Class 11 Assamese MIL Important Chapter 9 জুবিন গাৰ্গঃ এক কিংবদন্তি

Class 11 Assamese MIL Important Chapter 9 জুবিন গাৰ্গঃ এক কিংবদন্তি Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters AHSEC Class 11 Assamese MIL Important Chapter 9 জুবিন গাৰ্গঃ এক কিংবদন্তি Solutions and select need one. Class 11 Assamese Additional Solutions Download PDF. HS 1st Year Assamese Important Question Answer.

Class 11 Assamese MIL Important Chapter 9 জুবিন গাৰ্গঃ এক কিংবদন্তি

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Assamese Important Notes are part of All Subject Solutions. Here we have given HS 1st Year Assamese Important Solutions for All Chapters, You can practice these here.

Chapter: 9

গোট ১: গদ্য
IMPORTANT QUESTION AND ANSWER

অতি চমু প্ৰশ্ন উত্তৰ:

১। জুবিন গাৰ্গৰ জন্ম ক’ত হৈছিল?

উত্তৰঃ জুবিন গাৰ্গৰ জন্ম মেঘালয়ৰ তুৰাত হৈছিল।

২। জুবিন গাৰ্গৰ পিতৃ আৰু মাতৃৰ নাম কি?

উত্তৰঃ জুবিন গাৰ্গৰ পিতৃৰ নাম কপিল ঠাকুৰ (প্ৰকৃত নাম মোহিনী মোহন বৰঠাকুৰ) আৰু মাতৃৰ নাম ইলি বৰঠাকুৰ।

৩। জুবিন গাৰ্গৰ নামটো কাৰ নামেৰে ৰখা হৈছিল?

উত্তৰঃ প্ৰখ্যাত সংগীত পৰিচালক জুবিন মেহতাৰ নামেৰে তেওঁৰ নাম জুবিন ৰখা হৈছিল।

৪। জুবিন গাৰ্গৰ প্ৰথমটো গীতৰ এলবাম কি আৰু ই কেতিয়া মুকলি হৈছিল?

উত্তৰঃ জুবিন গাৰ্গৰ প্ৰথম গীতৰ এলবাম ‘অনামিকা’ আৰু ই ১৯৯২ চনত মুকলি হৈছিল।

৫। ১৯৯৫ চনত জুবিন গাৰ্গে কণ্ঠদান কৰা প্ৰথম বিহুগীতৰ এলবামটোৰ নাম কি আছিল?

উত্তৰঃ ১৯৯৫ চনত জুবিন গাৰ্গে কণ্ঠদান কৰা প্ৰথম বিহুগীতৰ এলবামটোৰ নাম আছিল ‘উজান পীৰিতি’।

৬। ‘গেংষ্টাৰ’ ছবিৰ কোনটো গীতৰ বাবে জুবিন গাৰ্গে ৰাষ্ট্ৰীয় পৰ্যায়ত জনপ্ৰিয়তা লাভ কৰে?

উত্তৰঃ ২০০৬ চনৰ ‘গেংষ্টাৰ’ ছবিৰ ‘য়া আলি’ গীতটোৰ বাবে জুবিন গাৰ্গে ৰাষ্ট্ৰীয় পৰ্যায়ত জনপ্ৰিয়তা লাভ কৰে।

৭। ‘য়া আলি’ গীতটোৰ বাবে জুবিন গাৰ্গে কি বঁটা লাভ কৰিছিল?

উত্তৰঃ য়া আলি’ গীতটোৰ বাবে জুবিন গাৰ্গে গ্ল’বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড (GIFA) আৰু ষ্টাৰডাষ্ট (Stardust) বঁটা লাভ কৰিছিল।

৮। জুবিন গাৰ্গে কিমানটা গীত নিজে ৰচনা কৰিছে বুলি এটা সাক্ষাৎকাৰত উল্লেখ কৰিছিল?

উত্তৰঃ জুবিন গাৰ্গে প্ৰায় ৫০০০ গীত নিজে ৰচনা কৰিছে বুলি এটা সাক্ষাৎকাৰত উল্লেখ কৰিছিল।

৯। জুবিন গাৰ্গৰ প্ৰথমখন কাব্যসংকলনৰ নাম কি?

উত্তৰঃ জুবিন গাৰ্গৰ প্ৰথমখন কাব্যসংকলনৰ নাম হ’ল ‘শব্দ-অনুভূতি’।

১০। জুবিন গাৰ্গ আৰু ড° ভূপেন হাজৰিকাৰ যুটীয়া চানেকি থকা গীতৰ এলবামটোৰ নাম কি?

উত্তৰঃ জুবিন গাৰ্গ আৰু ড° ভূপেন হাজৰিকাৰ যুটীয়া চানেকি থকা গীতৰ এলবামটোৰ নাম হ’ল ‘সপোন’।

দীঘল প্ৰশ্নোত্তৰ:

১। জুবিন গাৰ্গৰ শৈশৱ আৰু সংগীত জীৱনৰ আৰম্ভণিৰ বিষয়ে এটি বৰ্ণনা দিয়া।

উত্তৰঃ জুবিন গাৰ্গৰ জন্ম ১৯৭২ চনৰ ১৮ নৱেম্বৰত মেঘালয়ৰ তুৰাত হৈছিল। তেওঁৰ পিতৃৰ নাম কপিল ঠাকুৰ আৰু মাতৃৰ নাম ইলি বৰঠাকুৰ। সৰুৰে পৰা সংগীতৰ প্ৰতি তেওঁৰ যথেষ্ট ৰাপ আছিল আৰু মাত্ৰ তিনি বছৰ বয়সতে তেওঁ গীত গাবলৈ আৰম্ভ কৰিছিল। তেওঁৰ আদিগুৰু আছিল তেওঁৰ মাতৃ, যাৰ লগত তেওঁ নিজৰ কোঠাৰ দুৱাৰ বন্ধ কৰি নিশা হাৰমনিয়াম বজাই ৰেৱাজ কৰিছিল। পৰৱৰ্তী সময়ত পণ্ডিত ৰবীন বেনাৰ্জীৰ ওচৰত তেওঁ তবলা বজাবলৈ শিকিছিল আৰু অনায়াসে ১২ বিধ বাদ্যযন্ত্ৰ (যেনে- ঢোল, দোতাৰা, গীটাৰ, কিবৰ্ড, মেণ্ডোলিন আদি) বজাব পাৰিছিল।

২। বলীউড বা হিন্দী সংগীত জগতলৈ জুবিন গাৰ্গৰ অৱদান আৰু তেওঁৰ সফলতাৰ বিষয়ে লিখা।

উত্তৰঃ জুবিন গাৰ্গে প্ৰায় দুশতাধিক হিন্দী গীত গাই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজৰ এক সুকীয়া স্থান দখল কৰিছিল। ২০০৬ চনত ‘গেংষ্টাৰ’ ছবিৰ ‘য়া আলি’ গীতটোৱে তেওঁক ৰাষ্ট্ৰীয় পৰ্যায়ত বিপুল জনপ্ৰিয়তা প্ৰদান কৰে আৰু ইয়াৰ বাবে তেওঁ গ্ল’বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড (GIFA) আৰু ষ্টাৰডাষ্ট (Stardust) বঁটা লাভ কৰে। ইয়াৰ উপৰিও তেওঁ ‘ফিজা’, ‘কাঁটে’, ‘ক্ৰিছ থ্ৰী’, আদি বহুতো জনপ্ৰিয় হিন্দী ছবিত কণ্ঠদান কৰিছিল। মুম্বাইৰ দৰে মায়ানগৰীত প্ৰতিষ্ঠিত হোৱাৰ পিছতো কেৱল মাতৃভূমিৰ প্ৰতি থকা দৰদ আৰু দায়িত্বশীলতাৰ বাবে তেওঁ অসমলৈ ঘূৰি আহি নিজৰ সকলো কাম মাতৃভাষাত কৰি যোৱাৰ সংকল্প লৈছিল।

৩। জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৱে অসমৰ জনজীৱনত কেনে প্ৰভাৱ পেলাইছিল?

উত্তৰঃ ২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ খবৰে সমগ্ৰ অসমৰ আকাশত তমসা নমাই আনিছিল। এই দুখৰ বাতৰি পোৱাৰ লগে লগে স্বতঃস্ফূৰ্তভাৱে সকলো দোকান-পোহাৰ বন্ধ হৈ পৰিছিল। জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো অসমীয়াৰ বুকুত কান্দোনৰ ৰোল উঠিছিল আৰু অনাহাৰ-অনিদ্ৰাই মানুহ ৰাজপথলৈ ওলাই আহিছিল। তেওঁৰ অন্তিম যাত্ৰাত ভাগ লোৱা বিশাল জনসমুদ্ৰই বিশ্ব অভিলেখ গঢ়িছিল, যিটো মাইকেল জেকচন, পোপ ফ্ৰান্সিছ আৰু ৰাণী এলিজাবেথ (দ্বিতীয়) ৰ পিছতেই বিশ্বৰ চতুৰ্থ সৰ্ববৃহৎ ৰেলী হিচাপে পৰিগণিত হৈছিল।

খালী ঠাই পূৰণ কৰা:

১। জুবিন গাৰ্গৰ জন্ম _____________ চনৰ ১৮ নৱেম্বৰত মেঘালয়ৰ তুৰাত হৈছিল।

উত্তৰঃ জুবিন গাৰ্গৰ জন্ম ১৯৭২ চনৰ ১৮ নৱেম্বৰত মেঘালয়ৰ তুৰাত হৈছিল।

২। ২০০৬ চনত গেংষ্টাৰ কথাছবিৰ ______________ গীতটোৱে জুবিন গাৰ্গলৈ ৰাষ্ট্ৰীয় খ্যাতি কঢ়িয়াই আনে।

উত্তৰঃ ২০০৬ চনত গেংষ্টাৰ কথাছবিৰ ‘য়া আলি’ গীতটোৱে জুবিন গাৰ্গলৈ ৰাষ্ট্ৰীয় খ্যাতি কঢ়িয়াই আনে।

৩। জুবিন গাৰ্গৰ প্ৰথমখন কাব্যসংকলনৰ নাম হ’ল ______________।

উত্তৰঃ জুবিন গাৰ্গৰ প্ৰথমখন কাব্যসংকলনৰ নাম হ’ল শব্দ-অনুভূতি।

৪। জুবিন গাৰ্গৰ সপোনৰ সৃষ্টি তথা তেওঁৰ অন্তিমখন কথাছবিৰ নাম হ’ল ____________।

উত্তৰঃ জুবিন গাৰ্গৰ সপোনৰ সৃষ্টি তথা তেওঁৰ অন্তিমখন কথাছবিৰ নাম হ’ল ৰৈ ৰৈ বিনালে।

৫। জুবিন গাৰ্গে তেওঁৰ ৩৩ বছৰীয়া যাত্ৰাত ______________ টাতকৈও অধিক ভাষা আৰু উপভাষাত গীত গাইছে।

উত্তৰঃ জুবিন গাৰ্গে তেওঁৰ ৩৩ বছৰীয়া যাত্ৰাত ৪০ টাতকৈও অধিক ভাষা আৰু উপভাষাত গীত গাইছে।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top