Class 11 Geography Important Chapter 12 হিমবাহ

Class 11 Geography Important Chapter 12 হিমবাহ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Geography Important Chapter 12 হিমবাহ Solutions in Assamese and select need one. Class 11 Elective Geography Additional Solutions Assamese Medium Download PDF. HS 1st Year Elective Geography Important Question Answer in Assamese.

Class 11 Geography Important Chapter 12 হিমবাহ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Elective Geography Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Geography Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 12

তৃতীয় গোট: ভূ-আকৃতিক অৱয়ব আৰু ইহঁতৰ বিৱৰ্তন পৰিক্ৰমা
IMPORTANT QUESTION AND ANSWER

১। হিমখাত কাক বোলে?

উত্তৰঃ হিমবাহৰ উৎসত থকা, সু-উচ্চ পাহাৰৰ ঢালত গঠিত বাটি-আকৃতিৰ গহ্বৰক হিমখাত বা চার্ক বোলে।

২। হৰ্ণ কি?

উত্তৰঃ চাৰিওফালে কেইবাটাও হিমবাহে খনন কৰাৰ ফলত গঠিত পিৰামিডীয় গিৰিশৃংগক হৰ্ণ বোলে।

৩। হিমবাহী গোলাশ্ম মৃত্তিকা কাক বোলে?

উত্তৰঃ হিমবাহে কঢ়িয়াই অনা শিল, বালি, মাটি আদিৰ মিশ্ৰণক হিমবাহী গোলাশ্ম মৃত্তিকা (Glacial till) বোলে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। কেইমৰ পৃষ্ঠদেশত থকা দ গাঁতৰ নাম কি?

উত্তৰঃ কেইমৰ পৃষ্ঠদেশত থকা দ গাঁতৰ নাম হ’ল- কেটল।

৫। কেটল কি?

উত্তৰঃ কেইমৰ ওপৰত থকা সৰু গাঁতবোৰক কেটল বোলে।

৬। ড্রামলিন অৱয়ব দীঘলে কিমান কিলোমিটাৰ আৰু উচ্চতাই কিমান মিটাৰ পৰ্যন্ত হ’ব পাৰে?

উত্তৰঃ ড্রামলিন অৱয়ব দীঘলে ১ কিলোমিটাৰ আৰু উচ্চতাই ৩০ মিটাৰ পৰ্যন্ত হ’ব পাৰে।

৭। হিমানী ধাৱন কাক বোলে?

উত্তৰঃ হিমবাহৰ মাধ্যমেৰে হোৱা ভাৰ কঢ়িয়াই নিয়াৰ কাৰ্যক হিমানী ধাৱন বোলে।

৮। হিমবাহৰ গতি কিমান মন্থৰ হয়?

উত্তৰঃ হিমবাহৰ গতি সাধাৰণতে ২৪ ঘণ্টাত কেই চেন্টিমিটাৰমানৰ পৰা দুই-তিনি মিটাৰমান হয়।

৯। হিমবাহৰ ক্ষয়মূলক প্ৰধান তিনিটা কাৰ্যসমূহ কি কি?

উত্তৰঃ হিমবাহৰ ক্ষয়মূলক প্ৰধান তিনিটা কাৰ্যসমূহ হ’ল- খনন, পৰিবহন আৰু অৱক্ষেপণ।

১০। হিমবাহ কোনটো অঞ্চলত অধিক সক্ৰিয়?

উত্তৰঃ হিমবাহ উচ্চ অক্ষাংশ আৰু উচ্চ পৰ্বতীয়া অঞ্চলত অধিক সক্ৰিয়।

দীঘলীয়া প্ৰশ্ন উত্তৰ:

১। হিমবাহ কাক বোলে? ইয়াৰ গঠন প্ৰক্ৰিয়া আৰু ভূ-আকৃতি গঠনত ইয়াৰ ভূমিকা আলোচনা কৰা।

উত্তৰঃ হিমবাহ হৈছে শীতপ্ৰধান অঞ্চলত বহু বছৰ ধৰি সঞ্চিত হোৱা তুষাৰ যি অধিক চাপ আৰু কম উষ্ণতাৰ ফলত ঘন বৰফত পৰিণত হয় আৰু মাধ্যাকর্ষণৰ প্ৰভাৱত পাহাৰৰ ঢালৰ ফালে ধীৰগতিত সৰে। ই এক প্ৰাকৃতিক বৰফ নদী, যি অতি মন্থৰভাৱে বগাবগাই পাহাৰীয়া অঞ্চলৰ ফাললৈ আগবাঢ়ে। সাধাৰণতে হিমবাহৰ গতি দিনে কেই চেন্টিমিটাৰৰ পৰা কেই মিটাৰমান হয়।

হিমবাহৰ গঠন প্ৰক্ৰিয়া:

হিমবাহ গঠিত হ’বলৈ, কোনো অঞ্চলত বছৰি অধিক তুষাৰপাত আৰু তাত তুলনামূলকভাৱে কম বাষ্পীভৱন হ’ব লাগে। এই তুষাৰ বছৰৰ পাছত বছৰি সঞ্চিত হৈ, ওপৰৰ নতুন তুষাৰৰ ওজনৰ ফলত তলৰ স্তৰসমূহ ঘন, কঠিন বৰফত পৰিণত হয়। সময়ৰ লগে লগে এই বৰফ সংগঠিত হৈ হিমবাহৰ ৰূপ লয় আৰু মাধ্যাকর্ষণৰ প্ৰভাৱত তলমুখী গতি আৰম্ভ কৰে।

ভূ-আকৃতি গঠনত হিমবাহৰ ভূমিকা:

হিমবাহ হৈছে এক প্ৰবল ভূ-আকৃতি গঠনৰ বাহক।

ই তিনিধৰণৰ কাৰ্যৰ জৰিয়তে ভূমি ৰূপান্তৰ ঘটায়—

(i) খনন (Plucking): হিমবাহৰ তলভাগত থকা বৰফৰ পৃষ্ঠত তাপমাত্রা কম থাকি ভূ-পৃষ্ঠৰ শিলবোৰ উৰ্ধ্বে উঠাই আনে।

(ii) ঘর্ষণ (Abrasion): হিমবাহ চলাৰ সময়ত তাৰ তলত থকা শিলবোৰ মাটিৰ ওপৰত ঘঁহি, মসৃণ আৰু আকাৰ পৰিৱৰ্তন কৰে।

(iii) অপঘর্ষণ (Erosion): স্থায়ী চাপৰ ফলত ভূমিৰ অনেক অংশ ক্ষয় হয়।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top