নমস্কাৰ পোন প্ৰথমে আজিৰ সভাত উপস্থিত থকা অতিথিবৃন্দ সকল, শ্ৰদ্ধাৰ শিক্ষক বৃন্দ সকল, বন্ধু – বান্ধৱী সকল আৰু মোৰ মৰমৰ ভন্টি – ভাইটি সকল সকলোকে শিল্পী দিৱসৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আজি শিল্পী দিৱস ৰ শুভ ক্ষণত অসমীয়া সাহিত্যৰ এটি উজ্বল তৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱক শ্ৰদ্ধাৰে সুঁৱৰি তেওঁৰ বিষয়ে দুশাৰী কবলৈ লৈছোঁ যদিহে কিবা ভুল – ত্ৰুটি হৈ তেন্তে ক্ষমা কৰিব।

Read also: লাচিত দিৱস – ছাত্ৰ-ছাত্ৰীৰ বাবে লাচিত দিৱসৰ ভাষণ
১৭ জানুৱাৰী এই দিনটোত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ মৃত্যু বাৰ্ষিকী ৰূপে সমগ্ৰ অসমত শিল্পী দিৱস হিচাপে পালন কৰা হয়। অসমীয়া সাহিত্য – সংস্কৃতিৰ ইতিহাসৰ পাত লুটিয়ালে দেখা যায় এইজনা নিপুণ শিল্পীৰ অগণন অৱদানৰ সম্ভাৰ। তেখেত জন্ম লাভ কৰিছিল ১৯০৩ চনৰ ১৭ জুনত ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত। তেখেতৰ পিতৃ নামহৈছে – পৰমানন্দ আগৰৱালা আৰু মাতৃৰ নাম হৈছে কিৰণময়ীদেৱী। “জনতা তােৰ প্রাণৰাে প্ৰাণত শিল্পী যে মই লুকাই লুকাই আছাে’ বুলি উদাত্ত সুৰেৰে ঘােষণা কৰা জ্যোতিপ্রসাদ আগৰৱালা এজন সুদক্ষ গীতিকাৰ, কবি, লেখক, গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ, ছবি নিৰ্মাতা আৰু পৰিচালক ৰূপেৰে বহুমুখী প্ৰতিভাৰ অধিকাৰী আছিল। জাতীয় চিন্তা আৰু চেতনাৰে সমৃদ্ধ জ্যোতি প্ৰসাদে নিচেই কম বয়সতৰ পৰাই সাহিত্য সাধনা কৰিছিল । ১৪ বছৰ বয়সতেই তেওঁ লিখিছিল শোনিতকুঁৱৰী নামৰ এখন নাটক।অসমীয়া কাব্য জগতত জ্যোতিপ্ৰসাদ আগৰৱালা এটা উজ্জ্বল নক্ষত্ৰ। তেওঁৰ প্ৰতিটো কবিতা আছিল জাতীয়বাদী ভাৱধাৰা, বিপ্লৱী ভাবধাৰা, মানৱতাৰ চেতনা আৰু আধুনিক চেতনাৰ সংমিশ্ৰণ। তেওঁৰ কবিতাত প্ৰকাশিত হৈছিল ৰূপান্তৰৰ চিন্তা। ৩০০ মান গীত ৰচনা কৰি সেই গীত সমূহত তেখেতে নিজেই সুৰ দিছিল। জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা এই গীত সমূহক জ্যোতি সংগীত বুলি অভিহিত কৰা হয়। অসমীয়া সাহিত্যত তেওঁৰ উৎকৃষ্ট নিদৰ্শন হৈছে প্ৰথম অসমীয়া বোলছবি “জয়মতী”। ছবিৰ লগতে তেওঁৰ গীতে অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰাৰ লগতে চহকী কৰি তুলিছিল। অসমীয়া চলচ্চিত্ৰ জগতলৈ অনবদ্য অৱদান আগবঢ়োৱাৰ বাবে তেখেতক অসমীয়া চলচ্চিত্ৰৰ জনক বুলি অভিহিত কৰা হয়।
দুখৰ কথা এইটো যে ১৯৫১ চনৰ ১৭ জানুৱাৰীত মাত্ৰ ৪৮ বছৰ বয়সতে ইহ সংসাৰ ত্যাগ কৰিলে। সেই দিনা অসমীয়া সাহিত্য সংস্কৃতি হেৰুৱালে এটি উজ্জ্বল নক্ষত্ৰ। তেওঁৰ মৃত্যু বাৰ্ষিকীত এইজনা শিল্পীক স্মৰণ কৰি অসমবাসীয়ে শিল্পী দিৱস হিচাপে উদযাপন কৰে। জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া সাহিত্য কলা-সংস্কৃতিৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা তেওঁৰ অফুৰন্ত সম্ভাৰ সোণালী আখৰেৰে সদায় চিৰযুমীয়া হৈ ৰ’ব।
Read also: শিক্ষক দিৱস | শিক্ষক দিৱসৰ ৰচনা / ভাষণ – Teachers Day Speech in Assamese

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:






