Class 11 Sociology Additional Chapter 5 সমাজতত্ত্বঃ গৱেষণা পদ্ধতি Solutions, HS 1st Year Sociology Additional Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Sociology Important Solutions and select needs one.
Class 11 Sociology Additional Chapter 5 সমাজতত্ত্বঃ গৱেষণা পদ্ধতি
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Sociology Additional and Short Type Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given HS 1st Year Sociology Additional Notes for All Subject, You can practice these here.
সমাজতত্ত্বঃ গৱেষণা পদ্ধতি
Chapter – 5
SOCIOLOGY
ADDITIONAL QUESTION ANSWER
চমু প্ৰশ্নোত্তৰ:
১। সামাজিক জৰীপ মানে কি ?
উত্তৰঃ সামাজিক জৰীপ এটা প্ৰক্ৰিয়া, যাৰ দ্বাৰা সম্প্ৰদায়ৰ অৱস্থা আৰু কাৰ্যাৱলীৰ আকাংক্ষাৰ ওপৰত পৰিমানবোধক তথ্য সংগ্ৰহ কৰে।
২। সামাজিক গৱেষণা কাক বোলে ?
উত্তৰঃ মানৱ সমাজত দৈনন্দিন জীৱনত ঘটি থকা ঘটনাবোৰৰ প্ৰকৃতি, উৎস, স্বৰূপ আৰু মানুহৰ আচৰণ আৰু কাৰ্য-প্ৰণালীৰ আন্তঃসম্পৰ্কৰ সম্বন্ধে বৈজ্ঞানিক পদ্ধতিৰে অধ্যয়ন কৰি বস্তুনিষ্ঠ আৰু প্ৰণালীবদ্ধ জ্ঞান আহৰণ কৰাকে সামাজিক গৱেষণা বোলে।
৩। সামাজিক গৱেষণাৰ মূল উদ্দেশ্য দুটা কি কি ?
উত্তৰঃ সামাজিক গৱেষণাৰ মূল উদ্দেশ্য দুটা হ’ল–
(ক) সত্যতা উদঘাটন কৰা।
(খ) সমস্যা সমাধানৰ উপায় নিৰ্ণয় কৰা।
৪। পৰ্যবেক্ষণ মানে কি ?
উত্তৰঃ পৰ্যবেক্ষণ মানে সমাজৰ কোনো এটা সমস্যা বা ঘটনাক অন্তঃদৃষ্টিৰে উদ্দেশ্যমূলক ব্যৱহাৰে চোৱা কাৰ্যক বুজোৱা হয়।
৫। সাক্ষাৎকাৰ পদ্ধতি কি ?
উত্তৰঃ সাক্ষাৎকাৰ এনে এক পদ্ধতি, য’ত ব্যক্তিসকলে মুখামুখি পৰিৱেশত মৌখিক আলাপ-আলোচনাৰ যোগেদি তথ্য উদ্ঘাটন আৰু সংগ্ৰহ কৰিব পাৰি।
৬। সাক্ষাৎকাৰ পদ্ধতিৰ মূল লক্ষ্যসমূহ কি কি ?
উত্তৰঃ সাক্ষাৎকাৰ পদ্ধতিৰ মূল লক্ষ্যসমূহ হ’ল—
(ক) সাক্ষাৎকাৰৰ দ্বাৰা ব্যক্তিৰ জীৱনত আগতে উদ্ঘাটন নোহোৱা আছুতীয়া আৰু গোপন তথ্যসমূহ একগোট কৰা।
(খ) এটা নিৰ্দিষ্ট সামাজিক অৱস্থাত এজন মানুহৰ আচৰণ প্ৰণালীক সূক্ষ্মভাৱে অধ্যয়ন কৰা।
৭। নমুনা অধ্যয়ন পদ্ধতি মানে কি ?
উত্তৰঃ নমুনা অধ্যয়ন পদ্ধতি মানে হ’ল এটা গুণগত অধ্যয়ন পদ্ধতি। এনে পদ্ধতিৰ দ্বাৰা এক বিশেষ ব্যক্তি, সামাজিক ঘটনা, সংস্থা, সমিতি আদিৰ বিষয়ে সু-বিস্তৃত বিৱৰ্তনৰ সৈতে সূক্ষ্মভাৱে অধ্যয়ন কৰা হয়।
৮। প্ৰশ্নসূচী মানে কি ?
উত্তৰঃ কোনো সামাজিক সমস্যা বা ঘটনাৰ বিভিন্ন দিশৰ বিষয়ে কেতবোৰ প্ৰশ্নৰ তালিকা প্ৰস্তুত কৰা হয় তাকে প্ৰশ্নসূচী বুলি কোৱা হয়।
৯। প্ৰশ্নসূচীৰ দুটা সমস্যা উল্লেখ কৰা ?
উত্তৰঃ প্ৰশ্নসূচীৰ দুটা সমস্যা হ’ল—
(ক) কেতিয়াবা উত্তৰদাতাই প্ৰশ্ন সঠিক অৰ্থ বুজি নোপোৱাৰ বাবে ভুল উত্তৰ দিয়ে।
(খ) নিৰক্ষৰ লোকসকলৰ পৰা প্ৰশ্নসূচীৰ জৰিয়তে তথ্য সংগ্ৰহ কৰিব নোৱাৰে।
১০। বস্তুনিষ্ঠতা কি ?
উত্তৰঃ সাধাৰণতে বস্তুনিষ্ঠতাই অপক্ষপাতিত্বমূলক নিৰপেক্ষ অথবা তথ্যৰ আধাৰত প্ৰতিষ্ঠিত অৱস্থাকেই বুজায়।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.