Class 10 Elective Home Science Chapter 1 খাদ্য আৰু পৰিপুষ্টি

Class 10 Elective Home Science Chapter 1 খাদ্য আৰু পৰিপুষ্টি Questipon Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 10 Elective Home Science Chapter 1 খাদ্য আৰু পৰিপুষ্টি Notes, Class 10 Elective Home Science Chapter 1 খাদ্য আৰু পৰিপুষ্টি and select need one.

Class 10 Elective Home Science Chapter 1 খাদ্য আৰু পৰিপুষ্টি

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 10 Elective Home Science Chapter 1 খাদ্য আৰু পৰিপুষ্টি These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 10 Elective Home Science Chapter 1 খাদ্য আৰু পৰিপুষ্টি Solutions for All Chapters, You can practice these here.

খাদ্য আৰু পৰিপুষ্টি

Chapter – 1

TEXTUAL QUESTION ANSWER

১। খাদ্য কাক বোলে?

উত্তৰঃ খোৱাৰ উপযোগী গোটা বা জুলীয়া দ্রব্যকে খাদ্য বোলে।

২। পৰিপুষ্টি মানে কি? শৰীৰত পৰিপুষ্টিৰ তাৎপর্য সম্পর্কে লিখা।

উত্তৰঃ খাদ্যত থকা পৰিপোষকসমূহ যি প্ৰক্ৰিয়াৰ দ্বাৰা আমাৰ শৰীৰত ব্যৱহাৰ হয় তাক ইয়াক সুস্থ হৈ থকাত সহায় কৰে, তাকে পুষ্টিসাধন বা পৰিপুষ্টি (Nutrition) বুলি কোৱা হয়।

শৰীৰত পৰিপুষ্টিৰ তাৎপর্য বহু দিশে গুৰুত্বপূৰ্ণ, কিয়নো ই দেহৰ মুঠ স্বাস্থ্য, বৃদ্ধি, আৰু বিকাশৰ বাবে প্ৰয়োজনীয়। পৰিপুষ্টি মানে দেহৰ সকলো প্ৰয়োজনীয় পুষ্টি উপাদানৰ যথাযথ মাত্ৰাত উপস্থিতি। 

ইয়াৰ কিছুমান মূল তাৎপর্য তলত দিয়া হল:

১। শক্তি আৰু উৎপাদনক্ষমতা: পৰিপুষ্টি দেহক প্ৰয়োজনীয় শক্তি যোগান ধৰে, যিয়ে দৈনন্দিন কাৰ্য্য, কাজৰ উৎপাদনক্ষমতা আৰু সক্ৰিয়তা বজাই ৰাখে। 

২। শাৰীৰিক বৃদ্ধি আৰু বিকাশ: শিশুৰ সঠিক বৃদ্ধি আৰু বিকাশৰ বাবে পৰিপুষ্টি অতি প্ৰয়োজনীয়। প্ৰটিন, কেলচিয়াম, আৰু অন্যান্য মিনাৰেলবোৰ হাড়, মাংসপেশী আৰু কোষবোৰৰ গঠন আৰু মেণ্টেনেন্সৰ বাবে অত্যাৱশ্যক।

৩। ইমিউন ছিষ্টেমৰ শক্তি: পৰিপুষ্টি ইমিউন ছিষ্টেম শক্তিশালী কৰি দেহক বিভিন্ন ৰোগ আৰু সংক্রমণৰ পৰা ৰক্ষা কৰে। পৰ্যাপ্ত ভিটামিন, মিনাৰেল, আৰু এণ্টিঅক্সিডেণ্ট দেহৰ ৰোগপ্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

৪। হাৰ্মোনৰ নিয়ন্ত্ৰণ: পৰিপুষ্টি হাৰ্মোনৰ সমতা বজাই ৰাখে, যিয়ে মুঠ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়। উদাহৰণস্বৰূপে, আয়ডিন থাইৰয়ড হাৰ্মোনৰ উৎপাদনত সহায়ক, যিয়ে বিপাকীয় কাৰ্য্য নিয়ন্ত্ৰণ কৰে।

৫। মানসিক স্বাস্থ্য: পৰিপুষ্টি মানসিক স্বাস্থ্য আৰু মগজৰ কাৰ্যক্ষমতাত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে। বিশেষকৈ, ভিটামিন বি, ঔমেগা-৩ ফেটি এছিড, আৰু এনটি’অক্সিডেণ্টযুক্ত খাদ্য মগজৰ স্বাস্থ্যৰ বাবে সহায়ক।

৬। দীঘলীয়া ৰোগৰ প্ৰতিৰোধ: পৰিপুষ্টি হৃদৰোগ, ডায়াবেটিছ, কেঞ্চাৰ, আৰু উচ্চ ৰক্তচাপ আদি দীঘলীয়া ৰোগবোৰৰ বিপক্ষে প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। 

৩। পৰিপোষক মানে কি?

উত্তৰঃ খাদ্যত বিভিন্ন প্ৰকাৰৰ পুষ্টিকৰ উপাদান থাকে। এই পুষ্টিকৰ উপাদানসমূহক পৰিপোষক (Nutrient) বুলি কোৱা হয়। খাদ্যত থকা এই পৰিপোষকসমূহ হ’ল- ঘাইকৈ কার্ব হাইড্রেট, প্র’টিন, চর্বি, ভিটামিন, খনিজ লৱণ আৰু পানী। 

৪। অপুষ্টি মানে কি? এই অপুষ্টি কিমান ধৰণেৰে হ’ব পাৰে?

উত্তৰঃ এজন লোকে দৈনিক খাদ্যৰ পৰা পোৱা পৰিপোষকৰ পৰিমাণ যদি প্রয়োজনীয় পৰিমাণতকৈ কম বা বেছি হয়, তেন্তে তাৰ পৰা তেওঁ অপুষ্টি (Malnutrition) ত ভোগে ইয়াকে অপুষ্টি বুলি কোৱা হয়। এইদৰে অতিমাত্রা চর্বিযুক্ত খাদ্য গ্ৰহণৰ ফলত শৰীৰ মেদবহুল হয়। মেদবহুলতা হ’ল বৰ্তমান সময়ৰ অপুষ্টিজনিত এক প্রধান সমস্যা। একেদৰেই কম পৰিমাণৰ পৰিপোষক গ্ৰহণৰ ফলত শৰীৰত পৰিপোষকৰ প্ৰয়োজনীয় পৰিমাণৰ অভাৱ হৈ বিভিন্ন পুষ্টিহীনতা ৰোগ আমাৰ দেশৰ সকলো বয়সৰ লোকৰ মাজত দেখিবলৈ পোৱা যায়।

৫। সুষম আহাৰ মানে কি?

উত্তৰঃ যি আহাৰে শৰীৰৰ বাবে প্রয়োজনীয় সকলো পৰিপোষক উচিত পৰিমাণত যোগান ধৰে, কোষ গঠন আৰু মেৰামতি কৰে, দেহৰ স্বাভাৱিক প্রক্রিয়াসমূহ নিয়ন্ত্ৰণ কৰাৰ উপৰিও ৰোগ প্ৰতিৰোধ কৰে, তেনে আহাৰকে সুষম আহাৰ (Balanced diet) বোলে।

৬। সুষম আহাৰৰ ৰচনাত সহায় কৰা খাদ্যৰ গোটকেইটা কি কি?

উত্তৰঃ সুষম আহাৰৰ ৰচনাত সহায় কৰা খাদ্যৰ গোটকেইটা হল –

১। খাদ্যৰ চাৰিটা গোট।

২। খাদ্যৰ পাঁচটা গোট।

৩। খাদ্যৰ সাতটা গোট।

৭। ‘খাদ্যৰ পাঁচটা গোট’ মানে কি বুজা?

উত্তৰঃ খাদ্যৰ পাঁচটা গোট’ মানে হল —

১। শস্যজাতীয় খাদ্য আৰু ইয়াৰ পৰা প্ৰস্তুত কৰা খাদ্যসমূহ: চাউল, ঘেঁহু, ৰাগী, বজ্রা, গোমধান, জোৱাৰ, বার্লি, চিৰা, চুজি, আটা-ময়দা আদি।

২। দাইল আৰু মাহজাতীয় খাদ্য: বুট দাইল, মাটি দাইল, মণ্ড দাইল, মচুৰ দাইল, ৰহৰ দাইল, মটৰ মাহ, ৰাজমাহ, চয়াবিন ইত্যাদি।

৩। গাখীৰ আৰু মাছ-মাংস জাতীয় খাদ্য: গাখীৰ, দৈ, চৰ্বিহীন গাখীৰ, পনীৰ, মুৰ্গীৰ মাংস, অন্যান্য চৰাইৰ মাংস, মাছ, কণী আৰু অন্য মাংস।

৪। ফলমূল আৰু শাক-পাচলি: ফলমূল যেনে – আম, অমিতা, আমলখি, নেমুটেঙা, কমলা টেঙা, মধুৰি আম, কল ইত্যাদি।

সেউজীয়া শাক যেনে – লাই, লফা,পালেং, চুকা, মৰিচা, খুটুৰা শাক, মেথি শাক, চজিনাপাত, ধনীয়া শাক ইত্যাদি।

পাচলি- যেনে গাজৰ, মূলা, বেঙেনা, ভেন্দি, বীন, আলু পিয়াঁজ, তিতাকেৰেলা, লাও, কোমোৰা, ফুলকবি, বন্ধাকবি ইত্যাদি।

৫। তেল, চর্বি, চেনি, আৰু গুৰ: মাখন, ঘিঁউ, উদ্ভিজ তেল- চর্বি, যেনে বাদাম তেল, মিঠাতেলৰ উপৰিও চেনি, গুৰ, মৌজোল আদি।

৮। সুষম আহাৰৰ ৰচনাত মন কৰিবলগা দিশসমূহ কি কি?

উত্তৰঃ সুষম আহাৰৰ ৰচনাত মন কৰিবলগা দিশসমূহ হল —

সুষম আহাৰৰ আঁচনি কৰোতে গুৰুত্ব দিবলগা দিশসমূহ হ’ল বয়স, লিংগ, বৃত্তি বা জীৱিকা, উপার্জন, বা আয়, পৰিয়ালৰ আকাৰ, জলবায়ু, কাম আৰু শৰীৰৰ বিশেষ অৱস্থা ইত্যাদি।

বয়স (Age): বয়সৰ লগে লগে খাদ্যৰ প্ৰয়োজনীয় পৰিমাণো বেলেগ বেলেগ হয়। শিশুৰ বাঢ়ন অৱস্থাত অধিক কেলৰি আৰু প্ৰটিনযুক্ত খাদ্যৰ আৱশ্যক হয়। ইয়াৰ বিপৰীতে বয়স হোৱাৰ লগে লগে সকলো পৰিপোষকৰ প্ৰয়োজনীয়তা লাহে লাহে কমি আহে। এইদৰে পৰিয়ালত থকা বিভিন্ন বয়সৰ ব্যক্তিৰ বাবে প্ৰয়োজন হোৱা খাদ্য আৰু পৰিপোষকৰ প্রতি লক্ষ্য ৰাখি আহাৰ আঁচনি কৰিব লাগে।

লিংগ (Sex): লিংগভেদে ব্যক্তিৰ খাদ্য আৰু পৰিপোষক দুয়োটাৰে প্রয়োজনীয় পৰিমাণ বেলেগ বেলেগ হয়। পুৰুষৰ দেহৰ গঠন মহিলাতকৈ সবল আৰু তেওঁলোকে মহিলাতকৈ বেছি পৰিশ্ৰম কৰিব পাৰে। সেয়ে মহিলাতকৈ পুৰুষক বেছি শক্তিৰ প্ৰয়োজন হয়। ল’ৰা আৰু ছোৱালীৰ ক্ষেত্ৰতো ন-বছৰ বয়সৰ পাছত কিছুমান পৰিপোষকৰ পৰিমাণ কম-বেছি হয়।

বৃত্তি বা জীৱিকা (Occupation): বৃত্তি অনুযায়ী শাৰীৰিক শ্ৰমৰ মাত্রা কম বেছি হয়। এটা পৰিয়ালত থকা প্ৰতিজন সদস্যই কৰা কাম আৰু ইয়াৰ বাবে কৰা শ্ৰমৰ মাত্ৰাৰ ওপৰত ভিত্তি কৰিহে প্রয়োজনীয় কেলৰিৰ পৰিমাণ নির্ধাৰণ কৰিব পাৰি।

উপার্জন বা আয় (Income): পৰিয়ালৰ আৰ্থিক দিশৰ ওপৰতো সুষম আহাৰৰ পৰিকল্পনা নিৰ্ভৰ কৰে। উপাৰ্জন বেছি হ’লে আহাৰৰ তালিকাত অধিক মূল্যৰ পুষ্টিকৰ খাদ্য অন্তর্ভুক্ত কৰিব পাৰি। ইয়াৰ বিপৰীতে কম উপাৰ্জনশীল পৰিয়ালত স্থানীয় সহজলভ্য পুষ্টিকৰ খাদ্য যেনে সেউজীয়া শাক, স্থানীয়ভাৱে নিজে সংগ্ৰহ কৰিব পৰা সৰু-ডাঙৰ মাছ, মাহজাতীয় খাদ্য আদিৰে পুষ্টিৰ প্ৰয়োজনীয়তা পূৰাব পাৰি।

পৰিয়ালৰ আকাৰ (Family size): সুষম আহাৰৰ পৰিকল্পনাত পৰিয়ালৰ আকাৰে প্ৰভাৱ পেলায়। পৰিয়াল ডাঙৰ হ’লে খাদ্যৰ ক্ষেত্ৰত খৰচ কৰিবলগা ধনৰ পৰিমাণো বাড়ে। আনহাতে সৰু পৰিয়ালত খাদ্যৰ বাবে খৰচ কৰিবলগা ধনৰ পৰিমাম কম হয়। এই ক্ষেত্রত ঋতু অনুযায়ী উৎপাদন হোৱা খাদ্য আৰু ঘৰৰ পাচলিৰ বাগিচাত উৎপন্ন হোৱা খাদ্যসমূহ আহাৰৰ তালিকাত অন্তর্ভুক্ত কৰিলে এই ক্ষেত্ৰত যথেষ্টভাৱে সকাহ পোৱা যায়।

জলবায়ু (Climate): ৩০° ছেন্টিগ্রেডৰ তলত প্রতি ডিগ্রী চেন্টিগ্রেড উষ্ণতা বৃদ্ধিত ০.৫ শতাংশ বর্ধিত শক্তিৰ আৱশ্যক হয়। উষ্ণ জলবায়ুত শক্তিৰ সংৰক্ষণৰ বাবে কেলৰিৰ প্ৰয়োজনীয়তাও কমি আহে। সেইবাবে, শীতকালত বেছি কেলৰিযুক্ত খাদ্য আহাৰৰ তালিকাতে অন্তর্ভুক্ত কৰিব লাগে। ইয়াৰ বিপৰীতে গ্রীষ্মকালত কম কেলৰিযুক্ত খাদ্যৰ আৱশ্যক হয়। বেছি কেলৰিযুক্ত খাদ্যৰ ভিতৰত তেল, চর্বি, মাছ-মাংস জাতীয় খাদ্যই শীতকালত শৰীৰত অধিক উত্তাপৰ সৃষ্টি কৰে। আনহাতে গ্রীষ্মকালত এনে খাদ্যৰ সলনি ফলমূলৰ চৰবত, দৈ, মচলা নিদিয়া টেঙা আঞ্জা আদিয়ে গ্রীষ্মকালত শৰীৰলৈ শীতলতা আনে।

কাম বা পৰিশ্ৰম (Activity): কোনো ব্যক্তিয়ে কৰা কাম বা পৰিশ্ৰমৰ ওপৰত তেওঁক দৈনিক কিমান শক্তিৰ আৱশ্যক সেইটো নিৰ্ভৰ কৰে। পুষ্টিবিজ্ঞানীসকলে পৰিশ্ৰমৰ মাত্রা অনুযায়ী মানুহক তিনিটা ভাগত ভাগ কৰিছে- লঘু পৰিশ্ৰম কৰা লোক, মধ্যমীয়া পৰিশ্ৰম কৰা লোক আৰু কঠোৰ পৰিশ্ৰম কৰা লোক। লঘু পৰিশ্ৰম কৰা লোক এজনতকৈ কঠোৰ পৰিশ্ৰম কৰা লোক এজনক স্বাভাৱিকতে বেছি শক্তিৰ প্ৰয়োজন হয়। সেয়ে সুষম আহাৰৰ আঁচনিত পৰিয়ালত থকা প্রত্যেক ব্যক্তিয়ে কৰা পৰিশ্ৰমৰ ধনৰ প্ৰতি মনোযোগ দিয়া দৰকাৰ।

বিশেষ অৱস্থা (Special condition): সুষম আহাৰ ৰচনা কৰোতে পৰিয়ালত থকা গৰ্ভৱতী মহিলা আৰু প্ৰসূতি মাতৃৰ প্ৰতিও লক্ষ্য ৰাখিব লাগে। কাৰণ এগৰাকী গৰ্ভৱতী মহলাই নিজৰ শৰীৰৰ বাবে খাদ্য খোৱাৰ উপৰিও গৰ্ভত থকা সন্তানৰ শৰীৰৰ গঠনৰ বাবেও যথেষ্ট পৰিমাণে পুষ্টিকৰ উপাদানৰ যোগান ধৰিব লাগে। সেইবাবে তেওঁ বেছিকৈ খাদ্য গ্রহণ কৰিবলগীয়া হয়। প্রসূতি মাতৃ এগৰাকীয়েও খাদ্যৰ পৰা সংগ্ৰহ কৰা সাৰ উপাদানৰ অধিক অংশ স্তনপানৰ জৰিয়তে সন্তানৰ শাৰীৰিক গঠন আৰু বৃদ্ধিৰ বাবে যোগান ধৰিব লগা হয়। এই দুয়োটা বিশেষ অৱস্থাতে এগৰাকী মহিলাক অধিক পৰিমাণে কেলৰি, প্ৰটিন, কেলচিয়াম আৰু আইৰণৰ যোগান দিয়া আৱশ্যক।

৯। আহাৰ পৰিকল্পনা মানে কি?

উত্তৰঃ পৰিয়ালৰ প্ৰত্যেক ব্যক্তিৰ বাবে দৈনিক প্রয়োজনীয় পৰিপোষকৰ পৰিমাণ পূৰণ হোৱাকৈ আহাৰৰ যি আগতীয়া আঁচনি তৈয়াৰ কৰা হয়, তাকে আহাৰৰ পৰিকল্পনা বোলা হয়।

১০। আহাৰ পৰিকল্পনাৰ উদ্দেশ্যসমূহ কি কি?

উত্তৰঃ আহাৰ পৰিকল্পনাৰ উদ্দেশ্যসমূহ হৈছে —

১। পৰিয়ালৰ প্ৰতিজন ব্যক্তিৰ পুষ্টি সম্বন্ধীয় প্রয়োজনীয়তা পুৰণ কৰা।

২। পৰিয়ালৰ বাজেটত খাদ্যৰ শিতানত ধাৰ্য কৰা ধনৰ ঘাটি নোহোৱা।

৩। খাদ্যৰ প্ৰত্যেকটো গোটৰ পৰা কি কি খাদ্য ক্ৰয় কৰিব তাৰ সিদ্ধান্ত লোৱা।

৪। স্থানীয়ভাৱে সহজলভ্য খাদ্যৰ ওপৰত গুৰুত্ব দিয়া।

৫। পৰিয়ালৰ আকাৰ, গঠনত মনোযোগ দিয়া।

৬। বিভিন্ন খাদ্য কিনাৰ আগতে ইয়াক মজুত কৰা ঠাই আৰু তেনে ঠাইৰ অৱস্থাৰ বিষয়ে জানি থোৱা।

৭। পৰিয়ালৰ প্ৰত্যেক সদস্যৰ ৰুচিৰ ওপৰত ভিত্তি কৰি কিনিবলগা খাদ্যৰ এখন তালিকা প্রস্তুত কৰা।

৮। সুন্দৰ, সুস্বাদু খাদ্য পৰিৱেশনেৰে পৰিয়ালৰ প্ৰতিজন ব্যক্তিক সন্তুষ্ট কৰা।

৯। পৰিপোষকৰ অপচয় নোহোৱাকৈ উপযুক্ত ৰন্ধন প্রণালীৰে খাদ্যৰ গ্রহণযোগ্যতা বঢ়োৱা।

১০। সময় আৰু শক্তিৰ সদ্ব্যৱহাৰ কৰি হাততে পোৱা সামগ্রী (টকা- পইচা, খাদ্য সামগ্রী) খিনিৰে পৰিয়ালৰ সদস্যসকলৰ পৰিপোষকৰ প্রয়োজনীয়তা পূৰোৱা।

১১। আহাৰ পৰিকল্পনাৰ নীতিসমূহ কি কি?

উত্তৰঃ আহাৰ পৰিকল্পনাৰ নীতিসমূহ হল —

১। পৰিপোষকৰ প্ৰয়োজনীয়তা পূৰণ কৰা: পৰিয়ালৰ প্ৰত্যেক সদস্যৰ শৰীৰৰ পুষ্টি সাধনৰ বাবে কেলৰি, প্ৰটিন, চৰ্বিৰ বাহিৰেও ভিটামিন আৰু খনিজ লবণৰ আৱশ্যক হয়। ইয়াৰ বাবে শক্তিদায়ক খাদ্য, শৰীৰ গঠনকাৰী খাদ্য আৰু শৰীৰ ৰক্ষক খাদ্য এই তিনিও শ্ৰেণীৰ খাদ্য আহাৰৰ তালিকাত অন্তর্ভুক্ত কৰিব লাগে।

২। আহাৰৰ তালিকাখনে পৰিয়ালৰ প্ৰত্যেকজন সদস্যৰ প্ৰয়োজন পূৰণ কৰিব লাগে: এটা পৰিয়ালত বিভিন্ন স্তৰত ব্যক্তি থাকে, যেনে কেঁচুৱা, শিশু, স্কুলীয়া শিশু, কিশোৰ-কিশোৰী, পুৰুষ-মহিলা, বয়সস্থ লোক ইত্যাদি। এই সকলোৰে খাদ্য খোৱাৰ ধৰণ প্রয়োজনীয়তা বেলেগ বেলেগ হয়। কেঁচুৱা এটাক সিজাই কোমল কৰা খাদ্যৰ আৱশ্যক, শিশুক প্রটিনযুক্ত খাদ্যৰ আৱশ্যক আৰু গৰ্ভৱতী মহিলা এগৰাকীয়ে আকৌ অধিক পৰিমাণে সেউজীয়া শাক-পাচলি খোৱা আৱশ্যক। পৰিয়ালত থকা বেছি গধুৰ কাম কৰা ব্যক্তি এজনক অধিক শক্তি আৰু বি ভিটামিনযুক্ত খাদ্যৰ যোগান ধৰাৰ আৱশ্যক। এইদৰে বয়স, কাম, জীৱন ধাৰণৰ প্ৰণালী অনুযায়ী আহাৰৰ ধৰণো বেলেগ বেলেগ হয়।

৩। আহাৰৰ পৰিকল্পনাই সময় আৰু শক্তিৰ ব্যয় লাঘৱ কৰিব লাগে: খাদ্যৰ পাঁচটা গোষ্ঠীৰ পৰা খাদ্য বাচি উলিয়াই আহাৰ পৰিকল্পনাত অন্তর্ভুক্ত কৰি সময় আৰু শক্তিৰ ব্যয় লাঘৱ কৰিব পাৰি। তালিকাত অন্তর্ভুক্ত খাদ্যৰ প্ৰস্তুত প্রণালীও সহজ আৰু পুষ্টিকৰ হ’ব লাগে।

৪। আর্থিক দিশৰ ওপৰত গুৰুত্ব দিব লাগে: আমি খোৱা বিভিন্ন খাদ্যৰ কিছুমান মূল্যবান আৰু কিছুমান মূল্য নিদিয়াকৈয়ে বা কম মূল্যত আহৰণ কৰিব পাৰি। আহাৰ পৰিকল্পনা কৰোতে পৰিয়ালৰ আৰ্থিক দিশৰ ওপৰত গুৰুত্ব দিব লাগে। আমাৰো এটা ভুল ধাৰণা আছে যে অধিক মূল্যৰ খাদ্যসমূহত পুষ্টিকৰ উপাদান বেছিকৈ থাকে। বহুতো কম মূল্যৰ খাদ্য যেনে আমাৰ বাৰীতে পোৱা আমলখি, মধুৰিআম, আম, লেতেকু, পনিয়ল আদি কল আৰু খুতুৰা, মানিমুনি, মাটিকাদুৰী আদি সেউজীয়া শাকত থকা ভিটামিন আৰু খনিজ লৱণৰ পৰিমাণ অন্য মূল্যৱান খাদ্যতকৈ কোনো গুণে কম নহয়। সেয়ে স্থানীয়ভাৱে আৰু ঋতু অনুযায়ী পোৱা খাদ্যৰ ওপৰত গুৰুত্ব দি আহাৰৰ তালিকা তৈয়াৰ কৰি পৰিয়ালৰ আৰ্থিক দিশত সহায় কৰিব লাগে।

৫। আহাৰৰ তালিকাত অন্তর্ভুক্ত কৰা খাদ্যই পর্যাপ্ত পৰিমাণৰ পৰিপোষকৰ যোগান ধৰিব পৰা বিধৰ হ’ব লাগে: প্রাক ৰন্ধন (ধোৱা, কুটা-বছা ইত্যাদি) আৰু ৰন্ধনত যাতে পুষ্টিকৰ উপাদানসমূহৰ অপচয় বেছি নহয়, তালৈ লক্ষ্য ৰাখিব লাগে। গজালি ওলোৱা মাহ, গজালি মেলা শস্যদানা (malted cereal) আৰু কিম্বন ঘটোৱা (Fermented) খাদ্য আহাৰৰ তালিকাত অন্তর্ভুক্ত কৰি ইয়াৰ পুষ্টি মূল্য বঢ়াব পাৰি। প্ৰতিসাঁজ আহাৰতে উন্নত মানৰ প্ৰটিনযুক্ত খাদ্যৰ যোগান ধৰিব লাগে। ৰন্ধন কাৰ্যত প্ৰেচাৰ কুকাৰ ব্যৱহাৰ কৰি পৰিপোষকৰ অপচয় ৰোধ কৰিব পাৰি।

৬। পৰিয়ালৰ প্ৰতি সদস্যৰ ইচ্ছা-অনিচ্ছাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে: পৰিকল্পনা কৰা আহাৰৰ তালিকাখনে কেৱল খাদ্যৰ দৈনিক অনুমোদিত পৰিমাণ পূৰালেই নহ’ব, ই প্রত্যেক সদস্যৰ ব্যক্তিগত ৰুচি, অৰুচি, বিশেষকৈ আমিষভোজী নে নিৰামিষভোজী তাত গুৰুত্ব দিব লাগিব। কোনো সদস্যই যদি বিশেষ এবিধ সেউজীয়া শাক ভাল নাপায়, তেওঁক তাৰ পৰিৱৰ্তে খাদ্য খোৱাৰ অভ্যাস যদি বিশেষ এবিধ সেউজীয়া শাক ভাল নাপায়, সমপৰিমাণৰ পছন্দৰ পুষ্টিকৰ খাদ্য দিব লাগিব। ধৰ্মীয় ৰীতি-নীতি, পৰম্পৰা এই সকলো দিশতে গুৰুত্ব দিহে আহাৰ পৰিকল্পনা কৰিব লাগে।

৭। আহাৰ পৰিকল্পনাৰ তালিকাত থকা খাদ্যত বিভিন্নতা থাকিব লাগে: একে ধৰণৰ খাদ্য পৰিয়ালৰ কোনো লোকে সদায় খাবলৈ নিবিচাৰে। আনকি দুপৰীয়া খোৱা খাদ্যও ৰাতিৰ সাঁজত খাবলৈ ভাল নাপায়। সেয়ে তালিকাত অন্তর্ভুক্ত কৰা খাদ্য এনে হ’ব লাগে যাতে এবিধ খাদ্য সামগ্ৰীৰ পৰা তৈয়াৰ কৰা খাদ্য ৰং বা সোৱাদৰ ক্ষেত্রত কিছু বেলেগ হয়। ৰন্ধন পদ্ধতিৰ সালসলনি ঘটাই বা অন্য খাদ্যৰ লগত মিহলাই এনেদৰে খাদ্যত বিভিন্নতা আনিব পাৰি। এনে পৰিৱৰ্তনে পুষ্টিৰ প্ৰয়োজনীয়তাও পূৰণ কৰে।

৮। পৰিকল্পনা কৰা আহাৰে পৰিয়ালৰ সকলো ব্যক্তিৰ সম্পূৰ্ণ সন্তুষ্টি আনিব পৰা হ’ব লাগে: দিনটোৰ প্ৰতিসাঁজ আহাৰত উপযুক্ত পৰিমাণৰ চৰ্বী, প্রটিন আৰু আঁহযুক্ত খাদ্য থকাটো আৱশ্যক। আৱশ্যকীয় পৰিপোষকৰ যোগানৰ বাবে পছন্দ অনুযায়ী খাদ্যৰ সালসলনি কৰিবও লাগে। উদাহৰণস্বৰূপে গাখীৰ খাই ভাল নোপোৱা ব্যক্তিৰ বাবে দৈ, পনীৰ আদিৰ দ্বাৰাই প্রয়োজনীয় পৰিপোষকৰ যোগান ধৰিব লাগে।

৯। খাদ্য দ্ৰব্যৰ সহজলভ্যতা: আহাৰৰ তালিকাত সদায় স্থানীয়ভাৱে সহজলভ্য খাদ্যহে অন্তর্ভুক্ত কৰিব লাগে। ওচৰৰ বজাৰত যিবিলাক খাদ্য কম মূল্যত কিনিব পাৰি আৰু নিজৰ পাচলিৰ বাগিচাত যিবিলাক খাদ্য উৎপন্ন হয়, তেনে বিলাক খাদ্য আহাৰৰ তালিকাত অন্তর্ভুক্ত কৰি কম পইচাৰে, বিভিন্ন খাদ্যৰ দ্বাৰা পৰিয়ালৰ প্রত্যেক ব্যক্তিৰ পুষ্টিৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰি।

১০। এটা পৰিয়ালে দিনটোত কেইসাঁজ আহাৰ গ্ৰহণ কৰে তাৰ ওপৰতো গুৰুত্ব দিয়া প্রয়োজন: পৰিয়ালত কেতিয়াবা কোনো ব্যক্তিয়ে দিনটোত দুবাৰ, কোনোৱে তিনি বা চাৰিবাৰো আহাৰ গ্ৰহণ কৰে। চাকৰিয়াল ব্যক্তিয়ে দিনটোত দুবাৰহে মূল আহাৰ খায়। ঠিক তেনেকৈ স্কুললৈ যোৱা ল’ৰা-ছোৱালীয়ে স্কুললৈ যাওঁতে টিফিন লৈ যায়। গতিকে চাকৰিয়াল ব্যক্তিয়ে চাকৰিৰ সময়খিনিত বাহিৰত খোৱা খাদ্য, স্কুলীয়া শিশুৱে স্কুললৈ নিয়া টিফিন এই সকলোখিনি আহাৰৰ তালিকাত উল্লেখ কৰা প্ৰয়োজন। এইক্ষেত্ৰত আহাৰৰ তালিকা প্ৰস্তুতকৰণত প্ৰতিজন সদস্যৰ শাৰীৰিক প্ৰয়োজনীয়তা, বয়স, লিংগ, ইচ্ছা- অনিচ্ছা, কাম ইত্যাদি সকলো দিশতে গুৰুত্ব দিয়া আৱশ্যক।

১২। পুষ্টিহীনতা ৰোগ মানে কি বুজা? আমাৰ দেহত সচৰাচৰ হোৱা পুষ্টিহীনতাৰোগৰ এখন তালিকা প্রস্তুত কৰা।

উত্তৰঃ আমাৰ দৈনিক খাদ্য যদিহে সুষম আৰু পর্যাপ্ত পৰিমাণৰ নহয়, তেন্তে বিভিন্ন পৰিপোষকৰ অভাৱ হৈ আমাৰ শৰীৰত ৰোগৰ লক্ষণে দেখা দিব। এই ৰোগসমূহকে পুষ্টিহীনতা ৰোগ (Deficiency diseases) বুলি কোৱা হয়। 

পুষ্টিহীনতা ৰোগৰ প্ৰধান কাৰণ হ’ল দৰিদ্ৰতা, পুষ্টিকৰ উপাদান সম্পর্কে অজ্ঞতা, অন্ধবিশ্বাস, নিৰক্ষৰতা ইত্যাদি। আমাৰ দেশত সাধাৰণতে পৰিলক্ষিত হোৱা পুষ্টিহীনতা ৰোগসমূহৰ ভিতৰত ৰক্তহীনতা, গৰল, স্কার্ভি, ৰিকেট বা পয়ালগা, বেৰিবেৰি, পেলাগ্রা, কুকুৰীকণা, কেৰাটমেলেচীয়া, কোৱাশ্বিয়ৰকৰ, মাৰাচমাচ আদিয়ে প্রধান। এই ৰোগসমূহ আৰু ইয়াৰ প্ৰতিৰোধৰ উপায় সম্পর্কে তলত আলোচনা কৰা হ’ল।

ৰক্তহীনতা (Anaemia): বিশ্ব স্বাস্থ্য সংস্থা (World Health Organisation) ৰ পৰিসংখ্যা মতে উন্নয়নশীল দেশসমূহত ৰক্তহীনতা ৰোগৰ প্রাদুর্ভাব বেছি। কণ কণ শিশু, গৰ্ভৱতী মহিলা, প্রসূতি মাতৃসকলেই আটাইতকৈ বেছি এই পুষ্টিহীনতা ৰোগত ভোগা দেখা যায়। আমাৰ তেজত থকা হিমপ্ল’বিনে অক্সিজেন পৰিবহণ কৰে আৰু এই অক্সিজেনে শৰীৰৰ বাবে আৱশ্যকীয় শক্তিৰ উৎপাদনত সহায় কৰে। সাধাৰণতে শিশু, কিশোৰী, গৰ্ভৱতী আৰু প্ৰসূতি মাতৃসকলৰ মাজত বেছিকৈ হোৱা দেখা যায়। কিশোৰী আৰু মহিলাৰ তেজত থাকিব লগা হিমপ্ল’বিনৰ  পৰিমাণ হ’ল প্রতি ১০০ মিঃলিঃ তেজত ১২-১৫.৫ গ্রাম। যদি এই পৰিমাণ কমি গৈ প্রতি ১০০ মিঃলিঃত ৫-৯ গ্রাম হয়গৈ, তেন্তে এই অৱস্থাক ৰক্তহীনতা বুলি কোৱা হয়। গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত ৰক্তহীনতা ৰোগ হ’লে অৱস্থা বৰ গুৰুতৰ হয়। এনে অৱস্থাত ৰোগীৰ ভাগৰ লাগে, উশাহ ছুটি হৈ আহে, টোপনি ভাব আহে, নখৰ উপৰিভাগ চামুচৰ আকৃতি লয়, গাৰ ছাল শেতা পৰে আৰু ভৰিৰ সৰু গাঁঠিত পানী জমা হয়।

কেঁচুৱা আৰু কণ কণ ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত তেজত হিমপ্ল’বিনৰ পৰিমাণ কমি গৈ প্রতি ১০০ মিঃলিঃ তেজত ৫-৯ গ্রাম হয়গৈ। এই অৱস্থাত শিশু নিস্তেজ আৰু নিষ্ক্রিয় হয়, গাৰ ছাল শেতা পৰে, খাবলৈ মন নোযোৱা হয়, যাৰ ফলত বুদ্ধি আৰু বিকাশৰ গতি লেহেমীয়া হয়।

গৰল ৰোগ: আমাৰ শৰীৰত থকা আয়ডিনৰ বেছিভাগেই ডিঙিৰ শ্বাস নলীৰ দুয়োকাষে থকা থাইৰয়ড গ্রন্থিত ‘থাইৰক্সিন’ নামৰ হৰমন গঠন কৰাত সহায় কৰে। এই হৰমন নিঃসৃত হৈ শৰীৰৰ মূল প্রক্রিয়াসমূহ পৰিচালিত কৰে। মাতৃৰ গৰ্ভধাৰণ অৱস্থাত খাদ্যত আয়ডিনৰ অভাৱ হ’লে জন্ম হোৱা শিশু মানসিকভাৱে আৰু শাৰীৰিকভাৱে বিকাৰগ্ৰস্ত হোৱাৰ সম্ভাৱনা থাকে।

আয়ডিন সাধাৰণতে আয়ডিনযুক্ত মাটিত উৎপন্ন হোৱা খাদ্য সম্ভাৰ আৰু পানীত প্ৰচুৰ পৰিমাণে থাকে। আয়ডিনৰ অভাৱত পৃথিৱীৰ বিভিন্ন ঠাইত ‘গৰল ৰোগ’ হোৱা পৰিলক্ষিত হৈছে। এই ৰোগ হ’লে ডিঙিত থকা থাইৰয়ড গ্রন্থি ফুলি উঠে। সাধাৰণতে এজন প্রাপ্তবয়স্ক ব্যক্তিৰ থাইৰয়ড গ্রন্থিৰ ওজন ২৫ গ্রাম হয়। গৰল ৰোগ হ’লে এই থাইৰয়ড গ্রন্থিৰ ওজন ২০০-৫০০ গ্রামলৈ বৃদ্ধি পায়।

স্কার্ভি (Scurvy): আমাৰ খাদ্যত ভিটামিন ‘চি’ৰ অভাৱ হ’লে ‘স্কার্ভি’ ৰোগ হয়। ভিটামিন ‘চি’ সাধাৰণতে সেউজীয়া শাক-পাচলি, টেঙা ফলমূল (কমলাটেঙা, নেমু টেঙা, আঙুৰ) আমলখি, মধুৰি আম, পকা বিলাহী, আনাৰস আদিত থাকে। আপেল, কল আদিতো কম পৰিমাণে ভিটামিন ‘চি’ পোৱা যায়। আমলখি আৰু মধুৰি আমত আটাইতকৈ বেছি ‘চি’ ভিটামিন পোৱা যায়।

প্রাপ্তবয়স্ক লোকৰ ক্ষেত্ৰত ভিটামিন ‘চি’ৰ অভাৱত হোৱা ‘স্কার্ভি’ ৰোগৰ লক্ষণসমূহ হ’ল –

১। শৰীৰৰ ওজন হ্রাস পায়।

২। ভাগৰ লাগে আৰু দুৰ্বল ভাব আহে।

৩। ভোক নলগা হয়।

৪। খিংখিঙীয়া হয়।

৫। চকুৰ তলৰ ফালে ক’লা দাগ পৰে।

৬। মুখৰ পৰা বেয়া গোন্ধ ওলায়।

৭। দাঁতৰ আলু ফুলি উঠে আৰু গুৰিৰ পৰা তেজ ওলায়। 

৮। দাঁতৰ গুৰি ঢিলা হৈ সোলোক-ঢোলোক হয়।

 ৯। শৰীৰৰ যিকোনো অংশতে সংক্রমণ হ’ব পাৰে। 

১০। শৰীৰৰ জোৰা, ছালৰ তলত, নখৰ তলত ৰক্তক্ষৰণ হ’ব পাৰে। 

১১। ৰোগ বহুদিন ধৰি হৈ থাকিলে ৰোগী ৰক্তহীনতাত ভোগে।

ৰিকেট (Rickets): খাদ্যত ভিটামিন ‘ডি’ৰ অভাৱ হ’লে কেলছিয়াম আৰু ফচফৰাচৰ শোষণ নহয় আৰু শৌচ-প্ৰস্ৰাৱৰ দ্বাৰা ই শৰীৰৰ বাহিৰলৈ ওলাই যায়। ইয়াৰ ফলত তেজত কেলছিয়াম আৰু ফচফৰাচৰ পৰিমাণ কম হয়। আৰু ইয়াৰ বাবে হাড় গঠনৰ বাবে মৌলিক উপাদানৰ অভাৱ হৈ হাড়বিলাক ঠুনুকা আৰু দুৰ্বল হৈ পৰে। ভিটামিন ‘ডি’ৰ অভাৱত হোৱা এই ৰোগক ‘ৰিকেট’ বুলি কোৱা হয়। 

‘ৰিকেট’ ৰোগৰ লক্ষণসমূহ হ’ল:

১। বুকুৰ কামিহাড় আৰু অন্যান্য হাড়সমূহ আকাৰত সৰু হৈ পৰে।

২। বুকুৰ কামিহাড় সম্মুখৰ ফালে আগবাঢ়ি আহে।

৩। ভৰিকেইটা ধেনুভৰীয়া হয়।

৪। শিশুৰ দাঁত গজা নির্দিষ্ট সময়তকৈ পলম হয়। গজিলেও দাঁতবিলাক পাতল আৰু অতি সহজে ভাঙি যোৱা ধৰণৰ হয়।

৫। শিশুৰ হাড়সমূহ ভালদৰে জোৰা নালাগে। সেয়ে মূৰৰ হাড় অংশ দীঘল আৰু সম্মুখৰ ফালে আগবাঢ়ি অহা ধৰণৰ হয়।

৬। তেজত থকা কেলছিয়ামৰ পৰিমাণ কমি যায়, ফলত হাতৰ গাঁঠি, ভৰিৰ গাঁঠি, মাংসপেশী আদিত টানি ধৰা লক্ষণে দেখা দিয়ে।

ৰিকেট ৰোগ প্ৰতিৰোধ কৰিবলৈ হ’লে শিশুক গাখীৰ, গাখীৰৰ পৰা প্ৰস্তুত কৰা খাদ্য, কণী, লিভাৰ আৰু সুষম আহাৰৰ যোগান ধৰা উচিত। শিশুক কিছুসময়ৰ বাবে ৰ’দত শুৱালেও সূৰ্যৰ ৰশ্মিয়ে শৰীৰত ভিটামিন ‘ডি’ৰ গঠন কৰাত সহায় কৰে।

বেৰি বেৰি (Beri-Beri): ভিটামিন বি ১ ৰ অভাৱত বেৰিবেৰি ৰোগ হয়। এই ৰোগ কেঁচুৱা আৰু প্রাপ্তবয়স্ক উভয়ৰে হয়। কেঁচুৱাৰ ক্ষেত্ৰত শৌচ কচা হয়, কলিজা ডাঙৰ হয় আৰু উশাহ লওঁতে ঘেৰঘেৰণি শব্দ হয়। আনহাতে প্রাপ্তবয়স্ক লোকৰ ক্ষেত্ৰত এই ৰোগ হ’লে দুর্বল হতাশা, অৰুচি, ওজন কমি যোৱা আদি লক্ষণবোৰ দেখা দিয়ে।

এই লক্ষণসমূহৰ উপৰি বেৰি বেৰি ৰোগত অন্য কিছুমান আনুসংগিক লক্ষণে দেখা দিয়ে। যেনে

১। চকুৰ মণি সৰু হৈ একেটা বস্তুকে দুটা দুটা দেখে।

২। ৰোগীৰ খোজ অস্থিৰ হৈ পৰে।

৩। স্মৃতিশক্তি কমি আহে আৰু অলপতে খং উঠে।

পেলাগ্রা (Pellagra): আমাৰ দৈনিক আহাৰত নিয়াছিন নামৰ ভিটামিন ‘বি’ৰ অভাৱ হ’লে ‘পেলাগ্রা’ বেমাৰ হয়। এই ৰোগত প্রথম পর্যায়ত ছালত ঘা লাগে, ভোক নাইকিয়া হয়, আৰু ইয়াৰ পাছত শেষৰ ফালে ডায়েৰিয়া ৰোগ হয়। ইয়াৰ পাছত লাহে লাহে মূৰ ঘূৰোৱা, টোপনি নোহোৱা, খং উঠা, ভয় লগা, হতাশা হোৱা আৰু স্মৰণ শক্তি হ্রাস পোৱা আদি লক্ষণে দেখা দিয়ে। লাহে লাহে ৰোগীয়ে মানসিক ভাৰসাম্য হেৰুৱাই পেলায় আৰু ভালদৰে যত্ন নল’লে ৰোগী মৃত্যুমুখত পৰে। এই ৰোগৰ প্ৰতিৰোধৰ বাবে মাছ-মাংস, কণী, গাখীৰ, ছয়াবিন, বাদাম, শুকান ফল-মূল, কাজু আদি দৈনিক খাব লাগে। পেলাগ্ৰা ৰোগ হ’লে ৰোগীক জিৰণিৰ প্ৰয়োজন।

কুকুৰীকণা (Night Blindness) আৰু কেৰাটমেলেছিয়া (Keratomalacia): ভিটামিন ‘এ’ৰ অভাৱত চকুৰ পতাৰ পিছফালে ‘ৰদপচিন’ নামৰ ৰঞ্জক পদাৰ্থৰ সৃষ্টি নহয়। এই ৰঞ্জক পদার্থবিধে চকুৰ ভিতৰখন সিক্ত কৰি ৰখাত সহায় কৰে। স্বাভাৱিক দৃষ্টিশক্তিৰ বাবে এইদৰে ‘এ’ ভিটামিনৰ আৱশ্যক। ইয়াৰ অভাৱত চকুৰ কোষসমূহ শুকাই যায়, কর্ণিয়া নষ্ট হয়। ফলত কম পোহৰত ব্যক্তিয়ে কম দেখে। এই অৱস্থাক কুকুৰীকণা বুলি কোৱা হয়। ভিটামিন ‘এ’ৰ অভাৱ চলি থাকিলে চকুৰ বগা অংশৰ কোষ শুকাই ঘা লাগে আৰু লাহে লাহে এই ঘা ক’লা মণিৰ ফালে আগুৱাই অহাৰ ফলত কর্ণিয়া অংশ শুকাই যায়, কোমল হয় আৰু বাহিৰলৈ ওলাই আহে। এইদৰে চকুৰ মণি নষ্ট হৈ দৃষ্টিশক্তি একেবাৰে লোপ পায়। এই অৱস্থাক কেৰাটমেলেছিয়া বোলে।

সাধাৰণতে কুকুৰীকণা আৰু কেৰাটমেলেছিয়া ৰোগ প্ৰতিৰোধ কৰিবলৈ ভিটামিন ‘এ’ যুক্ত খাদ্য যেনে হালধীয়া ফলমূল আৰু হালধীয়া পাচলি- পকা আম, অমিতা, গাজৰ আৰু সেউজীয়া শাক, ৰঙালাউ, বিলাহী, আদিৰ লগতে গাখীৰ, কণী, মাংস, কলিভাৰ তেল আদি আহাৰত অন্তর্ভুক্ত কৰিব লাগে।

১৩। আমাৰ দেশত দেখা দিয়া পুষ্টিহীনতা ৰোগসমূহৰ লক্ষণ আৰু প্ৰতিৰোধৰ বিষয়ে লিখা।

উত্তৰঃ পুষ্টিহীনতা আমাৰ দেশত এটা গুৰুত্বপূৰ্ণ জনস্বাস্থ্য সমস্যা। পুষ্টিহীনতাৰ বিভিন্ন ধৰণ আছে আৰু ইয়াৰ পৰা উদ্ভৱ হোৱা ৰোগসমূহৰ লক্ষণ আৰু প্ৰতিৰোধৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিব লাগে। পুষ্টিহীনতাৰ বাবে দেখা দিয়া কিছুমান ৰোগ আৰু ইয়াৰ লক্ষণ আৰু প্ৰতিৰোধৰ বিষয়ে তলত উল্লেখ কৰা হৈছে।

১। অঁহৰবাণী।

(i) লক্ষণ: 

শৰীৰ ফুলাই উঠা

মুকত অনাবশ্যক ফুলাই যোৱা

চুলিৰ ৰং সলনি হোৱা

ডিঙ্গি আৰু ত্বকত দাগৰ সৃষ্টি।

(ii) প্ৰতিৰোধ:

প্ৰচুৰ প্ৰটিনযুক্ত খাদ্য গ্ৰহণ কৰা (যেনেঃ মগুৰা, মছৰ ডালি, চানা, মাছ, মাংস)

পৰ্যাপ্ত পৰিমাণে কেল’ৰি গ্ৰহণ কৰা

পুষ্টিকৰ পৰিকল্পিত আহাৰ গ্ৰহণ।

২। মৰাজমাছ।

(i) লক্ষণ:

শৰীৰৰ ওজন কমি যোৱা

চামৰিত সাৱলতা

কমজোৰী আৰু অলসতা

বিকাশৰ সমস্যা।

(ii) প্ৰতিৰোধ:

পর্যাপ্ত কেল’ৰি আৰু প্ৰটিনযুক্ত খাদ্য গ্ৰহণ

মাতৃদুগ্ধ পান কৰোৱা

সঠিক আহাৰ পৰিকল্পনা।

৩। আয়ৰনৰ অভাৱজনিত ৰক্তাল্পতা।

(i) লক্ষণ:

দেহত ৰক্তৰ অভাৱ

অসহজ অৱস্থা আৰু ক্লান্তি

টুপি আৰু নখৰ ৰঙ সলনি হ’ব।

(ii) প্ৰতিৰোধ:

আয়ৰনযুক্ত খাদ্য (পালং শাক, ছাগলী মাংস, ডিম, বাদাম) গ্ৰহণ

আয়ৰন চৰ্ট সম্পূৰক খাদ্য গ্ৰহণ।

৪। ভিটামিন এৰ অভাৱ।

(i) লক্ষণ:

ৰাতিৰ আন্ধাৰ চেনা শক্তি কমি যোৱা (night blindness)

চকুত শুষ্কতা আৰু যাতনা

ঘন ঘন সংক্ৰমণ।

(ii) প্ৰতিৰোধ:

ভিটামিন এৰ সম্পূৰক খাদ্য (গাজৰ, মিঠা আলু, মাছ) গ্ৰহণ মাতৃদুগ্ধ পান কৰোৱা।

১৪। প্রটিন কেলৰি পুষ্টিহীনতা ৰোগৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ প্রটিন-কেলৰিৰ অভাৱত হোৱা ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কৰিবলৈ শিশুক পুষ্টিকৰ খাদ্যৰ যোগান ধৰিব লাগিব। শিশুক ছমাহ বয়সৰ পৰাই ভাত, দাইল, পিঠাগুড়ি, ডালিয়া, চুজি, চেবৈ, বেচনৰ লাডু, খিচিৰি, চাগু, শাক-পাচলি আৰু ফলমূলৰ ৰস, আলু, গাজৰ জাতীয় পাচলি সিজাই পিটিকি খুৱাব লাগে। কোৱাশ্বিয়ৰকৰ আৰু মাৰা চমাচ ৰোগৰ প্ৰতিৰোধৰ বাবে মাতৃসকলকো শিশুৰ খাদ্য আৰু যতনৰ বিষয়ে শিক্ষা দিব লাগে। মাকৰ গাখীৰৰ উপকাৰিতা, কম দামী আৰু সহজতে পোৱা পুষ্টিকৰ খাদ্য, শিশুৰ প্রতিষেধক ব্যৱস্থা আৰু স্বাস্থ্যবিধি সম্পর্কে জ্ঞান জনসাধাৰণৰ মাজত প্ৰচাৰ কৰি এনেধৰণৰ পুষ্টিহীনতা ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কৰিব পৰা যাব।

১৫। চমুটোকা লিখা।

(ক) সুষম আহাৰ।

উত্তৰঃ এজন ব্যক্তিৰ দৈনিক পৰিপোষকৰ প্ৰয়োজনীয়তা পূৰাবলৈ সকলো প্ৰকাৰৰ খাদ্য তেওঁৰ দৈনিক আহাৰত অন্তর্ভুক্ত কৰিব লাগে। এইদৰে যি আহাৰে শৰীৰৰ বাবে প্রয়োজনীয় সকলো পৰিপোষক উচিত পৰিমাণত যোগান ধৰে, কোষ গঠন আৰু মেৰামতি কৰে, দেহৰ স্বাভাৱিক প্রক্রিয়াসমূহ নিয়ন্ত্ৰণ কৰাৰ উপৰিও ৰোগ প্ৰতিৰোধ কৰে, তেনে আহাৰকে সুষম আহাৰ (Balanced diet) বোলে। এটা পৰিয়ালৰ প্ৰত্যেক ব্যক্তিয়ে যাতে প্রয়োজন অনুসৰি উপযুক্ত পৰিমাণৰ পৰিপোষক লাভ কৰিব পাৰে, তাৰ বাবে এখন সুষম আহাৰৰ আঁচনি তৈয়াৰ কৰিব লাগে। এই আঁচনি পৰিয়ালৰ সকলো সদস্যৰে মনঃপুত হোৱা উচিত। সুষম আহাৰৰ আঁচনি কৰোতে গুৰুত্ব দিবলগা দিশসমূহ হ’ল- বয়স, লিংগ, বৃত্তি বা জীৱিকা, উপার্জন, বা আয়, পৰিয়ালৰ আকাৰ, জলবায়ু, কাম আৰু শৰীৰৰ বিশেষ অৱস্থা ইত্যাদি।

সুষম আহাৰৰ পৰিকল্পনা কৰাৰ সুবিধাৰ্থে খাদ্যসমূহক কেইটামান গোটত ভাগ কৰা হৈছে। যেনে

১। খাদ্যৰ চাৰিটা গোট।

২। খাদ্যৰ পাঁচটা গোট।

৩। খাদ্যৰ সাতটা গোট।

(গ) গৰল ৰোগ।

উত্তৰঃ আমাৰ শৰীৰত থকা আয়ডিনৰ বেছিভাগেই ডিঙিৰ শ্বাস নলীৰ দুয়োকাষে থকা থাইৰয়ড গ্রন্থিত ‘থাইৰক্সিন’ নামৰ হৰমন গঠন কৰাত সহায় কৰে। এই হৰমন নিঃসৃত হৈ শৰীৰৰ মূল প্রক্রিয়াসমূহ পৰিচালিত কৰে। মাতৃৰ গৰ্ভধাৰণ অৱস্থাত খাদ্যত আয়ডিনৰ অভাৱ হ’লে জন্ম হোৱা শিশু মানসিকভাৱে আৰু শাৰীৰিকভাৱে বিকাৰগ্ৰস্ত হোৱাৰ সম্ভাৱনা থাকে।

আয়ডিন সাধাৰণতে আয়ডিনযুক্ত মাটিত উৎপন্ন হোৱা খাদ্য সম্ভাৰ আৰু পানীত প্ৰচুৰ পৰিমাণে থাকে। আয়ডিনৰ অভাৱত পৃথিৱীৰ বিভিন্ন ঠাইত ‘গৰল ৰোগ’ হোৱা পৰিলক্ষিত হৈছে। এই ৰোগ হ’লে ডিঙিত থকা থাইৰয়ড গ্রন্থি ফুলি উঠে। সাধাৰণতে এজন প্রাপ্তবয়স্ক ব্যক্তিৰ থাইৰয়ড গ্রন্থিৰ ওজন ২৫ গ্রাম হয়। গৰল ৰোগ হ’লে এই থাইৰয়ড গ্রন্থিৰ ওজন ২০০-৫০০ গ্রামলৈ বৃদ্ধি পায়।

(ঙ) ৰিকেট।

উত্তৰঃ খাদ্যত ভিটামিন ‘ডি’ৰ অভাৱ হ’লে কেলছিয়াম আৰু ফচফৰাচৰ শোষণ নহয় আৰু শৌচ-প্ৰস্ৰাৱৰ দ্বাৰা ই শৰীৰৰ বাহিৰলৈ ওলাই যায়। ইয়াৰ ফলত তেজত কেলছিয়াম আৰু ফচফৰাচৰ পৰিমাণ কম হয়। আৰু ইয়াৰ বাবে হাড় গঠনৰ বাবে মৌলিক উপাদানৰ অভাৱ হৈ হাড়বিলাক ঠুনুকা আৰু দুৰ্বল হৈ পৰে। ভিটামিন ‘ডি’ৰ অভাৱত হোৱা এই ৰোগক ‘ৰিকেট’ বুলি কোৱা হয়। 

‘ৰিকেট’ ৰোগৰ লক্ষণসমূহ হ’ল:

১। বুকুৰ কামিহাড় আৰু অন্যান্য হাড়সমূহ আকাৰত সৰু হৈ পৰে।

২। বুকুৰ কামিহাড় সম্মুখৰ ফালে আগবাঢ়ি আহে।

৩। ভৰিকেইটা ধেনুভৰীয়া হয়।

৪। শিশুৰ দাঁত গজা নির্দিষ্ট সময়তকৈ পলম হয়। গজিলেও দাঁতবিলাক পাতল আৰু অতি সহজে ভাঙি যোৱা ধৰণৰ হয়।

৫। শিশুৰ হাড়সমূহ ভালদৰে জোৰা নালাগে। সেয়ে মূৰৰ হাড় অংশ দীঘল আৰু সম্মুখৰ ফালে আগবাঢ়ি অহা ধৰণৰ হয়।

৬। তেজত থকা কেলছিয়ামৰ পৰিমাণ কমি যায়, ফলত হাতৰ গাঁঠি, ভৰিৰ গাঁঠি, মাংসপেশী আদিত টানি ধৰা লক্ষণে দেখা দিয়ে।

ৰিকেট ৰোগ প্ৰতিৰোধ কৰিবলৈ হ’লে শিশুক গাখীৰ, গাখীৰৰ পৰা প্ৰস্তুত কৰা খাদ্য, কণী, লিভাৰ আৰু সুষম আহাৰৰ যোগান ধৰা উচিত। শিশুক কিছুসময়ৰ বাবে ৰ’দত শুৱালেও সূৰ্যৰ ৰশ্মিয়ে শৰীৰত ভিটামিন ‘ডি’ৰ গঠন কৰাত সহায় কৰে।

১৬। চমু উত্তৰ দিয়া।

(ক) সুষম আহাৰ কি?

উত্তৰঃ যি আহাৰে শৰীৰৰ বাবে প্রয়োজনীয় সকলো পৰিপোষক উচিত পৰিমাণত যোগান ধৰে, কোষ গঠন আৰু মেৰামতি কৰে, দেহৰ স্বাভাৱিক প্রক্রিয়াসমূহ নিয়ন্ত্ৰণ কৰাৰ উপৰিও ৰোগ প্ৰতিৰোধ কৰে, তেনে আহাৰকে সুষম আহাৰ (Balanced diet) বোলে।

(খ) পুষ্টি মানে কি?

উত্তৰঃ শৰীৰৰ বাবে প্ৰয়োজনীয় সকলো উপাদান এজন ব্যক্তিয়ে খাদ্যৰ পৰা লাভ কৰিলে তাক পুষ্টি বুলি কোৱা হয়।

(গ) পৰিপোষক মানে কি?

উত্তৰঃ খাদ্যত বিভিন্ন প্ৰকাৰৰ পুষ্টিকৰ উপাদান থাকে। এই পুষ্টিকৰ উপাদানসমূহক পৰিপোষক (Nutrient) বুলি কোৱা হয়।

(খ) স্কার্ভি।

উত্তৰঃ আমাৰ খাদ্যত ভিটামিন ‘চি’ৰ অভাৱ হ’লে ‘স্কার্ভি’ ৰোগ হয়। ভিটামিন ‘চি’ সাধাৰণতে সেউজীয়া শাক-পাচলি, টেঙা ফলমূল (কমলাটেঙা, নেমু টেঙা, আঙুৰ) আমলখি, মধুৰি আম, পকা বিলাহী, আনাৰস আদিত থাকে। আপেল, কল আদিতো কম পৰিমাণে ভিটামিন ‘চি’ পোৱা যায়। আমলখি আৰু মধুৰি আমত আটাইতকৈ বেছি ‘চি’ ভিটামিন পোৱা যায়।

(ঘ) ৰক্তহীনতা।

উত্তৰঃ কিশোৰী আৰু মহিলাৰ তেজত থাকিব লগা হিমগ্ল’বিনৰ পৰিমাণ হ’ল প্রতি ১০০ মিঃলিঃ তেজত ১২-১৫.৫ গ্রাম। যদি এই পৰিমাণ কমি গৈ প্রতি ১০০ মিঃলিঃত ৫-৯ গ্রাম হয়গৈ, তেন্তে এই অৱস্থাক ৰক্তহীনতা বুলি কোৱা হয়।

(চ) পেলাগ্রা।

উত্তৰঃ আমাৰ দৈনিক আহাৰত নিয়াছিন নামৰ ভিটামিন ‘বি’ৰ অভাৱ হ’লে ‘পেলাগ্রা’ বেমাৰ হয়। এই ৰোগত প্রথম পর্যায়ত ছালত ঘা লাগে, ভোক নাইকিয়া হয়, আৰু ইয়াৰ পাছত শেষৰ ফালে ডায়েৰিয়া ৰোগ হয়। ইয়াৰ পাছত লাহে লাহে মূৰ ঘূৰোৱা, টোপনি নোহোৱা, খং উঠা, ভয় লগা, হতাশা হোৱা আৰু স্মৰণ শক্তি হ্রাস পোৱা আদি লক্ষণে দেখা দিয়ে। লাহে লাহে ৰোগীয়ে মানসিক ভাৰসাম্য হেৰুৱাই পেলায় আৰু ভালদৰে যত্ন নল’লে ৰোগী মৃত্যুমুখত পৰে। এই ৰোগৰ প্ৰতিৰোধৰ বাবে মাছ-মাংস, কণী, গাখীৰ, ছয়াবিন, বাদাম, শুকান ফল-মূল, কাজু আদি দৈনিক খাব লাগে। পেলাগ্রা ৰোগ হ’লে ৰোগীক জিৰণিৰ প্ৰয়োজন।

(ঘ) আহাৰ-পৰিকল্পনা বুলিলে কি বুজা?

উত্তৰঃ পৰিয়ালৰ প্ৰত্যেক ব্যক্তিৰ বাবে দৈনিক প্রয়োজনীয় পৰিপোষকৰ পৰিমাণ পূৰণ হোৱাকৈ আহাৰৰ যি আগতীয়া আঁচনি তৈয়াৰ কৰা হয়, তাকে আহাৰৰ পৰিকল্পনা বোলা হয়।

(ঙ) স্কার্ভি / বেৰিবেৰি / ৰিকেট / গৰল ৰোগ কেনেকৈ হয়?

উত্তৰঃ স্কার্ভি: আমাৰ খাদ্যত ভিটামিন ‘চি’ৰ অভাৱ হ’লে ‘স্কার্ভি’ ৰোগ হয়। 

বেৰিবেৰি: ভিটামিন বি ১ অভাৱত বেৰিবেৰি ৰোগ হয়।

ৰিকেট: ভিটামিন ‘ডি’ৰ অভাৱত ৰিকেট ৰোগ হয়। 

গৰল ৰোগ: আয়ডিনৰ অভাৱত গৰল ৰোগ হয়।

১৭। অতি চমুকৈ উত্তৰ দিয়া।

(ক) খাদ্য আৰু স্বাস্থ্যৰ মাজত সম্পৰ্ক কি?

উত্তৰঃ খাদ্য আমাৰ দেহৰ প্ৰধান পুষ্টি উৎস আৰু আমাৰ স্বাস্থ্যৰ মূখ্য উপাদান। খোৱাৰ উপযোগী গোটা বা জুলীয়া দ্রব্যকে খাদ্য বোলে আৰু স্বাস্থ্য খাদ্যৰ গুণাগুণে মানসিক স্বাস্থ্যত গভীৰ প্ৰভাৱ পেলায়। 

(খ) অপুষ্টি মানে কি?

উত্তৰঃ এজন লোকে দৈনিক খাদ্যৰ পৰা পোৱা পৰিপোষকৰ পৰিমাণ যদি প্রয়োজনীয় পৰিমাণতকৈ কম বা বেছি হয়, তেন্তে তাৰ পৰা তেওঁ অপুষ্টি (Malnutrition) ত ভোগে ইয়াকে অপুষ্টি বুলি কোৱা হয়।

(গ) সুস্বাস্থ্যৰ বাবে সুষম আহাৰৰ কিয় প্রয়োজন?

উত্তৰঃ সুস্বাস্থ্যৰ বাবে সুষম আহাৰৰ প্ৰয়োজনীয়তা নানা দিশে গুৰুত্বপূৰ্ণ। সুষম আহাৰ মানে প্ৰয়োজনীয় পুষ্টি উপাদানবোৰৰ সঠিক মাত্ৰাত গ্ৰহণ কৰা। সুষম আহাৰ দেহৰ সঠিক বৃদ্ধি আৰু বিকাশৰ বাবে প্ৰয়োজনীয়। প্ৰটিন, ভিটামিন, আৰু মিনাৰেলবোৰ দেহৰ কোষ, অংগ, আৰু টিস্যুবোৰৰ গঠন আৰু মেণ্টেনেন্সৰ বাবে প্ৰয়োজন। সুষম আহাৰ দেহৰ প্ৰয়োজনীয় পুষ্টি উপাদান যোগান ধৰে, যিয়ে সুস্বাস্থ্য আৰু দীঘলীয়া সুস্থ জীৱনৰ বাবে অত্যাৱশ্যক।

(ঘ) শক্তিদায়ক / শৰীৰ গঠনকাৰী / শৰীৰৰ ৰক্ষক খাদ্যবিলাকৰ নাম লিখা।

উত্তৰঃ 

শক্তিদায়ক খাদ্যৰ নামসমূহশৰীৰ গঠনকাৰী খাদ্যৰ নামসমূহশৰীৰৰ ৰক্ষক খাদ্যৰ নামসমূহ
১। চাউল, গেহু১। ডাইল১। ফল-মূল
২। ৰুটি, পাউৰুটি২। মাছ, মাংস২। শাক-পাচলি
৩। চেনী, গুড়৩। মগজী, ছাগলী৩। টেঙা ফল (লেবু, কমলা, আমলখি)
৪। বনশস্য৪। কুমলুঠি৪। ভিটামিনযুক্ত খোৱা (কিনোআ, বিট)
৫। গ্ৰীণ৫। দুধ, পনীৰ৫। দই, ছানা

১৮। খালী ঠাই পূৰণ কৰা?

(ক) খাদ্যৰ সাৰ উপাদানসমূহক __________ বোলে।

উত্তৰঃ খাদ্যৰ সাৰ উপাদানসমূহক পুষ্টিতত্ত্ব বোলে।

(খ) আহাৰত নিয়াছিনৰ অভাৱ হ’লে _________ ৰোগ হয়।

উত্তৰঃ আহাৰত নিয়াছিনৰ অভাৱ হ’লে পেল্লাগ্ৰা ৰোগ হয়।

(গ) আহাৰত ___________ অভাৱত ৰক্তহীনতা ৰোগ হয়।

উত্তৰঃ আহাৰত আয়ৰণৰ অভাৱত ৰক্তহীনতা ৰোগ হয়।

(ঘ) সুষম আহাৰৰ ৰচনাত _____________ই প্রভাৱ পেলায়।

উত্তৰঃ সুষম আহাৰৰ ৰচনাত বয়স, লিংগ,শাৰীৰিক পৰিশ্ৰম, স্বাস্থ্যৰ অৱস্থা, আৰু পৰিৱেশই প্রভাৱ পেলায়।

(ঙ) ____________ৰ অভাৱত মাৰাচমাচ ৰোগ হয়।

উত্তৰঃ প্ৰটিনৰ অভাৱত মাৰাচমাচ ৰোগ হয়।

(চ) __________ জাতীয় খাদ্যই কোৱাশ্বিয়ৰকৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰে।

উত্তৰঃ প্ৰটিন জাতীয় খাদ্যই কোৱাশ্বিয়ৰকৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top