Class 10 Elective Home Science Chapter 5 উদ্যমিতাৰ গুৰুত্ব

Class 10 Elective Home Science Chapter 5 উদ্যমিতাৰ গুৰুত্ব Questipon Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 10 Elective Home Science Chapter 5 উদ্যমিতাৰ গুৰুত্ব Notes, Class 10 Elective Home Science Chapter 5 উদ্যমিতাৰ গুৰুত্ব and select need one.

Class 10 Elective Home Science Chapter 5 উদ্যমিতাৰ গুৰুত্ব

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 10 Elective Home Science Chapter 5 উদ্যমিতাৰ গুৰুত্ব These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 10 Elective Home Science Chapter 5 উদ্যমিতাৰ গুৰুত্ব Solutions for All Chapters, You can practice these here.

উদ্যমিতাৰ গুৰুত্ব

Chapter – 5

TEXTUAL QUESTION ANSWER

১। উদ্যমিতা কি চমুকৈ লিখাঁ।

উত্তৰঃ উদ্যমিতা হ’ল, উপভোক্তাৰ প্ৰয়োজন পূৰণ কৰাৰ উপৰি লাভ কৰিব পৰাকৈ একোটা প্রতিষ্ঠান বা ব্যৱসায়ৰ আঁচনি গ্রহণ, উন্মোচন আৰু অভিনৱত্বৰে পৰিচালনা কৰাৰ প্ৰক্ৰিয়া।

২। ৰাষ্ট্ৰনিৰ্মাণত উদ্যমিতাৰ ভূমিকা সম্পর্কে লিখাঁ।

উত্তৰঃ ৰাষ্ট্ৰনিৰ্মাণত উদ্যমিতাৰ ভূমিকা সম্পর্কে তলত আলোচনা কৰা হল —

নিয়োগ সৃষ্টি: একোজন প্রতিষ্ঠিত উদ্যোগীয়ে আন ব্যক্তিক উদ্যোগমুখী কৰাৰ উপৰিও দেশৰ বহু মানুহৰ বাবে প্ৰত্যক্ষ বা পৰোক্ষভাৱে নিয়োগৰ উৎস হিচাপে কাম কৰে। সেইবাবে উদ্যোগমুখী উন্নয়নক ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ক উৎসাহিত কৰা প্ৰক্ৰিয়া আৰু নিয়োগসৃষ্টিৰ আহিলা (vehicle) হিচাপে গণ্য কৰা হয়। ভাৰতবৰ্ষ আন আন উন্নয়নশীল ৰাষ্ট্ৰবিলাকতকৈ যিহেতু আগবঢ়া, ই উদ্যোগমুখী উন্নয়নমূলক কাম কাজ বিলাকৰ নেতৃত্ব ল’ব পাৰে। সেয়েহে নতুন উদ্যোগসমূহক উৎসাহ যোগাবলৈ আৰু সহযোগ কৰিবলৈ ষ্টার্ট আপ ইণ্ডিয়া (Startup India) নামৰ প্ৰকল্প ইতিমধ্যে উদ্ঘাটন কৰা হৈছে।

সম্পদ সৃষ্টি আৰু ভাগ-বতৰা: উদ্যমী ব্যক্তিসকলে ব্যৱসায় প্ৰতিষ্ঠা কৰি নিজৰ মূলধন বিনিয়োগ কৰাৰ লগতে অন্য বিনিয়োগৰ সুবিধা সৃষ্টি কৰে। এইদৰে জনসাধাৰণ আৰু ইয়াৰ অৱহেলিত সম্পদক গতিশীল কৰি উদ্যমিতাৰ সফলতা লাভ কৰে আৰু ইয়াৰ পৰা মানুহক লাভান্বিত কৰে। এই ধৰণৰ যি বোৱতী মূলধনে সম্পদ সৃষ্টি আৰু বিতৰণৰ বাট মোকলায়, অর্থনৈতিক উন্নয়নৰ ই এটা মৌলিক উদ্দেশ্য আৰু পালনীয় কর্তব্য।

সমতুল আঞ্চলিক উন্নয়ন: উদ্যমী ব্যক্তিয়ে পিছপৰা বা গ্ৰাম্যাঞ্চলত ব্যৱসায় খোলে। ই থলুৱা সম্পদৰ সদ্‌ ব্যৱহাৰ কৰাৰ উপৰি আন্তঃগাঁথনি উন্নয়নৰো বাট মোকলায়। সেই অঞ্চলত উপলব্ধ নোহোৱা ৰাস্তা-ঘাট, ৰেলপথ, বিমানঘাটি, বিদ্যুৎ, পানীযোগান, স্কুল, চিকিৎসালয়, ব্যৱসায় প্ৰতিষ্ঠান, ৰাজহুৱা আৰু ব্যক্তিগত সেৱা ইত্যাদি আন্তঃগাঁথনিৰ এইদৰে উন্নয়ন সম্ভৱ হয়। পিছপৰা ঠাইত এনে কর্ম সৃষ্টিয়ে আঞ্চলিক অর্থনীতি উন্নতিত সহায় কৰে। এইবাবে চৰকাৰে কিছুমান পঞ্জীয়নভুক্ত লাভজনক ব্যৱসায় ৰেহাই হাৰত পিছপৰা অঞ্চলত খোলাৰ ব্যৱস্থা কৰিছে।

ৰাষ্ট্ৰীয় আয়ৰ প্ৰতি অৰিহণা: নতুন ব্যৱসায়, উন্নত প্রযুক্তি সৃষ্টিৰ দ্বাৰাই নতুন বজাৰ আৰু নতুন সম্পদ সৃষ্টি হয়। ইয়াৰ ফলস্বৰূপে নিযুক্তি বাড়ে আৰু উপার্জনো বাড়ে। ই ৰাষ্ট্ৰীয় আয় বৃদ্ধি কৰে আৰু ৰাজহ বৃদ্ধি কৰি চৰকাৰক উন্নয়নমূলক কামত বিনিয়োগ বঢ়াবলৈও সহায় কৰে, এনে ৰাজহ বৃদ্ধিয়ে অন্য দুৰ্বল ক্ষেত্ৰৰ উন্নতি আৰু মানৱ মূলধন সৃষ্টিতো অৰিহণা যোগায়।

আত্ম নির্ভৰশীলতা: উদ্যমী ব্যক্তি (entrepreneurs) সকল জাতীয় নির্ভৰশীলতাৰ মেৰুদণ্ডস্বৰূপ। তেওঁলোকে স্থানীয় সম্পদ ব্যৱহাৰেৰে আৰু থলুৱা উৎপাদনেৰে আমদানিকৃত সামগ্ৰীৰ বিকল্প গঢ়ি তোলে। এনেদৰে বিদেশী ৰাষ্ট্ৰৰ ওপৰত নিৰ্ভৰশীলতা কমে। কেতিয়াবা এনে সামগ্ৰী আৰু সেৱা ৰপ্তানি কৰাটোও সম্ভৱ হৈ উঠে আৰু তেনেক্ষেত্ৰত দেশে বিদেশী মুদ্রা লাভ কৰে। গতিকে আমদানিৰ বিকল্প সৃষ্টি আৰু ৰপ্তানিৰ উৎকৰ্ষই অর্থনৈতিক স্বাধীনতা আৰু আত্মনিৰ্ভৰশীলতা নিশ্চিত কৰে।

৩। এজন উদ্যমীয়ে কেনেকৈ আঞ্চলিক উন্নয়নত বৰঙণি যোগাই লিখাঁ।

উত্তৰঃ উদ্যমী ব্যক্তিয়ে পিছপৰা বা গ্ৰাম্যাঞ্চলত ব্যৱসায় খোলে। ই থলুৱা সম্পদৰ সদ্‌ ব্যৱহাৰ কৰাৰ উপৰি আন্তঃগাঁথনি উন্নয়নৰো বাট মোকলায়। সেই অঞ্চলত উপলব্ধ নোহোৱা ৰাস্তা-ঘাট, ৰেলপথ, বিমানঘাটি, বিদ্যুৎ, পানীযোগান, স্কুল, চিকিৎসালয়, ব্যৱসায় প্ৰতিষ্ঠান, ৰাজহুৱা আৰু ব্যক্তিগত সেৱা ইত্যাদি আন্তঃগাঁথনিৰ এইদৰে উন্নয়ন সম্ভৱ হয়। পিছপৰা ঠাইত এনে কর্ম সৃষ্টিয়ে আঞ্চলিক অর্থনীতি উন্নতিত সহায় কৰে। এইবাবে চৰকাৰে কিছুমান পঞ্জীয়নভুক্ত লাভজনক ব্যৱসায় ৰেহাই হাৰত পিছপৰা অঞ্চলত খোলাৰ ব্যৱস্থা কৰিছে।

8। এজন উদ্যমীয়ে উদ্যমিতা উন্নয়নৰ জৰিয়তে কেনেকৈ দেশৰ ৰাষ্ট্ৰীয় আয় বৃদ্ধিত/জীৱন ধাৰণৰ মান বৃদ্ধিত/ আত্মনিৰ্ভৰশীলতা বৃদ্ধিত সহায় কৰে চমুকৈ লিখাঁ।

উত্তৰঃ এজন উদ্যমীয়ে উদ্যমিতা উন্নয়নৰ জৰিয়তে দেশৰ ৰাষ্ট্ৰীয় আয় বৃদ্ধিত – নতুন ব্যৱসায়, উন্নত প্রযুক্তি সৃষ্টিৰ দ্বাৰাই নতুন বজাৰ আৰু নতুন সম্পদ সৃষ্টি হয়। ইয়াৰ ফলস্বৰূপে নিযুক্তি বাঢ়ে আৰু উপার্জনো বাড়ে। ই ৰাষ্ট্ৰীয় আয় বৃদ্ধি কৰে আৰু ৰাজহ বৃদ্ধি কৰি চৰকাৰক উন্নয়নমূলক কামত বিনিয়োগ বঢ়াবলৈও সহায় কৰে, এনে ৰাজহ বৃদ্ধিয়ে অন্য দুৰ্বল ক্ষেত্ৰৰ উন্নতি আৰু মানৱ মূলধন সৃষ্টিতো অৰিহণা যোগায়।

জীৱন ধাৰণৰ মান বৃদ্ধিত — এখন সমাজত জীৱন ধাৰণৰ মান উন্নত কৰাত উদ্যমী বা উদ্যোগী ব্যক্তিয়ে মুখ্য ভূমিকা পালন কৰে। উদ্যোগীসকলে কেৱল নিয়োজনেই সৃষ্টি নকৰে, তেওঁলোকে অভিনৱ পদ্ধতিৰে কিছুমান সমস্যা সমাধান কৰি তেওঁলোকৰ কৰ্মচাৰী, উপভোক্তা আৰু ব্যৱসায়ৰ গুৰি ধৰোতাসকলৰ জীৱনৰ মান উন্নত কৰে। ভাৰতবৰ্ষত বহুতো সামাজিক সমস্যা আৰু গোড়ামী আছে, যি প্রগতিত বাধা আৰোপ কৰে। গতিকে দৰিদ্ৰতা, স্ত্রী-সবলীকৰণ আদি সমস্যাবোৰ সমাধানৰ কাৰণে উদ্যোগীসকলে কেতবোৰ উদ্ভাৱনী কৌশল অৱলম্বন কৰিব লাগিব।

আত্মনিৰ্ভৰশীলতা — উদ্যমী ব্যক্তি (entrepreneurs) সকল জাতীয় নিৰ্ভৰশীলতাৰ মেৰুদণ্ডস্বৰূপ। তেওঁলোকে স্থানীয় সম্পদ ব্যৱহাৰেৰে আৰু থলুৱা উৎপাদনেৰে আমদানিকৃত সামগ্ৰীৰ বিকল্প গঢ়ি তোলে। এনেদৰে বিদেশী ৰাষ্ট্ৰৰ ওপৰত নিৰ্ভৰশীলতা কমে। কেতিয়াবা এনে সামগ্ৰী আৰু সেৱা ৰপ্তানি কৰাটোও সম্ভৱ হৈ উঠে আৰু তেনেক্ষেত্ৰত দেশে বিদেশী মুদ্রা লাভ কৰে। গতিকে আমদানিৰ বিকল্প সৃষ্টি আৰু ৰপ্তানিৰ উৎকৰ্ষই অর্থনৈতিক স্বাধীনতা আৰু আত্মনিৰ্ভৰশীলতা নিশ্চিত কৰে।

৫। এজন সফল উদ্যমী হোৱাৰ গুণ বা চৰিত্ৰসমূহ চমুকৈ লিখাঁ।

উত্তৰঃ এজন সফল উদ্যমী হোৱাৰ গুণ বা চৰিত্ৰসমূহ হল –

১। স্বপ্নদ্রষ্টা (Dreamer): সফল উদ্যোগী হোৱাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে মানুহে সপোন দেখিব লাগিব আৰু ডাঙৰ কাম কৰি সফল হোৱাৰ সংকল্প ল’ব লাগিব। তেওঁ ভৱিষ্যত লক্ষ্য স্থিৰ কৰিব লাগিব, কিন্তু সেই লক্ষ্যত উপনীত হ’বলৈ সঠিক ৰাস্তাও তৈয়াৰ কৰিব লাগিব। এনে কামত সফল হ’বলৈ হ’লে এজন মানুহ দুঃসাহসী হ’ব লাগিব আৰু সংঘাত আৰু প্ৰত্যাহ্বানৰ সহজে মুখামুখি হ’ব পাৰিব লাগিব। উদ্যোগী এজন সদায় অজ্ঞাত সমস্যাৰ প্ৰতি সাজু থাকিব লাগিব, লক্ষ্যত উপনীত হ’বলৈ সদায় সুপৰিকল্পিত সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব লাগিব। সপোন দেখা উদ্যমীৰ আন এটা গুণ হ’ল-তেওঁ সদায় দীর্ঘম্যাদী লক্ষ্যত দৃষ্টি নিবদ্ধ কৰিব লাগিব, সহজ লক্ষ্যত মনোযোগ দিলে বিফল হোৱাৰ সম্ভাৱনা অধিক। ব্যৱসায়ৰ লক্ষ্য আৰু পৰিচালনাত সফলতা একেদিনাই নাহে, বৰং আজিৰ অস্থিৰ আৰু সঘনে পৰিবৰ্ত্তিত বজাৰ ব্যৱস্থাত সফলতা লাভ কৰিবলৈ দীর্ঘসময় সংগ্রাম কৰিবলৈও একোজন স্বপ্নদ্রষ্টা উদ্যমী সাজু থাকিব লাগিব।

২। সৃষ্টিশীলতা (Creative): যিকোনো সফল আৰম্ভণিৰ আঁৰতেই আছে সৃষ্টিশীলতা। এটা প্রতিষ্ঠান সুকলমে চলি থাকিবলৈ হ’লে গ্রাহক বা উপভোক্তাৰ প্ৰয়োজন। গতিকে গ্ৰাহকৰ আগ্রহ, ৰুচি আদিৰ ওপৰত বিশেষ চকু ৰাখিহে ইয়াৰ সামগ্ৰীসমূহ উৎপাদন কৰিব লাগিব। এনে দৃষ্টিকোণেৰে প্রতিষ্ঠান এটা সু-পৰিকল্পিত হ’বলৈ সৃষ্টিশীল চিন্তাৰ অত্যন্ত দৰকাৰ। আধুনিক ব্যৱসায় সফলতাৰ বাবে কৰ্মপ্ৰবাহ, কৌশল, সম্ভাৱনাপূর্ণ নতুন ব্যৱসায়ৰ সন্ধান আদি যোগ্যতাৰ বাবে নতুন ধাৰণাৰ জন্ম হৈ থাকিব লাগিব। একোটা উদ্যোগ বা প্রতিষ্ঠান বিভিন্ন পৰিস্থিতিত নমনীয় আৰু প্ৰতিযোজনক্ষম হৈ থাকিলেহে নতুন নতুন সুযোগ লাভ কৰিব পাৰিব। ইয়াৰ বাবে প্রতিষ্ঠান একোটা সদায় মুক্ত চিন্তাৰ আৰু সৃষ্টিশীল হ’ব লাগে।

৩। আশাবাদ (Optimistic): ব্যৱসায়ৰ উন্নতিত আটাইতকৈ হানিকাৰক কথা হ’ল সন্দেহ বা আত্মবিশ্বাসৰ অভাৱ আৰু ইয়াৰ বাবেই বহুতো উদ্যমী পথভ্রষ্ট হয়। আত্মবিশ্বাসী নহ’লে ব্যৱসায়ৰ প্ৰত্যাহ্বান গ্ৰহণ কৰা টান। আনহাতে প্ৰচুৰ আত্মবিশ্বাসে একোটা প্রতিষ্ঠানক একক বা দলীয়ভাৱে দুৰ্যোগৰ মাজতো উন্নতিৰ শিখৰত উপনীত কৰায়। চমুকৈ, গিলাচটো সদায় পানীৰে পূৰ্ণ হৈ থকা দেখিব লাগে আৰু প্ৰত্যাহ্বানক ওপৰলৈ উঠা জখলা হিচাপে লক্ষ্য কৰিব লাগে।

৪। নিচা/অত্যুৎসাহ (Passionate): এগৰাকী উদ্যমীয়ে নিজৰ কামক ভাল পাব লাগে। কর্মস্পৃহাই মানুহক কিবা এটাৰ আৰম্ভণিৰ বাবে প্ৰেৰণা যোগায়। ব্যৱসায়ৰ যি আনন্দ, সি উদ্যমীক বহুদূৰ আগুৱাই লৈ যায়, তেওঁ কঠিন সময়ত কেতিয়াও পিছ নুহুহকে, কাৰণ টকাতকৈ তেওঁ কামৰ আনন্দ বেছিকৈ উপভোগ কৰে। এজন সফল উদ্যমী সদায় শিকাৰ প্রতি আগ্রহী হয়, তেওঁ প্ৰতিষ্ঠানৰ উন্নতিৰ কাৰণে সদায় নতুনৰ অনুসন্ধান কৰি যায়। তেওঁ উন্নতিৰ শিখৰত উপনীত হ’ব বিচাৰে, কিন্তু তাতে তেওঁ ক্ষান্ত নাথাকে, উন্নতিৰ আন ক্ষেত্ৰ আৰু পথৰ ওপৰত তেওঁৰ সদায় চকু থাকে।

৫। সংকল্পবদ্ধতা (Determined): অধ্যাৱসায়ৰ সামর্থ্য আৰু অবিৰতভাৱে লক্ষ্যত দৃষ্টি নিৱদ্ধ ৰখাটো উদ্যমী এজনৰ লৌহ কঠিন গুণ। এটা প্রতিষ্ঠান খোলাৰ আৰম্ভণিৰ পদক্ষেপ আৰু দিনবোৰ উদ্যানত খোজ কঢ়াৰ দৰে সহজ নহয়। এই দিনবোৰত ব্যৱসায়ৰ সহযোগী বা পদকীয়াসকলক বিশ্বাস জন্মোৱা, প্রতিযোগীসকলক দমাই ৰখা আৰু কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা আদি কথাত মনোনিবেশ কৰিব লাগে। উদ্যমী এজনে বিশ্বাস কৰিব লাগিব যে সকলো কামেই সম্ভৱ আৰু সকলো কামেই কৰিব পাৰি।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top