Class 11 Sociology Additional Chapter 6 সামাজিক সংৰচনা, স্তৰীকৰণ আৰু সমাজত সামাজিক প্ৰক্ৰিয়াসমূহ

Class 11 Sociology Additional Chapter 6 সামাজিক সংৰচনা, স্তৰীকৰণ আৰু সমাজত সামাজিক প্ৰক্ৰিয়াসমূহ Solutions, HS 1st Year Sociology Additional Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Sociology Important Solutions and select needs one.

Class 11 Sociology Additional Chapter 6 সামাজিক সংৰচনা, স্তৰীকৰণ আৰু সমাজত সামাজিক প্ৰক্ৰিয়াসমূহ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Sociology Additional and Short Type Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given HS 1st Year Sociology Additional Notes for All Subject, You can practice these here.

Chapter – 6

SOCIOLOGY

ADDITIONAL QUESTION ANSWER

চমু প্ৰশ্নোত্তৰ:

১। সামাজিক সংৰচনা মানে কি ?

উত্তৰঃ সমাজত বৰ্তি থকা বিভিন্ন সমূহৰ কাৰ্য পদ্ধতিকে সামাজিক সংৰচনা বুলি কোৱা হয়। যিদৰে মানৱ দেহ গঠনত বিভিন্ন অংগ-প্ৰতংগৰ প্ৰয়োজন ঠিক তেনেদৰে এখন সমাজত ৰাজনৈতিক, অৰ্থনৈতিক, ধৰ্মীয় আদি বিভিন্ন ধৰণৰ সামাজিক পদ্ধতিৰ সংমিশ্ৰণকে সমাজিক সংৰচনা বুলি কোৱা হয়। 

২। সংঘৰ্ষ মানে কি ? 

উত্তৰঃ সাধাৰণতে আনৰ বিৰুদ্ধাচৰণ কৰা, আনৰ ওপৰত আক্ৰোশ ভাব লোৱা,  কাৰোবাক দমন কৰিবলৈ বিচৰা আৰু অসহযোগ  কৰা প্ৰক্ৰিয়াই হ’ল সংঘৰ্ষ । কেতিয়াবা এটা মতবাদে আন এটা মতবাদৰ বিৰুদ্ধে প্ৰতিষ্ঠা লাভ কৰিবলৈ যত্ন কৰে আৰু আনটো মাতবাদে বাধা দিবলৈ বিচাৰে তেতিয়াই দুয়োটা মতবাদৰ মাজত বিৰোধ সৃষ্টি হয় আৰু এই বিৰোধ অৱস্থাই হৈছে সংঘৰ্ষ।

৩। প্ৰতিযোগিতা মানে কি ? 

উত্তৰঃ সাধাৰণ অৰ্থত সহজতে পাবলৈ নোহোৱা কোনো বস্তু নিজৰ যোগ্যতাৰে লাভ কৰিবলৈ একাধিক মানুহে কৰা প্রচেষ্টাকেই প্ৰতিযোগিতা বুলি কোৱা হয়।

৪। সহযোগিতা মানে কি ? 

উত্তৰঃ সাধাৰণ অৰ্থত দুই বা ততোধিক ব্যক্তি লগ হৈ কাম কৰাকে সহযোগিতা বোলা হয়। এই এনে এক প্ৰক্ৰিয়া য’ত কোনো কাম সমাধা কৰিবলৈ এজনে আন এজনক সহযোগ কৰে।

৫। সামাজিক প্ৰক্ৰিয়া মানে কি ?

উত্তৰঃ সামাজিক প্ৰক্ৰিয়া হ’ল এক আন্তঃক্ৰিয়া যি বাৰে বাৰে সংঘটিত হৈ সমাজত কিছুমান দিশৰ সৃষ্টি কৰে । সামাজিক প্ৰক্ৰিয়া হৈছে এক পদ্ধতিগত সমন্ধৰ দ্বাৰা হোৱা আন্তঃক্ৰিয়া যি সমাজত পৰিৱৰ্তনৰ সূচনা কৰিব পাৰে।

৬। সামাজিক প্ৰক্ৰিয়াৰ প্ৰকাৰ কেইটা আৰু কি কি ?

উত্তৰঃ সামাজিক প্ৰক্ৰিয়াৰ প্ৰকাৰ পাঁচটা।

সেইকেইটা হ’ল—

(ক) সহযোগিতা।

(খ) প্ৰতিযোগিতা।

(গ) সংঘৰ্ষ।

(ঘ)উপযোগীকৰণ।

(ঙ) সদৃশীকৰণ।

৭। উপযোগীকৰণ মানে কি ? 

উত্তৰঃ সমাজত এনে বহু পৰিস্থিতি দেখা পোৱা যায় য’ত গভীৰ সংঘৰ্ষময় পৰিস্থিতিৰ মাজতো সহযোগিতা বিৰাজ কৰে। যি প্ৰক্ৰিয়াৰ দ্বাৰা সংঘর্ষক দমন কৰি সামাজিক সুস্থিৰতা ৰক্ষা কৰা হয় সেই প্ৰক্ৰিয়াকে উপযোগীকৰণ বোলা হয়।

৮। সামাজিক স্তৰীকৰণ মানে কি ?

উত্তৰঃ সামাজিক স্তৰীকৰণ হৈছে এটা সামাজিক প্ৰক্ৰিয়া য’ত সমাজখনৰ জনসাধাৰণৰ পদানুক্ৰম অনুসৰি উচ্চ-নীচ হিচাপে কিছুমান সামাজিক স্থানত ভাগ কৰা হয় যাৰ ফলত কিছুমান লোকে আন কিছুমানৰ তুলনাত অধিক সন্মান, সুবিধা বা ক্ষমতা লাভ কৰে। অৰ্থাৎ সামাজিক স্তৰীকৰণে  সমাজত তথা ব্যক্তি বা গোটবোৰৰ মাজত থকা অসমতা বা বৈষম্যক বুজায়। 

৯। আন্তঃক্ৰিয়া কি ?

উত্তৰঃ আন্তঃক্ৰিয়া হৈছে সামাজিক জীৱনৰ বান্ধোনৰ মূল। কোনো মানুহেই সম্পূৰ্ণৰূপে আত্মনিৰ্ভৰশীল নহয়। সমাজত প্ৰত্যেজন লোকেই বিভিন্ন কাৰণত এজনে আনজনৰ আগত মিলামিছা কৰিব লগা হয়। এই পাৰস্পৰিকভাৱে সম্পাদন কৰা কাৰ্যকেই আন্তঃক্ৰিয়া বোলে।

১০। শ্ৰম বিভাজন কি ?

উত্তৰঃ শ্ৰমৰ ওপৰত নিৰ্ভৰ কৰি সমাজত বিভাজনৰ সৃষ্টি হয়। সমাজত সৃষ্টি হোৱা এনে বৃত্তিগত বিভাজনকে শ্ৰম বিভাজন বোলে। পূৰ্বতে লিংগ, বয়স আদিৰ ওপৰত ভিত্তি কৰি সমাজত শ্ৰম বিভাজন দেখা গৈছিল। কিন্তু আধুনিক সমাজত জ্ঞান, দক্ষতা আদিৰ ভিত্তিতহে শ্ৰম বিভাজন ঘটে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top