Class 11 Sociology Additional Chapter 4 সংস্কৃতি আৰু সমাজিকৰণ

Class 11 Sociology Additional Chapter 4 সংস্কৃতি আৰু সমাজিকৰণ Solutions, HS 1st Year Sociology Additional Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Sociology Important Solutions and select needs one.

Class 11 Sociology Additional Chapter 4 সংস্কৃতি আৰু সমাজিকৰণ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Sociology Additional and Short Type Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given HS 1st Year Sociology Additional Notes for All Subject, You can practice these here.

Chapter – 4

SOCIOLOGY

ADDITIONAL QUESTION ANSWER

চমু প্ৰশ্নোত্তৰ:

১। সংস্কৃতি বুলিলে কি বুজা ?

উত্তৰঃ সংস্কৃতি হৈছে জীৱন ধাৰণৰ উপায়। সংস্কতিয়ে মানুহৰ আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি, চাল-চলন, শিক্ষা-দীক্ষা, ধৰ্ম-বিশ্বাস, সাজ-পাৰ, মাত-কথা, নৃত্য-গীত আদি সকলো দিশকে সামৰি লয়।

২। সামাজিকৰণ বুলিলে কি বুজা ?

উত্তৰঃ সমাজিকৰণ হ’ল এটা বিশেষ প্ৰক্ৰিয়া। ব্যক্তিসকল সমাজৰ দ্বাৰা স্বীকৃত ৰীতি-নীতি আৰু মূল্যবোধ আচৰণ পদ্ধতি আৰু কৰ্তব্যবোধ আদিৰ শিক্ষা দি উপযুক্ত নাগৰিক হিচাপে গঢ়ি তোলা প্ৰক্ৰিয়াকে সমাজিকৰণ বুলি কোৱা হয়।

৩। সংস্কৃতি কেই প্ৰকাৰৰ আৰু কি কি ?

উত্তৰঃ সংস্কৃতিৰ দুই প্ৰকাৰৰ–

(ক) বস্তুবাদী সংস্কৃতি। আৰু

(খ) অবস্তুবাদী সংস্কৃতি।

৪। সমাজিক নিয়ন্ত্ৰণৰ প্ৰতিনিধিসমূহ কি কি ?

উত্তৰঃ সামাজিক নিয়ন্ত্ৰণৰ প্ৰতিনিধিসমূহ হ’ল— পৰিয়াল, প্ৰথা, আইন, ধৰ্ম।

৫। উপ-সংস্কৃতি মানে কি ?

উত্তৰঃ উপ-সংস্কৃতি মানে এক বৃহৎ সংস্কৃতিৰ ভিতৰতে গঢ় লৈ উঠা কিছুসংখ্যক লোকৰ সমূহ, যিসকলে বৃহৎ সংস্কৃতিৰ পৰা আহৰণ কৰা প্ৰতীক, মূল্যবোধ আৰু বিশ্বাসত নতুনত্বৰ সংযোজনেৰে কিছু সাল-সলনি ঘটাই তাক গ্ৰহণ কৰে আৰু জনমানসত এক সুকীয়া পৰিচয়েৰে আত্মপ্ৰকাশ কৰে। উপ-সংস্কৃতি ব্যক্তিসকলৰ ধৰণ-কৰণ, ৰুচিবোধ, কথাবার্তা আদিৰ দ্বাৰা প্ৰকাশ পায়। 

৬। সাংস্কৃতিক পৰিৱৰ্তন কি ? 

উত্তৰঃ সাংস্কৃতিক পৰিৱৰ্তন হৈছে সমাজে সংস্কৃতিৰ আৰ্হি পৰিৱৰ্তন কৰা এক ধাৰা। এনে সাংস্কৃতিক পৰিৱৰ্তন কেতিয়াও অতি ধীৰ গতিৰেও হ’ব পাৰে আৰু কেতিয়াবা ক্ষিপ্ৰ হ’বও পাৰে। 

৭। গোষ্ঠীকেন্দ্ৰিক মানসিকতা কি ? 

উত্তৰঃ গোষ্ঠীকেন্দ্ৰিক মানসিকতা হৈছে নিজৰ সংস্কৃতিৰ মূল্যবোধৰে অন্য সংস্কৃতিৰ লোকসকলৰ ব্যৱহাৰ আৰু বিশ্বাসক মূল্যায়ন কৰা। গোষ্ঠীকেন্দ্ৰিক মানসিকতা সাধাৰণতে তুলনাৰ পৰাই সৃষ্টি হয় আৰু অন্তৰালত নিজৰ সংস্কৃতিৰ শ্ৰেষ্ঠতাবোধ লুকাই থাকে। 

৮।  সংস্কৃতি আৰু সভ্যতাৰ মাজত সম্পৰ্ক কি ? 

উত্তৰঃ সভ্যতা হৈছে সংস্কৃতিৰ পিছত অৱস্থা। সংস্কৃতিয়ে যেতিয়া এটা লিখিত ভাষা, বিজ্ঞান, দৰ্শন, শ্ৰম বিভাজন, প্ৰযুক্তিবিদ্যা আৰু এক বিশেষ ৰাজনৈতিক শাসন প্ৰণালীৰে পৰিপুষ্ট হৈ পৰে তেতিয়া ই সভ্যতালৈ ৰূপান্তৰিত হয়। 

৯। ব্যক্তিত্ব মানে কি ? 

উত্তৰঃ ব্যক্তিত্ব হৈছে এজন ব্যক্তিৰ দৈহিক, সামাজিক, বৈশিষ্ট্য, আশা-আকাংক্ষা, আচৰণ, অভিজ্ঞতা, ৰুচি-অভিৰুচি, অভ্যাস আদি সকলোবোৰৰ এক জটিল সংমিশ্ৰণ। 

১০। সংস্কৃতিৰ শব্দটো ক’ৰ পৰা আহিছে ? ইয়াৰ অৰ্থ কি ?

উত্তৰঃ সংস্কৃতি ইংৰাজী প্ৰতিশব্দ ‘Culture’। ই লেটিন ভাষাৰ ‘Colere’ শব্দৰ পৰা উৎপত্তি হৈছে। ইয়াৰ অৰ্থ হ’ল উৎকৰ্ষ সাধন কৰা।

১১। অবস্তুবাদী সংস্কৃতি কাক বোলে ? 

উত্তৰঃ মানুহৰ চিন্তা-চৰ্চা, ধ্যান-ধাৰণা, ৰীতি-নীতি, ধৰ্মবিশ্বাস, জ্ঞান, বিচাৰ আদিৰ জৰিয়তে যি সংস্কৃতিৰ বিকাশ ঘটে, তাকেই অবস্তুবাদী সংস্কৃতি বুলি কোৱা হয়। 

১২। সমাজিকৰণৰ দুটা প্ৰতিনিধি উল্লেখ কৰা।

উত্তৰঃ সমাজিকৰণৰ দুটা প্ৰতিনিধি হ’ল— 

(ক) পৰিয়াল ।

(খ) শিক্ষানুষ্ঠান।

১৩। বিক্ষিপ্তকৰণ প্ৰক্ৰিয়াত ইন্ধন যোগোৱা দুটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ (ক) এজন দেশৰ সংস্কৃতি অন্য এখন দেশ বা সমাজৰ সংস্কৃতিৰ দ্বাৰা প্ৰভাৱিত হ’লে।

(খ) এখন সমাজৰ সংস্কৃতি আন এখন সমাজৰ সংস্কৃতিত কম-বেছি পৰিমাণে সংমিশ্ৰিত হ’লে। 

১৪। সাংস্কৃতিক পৰিসৰক দিশ কেইটা আৰু  কি কি ?

উত্তৰঃ সাংস্কৃতিক পৰিসকৰ দিশ তিনিটা।

সেই দিশকেইটা হ’ল—

(ক) ভৌতিকতা বা Materialistic.

(খ) প্ৰতিমানমূলক বা Normative.

(গ) যোগাত্মক দিশ বা বোধগম্যতা বা Cognitive.

১৫। সামাজিক নিয়ন্ত্ৰণ মানে কি বুজা ? 

উত্তৰঃ সামাজিক নিয়ন্ত্ৰণ মানে সমাজ ব্যৱস্থাৰ প্ৰধান দিশ। নিয়ন্ত্ৰণ অবিহনে সুস্থিৰ সমাজ কল্পনা কৰিব নোৱাৰি। আদিম কালত যেতিয়া মানুহে দলবদ্ধভাৱে বন্য জীৱন-যাপন কৰিছিল, তেতিয়াও সামাজিক নিয়ন্ত্ৰণ বা দল নিয়ন্ত্ৰণৰ ব্যবস্থা আছিল। সমাজ দাৰ্শনিক হবছ লক, আৰু ৰুচোৰ মতে ‘সামাজিক চুক্তি মতবাদেই’ কোনো ব্যক্তিবিশেষক দলটোৰ নিয়ন্ত্ৰণৰ দায়িত্ব দিছিল। তদুপৰি পৰিয়ালে, আত্মীয়-স্বজন, ওচৰ-চুবুৰীয়া, শিক্ষানুষ্ঠান, আইন, সামাজিক সংস্থা আদিৰ সামাজিক নিয়ন্ত্ৰণত প্ৰভাৱ আছে।  সমাজ আৰু সমাজৰ ব্যক্তিসকলৰ স্বাৰ্থৰক্ষাৰ বাবে নিয়ন্ত্ৰণ ব্যৱস্থা অপৰিহাৰ্য। যি পদ্ধতিৰে পথভ্রষ্টমূলক কাৰ্যৰ বাধাদান কৰি সামাজিক সমানুৰূপতা ৰক্ষা কৰাকে সামাজিক নিয়ন্ত্ৰণ বোলে।

১৬। সাংস্কৃতিক দীর্ঘসূত্রিতা বা পশ্চাৎৱৰ্তীতা মানে কি ? 

উত্তৰঃ সাংস্কৃতিক পশ্চাৎৱৰ্তীতা অৱধৰণাটোৰ জন্ম দিছিল সমাজতত্ত্ববিদ উইলিয়াম এফ. অগবাৰ্ণে। বস্তুবাদী সংস্কৃতি আৰু অবস্তুবাদী সংস্কৃতি একে সময়তে সমানে সমানে আগবাঢ়ি নাযায়। বস্তুবাদী সংস্কৃতি অবস্তুবাদী সংস্কৃতিতকৈ অতি সোনকালে আগবাঢ়ি যায়। ফলত অবস্তুবাদী সংস্কৃতি দিশটো পিছপৰি ৰয়। এইদৰে পিছপৰি থকা দিশটোকে সাংস্কৃতিক দীর্ঘসূত্রিতা বা পশ্চাৎৱৰ্তীতা বুলি কোৱা হয়। 

১৭। হেৰি. এম. জনচনৰ মতে সমাজিকৰণৰ স্তৰ কেইটা আৰু কি কি ?

উত্তৰঃ হেৰি. এম.জনচনৰ মতে সমাজিকৰণৰ স্তৰ চাৰিটা।

সেইকেইটা হ’ল—

(ক) প্ৰথম বা মৌখিক স্তৰ।

(খ) দ্বিতীয় বা পায়ুস্তৰ।

(গ) তৃতীয় স্তৰ বা সুপ্ত অৱস্থা।

(ঘ) চতুৰ্থ স্তৰ বা কৌশল কাল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top