Class 11 Sociology Additional Chapter 9 পাশ্চাত্য সমাজতত্ত্ববিদসকলৰ পৰিচয়

Class 11 Sociology Additional Chapter 9 পাশ্চাত্য সমাজতত্ত্ববিদসকলৰ পৰিচয় Solutions, HS 1st Year Sociology Additional Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Sociology Important Solutions and select needs one.

Class 11 Sociology Additional Chapter 9 পাশ্চাত্য সমাজতত্ত্ববিদসকলৰ পৰিচয়

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Sociology Additional and Short Type Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given HS 1st Year Sociology Additional Notes for All Subject, You can practice these here.

Chapter – 9

SOCIOLOGY

ADDITIONAL QUESTION ANSWER

চমু প্ৰশ্নোত্তৰ:

১। তিনিটা সামাজিক বিপ্লৱ কি কি ? 

উত্তৰঃ তিনিটা সামাজিক বিপ্লৱ হ’ল—

(ক) জ্ঞানোদয় যুগ।

(খ) ফৰাচী বিপ্লৱ।

(গ) শিল্প বিপ্লৱ।

২। সামাজিক ঘটনা কি ?

উত্তৰঃ সামূহিক আচৰণ আৰু বিশ্বাস পদ্ধতিৰ লগত জড়িত থকা সামাজিক বাস্তৱৰ অংশবিশেষ এইবোৰ ব্যক্তিসকলৰ দ্বাৰা সৃষ্টি কৰা হোৱা নাই; কিন্তু তেওঁলোকক মানিবলৈ বাধ্য কৰোৱা যায় আৰু ইয়াৰ দ্বাৰা তেওঁলোকৰ আচৰণক প্ৰভাৱান্বিত কৰা হয় সেয়েহে হ’ল সমাজ।

৩। মাৰ্ক্সৰ মতে সমাজে অতিক্রম কৰি অহা স্তৰবোৰ কি কি ?

উত্তৰঃ মাৰ্ক্সৰ মতে সমাজে অতিক্রম কৰি অহা স্তৰবোৰ হ’ল—

(ক) আদিম সাম্যবাদ।

(খ) দাস ব্যৱস্থা।

(গ) সামন্তবাদী।

(ঘ) পুঁজিবাদী ব্যৱস্থা।

৪। জ্ঞানোদয় যুগৰ মানে কি ?

উত্তৰঃ ১৭ শ শতিকাৰ শেষভাগৰপৰাই ইউৰোপৰ বৌদ্ধিক মহলত এক মৌলিক ভাৱধাৰাৰ উন্মেষ ঘটিছিল। তেওঁলোকে এই ভাৱধাৰা বা দৃষ্টিভংগীৰ সহায়েৰে সমগ্ৰ বিশ্বক নতুনকৈ চোৱাৰ প্ৰয়াস কৰিছিল। এই কালছোৱাকে জ্ঞানোদয় যুগ বুলি কোৱা হয়।

৫। শ্ৰমবিভাজন ওপৰত দুৰখেইমে সমাজক কেইটা ভাগত ভাগ কৰিছে আৰু কি কি ?

উত্তৰঃ শ্ৰমবিভাজন ওপৰত দুৰখেইমে সমাজক দুটা ভাগত ভাগ কৰিছে।

সেইকেইটা হ’ল—

(ক) যান্ত্ৰিক সমাজ।

(খ) জৈৱিক সমাজ।

৬। কাৰ্ল মাৰ্ক্সৰ মুখ্য কিতাপখন কি আৰু কেতিয়া প্ৰকাশ পাইছিল ?

উত্তৰঃ কাৰ্ল মাৰ্ক্সৰ মুখ্য কিতাপখন হ’ল– Das Capital. কাৰ্ল মাৰ্ক্সৰ মুখ্য কিতাপখন ১৮৬৭ চনত প্ৰকাশ পাইছিল।

৭। শিল্প বিপ্লৱ ক’ত আৰু কেতিয়া হৈছিল ?

উত্তৰঃ ১৭ শ শতিকাত ইংলেণ্ডত হৈছিল।

৮। আমোলাতন্ত্ৰ কি ? 

উত্তৰঃ ব্যক্তিয়ে নিজৰ কৰ্তব্য আৰু দায়িত্ব পালন কৰা এক শক্তিশালী আৰু বিজ্ঞানসন্মত প্ৰশাসনিক ব্যবস্থাক আমোলাতন্ত্ৰ বুলি কোৱা হয়।

৯। ফৰাচী বিপ্লৱৰ আদর্শ তিনিটা কি কি ?

উত্তৰঃ ফৰাচী বিপ্লৱৰ আদর্শ তিনিটা হ’ল–

(ক) স্বাধীনতা।

(খ) সমতা।

(গ) ভাতৃত্ব।

১০। পাশ্চাত্যৰ তিনিজন সমাজতত্ত্ববিদ নাম লিখা

উত্তৰঃ পাশ্চাত্যৰ তিনিজন সমাজতত্ত্ববিদ নাম হ’ল–

(ক) কাৰ্ল মাৰ্ক্স।

(খ) ইমাইল দুৰখেইম।

(গ) মেক্স ৱেবাৰ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top