Class 11 Sociology Additional Chapter 8 পৰিৱেশ আৰু সমাজ

Class 11 Sociology Additional Chapter 8 পৰিৱেশ আৰু সমাজ Solutions, HS 1st Year Sociology Additional Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Sociology Important Solutions and select needs one.

Class 11 Sociology Additional Chapter 8 পৰিৱেশ আৰু সমাজ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. AHSEC Class 11 Sociology Additional and Short Type Question Answer. These solutions are part of AHSEC All Subject Solutions. Here we have given HS 1st Year Sociology Additional Notes for All Subject, You can practice these here.

Chapter – 8

SOCIOLOGY

ADDITIONAL QUESTION ANSWER

চমু প্ৰশ্নোত্তৰ:

১। পৰিৱেশ শব্দটো ক’ৰ পৰা আহিছে ?

উত্তৰঃ পৰিৱেশ ইংৰাজী প্ৰতিশব্দ ‘Environment ‘. ই ফৰাচী ভাষাৰ ‘Environer’ শব্দৰ পৰা আহিছে। যাৰ অৰ্থ হৈছে চৌপাশে থকা জৈৱ বা অজৈৱ সকলো ধৰণৰ বস্তু।

২। MIC ৰ সম্পূৰ্ণ অৰ্থ লিখা।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ মিথাইল আইছ’ চায়েনেট।

৩। গোলকীয় উষ্ণতা বৃদ্ধিৰ মূল কাৰণ কি ?

উত্তৰঃ বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইড, মিথেন আদি গেছৰ পৰিমাণ বৃদ্ধিয়েই গোলকীয় উষ্ণতা বৃদ্ধিৰ মূল কাৰণ।

৪। পৰিৱেশৰ ভাগ দুটা কি কি ? 

উত্তৰঃ পৰিৱেশৰ ভাগ দুটা হ’ল— 

(ক) ভৌতিক পৰিৱেশ।

(খ) সামাজিক পৰিৱেশ।

৫। মানৱ সৃষ্ট পৰিৱেশৰ দুটা উদাহৰণ দিয়া।

উত্তৰঃ ঘৰ-দুৱাৰ আৰু যান-বাহন।

৬। ভৌতিক পৰিৱেশৰ ভাগ দুটা কি কি ? 

উত্তৰঃ ভৌতিক পৰিৱেশৰ ভাগ দুটা হ’ল — 

(ক) প্ৰাকৃতিক পৰিৱেশ।

(খ) মানৱ সৃষ্ট পৰিৱেশ।

৭। সামাজিক পৰিৱেশৰ ভাগ কেইটা আৰু কি কি ?

উত্তৰঃ সামাজিক পৰিৱেশৰ ভাগ তিনিটা। 

সেইকেইটা হ’ল—

(ক) অৰ্থনৈতিক পৰিৱেশ।

(খ) ৰাজনৈতিক পৰিৱেশ।

(গ) সাংস্কৃতিক পৰিৱেশ।

৮। পৰিস্থিতি বিজ্ঞান বুলিলে কি বুজা ?

উত্তৰঃ পৰিস্থিতি বিজ্ঞান শব্দটোৱে ভৌতিক আৰু জৈৱিক পদ্ধতি আৰু প্ৰক্ৰিয়াৰ জালখনৰ অৰ্থ প্ৰকাশ কৰে, যিখন জালৰ মানুহো এটা উপাদান। পৰ্বত, পাহাৰ, নৈ, সমতল, গছ-গছনি, জীৱ-জন্তু এই সকলোবোৰ পৰিস্থিতি বিজ্ঞানৰ অন্তৰ্ভুক্ত।

৯। শব্দ প্ৰদূষণৰ দুটা উদাহৰণ দিয়া।

উত্তৰঃ শব্দ প্ৰদূষণৰ দুটা উদাহৰণ হ’ল —

(ক) ফটকা।

(খ) যান-বাহনৰ হৰ্ণ।

১০। প্ৰাকৃতিক পৰিৱেশ বুলিলে কি বুজা ?

উত্তৰঃ প্ৰাকৃতিক পৰিৱেশ বুলিলে প্ৰকৃতিৰ বিভিন্ন উপাদানসমূহৰ সমষ্টিকে বুজায়। যেনে– ৰ’দ, বৰষুণ, বায়ু, পানী, সূৰ্যৰ শক্তি ইত্যাদি।

১১। ভৌতিক পৰিৱেশ বুলিলে কি বুজা ?

উত্তৰঃ পৰ্বত-পাহাৰ, জান-জুৰি, নদ-নদী, হাবি-বন, মাটি, পানী, বায়ু, সূৰ্যৰ শক্তি, জীৱ-জন্তু, ঘৰ-দুৱাৰ, গাড়ী-মটৰ, ৰাস্তা-ঘাট, উদ্যোগ আৰু বিভিন্ন আচবাব আদিৰ সমষ্টিৰে গঠিত পৰিৱেশক ভৌতিক পৰিৱেশ বুলি ক’ব পাৰি।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top