Class 11 Assamese Chapter 4 কিতাপৰ কথা, Question Answer, HS 1st year Assamese Notes, কিতাপৰ কথা Class 11 The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Assamese Lesson – 4 কিতাপৰ কথা and select needs one.
Class 11 Assamese Chapter 4 কিতাপৰ কথা
Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given Assam Board HS Class 11 Assamese Chapter – 4 কিতাপৰ কথা Solutions for All Subject, You can practice these here.
কিতাপৰ কথা
পাঠ: 4
| গোট ১: গদ্য |
| আর্হি প্রশ্ন |
(ক) অতি চমু প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক- ১)
১। ছপাখানা আৰু কাগজ আৱিষ্কাৰ কোন দেশৰ আৱিষ্কাৰ?
উত্তৰঃ ছপাখানা আৰু কাগজ আৱিষ্কাৰ চীন দেশৰ আবিষ্কাৰ।
২। গুৰুৰ স্থান আজিৰ যুগত কিহে কাঢ়ি লৈছে?
উত্তৰঃ গুৰুৰ স্থান আজিৰ যুগত কিতাপে কাঢ়ি লৈছে।
৩। ইংৰাজ দার্শনিক বেকনে কিতাপ অধ্যয়নৰ বিষয়ে কি দিহা দিছিল?
উত্তৰঃ ইংৰাজ দার্শনিক বেকনে দিয়া দিহাটো এনেধৰণৰ– “কিছুমান কিতাপৰ সোৱাদ ল’ব লাগে, আন কিছুমান লাগে গিলিব আৰু অলপ সংখ্যক লাগে চোবাব আৰু হজম কৰিব।
৪। বিদ্যাৰ অনুশীলন নহ’লে কি হয়?
উত্তৰঃ বিদ্যাৰ অনুশীলন নহ’লে মানুহৰ মন ভীৰতা আৰু কু-সংস্কাৰে আৱৰি ৰাখে।
৫। কিতাপ আৰু কিতাপ অধ্যয়নৰ বিষয়ে বিদেশত প্রচলিত এটি যোজনা লিখা।
উত্তৰঃ চিনদেশীয় লোকৰ মাজত কিতাপ সম্পর্কে প্রচলিত যোজনা হ’ল–
(i) কিতাপ মেলা মানেই লাভ।
(ii) বিদ্বান লোকে চোৰাং কাম নকৰে।
(iii) প্ৰথম বাৰ কিতাপ এখন হাতত লোৱা মানে নতুন বন্ধু এজনেৰে চিনাকি হোৱা, দ্বিতীয়বাৰ সেইখন হাতত লোৱা মানে পিৰণি বন্ধুক লগ পোৱা। যদিহে কোনোবাই অতীত আৰু বৰ্তমান জানিব খোজে তেনেহ’লে তেওঁ পাঁচ গাড়ী কিতাপ পঢ়ি ল’ব লাগে।
(খ) চমু প্রশ্ন (প্রতিটো প্রশ্নৰ মূল্যাংক- ২ অথবা ৩)
১। হেলেন কেলাৰৰ আত্মজীৱনীত থকা কি কথাই মানুহক কিতাপ অধ্যয়নৰ বাবে অনুপ্রাণিত কৰিছিল?
উত্তৰঃ হলেন কেলাৰে তেওঁৰ আত্মজীৱনীত লিখিছিল- “সাহিত্যই মোৰ নন্দন কানন। ইয়াত মোৰ ভোট নথকা নহয়। কোনো ইন্দ্ৰিয়ৰ হেঙাৰে মোক মোৰ কিতাপ-বন্ধুসকলৰপৰা আঁতৰাই নাৰাখে। এওঁলোকে মোৰ লগতে নিঃসংকোচে সহজভাৱে কথা পাতে।” হেলেন কেলাৰে কেঁচুৱাতে দৃষ্টিশক্তি আৰু শ্রৱণশক্তি হেৰুৱাইছিল, তেওঁ কলা মানুহৰ কাৰণে বিশেষকৈ সজা কিতাপহে পঢ়িব পাৰে, অথচ এইগৰাকী মহিলায়ে সাহিত্যৰ প্ৰতি এনেধৰণৰ প্ৰীতি প্রকাশ কৰিছে। হেলেন কেলাৰৰ আত্মজীৱনীৰ এই কথাই মানুহক কিতাপ অধ্যয়নৰ বাবে অনুপ্রাণিত কৰিছিল।
২। আনন্দৰাম ঢেকিয়াল ফুকনে বিদ্যা আৰু জ্ঞান সন্দৰ্ভত অসমীয়া মানুহক কোৱা কথাখিনি বিশ্লেষণ কৰা।
উত্তৰঃ আনন্দৰাম ঢেকিয়াল ফুকনে বিদ্যা আৰু জ্ঞান সন্দৰ্ভত অসমীয়া মানুহক এইদৰে কথাখিনি কৈছিল- “হে মোৰ অসমীয়া মিত্রসকল, বিদ্যা জেনেকৈ ইহকালত উপকাৰক আন একো তেনে নহই; কিন্তু যদি সভ্য আৰু সুখি হ’ব খোজা তেন্তে কৃষি আৰু শিল্প কৰ্মত ইংৰাজৰ দৰে পাৰ্গত হ’বলৈ পুৰুসার্থ কৰা। তোমালোক নিশ্চয় অজ্ঞান আৰু সেই বিদ্যাৰ ভূ নোপোৱা আৰু জানিবলৈকো স্রম নকৰা।…”
৩। দেশ আৰু জাতিক গ্রন্থ অধ্যয়নে কিদৰে উপকৃত কৰে, প্রবন্ধটিৰ আধাৰত বিচাৰ কৰা।
উত্তৰঃ বিদ্যাৰ চৰ্চা বাঢ়িলে কিতাপৰ সমাদৰ বৃদ্ধি পায়, কিতাপৰ যোগেদি বিভিন্ন কথা জানিব পাৰি। কথা বতৰা জানিলে বিবেচনা বাঢ়ে, সাহস বাঢ়ে, বুদ্ধি মুকলি হয়। কোনো এখন সমাজত গ্রন্থ স্পৃহা বঢ়াৰ লগে লগে ৰাইজে নিজৰ অভাৱ অভিযোগ বুজি উঠে। ৰাইজে সজ্ঞান আৰু সজীৱ হ’লে ৰাষ্ট্ৰৰ শাসনত কেৰোণ নালাগে, শাসন ৰাইজৰ ওপৰত মহাভাৰ হৈ পৰাৰ ভয় নাথাকে। কিছুমান কিতাপে ৰাইজৰ ওপৰত অদ্ভূত প্ৰভাৱ পেলায়। উদাহৰণস্বৰূপে, বিবেকানন্দ, ৰামমোহন ৰায়, গান্ধীজী আদি লোকৰ ৰচনাই আমাৰ জাতীয় জাগৰণ বহুতো বেগী কৰিছে, তেনেকৈ ইউৰোপত ৰুছো, মার্ক্স আদি চিন্তাবিদৰ ৰচনাই সমাজলৈ পৰিৱৰ্তন আনিছে।
৪। সাহিত্যৰ প্ৰতি থকা প্রীতিয়ে জীৱনক কেনেদৰে উদ্ভাসিত কৰিব পাৰে, হেলেন কেলাৰৰ আত্মজীৱনীৰ আঁত ধৰি বিচাৰ কৰা।
উত্তৰঃ সাহিত্যৰ প্ৰতি থকা প্ৰীতিয়ে জীৱনক উদ্ভাসিত কৰি তুলিব পাৰে, কাৰণ সাহিত্য মানৱ জীৱনৰ গুৰুত্বপূৰ্ণ অংশ। ই মনৰ অন্ধকাৰ দূৰ কৰি নতুন আশাৰ পোহৰ জ্বলাই দিয়ে, জীৱনৰ গভীৰতম সত্য বুজিবলৈ সহায় কৰে। সাহিত্যত মানুহ নিজৰ সুখ-দুখ, আশা-আকাংক্ষা, আৰু জীৱনৰ বুদ্ধি-বিচাৰ প্ৰতিফলিত কৰি তুলিব পাৰে।
হেলেন কেলাৰৰ জীৱন সাহিত্যৰ শক্তিৰ এক অনন্য প্ৰমাণ। তেওঁ দৃষ্টি আৰু শ্রৱণশক্তি নথকা স্বত্বেও সাহিত্যক “নন্দন কানন” বুলি বর্ণনা কৰিছে। তেওঁৰ বাবে সাহিত্য কেৱল জ্ঞান আহৰণৰ মাধ্যম নহয়, ই তেওঁৰ নিজৰ বিশ্ব, য’ত কোনো বাধা নাই, য’ত তেওঁ স্বাধীনভাৱে বিচৰণ কৰিব পাৰে। তেওঁ কৈছিল, “কোনো ইন্দ্ৰিয়ৰ হেঙাৰে মোক মোৰ কিতাপ-বন্ধুসকলৰ পৰা আঁতৰাই নাৰাখে। এওঁলোকে মোৰ লগত নিঃসংকোচে সহজভাৱে কথা পাতে।”
সাহিত্যৰ প্ৰতি থকা প্ৰীতি মানুহক জীৱনৰ কঠিন সময়ত শান্তি দিয়ে। কিতাপৰ পাতত অকলশৰীয়া মানুহো নিজৰ এক বন্ধু বিচাৰি পায়, যি তেওঁৰ কথাবোৰ নিঃসংকোচে শুনে। এই অনুভৱেই হেলেন কেলাৰক জীৱনৰ অন্ধকাৰ পথত আগুৱাই যোৱাৰ শক্তি জুগাইছিল।
৫। “…. কিন্তু যি সজ কিতাপ এখন ধ্বংস কৰে সি বিবেচনাকে হত্যা কৰে।” – কথাষাৰ ব্যাখ্যা কৰা।
উত্তৰঃ সজ কিতাপ এখন পঢ়িলে মানুহে বহুতো জ্ঞান অর্জন কৰিব পাৰে। এনে কিতাপে কেৱল জ্ঞানহে প্ৰদান নকৰে, ই অন্তৰাত্মাও পবিত্ৰ কৰি তোলে। কিতাপৰ পোহৰত মানুহ আৰু জীৱন দুয়ো ভাস্বত হৈ উঠে, সঠিক পথ বিচাৰি লয়। কিতাপে মানুহৰ চিন্তা-চেতনাৰ পৰিসৰ বৃদ্ধি কৰে আৰু সমাজৰ উন্নতিৰ বাবে সহায়ক হয়। কিন্তু কেতিয়াবা, নিজৰ স্বাৰ্থৰ বাবে কোনো কোনো শাসকে এনে মূল্যবান কিতাপ ধ্বংস কৰি পেলায়। সজ কিতাপ এখন ধ্বংস কৰাটো অতি নিকৃষ্ট কাম, কাৰণ ইয়াৰ লগে লগে ধ্বংস হয় সজ বিবেচনা, মুক্তচিন্তা, আৰু জ্ঞানৰ মূল্যবান অংশ, যি আন বহুজনৰ কল্যাণ সাধন কৰিব পাৰিলেহেঁতেন। সেয়ে, কিতাপ সংৰক্ষণ কৰা আৰু জ্ঞানৰ প্ৰসাৰ ঘটোৱা মানুহৰ দায়িত্ব।
(গ) দীঘল প্রশ্ন (প্রতিটো প্রশ্নৰ মূল্যাংক- ৪ অথবা ৫)
১। “অনাখৰী চহা লোকেও কিতাপৰ পৰা লাভ কৰিব পৰা জ্ঞানক অশ্রদ্ধা নেদেখুৱায়।” পাঠটিৰ সহায়ত আলোচনা কৰা।
উত্তৰঃ অনাখৰী চহা লোকেও কিতাপৰ পৰা লাভ কৰিব পৰা জ্ঞানক অশ্রদ্ধা নেদেখুৱায়, কাৰণ জ্ঞানৰ মূল্য সকলো সমাজতে স্বীকৃত। যদিও গাঁৱলীয়া মানুহসকলে আনশ্ৰুত শিক্ষাৰ জৰিয়তে জীৱন বুজে, তথাপিও সিহঁতে কিতাপত সংগ্ৰহীত জ্ঞানৰ গুৰুত্ব উপলব্ধি কৰে। চীনদেশত পুৰণিকালৰে পৰা জ্ঞানৰ সমাদৰ, আৰু ছপাখানা আৰু কাগজ এই দেশৰ আৱিষ্কাৰ। চীন দেশত প্রচলিত যোজনাই আমাক কিতাপ সম্পৰ্কে জনসাধাৰণৰ মাজত প্ৰচলিত কিছুমান ধাৰণা আভাস দিয়ে।
চীনদেশৰ কেইটিমান এনে যোজনা হ’ল-
(i) কিতাপ মেলা মানেই লাভ।
(ii) বিদ্বান লোকে চোৰাং কাম নকৰে।
(iii) প্ৰথম বাৰ কিতাপ লোৱা মানে নতুন বন্ধু এজনেৰে চিনাকি বন্ধু এজনেৰে চিনাকি হোৱা; দ্বিতীয়বাৰ সেইখন হাতত লোৱা মানে পুৰণি বন্ধুক লগ পোৱা। যদিহে কোনোবাই অতীত আৰু বর্তমান জানিব খোজে তেনেহ’লে তেওঁ পাঁচগাড়ী কিতাপ পঢ়ি ল’ব লাগে।
অলবানিয়াত প্রচলিত যোজনা এটিয়েও অনাখৰী লোকৰ মনৰ ভাৱ এনেদৰে ব্যক্ত কৰিছে– যি পঢ়িব আৰু লিখিব পাৰে তাৰ চকু চাৰিটা। তেখেতে পৃথিৱীত এনে বহুতো জন সাহিত্য পোৱা যায় য’ত অনাখৰী লোকে কিতাপৰ শিক্ষাৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। আমাৰ অসমৰ জনসাহিত্যও ইয়াৰ ব্যতিক্ৰম নহয়। অসমীয়া লোক সমাজৰ মাজতো পঢ়া শুনা বা কিতাপ সম্বন্ধীয় যোজনা আছে।
২। “কিছুমান কিতাপৰ সোৱাদ ল’ব লাগে, আন কিছুমান লাগে গিলিব, আৰু অলপ সংখ্যক লাগে চোবাব আৰু হজম কৰিব।” কথাখিনিৰ তাৎপর্য বিশ্লেষণ কৰা।
উত্তৰঃ “কিছুমান কিতাপৰ সোৱাদ ল’ব লাগে, আন কিছুমান লাগে গিলিব, আৰু অলপ সংখ্যক লাগে চোবাব আৰু হজম কৰিব।”—ইংৰাজ দাৰ্শনিক ফ্ৰেন্সিছ বেকনৰ এই উক্তিখিনি কিতাপ পঢ়াৰ পদ্ধতি আৰু গুৰুত্ব প্ৰকাশ কৰে। সকলো কিতাপ সমান নহয়, আৰু সকলো কিতাপ সমান গুৰুত্বসহ নপঢ়িলেও হয়। কিছুমান কিতাপ থাকে যিবোৰক অলপ পৰিমাণে পঢ়ি, মাথো মুলভূত ধাৰণাটোক গ্ৰহণ কৰিলে যথেষ্ট। এইটো কিতাপৰ “সোৱাদ লোৱা”ৰ সমান। আন কিছুমান কিতাপ কেৱল মনোৰঞ্জনৰ বাবে, যিবোৰ পঢ়ি তাতকৈ অধিক গভীৰ চিন্তা নকৰাটোই ভাল, একেবাৰে গিলি পেলোৱাটো বেছি সমুচিত। কিন্তু কিছুমান কিতাপ থাকে যিবোৰ গভীৰ অধ্যয়ন দাবী কৰে, যিবোৰক মনোযোগসহকাৰে পঢ়ি, তাৰ ভিতৰৰ ভাব-বিচাৰ বিশ্লেষণ কৰি আত্মস্থ কৰিব লাগে —এইটো হ’ল “চোবাই হজম কৰা”।
সেয়ে, বেকনে কিতাপ পঢ়াৰ গুৰুত্ব ব্যাখ্যা কৰি কৈছে যে সকলো কিতাপ সমানভাৱে পঢ়াৰ প্ৰয়োজন নাই। বিচাৰ-বুদ্ধি প্ৰয়োগ কৰি কিতাপ বাছনি কৰি, তাৰ উপযুক্ত অধ্যয়ন পদ্ধতি গ্ৰহণ কৰাটেহে যথাযথ।
৩। “হে মোৰ অসমিয়া মিত্রসকল, বিদ্যা জেনেকৈ ইহকালত উপকাৰক আন একো তেনে নহই” –কথাষাৰৰ যুক্তি-যুক্ততা বিচাৰ কৰা।
উত্তৰঃ আনন্দৰাম ঢেকিয়াল ফুকনৰ উক্তি “হে মোৰ অসমিয়া মিত্রসকল, বিদ্যা জেনেকৈ ইহকালত উপকাৰক আন একো তেনে নহই” এই কথাষাৰ আনন্দৰাম ঢেকিয়াল ফুকনে অসমীয়া লোকসকলক ইংলেণ্ডৰ বিৱৰণ দিয়াৰ সময়ত কৈছিল। তেখেতে অসমীয়া সকলক ইংলেণ্ডৰ লোকসকলক অনুসৰণ কৰি নিজকে সকলো দিশৰ পৰা শ্ৰেষ্ঠ বনাবলৈ কৈছিল। তেখেতৰ মতে আমাৰ দেশখন পূৰ্বতে ইংলেণ্ডৰ তুলনাত সভ্য আছিল। কিন্তু পিছলৈ ইংলেণ্ডৰ বিদ্যোৎসাহি লোকসকলে নিজৰ যোগ্যতাৰ গুণত পৃথিৱীৰ সভ্য জাতিৰ আগশাৰীত স্থান ল’লে। কিন্তু আমাৰ অসমীয়া জাতিটোৱে দিনে দিনে সভ্য হোৱাতকৈ তলৰ ফালেহে নামি গৈছিল। অজ্ঞতা দূৰ কৰি জাতিটো উন্নতিৰ পথত আগবঢ়াবলৈ বিদ্যা শিক্ষাই একমাত্ৰ উপায় আছিল। বিদ্যা মানৱ জীৱনৰ এক অপৰিহাৰ্য অংশ, যাৰ জৰিয়তে ব্যক্তি, সমাজ তথা দেশ উন্নতি লাভ কৰে। আগৰ দিনত ছাত্রসকলে গুৰুগৃহত শিক্ষা লাভ কৰিছিল, কিন্তু আধুনিক যুগত কিতাপ আৰু অন্যান্য শিক্ষামূলক মাধ্যমেই শিক্ষাৰ বিস্তাৰ ঘটাইছে। বিদ্যাই মানুহক অজ্ঞতাৰ আঁধাৰত পৰা মুক্ত কৰি সমাজৰ বিকাশ সাধন কৰে।
অসমত শিক্ষাৰ অভাৱৰ বাবে বহুদিন ধৰি সমাজ কুসংস্কাৰ, ভীতি আৰু পশ্চাদপদত আবদ্ধ আছিল। আনন্দৰাম ঢেকিয়াল ফুকনে এই সত্য উপলব্ধি কৰি শিক্ষাৰ প্ৰসাৰৰ বাবে আহ্বান জনাইছিল। তেওঁ কৈছিল, যদি উন্নত আৰু সুখী হ’ব বিচাৰো, তেন্তে শিক্ষাৰ লগতে কৃষি আৰু শিল্পতও দক্ষ হ’ব লাগিব। বিদ্যা নাথাকিলে কোনো বিষয়ত পৰিপক্কতা আনি উন্নতিৰ সোপানত আগবাঢ়িব নোৱাৰি। শিক্ষা নাথাকিলে নতুন কিছু সৃষ্টি কৰিব পৰা সম্ভাৱনাও থাকিব নোৱাৰে।
সেয়ে বিদ্যা জীৱনৰ পৰম ধন। ইহকালত বিদ্যাৰ দৰে উপকাৰী একো নাই, কাৰণ বিদ্যাই মানুহক বিবেচনাশীল, আত্মনির্ভৰশীল আৰু সচেতন কৰি তোলে। এক কথাত ক’লে, বিদ্যাই মানুহক মানুহৰ মাজত চিনাকি দিয়ে আৰু উন্নতিৰ সোপানত থিয় দিবলৈ সক্ষম কৰে।
৪। “কিছুমান কিতাপে ৰাইজৰ ওপৰত অদ্ভুত প্রভাৱ পেলায়।” পাঠটোৰ সহায়ত বুজাই লিখা।
উত্তৰঃ কিতাপে সমাজৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়। শিক্ষাৰ প্ৰসাৰৰ লগে লগে মানুহে কিতাপৰ গুৰুত্ব বুজি উঠে, আৰু কিতাপৰ জ্ঞানৰ পোহৰত সমাজ সজাগ আৰু সচেতন হয়। কিছুমান কিতাপ জনসাধাৰণৰ চিন্তা-চেতনাত বিপ্লৱ আনিবলৈ সক্ষম হয়। উদাহৰণস্বৰূপে, বিবেকানন্দ, ৰামমোহন ৰায়, গান্ধীজী আদিৰ লিখনিৰ দ্বাৰা ভাৰতীয় জাতীয় জাগৰণৰ গতি তীব্ৰ হৈছিল, আৰু ইউৰোপত কছো বা মার্ক্সৰ চিন্তাধাৰাই সমাজ পৰিৱৰ্তনত প্ৰভাৱ পেলাইছিল। কিতাপে মানুহক নতুন পথ দেখুৱালে সমাজৰ শাসনযন্ত্র ভয়ত কঁপি উঠে, কেতিয়াবা এনে কিতাপ নিষিদ্ধ কৰা হয় বা লেখকক শাস্তি দিয়া হয়। তথাপি সত্যৰ পোহৰ কেতিয়াও লোপ নেপায়। ইয়াকে লক্ষ্য কৰি মিল্টনে কৈছিল, “সজ কিতাপ এখন ধ্বংস কৰাতকৈ মানুহ এজন হত্যা কৰাটোও কম ক্ষতিকাৰক,” কাৰণ কিতাপ ধ্বংস মানে বিচাৰশক্তি আৰু যুক্তিবাদ ধ্বংস কৰা। সেয়ে, কিতাপে মানুহক সজ্ঞান কৰি সমাজক আগবঢ়াবলৈ সহায় কৰে।
৫। “আজি যন্ত্ৰৰ যুগত গুৰৰ স্থান সৰহখিনি কিতাপে কাঢ়ি লৈছে। এতিয়া কিতাপেই গুৰু।” কথাখিনি পাঠটিৰ সহায়ত আলোচনা কৰা।
উত্তৰঃ আগৰ সময়ত শিক্ষাৰ একমাত্ৰ উৎস আছিল গুৰুগৃহ, য’ত ছাত্র-ছাত্রীয়ে গুৰুৰ মুখেৰে বিদ্যা অৰ্জন কৰিছিল। তেতিয়া কিতাপৰ অভাৱ আছিল, আৰু বিদ্যা প্ৰাপ্তিৰ একমাত্ৰ উপায় আছিল গুৰুৰ উপদেশ। কিন্তু আজিৰ যন্ত্ৰ-প্ৰযুক্তিৰ যুগত শিক্ষাৰ উৎস বিস্তৃত হৈছে, আৰু কিতাপই গুৰুৰ স্থান অধিকাৰ কৰিছে। এতিয়া শিক্ষা লাভ কৰিবলৈ স্কুল-কলেজৰ ওপৰত নিৰ্ভৰ নকৰাকৈ কিতাপ পঢ়িয়েই জ্ঞান অৰ্জন কৰিব পাৰি। জ্ঞানেই শক্তি, আৰু কিতাপেই সেই শক্তিৰ মূল আধাৰ। কিতাপে বুদ্ধি বিকাশ কৰে, সাহস বৃদ্ধি কৰে, আৰু সমাজক অজ্ঞানতা আৰু কু-সংস্কাৰৰ পৰা মুক্ত কৰে। আনন্দৰাম ঢেকিয়াল ফুকনে এই কথাকে প্ৰয়োজনীয় বুলি উল্লেখ কৰি কৈছিল, অসমীয়াই বিদ্যাৰ গুৰুত্ব বুজিব লাগে, আৰু সভ্যতা তথা উন্নতিৰ বাবে কৃষি আৰু শিল্পৰ বিকাশ কৰাটো দৰকাৰ। সেয়ে, বিদ্যা আৰু জ্ঞানৰ প্ৰসাৰত কিতাপৰ ভূমিকা অমূল্য, আৰু এতিয়া কিতাপেই শিক্ষাৰ গুৰু।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.




3 number answer2 olp gondogul ase sir
Nice
Thank you so much
You are so good sir, thank you 🙏🙏, very much