Class 11 Geography Important Chapter 13 সামুদ্রিক তৰংগ আৰু সামুদ্রিক স্রোত Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Geography Important Chapter 13 সামুদ্রিক তৰংগ আৰু সামুদ্রিক স্রোত Solutions in Assamese and select need one. Class 11 Elective Geography Additional Solutions Assamese Medium Download PDF. HS 1st Year Elective Geography Important Question Answer in Assamese.
Class 11 Geography Important Chapter 13 সামুদ্রিক তৰংগ আৰু সামুদ্রিক স্রোত
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Elective Geography Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Geography Important Solutions in Assamese for All Chapters, You can practice these here.
সামুদ্রিক তৰংগ আৰু সামুদ্রিক স্রোত
Chapter: 13
| তৃতীয় গোট: ভূ-আকৃতিক অৱয়ব আৰু ইহঁতৰ বিৱৰ্তন পৰিক্ৰমা |
| IMPORTANT QUESTION AND ANSWER |
১। দন্দী ক’ত গঠিত হয়?
উত্তৰঃ দন্দী সাধাৰণতে শিলাময় উচ্চভূমি উপকূলত গঠিত হয়, য’ত ঢৌৰ খনন প্ৰৱণতা অধিক থাকে।
২। উপতটীয় চৰ কাক বোলে?
উত্তৰঃ উপতট অৱস্থানত ঢাপ (ridge) আকৃতিৰে উপকূলৰেখাৰ সমান্তৰাল দিশত জমা হোৱা বালিময় অৱয়বসমূহক উপতটীয় চৰ বোলে।
৩। Delta কি?
উত্তৰঃ এখন গেদীয় নিম্নভূমি যি নদীৰ মোহনাত গঠিত হয় তাকে Delta বোলা হয়।
৪। গেদীয় উপকূল কিহৰ দ্বাৰা গঠিত হয়?
উত্তৰঃ গেদীয় উপকূল সাধাৰণতে নদী আৰু ঢৌৰ অনা গেদ জমাৰ ফলত গঠিত হয়।
৫। তৰাং সাগৰৰ পানীৰে নিমজ্জিত এনেবোৰ বালিঢাপক কি বোলে?
উত্তৰঃ তৰাং সাগৰৰ পানীৰে নিমজ্জিত এনেবোৰ বালিঢাপক মগ্নচৰ বোলে।
৬। খনন কাৰ্যত ঢৌৰ ভূমিকা কি?
উত্তৰঃ ঢৌৰ খুন্দাৰ ফলত উপকূলত শিল আৰু মাটি ক্ষয় হয়, যাৰ দ্বাৰা নতুন ভূমি গঠন হয়।
৭। উপকূলত বালি জমা হোৱাৰ ফলত কি গঠন হয়?
উত্তৰঃ উপকূলত বালি জমা হোৱাৰ ফলত পুলিন বা বালুকাতট গঠন হয়।
৮। নিমজ্জিত চৰ ক’ত থাকে?
উত্তৰঃ সাগৰ পানীৰ তলত, উপকূলৰ কাষৰ সমান্তৰাল অংশত নিমজ্জিত চৰ থাকে।
৯। খননকাৰ্যৰ প্ৰাদুৰ্ভাৱৰ ফলত কোনটো দুই শ্ৰেণীৰ ক্ষয়জাত অৱয়ব ব্যাপক ভাৱে গঢ়ি উঠা দেখা যায়?
উত্তৰঃ খননকাৰ্যৰ প্ৰাদুৰ্ভাৱৰ ফলত তৰংগ-ছেদিত ভৃগু আৰু তৰংগছেদিত বেদিকা নামৰ দুই শ্ৰেণীৰ ক্ষয়জাত অৱয়ব ব্যাপক ভাৱে গঢ়ি উঠা দেখা যায়।
১০। সমুদ্রপৃষ্ঠৰ ওপৰত মূৰ দাঙি উঠা দীঘলীয়া অৱয়বৰ নাম কি?
উত্তৰঃ সমুদ্রপৃষ্ঠৰ ওপৰত মূৰ দাঙি উঠা দীঘলীয়া অৱয়বৰ নাম হ’ল- ৰোধক-চৰ।
দীঘলীয়া প্ৰশ্ন উত্তৰ:
১। ক্ষয়জাত অৱয়ব কি?
উত্তৰঃ খননকাৰ্যৰ প্ৰাদুৰ্ভাৱৰ ফলত তৰংগ-ছেদিত ভূণ্ড (Wave-cut cliff) আৰু তৰংগছেদিত বেদিকা (Wave-cut terrace) নামৰ দুই শ্ৰেণীৰ ক্ষয়জাত অৱয়ব ব্যাপকভাৱে গঢ়ি উঠা দেখা যায়। সাগৰতীৰত সচৰাচৰ গঢ় লোৱা ভৃগু অথবা ক্লিফসমূহ ওখই দুই-তিনিমিটাৰৰ পৰা ত্রিশ মিটাৰ পৰ্যন্ত হোৱা দেখা যায়। এনেবোৰ ক্লিফৰ পাদদেশত পোৱা মৃদু ঢালযুক্ত ক্ষয়জাত পৃষ্ঠখনক তৰংগছেদিত বেদিকা বোলে। ক্লিফ অৱস্থানত সাগৰৰ ঢৌৱে অনুভূমিক দিশত অহৰহভাৱে খুন্দিয়াই যোৱাৰ ফলত সমুদ্রপৃষ্ঠ উচ্চতাত অনুভূমিক খননৰ মাত্রা সর্বাধিক হয়। গতিকে, এনে অৱস্থানত একোটা গাঁত সৃষ্টি হয়। বিশাল আকাৰৰ এনেবোৰ গভীৰ গাঁতক সামুদ্রিক গহ্বৰ (Marine cave) বোলে। কেতিয়াবা এনে একোটা গহ্বৰৰ চালখন খহি পৰিলে সমুদ্ৰৰ উপকূলীয় ক্ষেত্ৰখন মহাদেশৰ ভিতৰভাগলৈ কিছু আগুৱাই যায়। ইফালে খহি পৰা চালখন উপতটীয় (Offshore) অৱস্থানত এটা অকলশৰীয়া দ্বীপ আকাৰে সাগৰপৃষ্ঠৰ ওপৰত মূৰ দাঙি থাকে। এনেবোৰ অবয়বৰ নাম সামুদ্রিক স্থাপন (Sea stack)। আনবোৰ তটীয় অৱয়বৰ দৰেই এই অৱয়বসমূহো দীর্ঘস্থায়ী নহয়।
২। সামুদ্রিক তৰংগ কাক বোলে? ইয়াৰ উৎপত্তিৰ কাৰণবোৰ ব্যাখ্যা কৰা।
উত্তৰঃ সামুদ্ৰিক তৰংগ হৈছে সাগৰ বা মহাসাগৰৰ পানীত সৃষ্ট হোৱা সৰ্বসাধাৰণ আন্দোলন, যি সাধাৰণতে বায়ু বা অন্য কোনো বাহ্যিক শক্তিৰ প্ৰভাৱত সৃষ্টি হয়। এই তৰংগবোৰ সাগৰ-পানীৰ ওপৰিভাগত দেখা পোৱা যায় আৰু সিহঁতৰ গতি সাধাৰণতে তৰল গঠন, বায়ুপ্রবাহ, ভূমিকম্প, আগ্নেয়গিৰিৰ বিস্ফোৰণ, চন্দ্ৰ-সূৰ্যৰ গৰ্ভাকর্ষণ শক্তি আদিৰ দ্বাৰা নিৰ্ধাৰিত হয়। যেতিয়া বায়ু সাগৰ-পানীৰ ওপৰত এটি নিৰ্দিষ্ট দিশত দীঘল সময় ধৰি বয়, তেতিয়া সেই বায়ু-প্ৰবাহৰ ঘঁহনিৰে পানীৰ ওপৰত এক চাপ সৃষ্টি হয়, যাৰ ফলত তৰংগৰ সৃষ্টি হয়। একেদৰে, সাগৰৰ তলদেশত যদি ভূমিকম্প হয় বা আগ্নেয়গিৰি বিস্ফোৰণ হয়, তেন্তে পানীৰ ওপৰত প্ৰচণ্ড কম্পন হোৱা দেখা যায়, যাৰ পৰা ছুনামি ধৰণৰ বৃহৎ তৰংগৰ উৎপত্তি হয়। সামুদ্ৰিক তৰংগবোৰ এক স্থানৰ পৰা আন স্থানলৈ শক্তি সৰবৰাহ কৰে, যদিও পানীৰ অণুবোৰ সৰু পৰিসৰতকে ঘূৰি থাকে। এইবোৰ পৃথিৱীৰ জলচৰ, জলবায়ু আৰু উপকূলীয় অঞ্চলৰ গঠনত উল্লেখযোগ্য ভূমিকা পালন কৰে।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.

