Class 11 Assamese Chapter 2 অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদৰ্পণ, Class 11 Assamese Question Answer SEBA, HS 1st year Assamese notes. The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Assamese Chapter 2 অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদৰ্পণ and select needs one.
Class 11 Assamese Chapter 2 অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদৰ্পণ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 11 Assamese Chapter – 2 অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদৰ্পণ Solutions for All Subject, You can practice these here.
অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদৰ্পণ
পাঠ: ২
গোট ১: গদ্য |
আর্হি প্রশ্ন |
(ক) অতি চমু প্রশ্ন (প্রতিটো প্রশ্নৰ মূল্যাংক- ১)
১। ‘অসমত মহাত্মা গান্ধীৰ পোন প্রথম পদার্পণ’ শীর্ষক পাঠটি ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে?
উত্তৰঃ ‘অসমত মহাত্মা গান্ধীৰ পোন প্রথম পদার্পণ’ শীর্ষক পাঠটি পদ্মনাথ গোহাঞিবৰুৱাৰ ‘মোৰ সোঁৱৰণি’ নামৰ আত্মজীৱনী খনৰ পৰা সংগ্ৰহ কৰা হৈছে।
২। মহাত্মা গান্ধীয়ে কেতিয়া প্রথমবাৰৰ বাবে অসম ভ্রমণ কৰিছিল?
উত্তৰঃ মহাত্মা গান্ধীয়ে ইংৰাজী ১৯২১ চনত প্ৰথমবাৰৰ বাবে অসম ভ্রমণ কৰিছিল।
৩। পদ্মনাথ গোহাঞিবৰুৱাৰ আত্মজীৱনীখনৰ নাম লিখা।
উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাৰ আত্মজীৱনীখনৰ নাম হ’ল– ‘মোৰ সোঁৱৰণি’।
৪। ‘আগৰৱালা পকী’ ক’ত অৱস্থিত?
উত্তৰঃ আগৰৱালা পকী’ তেজপুৰ চহৰত অৱস্থিত।
৫। গান্ধীজীৰ সম্মানার্থে ‘পকী’ৰ সম্মুখত আয়োজিত মজ্লিচত উপস্থিত থকা চৰকাৰী খিতাপধাৰী ব্যক্তিগৰাকীৰ নাম লিখা।
উত্তৰঃ গান্ধীজীৰ সম্মানার্থে ‘পকী’ৰ সম্মুখত আয়োজিত মজ্লিচত উপস্থিত থকা চৰকাৰী খিতাপধাৰী ব্যক্তিগৰাকীৰ নাম হ’ল– পদ্মনাথ গোহাঞিবৰুৱা।
(খ) চমু প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক- ২ অথবা ৩)
১। পদ্মনাথ গোহাঞিবৰৱাই ৰচনা কৰা দুখন নাটকৰ নাম লিখা।
উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা দুখন নাটকৰ নাম হ’ল- ‘টেটোন তামুলী’ আৰু ‘জয়মতী’।
২। পদ্মনাথ গোহাঞিবৰুৱাই সম্পাদনা কৰা তিনিখন আলোচনীৰ নাম লিখা।
উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাই সম্পাদনা কৰা তিনিখন আলোচনীৰ নাম হ’ল- ‘বিজুলী’, ‘আসাম বন্তি’, আৰু ‘ঊষা’।
৩। পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা তিনিখন গ্রন্থৰ নাম লিখা।
উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা তিনিখন গ্রন্থৰ নাম হ’ল– ‘গাঁও বুঢ়া’, ‘গদাধৰ’ আৰু ‘শ্রীকৃষ্ণ’।
৪। মহাত্মা গান্ধীয়ে ভাৰতৰ গৱৰ্ণৰ জেনেৰেলক কি বুলি সম্বোধন কৰি চিঠি লিখিছিল?
উত্তৰঃ মহাত্মা গান্ধীয়ে ভাৰতৰ গৱৰ্ণৰ জেনেৰেলক ‘Dear Sir’ বুলি সম্বোধন কৰি ‘Your Excellency’ ৰ সলনি উকাকৈ অকল ‘Your’ বুলি চিঠি লিখিছিল।
৫। ‘অসমত মহাত্মা গান্ধীৰ পোন প্রথম পদার্পণ’ শীর্ষক পাঠটিত উল্লেখ থকা দুগৰাকী স্বাধীনতা যোদ্ধাৰ নাম লিখা।
উত্তৰঃ ‘অসমত মহাত্মা গান্ধীৰ পোন প্রথম পদার্পণ’ শীর্ষক পাঠটিত উল্লেখ থকা দুগৰাকী স্বাধীনতা যোদ্ধাৰ নাম হ’ল– মৌলানা মহম্মদ আলি আৰু তৰুণৰাম ফুকন।
(গ) দীঘল প্রশ্ন (প্রতিটো প্রশ্নৰ মূল্যাংক- ৪ অথবা ৫)
১। পদ্মনাথ গোহাঞিবৰুৱাই মহাত্মা গান্ধীৰ কোনবোৰ কাৰ্যৰ কাৰণে গান্ধীজীক লগ পাবলৈ উদ্গ্রীৱ হৈ পৰিছিল?
উত্তৰঃ মহাত্মা মোহনদাস কৰমচাঁদ গান্ধীজীৰ কীৰ্তি-কাহিনীৰ কথা ভালেমান দিনৰপৰা ঘুনুক-ঘানাককৈ শুনি আছিল। দক্ষিণ আফ্রিকাবাসী ভাৰত সন্তানৰ দুখ-নির্যাতন মোচন আৰু অভাৱ-অভিযোগ নিৰাকৰণৰ অর্থে গান্ধীজীৰ অসাধাৰণ কাৰ্যকলাপ আৰু কৃতিত্বৰ বিষয়ে পঢ়ি-শুনি তেখেতৰ প্ৰতি আন্তৰিক শ্ৰদ্ধা-ভক্তি অন্তৰত উপচি পৰিছিল। কিন্তু, তেতিয়ালৈকে তেখেতৰ জন্মভূমি ভাৰতবৰ্ষত নিজ জাতীয় ভাৰতবাসীৰ অন্তৰত সেইবোৰ কাৰ্যকলাপ আৰু কীর্তি-কাহিনী বিষয়ক অনুভূতি বহলকৈ বৰঙণি উঠা দেখা নগৈছিল; মাথোন দূৰ-দুৰৈ বিদেশ আমেৰিকা যুক্তৰাষ্ট্ৰত গান্ধীজীৰ মহামানৱিক কার্যকলাপৰ বহুল আলোচনা আৰু সমালোচনা চলিছিল। বিশেষ, আমেৰিকাৰ খ্রীষ্টিয়ান মিছনেৰি সম্প্রদায়ে গান্ধীজীৰ মানৱজাতিৰ মঙ্গলার্থে কৰা অলৌকিক আত্মোৎসর্গত বিস্ময় মানি তেখেতক অশেষ প্রশংসা কৰিছিল; সেই সম্প্ৰদায়ৰ পুৰোহিত পাদ্রীসকলে মহাত্মা গান্ধীজীক অৱতাৰী মহাত্মা যীশুখ্রীষ্টতকৈও ওপৰ খাপত আসন দিয়ালৈ লক্ষ্য কৰি স্তম্ভিত কৰি তুলিছিল। এনেতে মহাত্মা মোহনদাস কমৰচাঁদ গান্ধী জন্মভূমি ভাৰতবৰ্ষলৈ উলটি আহিছিল। আহিয়েই তেখেতে পৰাধীন স্বজাতি ভাৰতবাসীৰ উদ্ধাৰৰ অৰ্থে বিবিধ বিষয়ক নৈতিক, দৈহিক, সামাজিক, ৰাজনৈতিক দেশহিতকৰ কাৰ্যত আত্মনিয়োগ কৰিছিল।
সেই আলমতে গান্ধীজীয়ে সেই কালৰ ভাৰত-গৱৰ্ণৰ জেনেৰেল লর্ড ৰীডিং চাহাবলৈ ভাৰতবাসীৰ হৈ এখন বৰ দীঘলীয়া পত্র লিখিছিল। সেই পত্রত, গৱৰ্ণৰ জেনেৰেলক ‘Dear Sir’ বুলি সম্বোধন কৰি, ‘Your Excellency’ ৰ ঠাইত উকাকৈ অকল ‘Your’ বুলি লিখিছিল যি কার্য সেই সময়ছোৱাত আন কোনেও কৰিবলৈ সাহস কৰা গোহাঞিবৰুৱাৰ চকুত পৰা নাছিল। এই কাৰ্যবোৰৰ বাবেই মহান স্বাধীনচেতিয়া মহামানৱ মহাত্মা গান্ধীৰ প্ৰতি আকৰ্ষিত হৈছিল আৰু গান্ধীজীৰ দৰ্শন লাভৰ সুযোগ বিচাৰি ফুৰিছিল।
২। গান্ধীজীৰ প্ৰথম অসম ভ্রমণ সম্পর্কে এটি টোকা প্রস্তুত কৰা।
উত্তৰঃ ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ অপ্রতিদ্বন্দ্বী নেতা মহাত্মা গান্ধীয়ে ১৯২১ চনৰ আগষ্ট মাহত প্ৰথমবাৰৰ বাবে অসম ভ্রমণ কৰে। ২১ তাৰিখে তেওঁ তেজপুৰত উপস্থিত হয়। গান্ধীজীৰ সাক্ষাৎ লাভ কৰিবলৈ উদ্গ্রীৱ হৈ থকা পদ্মনাথ গোহাঞিবৰুৱাই তেজপুৰীয়া ৰাইজৰ লগত ৰাতিপুৱাতে জাহাজঘাটত উপস্থিত হয়। তেতিয়া ধাৰাসাৰ বৰষুণ দি আছিল। সেই বৰষুণত তিতি-বুৰি মানুহবোৰে গান্ধীজীৰ দর্শন লাভৰ বাবে অপেক্ষা কৰি আছিল। প্রায় ৯.৩০ বজাত নির্দিষ্ট জাহাজখন ঘাট চাপিল। পদ্মনাথ গোহাঞিবৰুৱাই তৎক্ষণাৎ জাহাজত উঠি গান্ধীজীৰ ওচৰ চাপিল। গান্ধীজীৰ লগত অসম কংগ্ৰেছৰ নেতা তৰুণৰাম ফুকনো আহিছিল। তৰুণৰাম ফুকনে গান্ধীজীক গোহাঞিবৰুৱাৰ পৰিচয় দি “তেজপুৰৰ আগৰণুৱা দেশহিতৈষী অসমীয়া নেতা, ৰায়চাহাব পদ্মনাথ গোহাঞিবৰুৱা” বুলি ক’লে যে চৰকাৰী খিতাপধাৰী হ’লেও গোহাঞিবৰুৱাই ৰাইজৰ হকে মাত মাতে। গান্ধীজীয়ে গোহাঞিবৰুৱাক ঘৰতে সুতা কাটি বৈ উলিওৱা খদ্দৰৰ কাপোৰ ব্যৱহাৰৰ বাবে পৰামৰ্শ দিয়ে। গান্ধীজীক তেজপুৰীয়া ৰাইজে শোভাযাত্রা কৰি আগৰৱালা পৰিয়ালৰ ‘পকী লৈ আগবঢ়াই নিয়ে। পকীত তেওঁক জা-জলপানেৰে আপ্যায়ন কৰা হয়। কিছু সময় পাছত তেওঁ উপস্থিত ৰাইজক উদ্দেশ্য কৰি ‘স্ববাজ’ আৰু ‘অসহযোগ’ সম্পর্কে এটি দীঘলীয়া ভাষণ প্রদান কৰে। গান্ধীজীৰ ভাষণ শুনাৰ পাছত গোহাঞিবৰুৱাই নিজ ঘৰলৈ বুলি খোজ লয়।
৩। গান্ধীজী আৰু পদ্মনাথ গোহাঞিবৰুৱাৰ মাজৰ কথোপকথনখিনি তোমাৰ ভাষাত বুজাই লিখা।
উত্তৰঃ মহাত্মা গান্ধীৰ জাহাজখন যেতিয়া ১৯২১ চনৰ ২১ আগষ্টৰ ৰাতিপুৱা ৯ বজাত তেজপুৰ জাহাজঘাটত লাগিলেহি, তেতিয়া অধিৰ আগ্ৰহেৰে অপেক্ষা কৰি থকা পদ্মনাথ গোহাঞিবৰুৱাই পোন প্রথমে গৈ জাহাজত উঠিলেগৈ আৰু তৰুণৰাম ফুকনৰ আঙুলিৰ নিৰ্দেশৰে দেখুৱাই দিয়া মাত্রকে গৈ গান্ধীজীক নমস্কাৰ কৰিলে। পদ্মনাথ গোহাঞিবৰুৱাই তেওঁৰ কল্পনাৰ গান্ধীজী আৰু বাস্তৱত দেখা পোৱা গান্ধীজীৰ শাৰীৰিক গঠনৰ পাৰ্থক্যৰ কথা ভাবি তেওঁলৈ একেথৰে চাই থাকোঁতেই তৰুণৰাম ফুকনে আহি গান্ধীজীৰ লগত পৰিচয় কৰাই দিলে এইদৰে ‘এখেত তেজপুৰৰ আগৰণুৱা দেখহিতৈষী অসমীয়া নেতা ৰায় চাহাব পদ্মনাথ গোহাঞিবৰুৱা’। কথাখিনি শুনি গান্ধীজীয়ে আচৰিত হৈ সুধিলে যে ৰায়চাহাব উটাধিধাৰী মানুহে তেখেতক কিয় আদৰিবলৈ আহিছে। তেতিয়া তৰুণৰাম ফুকনে গান্ধীক বুজাই কলে যে ৰায়চাহাব উপাধি ল’লেও পদ্মনাথ গোহাঞিবৰুৱাই আচলতে ৰাইজৰ হৈ হে কাম কৰে। গান্ধীয়ে এই কথা শুনি সেই বিষয়টোৰ সামৰণি পেলাবলৈ গোহাঞিবৰুৱালৈ চাই ক’লে তেওঁ আশাকৰে খিতাপ কিৰীটিয়ে যাতে গোহাঞিবৰুৱাক পাক ঘূৰণী খুৱাই ৰাইজৰ প্ৰতিকূলমুখী নকৰে। পদ্মনাথ গোহাঞিবৰুৱাইও তেওঁক তেনে কাম নকৰা প্ৰতিশ্ৰুতি হিচাপে মূৰ দুৱাই সন্মত হোৱাটো জনালে।
ইয়াৰ পিছত পদ্মনাথক গান্ধীজীয়ে লগত অহা মৌলানা মহম্মদ আলিৰ লগত চিনাকি কৰি দিলে আৰু তাৰ পিছত তিনিও জনে লগলাগি ‘স্বৰাজ’ সম্বন্ধে দুই এটা কথা পাতিলে। এনেকৈ কথা পাতি থাকোতে পদ্মনাথৰ হাজপাৰৰ ওপৰত তেওঁলোকৰ চকু পৰিল। পদ্মনাথ গোহাঞিবৰুৱাই অসমীয়া পাটৰ চুৰিয়া, কুৰ্তাচোলা পিন্ধাৰ লগতে আশী নম্বৰী সূতাৰ ঘৰতে বোৱা চেলেং চাদৰ লৈ গৈছিল। দুয়োজনে গোহাঞিবৰুৱাৰ চোলা চুৰিযাৰৰ প্রশংসা কৰিলে। গান্ধীজীয়ে চেলেংচাদৰৰ সূতা স্বদেশী নে সুধিলে। পদ্মনাথ গোহাঞিবৰুৱাই উত্তৰত ক’লে যে ‘সূতা ঘৰত কটা নহয়, দোকানৰ পৰা কিনি ঘৰত বোৱা কাপোৰহে’। এই কথা শুনি গান্ধীজীৰ মুখমণ্ডলত অসন্তোষৰ ভাব পৰিস্ফুট হ’ল আৰু পদ্মনাথৰ মুখলৈ চাই এনেদৰে ক’লে- এই চাদৰৰ সূতা বিদেশী-বিলাসী আশাকৰোঁ, আপোনাৰ চোলা-চুৰীয়াৰ দৰে চাদৰো অনতি পলমে সম্পূর্ণে স্বদেশী হয় যেন। এনেদৰে কিছু কথা পতাৰ পিছত তেওঁলোক আটাইয়ে জাহাজৰ পৰা নামি আহিল।
৪। গান্ধীজীৰ অসম ভ্ৰমণৰ সময়ত ক’ত কোনে মজ্লিচ বৈঠকৰ আয়োজন কৰিছিল, বুজাই লিখা।
উত্তৰঃ মহাত্মা গান্ধীৰ প্ৰথম অসম ভ্ৰমণৰ সময়ত, তেখেত যেতিয়া তেজপুৰ আহিছিল, জাহাজ ঘাটৰ পৰা প্ৰথমে হৰিবিলাস আগৰৱালাৰ পকী কুঠীলৈ লৈ যোৱা হৈছিল। তাত আদৰণি সমিতিৰ সদস্যসকলে সাদৰে আদৰি তেখেতৰ আলপৈচান ধৰে আৰু ছাগলীৰ গাখীৰেৰে জলপান কৰায়। ইফালে, গান্ধীক চাবলৈ অহা ৰাইজৰ ভিৰত পকীঘৰৰ ভিতৰ-বাহিৰ পৰিপূৰ্ণ হৈ পৰিছিল, যাৰ ফলত আলিবাটত চলাচল কৰিবলৈ উপায় নোহোৱা হৈছিল। হাজাৰ বুজালেও, ৰাইজ লৰচৰ কৰিবলৈ ৰাজি নহ’ল। উপায় নাপায়, গান্ধীজীক পকীঘৰৰ চাদলৈ লৈ যোৱাৰ ব্যৱস্থা কৰা হয়। সেই অনুসৰি, মহাত্মা গান্ধী চাদৰ ওপৰত উঠি, উদং গাৰে কৃষ্ণভঙ্গীৰে থিয় দিলেগৈ। উদগ্ৰীৱ ৰাইজে হেঁপাহেৰে গান্ধীজীৰ দৰ্শন কৰে, আৰু তেখেতো এই অপূৰ্ব দৃশ্য দেখি আপ্লুত হৈ পৰে। প্ৰায় পোন্ধৰ মিনিট ধৰি, তেখেতে পকীঘৰৰ ওপৰত ৰৈ, দৰ্শকৰ হেঁপাহ পূৰণ কৰে। দৰ্শকৰ অপাৰ আগ্ৰহ দেখি, গান্ধীজীয়ে অংগীভঙ্গীৰে প্ৰণাম-সম্ভাষণ জ্ঞাপন কৰে আৰু সাময়িকভাৱে বিদায় লৈ তললৈ নামি আহে। সমবেত ৰাইজ, যদিও মনত অতৃপ্তি লৈ, ধীৰে-শাঁতে ঘৰমুৱা হয়।
ইয়াৰ পিছত সন্ধিয়া সাত বজাৰ পৰা ‘পকী’ৰ সন্মুখত বিস্তীৰ্ণ ঘাঁহনি চোতালত দলিচা, সতৰঞ্চি, ত্ৰিপাল, নগাঢাৰি পাৰি মল্লিচ বৈঠক অনুষ্ঠিত কৰা হ’ল। নিৰ্ধাৰিত কাৰ্যতালিকা অনুসৰি, টাউনৰ গণ্যমান্য ব্যক্তি, দূৰৈৰ পৰা অহা অতিথি, স্থানীয় নেতৃবৃন্দ, আৰু সৰ্বসাধাৰণ ৰাইজ ধীৰে-শাঁতে উপযুক্ত ঠাইত আসন গ্ৰহণ কৰিলে। উল্লেখযোগ্য বিষয় হ’ল যে, সেই মজলিচত কোনো চৰ্কাৰী চাকৰিয়াল, পেন্সনভোগী, বা চৰ্কাৰ-স্বীকৃত খিতাপধাৰী ব্যক্তি উপস্থিত নাছিল।
সন্ধিয়া প্ৰায় সাতমান বজাত, গান্ধীজী জিৰণি কোঠাৰ পৰা ওলাই আহি থিয় দিয়া মাত্রকে সমবেত ৰাইজে একে লগে উঠি থিয় হৈ তেখেতক সন্মান জনালে। তাৰ পিছত, আগতেই দিহা লগাই থোৱা সৰু চালপীৰা এখনৰ ওপৰত পিচ গাৰু দিয়া আসনত মহাত্মা গান্ধী উপবিষ্ট হ’ল। তেখেতে আসন গ্ৰহণ কৰিয়েই হিন্দী আৰু গুজৰাটী ভাষাত তেখেতৰ ভাৰত ভ্ৰমণৰ উদ্দেশ্য ব্যাখ্যা কৰি সুগভীৰ বক্তৃতা আৰম্ভ কৰিলে। সমবেত ৰাইজ একাণপতীয়া মনোযোগেৰে বক্তৃতা শুনি ৰাপ লগাই উপভোগ কৰিব ধৰিলে।
গান্ধীজীয়ে এই বক্তৃতাত ‘স্বৰাজ’ আৰু ‘অসহযোগ আন্দোলন’ (Non-Cooperation Movement) এই দুটা জটিল বিষয় বিশদভাৱে ব্যাখ্যা কৰে। তেজপুৰত এই বিষয়ক তেখেতৰ প্ৰথম বক্তৃতা আছিল, যি দুঘণ্টা একেৰাহে, আট বজাৰ পৰা দহ বজালৈ দিয়া হৈছিল। তেখেতৰ গভীৰ আৰু অনুপ্রাণিত কৰা বক্তব্য সমবেত ৰাইজে নিৰৱে নিবিষ্টমনেৰে শুনি গৃহীত কৰিছিল। বক্তৃতাৰ অন্তত, তেখেতে পৰৱৰ্তী দিনৰ কাৰ্যসূচীৰ আভাস দি বিনীতভাৱে বিদায় লৈ ভিতৰ সোমাল।
৫। “আচৰিত, ৰায়চাহাব খিতাপধাৰীয়ে গান্ধীক আদৰিবলৈ আহে।” -এই কথাষাৰ কোনে কি প্রসংগত কৈছিল বুজাই লিখা।
উত্তৰঃ উক্ত মন্তব্য মহাত্মা গান্ধীয়ে পদ্মনাথ গোহাঞিবৰুৱাক কৈছিল। ১৯২১ চনৰ ২১ আগষ্টত মহাত্মা গান্ধী অসম ভ্ৰমণৰ সময়ত তেজপুৰ জাহাজঘাটত উপস্থিত হোৱাত, শত্ৰুজনিত বতৰৰ বাবেও হাজাৰ হাজাৰ জনসাধাৰণে অধীৰ আগ্ৰহেৰে তেওঁক আদৰিবলৈ অপেক্ষা কৰি আছিল। সেই সময়ত পদ্মনাথ গোহাঞিবৰুৱাও উপস্থিত আছিল, যি ৰায়চাহাব খিতাপধাৰী আছিল। গান্ধীজীৰ আগমনেৰে, তেওঁ প্ৰথমেই দৌৰি গৈ জাহাজত উঠি নমস্কাৰ জনাইছিল। তেতিয়া তৰুণ ফুকনে গান্ধীজীক তেওঁক পৰিচয় দি কৈছিল যে তেওঁ এগৰাকী আগৰণুৱা অসমীয়াৰ নেতা, যি ৰাইজৰ কল্যাণৰ বাবে কাম কৰি আছে। এই কথা শুনি আচৰিত হোৱা গান্ধীজীয়ে মন্তব্য কৰিছিল, “আচৰিত, ৰায়চাহাব খিতাপধাৰীয়ে গান্ধীক আদৰিবলৈ আহে।” গান্ধীজীৰ দৃষ্টিত ‘ৰায়চাহাব’ খিতাপধাৰীসকল সাধাৰণতে ব্রিটিছ চৰকাৰৰ অনুগত হৈ থাকিছিল, সেয়ে তেওঁ পদ্মনাথ গোহাঞিবৰুৱাৰ জাতীয়তাবাদী মনোভাৱ দেখি আচৰিত হৈছিল। তৰুণ ফুকনে ততালিকে বুজাই দিলে যে পদ্মনাথ গোহাঞিবৰুৱা বাস্তৱতে জনসাধাৰণৰ নেতা আৰু তেওঁ নিজৰ খিতাপক আঁকোৱালি নলয়। তেতিয়া গান্ধীজীয়ে তেওঁলৈ চাই কৈছিল, “যি হওক, আশাকৰোঁ খিতাপৰ কিৰীটিয়ে পাক ঘুৰণি খুৱাই আপোনাক ৰাইজৰ প্ৰতিকূলমুখীয়া নকৰক যেন।” গান্ধীজীৰ এই মন্তব্যত নেতৃত্বৰ প্ৰকৃত মূল্যবোধ প্ৰতিফলিত হৈছিল, য’ত তেওঁ জাতীয়তাবাদ আৰু জনসেৱাক গুৰুত্ব দি পদ্মনাথ গোহাঞিবৰুৱাৰ সত্যনিষ্ঠতাৰ প্ৰশংসা কৰিছিল।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
It is really a helpful page for the students of class 11
Thank
Thank u bhai for the help ❤️❤️
Thank you for your help with this matter.
Thank you for your help with this matter.
It’s really helpful. Thanks.
Mr aslo bro tnx bahi