Class 11 Sociology Additional Chapter 7 গ্ৰামীণ আৰু নগৰীয়া সমাজত সামাজিক পৰিৱৰ্তন আৰু সামাজিক শৃংখলা

Class 11 Sociology Additional Chapter 7 গ্ৰামীণ আৰু নগৰীয়া সমাজত সামাজিক পৰিৱৰ্তন আৰু সামাজিক শৃংখলা Solutions, HS 1st Year Sociology Additional Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Sociology Important Solutions and select needs one.

Class 11 Sociology Additional Chapter 7 গ্ৰামীণ আৰু নগৰীয়া সমাজত সামাজিক পৰিৱৰ্তন আৰু সামাজিক শৃংখলা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Sociology Additional and Short Type Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given HS 1st Year Sociology Additional Notes for All Subject, You can practice these here.

Chapter – 7

SOCIOLOGY

ADDITIONAL QUESTION ANSWER

চমু প্ৰশ্নোত্তৰ:

১। সামাজিক পৰিৱৰ্তন মানে কি ?

উত্তৰঃ সামাজিক পৰিৱৰ্তন মুলতঃ সামাজিক সম্বন্ধ আৰু সামাজিক সংৰচনাৰ পৰিৱৰ্তনকে বুজোৱা হৈছে। অৰ্থাৎ যিবোৰ উপাদানৰ দ্বাৰা সামাজিক সংৰচনা গঠিত হয় সেই উপাদানবিলাকৰ পৰিৱৰ্তন হ’লেই সমাজৰ পৰিৱৰ্তন হয়। কিন্তু যিকোনো পৰিৱৰ্তনকে সামাজিক পৰিৱৰ্তন নুবুজায়। সমাজত বৃহৎ অংশলৈ অহা গভীৰ আৰু ব্যাপক পৰিৱৰ্তনকে সামাজিক পৰিৱৰ্তন বোলা হয়।

২। সামাজিক ডাৰউইনিজম মানে কি ? 

উত্তৰঃ চাৰ্লচ ডাৰউইনে আগবঢ়োৱা বিৱৰ্তনবাদ আৰু ইয়াৰ লগত জড়িত হৈ থকা যোগ্যজন বর্তী থকা নীতি মূলতঃ জীৱৰ বিৱৰ্তন আৰু প্ৰাকৃতিক প্ৰক্ৰিয়াৰ লগত জড়িত যদিও পিছৰ পৰ্যায়ত এই নীতিৰ জৰিয়তে সামাজিক জীৱনৰ পৰিৱৰ্তনো আলোচনা কৰা হয়। ইয়াকে সামাজিক ডাৰউইনিজম বোলা হয়। এই নীতি মতে সমাজত চলি থকা পৰিবৰ্তনৰ লগত খাপ খাব নোৱাৰা চামটোক পৃথিৱীৰ পৰা নিশ্চিহ্ন কৰিব বুলি ভাবে।

৩। বিৱৰ্তন মানে কি ? 

উত্তৰঃ এক দীৰ্ঘ সময় জুৰি গতিত হোৱা পৰিৱৰ্তনক বিৱৰ্তন বুলি কোৱা হয়। প্ৰকৃতি বিজ্ঞানী চাৰ্লচ ডাৰউইনে এই অৱধৰণাটো আগবঢ়াইছিল। জীৱিত প্ৰাণীৰ বিকাশ সমন্ধে আলোচনা কৰোঁতে ডাৰউইনে মত প্ৰকাশ কৰিছিল যে জীৱিত প্ৰাণীয়ে  কেতিয়াবা হাজাৰ বছৰ ধৰি ধীৰ গতিত প্ৰকৃতিৰ সৈতে খাপ খুৱাকৈ নিজকে পৰিৱৰ্তিত কৰে। ডাৰউইনে এই প্ৰক্ৰিয়াটোক বিৱৰ্তন আখ্যা দিছিল। 

৪। সামাজিক শৃংখলা মানে কি ?

উত্তৰঃ সমাজিজ শৃংখলা হৈছে এটা প্ৰতিষ্ঠিত সামাজিক ব্যৱস্থাৰ ভিতৰত থকা বাধা দিয়া বা নিয়ন্ত্ৰণ কৰাৰ প্ৰৱণতা। সামাজিক শৃংখলা অবিহনে কোনো সামাজিক ব্যৱস্থাই চলি থাকিব নোৱাৰে। ই সমাজক স্থায়িত্ব প্ৰদান কৰে। 

৫। সংৰচনাত্মক পৰিৱৰ্তন মানে কি ?

উত্তৰঃ সমাজৰ সংস্থা বা সংস্থাক পৰিচালিত কৰা নীতি নিয়মৰ পৰিৱৰ্তন কৰি সমাজৰ গাঁথনিৰ পৰিৱৰ্তন ঘটোৱা প্ৰক্ৰিয়াটোক সংৰচনাত্মক পৰিৱৰ্তন বুলি কোৱা হয়।

৬। সংস্কৃতি মানে কি ?

উত্তৰঃ সংস্কৃতি শব্দটোৰ অৰ্থ ব্যাপক আৰু ই সকলো ধৰণৰ মানৱীয় কাৰ্যকে সামৰি লয়। সাধাৰণতে সংস্কৃতি বুলিলে জ্ঞান, বিশ্বাস, ধাৰণা, মূল্যবোধ, ধৰ্ম, আচাৰ-ব্যৱহাৰ, নীতি-নিয়ম আদি সকলোকে বুজায়। 

৭। ভাৰতবৰ্ষৰ গ্ৰাম্য সমাজৰ পৰিৱৰ্তনৰ দুটা কাৰণ লিখা।

উত্তৰঃ ভাৰতবৰ্ষৰ গ্ৰাম্য সমাজৰ পৰিৱৰ্তনৰ দুটা কাৰণ হ’ল —

(ক) উদ্যোগীকৰণ। আৰু

(খ) আধুনিক শিক্ষা।

৮। যোগ্যজন বর্তী থকা নীতি কি ? 

উত্তৰঃ ডাৰউইনৰ বিৱৰ্তনবাদে যোগ্যজন বর্তী থকা নীতিৰ ওপৰত জোৰ দিছিল। ডাৰউইনৰ মতে প্ৰাকৃতিক পৰিৱেশৰ  লগত যিবোৰ জীৱই খাপ খুৱাই ল’ব পাৰে সেইবাৰহে জীয়াই থাকে আৰু যিবোৰ জীৱই পৰিৱেশৰ লগত খাপ খাব নোৱাৰে সেইবোৰ প্ৰকৃতিৰ পৰা নিশ্চিহ্ন হৈ যায়। এয়েই হ’ল যোগ্যজন বর্তী থকা নীতি।

৯। বৈপ্লৱিক পৰিৱৰ্তন মানে কি ?

উত্তৰঃ বিৱৰ্তনাত্মক পৰিৱৰ্তনৰ বিপৰীতে তুলনামূলকভাৱে ক্ষিপ্ৰতাৰে আৰু কেতিয়াবা আকস্মিকভাৱে হোৱা পৰিৱৰ্তনক বৈপ্লৱিক পৰিৱৰ্তন বোলা হয়। 

১০। আইন মানে কি ?

উত্তৰঃ আইন হৈছে ৰাষ্ট্ৰৰ দ্বাৰা অনুমোদিত আৰু প্ৰয়োগ কৰা বিধিগত বিধি-বিধান যিবিলাক পালন কৰা প্ৰয়োজন আৰু পালন নকৰিলে বা ভংগ কৰিলে ৰাষ্ট্ৰ ব্যৱস্থাৰ দ্বাৰা শাস্তিৰ সন্মুখীন হ’ব লগা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top