Class 10 Elective Home Science Chapter 4 গৃহ পৰিচালনা

Class 10 Elective Home Science Chapter 4 গৃহ পৰিচালনা Questipon Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 10 Elective Home Science Chapter 4 গৃহ পৰিচালনা Notes, Class 10 Elective Home Science Chapter 4 গৃহ পৰিচালনা and select need one.

Class 10 Elective Home Science Chapter 4 গৃহ পৰিচালনা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 10 Elective Home Science Chapter 4 গৃহ পৰিচালনা These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 10 Elective Home Science Chapter 4 গৃহ পৰিচালনা Solutions for All Chapters, You can practice these here.

গৃহ পৰিচালনা

Chapter – 4

TEXTUAL QUESTION ANSWER

১। ডিজাইনৰ মূল নীতিসমূহৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ এখন ঘৰ সুন্দৰকৈ আৰু আকর্ষণীয়ভাৱে সজ্জিত কৰিব পাৰি যদিহে উপযুক্তভাৱে ডিজাইনৰ বিভিন্ন নীতিসমূহ প্রয়োগ কৰা হয়। সৌন্দর্যবোধ আৰু ৰুচিসম্মত চিন্তাধাৰাৰ অভাৱত গৃহসজ্জা সম্ভৱপৰ নহয়। গৃহৰ বিভিন্ন কোঠাৰ সাজসজ্জা কৰি এটা সুন্দৰ আৰু উপযুক্ত পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত গৃহসজ্জাৰ ভূমিকা উল্লেখযোগ্য। ঘৰৰ বাহিৰ আৰু অভ্যন্তৰ ভাগ ৰুচিসম্মতভাৱে কিছু সালসলনি ঘটাই নতুনত্ব আনিবলৈ চেষ্টা কৰা হয়। আভ্যন্তৰীণ গৃহসজ্জা বুলিলে সাধাৰণতে গৃহৰ অভ্যন্তৰৰ আটাইবোৰ সজ্জাকে সামৰি লোৱা হয়। ঘৰৰ কোঠা, বেৰ, দুৱাৰ-খিৰিকী, মজিয়া, চাল, চিলিং, আচবাবপত্র, আলংকৰিক সামগ্ৰী আৰু কোঠাটোত থকা প্রতিটো বস্তুৰ ওপৰত আভ্যন্তৰীণ সজ্জা নিৰ্ভৰ কৰে। কেৱল যথেষ্ট ব্যয় কৰিহে আভ্যন্তৰীণ সজ্জা যে কৰা হয় সেইটো ধৰি লোৱা উচিত নহয়। নিজৰ চিন্তা, বিবেচনাশক্তি আৰু কৌশল প্রয়োগ আৰু কম ব্যয় কৰি সীমিত সামগ্ৰীৰে এখন ঘৰ সুন্দৰকৈ সজাব পাৰি। অৱশ্যে এই ক্ষেত্ৰত গৃহকলাৰ বিভিন্ন উপাদানসমূহ যেনে- ৰেখা (line), আকাৰ (shape), জমিন (texture), নমুনা (pattern), পোহৰ (light) আৰু স্থান (space) আদিলৈ গুৰুত্ব দিয়া প্রয়োজন। ডিজাইনৰ মূল নীতিবোৰ প্ৰয়োগ কৰি ঘৰৰ আচবাবপত্ৰৰ পৰা আৰম্ভ কৰি বিভিন্ন আলংকৰিক সামগ্ৰী, মজিয়া, দুৱাৰ-খিৰিকী, পুষ্পসজ্জা আদিৰ মাজত সমন্বয় ঘটাই আকর্ষণীয় কৰিব পাৰি।

২। প্রত্যক্ষ সমতা আৰু অপ্রত্যক্ষ সমতাৰ মাজত থকা পার্থক্য কি কি?

উত্তৰঃ প্রত্যক্ষ সমতা আৰু অপ্রত্যক্ষ সমতাৰ মাজত থকা পার্থক্য হল –

(ক) প্রত্যক্ষ সমতা (Formal balance): সাধাৰণতে কেন্দ্ৰস্থানৰ পৰা সমদূৰত্বত দুয়োফালে যদিহে সমান ওজন বা গুৰুত্বৰ সামগ্ৰী অথবা প্রায় একেধৰণৰ সামগ্ৰী আদি সজোৱা হয় তেতিয়া প্রত্যক্ষ সমতা স্থাপন হয়। এনে সমতা স্থাপনৰ বাবে বিশেষ কৌশলৰ আৱশ্যক নহয়। যেনে- এটা কোঠাত এখন টেবুলৰ দুয়োকাষে সমদূৰত্বত দুটা একেধৰণৰ ফুলৰ টাব অথবা এখন টেবুলৰ দুয়োকাষে একেধৰণৰ দুখন চকী সমদূৰত্বত ৰাখি প্রত্যক্ষ সমতা স্থাপন কৰিব পাৰি।

(খ) অপ্রত্যক্ষ সমতা (Informal balance): যেতিয়া কিছুমান গধুৰ বা গুৰুত্ব থকা সামগ্ৰী কোঠাৰ কেন্দ্ৰস্থানৰ ওচৰত আৰু আন কিছুমান সৰু বা পাতল ওজনৰ সামগ্ৰী কোঠাৰ কেন্দ্ৰস্থলৰ পৰা কিছু আঁতৰত ৰখা হয়। তেতিয়া অপ্রত্যক্ষ সমতা স্থাপন হয়। এনে সমতা স্থাপনৰ বাবে একেধৰণৰ সামগ্ৰী অথবা যিকোনো সামগ্ৰী সমদূৰত্বত ৰখাৰ প্ৰয়োজন নাই। কিন্তু ঘৰত থকা আচবাবপত্র, আলংকৰিক সামগ্ৰী আদিৰ লগত সমতা স্থাপনৰ বাবে যথেষ্ট কৌশল, চিন্তাশক্তি, সৃষ্টিশীল মনোভাৱ আৰু কলাত্মক অনুভূতিৰ আৱশ্যক।

৩। গৃহসজ্জাত প্রাধান্যক কিয় গুৰুত্ব দিয়া হয়? প্রাধান্য স্থাপন কৰিবলৈ হ’লে কি কি কথালৈ গুৰুত্ব দিয়া প্রয়োজন?

উত্তৰঃ গৃহসজ্জাৰ এটি প্রয়োজনীয় নীতি হ’ল প্রাধান্য। প্রাধান্য স্থাপন কৰিলে সজ্জিত যিকোনো এটা বিশেষ বস্তুৰ প্ৰতি প্ৰথমে দৃষ্টি আকর্ষিত হৈ ক্রমশঃ গুৰুত্ব অনুসৰি সজ্জিত আন আন বস্তুলৈ দৃষ্টি আকৰ্ষিত হয়। ঘৰৰ যিকোনো কোঠাত সজ্জিত বস্তুৰ অন্তৰ্গত যিটো বস্তুৱে আমাক বিশেষবাৱে আকৰ্ষণ কৰে সেই বস্তুকে অধিক প্রাধান্য দিয়া হৈছে। কোঠাত সজাই থোৱা বিভিন্ন বস্তুবোৰ যদিওবা সমতা যুক্তভাৱে, সংগতিপূৰ্ণকৈ আৰু সামঞ্জস্য ৰাখিবলৈ যত্ন কৰা হয় তথাপি তেনেবোৰ বস্তুৰ যিকোনো এটা বস্তুক সকলোৱে দৃষ্টিগোচৰ হ’বলৈ প্রাধান্য বা গুৰুত্ব দিয়া প্রয়োজন।

প্রাধান্য স্থাপন কৰিবলৈ হ’লে তলত দিয়া কথালৈ গুৰুত্ব দিয়া প্রয়োজন: 

(ক) আগতীয়াকৈ পৰিকল্পনা কৰি কোঠা এটাত কি কি বস্তুবোৰ সজোৱা হ’ব তাক নিৰ্ণয় কৰি ল’ব লাগে আৰু সেই বস্তুবোৰৰ পৰা যিটো বস্তুৰ ওপৰত অধিক প্রাধান্য দিবলৈ বিচৰা হৈছে সেইটো জনা আৱশ্যক আৰু কোঠাটোত ক’ত, কেনেকৈ ৰাখিলে সকলোকে আকৰ্ষণ কৰিব পাৰে তাৰ প্রতি লক্ষ্য ৰাখি উপযুক্ত স্থানত ৰখা প্রয়োজন।

(খ) কি ধৰণেৰে বস্তুটো সজাই সকলোৰে দৃষ্টিগোচৰ কৰিব পৰা যায় সেই বিষয়ে জনা আৱশ্যক। এইক্ষেত্ৰত সজ্জিত বস্তুৰ আকৰ্ষণ ক্ষমতা বঢ়াবলৈ আৰু প্রাধান্য স্থাপন কৰিবলৈ হ’লে কিছুমান কথা মনত ৰখা প্রয়োজন। যেনে- 

(১) সজ্জিত বস্তুবোৰ থুপ খুওৱা বা কিছুমান সৰু সৰু সামগ্রী একেলগ কৰি সজাই আকৰ্ষণৰ সৃষ্টি কৰিব পাৰি।

(২) বৈসাদৃশ্য বা বিপৰীত ৰং প্ৰয়োগ কৰি।

(৩) শৃংখলাবদ্ধকৈ বিভিন্ন বস্তুবোৰ সজ্জিত কৰি। আৰু 

(৪) সজ্জিত বস্তুৰ ৰেখা, আকাৰ আৰু আকৃতিৰ সহায় লৈ প্রাধান্য স্থাপন কৰিব পৰি।

(গ) কোনো এটা সজ্জিত বস্তুক সম্পূর্ণকৈ নে আংশিকভাৱে অর্থাৎ বস্তুটোৰ বিশেষ অংশক প্রাধান্য দিবলৈ চিন্তা কৰা হৈছে আৰু সেই অংশটো আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰিবলৈ বিচাৰিছে তেতিয়াহ’লে সেইমতে গোটেই বস্তুটো বা আংশিকভাৱে আকৰ্ষিত কৰিবলৈ যত্ন কৰা প্ৰয়োজন।

৪। সমন্বয়ৰ দিশ কেইটা? দিশৰ নামবোৰ উল্লেখ কৰা?

উত্তৰঃ সমন্বয়ৰ পাঁচোটা দিশ আছে। যেনে- 

(১) ৰেখা আৰু আকৃতি।

(২) আকাৰ। 

(৩) টেক্সাৰ। 

(৪) ৰং। আৰু 

(৫) চিন্তা-ভাবধাৰণা (idea) ইত্যাদি।

৫। এটা অতি সৰু আৰু ঠেক কোঠাত যদিহে ডাঙৰ আচবাবপত্র বিন্যাস কৰা হয় তেনেহ’লে কোঠাৰ লগত সংগতি স্থাপন হ’বনে? ব্যাখ্যা কৰা।

উত্তৰঃ কোঠাত থকা বিভিন্ন সামগ্ৰীৰ আকাৰ, আয়তন, ফুলৰ ঠাৰি আৰু ফুলদানিৰ সমানুপাত আকৃতি, ৰং, পোহৰ, নক্সা আদিৰ লগত কোঠাৰ দীঘ, প্রস্থ, উচ্চতা, আকাৰ, আয়তন, বেৰ, দুৱাৰ-খিৰিকী, চিলিঙৰ মাজত সংগতি স্থাপন কৰিব লাগে। কোঠাৰ আকাৰ, আকৃতিৰ ওপৰত সম্পৰ্ক ৰাখিহে কোঠাটোত বিভিন্ন বস্তুবোৰ ৰাখিব লাগে। উদাহৰণস্বৰূপে এটা সৰু আকাৰ আৰু আকৃতিৰ ফুলদানীত প্রয়োজনতকৈ অধিক ফুল-পাতেৰে সজালে ফুল আৰু দানীৰ মাজত সমতা স্থাপন নহয়। সেইদৰে এটা ঠেক আৰু সৰু আকাৰৰ কোঠাত যদিহে ডাঙৰ ডাঙৰ আচবাবপত্ৰৰ বিন্যাস কৰা হয় তেনেহ’লে কোঠাৰ আকাৰৰ লগত তাত ৰখা আচবাবপত্ৰৰ সংগতি নাথাকে।

৬। প্রাথমিক আৰু মাধ্যমিক ৰংবোৰৰ নাম লিখা।

উত্তৰঃ প্রাথমিক ৰং – ৰঙা, নীলা আৰু হালধীয়া।

মাধ্যমিক ৰং – কমলা, সেউজীয়া আৰু বেঙুনীয়া।

৭। ঘৰৰ বিভিন্ন কোঠাৰ বাবে ৰঙৰ আঁচনি কৰোতে কি কি দিশলৈ মন কৰা উচিত?

উত্তৰঃ ঘৰৰ বিভিন্ন কোঠাৰ বাবে ৰঙৰ আঁচনি কৰোতে

মন কৰা দিশবোৰ হৈছে –

বহা কোঠা : ঘৰখনৰ এটা প্রয়োজনীয় কোঠা হ’ল বহা কোঠা। এই কোঠাতেই পৰিয়ালবর্গই আলাপ- আলোচনা, আমোদ-প্রমোদ, বিশ্রাম, মনোৰঞ্জন আদি কৰাৰ উপৰি আলহী-অতিথিক সাদৰ-সম্ভাষণ জনাই আপ্যায়িত কৰা হয়। কোঠাটোৰ ৰঙৰ আঁচনি এনে হ’ব লাগে যাতে, কোঠাত বহা সকলোৱে শান্তিৰে আৰু আনন্দৰে বিশ্রাম ল’ব পাৰে। সাধাৰণতে গ্রীষ্মপ্রধান দেশত এনে কোঠাৰ বাবে শীতল ৰঙৰ আঁচনি। যেনে পাতল নীলা, পাতল সেউজীয়া, বাদামী ৰং, পাতল গুলপীয়া আদি আৰু সেইদৰে শীতপ্রধান দেশত উষ্ণ পাতল ৰং ব্যৱহাৰ কৰি কোঠাৰ সৌন্দর্য বৃদ্ধি কৰিব পাৰে। বহা কোঠাটোৰ আকাৰ আৰু আকৃতিৰ ওপৰত কোঠাটোৰ ৰঙৰ আঁচনি নিৰ্ভৰ কৰে। কোঠাটো আকাৰত সৰু হ’লে কোঠাৰ বেৰ, চিলিং, আচবাবপত্ৰ আৰু পর্দা আদিত শীতল ৰং ব্যৱহাৰ কৰিলে কোঠাটো দেখাত আহল-বহল হয়। একবর্ণী বা এক ৰঙী ৰঙৰ আঁচনি একোটা সৰু বহা কোঠাৰ বাবে উপযোগী।

শোৱা কোঠা: বিশ্রামৰ বাবে প্রধান ঠাই হ’ল শোৱা কোঠা। এই কোঠাটো বেছিভাগেই কেৱল শোৱা আৰু জিৰণি ল’বৰ বাবে ব্যৱহাৰ কৰে বাবে শীতল ৰঙৰ আঁচনি নিৰ্বাচন কৰিলে উত্তম। এই কোঠাৰ বাবে ৰঙৰ আঁচনি কৰোতে ব্যক্তিগত ৰুচিৰ ওপৰত অধিক গুৰুত্ব দিয়া প্রয়োজন। শোৱা কোঠাৰ গৰাকীৰ অপছন্দ ৰঙৰ আঁচনিয়ে হয়তো তেওঁক হতাশ কৰিব পাৰে। কোঠাত সূৰ্যৰ পোহৰৰ দিশ মন কৰিহে ৰং নিৰ্বাচন কৰা ভাল। বহা কোঠাৰ দৰে শোৱা কোঠাৰ ক্ষেত্ৰতো আকাৰ আৰু আকৃতিৰ ওপৰত গুৰুত্ব দিয়া প্রয়োজন। এটা সৰু শোৱা কোঠাত পাতল ৰঙৰ আঁচনিয়ে যিদৰে দেখাত আহল-বহল যেন অনুভৱ হয় সেইদৰে এটা অতি ডাঙৰ শোৱা কোঠাত ডাঠ ৰঙৰ প্ৰয়োগেৰে দেখাত কিছু সৰু যেন লাগে। শোৱা কোঠাৰ বাবে পাতল সেউজীয়া, পাতল নীলা, ক্রীম, মাখন ৰং, পাতল গুলপীয়া আদি ৰংবোৰ নিৰ্বাচন কৰিব পাৰে।

খোৱা কোঠা: সাধাৰণতে খোৱা ঘৰটো আচুতীয়া হ’লে সুবিধা হয় আৰু ৰান্ধনীশালৰ কাষত হ’লে ৰান্ধনীগৰাকীয়ে আহাৰ পৰিৱেশনত অকণো অসুবিধা নহয়। কিন্তু আধুনিক যুগত পাৰিবাৰিক ৰুচি অনুসৰি বহুতে বহা কোঠাৰ এটা অংশত খোৱা-বোৱাৰ ব্যৱস্থা কৰে আৰু কিছুমান ঘৰত বহা কোঠা আৰু খোৱা ঘৰৰ মাজত কেৱল এখন অস্থায়ী বেৰ দি কোঠাটো বিভাজন কৰে। খোৱা ঘৰৰ বেৰ, চিলিং, দুৱাৰ-খিৰিকী আদিত পাতল সেউজীয়া, গুলপীয়া, পাতল হালধীয়া, ক্রীম, মাখন ৰঙৰ আঁচনি নির্বাচন কৰা উচিত। কিয়নো এনে কোঠাত ক্ষুধাবর্ধক ৰঙে খাওতাজনক আহাৰ খোৱাৰ প্ৰতি আসক্তি জন্মায় আৰু এটা শান্তিময় পৰিবেশৰ সৃষ্টি কৰিব পাৰে। ৰঙৰ সুনিৰ্বাচনে খাওতাজনক আনন্দ প্রদান কৰে। পাতল নীলা, পাতল হালধীয়া আদি ৰঙৰ সমাবেশে কোঠাৰ উজ্জ্বলতা বঢ়াব পাৰে। উদাহৰণস্বৰূপে অনুজ্জ্বল বা শেঁতা হালধীয়া ৰঙে যেনেকৈ খোৱাৰ প্ৰতি ৰুচি উৎপন্ন কৰে কিন্তু ডাঠ আৰু উজ্জ্বল হালধীয়া ৰঙে কোনো ব্যক্তিক বিতৃষ্ণা জন্মাব পাৰে। গতিকে ৰঙৰ আঁচনি কৰোতে খোৱা কোঠাত থকা আচবাবপত্ৰ আদিৰ স্বাভাৱিক ৰং, টেবুলত পৰা কাপোৰ (table clothes), কোঠাৰ পৰ্দা, কার্পেটৰ ৰং আৰু অন্যান্য সৰঞ্জামৰ ৰঙৰ কথাও চিন্তা কৰিব লাগে।

অতিথি কোঠা: ঘৰৰ বিভিন্ন কোঠাৰ ভিতৰত এই কোঠাৰ গুৰুত্ব যথেষ্ট। কিয়নো এই কোঠা আচুতীয়াকৈ কেৱল আলহী-অতিথিৰ বাবে ৰখা হয়। এনে কোঠাত যিকোনো বয়সৰ পুৰুষ বা মহিলা অতিথি হিচাপে থাকিব পাৰে। এনেক্ষেত্ৰত ব্যক্তিগত কচিৰ ওপৰত প্রাধান্য দি ৰং নির্বাচন কৰাতকৈ শীতল ৰঙৰ আঁচনি এই কোঠাৰ বাবে উপযুক্ত। শীতল ৰঙে স্বাভাৱিকতে এটা শান্ত পৰিবেশৰ সৃষ্টি কৰিব পাৰে। পাতল নীলা, পাতল সেউজীয়া, পাতল হালধীয়া, পাতল গুলপীয়া আদি ৰংবোৰ সাধাৰণতে যিকোনো বয়সৰ ব্যক্তিয়ে পছন্দ নকৰাকৈ নাথাকে। বেৰৰ ৰং, পর্দা, কার্পেট আদিৰ ৰং কোমল হোৱা উচিত যাতে অতিথিয়ে এনে এক শান্ত পৰিবেশত বিশ্রাম ল’ব পাৰে।

ৰান্ধনী কোঠা: এই কোঠাৰ বাবে পৰাপক্ষত পাতল ৰং নির্বাচন কৰিব লাগে। কোঠাটো আকাৰত সৰু হ’লে উষ্ণ ৰং ব্যৱহাৰ কেতিয়াও কৰিব নালাগে। এনে কোঠাৰ বাবে কৰা ৰঙৰ আঁচনি প্রসন্নতাপূর্ণ, উজ্জ্বল আৰু শীতল ভাব প্রদান কৰা বিধৰ হ’ব লাগে। ৰান্ধনী কোঠা পৰিষ্কাৰকৈ ৰখাৰ বাবে বগা, মাখন ৰং, পাতল গুলপীয়া আদি ৰংবোৰ নিৰ্বাচন কৰিব পাৰে। ৰঙৰ আঁচনি কৰোতে কোঠাত থকা চিঙ্ক, ৰিফ্রিজেৰেটৰ, ফার্নিচাৰ, মজিয়াৰ ৰং আদিৰ ৰঙৰ লগত যাতে সমন্বয় ঘটে তালৈ মন কৰিব লাগে।

গা ধোৱা ঘৰ: আজিকালি বেছিভাগ ঘৰতে শৌচালয় আৰু গা ধোৱা ঘৰ একেটা কোঠাতেই ব্যৱস্থা কৰা হয়। গা ধোৱা ঘৰটো সৌন্দর্য আৰু স্বচ্ছতাৰ প্ৰতীক হোৱা উচিত। এই কোঠাৰ বাবে বগা, ক্রীম, পাতল নীলা, পাতল সেউজীয়া, পাতল হালধীয়া আদি ৰং বেৰৰ বাবে উপযুক্ত। অৱশ্যে গা ধোৱা ঘৰৰ মজিয়া আৰু চিলিং আদিত উজ্জ্বল ৰং, আৰু অন্যান্য সঁজুলি ৰাখিবলৈ বেৰত লগোৱা ৰেক বা গ্লাছৰ আলমাৰী আদিত পাতল ৰং বা বগা ৰং হ’লে বেছি উজজ্বল হয়। যদিহে গা ধোৱা ঘৰত গা ধোৱাৰ টাব (Bath tub) ব্যৱহাৰ কৰে তেন্তে টাবৰ ৰং আৰু গোটেই কোঠাৰ বেৰৰ ৰঙৰ লগত যাতে সমন্বয় ঘটে তালৈ মন কৰিব লাগে।

পঢ়া কোঠা: ঘৰত ল’ৰা-ছোৱালীৰ পঢ়া-শুনা কৰিবৰ বাবে এটা সুকীয়া কোঠাৰ সুবিধা থকা অতি প্রয়োজন। অৱশ্যে পঢ়া-শুনাৰ প্রতি মনোযোগ আৰু আকর্ষণ বঢ়াবলৈ হ’লে কোঠাৰ পৰিবেশ শান্ত হোৱাৰ উপৰি শীতল ৰঙৰ আঁচনিহে প্রয়োগ কৰা উচিত। কাৰণ উগ্র বা ডাঠ ৰঙৰ প্ৰয়োগে পঢ়াৰ প্রতি মনোযোগ বঢ়োৱাৰ বাবে সুবিধাজনক নহয়।

৮। ৰং প্রয়োগৰ ক্ষেত্ৰত কোঠাৰ আকাৰ আৰু আকৃতিৰ ওপৰত কিয় গুৰুত্ব দিয়া হয়?

উত্তৰঃ ঘৰৰ প্ৰতিটো কোঠা ৰঙেৰে সজ্জিত কৰিবলৈ হ’লে কোঠাৰ আকাৰ আৰু আকৃতিৰ ওপৰত অধিক গুৰুত্ব দিয়া প্রয়োজন। যদিহে কোঠাৰ আকাৰ আৰু আকৃতি সৰু আৰু ঠেক হয় তেনেহ’লে কোঠাৰ বেৰত শীতল ৰং দিয়াৰ উপৰি দুৱাৰ-খিৰিকীৰ পৰ্দাত শীতল ৰং নিৰ্বাচন কৰা হয়, কোঠাটো স্বাভাৱিকতে দেখাত আহল-বহল যেন হয়। ঠিক সেই একেটা কোঠাত শীতল ৰঙৰ পৰিবৰ্তে কমলা, ৰঙা আদি উগ্ৰ ৰঙৰ আঁচনি নিৰ্বাচন কৰা হয়। কোঠাটোৰ আকাৰ সৰু আৰু ঠেক যেন অনুভৱ হয়। ঠিক সেইদৰে ঘৰৰ এটা চাৰিকোণীয়া কোঠাৰ দুখন সম্মুখাসম্মুখি বেৰত যদিহে ডাঠ ৰং আৰু আন দুখন বেৰত পাতল ৰং দিয়াৰ আঁচনি কৰা হয় কোঠাটো দেখাত দীঘলীয়া যেন অনুভৱ হয়। ঘৰৰ চাপৰ চিলিং দেখাত ওখ কৰিবলৈ হ’লে চিলিঙত দিয়া ৰঙতকৈ কোঠাটোৰ বেৰত দিয়া ৰং পাতল হ’ব লাগে।

৯। একৰঙী আঁচনি মানে কি?

উত্তৰঃ একৰঙী আঁচনি মানে হ’ল ডিজাইন বা সাজ-সজ্জাত এটা কেৱল এটা ৰং ব্যৱহাৰ কৰা। 

১০। একৰঙী আঁচনি আৰু সমীপৱতী ৰঙৰ আঁচনিৰ মাজত পাৰ্থক্য লিখা।

উত্তৰঃ একৰঙী আঁচনি আৰু সমীপৱতী ৰঙৰ আঁচনিৰ মাজত পাৰ্থক্য হল –

একৰঙী আঁচনি: 

১। এটা কেৱল এটা মূল ৰং ব্যৱহাৰ কৰা হয়।

২। মূল ৰংটোৰ বিভিন্ন ছাঁ, ট’ন, আৰু টিঙ ব্যৱহাৰ কৰি বৈচিত্র্য আনা হয়।

৩। সুমধুৰ, শান্ত, আৰু একতাৰ অনুভৱ সৃষ্টি কৰা।

৪। সেউজ ৰংটো ব্যৱহাৰ কৰি তাৰ বিভিন্ন পুৰণি, যেনে হালধীয়া সেউজ, গাঢ় সেউজ, আৰু পাষ্টেল সেউজ।

সমীপৱতী ৰঙৰ আঁচনি :

১। ৰং পট্টিকাৰ (color wheel) ওপৰত সমীপত থকা দুই বা ততোধিক ৰং ব্যৱহাৰ কৰা হয়।

২। ভিন্ন ৰংৰ মাজত সমন্বয় আৰু সামঞ্জস্য সৃষ্টি কৰি বৈচিত্র্য আনা হয়।

৩। চিত্ৰনীয় কিন্তু সুমধুৰ ভিজ্যুয়েল এফেক্ট সৃষ্টি কৰা।

৪। নীলা, সেউজ, আৰু নীলা-সেউজৰ সমন্বয়।

১১। তোমাৰ ঘৰৰ শোৱা কোঠাৰ বাবে কেনে ৰঙৰ আঁচনি তুমি নির্বাচন কৰিবা আৰু কিয় কৰিবা? কাৰণ দর্শোৱা।

উত্তৰঃ বিশ্রামৰ বাবে প্রধান ঠাই হ’ল শোৱা কোঠা। এই

কোঠাটো বেছিভাগেই কেৱল শোৱা আৰু জিৰণি ল’বৰ বাবে ব্যৱহাৰ কৰে বাবে শীতল ৰঙৰ আঁচনি নিৰ্বাচন কৰিলে উত্তম। এই কোঠাৰ বাবে ৰঙৰ আঁচনি কৰোতে ব্যক্তিগত ৰুচিৰ ওপৰত অধিক গুৰুত্ব দিয়া প্রয়োজন। শোৱা কোঠাৰ গৰাকীৰ অপছন্দ ৰঙৰ আঁচনিয়ে হয়তো তেওঁক হতাশ কৰিব পাৰে। কোঠাত সূৰ্যৰ পোহৰৰ দিশ মন কৰিহে ৰং নিৰ্বাচন কৰা ভাল। বহা কোঠাৰ দৰে শোৱা কোঠাৰ ক্ষেত্ৰতো আকাৰ আৰু আকৃতিৰ ওপৰত গুৰুত্ব দিয়া প্রয়োজন। এটা সৰু শোৱা কোঠাত পাতল ৰঙৰ আঁচনিয়ে যিদৰে দেখাত আহল-বহল যেন অনুভৱ হয় সেইদৰে এটা অতি ডাঙৰ শোৱা কোঠাত ডাঠ ৰঙৰ প্ৰয়োগেৰে দেখাত কিছু সৰু যেন লাগে। শোৱা কোঠাৰ বাবে পাতল সেউজীয়া, পাতল নীলা, ক্রীম, মাখন ৰং, পাতল গুলপীয়া আদি ৰংবোৰ নিৰ্বাচন কৰিব পাৰে। গতিকে শোৱা কোঠাৰ পোহৰ, আচবাবপত্র, ছবি, মজিয়া, পর্দা, বেৰ আৰু চিলিঙৰ ব্যৱহাৰ কৰা ৰঙৰ যাতে সমন্বয় ঘটে সেইটো মন কৰিব লাগে। পাতল যিকোনো ৰঙৰ প্রয়োগে কোঠাটো দেখাত সুন্দৰ কৰাৰ উপৰি শোৱাৰ বাবে এটা অনুকূল আৰু শান্তিৰ পৰিবেশৰ সৃষ্টি কৰে। কিছুমান ঘৰত ল’ৰা-ছোৱালীৰ বাবে সুকীয়াকৈ শোৱা কোঠাৰ সুবিধা আছে। বিশেষকৈ কিশোৰ- কিশোৰীসকলৰ শোৱা কোঠাত তেওঁলোকৰ ৰঙৰ ৰুচিৰ ওপৰত গুৰুত্ব দি ৰঙৰ আঁচনি কৰিব লাগে।

১২। পঢ়া কোঠাৰ বাবে অতি উষ্ণ ৰঙৰ আঁচনি কিয় নির্বাচন কৰিব নালাগে কাৰণ দর্শোৱা।

উত্তৰঃ ঘৰত ল’ৰা-ছোৱালীৰ পঢ়া-শুনা কৰিবৰ বাবে এটা সুকীয়া কোঠাৰ সুবিধা থকা অতি প্রয়োজন। অৱশ্যে পঢ়া-শুনাৰ প্ৰতি মনোযোগ আৰু আকর্ষণ বঢ়াবলৈ হ’লে কোঠাৰ পৰিবেশ শান্ত হোৱাৰ উপৰি শীতল ৰঙৰ আঁচনিহে প্রয়োগ কৰা উচিত। কাৰণ উগ্র বা ডাঠ ৰঙৰ প্ৰয়োগে পঢ়াৰ প্ৰতি মনোযোগ বঢ়োৱাৰ বাবে সুবিধাজনক নহয় এইবাবেই পঢ়া কোঠাৰ বাবে অতি উষ্ণ ৰঙৰ আঁচনি নির্বাচন কৰিব নালাগে।

১৩। আচবাবপত্র নির্বাচন কৰোতে কি কি কথালৈ গুৰুত্ব দিয়া আৱশ্যক?

উত্তৰঃ আচবাবপত্র নির্বাচন কৰোতে তলত কথালৈ গুৰুত্ব দিয়া আৱশ্যক –

১। পৰিয়ালৰ সদস্যৰ ৰুচিৰ ওপৰত গুৰুত্ব দি আচবাবপত্র নির্বাচন কৰিব লাগে। এইক্ষেত্ৰত আচবাবপত্ৰৰ ষ্টাইলৰ ওপৰত সদস্যসকলৰ ৰুচি নিৰ্ভৰ কৰে। কিয়নো আচবাবপত্র সাধাৰণতে তিনি প্ৰকাৰৰ বজাৰত দেখা যায়, যেনে- পৰম্পৰাগত, আধুনিক আৰু সৰল বা সাধাৰণ ধৰণৰ আৰু কিছুমান অত্যাধুনিক আৰু বিভিন্ন ডিজাইন খোদিত কৰা থাকে। গতিকে বৰ্তমান চলিত ষ্টাইলৰ ওপৰত নিৰ্ভৰ কৰিও আচবাবপত্ৰ নিৰ্বাচন কৰিব পাৰে।

২। আচবাবপত্র নির্বাচন কৰোতে ইয়াৰ গঠন, মসৃণতা আৰু স্থায়িত্বৰ ওপৰত লক্ষ্য ৰাখিব লাগে। আচবাব তৈয়াৰ কৰা সামগ্ৰী আৰু আচবাবপত্ৰৰ ওজনৰ ওপৰত বিশেষকৈ আচবাবপত্র মজবুত আৰু স্থায়িত্ব গুণ নিৰ্ভৰ কৰে।

৩। আচবাবপত্র নির্বাচন কৰোতে ইয়াৰ ব্যৱহাৰিক উপযোগিতাত প্রাধান্য দিয়া প্রয়োজন। যিকোনো আচবাবপত্র দেখাত যিমানেই সুন্দৰ আৰু আকর্ষণীয় নহওক লাগে, যদিহে তেনে আচবাবপত্ৰৰ কোনো ব্যৱহাৰিক উপযোগিতা নাথাকে। তেতিয়া সেই সৌন্দর্য আৰু আকর্ষণীয় আৰু সাৰ্থকতা নাথাকে।

৪। নিৰ্বাচন কৰা আচবাবপত্ৰৰ ব্যৱহাৰিক উপযোগিতা থকাৰ উপৰিও আৰাম প্ৰদান কৰিব পাৰে তালৈ লক্ষ্য ৰাখিব লাগে। সাধাৰণতে আচবাবপত্র উপযুক্ত জোখ-মাখৰ হ’লে আৰাম অনুভৱ কৰা হয়। আচবাবৰ আকাৰ, ডিজাইন আৰু ওজনৰ ওপৰতো আচবাবৰ আৰাম নিৰ্ভৰ কৰে। আজিকালি অধিক আৰাম প্রদান কৰিব পৰাকৈ বেছিভাগ আচবাবপত্রত অতিৰিক্ত সঁজুলি সংলগ্ন কৰা থাকে।

৫। আচবাব নির্বাচন কৰোতে স্থায়িত্বৰ ওপৰত চকু দিব লাগে। এইক্ষেত্রত কি সামগ্ৰীৰে আচবাব তৈয়াৰ কৰা হৈছে আৰু কেনেকৈ তৈয়াৰ কৰিছে আৰু কেনেধৰণৰ ডিজাইন লোৱা হৈছে তাৰ ওপৰত নিৰ্ভৰ কৰে। আচবাবৰ স্থায়িত্ব, আচবাব তৈয়াৰত ব্যৱহৃত সামগ্ৰীৰ গুণাগুণৰ ওপৰতো নিৰ্ভৰ কৰে।

৬। আচবাবপত্র নির্বাচনৰ ক্ষেত্ৰত সেইবিলাকৰ মূল্য, গুণাগুণ, গেৰান্টি, পৰিশোধ কৰাৰ আঁচনি সর্ম্পকে জনা দৰকাৰ। তদুপৰি আচবাবসমূহৰ পিঠি, তল, দাঁতি, কাষ, হেন্দেল আদি ভালকৈ চাই ল’ব লাগে। কিছুমান আচবাবপত্রত কিনোতে লেবেল আৰু গেৰাণ্টি কার্ড দিয়ে। সেইবিলাকো নিৰ্বাচন কৰাৰ আগতে চাই-চিতি লোৱা দৰকাৰ।

৭। আচবাবপত্র নির্বাচন কৰোতে ঘৰৰ কোঠাৰ আকাৰ আৰু আকৃতিৰ কথা লক্ষ্য কৰা উচিত। ঘৰৰ কোঠাবোৰ সৰু ঠেক হ’লে কমকৈ আচবাবপত্র ৰখা প্রয়োজন। বহুমুখী কামত ব্যৱহৃত আচবাবপত্র এইক্ষেত্রত বেছি সুবিধাজনক। যেনে- চোফা-কাম-বেড (Sofa-cum-bed) ইত্যাদি।

৮। বেছিভাগ আচবাবপত্র যেনে চোফা, চকী আদি আৰাম প্রদান কৰাৰ বাবে ওপৰঞ্চি স্প্রিং আদি থকাৰ উপৰি স্পঞ্জ, কপাহ আৰু কাপোৰেৰে ঢাকি আচবাবসমূহ দেখাত আকর্ষণীয় কৰি তোলে। সেয়েহে এনেবোৰ আচবাবৰ নিৰ্বাচনৰ ক্ষেত্ৰত স্প্রিঙৰ আৰু আচবাবৰ গাঁথনিৰ মজবুত হয়নে নহয়, আচবাবত ঢকা কাপোৰ কেনেধৰণৰ ইত্যাদি কথাবোৰ মন কৰিব লাগে।

৯। আচবাবপত্র নির্বাচন কৰোতে চাকৰিৰ ধৰণেও প্ৰভাৱ পেলায়। যিসকলে চাকৰিসূত্রে সময়ে সময়ে এখন ঠাইৰ পৰা আন ঠাইত থাকিবলগা হয় তেওঁলোকে যথেষ্ট চিন্তা কৰি নিজৰ সুবিধামতে আচবাবপত্র নির্বাচন কৰা প্রয়োজন।

১৪। কাঠেৰে নিৰ্মিত আচবাবপত্ৰৰ যতন কেনেদৰে লোৱা উচিত বুলি ভাবিছা?

উত্তৰঃ আমাৰ বেছিভাগ আচবাবপত্র বিভিন্ন প্ৰকাৰৰ কাঠেৰে তৈয়াৰ কৰা হয়। সাধাৰণতে কাঠৰ আচবাবৰ বাবে বিশেষধৰণৰ পলিচ আৰু বার্নিছ ব্যৱহাৰ কৰি কীট-পতংগই যাতে নষ্ট কৰিব নোৱাৰে তাৰ বাবে যতন ল’ব লাগে। আচবাবপত্র কেতিয়াও ৰ’দপৰা ঠাইত ৰাখিব নালাগে। বেছি ৰ’দত কিছুমান শুকাই ঠৰঙা হ’ব পাৰে, আচবাবপত্ৰবোৰ সদায় কোমল কাপোৰেৰে তৈয়াৰী ব্ৰাছেৰে মোহাৰিব বা জোকাৰিব লাগে যাতে ধূলি-মাকতি থাকিব নোৱাৰে। আচবাবৰ বাবে থকা ক্ৰীম ব্যৱহাৰ কৰিও পৰিষ্কাৰ আৰু পলিচ কৰিব পাৰি। কাঠৰ আচবাবত দাগ বা চেকা লাগিলে সেই দাগ উঠাবৰ বাবে লিনচিড তেল (linseed oil) ব্যৱহাৰ কৰিব লাগে। যিবিলাক কাঠৰ আচবাবত স্থায়ীভাৱে কাপোৰৰ আচ্ছাদন লগোৱা থাকে সেইবিলাকত থকা ধূলি আদি কোমল ব্ৰাছৰ সহায়ত বা ভেকুৱাম ক্লিনাৰৰ দ্বাৰা আঁতৰাব লাগে। কেতিয়াও অতি গৰম হৈ থকা বস্তু কাঠৰ আচবাবৰ ওপৰত ৰাখিব নালাগে। কাঠৰ আচবাবসমূহ সদায় কোমল কাপোৰেৰে মুচিব লাগে আৰু সময়ে সময়ে বার্নিচ কৰিব লাগে আৰু পলিচ কৰি চিকমিকিয়া কৰি তুলিব লাগে।

১৫। কি কি প্ৰকাৰৰ আচবাবপত্র আজিকালি বজাৰত কিনিবলৈ পোৱা যায়?

উত্তৰঃ আজিকালি বজাৰত বহুবিধ আচবাবপত্র কিনিবলৈ পোৱা যায়। 

তাৰে কেইটামান প্ৰধান প্ৰকাৰ হ’ল:

১। বহাৰ: সোফা, আর্মচেয়াৰ, বীন বেগ।

২। শোওনাৰ বেড: ডাবল বেড, সিঙ্গল বেড, বাংকৰ বেড।

৩। টেবুল: কফি টেবুল, ডাইনিং টেবুল, স্টাডি টেবুল, চেণ্টাৰ টেবুল।

৪। কেবিনেট: বুককেছ, ড্ৰেছাৰ, ৱাৰ্ড্ৰোব।

৫। চেয়াৰ: ডাইনিং চেয়াৰ, অফিচ চেয়াৰ, ৰকিং চেয়াৰ।

৬। অফিচ ফাৰ্নিচাৰ: ডেস্ক, চেয়াৰ, কেবিনেট, ফাইলিং কেবিনেট।

৭। ডেকৰেটিভ আইটেম: শেলফ, সাইড টেবুল, পাফ।

১৬। বহা আৰু শোৱা কোঠাৰ বাবে আচবাবপত্র কিদৰে বিন্যাস কৰিবা। চমুকৈ লিখা।

উত্তৰঃ বহা কোঠা: এই কোঠাৰ আকাৰ আৰু আয়তন অনুসৰি আচবাবপত্র বিন্যাস কৰা আৱশ্যক। ঘৰখনৰ এই কোঠাতেই কেৱল আলহী-অতিথিক স্বাগতম জনোৱা হয় আৰু তেওঁলোকৰ উপৰিও ঘৰুৱা সদস্যৰ মনোৰঞ্জনৰ বাবেও এই কোঠা সময়ে সময়ে ব্যৱহাৰ কৰা হয়। সেয়েহে বহা কোঠাৰ বাবে আচবাপত্র সহজ, ৰুচিপূর্ণ আৰু কম কাৰু কাৰ্যপূৰ্ণ, আৰামদায়ক হোৱা বাঞ্ছনীয়। আৰাম প্রদান কৰিব পৰা বিভিন্নধৰণৰ আচবাবপত্র যেনে চোফাচেট আদি আজিকালি প্রায়বোৰ পৰিয়ালে ব্যৱহাৰ কৰে। চোফাচেটৰ লগতে কাষত থ’ব পৰাকৈ দুখন সৰু টেবুল, কোঠাৰ সোঁমাজত থ’ব পৰাকৈ সামান্য চাপৰ এখন দীঘলীয়া, ডিম্বাকাৰ বা ঘূৰণীয়া আকৃতিৰ টেবুল ৰাখিব লাগে। তদুপৰি কোঠাটোত আলংকাৰিক সামগ্রী প্রদর্শিত কৰিবলৈ এটা সম্মুখৰ ফালে আয়না লগোৱা আলমাৰি, বেৰত এখন চেলভ থকাটো প্রয়োজন। এই কোঠাত মনোৰঞ্জনৰ বাবে টেলিভিছন, বেকর্ড প্লৈয়াৰ আদি ৰাখিবৰ বাবে একোটা ষ্টেণ্ড, বাতৰি কাকত আৰু আলোচনী আদিৰ বাবে এডজাষ্ট বাল ছেলফ আদিৰ আৱশ্যক। বহা কোঠালিত প্রয়োজনতকৈ অধিক গধুৰ আচবাবপত্ৰৰ বিন্যাস হ’লে কোঠাটোৰ ভিতৰত সহজে ঘুৰাফুৰা কৰাত অসুবিধা হোৱাৰ উপৰিও কোঠাৰ সৌন্দর্য হ্রাস পায়। বহা কোঠাটো যথেষ্ঠ আহল-বহল হ’লে এখন ডিভান বা চোফা-কাম-বেড ৰখাৰ ব্যৱস্থা কৰিব লাগে। বহুতে বহা কোঠাটোতেই ডাইনিং টেবুল ৰাখি আলহী- অতিথিক আপ্যায়ন কৰে।এনেক্ষেত্ৰত বহা কোঠাটো যথেষ্ঠ ডাঙৰ হ’ব লাগে। কোঠাত বিন্যাস কৰিবলৈ লোৱা আচবাবপত্রসমূহ আৰু কোঠাটোৰ মাজত সমতা ৰক্ষা কৰাৰ উপৰিও সমন্বয় আৰু সংগতি ৰক্ষা কৰাটো অতি প্রয়োজন।

শোৱা কোঠা: ঘৰৰ বিভিন্ন কোঠাৰ ভিতৰত শোৱা কোঠাটোৱেই হ’ল একমাত্ৰ আৰামৰ ঠাই। কোঠাটো আহল-বহল, বতাহ চলাচল কৰা,মন পছন্দৰ উপৰিও আৰামদায়ক হোৱা উচিত। এই কোঠাৰ বাবে নির্বাচিত আচবাবসমূহ আৰাম প্ৰদান কৰিব পৰা আৰু সুবিধাজনক হ’ব লাগে। আচবাবসমূহ নিৰ্বাচনৰ ক্ষেত্ৰত বিশেষকৈ ব্যক্তিগত ৰুচিৰ ওপৰত প্ৰাধান্য দিয়া দৰকাৰ। কোঠাটোত দুৱাৰ-খিৰিকীৰ অৱস্থান অনুসৰি আচবাবপত্র আদি সজাই ৰাখিব লাগে। বিছনা বা পালেং আদি কোঠাৰ চুকৰ পৰা বেৰৰ সমান্তৰালভাৱে অথবা কোঠাৰ সোঁমাজত ৰাখিব লাগে যাতে অহা- যোৱা কৰাত আনৰ অসুবিধা নহয়। কোঠাৰ খালী ঠাইত বিশেষকৈ খিৰিকীৰ কাষ, ড্রেচিং টেবুল, পোছাক পৰিচ্ছদ ৰখাৰ বাবে আলমাৰী আদি ৰাখিব পাৰে। বিছনাৰ কাষত এখন সৰু টেবুল, বেৰৰ কাষত এটা টিভি ৰখা ষ্টেণ্ড ৰাখিব পাৰে। কোঠাটোত এজনীয়া, দুজনীয়া বা ভাঁজ কৰিব পৰা বিছনাও ৰাখিব পাৰে। কোঠাটো আহল-বহল হ’লে একোখন ভাঁজ কৰি থ’ব পৰা চকী, আৰামী চকী, আৰাম বা জিৰণিৰ বাবে ৰাখিব পাৰে। তদুপৰি কোঠাৰ বেৰত সংলগ্ন কৰিব পৰা কাঠৰ বা ষ্টিলেৰে নিৰ্মিত বহুত খাপ থকা আলমাৰী ব্যৱহাৰ কৰিব পাৰে। এনে কোঠাত শোৱাৰ উপৰি পঢ়া-শুনা আদিৰ বাবে ব্যৱহাৰ কৰিবলৈ হ’লে এখন পঢ়া টেবুল আৰু এখন চকী কোঠাৰ এটা কাষত ৰাখিব পাৰে।

১৭। পুষ্পবিন্যাস কি? ইয়াৰ নীতিসমূহ উল্লেখ কৰা।

উত্তৰঃ ঘৰৰ কোঠাৰ পৰিবেশ আনন্দময়, সজীৱ আৰু সুন্দৰ কৰি তোলাটো হ’ল ইয়াৰ মুখ্য উদ্দেশ্য। বিভিন্ন ফুল, পাত, ঠাৰি, ফুলৰ ৰং আৰু ফুলদানীৰ আকাৰ, আকৃতি সমন্বয় ঘটাই যি বিন্যাস কৰা হয় তাকে পুষ্পবিন্যাস বোলে।

পুষ্পবিন্যাস নীতিসমূহ: সমতা (balance), সমানুপাত (propor- tion), সমন্বয় (harmony), প্রাধান্য (emphasis) আৰু ছন্দ (rhythem) ইত্যাদি।

১৮। পুষ্পবিন্যাস কেইপ্ৰকাৰৰ?

উত্তৰঃ পুষ্পবিন্যাস সাত প্ৰকাৰৰ: 

১। ৰেখা বিন্যাস (Line arrangement).

২। থোপা বিন্যাস (Mass arrangement).

৩। ৰেখা আৰু থোপা বিন্যাস (Line and Mass arrangement).

৪। ক্ষুদ্রাকৃতিৰ বিন্যাস (Miniature arrangement).

৫। উপঙাই ৰখা বিন্যাস (Floating arrangement).

৬। শুকান ফুলৰ বিন্যাস (Dry flower arrangement).

৭। শুকান আৰু সজীৱ ফুলৰ বিন্যাস (Dry and fresh flower arrangement).

১৯। ৰেখাবদ্ধ বিন্যাস আৰু থোপা বিন্যাসৰ মাজত পাৰ্থক্য কি?

উত্তৰঃ ৰেখাবদ্ধ বিন্যাস আৰু থোপা বিন্যাসৰ মাজত পাৰ্থক্য হল –

ৰেখা বিন্যাস: এনে বিন্যাসত ফুল, পাত,ঠাৰিৰ সহায়ত কিছুমান ৰেখাৰ সৃষ্টি কৰি তিনিকোণীয়া, বৃত্তাকাৰ, ত্রিভুজ আকৃতিৰ পুষ্পসজ্জা কৰা হয়। এনে পুষ্পসজ্জাত ৰেখাৰ উপৰি ডাল-পাত, ফুলৰ কলি, ফুলদানিৰ ওপৰত গুৰুত্ব দিয়া হয়। এনে পুষ্পসজ্জা ডাঙৰ কোঠাৰ চুকৰ মেজত ৰাখিলেও সুন্দৰ হয়।

থোপা বিন্যাস: এনে সজ্জাত ফুল আৰু ৰঙৰ একত্ৰিকৰণৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়। সাধাৰণতে ওখ, ঘূৰণীয়া আৰু চেপেটা আকাৰৰ বিভিন্ন ধাতুৰে নিৰ্মিত ফুলদানীত পুষ্পসজ্জা কৰা হয়। এনে সজ্জাত ফুলদানীৰ সোঁমাজত ৰখা ফুল আৰু ঠাৰি আৰু আন চাৰিওফালে থকা ফুল আৰু ঠাৰিবোৰ ফুলদানীৰ জোখতকৈ কমেও ডেৰ গুণ দীঘল হ’লে ভাল। এনে ধৰণেৰে ফুল সজাবলৈ হ’লে বেছি ফুলৰ আৱশ্যক হয়। কিয়নো ফুলবোৰ ফুলদানীৰ চাৰিওফালে একেধৰণেৰে সমভাৱে সজোৱা হয় আৰু চাৰিওফালৰ পৰা দেখা যায়। এনে বিন্যাস বিশেষকৈ উৎসৱ-পাৰ্বন, ডাঙৰ কোঠা, সভাঘৰ, মেল-মিটিং কৰা স্থানত বেছি উপযুক্ত।

২০। ক্ষুদ্ৰ আকৃতিৰ ফুলৰ বিন্যাসৰ বাবে ডাঙৰ ফুলদানীৰ পৰিবৰ্তে কেনেধৰণৰ আহিলাৰ আৱশ্যক হয়? তালিকা লিখা।

উত্তৰঃ এনে বিন্যাসৰ বাবে ডাঙৰ ফুলদানীৰ পৰিবৰ্তে বটলৰ সাফৰ বা ঢাকনি, শামুকৰ খোলা, গ্লাছ আৰু ধাতুৰে নিৰ্মিত সৰু সৰু বাতি, মাটিৰ চাকি আদি ব্যৱহাৰ কৰি ফুল সজোৱা হয়। এনে পুষ্পসজ্জা ফুলদানীত কোনো দিশৰ পৰা পাঁচ ইঞ্চিতকৈ বেছি হ’ব নালাগে। সৰু সৰু ফুল, পাত, ঠাৰি আদি কম পৰিমাণত লৈ এনে বিন্যাস কৰা হয়। সাধাৰণতে ড্রেচিং টেবুল, বেচিন, ডাইনিং টেবুল, বিছনাৰ কাষত থকা সৰু টেবুল, ফ্ৰিজৰ ওপৰত এনে বিন্যাস ৰাখিব পাৰি।

২১। তুমি কোন প্ৰকাৰৰ পুষ্পসজ্জা বিন্যাসৰ প্ৰতি বেছি আগ্রহী আৰু কিয়? বহলাই লিখা।

উত্তৰঃ শুকান ফুলৰ পুষ্পসজ্জাৰ বিন্যাসৰ প্ৰতি বেছি আগ্ৰহী কাৰণ সজীৱ ফুলৰ দৰে শুকান ফুল- পাতেৰেও মনোমোহা পুষ্প বিন্যাস কৰিব পাৰি। ফুলদানী হিচাপে কাঠ, বাঁহ, বেতৰ টুকুৰী বা বাস্কেট বা অন্যান্য খালী পাত্রও শুকান ফুল সজাবৰ বাবে ব্যৱহাৰ কৰিব পাৰে। তদুপৰি শুকান ফুলৰ উজ্জ্বলতা বঢ়াবৰ বাবে বার্নিচ বা অন্যান্য ৰূপালী বা সোণালী ৰং দি কৰিব পৰা যায়। শুকান ফুলৰ বাবে ওখ ফুলদানীও উপযুক্ত। কিয়নো দীঘল ঠাৰিৰ শুকান ফুলবোৰ দীঘলীয়া ফুলদানীত সজাই কোঠাৰ চুকৰ টেবুলত ৰাখিব পাৰি।

২২। বাজেট বুলিলে কি বুজা?

উত্তৰঃ বাজেট বুলিলে এটি পৰিয়ালৰ মুঠ আয়ৰ পৰিমাণৰ পৰা খৰচৰ বিভিন্ন শিতানত ভাগ কৰি ব্যয় কৰাৰ যি আনুমানিক পৰিকল্পনা তাকে বুজায়। যেতিয়া কোনো নির্দিষ্ট সময়ৰ বাবে পৰিয়ালৰ মুঠ আয় আৰু ব্যয়ৰ বাবে আগতীয়াকৈ কৰা আঁচনিয়ে হৈছে বাজেট।

২৩। বাজেট কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ বাজেট তিনি প্ৰকাৰৰ। যেনে- ৰাহি বা ওপৰঞ্চি (surplus budget), সমতাপূর্ণ বা সুষম বাজেট (balanced budget) আৰু ঘাটি বাজেট (deficit budget)।

২৪। তুমি এখন পাৰিবাৰিক বাজেট তৈয়াৰ কৰিবলৈ হ’লে কি কি কাৰকসমূহলৈ মন কৰিবা?

উত্তৰঃ এখন আদর্শ পাৰিবাৰিক বাজেট কৰাৰ ক্ষেত্ৰত বিভিন্ন কাৰকে বিভিন্ন ধৰণেৰে প্ৰভাৱ পেলায়। সেইবিলাক কাৰক হ’ল- পৰিয়ালৰ আয়, পৰিয়ালৰ আকাৰ আৰু সংযোজন, পৰিয়ালৰ জীৱন ধাৰণৰ মানদণ্ড, পৰিয়ালৰ বৃত্তি বা জীৱিকা, ধর্মীয় আৰু সামাজিক উৎসৱ-পাৰ্বন আৰু বসবাস কৰা ঠাই ইত্যাদি।

২৫। সঞ্চয় বুলিলে কি বুজা? সঞ্চয় কৰাৰ প্ৰয়োজনীয়তা আছে বুলি ভাবানে?

উত্তৰঃ যেতিয়া পাৰিবাৰিক আয় প্রয়োজনীয় সা-সামগ্ৰীত ব্যয় কৰাৰ পিচত আয়ৰ কিছু অংশ ভৱিষ্যতৰ নিৰাপত্তাৰ বাবে ৰাহি কৰি ৰখা হয় তাকে সঞ্চয় বোলে। সঞ্চয় কৰাৰ প্ৰয়োজনীয়তা আছে বুলি ভাবো।

২৬। সঞ্চয়ৰ সুবিধাবোৰ কি কি?

উত্তৰঃ সঞ্চয়ৰ সুবিধাবোৰ হল –

১। পৰিয়ালত অধিক দিশত নিৰাপত্তা প্রদান কৰিব পাৰে।

২। পাৰিবাৰিক লক্ষ্যসমূহ পূৰণ কৰিব পাৰে।

৩। আয় বৃদ্ধি হয়। কিয়নো সঞ্চিত ধনৰ সুদৰ হাৰ বৃদ্ধি হোৱাৰ ফলত মূলধন আৰু সুত বৃদ্ধি হয়।

৪। পৰিয়ালৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাত সঞ্চয়ে সহায় কৰে।

৫। শাৰীৰিক অসুস্থতা বা অক্ষমতাৰ বাবে হঠাৎ কাম কৰিব নোৱাৰা হোৱা ব্যক্তিক সঞ্চয়ে সহায় কৰে।

৬। অনিশ্চিত বিপদ-আপদৰ পৰা আর্থিকভাৱে ৰক্ষা পাবলৈ সঞ্চয়ে সহায় কৰে।

৭। ল’ৰা-ছোৱালীৰ বাবে উচ্চ শিক্ষা, বিবাহ আৰু আন পাৰিবাৰিক খৰচত সঞ্চিত ধনে সময়ত যথেষ্ঠ সহায় কৰে।

২৭। সঞ্চয় কেই প্ৰকাৰৰ নাম লিখা।

উত্তৰঃ সঞ্চয় দুই প্ৰকাৰৰ যেনে-

(১) বাধ্যতামূলক সঞ্চয় (Compulsory saving).

(২) ইচ্ছাকৃত সঞ্চয় (Voluntary saving).

২৮। বেংকত টকা জমা কৰাৰ যিকোনো দুটা পদ্ধতিৰ বিষয়ে লিখা।

উত্তৰঃ বেংকত টকা জমা কৰাৰ যিকোনো দুটা পদ্ধতি: চলিত হিচাপ আৰু সঞ্চয়ী হিচাপ।

চলিত হিচাপ : এনে হিচাপত জমাকাৰীয়ে এক নির্দিষ্ট পৰিমাণৰ ধন জমা দি বেংকত হিচাপ খুলিব পাৰে। এই পদ্ধতিত সুদৰ হাৰ কম হ’লেও চলিত হিচাপ পদ্ধতিত টকা জমা কৰিলে প্রয়োজন অনুসৰি সপ্তাহত এবাৰকৈ অধিকবাৰ টকা উলিয়াব পাৰে। এই হিচাপত এবছৰতকৈ বেছি সময় ধৰি টকা জমা নকৰিলে বা টকা নুতুলিলে অসুবিধা হয়। গতিকে নিজৰ সুবিধা অনুসৰি মাজে মাজে টকা জমা কৰিব লাগে আৰু সেইদৰে টকা উলিয়াবও লাগে।

জমা হিচাপ বা সঞ্চয়ী হিচাপ: এই পদ্ধতিত জমাকাৰীয়ে এটা নিম্নতম পৰিমাণৰ ধন জমা দি হিচাপ খুলিব পাৰে। সপ্তাহত কেইবাৰো টকা জমা কৰিব পাৰে। কিন্তু টকা কেবল সপ্তাহত এবাৰহে উলিয়াব পাৰে। এই হিচাপত ছমাহৰ অন্তত সুদৰ হাৰ জমাকাৰীৰ হিচাপত যোগ হয়।

২৯। সঞ্চয়ৰ যিকোনো তিনিটা পদ্ধতিৰ বিষয়ে লিখা।

উত্তৰঃ সঞ্চয়ৰ যিকোনো তিনিটা পদ্ধতি আছে যেনে- চলিত হিচাপ, ৰেকাৰিং হিচাপ  আৰু দীর্ঘম্যাদী বা স্থিৰ হিচাপ।

চলিত হিচাপ: এনে হিচাপত জমাকাৰীয়ে এক নির্দিষ্ট পৰিমাণৰ ধন জমা দি বেংকত হিচাপ খুলিব পাৰে। এই পদ্ধতিত সুদৰ হাৰ কম হ’লেও চলিত হিচাপ পদ্ধতিত টকা জমা কৰিলে প্রয়োজন অনুসৰি সপ্তাহত এবাৰকৈ অধিকবাৰ টকা উলিয়াব পাৰে। এই হিচাপত এবছৰতকৈ বেছি সময় ধৰি টকা জমা নকৰিলে বা টকা নুতুলিলে অসুবিধা হয়। গতিকে নিজৰ সুবিধা অনুসৰি মাজে মাজে টকা জমা কৰিব লাগে আৰু সেইদৰে টকা উলিয়াবও লাগে।

দীর্ঘম্যাদী বা স্থিৰ হিচাপ: এই হিচাপ অনুসৰি জমাকাৰীয়ে এক নিৰ্দিষ্ট পৰিমাণৰ টকা এক নিৰ্ধাৰিত সময়লৈকে বেংকত জমা ৰাখিব পাৰে। জমা টকাৰ সুদৰ হাৰ কিমান দিনলৈ জমা ৰখা হয় তাৰ ওপৰত নিৰ্ভৰ কৰে। জমা হোৱা ধন সময়ৰ আগতে উলিয়াব নোৱাৰে। সময় অনুসৰি শতকৰা বছৰি সুদৰ হাৰ কম-বেছি হ’ব পাৰে।

ৰেকাৰিং হিচাপ : এনে সঞ্চয় পদ্ধতিত যিকোনো ব্যক্তিয়ে নিজৰ সুবিধা অনুসৰি প্ৰতি মাহত এটা নির্দিষ্ট পৰিমাণৰ ধন নিৰ্দিষ্ট সময়ৰ বাবে বেংকত জমা কৰে। নিৰ্ধাৰিত সময়ৰ পিচত জমা মূলধনৰ লগতে সুদসহ ধন উলিয়াব পাৰে।

৩০। চমুটোকা লিখাঃ

(ক) বিনিয়োগ।

উত্তৰঃ বিনিয়োগৰ দ্বাৰা সঞ্চিত ধন বৃদ্ধি কৰিব পাৰি। গতিকে সঞ্চিত ধন পুনৰ বৃদ্ধি বা কোনো নিৰ্ভৰযোগ্য আৰু নিৰাপদ প্ৰতিষ্ঠানত দিয়া হয়। সেয়াই হ’ল বিনিয়োগ। অর্থাৎ সঞ্চিত ধন বিশেষভাৱে উপযুক্তভাৱে ব্যৱহাৰ কৰি অৰ্থ বৃদ্ধি কৰাটোৱেই হ’ল বিনিয়োগ কৰা। বিনিয়োগ কৰিবলৈ বিচৰা ব্যক্তিজনে ক’ত আৰু কিমান টকা বিনিয়োগ কৰিব সেই বিষয়ে চিন্তা কৰি লোৱা উচিত। কিয়নো কেতিয়াবা কিছুমান আর্থিক প্রতিষ্ঠানৰ এজেন্টে বিনিয়োগ কৰাৰ ক্ষেত্ৰত যথেষ্ঠ হেঁচা প্রয়োগ কৰা দেখা যায়। গতিকে ধন বিনিয়োগ কৰাৰ ক্ষেত্ৰত বিনিয়োগকাৰীয়ে কিছুমান দিশ মন কৰা উচিত।

(খ) জ্যেষ্ঠ নাগৰিকৰ সঞ্চয় আঁচনি।

উত্তৰঃ ডাকঘৰ আৰু নিৰ্বাচিত ৰাষ্ট্ৰীয়কৃত বেংকত এই আঁচনিৰ হিচাপ খুলিব পাৰি। এই আঁচনিত হিচাপ খোলা ব্যক্তিজনৰ বয়স ৬০ বছৰ অথবা ততোধিক বয়সৰ জ্যেষ্ঠ নাগৰিক হ’ব লাগিব। অৱশ্যে স্বেচ্ছামূলক অৱসৰ আঁচনিৰ অধীনত অৱসৰ গ্ৰহণৰ ক্ষেত্ৰত চর্ত সাপেক্ষে ৫৫ বছৰ বয়সৰ লোকেও এই আঁচনিত টকা জমা কৰিব পাৰে। এই আঁচনি ম্যাদ হ’ল ৫ বছৰ আৰু ম্যাদৰ অন্তত পুনৰ ৩ বছৰৰ বাবে ধন জমা ৰাখিব পাৰি। এই আঁচনিত বিনিয়োগৰ ন্যূনতম সীমা ১,০০০ টকা আৰু ঊর্ধ্বসীমা হ’ল ১৫ লাখ টকা। এই আঁচনি মনোনয়ন দিয়াৰ সুবিধা আছে।

(গ) কিষাণ বিকাশপত্র।

উত্তৰঃ কিষাণ বিকাশপত্র হৈছে ভাৰত চৰকাৰে প্ৰদান কৰা এক সুৰক্ষিত আৰু নিৰ্দিষ্ট আয়ৰ বিনিয়োগ স্কীম। ইয়াৰ উদ্দেশ্য হ’ল কৃষকৰ লগতে সাধাৰণ জনতাক সঞ্চয় কৰিবলৈ উৎসাহিত কৰা। কৃষি আৰু গ্ৰাম্য উন্নয়নক সহায় আগবঢ়োৱা, লগতে সাধাৰণ জনতাক সুৰক্ষিত বিনিয়োগৰ পথ প্ৰদান কৰা। বিনিয়োগকাৰী সকলে নিৰাপদ আৰু নিশ্চিত আয়ৰ এক সুবিধা লাভ কৰে, যিয়ে তেওঁলোকৰ সঞ্চয়ৰ প্ৰতি আস্থা আৰু আগ্ৰহ বৃদ্ধি কৰে।

(ঘ) সঞ্চয়ী হিচাপ।

উত্তৰঃ এই পদ্ধতিত জমাকাৰীয়ে এটা নিম্নতম পৰিমাণৰ ধন জমা দি হিচাপ খুলিব পাৰে। সপ্তাহত কেইবাৰো টকা জমা কৰিব পাৰে। কিন্তু টকা কেৱল সপ্তাহত এবাৰহে উলিয়াব পাৰে। এই হিচাপত ছমাহৰ অন্তত সুদৰ হাৰ জমাকাৰীৰ হিচাপত যোগ হয়।

(ঙ) জীৱন বীমা।

উত্তৰঃ বীমা কোম্পানীৰ আৰু বীমাকাৰীৰ মাজত চুক্তিয়েই হ’ল জীৱন বীমা। সধাৰণতে যিজন ব্যক্তিয়ে বীমা কৰে তেওঁক জীৱন বীমা কৰ্প’ৰেচনৰ লগত চুক্তি কৰে। এই চুক্তিপত্ৰক পলিচি আৰু যিজন ব্যক্তিয়ে চুক্তি কৰে তেওঁক পলিচি হোল্ডাৰ বা বীমাকাৰী বোলা হয়। বীমা কৰাৰ আগতে বীমাকাৰীয়ে পৰিচয়পত্র, ফটো, পেনকার্ড আদি দি আবেদন কৰিব লাগে। তদুপৰি জীৱন বীমাৰ কি আঁচনিত টকা বিনিয়োগ কৰিব সেই বিষয়ে আগতে জানি থ’ব লাগে। জীৱন বীমাৰ ক্ষেত্রত আঁচনি অনুসৰি টকা কিস্তি হিচাপে মাহেকত, তিনি মাহত, ছমাহত বা বছৰেকত দিয়া হয়। বীমা কৰোতে বীমাকাৰীয়ে মনোনীত ব্যক্তিৰ নাম উল্লেখ কৰিব লাগে। কিয়নো বীমাৰ কাল সমাপ্ত হোৱাৰ আগতেই যদি বীমাকাৰীৰ মৃত্যু ঘটে সেই টকা মনোনীয় ব্যক্তিজনে লাভ কৰে। সাধাৰণতে বীমা কোম্পানীয়ে চিকিৎসকৰ দ্বাৰা বীমাকাৰীৰ স্বাস্থ্য পৰীক্ষা কৰিহে বীমা কৰাৰ বাবে সন্মতি জনায়। বীমা কোম্পানীয়ে মানুহৰ জীৱন আৰু সম্পত্তিৰ দায়িত্ব লয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top