত্তৰঃ নৱকান্ত বৰুৱাই ৰচনা কৰা যিকোনো এখন কাব্যগ্ৰন্থৰ নাম হ’ল- ‘ৰাৱণ’। 

৩। ‘তামীঘৰা’ শব্দটোৰ অৰ্থ লিখা।

উত্তৰঃ ‘তামীঘৰা’ শব্দটোৰ অৰ্থ হ’ল- তম্বু।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। ‘যন্ত্রণা মোৰ জীয়াৰ মন্ত্র’ ইয়াত ‘জীয়াৰ’ শব্দটোৰ অর্থ কি?

উত্তৰঃ ‘যন্ত্রণা মোৰ জীয়াৰ মন্ত্র’ ইয়াত ‘জীয়াৰ’ শব্দটোৰ অর্থ হ’ল- জীৱন।

৫। নৱকান্ত বৰুৱাই কোন চনত জন্মগ্রহণ কৰিছিল?

উত্তৰঃ নৱকান্ত বৰুৱাই ১৯২৬ চনত জন্মগ্রহণ কৰিছিল।

৬। নৱকান্ত বৰুৱাৰ জীয়াই থকাৰ মন্ত্ৰ কি?

উত্তৰঃ নৱকান্ত বৰুৱাৰ জীয়াই থকাৰ মন্ত্ৰ হ’ল- ‘যন্ত্ৰণা’।

৭। কুৰি শতিকাৰ পঞ্চাশৰ দশকৰ পৰা ষাঠিৰ দশকলৈ অসমীয়া সাহিত্যত কোনটো আলোচনীয়ে বিশেষ গুৰুত্ব লাভ কৰিছিল?

উত্তৰঃ কুৰি শতিকাৰ পঞ্চাশৰ দশকৰ পৰা ষাঠিৰ দশকলৈ অসমীয়া সাহিত্যত ‘ৰামধেনু’ আলোচনীয়ে বিশেষ গুৰুত্ব লাভ কৰিছিল।

৮। ‘উভতি নহাৰ কবিতা’টি কোন শ্ৰেণীৰ কবিতা?

উত্তৰঃ ‘উভতি নহাৰ কবিতা’ আধুনিক যুগৰ এক বাস্তৱবাদী দার্শনিক কবিতা।

৯। নৱকান্ত বৰুৱাৰ কাব্য-চর্চাত কোনখন আলোচনীৰ অৱদান স্মৰণীয়?

উত্তৰঃ নৱকান্ত বৰুৱাৰ কাব্য-চর্চাত ‘ৰামধেনু’ৰ আলোচনীৰ অৱদান স্মৰণীয়।

১০। নৱকান্ত বৰুৱাৰ ‘ৰত্নাকৰ’ এখন উপন্যাস- কথাষাৰ শুদ্ধনে?

উত্তৰঃ নৱকান্ত বৰুৱাৰ ‘ৰত্নাকৰ’ এখন উপন্যাস- কথাষাৰ অশুদ্ধ।

১১। ৰাৱণ কাব্যগ্ৰন্থৰ ৰচক কোন?

উত্তৰঃ ৰাৱণ কাব্যগ্ৰন্থৰ ৰচক নৱকান্ত বৰুৱা।

১২। নৱকান্ত বৰুৱাই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?

উত্তৰঃ নৱকান্ত বৰুৱাই ‘ককাদেউতাৰ হাড়’ গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।

১৩। ‘জোনবাই’ নামৰ শিশু-আলোচনীখনৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল?

উত্তৰঃ ‘জোনবাই’ নামৰ শিশু-আলোচনীখনৰ প্ৰথমগৰাকী সম্পাদক নৱকান্ত বৰুৱা আছিল।

১৪। ‘যন্ত্রণা মোৰ জীয়াৰ মন্ত্র’ শব্দৰ অৰ্থ কি?

উত্তৰঃ ‘যন্ত্রণা মোৰ জীয়াৰ মন্ত্র’ শব্দৰ অৰ্থ হ’ল- কবিয়ে জীৱনত লাভ কৰা দুখ-যন্ত্ৰণাৰ পৰাই শিক্ষা লাভ কৰিছে জীৱন-যুদ্ধ চলাবলৈ।

১৫। নৱকান্ত বৰুৱা কোন যুগৰ কবি?

উত্তৰঃ নৱকান্ত বৰুৱা আধুনিক যুগৰ কবি।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top