Class 11 Assamese Chapter 6 কে’ম্ব্ৰিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান, Class 11 Assamese Question Answer SEBA, HS 1st year Assamese notes, কে’ম্ব্ৰিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান class 11 The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Assamese Chapter – 6 কে’ম্ব্ৰিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান and select needs one.
Class 11 Assamese Chapter 6 কে’ম্ব্ৰিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 11 Assamese Chapter – 6 কে’ম্ব্ৰিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান Solutions for All Subject, You can practice these here.
কে’ম্ব্ৰিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান
পাঠ: ৬
গোট ১: গদ্য |
আর্হি প্রশ্ন |
(ক) অতি চমু প্রশ্ন (প্রতিটো প্রশ্নৰ মূল্যাংক – ১)
১। কে’ম্ব্রিজ বিশ্ববিদ্যালয় কোনখন নদীৰ উপত্যকাত অৱস্থিত?
উত্তৰঃ কে’ম্ব্রিজ বিশ্ববিদ্যালয় কেম্ নদীৰ উপত্যকাত অৱস্থিত।
২। কে’ম্ব্রিজ বিশ্ববিদ্যালয়ৰ অধীনত কেইখন কলেজ আছে?
উত্তৰঃ কে’মব্রিজ বিশ্ববিদ্যালয়ৰ অধীনত একত্রিছ খন (৩১) কলেজ আছে।
৩। ড° হীৰেন গোহাঁয়ে অধ্যয়ন কৰা কে’ম্ব্রিজৰ কলেজখনৰ নাম লিখা।
উত্তৰঃ ড° হীৰেন গোহাঁয়ে অধ্যয়ন কৰা কে’ম্ব্রিজৰ কলেজখনৰ নাম হ’ল- গণবিল এণ্ড কীইজ কলেজ।
৪। কে’ম্ব্রিজ বিশ্ববিদ্যালয় কোনে প্রতিষ্ঠা কৰিছিল?
উত্তৰঃ ১২০৯ চনত অক্সফোর্ডৰ কিছুমান পণ্ডিত ব্যক্তিয়ে স্থানীয় লোকৰ লগত মিলি কে’ম্ব্রিজ বিশ্ববিদ্যালয় প্রতিষ্ঠা কৰিছিল।
৫। জর্জ ষ্টাইনাৰ কোন?
উত্তৰঃ জর্জ ষ্টাইনাৰ এগৰাকী বিখ্যাত মার্কিন পণ্ডিত।
(খ) চমু প্রশ্ন (প্রতিটো প্রশ্নৰ মূল্যাংক – ২ অথবা ৩)
১। ইউৰোপত মধ্যযুগত স্থাপন হোৱা চাৰিখন বিশ্ববিদ্যালয়ৰ নাম লিখা।
উত্তৰঃ ইউৰোপত মধ্যযুগত স্থাপন হোৱা চাৰিখন বিশ্ববিদ্যালয়ৰ নাম হ’ল- পাৰি বা পেৰিছ বিশ্ববিদ্যালয়, হাইডে’লবার্গ বিশ্ববিদ্যালয়, অক্সফোর্ড বিশ্ববিদ্যালয় আৰু কে’ম্ব্রিজ বিশ্ববিদ্যালয়।
২। টমাছ আকুৱাইনাছ আৰু পিয়েৰ আবে’লাৰ কোন আছিল।
উত্তৰঃ টমাছ আকুৱাইনাছ মধ্যযুগৰ ইউৰোপীয় (ইটালীৰ) এগৰাকী প্রখ্যাত দার্শনিক আছিল। আনহাতে পিয়েৰ আবে’লাৰ মধ্যযুগৰ পাশ্চাত্যৰ এগৰাকী প্ৰখ্যাত দার্শনিক, পণ্ডিত আৰু কবি আছিল।
৩। গথিক স্থাপত্য বুলিলে কি বুজা?
উত্তৰঃ গথিক স্থাপত্য (Gothic Architecture), এবিধ স্থাপত্য কলা শৈলী। মধ্যযুগৰ ইউৰোপত ইয়াৰ বিকাশ হৈছিল। গির্জাবোৰৰ স্থাপত্যত এইবিধ শৈলী দেখা গৈছিল।
৪। কে’ম্ব্রিজ বিশ্ববিদ্যালয়ৰ কলেজবোৰৰ অধ্যক্ষসকলক কিদৰে নির্বাচন কৰা হৈছিল?
উত্তৰঃ কে’ম্ব্রিজ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কলেজবোৰৰ অধ্যক্ষবোৰক কলেজৰ ফে’লোসকলে নিৰ্বাচন কৰিছিল। আৰু অধ্যক্ষৰ লগ লাগি নিয়াৰিকৈ কলেজ পৰিচালনা কৰিছিল। অধ্যক্ষবোৰৰ ভিতৰত বাহিৰৰ পৰা অহা বিখ্যাত পণ্ডিতো আছিল।
৫। আৰবী গ্ৰন্থত প্লেটো আৰু আৰিস্ততলক কি কি নামেৰে জনা যায়?
উত্তৰঃ আৰবী গ্ৰন্থত প্লেটোৰ নাম ‘আফ্লাতুন্’ আৰু এৰিষ্ট’টলৰ নাম ‘আৰিস্তু’।
(গ) দীঘল প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক -৪ অথবা ৫)
১। কে’ম্ব্রিজ বিশ্ববিদ্যালয়ৰ কলেজবোৰ কোনে কিদৰে প্ৰতিষ্ঠা আৰু পৰিচালনা কৰে বুজাই লিখা।
উত্তৰঃ কে’ম্ব্রিজ বিশ্ববিদ্যালয়ৰ কলেজবোৰ পণ্ডিতসকলে নিজা উদ্যোগত প্রতিষ্ঠা কৰিছিল। তেওঁলোক চাৰ্চৰ বা খ্রীষ্টিয় ধৰ্মমণ্ডলীৰ অন্তর্ভুক্ত আছিল আৰু বিদ্যা-চৰ্চাৰ বাবে চাৰ্চৰ অন্যান্য কামৰ পৰা তেওঁলোকক ভালেখিনি অব্যাহত দিয়া হৈছিল। চাৰ্চৰ দান-দক্ষিণাৰ উপৰি কোনো ধনী ব্যক্তি বা ব্যৱসায়ী সংঘ (Guild)ৰ পৰা অৰ্থ-সাহায্য পাইছিল আৰু পণ্ডিতসকলে বিশ্ববিদ্যালয় চলাবৰ বাবে প্ৰচুৰ ভূসম্পত্তি সংগ্ৰহ কৰিছিল। অর্থাৎ ধর্ম-চৰ্চাৰ বাবেই বিদ্যা-চৰ্চাৰ প্ৰয়োজন বুলি এসয়মত কেথলিক চার্চে উপলব্ধি কৰিছিল।
কলেজৰ ফে’লোসকলে এজন অধ্যক্ষ (Master) নির্বাচন কৰিছিল আৰু যুটীয়াভাৱে নিয়াৰিকৈ কলেজৰ প্ৰশাসনৰ দায়িত্ব লৈছিল।
২। ‘য়ুৰোপৰ বিশ্ববিদ্যালয়বোৰত মেধা-চৰ্চাৰ অনুপ্ৰেৰণা আহিছিল কিন্তু আৰৱ জগতৰ আৰ্হি আৰু প্ৰেৰণাৰ পৰা।’ -কথাষাৰ বুজাই লিখা।
উত্তৰঃ পৰৱৰ্তী কালত য়ুৰোপীয় পণ্ডিতসকলে প্রাচ্য আৰু পাশ্চাত্যৰ সভ্যতাৰ মাজত কঠোৰ সীমা নির্ধাৰণ কৰিলেও য়ুৰোপৰ বিশ্ববিদ্যালয়বোৰত মেধা-চৰ্চাৰ অনুপ্ৰেৰণা আহিছিল। কিন্তু আৰব জগতৰ আৰ্হি আৰু প্ৰেৰণাৰ পৰা খ্ৰীষ্টানৰ পৱিত্ৰস্থান জে’ৰুছালেম উদ্ধাৰৰ বাবে এসময়ত কেথলিক ধৰ্মমণ্ডলীৰ প্ৰধান পোপৰ উদানিত বহু দশক জুৰি যি ক্রছে’ড বা ধর্মযুদ্ধ চলিছিল, তাৰ জৰিয়তে য়ুৰোপীয়সকলে আৰবসকলৰ সান্নিধ্যত এক উন্নত সভ্যতাৰ সংস্পৰ্শলৈ আহিছিল। আৰব পণ্ডিতসকলে আকৌ গ্রীক-ৰোমান সভ্যতাৰ পৰা মূলধন আহৰণ কৰি গণিত, তর্কশাস্ত্র, ঈশ্বৰতত্ত্ব, দর্শন, চিকিৎসাবিদ্যা আদিত নতুন নতুন অৱদান দি মানৱীয় জ্ঞানৰ ভঁৰাল চহকী কৰিছিল। (আৰবী গ্ৰন্থত প্লেটোৰ নাম ‘আফ্লাতুন’ আৰু আৰিস্তৰ নাম ‘আৰিজু’! সেই আৰব পণ্ডিতসকলৰ মাজত ইবনৰু (য়ুৰোপীয় পণ্ডিতৰ মাজত আৱে’ৰ্ছ- Averroes নামে প্রসিদ্ধ।) ইবন্ চিনা (Avicenna বা আৱিচেন্না) আদি অনেকে গভীৰ প্ৰভাৱ বিস্তাৰ কৰিছিল য়ুৰোপীয় বিশ্ববিদ্যালয়বোৰত।
৩। কে’ম্ব্রিজ বিশ্ববিদ্যালয়ৰ পাঠদান-কার্য সম্পর্কে চমুকৈ আলোচনা কৰা।
উত্তৰঃ কে’ম্ব্রিজ বিশ্ববিদ্যালয়ৰ পাঠদানৰ ব্যৱস্থাও সুকীয়া। কলেজৰ পৰা লে’কচাৰ শুনিবলৈ যাব লাগে বিশ্ববিদ্যালয়ৰ সুকীয়া কক্ষলৈ। প্রতিজন প্রবক্তাই এনেদৰে পাঠদান কৰে যাতে ছাত্ৰ-ছাত্ৰীক বিষয়ৰ লগত পৰিচয় কৰি দিয়াৰ উপৰি তেওঁ সেইবোৰ বক্তৃতাৰ ভিত্তিত শেষত এখন কিতাপ লিখিব পাৰে। অর্থাৎ বক্তৃতাবোৰত যথেষ্ট মৌলিক বিশ্লেষণ, ব্যাখ্যা আৰু অভিমত থাকিব লাগিব। কেতিয়াবা বিশ্ববিদ্যালয়ৰ বাহিৰৰ পৰা নিমন্ত্ৰিত পণ্ডিত তথা অনৰেৰী (অস্থায়ী) ফে’লোৱেও এটা বা দুটা টার্ম ক্লাছ লৈছিল। এনেদৰে কে’ম্ব্রিজ বিশ্ববিদ্যালয়ত পাঠদান কৰা হৈছিল।
৪। ড° হীৰেন গোহাঁইৰ সাহিত্য প্রতিভা সম্পর্কে চমুকৈ আলোচনা কৰা।
উত্তৰঃ স্বৰাজোত্তৰ অসমৰ সাহিত্য জগত আৰু সমাজত এগৰাকী অনন্য সাধাৰণ সমালোচক হিচাপে অগ্রণী ভূমিকা পালন কৰা চিন্তাবিদ, শিক্ষাবিদ, সাহিত্যিক, সম্পাদক ড° হীৰেন গোহাঁই (জন্ম ১৯৩৯) গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক তথা প্রাক্তন কলাগুৰু। তেওঁৰ সৃষ্টিশীল কৰ্মৰ পৰিধি বহুত বহল। এতিয়ালৈকে প্রায় তিনি কুৰিখন গ্ৰন্থৰ উপৰিও বিভিন্ন কাকত-আলোচনী আৰু সংকলনত তেওঁৰ বহুতো প্ৰবন্ধ সিঁচৰতি হৈ আছে। তেওঁৰ প্ৰকাশিত গ্ৰন্থসমূহৰ ভিতৰত উল্লেখযোগ্য হ’ল- সাহিত্য আৰু সমাজ-সমালোচলনামূলক গ্রন্থ ‘সাহিত্যৰ সত্য’, ‘সমাজ আৰু সমালোচনা’, ‘সাহিত্য আৰু চেতনা’, ‘বিশ্বায়তন’, ‘বন্দৰৰ কাল’, ‘কালস্রোত আৰু কাণ্ডাৰী’, ‘কবিতাৰ বিচাৰ আৰু নতুন সমালোচনা’, ‘কীৰ্ত্তন পুথিৰ ৰস বিচাৰ’ আৰু ‘অসমৰ জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা’; আত্মকথামূলক গ্রন্থ- ‘লস্ত লাগিজ’, ‘বতাহত ক’ৰ গধূলি গোপাল’, ‘হেঙুল আকাশ, ক’লা চাইকেল আৰু এজন আৰোহী’, ‘সপোনৰ দিক্চৌ বনত’, ‘ইমান তিতা সাগৰৰ পানী’ আৰু ‘উৰণীয়া হাঁহৰ মাত’। ‘অসমৰ জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা’ নামৰ গ্ৰন্থখনৰ বাবে তেওঁ সাহিত্য অকাদেমি বঁটা লাভ কৰে (১৯৮৯)। ছাত্র হিচাপে হীৰেন গোহাঁই আছিল অতি মেধাৱী। তেওঁ গুৱাহাটীৰ কটন কলেজৰ পৰা সুখ্যাতিৰে আই. এ. পাছ কৰাৰ পাছত কলিকতাৰ প্ৰেছিডেন্সি কলেজৰ পৰা ইংৰাজী বিষয়ত সুনাম সহকাৰে বি. এ. পাছ কৰে। দিল্লী বিশ্ববিদ্যালয়ৰ পৰা এম.এ. ডিগ্রী লাভ কৰাৰ পাছত তেওঁ কিছুদিন নতুন দিল্লীৰ কিৰোৰি মল কলেজত শিক্ষকতা কৰে আৰু পাছত গৱেষণাৰ উদ্দেশ্যে বিলাতলৈ যায়। ইংলণ্ডৰ প্রখ্যাত কে’ম্ব্রিজ বিশ্ববিদ্যালয়ৰ পৰা তেওঁ সম্মানীয় পি এইচ. ডি. ডিগ্রী লাভ কৰে। তেওঁৰ গৱেষণা গ্ৰন্থখনৰ নাম হ’ল- ‘Tradition and Paradise Lost’.
৫। প্রসংগ-সংগতি দর্শাই ব্যাখ্যা কৰা:
“দেশ-বিদেশৰ মাজত জ্ঞান আৰু বিদ্যাৰ সহজ আৰু অব্যাহত যোগাযোগ আৰু বিনিময়েহে মানৱীয় জ্ঞান-বিজ্ঞানৰ উন্নতি সাধন কৰে। জ্ঞানক যেতিয়া কেৱল সম্পত্তিৰ ৰূপত চোৱা হয়, তেতিয়া আৰু সেইটো সম্ভৱ নহয়।”
উত্তৰঃ উক্ত কথাফাকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভ’ৰ অন্তৰ্গত ড° হীৰেণ গোহাঁইদেৱৰ ৰচিত ‘কে’ম্ব্রিজৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষানুষ্ঠান’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।
উল্লেখিত প্ৰসংগত মূল বক্তব্য হৈছে যে দেশ-বিদেশৰ মাজত জ্ঞান আৰু বিদ্যাৰ সহজ আৰু অব্যাহত যোগাযোগ আৰু বিনিময়েহে মানৱীয় জ্ঞান-বিজ্ঞানৰ উন্নতি সাধন কৰে। এই যুক্তিৰ প্ৰসঙ্গিকতা ইতিহাসত বহুক্ষেত্ৰত প্ৰমাণিত হৈছে। বিশেষকৈ, য়ুৰোপীয় বিশ্ববিদ্যালয়বোৰত মেধা-চৰ্চাৰ অনুপ্ৰেৰণা আহিছিল আৰব জগতৰ আৰ্হি আৰু প্ৰেৰণাৰ পৰা। আৰব পণ্ডিতসকলে গ্ৰীক-ৰোমান সভ্যতাৰ জ্ঞান আহৰণ কৰি গণিত, তর্কশাস্ত্র, ঈশ্বৰতত্ত্ব, চিকিৎসাবিদ্যা আদি বিভিন্ন শাখাত নতুন অৱদান আগবঢ়াইছিল। তাৰ পিছত, এই জ্ঞান পুনৰ য়ুৰোপত প্ৰৱেশ কৰি বিশেষ প্ৰভাৱ বিস্তাৰ কৰিছিল। উদাহৰণস্বৰূপে, ইবনৰুশবড্ (আৱে’ৰ্ৰুছ) আৰু ইবন্ চিনাৰ চিন্তা-চৰ্চাই য়ুৰোপীয় বিশ্ববিদ্যালয়বোৰত এক শতাব্দীৰ অধিক সময় ধৰি গভীৰ প্ৰভাৱ বিস্তাৰ কৰিছিল। অৱশেষত, ছেন্ট টমাছ আকোৱাইনাছে খ্ৰীষ্টীয় ধর্মবিশ্বাস পুনৰ স্থাপন কৰাৰ চেষ্টা কৰিছিল, যদিও সেই সময়ত আৰবীয় জ্ঞানৰ গভীৰ প্ৰভাৱ লক্ষ্য কৰা গৈছিল। সেয়ে, ইতিহাসৰ পৃষ্ঠাবোৰত এই সত্য স্পষ্ট যে জ্ঞানৰ বিনিময় যিমান সহজ আৰু অব্যাহত হয়, তাতেই বিজ্ঞান আৰু সভ্যতাৰ উন্নতি সম্ভৱ হয়। কিন্তু যেতিয়া জ্ঞানক কেৱল সম্পত্তিৰ ৰূপত গণ্য কৰা হয়, তেতিয়া ইয়াৰ প্ৰকৃত বিকাশ বাধাপ্ৰাপ্ত হয়।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.