Class 11 Geography Important Chapter 14 বতাহ

Class 11 Geography Important Chapter 14 বতাহ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Geography Important Chapter 14 বতাহ Solutions in Assamese and select need one. Class 11 Elective Geography Additional Solutions Assamese Medium Download PDF. HS 1st Year Elective Geography Important Question Answer in Assamese.

Class 11 Geography Important Chapter 14 বতাহ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Elective Geography Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Geography Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 14

তৃতীয় গোট: ভূ-আকৃতিক অৱয়ব আৰু ইহঁতৰ বিৱৰ্তন পৰিক্ৰমা
IMPORTANT QUESTION AND ANSWER

১। বায়ুভাৰৰ প্ৰধান দুটা প্ৰকাৰ কি কি?

উত্তৰঃ বায়ুভাৰৰ প্ৰধান দুটা প্ৰকাৰ হ’ল- ভাসমান ভাৰ আৰু অনুপদী ভাৰ।

২। য়াৰডাং ক’ত সৃষ্টি হয়?

উত্তৰঃ কোমল আৰু কঠিন শিলাৰ সংমিশ্ৰিত অঞ্চলত, য’ত অপঘর্ষণৰ দ্বাৰা ভূমিৰ একাংশ অধিক ক্ষয় হয়।

৩। বালিয়াৰি কাক বোলে?

উত্তৰঃ প্রৱল বতাহে মৰুভূমিৰ বালি আৰু মিহি শিলাখণ্ডসমূহ মৰুপৃষ্ঠৰে বাগৰাই নি ঠায়ে ঠায়ে কিছুমান পর্বতাকাৰ স্তুপ আকৃতিৰে অৱক্ষেপণ ঘটায়। এনেবোৰ সঞ্চয়জাত অৱয়বক বালিয়াৰি বোলে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। বালিয়াৰি কেই ধৰণৰ আৰু কি কি?

উত্তৰঃ বালিয়াৰি তিনি ধৰণৰ আৰু সেইকেইটা হ’ল– অনুদৈৰ্ঘ্য বালিয়াৰি, অনুপ্ৰস্থ বালিয়াৰি, আৰু বার্খান।

৫। কোনটো দেশৰ ল’ৱেচ ঠায়ে ঠায়ে ৩০০ মিটাৰ পৰ্যন্ত গভীৰ হয়?

উত্তৰঃ চীন দেশৰ ল’ৱেচ ঠায়ে ঠায়ে ৩০০ মিটাৰ পৰ্যন্ত গভীৰ হয়?

৬। ভাসমান বায়ুভাৰ অৱক্ষেপণ ঘটাৰ ফলত কি কি নামৰ অৱক্ষেপণভূমি সৃষ্টি হয়?

উত্তৰঃ ভাসমান বায়ুভাৰ অৱক্ষেপণ ঘটাৰ ফলত প্লায়া আৰু লবেচ নামৰ অৱক্ষেপণভূমি সৃষ্টি হয়।

৭। কি কি পদ্ধতিৰে ভূ-পৃষ্ঠৰ ওপৰত বায়বীয় খনন কার্য আগবাঢ়ি যায়?

উত্তৰঃ অৱনমন, অপঘর্ষণ আৰু সংনিঘর্ষণ পদ্ধতিৰে ভূ-পৃষ্ঠৰ ওপৰত বায়বীয় খনন কার্য আগবাঢ়ি যায়।

৮। প্লায়া কিহৰ ফলত গঠিত হয়?

উত্তৰঃ বায়ুবাহিত ধূলি-বালি শুকান জলাশয়ত তৰপে-তৰপে জমা হোৱাৰ ফলত প্লায়া গঠিত হয়।

৯। প্লায়া গঠনৰ সময়ত ধূলি-বালি ক’ত জমা হয়?

উত্তৰঃ প্লায়া গঠনৰ সময়ত ধূলি-বালি শুকান জলাশয় অঞ্চলত জমা হয়।

১০। মিহি ধূলিকণাৰ সৈতে জলীয় বাষ্প মিলিলে কি হয়?

উত্তৰঃ ধূলি গধূৰ হৈ তললৈ খহি পৰে আৰু অৱক্ষেপণ হয়।

দীঘলীয়া প্ৰশ্ন উত্তৰ:

১। বায়বীয় ক্ৰিয়াৰ সাধাৰণ লক্ষণবোৰ বর্ণনা কৰা।

উত্তৰঃ বায়বীয় ক্ৰিয়া হৈছে ভূমি-আকৃতি গঠনকৰী এক প্ৰাকৃতিক বাহ্যিক কাৰক, যাৰ প্ৰভাৱ ঘাইকৈ শুকান আৰু উষ্ণ পৰিৱেশত পোৱা যায়। এনে অঞ্চলসমূহত গছ-গছনিৰ অভাৱ, উচ্চ বাষ্পীভৱন আৰু শিলাময় ভূ-পৃষ্ঠৰ থাকিবলৈ লৈ বায়বীয় কার্যকলাপ অধিক সক্ৰিয় হৈ উঠে। ভূ-পৃষ্ঠৰ ওপৰত তাপমাত্রাৰ অত্যাধিক ওঠা নামাৰ ফলত শিলাসমূহ ধূলিত পৰিণত হয়। এনে পৰিস্থিতিত ভূমিৰ ওপৰত বতাহৰ উর্ধমুখী আৰু নিম্নমুখী সোঁত সৃষ্টি হয়, আৰু অনুভূমিক দিশত বতাহৰ বেগও বৃদ্ধি পায়।

এই বতাহে তিনিধৰণৰ ক্ষয়কাৰ্য সম্পাদন কৰে-

(i) অৱনমন।

(ii) অপঘর্ষণ।

(iii) সংনিঘর্ষণ।

বতাহে কোনো স্থানৰ পৰা ধূলি-বালি উৰাই নিয়াৰ ফলত সেই স্থানখনৰ উচ্চতা কমি যায়, যাক অৱনমন বোলে। বতাহত উৰি যোৱা ধূলি-বালিয়ে মৰুপৃষ্ঠৰ উচ্চ অৱস্থানত থকা শিলাসমূহত সজোৰে খুন্দিয়ায়। তেতিয়া বায়ুবাহিত বালি আৰু স্থিৰ শিলাপৃষ্ঠৰ মাজত ঘর্ষণ সৃষ্টি হয়। উপর্যুপৰি এনে ঘর্ষণ চলি থকাৰ ফলত উচ্চ অৱস্থানৰ শিলাসমূহ ক্রমে মসৃণ হৈ পৰে। শিলাপৃষ্ঠত বতাহে সৃষ্টি কৰা এনেবোৰ ক্ষয়কার্যক অপঘর্ষণ বোলে। আনহাতে, অপঘর্ষণৰ ফলত বায়ুবাহিত ধূলি-বালিবোৰ নিজেও ভাগি-ছিগি নিমজ দানাত পৰিণত হয়। বায়ুবাহিত কণিকাসমূহৰ এনে ভাঙোন কার্যৰ নাম সংনিঘর্ষণ।

২। বতাহৰ দ্বাৰা উৎপন্ন ক্ষয়জাত ভু-আকৃতি সমূহ ব্যাখ্যা কৰা।

উত্তৰঃ বতাহৰ দ্বাৰা সৃষ্টি হোৱা ক্ষয়জাত ভূমি-আকৃতি বা ভু-আকৃতি সমূহ মূখ্যতঃ অৱনমন, অপঘর্ষণ আৰু সংনিঘর্ষণ প্ৰক্ৰিয়াৰ ফল। মৰু অঞ্চলত ভূমিস্পৰ্শী বতাহৰ তুলনাত ওপৰৰ বায়ুবেগ বেছি হোৱাৰ বাবে উচ্চতাত থকা শিলাসমূহে বেছি ক্ষয় প্ৰাপ্ত কৰে, যাৰ ফলত ছত্রক শিলা গঠিত হয়। বহু সময়ত অৱনমন প্ৰক্ৰিয়াৰ ফলত ভূমিৰ একাংশ ইমান গভীৰ হৈ পৰে যে ভূগর্ভস্থ জলস্তৰৰ সৈতে সংযোগ ঘটে আৰু জলীয়তা বা উদ্ভিদৰ কৈশিকাকর্ষণৰ ফলত সেই অঞ্চলত মৰুদ্যান সৃষ্টি হয়। অৱনমনে সৃষ্টি কৰা আন এখন গুৰুত্বপূর্ণ ভূমি-আকৃতি হৈছে অৱনমন গর্ত আকৌ, অপঘর্ষণত উচ্চভূমিৰ কোমল শিলাসমূহ অধিক ক্ষয়প্ৰাপ্ত হৈ পৰিস্ফুট গাঁত অথবা গহ্বৰৰ সৃষ্টি কৰে আৰু ইয়াৰ ওচৰত থকা কঠিন শিলাৰ অংশবোৰ খাৰ খাৰ হৈ ওখ হৈ থাকে, যাক য়াৰডাং (Yardang) বোলে। অপঘর্ষণে সৃষ্টি কৰা মসৃণ ক্ষুদ্রাকৃতি শিলাস্তূপবোৰ জিউগেন (Zeugen) নামেৰে জনাজাত। এইবোৰ পৃষ্ঠত অৱশেষত ইনছেলবার্গ (Inselberg) সৃষ্টি হয় আৰু ক্ষয়প্রাপ্ত মাটিৰে খলাবমা পৃষ্ঠত তৰংগচিহ্ন (Ripple Marks) দেখা পোৱা যায়।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top