Class 11 Geography Important Chapter 9 মাটি অথবা মৃত্তিকা

Class 11 Geography Important Chapter 9 মাটি অথবা মৃত্তিকা Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Geography Important Chapter 9 মাটি অথবা মৃত্তিকা Solutions in Assamese and select need one. Class 11 Elective Geography Additional Solutions Assamese Medium Download PDF. HS 1st Year Elective Geography Important Question Answer in Assamese.

Class 11 Geography Important Chapter 9 মাটি অথবা মৃত্তিকা

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Elective Geography Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Geography Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 9

তৃতীয় গোট: ভূ-আকৃতিক অৱয়ব আৰু ইহঁতৰ বিৱৰ্তন পৰিক্ৰমা
IMPORTANT QUESTION AND ANSWER

১। মাটি বুলিলে কি বুজা?

উত্তৰঃ মাটি হৈছে স্থলমণ্ডলৰ ওপৰত থকা শিলাৰ বিচূর্ণ অংশ, য’ত বায়ু, পানী, খনিজ আৰু জৈৱ পদাৰ্থ মিহলি হৈ উদ্ভিদ আৰু প্ৰাণীৰ বসবাসৰ বাবে উপযোগী পৰিৱেশ সৃষ্টি কৰে।

২। মাটি গঠনত জৈৱিক উপাদানৰ উৎসসমূহ কি কি?

উত্তৰঃ মাটি গঠনত জৈৱিক উপাদানৰ উৎসসমূহ হ’ল- উদ্ভিদৰ শুকান পাত, ডাল, মৃত দেহ, প্রাণীৰ মল-মূত্র আৰু জীবাণুবোৰৰ বিক্ৰিয়াৰ ফলত সৃষ্টি হোৱা হিউমাছ ইত্যাদি।

৩। মাটি গঠনৰ আৰম্ভণি কোনটো প্ৰক্ৰিয়াৰে হয়?

উত্তৰঃ শিলাৰ বিচূর্ণীভৱন প্ৰক্ৰিয়াৰে মাটি গঠনৰ আৰম্ভণি হয়।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। মাটি গঠন প্রক্রিয়াৰ মুখ্য তিনিটা ধাপসমূহ কি কি?

উত্তৰঃ মাটি গঠন প্রক্রিয়াৰ মুখ্য তিনিটা ধাপসমূহ হ’ল- বিচূর্ণীভৱন, পৰিবহণ, আৰু অৱক্ষেপণ।

৫। Eluviation আৰু Illuviation শব্দ দুটিৰ অৰ্থ কি?

উত্তৰঃ Eluviation অৰ্থ হৈছে উপৰিস্থিত স্তৰৰ পৰা খনিজ বা পদাৰ্থ ধুই যোৱা, আৰু Illuviation অৰ্থ হৈছে সেই পদাৰ্থবোৰ তলত জমা হোৱা।

৬। হিউমাছ কেনেকৈ সৃষ্টি হয়?

উত্তৰঃ উদ্ভিদ-প্ৰাণীৰ মৃত অংশ জীৱাণুবোৰে বিজাৰণ কৰি জৈৱ পদাৰ্থত পৰিণত কৰিলে হিউমাছ সৃষ্টি হয়।

৭। সেউজী গছৰ শিপাই মাটিৰ গঠন প্রক্রিয়াত কেনেকৈ ভূমিকা লয়?

উত্তৰঃ গছৰ শিপাই তলৰ পৰা খনিজ টানি ওপৰলৈ আনে আৰু ওপৰিস্তৰ উৰ্বৰ কৰে।

৮। মাটিত স্তৰায়ণ কিয় হয়?

উত্তৰঃ দীঘলীয়া সময় ধৰি ভৌতিক, ৰাসায়নিক আৰু জৈৱিক বিক্ৰিয়াৰ ফলত মাটিত পৰস্পৰ ভিন্ন গুণযুক্ত অনুভূমিক স্তৰ গঠিত হয়।

৯। Intrazonal Soil কাক বোলে?

উত্তৰঃ যিসকল মাটিৰ গুণাগুণ মূল শিল বা জলাভূমি আদি বিশেষ স্থানীয় কাৰকৰ ওপৰত নিৰ্ভৰশীল হয় তাক Intrazonal Soil বোলে।

১০। মাটিৰ স্তৰৰ মাজেৰে উলম্ব দিশত পানী সবকি যোৱাৰ এই কাৰ্যক কি বোলে?

উত্তৰঃ মাটিৰ স্তৰৰ মাজেৰে উলম্ব দিশত পানী সবকি যোৱাৰ এই কাৰ্যক ধৌত প্রক্রিয়া বোলে।

দীঘলীয়া প্ৰশ্ন উত্তৰ: 

১। মাটি গঠন প্ৰক্ৰিয়া কাক বোলে? ইয়াৰ ধাপসমূহ আৰু পৰিৱেশৰ প্ৰভাৱ বৰ্ণনা কৰা।

উত্তৰঃ মাটি গঠন প্ৰক্ৰিয়া হৈছে এক দীঘলীয়া প্ৰাকৃতিক প্ৰক্ৰিয়া, যাৰ জৰিয়তে শিল, জৈৱ পদাৰ্থ, বায়ু, পানী আৰু গেছৰ মিশ্ৰণে মাটি উৎপন্ন হয়। এই প্ৰক্ৰিয়াত শিল বিচুৰ্ণ হৈ অণু-অনুবোৰত পৰিণত হয় আৰু তাৰ লগত উদ্ভিদ-প্ৰাণীৰ মৃতাংশ মিহলি হৈ এক উৰ্বৰ পদাৰ্থ সৃষ্টি কৰে। মাটিৰ এই গঠনক influence কৰে পাঁচটা মুখ্য কাৰকে— মূল শিল, জলবায়ু, ভূ-প্ৰকৃতি, জীৱজগত আৰু সময়।

মাটি গঠন আৰম্ভ হয় বিচূর্ণীভৱনেৰে, য’ত শিলবোৰ বায়ু, পানী, সূৰ্যৰ তাপ আৰু ঠাণ্ডাৰ প্ৰভাৱত খহি যায়। এই বিচুৰ্ণ অংশবোৰ পৰিবহণ প্ৰক্ৰিয়াৰ মাধ্যমে বায়ু, বৰষুণ, বা নদীৰ সোঁতে সৰোৱা হয়। তাৰ পিছত, এই দ্ৰব্যবোৰ নির্দিষ্ট ঠাইত জমা হয়, যাক অৱক্ষেপণ বোলে। পৰৱৰ্তী সময়ত এই অংশবোৰত পানী আৰু বায়ু সোমাই যায়। ইয়াৰ লগে লগে কিছুমান নিম্ন বৰ্গৰ উদ্ভিদ যেনে— শেওলা, শেলাই আৰু জীৱাণু, কেঁচু আদি প্ৰাণী আহি বসবাস কৰিবলৈ আৰম্ভ কৰে। এই সকলো উপাদানৰ ভৌতিক, ৰাসায়নিক আৰু জৈৱিক বিক্ৰিয়াৰ ফলত মাটি গঠন হয়।

২। জলবায়ু কিয় মাটি গঠন প্ৰক্ৰিয়াৰ আটাইতকৈ সক্ৰিয় আৰু শক্তিশালী কাৰক হিচাপে গণ্য কৰা হয়?

উত্তৰঃ জলবায়ু হৈছে মাটি গঠন প্ৰক্ৰিয়াৰ ভিতৰত আটাইতকৈ প্ৰভাৱশালী কাৰক। মাটিৰ ভৌতিক গঠন, ৰাসায়নিক বিক্ৰিয়া, জৈৱ বিকাশ, আৰু স্তৰ গঠনত জলবায়ুৱে কেন্দ্ৰীয় ভূমিকা পালন কৰে। জলবায়ুৰ উপাদানসমূহ যেনে— তাপ, বৃষ্টিপাত, আর্দ্ৰতা আৰু বায়ুৰ গতিবেগ সকলোবোৰে মাটিৰ ওপৰত বিশেষ প্ৰভাৱ পেলায়। জলবায়ুৰ তাপমাত্রাই নিৰ্ধাৰণ কৰে শিল কিমান গতিৰে খহিব। গৰম ঠাইত শিল অধিক সোনকালে খহে আৰু বিক্ৰিয়া অধিক হয়। বৰষুণ বেছি হোৱা ঠাইত পানীৰ সংযোগেৰে শিলত Eluviation হয়— অৰ্থাৎ খনিজ পদাৰ্থ ওপৰৰ পৰা তললৈ সৰি যায়। সেইবোৰ তলৰ স্তৰত জমা হয়, যাক Illuviation বোলে। ইয়াৰ ফলত মাটিৰ ৰাসায়নিক গঠন স্তৰভেদে সলনি হয়। শুষ্ক জলবায়ু অঞ্চলত, বায়ু আৰু সূৰ্যৰ তাপে ভূ-গৰ্ভৰ পানী ওপৰলৈ উঠে আৰু তাৰ লগত নিমখও ওপৰলৈ আহি মাটিৰ ওপৰত জমা হয়। এই প্ৰক্ৰিয়াক Salinization বোলে। উল্টাকৈ, অতিবৃষ্টিপাত হোৱা অঞ্চলত ধৌত প্ৰক্ৰিয়াৰ ফলত কেলচিয়াম, পটাচিয়াম আদি উপাদান বাহিৰ হৈ মাটিৰ উৰ্বৰতা কম হয়। ইয়াৰোপৰি, গৰম আৰু সিক্ত জলবায়ুত উদ্ভিদ বেছি জন্মে, আৰু মৃত উদ্ভিদ-প্ৰাণীৰ পৰিত্যক্ত অংশ জৈৱ বিক্ৰিয়াৰ জৰিয়তে হিউমাছ গঠন কৰে। এইবোৰে মাটিৰ উৰ্বৰতা আৰু উত্পাদনক্ষমতা বঢ়ায়। সেয়ে ক’ব পাৰি, জলবায়ু মাটিৰ গঠন, বিকাশ, স্তরায়ণ আৰু উৰ্বৰতা সকলোক্ষেত্ৰতে এক অতি সক্ৰিয় আৰু নিয়ন্ত্ৰণকাৰী ভূমিকা পালন কৰে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top