নমস্কাৰ পোন প্ৰথমে আজিৰ সভাত উপস্থিত থকা অতিথিবৃন্দ সকল, শ্ৰদ্ধাৰ শিক্ষক বৃন্দ সকল, বন্ধু – বান্ধৱী সকল আৰু মোৰ মৰমৰ ভন্টি – ভাইটি সকল সকলোকে নেতাজী দিৱস ৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আজি নেতাজী দিৱসৰ শুভ ক্ষণত পৰাক্ৰমি জাতিয়বাদীনেতা সুভাষচন্দ্ৰ বসু দেৱক শ্ৰদ্ধাৰে সুঁৱৰি তেওঁৰ বিষয়ে দুশাৰী কবলৈ লৈছোঁ যদিহে কিবা ভুল – ত্ৰুটি হৈ তেন্তে ক্ষমা কৰিব।

Read also: শিল্পী দিৱস : ছাত্ৰ ছাত্ৰীৰ বাবে শিল্পী দিৱসৰ ভাষণ
আজি ২৩ জানুৱাৰী সুভাষচন্দ্ৰ বসু দেৱৰ জন্মদিন আৰু এই দিনটোত তেওঁক প্ৰতি সন্মান জনাই নেতাজী দিৱস হিচাপে পালন কৰা হয়। তেওঁৰ পিতৃ নাম জানকীনাথ বসু আৰু মাতৃৰ নাম আছিল প্ৰভাৱতী। কটক চহৰৰ মিছনেৰী স্কুলতেই সুভাষে প্রথম শিক্ষা লাভ কৰে। তীক্ষ্ণ প্রতিভাসম্পন্ন সুভাষে “ৰেভেঞ্চ” কলেজিয়েট স্কুলৰপৰা ১৯১৩ চনত পাটনা বিশ্ববিদ্যালয়ৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰি পৰীক্ষাত উত্তীর্ণ হয়। তাৰ পাছত কলকাতালৈ আহি প্ৰেছিডেন্সী কলেজত ভৰ্ত্তি হয়। দেৱীসুভাষ চন্দ্ৰ বসুক অসাধাৰণ নেতৃত্বৰ দক্ষতা আৰু এক প্ৰভাৱশালী স্বাধীনতা সংগ্ৰামী হিচাপে গণ্য কৰা হয়। তেওঁ আজাদ হিন্দ ফৌজ গঠন কৰিছিল আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামত চিৰযুগমীয় অৱদান আগবঢ়াইছিল। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ অগ্ৰণী নেতা আছিল। ১৯২১ চনত সুভাষচন্দ্ৰ বসুয়ে বিদেশৰ পৰা ভাৰতলৈ উভতি আহিয়েই মহাত্মা গান্ধীৰ অসহযোগ আন্দোলনত সক্ৰিয়ৰূপে অংশগ্ৰহণ কৰে। লগতে “স্বৰাজ” নামেৰে এখন বাতৰি কাকত আৰম্ভ কৰাৰ লগতে বংগ প্ৰদেশ কংগ্ৰেছ সমিতিৰ প্ৰচাৰৰ দায়িত্ব গ্ৰহণ কৰিছিল সুভাষচন্দ্ৰ বসুৱে। পৰৱৰ্তী সময়ত ব্ৰিটিছ সকলে জাতীয়তাবাদীৰ বিৰুদ্ধে চলোৱা অভিযান কালত ১৯২৫ চনত সুভাষচন্দ্ৰ বসুক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে। কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পিছত সুভাষচন্দ্ৰ বসু ১৯২৭ চনত কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয় ভূমিকা পালন কৰে। প্ৰেৰণাৰ মহান উৎস, নির্ভীকতাৰ জীৱন্ত প্রতীক প্রগতিশীলতাৰ মূৰ্তিমান চানেকি সুভাষচন্দ্ৰ বসু দেৱৰ মহান আদৰ্শই যুগে যুগে ভাৰতবাসীক স্বাধীনতা, শান্তি প্রগতিব অনির্বচনীয় জ্যোতিৰ পথ প্ৰদৰ্শন কৰিব।
১৯৪৫ চনৰ ২৩ আগষ্টৰ এক বিমান দুর্ঘটনাত নেতাজীৰ মৃত্যু হয় বুলি জনা যায়। কিন্তু সুভাষচন্দ্র বসুৰ দেৱৰ মৃত্যু বৰ্তমান সময়লৈকে এক ৰহস্য হৈয়ে আছে। ভাৰতৰ স্বাধীনতাত প্ৰভূত বৰঙনি যোগোৱা নেতাজী সুভাষ চন্দ্ৰ বসু আৰু আজাদ হিন্দ ফৌজ সদায় ইতিহাসৰ পাতত জ্বিলিকি থাকিব। জাতীয় প্ৰেমৰ বাবে অমৰ হৈ থকা সুভাষচন্দ্ৰ বসু নৱ-প্ৰজন্মৰ বাবে আদৰ্শ তথা অনুপ্ৰেৰণাৰ উৎস হৈ থাকিব।
Read also: শিক্ষক দিৱস | শিক্ষক দিৱসৰ ৰচনা / ভাষণ – Teachers Day Speech in Assamese

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:






