Class 10 Elective Home Science Chapter 2 শিশুৰ বিকাশ আৰু ইয়াৰ পাৰিবাৰিক অধ্যয়ন

Class 10 Elective Home Science Chapter 2 শিশুৰ বিকাশ আৰু ইয়াৰ পাৰিবাৰিক অধ্যয়ন Questipon Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 10 Elective Home Science Chapter 2 শিশুৰ বিকাশ আৰু ইয়াৰ পাৰিবাৰিক অধ্যয়ন Notes, Class 10 Elective Home Science Chapter 2 শিশুৰ বিকাশ আৰু ইয়াৰ পাৰিবাৰিক অধ্যয়ন and select need one.

Class 10 Elective Home Science Chapter 2 শিশুৰ বিকাশ আৰু ইয়াৰ পাৰিবাৰিক অধ্যয়ন

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 10 Elective Home Science Chapter 2 শিশুৰ বিকাশ আৰু ইয়াৰ পাৰিবাৰিক অধ্যয়ন These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 10 Elective Home Science Chapter 2 শিশুৰ বিকাশ আৰু ইয়াৰ পাৰিবাৰিক অধ্যয়ন Solutions for All Chapters, You can practice these here.

শিশুৰ বিকাশ আৰু ইয়াৰ পাৰিবাৰিক অধ্যয়ন

Chapter – 2

TEXTUAL QUESTION ANSWER

১। মানৱ জীৱন কেনেদৰে আৰম্ভ হয়?

উত্তৰঃ মানৱ জীৱনৰ আৰম্ভণি প্ৰকৃতিৰ অতি ৰহস্যময় প্ৰক্ৰিয়া- 

১। প্ৰজনন আৰু নিষিক্তকৰণ: মানুহৰ জীৱন শুক্রাণু আৰু ডিম্বাণুৰ মিলনৰ ফলত আৰম্ভ হয়। শুক্রাণু পুৰুষৰ আৰু ডিম্বাণু নাৰীৰ জননতন্ত্ৰৰ অংগৰ পৰা আহে। শুক্রাণু ডিম্বাণুত প্ৰৱেশ কৰিলে নিষিক্তকৰণ হয় আৰু জাইগট নামৰ এককোষীয় জীৱ সৃষ্টি হয়।

২। ভ্ৰূণৰ বিকাশ: নিষিক্তকৰণৰ পাছত জাইগট কোষ বিভাজনৰ জৰিয়তে বিকাশ কৰি বহুকোষীয় ভ্ৰূণৰ ৰূপ লয়। ভ্ৰূণৰ বিকাশ মাতৃৰ গৰ্ভত প্রায় ন’ মাহৰ বাবে চলে। এই পৰ্যায়ত ভ্ৰূণৰ বিভিন্ন অংগ আৰু সংগঠন গঠন হয়।

৩। জন্ম: ভ্ৰূণৰ পূৰ্ণ বিকাশ হোৱাৰ পিছত জন্ম প্ৰক্ৰিয়া আৰম্ভ হয়। মাতৃৰ গৰ্ভৰ পৰা শিশুটোৱে বাহিৰলৈ অহাকেই জন্ম বুলি কোৱা হয়। জন্মৰ পাছত শিশুটোৱে বায়ু শ্বাস লয় আৰু বাহ্যিক পৰিৱেশত নিজকে খাপ খুৱাই।

৪। বিকাশ আৰু বৃদ্ধি: জন্মৰ পাছত শিশুটোৰ শাৰীৰিক, মানসিক আৰু সমাজিক বিকাশ হয়। এই বিকাশৰ পৰ্যায়বোৰত শিশুটি পঢ়াশুনা, অভিজ্ঞতা আৰু সমাজৰ সৈতে আন্তঃকাৰ্যৰ জৰিয়তে মানৱ সমাজৰ গুৰি গঢ়ে।

২। গৰ্ভধাৰণ মানে কি বুজা?

উত্তৰঃ গৰ্ভধাৰণ’, ডিম্বাণু আৰু শুক্রাণুৰ মিলনৰ ফলত যৌগকোষ সৃষ্টি হোৱা এটা প্রক্রিয়া।

৩। প্রাক্-প্রসূতি কালৰ অৰ্থ কি?

উত্তৰঃ প্রাক্-প্রসূতি কালৰ অৰ্থ মাতৃ গৰ্ভত অংকুৰণ হোৱাৰ সময়ৰ পৰা ভূমিষ্ঠ হোৱাৰ সময়লৈকে এই কালছোৱা।

৪। প্রাক্‌-প্রসূতি কালৰ স্তৰ কেইটা বৰ্ণনা কৰা।

উত্তৰঃ প্রাক্‌-প্রসূতি কালৰ তিনিটা স্তৰ হল — 

(ক) ডিম্বৰ কাল: অঙ্কুৰিত মানৱ জীৱনৰ প্ৰথম দুটা সপ্তাহ অর্থাৎ যৌগকোষ হৈ সৃষ্ট হোৱাৰ পৰা ১৫ দিন পর্য্যন্ত। এই সময়তে কোষ বিভাজন হয় আৰু কোষ পুঞ্জৰ ভিতৰত থকা কুহুমৰ পৰিপোষকৰ সহায়ত জীৱন ধাৰণ কৰে।

(খ) ভ্রূণৰ কাল (প্রথম পর্যায়): এই সময়তে কোষ পুঞ্জই জৰায়ুত থিতাপি লয় আৰু ক্রমান্বয়ে মানৱ দেহৰ আকৃতি গঠন হবলৈ ধৰে। এই কালছোৱা অষ্টম সপ্তাহমান থাকে। অষ্টম সপ্তাহ পুৰ হোৱাৰ পৰা হৃদপিণ্ডৰ স্পন্দন আৰম্ভ হয়। মানৱ দেহৰ অভ্যন্তৰৰ অঙ্গসমূহৰ আকৃতি গঠন হবলৈ ধৰে, বাহ্যিক শাৰীৰিক বৈশিষ্ট্যসমূহৰো গঠন যেনে- নাক, চকুৰ কোটৰ আদিৰ গঠন আৰম্ভ হয়।

(গ) ভ্রূণৰ কাল (দ্বিতীয় পর্যায়): প্রাক্-প্রসুতি কালৰ এই তৃতীয় স্তৰ অষ্টম সপ্তাহৰ পৰা জন্ম পৰ্য্যন্ত থাকে। দ্বিতীয় স্তৰত গঠন হবলৈ আৰম্ভ কৰা অঙ্গ-প্রতঙ্গসমূহ এই স্তৰত বিকাশ হবলৈ আৰম্ভ কৰে। গৰ্ভত সন্তানৰ লৰচৰ মাতৃয়ে এই স্তৰতে উমান পায়। ক্রমান্বয়ে ছাল আদি গঠন হোৱাৰ লগতে মূৰৰ চুলি, গাৰ নোম আদি গজিব ধৰে।

৫। গৰ্ভাৱস্থাত হ’ব পৰা বিপদসমূহ কি কি?

উত্তৰঃ গৰ্ভাৱস্থাত হ’ব পৰা বিপদসমূহ হৈছে:

১। (ক) ডিম্বৰ কালছোৱাত যদি কোনো খাদ্যবস্তু কোষৰ ভিতৰত নাথাকে তেন্তে খাদ্যৰ অভাৱত ডিম্বটো নষ্ট হৈ যাৱ পাৰে।

(খ) কিছুমান তিৰোতাৰ ভিতৰি কেতবোৰ দোষ থকা দেখা যায়। যদি প্রজনন অংগৰ দোষ থাকে, তেন্তে যৌগকোষটো জৰায়ুলৈ নামি আহোতে জৰায়ুৰ বেৰে ধৰি ৰাখিব নোৱাৰাৰ ফলত পিচলি গৈ ডিম্বৰ বিনাশ হ’ব পাৰে। যদি এই সময়ত মহিলা গৰাকী মানসিক আঘাতত ভোগে, তেনেহলেও এনে বিপদ আপদ হ’ব পাৰে।

২। (ক) ভ্রুণৰ ১ম পর্য্যয়ত বিশেষ বিপদ আপদ হ’ব পাৰে। যদি মাকৰ গাত খাদ্যৰ পৰিপোষক সঠিক জোখত নাথাকে তেতিয়া ভিটামিন, প্ৰ’টিন আদি গুণৰ অভাৱত ডিম্বৰ বিনাশ হয়।

(খ) এই সময়ত যদি মহিলাৰ ঋতুস্ৰাৱ বন্ধ নহয়, তেতিয়া ডিম্বটো জৰায়ুৰ পৰা পিচলি আহি ডিম্বটো নষ্ট হ’ব পাৰে।

৩। এই আগৰ স্তৰ দুটা ভালে ভালে পাৰ হৈ গ’লে সাধাৰণতে ভ্রুণৰ দ্বিতীয় পর্য্যয়ত বিপদ নাথাকে। তথাপিও এই কালছোৱা বিপদমুক্ত নহয়। এই কালছোৱাত সাধাৰণতে এনেধৰণৰ বিপদ হ’ব পাৰে। যেনে-অতিপাত খং উঠিলে, বেছিকৈ আঘাত পালে, মানসিক অশান্তিত ভুগিলে শিশুৰ হৃদপিণ্ডৰ প্ৰক্ৰিয়া বন্ধ হৈ শিশুটো মৃত্যু মুখত পৰিব পাৰে। মাকৰ ৰক্তচাপ বাঢ়িলেও গৰ্ভস্থ শিশুৰ বিপদ হব পাৰে, এনিমিয়া হ’লে তেজৰ অভাৱত শিশুৰ মৃত্যু হয়। বহুমূত্ৰ ৰোগ থাকিলে শিশুৰ ওজন বাঢ়ে আৰু জৰায়ুত যদি বাঢ়িবলৈ ঠাই নাথাকে তেন্তে উশাহ বন্ধ হৈ শিশুৰ মৃত্যু হ’ব পাৰে।

৬। শিশুৰ জন্মৰ আগতে কেনেধৰণৰ প্ৰস্তুতিৰ প্ৰয়োজন হয়?

উত্তৰঃ গৰ্ভধাৰণ কৰা মাতৃৰ যতন অতি আৱশ্যকীয়। মাকৰ যতনৰ মাধ্যমেৰেহে গৰ্ভস্থ সন্তানৰ যতন লব পাৰি। গৰ্ভৱস্থাত মাকৰ স্বাস্থ্য ভালে থাকিলেহে এটা সুস্বাস্থ্যৰ সন্তান আশা কৰিব পাৰি। সন্তান সম্ভৱা মাতৃৰ ‘আহাৰ’ৰ ওপৰত বিশেষ চকু দিয়া প্রয়োজন। কাৰণ মাকৰ তেজৰ পৰিপোষকলৈয়ে গর্ভস্থ সন্তানে বৃদ্ধি লাভ কৰে। প্রথমতে চকু দিব লাগিব সুষম আহাৰৰ ওপৰত। প্রায় ২৫০০ কেলৰি তেওঁ দৈনিক খাদ্যৰ মাধ্যমেৰে গ্ৰহণ কৰিব লাগিব। লগতে দৈনিক ৫০ গ্রাম প্রটিন, ৪০ গ্রাম আইৰণ আৰু ১ গ্রাম কেলচিয়াম তেওঁৰ আহাৰত থাকিব লাগিব। তাৰ বাবে আমিষ ভোজীয়ে মাছ, মাংস, কণী খোৱাৰ লগতে দৈনিক সেউজীয়া শাক-পাচলি, ফল-মূল খাব লাগে। নিৰামিষ ভোজীয়ে দাইল, মাহ খোৱাৰ লগতে গাখীৰ আৰু গাখীৰৰ তৈয়াৰী দ্রব্য গ্রহণ কৰিব লাগে। লগতে শক্তি বৰ্দ্ধনৰ বাবে শস্য জাতীয় খাদ্য আৰু পৰ্য্যাপ্ত পৰিমাণে পানী। পানীয়ে শৰীৰৰ দুষিত পদার্থ ওলাই যোৱাত সহায় কৰে। এনে অৱস্থাত ‘ব্যায়াম’ অত্যন্ত প্রয়োজন। পুৱা-গধূলি মুকলি বতাহত খোজ কঢ়া আৰু পাতল ঘৰুৱা কাম-কাজ কৰি থাকিলেও ভাল ব্যায়াম হয়। গৰ্ভাৱস্থাত কৰিব পৰা কিছুমান ব্যায়াম আছে, কিন্তু অভিজ্ঞ লোকৰ পৰামৰ্শ নোলোৱাকৈ নিজে এনে ব্যায়াম কৰিব নালাগে।

৭। শিশুৰ যতন কেনেদৰে ল’ব লাগে?

উত্তৰঃ দৈনন্দিন যতনৰ দ্বাৰা শিশুৰ সু-অভ্যাসো গঠন হয়। সময়মতে পুষ্টিকৰ আহাৰ গ্ৰহণ কৰা, সময়মতে মল-মূত্র ত্যাগ কৰি স্নান কৰা, বিশ্রাম লোৱা আদি অভ্যাস গঠন সৰুতেই হ’লে নিয়মানুবর্তিতাও শিকিব পাৰিব। শিশুক ল’বলগা যতনৰ ভিতৰত পৰে আহাৰ, স্নান, মলমূত্র ত্যাগ, সাজপাৰ ইত্যাদি।

১। আহাৰ: জন্মৰ পিচত মাকৰ গাখীৰেই শিশুৰ উত্তম আহাৰ। আজিকালি ছমাহ বয়সলৈকে আনকি গ্রীষ্মকালতো পানীৰ সলনি অকল মাকৰ গাখীৰ খাব লাগে বুলি চিকিৎসক সকলে পৰামৰ্শ দিয়ে। কিন্তু ছমাহৰ পিছৰ শিশুক ফলৰ ৰস, পাচলিৰ চুপ আৰু কোমল লুথুৰী খুৱাব পাৰে। এনে লুথুৰী ওখোৱা চাউলৰ গুড়ি শাকৰ ৰস বা দাইলৰ পানীত সিজাই দিব পাৰি বা চাউল দাইল কোমলকৈ সিজাই পিতিকি পনীয়াকৈ খুৱাব পাৰি। আমিষ ভোজীসকলে সৰু মাছ সিজাই তাৰ ৰস চেপি শিশুক খুৱাব পাৰে। কণী খুৱালে ৮ মাহ বয়সৰ পৰা আৰম্ভ কৰিব পাৰে। প্ৰথমতে কুহুমটোৰ অকণমান জিভাত দি খাব পাৰেনে নোৱাৰে চাব লাগে। লাহে লাহে পৰিমান বঢ়াই দুমাহ মানৰ ভিতৰতে গোটেই কুহুমটো খুৱাব পাৰিব। শিশুক ইয়াৰ লগতে যথেষ্ট পানী খুৱাব লাগে

২। স্নান: পুৱা ১০ বজাৰ আগেয়ে শিশুক গা-ধুৱাব লাগে। কেতিয়াও খোৱাৰ পিছত গা-ধুৱাব নালাগে। গা-ধুউৱাৰ আগতে অলপ কমলাৰ ৰস খুৱাই ল’ব লাগে। গা-ধোৱা কোঠালীটো গৰম হ’ব লাগে আৰু পানীখিনি কুহুমীয়া গৰম হব লাগে। কোমল চাবোন ব্যৱহাৰ কৰিব লাগে। প্রথমে মুখখন ধুৱাই তাৰ পাছত গোটেই গাত চাবোন সানিব লাগে। গা ধুৱাই কোমল টাৱেলেৰে গাটো শুকানকৈ মুচিব লাগে। গা-ধুৱাৰ আগতে বা পিছত তেল মালিছ কৰিব পাৰে।

৩। মল-মূত্র ত্যাগ কৰাৰ অভ্যাস: কিছুমান পিতৃ-মাতৃয়ে মল-মূত্র ত্যাগ কৰাৰ অভ্যাসত বেছি জোৰ দিয়া দেখা যায়। অভ্যাস গঠনৰ প্রয়োজনীয়তা থাকিলেও ইয়াৰ বাবে বেছি চিন্তিত হোৱাৰ প্ৰয়োজন নাই। সাধাৰণতে শিশুৱে ডাঙৰ হৈ অহাৰ লগে লগে মল-মূত্র নিয়ন্ত্ৰণ কৰিব পৰা হয়। পিতৃ মাতৃৰ দায়িত্ব তাক ভালদৰে নিয়ম শিকাই দিয়াটো। সাধাৰণতে শিশুৰ অভ্যাস গঠনৰ বাবে সাত মাহৰ পৰা নমাহ উপযুক্ত সময়। মাকে এই ক্ষেত্ৰত কঠোৰ শাসন কৰিবলৈ গলেও বহুত সময়ত শিশুৱে বিদ্রোহ কৰি চিঞৰ-বাখৰ কৰে। ব্যর্থকার্য দেখা দিলে পিচ্ কাৰি আদি দি শিশুক ভয়খুৱালে তাৰদ্বাৰা শিশুৰ ব্যক্তিত্বৰ বিকাশতো প্ৰভাৱ পেলায়।

৪। শিশুৰ সাজপাৰ: কেঁচুৱাৰ কাপোৰ মূলতঃ আৰামদায়ক হোৱাৰ লগতে সহজ উপায়েৰে যতন কৰিব পৰা হব লাগে। মিহি জমিনৰ পোচাকত শিশুৱে আৰাম পায়। ই কেতিয়াও খহটা হব নালাগে। ইস্ট্রি নকৰাকৈ পিন্ধাব পৰা কাপোৰ হলে মাকৰ সময় ৰাহি হয়। কিন্তু বীজাণু নাশ কৰিবৰ বাবে ইস্ত্ৰি কৰাৰ অথবা গৰম পানীত ধোৱাৰ আৱশ্যক হয়। কপাহী কোমল কাপোৰ শিশুৰ বাবে উত্তম। ই সহজে ঘাম শোষণ কৰে আৰু ধূলে সোনকালে শুকায়। খহটা বা সেমেকা কাপোৰে শিশুৰ ছালত খজুৱটি কৰিব পাৰে।

৮। ‘সু-স্বাস্থ্যৰ বাবে সময়মতে মলত্যাগ কৰিব লাগে।’ এই উক্তি তুমি মানি লোৱানে? যদি লোৱা, সময়মতে মলমূত্র ত্যাগৰ অভ্যাস কেনেদৰে কৰিব লাগে লিখা।

উত্তৰঃ ‘মানসিক স্বাস্থ্য’ৰ প্রতি বিশেষভাৱে মন দিয়াৰ প্ৰয়োজন। তাৰবাবে প্রথমে প্রয়োজন হয় মাতৃত্বৰ বাবে থকা প্রকৃত আকাঙ্খা। মাতৃত্ব গ্রহণ কৰিবলৈ মানসিক ভাবে প্রস্তুত নহ’লে আবেগিক অশান্তিৰ সৃষ্টি হ’ব; যাৰ ফলত ৰক্তচাপ আদি নিয়মীয়াকৈ ৰখাত অসুবিধা হব পাৰে। তদুপৰি ঘৰুৱা অশান্তি, হতাশা আদিয়ে মনত অস্থিৰতা আনিলে গৰ্ভস্থ সন্তানৰ ওপৰতো প্রতিক্রিয়া হব পাৰে। সেইবাবে মন প্রফুল্ল হৈ থকাত বিশেষ চকু দিয়া প্রয়োজন।

সন্তান সম্ভৱা মাতৃৰ শাৰীৰিক মানসিক স্বাস্থ্যৰ প্ৰতি চকু দিয়াৰ ওপৰিও আটাইতকৈ প্রয়োজনীয় বিষয়টো হৈছে ‘মাহেকীয়া পৰীক্ষা’। অর্থাৎ প্রতি মাহৰ এটা নির্দিষ্ট দিনত তেওঁ ডাক্টৰৰ ওচৰলৈ আহি শৰীৰৰ অৱস্থা পৰীক্ষা কৰিব লাগে। ডাক্টৰে শৰীৰৰ ওজন লৈ, ৰক্তচাপ পৰীক্ষা কৰি আৰু স্বাস্থ্যৰ নিয়মীয়া অৱস্থা নিৰীক্ষণ কৰি যাৱতীয় পৰামৰ্শ প্রদান কৰিব। ইয়াৰ দ্বাৰা শিশুৰ নিয়মীয়া বিকাশ পৰীক্ষা কৰি থকা হয় আৰু প্রয়োজন অনুসৰি শিশুৰ গৰ্ভৰ অৱস্থান আদি নিৰীক্ষণ কৰি যাৱতীয় ব্যৱস্থা গ্রহণ কৰিব পাৰে। মাকৰ স্বাস্থ্য ভালে থাকিলেহে এটা সুস্বাস্থ্যৰ সন্তান আশা কৰিব পাৰি।

৯। অনাক্রম্যতাই শিশুক ৰোগৰ পৰা কেনেদৰে বচাব পাৰে?

উত্তৰঃ আৰ্জিত অনাক্রম্যতাৰ ক্ষেত্ৰত মানুহে কেতিয়াবা ৰোগৰ দ্বাৰা আক্ৰান্ত হৈ আৰোগ্য হোৱাৰ পিচতো সেই বেমাৰৰ জীৱাণু দেহত বহন কৰি এক প্ৰকাৰ প্ৰতিৰোধ শক্তি আহৰণ কৰে। অথবা টীকাৰ দ্বাৰা এই ৰোগৰ বীজাণু দেহত ধাৰণ কৰি নিজকে ৰোগমুক্ত কৰি ৰখাৰ শক্তি লাভ কৰে। 

১০। মাতৃ দুগ্ধৰ উপকাৰিতা কি?

উত্তৰঃ মাকৰ গাখীৰ পান কৰোৱাত যথেষ্ট উপকাৰিতা আছে। শিশুক খুৱাওঁতে মাকে এক মানসিক তৃপ্তি লাভ কৰে। ইয়াৰ দ্বাৰা শাৰীৰিক উপকাৰো হয়। কাৰণ জৰায়ুৰ পেশীসমূহ ক্ষিপ্রভাৱে সংকোচন হয়। ফলত জৰায়ু পূৰ্বৰ আকাৰলৈ আহে। মানসিকভাৱে শিশুৰ লগত মাকৰ এটা নিবিড় সম্পর্ক গঢ়ি উঠে। মাতৃ দুগ্ধ পান কৰা শিশুৱে সদায় নিৰাপত্তা অনুভৱ কৰে। সকলোতকৈ ডাঙৰ সুবিধা হল, মাকৰ গাখীৰ বিশুদ্ধ আৰু প্ৰয়োজনীয় খাদ্যগুণসমূহ ইয়াত উপযুক্ত পৰিমাণে থাকে। শিশুক অন্য গাখীৰৰ আৱশ্যক নহয় বাবে ই টকা সঞ্চয় আৰু সময় ৰাহি কৰে। তাৰবাদেও ক’লক্ট্রাম খোৱাৰ ফলত শিশুৱে ৰোগ প্ৰতিৰোধ কৰা শক্তি পায়। স্তনপানৰ ফলত শিশুৰ চোহাৰ প্ৰবৃতি চৰিতাৰ্থ হোৱাৰ লগতে পঞ্চেন্দ্রিয় যেনে দৃষ্টি, ঘ্রাণ, শ্ৰৱণ, স্বাদ আৰু স্পর্শ জগাই তোলে।

১১। স্তনপানৰ সুবিধা আৰু অসুবিধা সমূহ লিখা।

উত্তৰঃ স্তনপানৰ সুবিধা আৰু অসুবিধা সমূহ হল –

মাতৃ-দুগ্ধ পানৰ সুবিধা-

(১) ইয়াক হাতেৰে তৈয়াৰ কৰাৰ প্ৰয়োজন নাই; গতিকে সময় আৰু শক্তি ৰাহি হয়।

(২) শিশুক বিকাশৰ বাবে প্ৰয়োজন হোৱা সকলোবোৰ পৰিপোষক থাকে।

(৩) শিশুৰ পৰিপাকৰ বাবে উপযুক্ত উত্তাপ মাকৰ গাখীৰত থাকে।

(৪) মাকৰ গাখীৰে শিশুৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বঢ়ায়।

(৫) দুগ্ধপানৰ সময়ত শিশুৱে মাকৰ কোলাত নিৰাপদ অনুভৱ কৰে।

মাতৃ-দুগ্ধ পানৰ অসুবিধা-

(১) কর্মজীৱি মহিলাই সময়মতে শিশুক দুগ্ধ পান কৰাব নোৱাৰে।

(২) মাতৃৰ সোচৰা ৰোগ হ’লে দুগ্ধ পান নিৰাপদ নহব পাৰে।

(৩) মাতৃৰ খাদ্যত পৰিপোষকৰ অভাৱ হলে শিশুৰ স্বাস্থ্য ভাঙি যাব পাৰে।

(৪) মাকৰ দেহত উপযুক্ত পৰিমাণে পৰি পোষক নাথাকিলে শিশুৰে কিছুপৰিমাণে মাকৰ গাখীৰৰ পৰা পৰিপোষক সংগ্ৰহ কৰিলেও মাকৰ স্বাস্থ্য ভাঙি যাব পাৰে।

১২। শিশুৰ সাজপাৰ কেনে হোৱা উচিত?

উত্তৰঃ কেঁচুৱাৰ কাপোৰ মূলতঃ আৰামদায়ক হোৱাৰ লগতে সহজ উপায়েৰে যতন কৰিব পৰা হব লাগে। মিহি জমিনৰ পোচাকত শিশুৱে আৰাম পায়। ই কেতিয়াও খহটা হব নালাগে। ইস্ত্ৰি নকৰাকৈ পিন্ধাব পৰা কাপোৰ হলে মাকৰ সময় ৰাহি হয়। কিন্তু বীজাণু নাশ কৰিবৰ বাবে ইস্ত্ৰি কৰাৰ অথবা গৰম পানীত ধোৱাৰ আৱশ্যক হয়। কপাহী কোমল কাপোৰ শিশুৰ বাবে উত্তম। ই সহজে ঘাম শোষণ কৰে আৰু ধূলে সোনকালে শুকায়। খহটা বা সেমেকা কাপোৰে শিশুৰ ছালত খজুৱটি কৰিব পাৰে। 

প্রশ্নমালা

১। শিশুৰ বিকাশত পৰিয়ালৰ ভূমিকা কি কি?

উত্তৰঃ শিশুৰ বিকাশত পৰিয়ালেই মুখ্য ভূমিকা পালন কৰে। মানৱ জীৱনৰ আৰম্ভণি পৰিয়ালতেই হয়। মানৱ জীৱনৰ প্ৰাথমিক পৰিৱেশ ঘৰখনতেই সীমাবদ্ধ হৈ থাকে। সেইবাবে শিশুৰ জীৱনৰ দৃষ্টিভংগী ভৱিষ্যতে কেনেধৰণৰ হ’ব আৰু আনৰ লগত সম্পৰ্ক গঢ়াৰ ক্ষেত্ৰত শিশুৰ আচৰণ কেনেদৰে গঢ় ল’ব, এই সকলোবোৰ বিষয় নির্ধাৰণ কৰে শিশুৰ পাৰিবাৰিক সম্পৰ্কৰ মাজেৰে। পৰিয়ালত শিশুটি ডাঙৰ হৈ অহাৰ লগে লগে শিশুৰ আচৰণ সলনি হয় কিয়নো বয়স বঢ়াৰ ফলত পৰিবেশৰো প্ৰসাৰণ ঘটে। ফলস্বৰূপে শিশুৰ আচৰণৰো কিছু পৰিবৰ্তন হয়। তথাপি পৰিয়ালে গঢ় দিয়া মূল আচৰণ কেতিয়াও শিথিল নহয়। সেই কাৰণে শিশু সর্বাত্মক বিকাশৰ বাবে পাৰিবাৰিক সম্পৰ্কৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হয়। 

২। পিতৃ-মাতৃ আৰু সন্তানৰ সম্পৰ্কৰ বিষয়ে লিখা।

উত্তৰঃ শিশুৱে নিজৰ সুখ-শান্তি আৰু নিৰাপত্তা অনুভৱৰ বাবে পিতৃ-মাতৃৰ ওপৰত নিৰ্ভৰ কৰে। কিয়নো শিশুটিয়ে জন্ম লোৱাৰ পিচত সি প্রথমে তাৰ পিতৃ- মাতৃৰ সংস্পৰ্শলৈ আহে, শিশুৰ ব্যক্তিত্ব আৰু সজ ব্যৱহাৰ গঢ়ি তোলাৰ ক্ষেত্ৰত পিতৃ-মাতৃৰ গধুৰ দায়িত্ব আছে আৰু যিমানদূৰ সম্ভৱ হয় পিতৃ- মাতৃয়ে দিনটোত কিছু সময় শিশুৰ বাবে কটোৱা প্ৰয়োজন। কাৰণ পিতৃ- মাতৃ তথা পৰিয়ালৰ আন ব্যক্তিৰ পৰা পোৱা মৰম, নিৰাপত্তা, আদৰ, যত্নই শিশুৰ ব্যক্তিত্ব গঠনত সহায় কৰে। পিতৃ-মাতৃৰ মাজত সম্পৰ্কৰ ভাঙোন ধৰিলে বা কোনো এজনৰ মৃত্যু ঘটিলে অথবা পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ ঘটিলে, এনে দুৰ্ভগীয়া শিশুৱে মৰম-চেনেহৰ পৰা স্বাভাৱিকতে বঞ্চিত হ’বলগা হয়। এনে অসুস্থ গৃহ পৰিৱেশৰ মাজত ডাঙৰ হোৱা শিশুৰ আবেগিক সংশয় আৰু দুচিন্তাত দিন কটাবলগা হয়। পিতৃ-মাতৃৰ ব্যক্তিত্ব আৰু প্ৰদৰ্শন কৰা আচৰণেও শিশুৰ আচাৰ-ব্যৱহাৰ গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা লয়। কিয়নো শিশুটিয়ে যেতিয়া পিতৃ-মাতৃৰ মাজত পাৰস্পৰিক সম্ভাৱ আৰু বুজাবুজিৰ আচৰণ দেখিবলৈ পায়, স্বাভাৱিকতে এনে পৰিৱেশত ডাঙৰ হোৱা শিশুৱে অনুৰূপ আচৰণ কৰিবলৈ শিকে। পিতৃ-মাতৃৰ নিজৰ মাজত সম্পৰ্ক মধুৰ নহ’লে শিশুৰ ব্যক্তিত্ব গঠনত বাধাৰ সৃষ্টি হয়। পিতৃ-মাতৃয়ে নিজেই যদি কন্যা সন্তানতকৈ পুত্ৰক অগ্রাধিকাৰ দিয়ে তেতিয়া সহোদৰৰ মাজত হিংসা-খৰিয়ালৰ উদ্রেক হয়।

৩। শিশুৰ আৱেগিক প্রয়োজনত পিতৃ-মাতৃয়ে কিদৰে সহায় কৰিব পাৰে লিখা।

উত্তৰঃ আৱেগৰ দ্বাৰাই নিয়ন্ত্ৰিত আৰু পৰিচালিত হয়। শিশুৰ সুস্থ আৱেগিক বিকাশৰ বাবে সুস্থ আৰু অনুকূল পৰিৱেশৰ আৱশ্যক। গৃহ পৰিৱেশ এনে হ’ব লাগে যাতে শিশুৱে আনন্দমনেৰে বিভিন্ন অভিজ্ঞতা আহৰণ কৰিব পাৰে। 

১। আবেগৰ ঋণাত্মক আৰু ধনাত্মক (Negative and Positive): দুয়োটা দিশ আছে। মানুহৰ জীৱনত ধনাত্মক আৱেগে প্রভাৱ বিস্তাৰ কৰিলে সুস্থ ব্যক্তিত্ব গঠনত সহায় পায়। পিতৃ-মাতৃয়ে যদিহে মৰম-চেনেহৰ পৰিৱেশত শিশুক লালন-পালন কৰে আৰু সুস্থ আৱেগক শুদ্ধ নির্দেশনা দিয়ে, স্বাভাৱিকতে ধনাত্মক আৱেগে শিশুৰ জীৱনত প্ৰভাৱ বিস্তাৰ কৰে। অৱশ্যে এইটোও সত্য যে প্রতিজন মানুহৰ মাজত আৱেগৰ দুয়োটা দিশেই থাকে। জন্ম হৈয়েই শিশুৱে পৃথিবীৰ পৰিৱেশত নিৰাপত্তা অনুভৱ কৰিলে আবেগ ভালদৰে গঢ় ল’ব পাৰে। স্নেহ, প্রীতি, আনন্দ, উলাহ, ভালপোৱা আদি অনুভূতিবোৰৰ অভিজ্ঞতা যিদৰে সুখদায়ক হয় সেইদৰে দুখ, ক্রোধ, ভয়, হিংসা, ঈর্ষা, হতাশা আদি অনুভূতিবোৰৰ অভিজ্ঞতা দুখদায়ক হয়। শিশুৰ আৱেগিক জীৱনৰ বিষয়ে ভালদৰে নজনাৰ বাবে কেতিয়াবা কেতিয়াবা শিশুৰ প্ৰতি বহুতে যিকোনো কাৰণতে অবিচাৰ আৰু অনুচিত আচৰণ প্ৰদৰ্শন কৰা দেখা যায়। শিশুৰ আৱেগিক জীৱন একেবাৰে ঠুনুকা হোৱাৰ বাবে আৱেগসমূহ সুস্থভাৱে সৰুতেই নিয়ন্ত্রিত কৰিব পাৰিলে সুস্থ ব্যক্তিত্ব ফুটি উঠাত সহায় হয়।

মনোবিজ্ঞানী হাৰলক (Hurlock) ৰ মতে শিশুৰ আৱেগৰ কিছুমান বিশেষ বৈশিষ্ট্য আছে। যেনে-

১। শিশুসকলৰ আৱেগ ক্ষণস্থায়ী। প্রকাশৰ তীব্রতা থাকিলেও ই বেছি সময় টিকি থাকিব নোৱাৰে। কাৰণ বয়স বঢ়াৰ লগে লগে আবেগিক সহনশীলতাৰ বিকাশ হ’লে সামাজিকভাৱে গ্রহণীয় আৱেগিক আচৰণ প্রকাশ কৰিবলগা হয়।

২। শিশুৰ আৱেগৰ প্রাৱল্য বেছি। পৰিস্থিতি সাধাৰণইে হওক বা জটিলেই হওক, প্রকাশৰ প্রাৱল্য দুয়োটা পৰিস্থিতিতে একে হয়।

৩। শিশুৰ আৱেগৰ স্থায়িত্ব নাই বা ইয়াক সম্পূর্ণ অস্থায়ী বুলি ক’ব পাৰি অৰ্থাৎ কাৰোবাৰ লগত হাই-কাজিয়া কৰি মুহূর্ততে মিলা-প্রীতি হোৱা, খঙৰ আচৰণ দেখুওৱাৰ পিচত তৎক্ষণাৎ ৰং-ধেমালি কৰা ইত্যাদি।

৪। শিশুৰ আৱেগ সঘনে প্রকট হয়।

৫। শিশুৱে একেটা পৰিস্থিতিতে বিভিন্ন আৱেগ প্রকাশ কৰে।

৬। শিশুৰ আচৰণৰ ধৰণৰ পৰা আৱেগ ধৰিব পাৰি।

৭। বয়স বঢ়াৰ লগে লগে নির্দিষ্ট আৱেগসমূহৰ পৰিৱৰ্তন হয়। যেনে- সৰুতে আন্ধাৰলৈ ভয় কৰা শিশুৱে ডাঙৰ হ’লে তাক প্রকাশ কৰিবলৈ সংকোচ কৰে।

৮। বয়সৰ লগত আৱেগ প্রকাশৰ ধৰণো সলনি হয়।

২। শিশুৰ আৱেগিক প্রয়োজনীয়তা পূৰণৰ বাবে এক সুস্থ পৰিৱেশৰ প্রয়োজন: ঘৰুৱা পৰিৱেশত ভিন ভিন পৰিস্থিতিত শিশুৰে ভয়, ক্রোধ, ঈর্ষা, ভালপোৱা আদি অনুভূতিবোৰ যাতে ঠিকমতে প্রকাশ্য কৰিব পাৰে তালৈ মন কৰা প্রয়োজন। কিয়নো সুস্থ আৰু স্বাভাৱিক গৃহ পৰিৱেশত শিশুৰ বিভিন্ন আৱেগৰ সুস্থ বিকাশ ঘটাই শিশু ব্যক্তিত্ব সুন্দৰ আৰু সামাজিক কৰি তোলাৰ প্ৰয়াস কৰিব লাগে। বিভিন্ন পৰিস্থিতিত শিশুৱে বেলেগ ধৰণেৰে সঁহাৰি জনাব পাৰে। অথবা বেলেগ বেলেগ শিশুৱে একে পৰিস্থিতিত বিভিন্ন ধৰণে আৱেগ প্রকাশ কৰিব পাৰে। যেনে- যিবোৰ শিশুৰে সচৰাচৰ বাহিৰত আন মানুহৰ লগত সংস্পৰ্শ কম তেনেবোৰ শিশু লাজকুৰীয়া হয়।

৩। শিশুৱে যেতিয়া নিৰাশ বা অৱহেলিত অনুভৱ কৰে তেতিয়াও সি আক্রমণাত্মকমূলক আচৰণ দেখুৱায়: শিশুৱে সদায় তাৰ ভাল লগা বস্তু লাভ কৰিবলৈ এনেধৰণে আচৰণ কৰে যে সেই বিচৰা বস্তুটো নোপোৱাপর্যন্ত আনক আক্ৰমণ কৰি হ’লেও নিজৰ কৰি ল’বলৈ বিচাৰে। এইক্ষেত্ৰত পিতৃ-মাতৃৰ অনুশাসনো সদায় একেধৰণৰ হ’ব লাগে। একেধৰণৰ পৰিস্থিতিত কেতিয়াবা নমনীয় বা কেতিয়াবা কঠোৰ শাসন প্রদর্শন কৰিলে শিশু নিজেও দোধো-মোধোৰ পৰিস্থিতিত পৰে। আনহাতে এনে আচৰণ অনুশাসনৰে নির্দেশনা দিয়াৰ পৰিবৰ্তে পিতৃ-মাতৃয়ে যদিহে শিশুৰ অযুক্তিকৰ দাবীসমূহ মানি লয় তেনেক্ষেত্রত শিশুৰে ভাল-বেয়া বা ভুল-শুদ্ধৰ বিচাৰ-বুদ্ধিৰ বিকাশ নহয়। ফলত বয়স বঢ়াৰ লগে লগে এনেবোৰ শিশুৱে সুস্থ পৰিৱেশ বা বাতাৱৰণত খাপ খাব নোৱাৰে তাৰ ফলত সমনীয়াৰ মাজত অপ্রিয়ভাজন হোৱাৰ সম্ভাৱনা থাকে।

৪। শিশুৱে সদায় খং বা ক্রোধ প্রকাশেৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব বিচাৰে: পিতৃ-মাতৃয়ে শিশুৰ খঙক প্রশ্রয় দিলে সি তাৰ অন্যায় দাবীসমূহ পূৰণৰ বাবে খঙকে এপাট অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে। যিহেতুকে খং প্ৰকাশ কৰিলে বা উগ্ৰ আচৰণ দেখুৱালে পিতৃ-মাতৃয়েও কঠোৰ হৈ ইয়াক কেতিয়াও প্রশ্রয় দিব নালাগে। খঙৰ পৰিস্থিতিত তেওঁলোকে শিশুৰ প্ৰতি কোনো পক্ষপাতি নলৈ পিতৃ- মাতৃয়ে শিশুৰ খং উঠা পৰিস্থিতিৰ দিশটো নিৰপেক্ষভাৱে বিচাৰ কৰিব লাগে। শিশুৰ আৱেগিক প্রয়োজনীয়তা শুদ্ধ উপায়েৰে পূৰণ কৰিলেহে পৰিস্থিতি অনুসৰি শিশুৱেও আৱেগ প্রকাশ কৰিবলৈ শিকে। সুস্থ আৱেগিক বিকাশ শিশুৰ ব্যক্তিত্ব বিকাশৰ বাবে অতি প্রয়োজন।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top