Class 11 Assamese Chapter 5 গিবন

Class 11 Assamese Chapter 5 গিবন, Class 11 Assamese Question Answer SEBA, HS 1st year Assamese notes, গিবন Class 11 The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Assamese Chapter 5 গিবন and select needs one.

Class 11 Assamese Chapter 5 গিবন

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 11 Assamese Chapter – 5 গিবন Solutions for All Subject, You can practice these here.

গিবন

পাঠ: ৫

গোট ১: গদ্য
আর্হি প্রশ্ন

(ক) অতি চমু প্রশ্ন (প্রতিটো প্রশ্নৰ মূল্যাংক- ১)

১। এডৱার্ড গিবন কোন আছিল?

উত্তৰঃ এডৱাৰ্ড গিবন বিশ্বৰ এগৰাকী ঐতিহাসিক আৰু লেখক আছিল।

২। এডৱার্ড গিবনে অধ্যয়ন কৰা কলেজখনৰ নাম লিখা।

উত্তৰঃ এডৱার্ড গিবনে অধ্যয়ন কৰা কলেজখনৰ নাম হ’ল- অক্সফোর্ড মেগডালেন কলেজ।

৩। এডৱাৰ্ড গিবনে ৰচনা কৰা প্ৰখ্যাত গ্রন্থ এখনৰ নাম লিখা।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ এডৱাৰ্ড গিবনে ৰচনা কৰা প্ৰখ্যাত গ্রন্থ এখনৰ নাম হ’ল- “The History of the decline and Fall of the Roman Empire.”

৪। শ্বপেনহাৱাৰ কোন আছিল?

উত্তৰঃ শ্বপেনহাৱাৰ এগৰাকী বিখ্যাত জার্মান দার্শনিক আছিল।

৫। ‘আলেকজেন্দ্রিয়ান কোৱাৰ্টেট’ নামৰ উপন্যাসমালাৰ লেখক কোন আছিল?

উত্তৰঃ ‘আলেকজেন্দ্রিয়ান কোৱাৰ্টেট’ নামৰ উপন্যাসমালাৰ লেখক ডাৰেল আছিল।

(খ) চমু প্রশ্ন (প্রতিটো প্রশ্নৰ মূল্যাক-২ অথবা ৩)।

১। জন মিল্টন কোন শতিকাৰ কবি আছিল? তেওঁ ৰচনা কৰা বিখ্যাত মহাকাব্যখনৰ নাম লিখা।

উত্তৰঃ জন মিল্টন সপ্তদশ শতিকাৰ কবি আছিল। তেওঁ ৰচনা কৰা বিখ্যাত মহাকাব্যখনৰ নাম ‘পেৰাডাইজ লষ্ট’।

২। দার্শনিক ৰুছোয়ে ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ দার্শনিক ৰুছোয়ে ৰচনা কৰা দুখন গ্ৰন্থৰ নাম হ’ল- The Social contract’ আৰু Confressions’।

৩। গিবনৰ সম্পূৰ্ণ নামটো কি আছিল? তেওঁ কোন শতিকাৰ লেখক আছিল?

উত্তৰঃ গিবনৰ সম্পূৰ্ণ নাম এডৱাৰ্ড গিবন। তেওঁ সপ্তদশ শতিকাৰ লেখক আছিল।

৪। ‘Age of Reason’ নামৰ গ্ৰন্থখন কোনে কেতিয়া ৰচনা কৰিছিল?

উত্তৰঃ Age of Reason’ নামৰ গ্ৰন্থখন অষ্টদশ শতিকাৰ থমাছ পেইনে ৰচনা কৰিছিল। এই গ্রন্থখন ১৭৯০ চনত প্রকাশিত হৈছিল।

৫। যৌৱন কালত এডৱার্ড গিবন কোনখন দেশৰ, কোনখন চহৰৰ বাসিন্দা আছিল?

উত্তৰঃ যৌৱন কালত এডৱাৰ্ড গিবন ছুইজাৰলেণ্ডৰ লুছান চহৰৰ বাসিন্দা আছিল।

(গ) দীঘল প্রশ্ন (প্রতিটো প্রশ্নৰ মূল্যাক- ৪ অথবা ৫)

১। এডৱার্ড গিবনৰ চমু পৰিচয় দিয়া।

উত্তৰঃ এডৱার্ড গিবন (১৭৩৭-১৭৯৪) ইংলেণ্ডত জন্ম হৈছিল। ছাত্র অৱস্থাত অসাধাৰণ প্ৰতিভাৰ পৰিচয় দিব নোৱাৰিলেও পৰৱৰ্তী কালত বিশ্বৰ এগৰাকী ঐতিহাসিক আৰু লেখকৰূপে খ্যাতি লাভ কৰা পৰিলক্ষিত হয়। তেওঁৰ অমৰ কীর্তি হ’ল “The History of the Decline and Fall of the Roman Empire”। শক্তিশালী আৰু ব্যতিক্রমী গদ্যশৈলীৰ বাবেও তেওঁ বিখ্যাত।

২। এডৱার্ড গিবনে ৰচনা কৰা ৰোমান সাম্ৰাজ্যৰ ইতিহাস বিষয়ক গ্রন্থখনৰ চমু পৰিচয় দাঙি ধৰা।

উত্তৰঃ এডৱাৰ্ড গিবনে ৰচনা কৰা ৰোমান সাম্ৰাজ্যৰ ইতিহাস বিষয়ক গ্রন্থখন সাতটা খণ্ডত সমাপ্ত। এই বিপুলায়তন ইতিহাস গ্রন্থই সম্রাট এন্টনিনেছৰ ৰাজত্বকলৰ পৰা আৰম্ভ কৰি তুর্কীসকলৰ দ্বাৰা কনষ্টান্টিনপলৰ অধিকাৰৰ সময়লৈকে সুদীর্ঘ চৌধ্যটা শতাব্দী সামৰি লৈছে। ৰোমান সাম্ৰাজ্যৰ অৱক্ষয়ৰ সূচনা, খ্রীষ্টিয়ানিটিৰ উত্থান, ইছলামৰ বিজয় অভিজান, ইউৰোপত জাতীয় ৰাষ্ট্ৰ গঠনৰ আৰম্ভণি আদি পৃথিৱীৰ ইতিহাস তোলপাৰ লগোৱা অজস্র যুগান্তকাৰী ঘটনা ঘটিছিল এই চৌধ্যটা শতাব্দীত। এনে এখন গ্ৰন্থৰ লেখক গিবনৰ ব্যক্তিত্বই কিদৰে গঢ় লৈছিল তাৰো বর্ণনা আছে প্রবন্ধটোত। ৰোমান সাম্ৰাজ্যৰ ইতিহাস গ্ৰন্থখনৰ ইংৰাজী মূল গ্রন্থখন হ’ল ‘The History of the Decline and Fall of the Roman Empire.’

৩। এডৱার্ড গিবনে ক’ত কিদৰে শিক্ষা গ্রহণ কৰিছিল, বুজাই লিখা।

উত্তৰঃ এডৱাৰ্ড গিবনে পোন্ধৰ বছৰ বয়সত এক্সফোর্ডৰ মেগডালেন কলেজত ভর্তি হৈছিল যদিও সেই সময়ত জগত বিখ্যাত অক্সফোর্ড বিশ্ববিদ্যালয়ৰ অতি শোচনীয় অৱস্থা আছিল। পঢ়া শুনা নাই বুলিয়েই ক’ব পাৰি। কিন্তু অধ্যাপকসকলৰ পৰা বিশেষ সহায় নাপালেও গিবনে নিজে প্ৰচুৰ কিতাপ পঢ়িছিল। গিবনে অক্সফোর্ডত থাকোতেই প্রটেষ্টান্ট ধৰ্মমত ত্যাগ কৰি ৰোমান কেথলিক ধর্মমত দীক্ষিত হ’বলৈ মন মেলাত তেওঁৰ মতি-গতি দেখি অভিভাৱকসকল আতংকিত হৈ তেওঁক কলেজৰ পৰা নাম কটাই জোৰকৈ ছুইজাৰলেণ্ডৰ লুছাঁন চহৰলৈ পঠাই দিছিল। লুছানত থকা সৰ্বশ্রেষ্ঠ বছৰকেইটা গিবনে নোপোৱা হ’লে গিবন আজি গিবন হ’লহেঁতেন নে নাই সেই বিষয়ে সন্দেহ আছে।

৪। চমু টোকা লিখা:

(ক) শ্বপেনহাৱাৰ।

উত্তৰঃ এগৰাকী বিখ্যাত জার্মান দার্শনিক (১৭৮৮- ১৮৬০)। তেওঁৰ নন্দনতাত্ত্বিক, নৈতিক আৰু মনোবৈজ্ঞানিক লিখনিসমূহে উনবিংশ আৰু বিংশ শতিকাৰ চিন্তানায়ক আৰু শিল্পীসকলক বাৰুকৈয়ে প্রভাবিত কৰিছিল। ‘The World as Will and Representation’ তেওঁৰ বিখ্যাত ৰচনা।

(খ) ভল্ তেয়াৰ।

উত্তৰঃ অষ্টাদশ শতিকাৰ ফ্ৰান্সৰ বিখ্যাত লেখক- দার্শনিক। তেওঁ মূলতঃ ব্যংগাত্মক ৰচনাৰ বাবে প্রসিদ্ধ। সমকালীন ফ্রান্সৰ বিভিন্ন দিশৰ ওপৰত তেওঁ আলোকপাত কৰি লিখা ব্যংগাত্মক লেখাসমূহ ফৰাছী সাহিত্যৰ অমূল্য সম্পদ। ‘কান্দিদ’ তেওঁৰ দ্বাৰা ৰচিত ব্যংগাত্মক উপন্যাস। তেওঁ ফৰাছী বিপ্লৱৰ আদৰ্শৰ অন্যতম অনুপ্ৰেৰণাকাৰী

৫। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা:

“যিসকল লেখকে সমগ্র জীৱন ধৰি এখন মাত্র মহৎ গ্রন্থ ৰচনাৰ সাধনাত ব্ৰতী হৈ থাকে, তেওঁলোকে সেই গ্রন্থ ৰচনাৰ সমাপ্তিৰ পিছত এক বিশেষ ধৰণৰ শূন্যতা অনুভৱ কৰে।”

উত্তৰঃ উক্ত কথাফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত হোমেন বৰগোহাঞি দেৱৰ ৰচিত ‘গিবন’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

ইয়াত লেখক বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিদেৱে এডৱাৰ্ড গিবন নামৰ শ্ৰেষ্ঠ ইতিহাসবিদজনৰ জীৱনৰ মাজেৰে, জীৱনত অর্থপূর্ণ সৃষ্টি কৰিবলৈ হ’লে যে অধ্যৱসায়, পৰিশ্ৰম আৰু সাধনাৰ প্রয়োজন সেই কথাটো ক’ব বিচাৰিছে। 

এডৱাৰ্ড গিবনে তেওঁৰ জীৱনৰ শ্রেষ্ঠ কীর্তি ‘ডি ডিক্লাইন এণ্ড ফল অব ৰোমান এম্পায়াৰ’ নামৰ সাতটা খণ্ডৰ বুৰঞ্জীখন ৰচনা কৰিবলৈ যাওঁতে কেনেধৰণৰ কষ্ট কৰিছিল তাৰ আভাস দিছে। এজন সাধাৰণ ছাত্র হৈও জীৱনৰ পৰৱৰ্তী সময়ত যেতিয়া লুছান চহৰত থাকিবলৈ লয়, তেতিয়াৰপৰাই গিবনৰ জীৱনলৈ পৰিৱৰ্তন আহে। ৰোম চহৰ পৰিদৰ্শন কৰি তেওঁ ৰোমৰ বুৰঞ্জী লিখিব বুলি ভাবি ইমান তথ্য যোগাৰ কৰিলে যে সেইবোৰৰ সহায়ত চৌদ্ধটা শতিকা জুৰি বিৰাজমান ৰোমান সাম্রাজ্যৰ বিশাল ইতিহাস ৰচনা কৰিলে। নিজৰ পর্যবেক্ষণ শক্তি, অধ্যয়ন আৰু পৰিশ্ৰমৰ জৰিয়তে ৰচনা কৰা এই গ্ৰন্থ বিশ্বসাহিত্যৰ এখন মহৎ গ্রন্থৰূপে স্বীকৃত হৈছে। গ্রন্থখনত তেওঁ সম্রাট এন্টনিঅ’ৰ ৰাজত্বকালৰ পৰা কনষ্টান্টিনপলৰ পতনলৈকে সুদীর্ঘ চৈধ্যশ বছৰীয়া কালছোৱাৰ ইতিহাস প্রণয়ন কৰিছে। খ্রীষ্টান ধৰ্মৰ উত্থান, ইছলামৰ বিজয় অভিযান, ইউৰোপৰ জাতীয় ৰাষ্ট্ৰ গঠনৰ সূচনা, ৰোমান সাম্ৰাজ্যৰ অৱক্ষয়ৰ সূচনা ইত্যাদি বিশ্বৰ যুগান্তকাৰী তথা ন ন সভ্যতাৰ সৃষ্টিকাৰী ঘটনাসমূহৰ জীৱন্ত বর্ণনা দাঙি ধৰিছে গ্রন্থখনত। এনে এখন গ্ৰন্থৰ লেখক গিবনৰ ব্যক্তিত্বই কিদৰে গঢ় লৈছিল তাৰো বৰ্ণনা আছে প্ৰবন্ধটোত। গিবনৰ দৰে পৰিশ্ৰমী লেখকৰ জীৱন কাল চুটি, কিন্তু তেওঁৰ মহৎ সৃষ্টিবোৰ অমৰ। সুদীর্ঘ সোতৰ বছৰ কঠিন শ্রম কৰি যেতিয়া তেওঁ গ্ৰন্থখন সমাপ্ত কৰিলে, তাৰ পিছত যেন তেওঁৰ মূৰৰ বোজা নাইকিয়া হ’ল। গতিকে মহৎ কৰ্মৰ বাবে লাগে পৰিশ্ৰম আৰু অধ্যৱসায়ৰ মানসিকতা। গিবনৰ দৰে কষ্ট কৰিব পৰা ব্যক্তি থাকিলেই একোটা মহৎ কার্যই মানৱ সমাজক সমৃদ্ধ কৰিব পাৰে।

1 thought on “Class 11 Assamese Chapter 5 গিবন”

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top