Class 11 Geography Important Chapter 11 ভূমিগত জলপ্ৰৱাহ

Class 11 Geography Important Chapter 11 ভূমিগত জলপ্ৰৱাহ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Geography Important Chapter 11 ভূমিগত জলপ্ৰৱাহ Solutions in Assamese and select need one. Class 11 Elective Geography Additional Solutions Assamese Medium Download PDF. HS 1st Year Elective Geography Important Question Answer in Assamese.

Class 11 Geography Important Chapter 11 ভূমিগত জলপ্ৰৱাহ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Elective Geography Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Geography Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 11

তৃতীয় গোট: ভূ-আকৃতিক অৱয়ব আৰু ইহঁতৰ বিৱৰ্তন পৰিক্ৰমা
IMPORTANT QUESTION AND ANSWER

১। ভূমিগত জল বুলিলে কি বুজা?

উত্তৰঃ মাটিৰ ফাঁট, সন্ধি, অথবা সচিদ্র শিলৰ মাজেৰে তললৈ সৰি যোৱা বৰষুণৰ পানীক ভূমিগত জল বোলে।

২। কাৰ্ষ্ট ভূ-আকৃতি কিহৰ ফলত গঠিত হয়?

উত্তৰঃ চূণশিল বা ড’লমাইট জাতীয় গলনশীল শিলৰ লগত ভূমিগত জলৰ ৰাসায়নিক বিক্ৰিয়াৰ ফলত কাৰ্ষ্ট ভূ-আকৃতি গঠিত হয়।

৩। চুণশিলৰ প্ৰধান উপাদান কি?

উত্তৰঃ চুণশিলৰ প্ৰধান উপাদান হ’ল- কেলচিয়াম কার্বনেট।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। কাৰ্ষ্ট-ভূ-আকৃতি কাক বোলে?

উত্তৰঃ চুনশিল অথবা ড’লমাইট শিলাৰ লগত কার্বনযুক্ত পানীৰ ৰাসায়নিক বিক্ৰিয়াৰ ফলত গঠন হোৱা ভূ-আকৃতিক দৃশ্যপটক কাষ্ট-ভূ-আকৃতি বোলে।

৫। চূণশিল গহৱৰ বৈশিষ্ট্য কি?

উত্তৰঃ চূণশিল গহৱৰ বৈশিষ্ট্য হ’ল- ই সাধাৰণতে বহু গাঁতৰ সমন্বয়ে গঠিত হয়, বহুতে দুটা মুখ থাকে, আৰু ভিতৰত জলধাৰা বৈ থাকিব পাৰে।

৬। চূণশিলৰ গলনৰ প্ৰধান কাৰণ কি?

উত্তৰঃ চূণশিলৰ গলনৰ প্ৰধান কাৰণ হ’ল- বৰষুণৰ পানীয়ে বায়ুৰ পৰা কাৰ্বন-ডাইঅক্সাইড শোষণ কৰি কাৰ্বনিক এচিড ৰূপে চূণশিলৰ সৈতে ৰাসায়নিক বিক্ৰিয়া কৰে।

৭। অৱতৰণ ৰন্ধ্ৰ ঘাইকৈ কেই প্ৰকাৰৰ?

উত্তৰঃ অৱতৰণ ৰন্ধ্ৰ ঘাইকৈ দুই প্ৰকাৰৰ।

৮। কেলচিয়াম কার্বনেটৰ সংকেত লিখা।

উত্তৰঃ কেলচিয়াম কার্বনেটৰ সংকেত হ’ল- (C₂CO₃)।

৯। ড’লাইন কি?

উত্তৰঃ কিছুমান স্খলিত অৱতৰণৰ তলদেশৰ ঠেক ছিদ্র অংশ মাটিৰে পোত খোৱাৰ ফলত অৱতৰণ বন্ধটোত পানী জমা হৈ একোটা ক্ষুদ্র জলাশয় সৃষ্টি কৰে। এই জলাশয়টোক ড’লাইন (Doline) বোলে।

১০। চণশিল পৃষ্ঠত একে পদ্ধতিৰে (চণশিলাৰ গলন অথবা দ্রৱণ) গঠন হোৱা বৃহতাকায় গাঁতসমূহৰ নাম কি?

উত্তৰঃ চণশিল পৃষ্ঠত একে পদ্ধতিৰে (চণশিলাৰ গলন অথবা দ্রৱণ) গঠন হোৱা বৃহতাকায় গাঁতসমূহৰ নাম হ’ল- ঘোল-বন্ধু।

দীঘলীয়া প্ৰশ্ন উত্তৰ:

১। কাৰ্ষ্ট ভূ-আকৃতি কি?

উত্তৰঃ কাৰ্ষ্ট ভূ-আকৃতি হৈছে তেনে এক ভূ-আকৃতিক গঠন, যি চূণশিল বা ড’লমাইট শিলৰ ওপৰত ভূমিগত জলৰ ৰাসায়নিক বিক্ৰিয়াৰ ফলত গঠিত হয়। এই ভূ-আকৃতি মূলত গলনশীল শিলত হোৱা ৰাসায়নিক প্ৰতিক্ৰিয়াৰ ফলত সময়ৰ লগে লগে সৃষ্টি হয়।

যেতিয়া বৰষুণৰ পানীয়ে বায়ুৰ পৰা কাৰ্বন-ডাই-অক্সাইড শোষণ কৰে, তেতিয়া হালকা অম্লযুক্ত এক কাৰ্বনিক তত্ত্বযুক্ত পানী গঠিত হয়। এই অম্লীয় পানী মাটিৰ তলত গৈ চূণশিলৰ সৈতে বিক্ৰিয়া কৰে, আৰু ইয়াৰ ফলত শিলৰ গলন ঘটে। এই গলনৰ ফলস্বৰূপে ভূমিত গহ্বৰ, ড’লাইন, ভূগর্ভস্থ নদী, ষ্টেলেকটাইট, আৰু ষ্টেলেগমাইট, আদি বিভিন্ন গঠনসমূহ সৃষ্টি হয়।

কাৰ্ষ্ট ভূ-আকৃতি সাধাৰণতে ধীৰগতিত গঠন হয় আৰু ই বিশেষকৈ তেনেকুৱা অঞ্চলসমূহত দেখা যায় য’ত চূণশিলৰ বিস্তাৰ অধিক। এই ধৰণৰ ভূ-আকৃতি পানীৰ সঞ্চালন, গলনশীলতা আৰু ভূগতৰ গঠনৰ ওপৰত নিৰ্ভৰ কৰে।

সংক্ষেপে, কাৰ্ষ্ট ভূ-আকৃতি হৈছে এক বিশেষ প্ৰাকৃতিক গঠন যি ভূমিগত জলৰ ৰাসায়নিক বিক্ৰিয়া আৰু শিল গলনৰ ফলত সৃষ্টি হয়, আৰু ইয়াত বিভিন্ন ধৰণৰ গহ্বৰ, ড’লাইন, ষ্টেলেকটাইট, আদি দেখা যায়। এই প্ৰক্ৰিয়াই পৃথিৱীৰ ভূ-আকৃতিক বৈচিত্ৰ্য বৃদ্ধি কৰে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top