Class 11 Sociology Additional Chapter 3 সামাজিক সংস্থাবোধ

Class 11 Sociology Additional Chapter 3 সামাজিক সংস্থাবোধ Solutions, HS 1st Year Sociology Additional Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Sociology Important Solutions and select needs one.

Class 11 Sociology Additional Chapter 3 সামাজিক সংস্থাবোধ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. AHSEC Class 11 Sociology Additional and Short Type Question Answer. These solutions are part of AHSEC All Subject Solutions. Here we have given HS 1st Year Sociology Additional Notes for All Subject, You can practice these here.

Chapter – 3

SOCIOLOGY

ADDITIONAL QUESTION ANSWER

অতি চমু প্ৰশ্নোত্তৰ:

১। পৰিয়াল শব্দটো ক’ৰ পৰা আহিছে?

উত্তৰঃ পৰিয়াল শব্দটো ইংৰাজী ‘Family’ শব্দৰ ৰোমান ভাষাৰ  ‘Famulus’ শব্দৰ পৰা আহিছে । ইয়াৰ অৰ্থ হ’ল Servant। 

২। ধৰ্ম শব্দৰ অৰ্থ কি? 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ ধৰ্ম শব্দটো সংস্কৃত ‘ধৃ’ ধাতুৰ পৰা উৎপত্তি হৈছে আৰু ইয়াৰ অৰ্থ হৈছে ধাৰণ কৰা। 

৩। বৈবাহিক স্বজন কি ? 

উত্তৰঃ বৈবাহিক সম্বন্ধৰ যোগেদি পোৱা স্বজনক বৈবাহিক স্বজন বোলা হয়। 

৪। স্বজনীয়তা মানে কি ?

উত্তৰঃ জন্ম আৰু বিবাহৰ সূত্ৰে একেলগে বান্ধি ৰখা সম্বন্ধকেই স্বজনীয়তা বোলা হয়।

৫। পৰিয়াল কি ? 

উত্তৰঃ পৰিয়াল হৈছে সমাজ স্বতঃস্ফূৰ্তভাৱে অস্তিত্ব লাভ কৰা এটা আনুষ্ঠানিক বিশ্বজনীন সামাজিক সংস্থা য’ত স্বামী আৰু স্ত্ৰীয়ে পুত্ৰ, কন্যা আৰু ঘনিষ্ঠ লোকৰ সৈতে একেলগে বসবাস কৰে। পৰিয়ালৰ আকাৰ সৰু বা ডাঙৰ হ’ব পাৰে। 

৬। বিবাহ কেই প্ৰকাৰৰ আৰু কি কি ? 

উত্তৰঃ বিবাহ দুই প্ৰকাৰৰ —

(ক) এক পতি-পত্নী বিবাহ। আৰু

(খ) বহু পতি-পত্নী বিবাহ।

আনহাতে জীৱন সংগী নিৰ্বাচিতৰ নিয়ম অনুসৰি বিবাহক আকৌ দুটা ভাগত ভাগ কৰিব পাৰি—

(ক) আন্তঃবিবাহ। আৰু 

(খ) বহিঃবিবাহ।

৭। এক পতি-পত্নী বিবাহ  মানে কি ? 

 উত্তৰঃ এক পতি-পত্নী বিবাহ মানে এজন পুৰুষ আৰু এগৰাকী নাৰীৰ মাজত অনুষ্ঠিত হোৱা বিবাহ পদ্ধতিয়ে হ’ল এক পতি-পত্নী ।

৮। বহু পতি-পত্নী বিবাহ কি ?

উত্তৰঃ বহু পতি-পত্নী বিবাহে একে সময়তে এগৰাকীতকৈ বেছি জীৱন সংগী থকাটো বুজায়।

৯। বিবাহ কি ? 

উত্তৰঃ বিবাহ এক সমাজিক সংস্থা যাৰ দ্বাৰা পুৰুষ আৰু মহিলাই একেলগে থাকি সন্তান জন্ম দি সন্তানৰ প্ৰতিপালন কৰিব পাৰে। বিবাহৰ দ্বাৰা একোটি নতুন পৰিয়ালৰ সূচনা কৰি বংশাণুক্ৰম ৰক্ষা কৰিবলৈ সকলো সময়েই নিয়মানুসাৰে পুৰুষ আৰু নাৰীৰ অধিকাৰ প্ৰদান কৰি আহিছে।

১০। ক্ষমতা কি ?

উত্তৰঃ ক্ষমতা হৈছে আনে বাধা দিয়া স্বত্বেও ব্যক্তি বা সমূহে নিজৰ ইচ্ছাক আগুৱাই নিয়াৰ সামৰ্থ্য। 

১১। ৰাষ্ট্ৰ কি ? 

উত্তৰঃ কোনো এক নিৰ্দিষ্ট জনসমষ্টি, নিৰ্দিষ্ট ভূখণ্ডত স্থায়ীভাৱে বসবাস কৰাৰ জৰিয়তে গঠন হোৱা সৰ্বভৌমিক সংগঠনে হ’ল ৰাষ্ট্ৰ।

১২। কৰ্তৃত্ব কি?

উত্তৰঃ ক্ষমতাক যুক্তি সংগতাৰে গ্ৰহণ কৰা ৰূপেই হৈছে কৰ্তৃত্ব। ইয়াক বৈধ ক্ষমতা বুলিও ক’ব পাৰি।

১৩। শ্ৰম বিভাজন কি ?

উত্তৰঃ শ্ৰম বিভাজন হ’ল কৰ্মক বিশেষভাৱে বিভাজন কৰা এক প্ৰক্ৰিয়া। আধুনিক সমাজত ব্যক্তিৰ বিশেষ অৰ্হতাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন সংস্থাপনাৰ ভিত্তিত কৰ্মক এক বুজন সংখ্যক বিভাগত ভাগ কৰা হয় আৰু ইয়াকে শ্ৰম বিভাজন বোলে।

১৪। বহিঃবিবাহ মানে কি ?

উত্তৰঃ একে কুল বা বংশ, গোষ্ঠী, ওচৰ সম্বন্ধীয় ব্যক্তিৰ বাহিৰত হোৱা বিবাহ পদ্ধতিক বহিঃবিবাহ বোলা হয়। অৱশ্যে স্থান আৰু প্রচলিত ৰীতি অনুসৰি বহিঃবিবাহৰ ক্ষেত্ৰত পাৰ্থক্য থকা দেখা যায়।

১৫। আন্তঃবিবাহ মানে কি ? 

উত্তৰঃ কেৱল নিজৰ সম্প্ৰদায় বা জাতিৰ ভিতৰত বিবাহ হোৱাটোকে আন্তঃবিবাহ বুলি কোৱা হয়। 

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top