Class 11 Assamese Chapter 1 ধনৰ ব্যৱহাৰ

Class 11 Assamese Chapter 1 ধনৰ ব্যৱহাৰ, Class 11 Assamese Question Answer SEBA, HS 1st year Assamese notes, ধনৰ ব্যৱহাৰ Class 11 The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Assamese Chapter 1 ধনৰ ব্যৱহাৰ and select needs one.

Class 11 Assamese Chapter 1 ধনৰ ব্যৱহাৰ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 11 Assamese Chapter – 1 ধনৰ ব্যৱহাৰ Solutions for All Subject, You can practice these here.

ধনৰ ব্যৱহাৰ

পাঠ: ১

গোট ১: গদ্য
আর্হি প্রশ্ন

(ক) অতি চমু প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক- ১)

১। কৃপণ লোকৰ দুই ধৰ্ম কি কি?

উত্তৰঃ কৃপন লোকৰ দুই ধৰ্ম হ’ল– লাজ ঢকা আৰু প্ৰাণ প্ৰৱৰ্তোৱা।

২। অর্থ ব্যৱহাৰৰ মূল মন্ত্ৰ কি?

উত্তৰঃ অৰ্থ ব্যৱহাৰৰ মূল মন্ত্ৰ হ’ল– আয় অনুসৰি খৰচ কৰা।

৩। দৰিদ্ৰ হোৱাৰ চিন কেনেকুৱা?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ আয় অলপ, খৰচ সৰহ সেয়েই দৰিদ্র হোৱাৰ চিন।

৪। মানুহৰ ঋণ কেতিয়া হয়?

উত্তৰঃ আৰ্জনতকৈ সৰহ খৰচ কৰিলে মানুহৰ ঋণ হয়।

৫। কোন প্ৰকাৰৰ খৰচ গুপ্ত শত্ৰুৰ নিচিনা?

উত্তৰঃ খুচুৰীয়া খৰচ গুপ্ত শত্ৰুৰ নিচিনা।

(খ) চমু প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক- ২ অথবা ৩)

১। ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰ কি কি?

উত্তৰঃ ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰ হ’ল– 

(ক) প্রথম ধনেৰে সুখ-সম্পদৰ আহিলা-পাতি গোটাই ল’ব পাৰি। ভোজনৰ ভাল বস্তু, পিন্ধনৰ ভাল কাপোৰ, বাসৰ ভাল ঘৰ, আৰু হাতী-ঘোঁৰা, গাড়ী-দোলা, বন্দী-বেটী আদি কৰি সাংসাৰিক সুখৰ আহিলাবোৰ ধন হ’লে গোটাই আনি উপভোগ কৰিব পাৰি।

(খ) দ্বিতীয়, ধনেৰে আনৰ উপকাৰ সাধিব পাৰি; ভাত নোহোৱাৰ ভাত, কাপোৰ নোহোৱাৰ কাপোৰ ধনেৰে যতোৱা যায়, মানুহ বিপদত পৰিলে ধনেৰে উদ্ধাৰ কৰিব পাৰি, আৰু বিদ্যালয়, চিকিৎসালয় আদি থাপন কৰি সৰ্বসাধাৰণৰ উপকাৰ কৰিব পাৰি।

২। কৃপণ লোকে আন মানুহে ধন খৰচ কৰিলে কিয় সহিব নোৱাৰে?

উত্তৰঃ কৃপণৰ বিবেচনাত ধনৰ মূল্য সৰহ, কামৰ মূল অলপ, গতিকে সি সৰহ কামত অলপ ধন যাচে বা মুঠে নিদিবলৈ ফাঁকটি কৰে। আন মানুহে ধন খৰচ কৰিলেও কৃপণে সহিব নোৱাৰে। কোনো মানুহে ডাঙৰ সকাম পাতি সৰহকৈ ধন ভাঙিবলৈ ওলালে, সি তাত বিধি-পথালি কৰে আৰু অনেক আসোঁৱাহ দেখুৱায়। এইবিলাক উপায়েৰে কামত বাধা দিব নোৱাৰিলে এটা মিছা কথা উলিয়াই তাৰ কুৎসা ৰটনা কৰে।

৩। লেখকৰ মতে কোন দুটা বৃত্তি ফলিওৱাৰ বাবে অলপ ধন লাগে?

উত্তৰঃ লেখকৰ মতে, সজ আৰু অসজ— এই দুটা বৃত্তি ফলিওৱাৰ বাবে অলপ ধন লাগে। দয়া বৃত্তি ফলাবলৈ অলপ ধনৰ প্ৰয়োজন হয়, তেনেকৈ অহংকাৰ বা লোভ ফলাবলৈও অলপ ধন লাগে।

৪। কি দুটা কাৰণত মানুহে কৃপণালি কৰে?

উত্তৰঃ কৃপন মানুহে সাধাৰণতে দুটা কাৰণত কৃপণালী কৰা দেখা যায়–

(ক) ধন এটা চামে উভৈনদী কৰি পৃথিৱীত এটা খ্যাতি ৰাখিবৰ মনেৰে কৃপণালী কৰে।

(খ) কিছুমানে সন্তান-সন্ততিলৈ ধনৰ এটা অক্ষয় ভাণ্ডাৰ বান্ধি থ’বৰ মনেৰে কৃপণালী কৰে।

৫। কৃপণ আৰু ধোঁৱাখুলীয়াৰ মাজত থকা পার্থক্য দুটা লিখা।

উত্তৰঃ কৃপণ আৰু ধোঁৱাখুলীয়াৰ মাজত থকা পার্থক্য দুটা হ’ল–

কৃপণধোঁৱাখুলীয়া
কৃপণ ব্যক্তি অতিৰিক্ত সঞ্চয়শীল হয় আৰু ধনৰ উচিত ব্যৱহাৰ নাজানে, যেতিয়া প্রয়োজন হয় তেতিয়াও খৰচ কৰিবলৈ মন নকৰে।আনহাতে, ধোঁৱাখুলীয়া ব্যক্তি অতিৰিক্ত খৰচ কৰে, ধনৰ মূল্য নুবুজে আৰু অনিয়ন্ত্রিত ভাৱে ব্যয় কৰি অন্তত অভাৱত পৰে।
কৃপণ ব্যক্তি ভৱিষ্যতৰ ভয়ত বৰ্তমানতে ধন খৰচ নকৰি জমা কৰি ৰাখে।আনহাতে, ধোঁৱাখুলীয়া ব্যক্তি ভৱিষ্যতৰ কথা নাভাবি বৰ্তমানতে সকলো ধন উৰুলী কৰি দিয়ে আৰু শেষত অভাৱত পৰে।

(গ) দীঘল প্রশ্ন (প্রতিটো প্রশ্নৰ মূল্যাংক- ৪ অথবা ৫)

১। অশিক্ষিত মানুহে ধন খৰচ কৰাৰ কৌশল সম্পর্কে কেনে ধাৰণা কৰে লিখা।

উত্তৰঃ অশিক্ষিত দুখীয়া মানুহে ধন ধুমধামকৈ খৰচ কৰা দেখিলে বিস্ময় মানে আৰু যি জনে তেনেকৈ খৰচ কৰে তাক বৰলোক বুলি বিবেচনা কৰে। চোৰেও চুৰ কৰা ধন খৰচ কৰি সিহঁতৰ চকুত চমক লগাব পাৰে। অশিক্ষিত সামান্য মানুহৰ মানত ধন খৰচ কৰা এটা মহতালিৰ কৰ্ম। সিহঁতে ধনীক ঈশ্বৰ যেন দেখে। ধনীৰ অত্যাচাৰক প্রতাপ বোলে, কুকামক ধেমালি বোলে আৰু ধনীৰ মাৰ-কিলক আদৰ বুলি ভাবে। সিহঁতৰ ভাল-বেয়া বোধ নাই, মান-অপমানৰ জ্ঞান নাই। এনেকুৱা নির্বোধ মানুহৰ প্রশংসা পাবলৈ যি নিজৰ হিতাহিত জ্ঞানক ঠেলি থৈ অযুগুত খৰচ কৰি দুখ মাতি আনে সি যে আও নির্বোধ তাত এক ধনিষ্ঠাও সন্দেহ নাই।

২। অসজ বৃত্তিধাৰী কৃপণ লোকৰ জীৱন প্রণালী কেনেকুৱা হয় আলোচনা কৰা।

উত্তৰঃ অসজ বৃত্তিধাৰী কৃপণ লোকসকল সাধাৰণতে অতিপাত সঞ্চয়শীল। এই লোকসকলে তেওঁলোকৰ অসজ বৃত্তিবোৰ সিহঁতে আনৰ খৰচত সন্তুষ্ট কৰিবলৈ সদায় যত্ন কৰে। ভাল বস্তু খাবলৈ সিহঁতৰ বৰ অভিলাষ, কিন্তু নিজৰ ধন খৰচ কৰি ভাল বস্তু কেতিয়াও নাখায়। নিজৰ ঘৰত সিহঁতৰ সদায় শাক-ভাতৰ ব্যৱস্থা, কিন্তু লোকৰ ঘৰত উপাদেয় বস্তু নহ’লে ভোজন নকৰে। নিজৰ ঘৰত সদায় এখন আঞ্জা, লোকৰ ঘৰত পাঁচখন বিচাৰে, নিজৰ কামত খোজ কাঢ়ি এদিনৰ বাট যায়, লোকৰ কামত বাহন নহ’লে এখোজো নলবে। মুঠ কথা, লোকৰ ওপৰত পালে সিহঁতে ভালৰো ভাল খায়, ভালৰো ভাল পিন্ধে, কিন্তু নিজ খৰচে চলিব লাগিলে মোটা চাউলৰ ভাত খায় আৰু ঢৰিয়া সূতাৰ কাপোৰ পিন্ধি দিন কটায়। খাৱ ন-পিন্ধন সম্বন্ধে এই শ্ৰেণীৰ কৃপণৰ মুখত সদায় ডাংকোপ মৰা কথা। সিহঁতে নিজৰ ঘৰৰ আচল অৱস্থা কেতিয়াও সদৰী হ’ব নিদিয়ে, কাৰণ তেনেহ’লে আনৰ ঘৰত ডাংকোপ মাৰিবলৈ বা দম্ভালি কৰিবলৈ বাট নৰয়। ঘৰত খাৰণিৰে ভাত খাই বাজত ঘিঁউৰ ব্যাখ্যা কৰা মানুহ পৃথিৱীত বহুত আছে। সিহঁতৰ বাজৰ ফাল বিতোপন, কিন্তু ভিতৰৰ ফাল কুগ্ধচ। বাজত বৰ চুৰিয়াৰ ফেৰ, ভিতৰত ঢকুৱাৰ বেৰ- এই ফকৰাটো যদিও মানুহে অকল ভৰকাল দৰিদ্ৰত খটায়, ই কৃপণতো ভালকৈ খাটে। ফুল বছা চ’ৰাঘৰ, স্বৰগ দেখা বৰ ঘৰ, এনেকুৱা গৃহস্থালি বহুত কৃপণৰ দেখা যায়। ই কৃপণালিৰ ঢাকন। এই শ্ৰেণীৰ কৃপণে সামান্য বস্তুক ভৰকীয়া নাম দিয়ে, ভগা খাটক পালেং, ভগা কাঁহীক মাইহাং আৰু ফটা কথাক নিহালি বুলিহে বৰ্ণনা কৰে।

৩। মানুহে ঋণক পাপৰ লগত কিয় তুলনা কৰে লিখা।

উত্তৰঃ মানুহে ঋণক পাপৰ লগত তুলনা কৰে, আৰ্জনতকৈ সৰহ খৰচ কৰিলে মানুহৰ ঋণ হয়। ঋণক মানুহে পাপৰ লগত ৰিজায় আৰু কওঁতে ঋণ পাপ বুলি কয়, কাৰণ পপীয়া মানুহৰ দৰে ঋণী মানুহেও বহুত লাঞ্ছনা ভোগ কৰে। ঋণী মানুহে সমাজত গৰিহণা খায়, মান-মর্যাদা হেৰুৱায়, আৰু সিহঁতৰ মনৰ সুখ-শান্তি নাইকিয়া হয়। ঋণক ব্যাধিৰ লগত ৰিজায়, কাৰণ ব্যাধিৰ লগত ঋণৰ বহুত মিল আছে। ব্যাধিয়ে মানুহৰ তেজ-মাংস ক্ষয় কৰে, ঋণে অৱস্থা ক্ষয় কৰে অর্থাৎ অনুক্রমে অৱস্থাহীন কৰি নিয়ে। ব্যাধি এবাৰ হ’লে গুচাবলৈ টান, ঋণো এবাৰ হ’লে গুচাবলৈ টান। ব্যাধি অনুক্রমে বাঢ়ি যায়, ঋণো অনুক্রমে বাঢ়ি যায়। ব্যাধি থাকিলে শৰীৰৰ উদ্ধৃতি নহয়, ঋণ থাকিলে অৱস্থাৰ উদ্‌গতি নহয়। এনেকুৱা ঋণ-ব্যাধি পৰাপক্ষত চপাই ল’ব নালাগে।

৪। লেখকৰ দৃষ্টিত ধৰা পৰা কৃপণ লোকৰ সংজ্ঞা সম্বন্ধে আলোচনা কৰা।

উত্তৰঃ লেখকৰ দৃষ্টিত ধৰা পৰা কৃপণ লোকৰ সংজ্ঞা এনেদৰে দিছে– পৃথিৱীত এনেকুৱা বহুত মানুহ আছে যি ধনৱন্ত হৈও অষ্টম দৰিদ্ৰৰ নিকাৰ ভুঞ্জে। এইবিলাক মানুহক সাধাৰণ কথাত কৰাইচ, কট্ কিনা বা কৃপণ বোলে। কৃপণক নিধনী বুলিলে অযুগুত নহয়। চকুৰে দর্শন আৰু ভৰিৰে বুলন কাম নকৰিলে তেনে মানুহৰ সেই দুই চভিয়া নাই বুলি ধৰিব পাৰি। সেইদৰে যি মানুহে ধন থাকোঁতে ধনৰ কার্য নকৰে তাক নিধনী বুলিলে যুক্তিৰ দোষ নহয়। আচল মতে কৃপণৰ ধন, ধন নহয়, ল’ৰাই ওমলা খোলাকটি।

৫। “ধন সুখ ভোগৰ উপায় নহয়, স্বয়ং ধনেই সুখ।” -ব্যাখ্যা কৰা।

উত্তৰঃ উক্ত কথাফাকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত সত্যনাথ বৰাদেৱৰ ৰচিত ‘ধনৰ ব্যৱহাৰ’ নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে।

লিখকে উক্ত কথাষাৰৰ মাধ্যমেৰে এক বিশেষ শ্ৰেণীৰ কৃপণ ব্যক্তিসকলৰ স্বভাৱ দাঙি ধৰিবলৈ চেষ্টা কৰিছে। এই শ্ৰেণীৰ কৃপণসকলে কেৱল ধনৰ নিমিত্তেই ধন গোটায়, তেওঁলোকৰ অন্য কোনো অভিপ্রায় নাথাকে। ধনেৰে নিজৰ জীৱন সুখ-শান্তিৰে ভৰাই তুলিব পাৰি বা সমাজৰ উপকাৰ সাধন কৰিব পাৰি—এই কথাটো তেওঁলোকৰ চিন্তাৰ বাহিৰত থাকে। তেওঁলোকৰ একমাত্ৰ লক্ষ্য হ’ল ধনৰ পৰিমাণ বৃদ্ধি কৰা, আৰু ধনেৰে কিমান সুখ উপভোগ কৰিব পাৰি, সেইদিশত কোনো গুৰুত্ব নিদিয়ে। ধনৰ সংখ্যা যিমান বৃদ্ধি পায়, তেওঁলোকৰ আনন্দৰ পৰিমাণো তেতিয়াই বাঢ়ে। ধনহে তেওঁলোকৰ একমাত্র সুখৰ উৎস, আৰু ধনৰ নামত সিহঁত উদ্ধাউল হৈ থাকে। ধনৰ আন কোনো ব্যৱহাৰ সিহঁতে নাজানে, ধন চকুৰে চাই থাকিয়েই তেওঁলোক সৰ্বোচ্চ আনন্দ অনুভৱ কৰে। এনেদৰে, লিখকে এই কথাফাকিৰ মাধ্যমেৰে এনে কৃপণ ব্যক্তিসকলৰ মানসিকতা আৰু জীৱনধাৰা স্পষ্টকৈ প্ৰকাশ কৰিছে।

18 thoughts on “Class 11 Assamese Chapter 1 ধনৰ ব্যৱহাৰ”

  1. I say .. You can pray of god in hole exams day …..that “dear god plz pass me this exam I promise you that next time I do very good preparation for the exam …”
    Then you can easily pass in the exam …?
    ?. ???????

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top