Class 11 Assamese Chapter 9 জুবিন গাৰ্গঃ এক কিংবদন্তি Question Answer, HS 1st year Assamese Notes, জুবিন গাৰ্গঃ এক কিংবদন্তি Class 11 Assamese Solutions to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Assamese Chapter 9 জুবিন গাৰ্গঃ এক কিংবদন্তি and select needs one.
Class 11 Assamese Chapter 9 জুবিন গাৰ্গঃ এক কিংবদন্তি
Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given Assam Board Class 11 Assamese Chapter 9 জুবিন গাৰ্গঃ এক কিংবদন্তি Notes for All Subject, You can practice these here.
জুবিন গাৰ্গঃ এক কিংবদন্তি
পাঠ: 9
| গোট ১: গদ্য |
| আর্হি প্রশ্ন |
১। অতি চমু উত্তৰৰ প্ৰশ্ন (প্ৰতিটো প্ৰশ্নৰ মূল্যাংকঃ ১)
(ক) জুবিন গাৰ্গৰ জন্ম কোন চনত হৈছিল?
উত্তৰঃ জুবিন গাৰ্গৰ জন্ম ১৯৭২ চনৰ ১৮ নৱেম্বৰত মেঘালয়ৰ তুৰাত হৈছিল।
(খ) কপিল ঠাকুৰ কোন?
উত্তৰঃ কপিল ঠাকুৰ হ’ল জুবিন গাৰ্গৰ পিতৃ, যাৰ প্ৰকৃত নাম মোহিনী মোহন বৰঠাকুৰ আৰু তেওঁ এগৰাকী কবি।
(গ) জুবিন গাৰ্গৰ প্ৰথম গীতৰ এলবামটোৰ নাম কি আছিল?
উত্তৰঃ জুবিন গাৰ্গৰ প্ৰথম গীতৰ এলবামটোৰ নাম আছিল ‘অনামিকা’, যিটো ১৯৯২ চনত মুকলি হৈছিল।
(ঘ) জুবিন গাৰ্গে কণ্ঠদান কৰা “য়া আলি” গীতটো কোনখন কথাছবিৰ গীত?
উত্তৰঃ “য়া আলি” গীতটো ২০০৬ চনত মুক্তি পোৱা হিন্দী কথাছবি ‘গেংষ্টাৰ’ৰ গীত।
(ঙ) “জোনাক গলা জাৰৰ নিশা” শীৰ্ষক জনপ্ৰিয় গীতটোৰ গীতিকাৰ কোন?
উত্তৰঃ “জোনাক গলা জাৰৰ নিশা” শীৰ্ষক জনপ্ৰিয় গীতটোৰ গীতিকাৰ হ’ল জুবিন গাৰ্গৰ পিতৃ কপিল ঠাকুৰ।
২। চমু প্ৰশ্ন (প্ৰতিটো প্ৰশ্নৰ মূল্যাংকঃ ২/৩)
(ক) জুবিন গাৰ্গৰ নামটো তেখেতৰ দেউতাকে কিয় জুবিন ৰাখিছিল?
উত্তৰঃ শৈশৱতে জুবিনৰ সংগীতৰ প্ৰতি থকা ৰাপ দেখি তেওঁৰ পিতৃয়ে প্ৰখ্যাত সংগীত পৰিচালক জুবিন মেহতাৰ নামেৰে তেওঁৰ নাম জুবিন ৰাখিছিল।
(খ) কোনটো গীতৰ বাবে কেতিয়া জুবিন গাৰ্গে সন্মানীয় Global Indian Film Award (GIFA) বঁটা লাভ কৰিছিল?
উত্তৰঃ হিন্দী চলচ্চিত্ৰ ‘গেংষ্টাৰ’ৰ “য়া আলি” গীতটোৰ বাবে জুবিন গাৰ্গে ২০০৬ চনত ‘Global Indian Film Award’ (GIFA) আৰু ‘ষ্টাৰডাষ্ট’ (Stardust) বঁটা লাভ কৰিছিল।
(গ) ‘সপোন’ নামৰ গীতৰ এলবামটো কোন দুজন গায়কৰ শিল্পী প্ৰাণৰ চানেকি?
উত্তৰঃ ‘সপোন’ নামৰ এলবামটো অসমৰ দুজন মহান শিল্পী— জুবিন গাৰ্গ আৰু সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ শিল্পী প্ৰাণৰ যুটীয়া চানেকি।
(ঘ) কবিৰূপে জুবিন গাৰ্গৰ পৰিচয়ৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ জুবিন গাৰ্গ কেৱল এগৰাকী প্ৰখ্যাত কণ্ঠশিল্পী, অভিনেতা, বা পৰিচালকেই নাছিল, বৰঞ্চ তেওঁ একেধাৰে এগৰাকী সুনিপুণ গীতিকাৰ আৰু কবি হিচাপেও নিজৰ পৰিচয় দাঙি ধৰিছিল। এটা সাক্ষাৎকাৰত তেওঁ নিজে কোৱা মতে, তেওঁ প্ৰায় ৫০০০ গীত নিজেই ৰচনা কৰিছিল যিয়ে তেওঁৰ শব্দৰ ওপৰত থকা দখলৰ প্ৰমাণ দিয়ে। গীত ৰচনা কৰাৰ উপৰিও তেওঁ সাহিত্য জগততো খোজ পেলাই নিজকে এগৰাকী কবি ৰূপেও আত্মপ্ৰকাশ কৰি থৈ গৈছে। তেওঁৰ প্ৰকাশিত প্ৰথমখন কাব্যসংকলনৰ নাম হ’ল ‘শব্দ-অনুভূতি’। এই কাব্যসংকলনখনৰ জৰিয়তে তেওঁৰ অন্তৰৰ গভীৰ অনুভৱ আৰু সাহিত্যৰ প্ৰতি থকা অনুৰাগ সুন্দৰকৈ প্ৰকাশ পাইছে।
(ঙ) জুবিন গাৰ্গে প্ৰযোজনা কৰা শেষৰখন কথাছবিৰ নাম কি? কথাছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰা অভিনেতাজন আৰু পৰিচালকজনৰ নাম লিখা।
উত্তৰঃ জুবিন গাৰ্গৰ সপোনৰ সৃষ্টি তথা তেওঁৰ অন্তিমখন কথাছবিৰ নাম হ’ল “ৰৈ ৰৈ বিনালে”, যিখন ৩১ অক্টোবৰ, ২০২৫ তাৰিখেই দর্শকৰ বাবে অসমৰ লগতে ভাৰতৰ বিভিন্ন ছবিগৃহত শুভমুক্তি দিয়ে।
এই কথাছবিখনত মুখ্য চৰিত্ৰত জুবিন গাৰ্গে নিজেই অভিনয় কৰিছিল আৰু পৰিচালকজনৰ নাম হ’ল- ৰাজেশ ভূঞা।
৩। দীঘল প্ৰশ্ন (প্ৰতিটো প্ৰশ্নৰ মূল্যাংকঃ ৪/৫)
(ক) অসমীয়া সংগীতৰ জগতলৈ জুবিন গাৰ্গৰ অৱদান সম্পৰ্কে চমুকৈ লিখা।
উত্তৰঃ জুবিন গাৰ্গে অসমীয়া সংগীত জগতত এক যুগান্তকাৰী পৰিৱৰ্তন আনিছিল। ১৯৯২ চনত ‘অনামিকা’ এলবামৰ জৰিয়তে আত্মপ্ৰকাশ কৰি তেওঁ নিজৰ ৩৩ বছৰীয়া যাত্ৰাত ৪০ টাতকৈও অধিক ভাষা আৰু উপভাষাত ৩৮ হাজাৰতকৈ অধিক গীত গাইছে। যি সময়ত মানুহে অসমীয়া গীত পাহৰি হিন্দী গীতৰ প্ৰতি বেছি আকৃষ্ট হৈছিল, সেই সময়ত তেওঁ অসমীয়া আধুনিক গীতক পুনৰ প্ৰতিষ্ঠা আৰু সমাদৃত কৰিছিল। ২০০৯ চনত “ইক’জ অৱ ছাইলেন্স” নামৰ নন-ফিচাৰ চলচ্চিত্ৰৰ বাবে তেওঁ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৫৫ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাও লাভ কৰিছিল।
(খ) অসমীয়া কথাছবিৰ জগতলৈ জুবিন গাৰ্গৰ অৱদান সম্পৰ্কে এখন চমু ৰচনা লিখা।
উত্তৰঃ অসমীয়া চলচ্চিত্ৰই দুৰৱস্থাৰ সন্মুখীন হোৱা সময়ত জুবিন গাৰ্গে ইয়াক পুনৰুজ্জীৱিত কৰাৰ বাবে আজীৱন চেষ্টা চলাই গৈছিল। ২০০০ চনত ‘তুমি মোৰ মাথোঁ মোৰ’ কথাছবিৰ জৰিয়তে তেওঁ প্ৰযোজনা, পৰিচালনা, অভিনয় আৰু সংগীত পৰিচালনাৰ কাম আৰম্ভ কৰে। ইয়াৰ পিছত তেওঁ ‘মিছন চাইনা’ (২০১৭) আৰু ‘কাঞ্চনজংঘা’ (২০১৯) ৰ দৰে সফল চলচ্চিত্ৰ পৰিচালনা কৰে। তেওঁ প্ৰায় ১৫ খন চলচ্চিত্ৰত সংগীত পৰিচালনা কৰাৰ লগতে ‘দীনবন্ধু’, ‘মন যায়’, ‘ৰাজনীতি’ আৰু ‘চিকাৰ’ আদি চলচ্চিত্ৰত বলিষ্ঠ অভিনয় কৰিছে।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.

