Class 11 Geography Important Chapter 10 বোৱঁতী পানী অথবা জলপ্রৱাহ

Class 11 Geography Important Chapter 10 বোৱঁতী পানী অথবা জলপ্রৱাহ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Geography Important Chapter 10 বোৱঁতী পানী অথবা জলপ্রৱাহ Solutions in Assamese and select need one. Class 11 Elective Geography Additional Solutions Assamese Medium Download PDF. HS 1st Year Elective Geography Important Question Answer in Assamese.

Class 11 Geography Important Chapter 10 বোৱঁতী পানী অথবা জলপ্রৱাহ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Elective Geography Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Geography Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 10

তৃতীয় গোট: ভূ-আকৃতিক অৱয়ব আৰু ইহঁতৰ বিৱৰ্তন পৰিক্ৰমা
IMPORTANT QUESTION AND ANSWER

১। স্থলপৃষ্ঠত বছৰি মুঠ প্রায় কিমান ঘন কি. মি. (১০৮×১০¹⁷ লিটাৰ) পৰিমাণৰ বৰষুণ হয়?

উত্তৰঃ স্থলপৃষ্ঠত বছৰি মুঠ প্রায় এক লাখ আঠ হাজাৰ ঘন কি. মি. (১০৮×১০¹⁷ লিটাৰ) পৰিমাণৰ বৰষুণ হয়।

২। ব্ৰহ্মপুত্ৰ নদী বছৰি কিমান গেদ নিম্নভূমিৰ দিশত উটি যায়?

উত্তৰঃ ব্ৰহ্মপুত্ৰ নদী বছৰি বছৰি প্ৰায় ৬১৬ কোটি টন গেদ নিম্নভূমিৰ দিশত উটি যায়।

৩। নিমজ্জন-কুণ্ড কাক বোলে?

উত্তৰঃ জলপ্রপাতৰ প্ৰপাতস্থলীত (যি ঠাইত পানী পৰে) পানীৰ বল সর্বাধিক হয়। সেয়েহে এনে অৱস্থানত কিছুমান জলগৰ্তিকাৰ ব্যাস আৰু গভীৰতা কেইবামিটাৰ পৰ্যন্ত বৃদ্ধি পাব পাৰে। প্রপাতস্থলীত সৃষ্টি হোৱা বৃহৎ আকাৰৰ জলগর্তিকাক নিমজ্জন-কুণ্ড বোলে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। পলস-বিচনী বুলিলে কি বোলে?

উত্তৰঃ গিৰিপদী অৱস্থানত নদীখনৰ ঢাল অধিক হ’লে এনে অৱক্ষেপণজাত অৱয়ববোৰ তালপাতৰ বিচনী আকৃতিক আৰু বিশাল আকাৰৰ হয়। তেতিয়া ইয়াক পলস-বিচনী বোলে। 

৫। সুন্দৰবন নামৰ বিশ্বৰ ভিতৰতে বৃহত্তম ব-দ্বীপ অঞ্চলটোৰ ক্ষেত্ৰফল কিমান বর্গ কিলোমিটাৰ?

উত্তৰঃ সুন্দৰবন নামৰ বিশ্বৰ ভিতৰতে বৃহত্তম ব-দ্বীপ অঞ্চলটোৰ ক্ষেত্ৰফল ১,২৫,০০০ বর্গ কিলোমিটাৰ।

৬। বিশ্বৰ ভিতৰতে আটাইতকৈ বৃহত্তম ব-দ্বীপৰ নাম কি?

উত্তৰঃ বিশ্বৰ ভিতৰতে আটাইতকৈ বৃহত্তম ব-দ্বীপৰ নাম হ’ল- সুন্দৰবন।

৭। নদীৰ পার্শ্বখননৰ ফলত উপত্যকাটো ক্রমে বহল আৰু তৰাং হৈ অহাৰ সামগ্রিক প্রক্রিয়াটোৰ নাম কি?

উত্তৰঃ নদীৰ পার্শ্বখননৰ ফলত উপত্যকাটো ক্রমে বহল আৰু তৰাং হৈ অহাৰ সামগ্রিক প্রক্রিয়াটোৰ নাম হ’ল- উপত্যকা প্রস্থায়ন।

৮। পৃষ্ঠপ্রবাহ কি?

উত্তৰঃ স্থলপৃষ্ঠত নদ-নদীয়ে স্পর্শ নকৰা অৱস্থানৰ পৰা অৱবাহতন্ত্র অর্থাৎ নদ-নদীৰ জালিকা অভিমুখে ডোঙা পাতি বৈ যোৱা পানীক পৃষ্ঠপ্রবাহ বোলে।

৯। তৰুণ অৱস্থাৰ নদীসমূহত সঘনাই কি কি সৃষ্টি হয়?

উত্তৰঃ তৰুণ অৱস্থাৰ নদীসমূহত সঘনাই জলপ্রপাত আৰু খৰস্রোত সৃষ্টি হয়।

১০। ব-দ্বীপ গঠনত কোনটো নদী যুগ্মভাৱে কাৰ্য কৰে?

উত্তৰঃ ব-দ্বীপ গঠনত গংগা-ব্ৰহ্মপুত্ৰ নদী যুগ্মভাৱে কাৰ্য কৰে।

দীঘলীয়া প্ৰশ্ন উত্তৰ: 

১। জলবাহী প্ৰক্ৰিয়া বুলিলে কি বুজা? ই কেনেদৰে ভূমিৰূপ গঠন কৰে?

উত্তৰঃ জলবাহী প্ৰক্ৰিয়া বুলিলে নদ-নদী আৰু পৃষ্ঠপ্ৰবাহৰ জৰিয়তে স্থলপৃষ্ঠত হোৱা ক্ষয়, পৰিবহন আৰু সঞ্চয় কাৰ্যক বুজায়। এই প্ৰক্ৰিয়াৰ ফলত ভূমিৰ ওপৰত নানা ধৰণৰ ভূ-আকৃতিক গঠন হয় আৰু সময়ৰ লগে লগে ভূ-পৃষ্ঠৰ আকৃতি পৰিৱর্তিত হয়। নদীখনে উচ্চভূমিৰ পৰা নিম্নভূমিলৈ বৈ যাবলৈ চেষ্টা কৰে, আৰু এই যাত্ৰাত সেই স্থানৰ শিল, মাটি, বালি আদি ক্ষয় কৰি কঢ়িয়াই লৈ যায়। এই পদাৰ্থসমূহ নদীখনে উপযুক্ত স্থানত সঞ্চয় কৰে। ক্ষয়ৰ ফলত উপত্যকা গঠিত হয়, জলগৰ্তিকা,পৰিবহনৰ ফলত নদীখনে পদাৰ্থ কঢ়িয়াই নিয়ে; আৰু সঞ্চয়ৰ ফলত প্লাবনভূমি, ব-দ্বীপ, বিসৰ্পণ, অশ্বখুৰা হ্ৰদ আদি গঠন হয়। এইবোৰ ভূ-আকৃতি নদীৰ খনন আৰু গেদ পৰিবহনৰ প্ৰমাণ। সেয়েহে জলবাহী প্ৰক্ৰিয়া হৈছে স্থলপৃষ্ঠৰ এক জীয়াই থকা প্ৰাকৃতিক শক্তি, যি সময়ৰ লগে লগে ভূমিৰূপ সম্পূৰ্ণ ৰূপে পৰিৱর্তন ঘটায়।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top